Breaking

ৰাজ্যক সুৰক্ষিত কৰিবলৈ হলে ৰাজনৈতিক ভাবে সুৰক্ষিত হব লাগিব : ভুৱনেশ্বৰ কলিতা

0 2,036

অসমৰ কেবাটাও মুল সমস্যা চিহ্নিত কৰি আৰু এইবোৰ সমাধানৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে বিধান সভাৰ নিৰ্বাচনৰ বাবে যুগুতাই উলিয়াছে এখন সংকল্প পত্ৰ৷আজি এই  উদ্দেশ্য পাঠশালাৰ বজালী বিজেপিৰ জিলা  সমিতিৰ কাৰ্যালয়ত আয়োজন এখন সংবাদ মেলত এই কথা সদৰি  কৰে ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাই ৷সুৰক্ষিত আৰু বিকশিত অসমৰ স্বৰ্থত মুল ১০টা সমস্যা সমাধানৰ বাবে লক্ষ স্থিৰ কৰি নিৰ্বাচনিক  ইস্তাহাৰ হিচাপ এই সংকলপ পত্ৰ ইতিমধ্যে ৰাইজৰ মাজত বিতৰণ কৰা হৈছে বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে৷ বানপানীৰ সমস্যা,মহিলাৰ সকলৰ আৰ্থিক সমস্যা,কলা সংস্কৃত সংৰক্ষণ ব্যৱস্থা,শিশু সকলৰ শিক্ষা ব্যৱস্থা,এন আৰ চি,অত্যাৱশ্যকীয় সামগ্ৰী উৎপাদন বৃদ্ধি,নিবনুৱা সমস্যা,ভুমিৰ অধিকাৰ,আদি বিষয় সমুহক এই সংকল্প পত্ৰখনত আলোচনা কৰা হৈছে৷ উল্লেখ্য যে নিবনুৱা সমস্যা সমাধানৰ বাবে দুই লক্ষ নিবনুৱাক চৰকাৰী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি সংবাদ মেলত উল্লেখ কৰি কলিতাই কয় অহা ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত ১লক্ষ নিবনুৱা চৰকাৰী চাকৰীত মকৰল কৰা হব৷ আনহাতে বেচকাৰী খণ্ডত ৮ লাখ নিবনুৱা যুবকক কৰ্মস্থানৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে৷ আনহাতে মুল্যবৃদ্ধি লিয়ন্ত্ৰত সন্দৰ্ভত সংকল্প পত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই এই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় উৎপাদন বৃদ্ধি কৰি মৃল্যবৃদ্ধি কমোৱা হব বুলি ব্যক্ত কৰে৷ আনহাতে অসমৰ ৰাইজৰ দীৰ্ঘদিনৰ দাবী বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰুপে ঘোষণা কৰা  নাইবা কেন্দ্ৰীয় চৰকাৰক হেচা প্ৰয়োগ কৰা সন্দৰ্ভত সংকল্প পত্ৰত কোনো কথা  প্ৰকাশ কৰা হোৱা নাই বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ কলিতাই কয় অসম বানপানী নিয়ন্ত্ৰণৰ বাবে স্ংকল্প পত্ৰ খনত বিভিন্ন ব্যৱস্থাৰ কথা উল্লেখ আছে৷ গতিকে এই সমস্যাটো পৰ্যায়ৰ কৰ্মে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰা হব ।

Leave A Reply