ৰঙিয়াৰ তুলসীবাৰীৰ মাহতলীস্থিত শিৱ মন্দিৰ প্ৰাংগণত অহা ১১ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱৰাত্ৰি মহোৎসৱৰ আয়োজন কৰা হৈছে । মহোৎসব পৰিচালনাৰ্থে সোমদত্ত কলিতাক সভাপতি, তৰুণ কলিতাক কাৰ্যকৰী সভাপতি ,সুনীল কলিতা-বিতোপন কলিতাক সম্পাদক হিচাবে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।তদুপলক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন ,স্মৃতি তৰ্পণ ,বৃক্ষ ৰোপণ ,দিনৰ ভাগত শিৱলিংগত জল প্ৰদান, আয়তীৰ নাম সন্ধিয়া মন্দিৰৰ দ্বাৰ উন্মোচন ,অক্ষয় বন্তি প্ৰজ্বলন ,বন্তি প্ৰজ্বলন কৰাৰ লগতে টোপধ্বনি আৰু ৰাজহুৱা পুষ্পাঞ্জলি প্ৰদান তথা নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হব ।সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী আৰোহন বৰদলৈ আৰু মনমিতা ভৰদ্বাজে অনুষ্ঠান পৰিৱেশন কৰিব ।দ্বিতীয় দিনা পুৱা স্বচ্ছ ভাৰত অভিযান, শিৱ পুৰাণ পাঠৰ লগতে বিয়লি নাগাৰা নাম পৰিৱেশন কৰিব ক্ৰমে প্ৰহ্লাদ ডেকা আৰু প্ৰণৱ মেধীয়ে ।সমূহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ।
নাজিৰাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
নাজিৰা নিৰ্বাচন জিলাৰ নির্বাচন পর্যবেক্ষক ড ° পার্থ সাৰথি মিশ্ৰই নাজিৰাত উপস্থিত হৈ নিৰ্দিষ্ট বিষয়া সমূহৰ লগত আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে গঠিত কোষ সমূহৰ বুজ লয়। তেখেতে আগন্তুক নিৰ্বাচন সম্বন্ধীয় কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা সন্দৰ্ভত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ সৈতে আলোচনা কৰে। লগতে মহকুমাধিপতি কাৰ্যালয়ৰ ষ্ট্ৰং ৰোম পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ সম্পর্কেও বুজ লয়। ইয়াৰ লগতে তেওঁ সহকাৰী আয়ুক্ত প্ৰীতম গগৈসহ নাজিৰাৰ ভোটদান কেন্দ্রসমূহ পৰিদৰ্শন কৰি ইয়াৰ আন্তঃগাঁথনি সম্পর্কে নিৰীক্ষণ কৰে, যাতে ভোটদান কেন্দ্রত ভোটাৰ তথা সংশ্লিষ্ট বিষয়ববীয়াসকলৰ কোনোধৰণৰ সমস্যা নহয়। ইয়াৰ পাছত তেখেতে শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিংহা, নাজিৰা জিলা নিৰ্বাচনী বিষয়া লখিমী দত্ত আৰু নিৰ্বাচনী বিষয়া সুজাতা গগৈৰ সৈতে হোৱা বৈঠকত আগন্তুক নিৰ্বাচন কিদৰে শান্তিপূর্ণ তথা সফলতাৰে ৰূপায়ণ কৰিব পাৰি তাৰে সন্দৰ্ভত আলোচনা কৰে।
দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা গঠন
মহুৰামুখৰ উত্তৰাঞ্চলক সামৰি উত্তৰ মহুৰা আৰু দিচৈ পঞ্চায়তৰ অন্তগৰ্ত কমলজ্যোতি শংকৰী সাংস্কৃতিক প্ৰাথমিক কেন্দ্ৰত যোৱাকালি অৱসৰপ্ৰাপ্ত শিক্ষক যতিন বড়িৰ সভাপতিত্বত এখন সভা অনুস্ঠিত হৈ যায় ৷ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দেৱেন পাঠৰিয়ে উদেশ্য ব্যাখ্যা দাঙি ধৰি সভাখনত দুয়োখন পঞ্চায়তৰ অধীনৰ অৱসৰপ্ৰাপ্ত শিক্ষক আৰু চৰকাৰী কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যাৱলীৰ লগতে ৰাজহুৱা সামাজিক