Jammu & Kashmir । জম্মু আৰু কাশ্মীৰত আকৌ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে নিশা জম্মুৰ বহু স্থানত ভয়ংকৰ ড্ৰ’ন আক্ৰমণৰ ঘটনা সংঘটিত হয়। স্থানীয় উৎস অনুসৰি, নিশা প্ৰায় ৫-৬ খন বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত সমগ্ৰ অঞ্চলতে তীব্ৰ আতংক পৰিলক্ষিত হয়। এই আক্ৰমণৰ পিছতে জম্মুত ব্লেক আউট জাৰি কৰা হয় আৰু এয়াৰ ছাইৰেন বজাই জনগণক ঘৰত থকাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে।
ড্ৰ’ন আক্ৰমণৰ লগে লগে এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু সতৰ্কবাণী ঘোষণা কৰা হয়। আনহাতে, কাশ্মীৰৰ কুপবাড়া অঞ্চলৰ পৰা সন্ত্ৰাসবাদীসকলে গুলীবৰ্ষ আৰম্ভ কৰে। এই ঘটনাবোৰে এটা বৃহৎ সামৰিক ষড়যন্ত্ৰৰ সংকেত দিছে বুলি আশংকা প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাসকলে।
উল্লেখযোগ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতৰ সেনাই চলাইছিল ‘অপাৰেশ্যন সেন্দূৰ’। তাৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও মিছাইল নিক্ষেপ কৰে, যদিও সেইবোৰ ভাৰতৰ এয়াৰ ডিফেন্সে সফলতাৰে ধ্বংস কৰে।
ভাৰতেও ইয়াৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে পাকিস্তানৰ বহু গুৰুত্বপূর্ণ স্থান — কৰাচী, লাহোৰ, ৰাৱালপিণ্ডি আদিত ড্ৰ’ন আক্ৰমণ চলায়। এই পৰিস্থিতিৰ মাজতে পাকিস্তানে আকৌ জম্মুত নতুনকৈ ড্ৰ’ন আক্ৰমণ কৰাৰ লগতে কাশ্মীৰত গুলীচালনা অব্যাহত ৰাখিছে।
এই আক্ৰমণসমূহত বৰ্তমান পৰ্যন্ত ১৬ গৰাকী নিৰীহ ভাৰতীয়ৰ মৃত্যুৰ খবৰ আহিছে। সীমান্ত অঞ্চলত পুনৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ ঘটনাই ভাৰত-পাকিস্তান সম্পর্কত নতুন সংকটৰ সূচনা কৰিছে।