1999 । ১৯৯৯ ত পাক সন্ত্ৰাসবাদীৰ গুলিত প্ৰাণ আহুতি দিছিল বইটামাৰীৰ বীৰ ছহিদ জোৱান নীলাম্বৰ বৰুৱাৰ মাতৃয়ে কি আহবান কৰিলে !

৯ মে’ ২০২৫ঃ 1999 । ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ গুলীত দেশৰ বাবে প্ৰাণ আহুতি দিছিল বঙাইগাঁও জিলাৰ বইটামাৰীৰ বীৰ জোৱান ছহিদ নীলাম্বৰ বৰুৱাই । বৰ্তমান সময়ত পুনৰ ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে । পেহেলগামত ২২ এপ্ৰিলত পাক সন্ত্ৰাসবাদীয়ে ২৬ গৰাকীকৈ নিৰীহ পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰাৰ পাছত ভাৰত চৰকাৰ কঠোৰ হৈছে ।

ভাৰতে যুদ্ধৰ বাবে সাজু হোৱাৰ লগতে শেহতীয়াকৈ ‘ অপাৰেশ্যন সেন্দুৰ’ ৰ অধীনত পাকিস্তানত আক্ৰমণ চলাই পাক সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি ধ্বংস কৰাৰ লগতে শতাধিক পাক সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ সক্ষম হৈছে । এনে সময়ত স্বাভাৱিকতেই পুত্ৰৰ স্মৃতিত আৱেগিক তথা ক্ষোভিত হৈ পৰিছে ছহিদ নীলাম্বৰ বৰুৱাৰ মাতৃ নীলিমা বৈষ্ণৱে । পাক সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ ছহিদ মাতৃয়ে চৰকাৰক আহবান জনাইছে । ভৱিষ্যতে যাতে কোনো মাতৃৰ বুকু শুদা নহয় তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ যাতে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে চৰকাৰক কঠোৰ পদক্ষেপ লোৱাৰ পোষকতা ছহিদ মাতৃৰ ।

উল্লেখ্য যে অঞ্চলটোৰ আমগুৰী গাঁৱৰ প্ৰয়াত অমূল্য বৈষ্ণৱ আৰু নীলিমা বৈষ্ণৱৰ পুত্ৰ নীলাম্বৰ বৰুৱাই দেশ মাতৃৰ সেৱাৰ সংকল্পৰে ১৯৯৭ চনৰ ১৭ জুলাইত এছ এছ বিত জোৱান হিচাপে যোগদান কৰিছিল । কিন্তু মাত্ৰ ২ বছৰ ১ মাহ ৩ দিন দেশমাতৃক সেৱা কৰাৰ সুযোগ পালে বীৰ জোৱানজনে । ১৯৯৯ চনৰ ২০ আগষ্টত কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণত প্ৰাণ বলিদান দিয়ে জোৱান গৰাকীয়ে । অতি কম বয়সতে ছহিদ হ’ব লগা হয় । মৃত্যুৰ পিছত এ এছ বি তথা চৰকাৰে জোৱান গৰাকীক সামৰিক মৰ্যাদা প্ৰদান কৰে । চৰকাৰীভাৱে পৰৱৰ্তী সময়ত পৰিয়ালক সন্মান তথা পেঞ্চন আদিৰ সুবিধা প্ৰদান কৰে । ছহিদ গৰাকীৰ পিতৃৰ কেইবছৰমান পূৰ্বে বিয়োগ ঘটে । মাতৃ গৰাকীয়ে বৰ্তমান বৃদ্ধ অৱস্থাত পুত্ৰৰ স্মৃতি বুকুত কঢ়িয়াই জীৱন যাপন কৰি আছে ।

তেওঁ শাৰীৰিক ভাৱেও কিছু অসুস্থ । কিন্তু ভাৰত-পাক ৰ মাজত যুদ্ধ তথা সংঘৰ্ষৰ বাতৰি শুনিলেই ক্ষোভিত তথা আবেগিক হৈ পৰে মাতৃগৰাকী । বছৰ বছৰ ধৰি এই সমস্যাৰ সমাধান নোহোৱা বাবে বহু নীৰিহই প্ৰাণ আহুতি দিবলগা হোৱা বিষয়টোৱে তেওঁক চিন্তিত কৰে । এই সমস্যাৰ বাবে তেওঁৰ পুত্ৰৰ লগতে আন বহু মাতৃৰ বুকু উদং হ’ল । শেহতীয়াকৈ ভাৰত চৰকাৰে লোৱা কঠোৰ পদক্ষেপক তেওঁ সমৰ্থন কৰিছে । পাক সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ কঠোৰ ব্যৱস্থা ল’বলৈ তেওঁ আহবান জনাইছে । লগতে অঞ্চলবাসীয়ে পাহৰিব পৰা নাই ছহিদ নীলাম্বৰ বৰুৱাৰ ত্যাগক । অঞ্চলবাসীয়েও বিচাৰে পাক সন্ত্ৰাসবাদ ৰ অন্ত পৰক- সমস্যা সমাধান হওঁক ।

Related Articles