Home Blog Page 3081

ড০ এপিজে আব্দুল কালাম একাডেমীৰ ব্যতিক্ৰম পদক্ষেপ : গোট মূল্যায়ন ফলাফল লৈ অভিভাৱক, ৰাইজ, ছাত্ৰ ছাত্ৰী লৈ আলোচনা অনুষ্ঠিত হয়

আজি বঙাইগাঁও জিলাৰ গোলাপাৰা-নাম্বাৰপাৰা সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত ডঃ এপিজে আব্দুল কালাম একাডেমীত এক ব্যতিক্ৰম কাৰ্যসূচী ৰূপায়ন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে শিক্ষা অনুষ্ঠান খনৰ অধ্যক্ষ জামাল উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত সভাত লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীক কি দৰে আগুৱাই লৈ যাব পাৰি সেই বিষয়ে ভাষণ দিয়ে ক্ৰমে জবেদ আলী মুন্সি,গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় বিষয় শিক্ষক শ্বহিদুল ইছলাম, প্ৰাক্তন জিলা পৰিষদৰ সদস্য, সদস্যা ক্ৰমে আবুল কালাম আজাদ, জেবিনাৰা আহমেদ, স্থানীয় প্ৰধান শিক্ষক খবিৰ উদ্দিন, একাডেমী পৰিচালনা সমিতিৰ সভাপতি হাসমত আলী এম এ, সদস্য আক্কাচ আলীয়ে। দেশত চলি থকা লকডাউনৰ বাবে সুদীৰ্ঘ দিন বিদ্যালয় সমুহ বন্ধ থকাৰ বাবে ছাত্ৰ ছাত্ৰী সকলোৰ অটাইতকৈ বেছি ক্ষতি গ্ৰস্ত হৈছে বুলি অনুভৱ কৰি অনাগত দিনত ছাত্ৰ ছাত্ৰী সকলোক কি দৰে আগুৱাই লৈ যাব পাৰি, সেই উদ্দেশ্যে লক্ষ্য আগত ৰাখি ডঃ এপিজে আব্দুল কালাম একাডেমীৰ শিক্ষক, কৰ্মচাৰী, অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ লগতে সচেতন ব্যাক্তি সকলোক লৈ এক আলোচনা সভা অনুষ্ঠিত কৰে। এই ক্ষেত্ৰত একাডেমী কতৃপক্ষই অভিভাৱক সকলোৰ একান্ত সহযোগিতা বিচাৰে। অতিথিৰ ভাষণত আবুল কালাম আজাদে কয় শিক্ষাৰ্থী সকলোক শৈক্ষিক ভাৱে আগুৱাই নিবলৈ হলে অভিভাৱক সকলোৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। সভাপতিৰ ভাষণত জামাল উদ্দিনে কয় শিক্ষাৰ্থী সকলোক শৈক্ষিক ভাৱে আগুৱাই নিবলৈ হলে অভিভাৱকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে।

মৰিগাঁৱৰ সু-লেখিকা,সমাজ সেৱিকা,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ মৃত্যু