সমস্যাৰ ফলপ্ৰসু সমাধান সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ ওপৰিও এখন সমিতি গঠনৰ লক্ষ্য স্হিৰ কৰে ৷ উল্লেখ্য যে এই সভাতেই অৱসৰপ্ৰাপ্ত জেষ্ঠ কৰ্মচাৰী যতিন বড়ি, বিভুল চন্দ্ৰ দলে, জিতেন বড়ি, যোগেশ্বৰ মৰাং আৰু ৰূপেশ্বৰ মৰাংক(বৰটিকা) ৰাজহুৱাভাৱে সম্বৰ্দ্ধণা জনোৱা হয় ৷ সভাই তৎকালে কাৰ্য্যকৰী হোৱাকৈ দেৱেন পাঠৰিক সভাপতি আৰু ৰূপেশ্বৰ মৰাংক(নিকৰি বৰতল) সম্পাদক হিচাপে লৈ ১৫ জন সদস্যৰে “ দিচৈপৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংস্হা ” নামেৰে সমিতিখন গঠন কৰা হয় ৷
কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেলৈ পূৰ্ণ সমৰ্থন উত্তৰ মহুৰা আৰু দিচৈ কংগ্ৰেছ মণ্ডল সমিতিৰ
২১ ৰ বিধান সভা নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্য খনৰ প্ৰান্তে-প্ৰান্তে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে মনোনয়ন দাখিল কৰিছে৷৯৩ নং বোকাখাত বিধান সভা সমষ্টিত কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁট বন্ধনৰ সমৰ্থিত যুৱ নেতা প্ৰণৱ দলেয়ে বোকাখাতত মনোনয়ন পত্ৰ ৮ মাৰ্চৰ দিনা দাখিল কৰে।যুৱ নেতা প্ৰণৱ দলে নিজৰ শক্তি প্ৰদৰ্শনেৰে লগত গৰিষ্ঠ সংখ্যক সমৰ্থকৰ লগতে বোকাখাতৰ বাওঁপন্থী নেতা কমলেশ্বৰ ৰাজখোৱাৰ পত্নী জেষ্ঠ বাওঁপন্থী নেত্ৰী নিলীমা ৰাজখোৱা আৰু কৃষক নেতা সোনেশ্বৰ নৰহক লগত লৈ মহকুমাধিপতিৰ হাতত মনোনয়ন দাখিল কৰাৰ সমান্তৰালককৈ মহা জোঁট বন্ধনৰ মূল অংশীদাৰ কংগ্ৰেছৰ বোকাখাত ব্লেক সমিতিয়ে কোনোপধ্যেই প্ৰণৱ দলেক সমৰ্থন কৰা নহব বুলি বিদ্ৰোহ ঘোষণা কৰি বোকাখাতৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত অজিত ভূঞাৰ পুত্তলিকা দাহ কৰি কাৰ্যালয়টোত তলা উলমাইছিল যদিও আজি উত্তৰ মহুৰা মণ্ডল কংগ্ৰেছ সমিতি আৰু দিচৈ মণ্ডল কংগ্ৰেছ সমিতিয়ে সকলো বাদ বিবাদ পৰিহাৰ কৰি কংগ্ৰেছ নেতৃত্বাধীন মহা জোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা দিচৈ কংগ্ৰেছ মণ্ডল সমিতিৰ সভাপতি সুৰেশ মৰাং আৰু উত্তৰ মহুৰা আঞ্চলিক মণ্ডল সমিতিৰ কাৰ্যকৰী সভাপতি ললিত দাৱে জানিবলৈ দিছে।
নিয়ন্ত্ৰনহীন চলন্তত টেম্প ভেন বাগৰি পৰিল পথচাৰীৰ ওপৰত : এজন নিহত
তামুলপুৰ – ওদালগুৰি পথৰ সৌৰাগুৰীত দুপৰীয়া সংঘটিত এক পথ দুৰ্ঘটনা ৷ তামুলপুৰৰ পৰা নাগ্ৰীজুলি অভিমুখে লোহাৰ পাইপ কঢ়িয়াই নিয়া এখন চলন্ত টেম্প’ ভেনে (এএছ ২৫ বিচি ৮০৬৯) নিয়ন্ত্ৰন হেৰুৱাই পথেৰে গৈ থকা এজন চাইকেল আৰোহীৰ ওপৰত বাগৰি পৰাত ঠাইতে নিহত হয় চাইকেল আৰোহীজন ৷ নিহত চাইকেল আৰোহীজন সৌৰাগুৰী গাওঁৰ যাদৱ বৈশ্য (৪০) বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষ দৰ্শীয়ে জানিবলৈ দিয়া মতে আজি দুপৰীয়া ১২-৩০ মান বজাত তামুলপুৰ- ওদালগুৰি পথেৰে একে দিশে গৈ থকা অতিৰিক্ত লোৰ পাইপ কঢ়িয়াই অনা টেম্প’ ভেন খন নিয়ন্ত্ৰন হেৰুৱাই এজন চাইকেল আৰোহীৰ ওপৰত বাগৰি পৰে ৷ দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে দুৰ্ঘটনাত পতিত বাহন খনৰ তলৰ পৰা বহু সময়ৰ মূৰত পথচাৰী জনক উলিয়াই যদিও আনে যদিও ইতিমধ্যে লোক জনৰ মৃত্যু মুখত পৰে ৷ পিচত কোনো লোকে তামুলপুৰ আৰক্ষী থানাত দূৰ্ঘটনা সন্দৰ্ভত খবৰ দিয়ে ৷ দূৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে নিহত যাদৱ বৈশ্যই ওচৰৰে এঘৰৰ মৃতকৰ সকাম খাবলৈ চাইকেলেৰে গৈ আছিল ৷
