ভাৰত চৰকাৰ আৰু ইউনেস্কৰ উদ্যোগত গুৱাহাটীত চতুৰ্থ এ আই আই সন্মিলন । UNESCO

৮ মে’ ২০২৫ঃ UNESCO । ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এম ই আই টি ৱাই) দক্ষিণ এছিয়াৰ বাবে ইউনেস্কোৰ আঞ্চলিক কাৰ্যালয় আৰু কাৰ্য্যকৰী কৰা অংশীদাৰ হিচাপে ইকিগাই ল’ৰ সহযোগত ভাৰতত ‘এ আই ৰেডিনেছ এচেছমেণ্ট মেথড’লজী’ (আৰ এ এম) ৰ ওপৰত অংশীদাৰসকলৰ সৈতে এক আলোচনাৰ আয়োজন কৰিব। এই অনুষ্ঠান ২০২৫ চনৰ ৯ মেত ১.৩০ বজাত গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব।
ইউনেস্কো তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এআই ৰেম অধীনত নতুন দিল্লী, বাংগালোৰ, আৰু হায়দৰাবাদত অনুষ্ঠিত হোৱা পাঁচটা বহু অংশীদাৰী পৰামৰ্শৰ ভিতৰত এইটো চতুৰ্থখন। ভাৰত-নিৰ্দিষ্ট এআই নীতি প্ৰতিবেদন প্ৰস্তুত কৰাৰ লক্ষ্যৰে, এই পদক্ষেপটোৱে নৈতিক এআই পৰিৱেশ তন্ত্ৰৰ শক্তি আৰু সুযোগসমূহৰ মেপিংৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


নীতি নিৰ্ধাৰক, প্ৰযুক্তিবিদ, শিক্ষাবিদ আৰু অনুশীলনকাৰীসকলৰ বাবে মুকলি, এই পৰামৰ্শ হৈছে দেশৰ বাবে এক দায়িত্বশীল, ভৱিষ্যতৰ বাবে সাজু এআই ৰোডমেপ গঢ়াত সহায় কৰাৰ এক সুযোগ। আগ্ৰহী অংশগ্ৰহণকাৰীসকলে এই লিংকত পঞ্জীয়ন কৰিব পাৰেঃ https://forms.gle/7YmKhLFaERZxnkk77.অনুষ্ঠানটোৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে ইণ্ডিয়া এআই মিছনৰ ওপৰত এক ফায়াৰচাইড চ্যাট, য’ত ইলেক্ট্ৰনিকছৰ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী অভিষেক সিং, ইণ্ডিয়াই মিছনৰ মুখ্য কাৰ্ষবাহী বিষয়া” আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধান আৰু ইউনেস্কোৰ সামাজিক আৰু মানৱ বিজ্ঞানৰ কাৰ্যবাহী কাৰ্যালয়ৰ মুৰব্বী ড0 মাৰিয়াগ্ৰাজিয়া স্কুইচিয়াৰিনি উপস্থিত থাকে। এই অনুষ্ঠানত এক পেনেল আলোচনাও অন্তৰ্ভুক্ত থাকিব।এই আলোচনাৰ বিযয় হৈছে “এআই শাসনত নৈতিকতা গঠনঃ চৰকাৰ আৰু বহুপাক্ষিক দৃষ্টিভংগী”,ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, অসম চৰকাৰৰ তথ্য প্ৰযুক্তি, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ সঞ্চালকালয়, ডিফেন্স ইনষ্টিটিউট অৱ এডভান্সড টেকন ‘লজি (ডিআইএটি), আৰু ইউনেস্কোক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ বিষয়াসকলৰ অংশগ্ৰহণৰ সৈতে অংশগ্ৰহণকাৰীসকলে প্ৰশাসনৰ ওপৰত চাৰিটা বিষয়গত ব্ৰেকআউট গোটতো জড়িত হ’ব।

কৰ্মচাৰীৰ প্ৰস্তুতি, আন্তঃগাঁথনি, আৰু ব্যৱহাৰৰ ক্ষেত্ৰ, ভাৰতৰ এআই প্ৰস্তুতিৰ মূল মাত্ৰাসমূহৰ ওপৰত গভীৰ আলোচনা আৰু ইনপুটৰ সুবিধা প্ৰদান কৰে।এই পদক্ষেপটো এনে এক গুৰুত্বপূৰ্ণ সময়ত লোৱা হৈছে যেতিয়া ভাৰতে ১০,০০০ কোটি টকাৰো অধিক পুঁজিৰ সহায়ত ইয়াৰ উচ্চাভিলাষী ইণ্ডিয়া মিছন আৰম্ভ কৰিছে। ইয়াৰ মূলতে আছে নিৰাপদ আৰু বিশ্বাসযোগ্য এআই স্তম্ভ, যি নৈতিক, দায়বদ্ধ আৰু সুৰক্ষিত এআই বিকাশৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক শক্তিশালী কৰে। থলুৱা পৰিকাঠামো, প্ৰশাসনৰ সঁজুলি আৰু আত্ম-মূল্যায়নৰ নিৰ্দেশনাসমূহক আগুৱাই লৈ গৈ এই অভিযানে উদ্ভাৱকসকলক শক্তিশালী কৰিবলৈ আৰু এআইৰ সুবিধাসমূহ সকলো খণ্ডতে সুলভ কৰি তুলিবলৈ চেষ্টা কৰিছে।অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি সামাজিক আৰু মানৱ বিজ্ঞানৰ মুৰব্বী শ্ৰীমতী ইউনছং কিমক e.kim@unesco.org-ত, ইউনেস্কোৰ দক্ষিণ এছিয়া আঞ্চলিক কাৰ্যালয় যোগাযোগ আৰু জনসংযোগ বিষয়া শ্ৰীমতী সিন্ধুজা খাজুৰিয়াক s.khajuria@unesco.org-ত, ইউনেস্কো দক্ষিণ এছিয়া আঞ্চলিক কাৰ্যালয়ৰ বিজ্ঞানী শ্ৰীযুত অভিষেক আগৰৱালক abhi.a[at]gov[dot]in-ত যোগাযোগ কৰিব পাৰে।

Related Articles