মৰিগাঁও নগৰৰ সমাজ সেৱিকা,সু-লেখিকা,মৰিগাঁও বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষয়িত্ৰী শিখা শইকীয়া হাজৰিকাৰ গুৱাহাটীৰ এখন চিকিৎসালয়ত আজি পুৱা ৬ বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১বছৰ।
সু-লেখিকা গৰাকীৰ মৃত্যুৰ বাতৰি সদৰী হোৱাৰ লগে লগে সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে-মৰিগাঁও নগৰৰ সমাজ জীৱনৰ লগত সক্ৰিয় ভাবে জৰিয়ত থকা শিখা শইকীয়া হাজৰিকাই বিভিন্ন আলোচনী,গ্ৰন্থ আদিত নিয়মীয়াকৈ লিখি এগৰাকী সু-লেখিকা হিচাপে মৰিগাঁৱৰ সাহিত্য ক্ষেত্ৰ খনত স্বীকৃতি লাভ কৰিছিল। মৰিগাঁও নগৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৯ চনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা হাজৰিকাই আজি কিছুদিনৰ পৰা বহুমূত্ৰ আৰু বৃক্ক ৰোগত আক্ৰান্ত হৈ ২ জানুৱাৰীত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তিৰ কৰোৱাই। পিছত চিকিৎসালয়ৰ কৰ্তৃপক্ষই গুৱাহাটী কালাপাহাৰত থকা চিকিৎসালয়লৈ স্থানান্তৰিত কৰে আৰু আজি পুৱা চিকিৎসকে কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সদৰি কৰে।মৰিগাঁৱৰ সু -লেখিকা গৰাকীৰ মৃত্যুত মৰিগাঁও জিলা সাহিত্যি সভা,মৰিগাঁও জিলা সাংবাদিক সংস্থা,জিলা কবি সন্মিলন,মৰিগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট,লেখিকা সংস্থা,লেখিকা সমাৰোহ,গ্ৰাম্য পুথিভঁৰাল সন্থা আদি কৰি একাধিক দল-সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইপিনে, চৰকাৰী ৰীতি নীতিয়ে শেষকৃত্য সম্পূর্ণ কৰোৱা শিখা শইকীয়া হাজৰিকাই মৃত্যুৰ সময়ত স্বামী মৰিগাঁও জিলা সাহিত্যি সভাৰ সভাপতি প্ৰতাপ হাজৰিকা ,এজন পুত্ৰ,এগৰাকী কণ্যাৰ লগতে বহু আত্মীয়স্বজন তথা গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

গ্ৰাম্য প্ৰতিভাক লৈ চিত্ৰগ্ৰহণ সৃষ্টি চিনে প্ৰডাকচনৰ কলাধোঁৱা

গ্ৰাম্য অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ স্বাৰ্থত সৃষ্টি চিনে প্ৰডাকচনৰ বেনাৰত এতিয়া এক উৎসৱ মুখৰ পৰিবেশত চিত্ৰগ্ৰহণ চলিছে অসমীয়া চলচ্চিত্ৰ কলাধোঁৱা’ৰ। অসমীয়া চলচিত্ৰ জগতৰ চিনাকি মুখ উৎপল ৰাণাৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাত যোৰহাট জিলাৰ অৰুণা মুখ মিছিং গাঁও, খনমুখ, তামূলচিগা, গড় ছিগা, লাহোৱালকে ধৰি মনোৰম প্ৰকৃতিক পৰিবেশৰ মাজত গ্ৰাম্য অঞ্চলৰ এদল প্ৰতিভাক লৈ চলিছে চলচ্চিত্ৰ খনৰ চিত্ৰগ্ৰহণ। প্ৰায় ৮০ শতাংশ চিত্ৰ গ্ৰহণ সম্পন্ন হোৱা চলচ্চিত্ৰ খনক লৈ খুব আশাবাদী বুলি মন্তব্য কৰে পৰিচালক উৎপল ৰাণা আৰু দৃশ্য গ্ৰহণ কাৰী ৰমেন দেউৰী। উদীয়মান প্ৰযোজিকা ৰশ্মি ৰেখা ভট্ৰাচার্যই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে গ্ৰাম্য অঞ্চলত বহু প্ৰতিভা আছে কিন্ত্ত সুবিধাৰ অভাৱত সফল হব পৰা নাই গতিকে এই ছবি খনৰ জৰিয়তে তেওঁ এখন মঞ্চ তৈয়াৰ কৰিছে। এই ছবিখনত গঙ্গেশ কলিতা, ৱিকি, দৃষ্টি, অনিন্দিতা, প্ৰণামী, বিনোদ, মানস, নয়ন, জ্যোতিপ্ৰসাদ, ববী দত্ত, অচিন্ত বৰা, ৰশ্মি, চুমিত্ৰা, শিলা, সমীক্ষা, দেৱব্ৰত, সংগিতা, দিগ্বিজয়, হোমেন, অঞ্জলী দা- ধৰা আৰু শিশু শিল্পী কুনাল, নীহাৰ, ঋষভ, নূপুৰ ৰাগিনী আদিয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে।

৮ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গৰিমামণ্ডিত মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন

মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উৎসৱ অহা ৮জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গুৰুচৰণ মেধি ভৱন মৰিগাঁও শাখা সাহিত্য সভা কাৰ্যালয় প্ৰাংগনত উদযাপন কৰা হ’ব। গৰিমামণ্ডিত মৰিগাঁও শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী অনুষ্ঠানটোৰ ৮ জানুৱাৰীত পুৱা ৮:৫৫ বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাই পতাকা উত্তোলন কৰাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক, শাখাৰ আজীৱন সভ্য আৰু বিশিষ্ট সমাজকৰ্মী সকলেও ৪৯খন পতাকা উত্তোলনৰে সোণালী জয়ন্তী অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰিব। পুৱা ৯:১৫বজাত স্মৃতি তৰ্পণ কৰিব অসম সাহিত্য সভাৰ আজীৱন সভ্য মোহন চন্দ্ৰ বৰদলৈয়ে। পুৱা ১০:৩০ বজাৰ পৰা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমণি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া শাখাৰ ন-পুৰণি সতীৰ্থ সন্মিলন উদ্বোধন কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মনেশ্বৰ দেউৰীয়ে। দিনৰ ২বজাৰ পৰা মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী চন্দ্ৰলেখা গোহাঁই লাহনে। সন্ধিয়া ৫বজাত মৰিগাঁও শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদিকা পৰমেশ্বৰী ডেকা আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য বিউটী দাস ডেকাই বন্তি প্ৰজ্বলনৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি ঘটাব। ৯ জানুৱাৰীত সোণালী জয়ন্তী উৎসৱৰ দ্বিতীয় দিনা কাৰ্যসূচীত পুৱা ১০বজাৰ পৰা বিশিষ্ট কবি পোনা দেৱী মহন্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া কবি সন্মিলন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ পৰম হিতৈষী সভ্য মহেন্দ্ৰ নাথ হাজৰিকাই। উক্ত কবি সন্মিলন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰদীপ পৰাশৰে। বিয়লি ভাগত মৰিগাঁও শাখা সাহিত্য সভাৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাই। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অজিত শৰ্মাৰ সম্পাদনাত শাখাটোৱে এক সুদীৰ্ঘ যাত্ৰাৰে পঞ্চাশ বছৰ অতিক্ৰম কৰা এক বৰ্ণিল ইতিহাস সম্বলিত স্মৃতি গ্ৰন্থ মুকলি সভাত উন্মোচন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই।উক্ত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওঁট, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নৱকান্ত বৰদলৈয়ে অংশ গ্ৰহণ কৰাৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অশোক ডেকা, মৰিগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি মিহিৰ হাজৰিকাৰ লগতে শাখাৰ প্ৰাক্তন সভাপতি, সম্পাদক সকলে অংশ গ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগত বিশিষ্ট কবি পুষ্পলতা বুঢ়াগোহাঁই আৰু মৰিগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বানেশ্বৰ চহৰীয়াই বন্তি প্ৰজ্বলনৰে ইতিহাস গৰকা গৰিমামণ্ডিত শাখাটোৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি ঘটাব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ডিমৌৰ বাম ৰজাবাৰীত দুটা অজগৰ উদ্ধাৰ ৰাইজৰ

শিৱসাগৰ জিলাৰ ডিমৌ বন খণ্ড বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাম ৰজাবাৰীত আজি পুৱাৰ ভাগত দুটাকৈ অজগৰ উদ্ধাৰ হোৱাক লৈ ৰাইজম মাজত তীব্র চাঞ্চল্য সৃষ্টি কৰে। পুৱাৰ ভাগতে বাম ৰজাবাৰীৰ এক অঞ্চলত ৰাইজে প্ৰত্যক্ষ কৰে এটা প্ৰকাণ্ড অজগৰ আৰু আনটো পোৱালী অজগৰ। স্হানীয় কেইজনমান প্ৰকৃতিপ্ৰেমীয়ে দুয়োটা অজগৰ ধৰি বন বিভাগক সুৰক্ষিতভাৱে গটাই দিয়ে। পুৱাৰ ভাগত অজগৰ চাবলৈ অগনন লোকে সেই স্হানত ভীৰ কৰা পৰিলক্ষিত হয়।

গ্ৰন্থমেলাত ড° বিজিত তালুকদাৰৰ কাব্যগ্ৰন্থ “কুকুহা ডেউকা” উন্মোচন

৪ ডিচেম্বৰ সোমবাৰে গুৱাহাটী গ্ৰন্থমেলাত উন্মোচন কৰা হয় কবি ড° বিজিত তালুকদাৰৰ কাব্যগ্ৰন্থ “কুকুহা ডেউকা” ৷ গ্ৰন্থমেলাত সন্ধিয়া বান্ধৱৰ বিপনীৰ সম্মুখত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট লেখক-সমালোচক অধ্যাপক অভিজ্ঞান অনুৰাগে । গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় গল্পকাৰ ইমৰান হুছেইন । অনুষ্ঠানত কবি দেৱৰাজ কলিতা, শশীন্দ্ৰ ফুকন, দিগন্ত কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্হিত থাকে । অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক প্ৰণৱজ্যোতি নদীয়ালে। ৰাজ্যৰ আগশাৰীৰ কাকত আলোচনীকে ধৰি বিভিন্ন মাধ্যমত মননশীল কবিতাৰ প্ৰকাশেৰে ইতিমধ্যে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা ড° বিজিত তালুকদাৰৰ “কুকুহা ডেউকা” প্ৰথমখন প্ৰকাশিত কাব্য সংকলন। গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে মহানগৰীৰ বিশিষ্ট প্ৰকাশন প্ৰতিষ্ঠান ডঁৰিয়লি প্ৰকাশে ।

পাঠদান এৰি ছাত্ৰ-ছাত্ৰীৰ ৰাজপথত ধৰ্ণা : বিদ্যালয়ৰ সন্মুখত উদ্যোগ স্থাপনৰ বিৰোধিতা

হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে আজি শ্ৰেণী কোঠাৰ পৰা ওলাই আহি ৰাজপথত ধৰ্ণা দিয়াত বৃহত্তৰ দুমুনিচকীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।অভিভাৱক সকলৰ সহযোগত বিদ্যালয় খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ সন্মুখত উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি ছাত্ৰ ছাত্ৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই ৰাজপথত ।উল্লেখ্য যে কভিদ পৰিস্থিতিৰ কাৰণে প্ৰায় দহ মাহ বিদ্যালয়ৰ পাঠদান বন্ধ থকাৰ পিছত আজি আকস্মিক ভাৱে বিদ্যালয়ৰ সন্মুখৰ গড়কাপ্তানি পথত ৰাতিপুৱা ১০বজাৰ পৰা ধৰ্ণা দিয়ে ছাত্ৰ ছাত্ৰী সকলে ।ধৰ্ণা কাৰ্যসূচী পালন কৰি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে বিদ্যালয়ৰ সন্মুখত  উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি প্ৰশাসনক বিহিত ব্যৱস্থা লবলৈ দাবী জনাই। কামৰূপ জিলাৰ কৰৰা শিক্ষা খণ্ডৰ অধীনস্থ দুমুনিচকীৰ নিকটৱৰ্ত্তী শৰাইঘাট নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত এজন অনা অসমীয়া ব্যৱসায়ীয়ে উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰি মাটি পেলোৱা কাম আৰম্ভ কৰাত প্ৰথমে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ।তথ্য অনুসৰি বৰবংশৰ মৌজাৰ মৌজাদাৰ প্ৰয়াত ভৃগু চমুৱাৰ পুত্ৰ হেৰম্ব চমুৱা আৰু তেওঁৰ পৰিয়ালৰ একেলগে থকা কুৰি বিঘা কৃষি ভূমি আঠ বছৰ মান পূৰ্বে গুপ্তা উপাধিৰ এজন অনা অসমীয়া ব্যৱসায়ীয়ে ক্ৰয় কৰে।দুমুনিচকী অঞ্চলৰ শৰাইঘাট আৰু বাথান গাঁৱৰ জনবসতি পূৰ্ণ এলেকাত থকা উক্ত কৃষি ভূমিৰ সন্মুখত আছে শৰাইঘাট নৱজ্যোতি প্ৰাথমিক বিদ্যালয়।এতিয়া উক্ত কুৰি বিঘা কৃষি ভূমিত যোৱা সাত দিন ধৰি মাটি পেলোৱাৰ ফলত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ  পাঠদানত যথেষ্ট ব্যাঘাত আহি পৰে।মন কৰিবলগীয়া কথা যে ৰাইজৰ ক্ষোভৰ উমান পাই অনা অসমীয়া ব্যৱসায়ী জনে স্থানীয় কেইজন মান যুৱকক মাটি পেলোৱাৰ দায়িত্ব দিয়ে।ফলস্বৰূপে দৈনিক প্ৰায় ২০/২২ খন ট্ৰেক্টৰ বিদ্যালয়ৰ সন্মুখেদি অহা যোৱা কৰাত অঞ্চলটোৰ লগতে বিদ্যালয়ৰ পৰিবেশ ধূলিময় কৰি তুলিছে ।এনে পৰিস্থিতিত কালি বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত লোৱা সিদ্ধান্ত অনুসৰি আজি ছাত্ৰ ছাত্ৰী সকলে উদ্যোগ স্থাপনৰ  বিৰোধিতা কৰি প্ৰতিবাদ জনাই ।কণ কণ ছাত্ৰ ছাত্ৰী সকলে পাঠদান এৰি ধৰ্ণা কাৰ্যসূচী পালন কৰি থকা সময়ত উপস্থিত হয় বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা।আমাক শান্তিৰে পাঠগ্ৰহন কৰিবলৈ দিয়ক, বিদ্যালয়ৰ সন্মুখত উদ্যোগ স্থাপন কৰিবলৈ দিয়া নহ’ব আদি ধৰ্ণা দি ছাত্ৰ ছাত্ৰী সকলে প্ৰশাসনক উপযুক্ত ব্যৱস্থা হাতত লবলৈ দাবী জনাই।ছাত্ৰ ছাত্ৰী, অভিভাৱক, স্থানীয় ৰাইজৰ দাবীৰ প্ৰতি সহমত প্ৰকাশ কৰি চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মাই আজিৰ পৰা মাটি পেলোৱা বন্ধ বুলি জানিবলৈ দিয়ে।তদুপৰি জিলা প্ৰশাসনৰ লগতে বন বিভাগৰ অনুমতি অবিহনে খেতি পথাৰত জে চি বিৰে মাটি খন্দা বুলি উল্লেখ কৰি চক্ৰ বিষয়া গৰাকীয়ে আইগত ব্যৱস্থা লোৱা হব বুলি কয় সংবাদ মাধ্যমৰ আগত।আনহাতে বিদ্যালয় খনৰ অভিভাৱক আৰু স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক জনবসতি এলেকাৰ মাজত থকা  বিদ্যালয়ৰ সন্মুখৰ কৃষি ভূমিত উদ্যোগ স্থাপন বন্ধ ৰাখিবলৈ দাবী জনাই ।

চৰাঞ্চলত পৰিদৰ্শন ভৱন উদ্ধোধন: বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত শতাধিক বিজেপিত যোগদান

নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ চৰাঞ্চলত আজি পুনৰ শতাধিক লোক অন্য দলৰ পৰা বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। এসপ্তাহ পূৰ্বে মুকালমুৱাত এখন বিশাল যোগদান সভাত বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকা, সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাৰ উপস্থিতিত প্ৰায় দুই সহস্ৰাধিক লোক বিজেপিত যোগদান কৰাৰ খবৰে জিলা খনত চৰ্চা লাভ কৰিছিল। আজি বিধায়ক নাৰায়ণ ডেকা উপস্থিতিত কুৰিহামাৰী গাঁও পঞ্চায়তৰ ১০০ জন সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। চৰাঞ্চলৰ ৰাইজৰ দাবী বিধায়ক নাৰায়ণ ডেকাৰ  নীতি আদৰ্শ ৰ প্ৰতি আকৃষ্ট তথা  কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত ত যোগদান কৰে লোক কেইজনে। ইফালে আজি অসম চৰকাৰৰ লোকনিৰ্মান(পথ)বিভাগৰ বেজিসুঁতি বজাৰত নব নিৰ্মিত পৰিদৰ্শন ভৱনটোৰ শুভ উদ্ধোধন কৰে বিধায়ক গৰাকীয়ে। বিধায়ক গৰাকীয়ে ভৱনটো উদ্ধোধন কৰি কয় যে এই ভৱনটোৰ দ্বাৰা চৰাঞ্চলৰ ৰাইজৰ বহু সুবিধা হব। চৰাঞ্চলত বিধায়ক গৰাকীয়ে অজস্ৰ ৰাস্তাঘাটৰ উপৰিও বিভিন্ন উন্নয়ন মূলক কাম কৰা বুলি কয়। ইফালে চৰাঞ্চলকলৈ অনাগত দিনত বিধায়ক গৰাকীৰ কেবাতাও বিশেষ আঁচনি ৰূপায়ন কৰাৰ পৰিকল্পনাঃ হাতত লোৱা বুলি কয়।

ভৱিষ্যতে যদি ভাৰতত শিক্ষাৰ নামত বটাঁ দিব বিচাৰে তেনেহলে একলব্যৰ নামত বটাঁ দিয়ক , দ্ৰোণাচাৰ্যৰ নাম নহয় : বিশিষ্ট সাহিত্যিক ড° নন্দসিং বৰকলা

Win prize trophy on wood table with background window.

ভৱিষ্যতে যদি কেতিয়াবা ভাৰত বৰ্ষত শিক্ষাৰ নামত বটাঁ দিৱ বিচাৰে তেনেহলে একলব্যৰ নামত দিয়ক ৷ গুৰু দ্ৰোণাচাৰ্যৰ নামত নহয় ৷ যি গুৰুৱে ছাত্ৰছাত্ৰীক পংগু কৰাৰ কাম কৰে সেই শিক্ষক তথা গুৰু কেতিয়াও প্ৰকৃত শিক্ষক হব নোৱাৰে ৷ আজি মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ অগ্ৰনী বেচৰকাৰী শিক্ষানুষ্ঠান চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিবসৰ মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষকক উদ্দেশ্য কৰি এই মন্তব্য কৰে অসমৰ বিশিষ্ট কবি , সাহিত্যিক তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই ৷ আনহাতে বৰকলাই ভাষন প্ৰসংগত কয় যে শ্ৰী মন্ত শংকৰদেৱ আৰু মাধৱ দেৱ গুৰু দুজনাৰ আধ্যাত্মিক , সাহিত্য , সংস্কৃতি , আদি জীয়াই ৰাখিব লাগিব এই নিকেতন সমূহেই বুলিও মন্তব্য কৰে ৷ নিকেতন খনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আচাৰ্য পংকজ বৰাই আতধৰা মুকলি সভাখনত  নৃত্য গীতেৰে অনুষ্ঠান অনুষ্ঠিত হোৱা এই সভাত উপস্থিত থাকে শিশু শিক্ষা সমিতিৰ নগাঁও সংকুলৰ সংকুল প্ৰমূখ পৰান বৰা , কৃতী শিক্ষক বটাঁপ্ৰাপ্ত শিক্ষক অংগৰাগ ভূঞা , কবিতা ৰানী সিংহ আৰু নিকেতনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক দিলীপ নাথ ৷ এই মুকলি সভাতে নিকেতনৰ বাৰ্ষিক মুখপত্ৰ “ভাৰতী ” উন্মোচন কৰে কবি সাহিত্যক নন্দসিং বৰকলাই ৷ উল্লেখ যে ১৯৯৮ চনতে চৰাইবাহীত প্ৰতিষ্ঠা লাভ কৰা নিকেতন খনে আজি গৌৰবেৰে ২২ বৰ্ষত ভৰি দিলে ৷ এই নিকেতন খনৰ আজি ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে নিকেতনৰ প্ৰাক্তন সভাপতি পুনিৰাম নাথে ৷ ইয়াৰ পিছতে নিকেতন ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা এটি বৰ্ণাঢ়্য সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয় ৷ মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰীয়ে শুভ উদ্বোধন কৰা শুভাযাত্ৰাত ছাত্ৰছাত্ৰী সকলে গায়ন বায়ন , সত্ৰীয়া নৃত্য , কৃষ্ণ নৃত্য , ভাৱৰীয়া , ঝুমুৰ নৃত্য দল , দৰা কইনা দল , নামতি দল , বিহু নৃত্য দল , কভি’ড-১৯ৰ সজাগতা দল আদি কৰি বিভিন্ন দলে অংশগ্ৰহণ কৰে এই সাংস্কৃতিক শুভাযাত্ৰাত ৷

সোণতলীত ছাত্ৰক হত্যাৰ চেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ অসম মিঞা (অসমীয়া) পৰিষদৰ

 দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী, ডেকাচাং, গৰৈমাৰী বিলৰজান, ৰাংগাপানী, টুপামাৰী আদি অঞ্চল বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ পৰ্যবসিত হবলৈ ধৰিছে ৷ উল্লেখিত অঞ্চলবোৰত অবাধ গতিত দীৰ্ঘদিনৰ পৰাই চলি আহিছে অবৈধ মদ, জুৱা, ভাং, নাৰী ব্যৱসায় তথা তীৰ খেল ৷ এই অসামাজিক কাৰ্যকলাপ সমূহ বন্ধ কৰিবলৈ স্থানীয় সচেতন ৰাইজৰ লগতে অসম মিঞা (অসমীয়া) পৰিষদে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই উল্লেখিত অঞ্চল সমূহত চলি থকা অবৈধ কাৰ্যকলাপ সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহন কৰা নাই ৷ বিভিন্ন অসামাজিক কাৰ্যকলাপ অবাধ গতিত চলাৰ বাবে অঞ্চল সমূহত অপৰাধীৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়াকৈ যোৱা ৩১ ডিচেম্বৰত সোণতলী আৰক্ষী চকীৰ এলেকাধীন ছমৰীয়াপামত স্কুলীয়া ছাত্ৰ এগৰাকীক স্থানীয় গাঞ্জা ব্যৱসায়ীৰ পৰিয়াল এটাই পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলায় ৷ সোণতলীৰ শেলেসুঁতি গাঁৱৰ ৰাশেদ আলীৰ পুত্ৰ তথা ছমৰীয়াপাম আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মণিৰুল হকে বিদ্যালয় ছুটীৰ পিচত খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াপাম গাঁৱৰ আমজাদ আলীৰ পুত্ৰ ৰাব্বুল হকে শিলগুটি নিক্ষেপ কৰাত শিক্ষাৰ্থীগৰাকী মূৰত আঘাত পায় ৷ পিচত এইলৈ শিক্ষাৰ্থী মণিৰুল হক আৰু উদণ্ড যুৱক ৰাব্বুল হকৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাব্বুল হকৰ পিতৃ আমজাদ আলী, মাতৃ ৰাবিয়া খাতুন, খুড়া আফজাল আলী, খুড়া সুকুমুদ্দিনে শিক্ষাৰ্থী মণিৰুল হকক ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে চোঁচৰাই নি কাঠৰ খুঁটাত বান্ধি লাঠি, কোৰ, ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায় ৷ ইপিনে মণিৰুল হকক বিদ্যালয়ৰ কেইগৰাকী শিক্ষাৰ্থীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও একপ্ৰকাৰ ব্যৰ্থ হয় ৷ আনহাতে ঘটনাৰ সবিশেষ জানিব পাৰি মণিৰুলৰ পৰিয়ালে সোণতলী আৰক্ষীক অৱগত কৰে ৷  পিচত সোণতলী আৰক্ষীয়ে আহত শিক্ষাৰ্থী মণিৰুল হকক দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ উক্ত ঘটনা সন্দৰ্ভত মণিৰুল হকৰ পিতৃয়ে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে আৰু উক্ত এজাহাৰৰ  ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০বি/৩৪১/৩৪২/৩২৩/৩০৭/৩৪ ধাৰাৰ অধীনত ৩/২০২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে ৷ উল্লেখ্য যে, আমজাদ আলীৰ পৰিয়ালটো অবৈধ মদ, জুৱা, গাঞ্জাৰ লগতে নাৰীদেহ ব্যবসায়ৰ সৈত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে উত্তেজিত ৰাইজ-শিক্ষাৰ্থীয়ে আমজাদ আলীৰ বাসগৃহত ৰোপন কৰা অবৈধ ভাংগছ কাটি নষ্ট কৰে ৷ ইফালে যোৱা ১ জানুৱাৰীত মনিৰুল হক অধ্যায়ন কৰা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ সোণতলী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যদিও আজিকোপতি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰা নাই ৷ বকো সমষ্টিৰ গ্ৰামাঞ্চল সমূহত চলি থকা অসামাজিক কাৰ্যকলাপ সমূহ বন্ধ কৰাৰ লগতে ছাত্ৰ মনিৰুল হকক হত্যাৰ চেষ্টা চলোৱা অপৰাধী সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখপত্ৰ এম মুক্তাৰ মণ্ডল, সভাপতি এম বাহাৰুল ইছলাম, প্ৰচাৰ সম্পাদক এম আনোৱাৰ হোছেইন স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