মৰাণত অহা ১২ মাৰ্চত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
অসম আৰু অসমীয়া জাতিৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৯৭৮ চনৰ ১২ মাৰ্চত গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত জন্ম লাভ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অহা ১২ মাৰ্চত ৪৩ বছৰত ভৰি দিব।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সংগ্ৰামী যাত্ৰাৰ আৰম্ভণিৰ এই বিশেষ দিনটো উদযাপনৰ হেতু অহা ১২ মাৰ্চ শুক্ৰবাৰে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত উজনি অসমৰ চৰাইদেউ জিলাত মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰাঙ্গণত এদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিব।কাৰ্যসূচীৰ অনুসৰি পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই। ৯-৪৫ বজাত শ্বহীদ তৰ্পণ কৰিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।পুৱা ১০ বজাত সৰ্তীথ স্মৃতি স্মৰণ কৰিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ক্ৰমে–পুলক বৰা,কমৰোল হক,হেমেন চক্ৰৱতী আৰু ৰঞ্জিত চাংমাইয়ে । ১১ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব জনপ্ৰিয় কন্ঠ শিল্পী মানস ৰবীনে।দিনৰ ১ বজাত পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা।মুকলি সভাখন উদ্বোধন কৰিব পৰিষদৰ মুখ্য উপদেষ্টা কমল ভৰালীয়ে।সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গোলাঘাট বীৰাংগনা সতী সাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়াই।নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি বক্তব্য ৰাখিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকনে। বিশিষ্ট অতিথি আসনত অংশ গ্ৰহণ কৰিব ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,সদৌ,তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মিলন বুঢ়াগোঁহাই,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহেন চুতীয়া,সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা,সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৈ মৰাণ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেবেন উৰাং,সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বুধিন সোনোৱাল আৰু মটক যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ধৰণী গোহাঁইয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।
মাজুলীত শ্বহীদ দণ্ডিৰাম ভৰালীক স্মৰণ : শ্বহীদ দণ্ডিৰাম ভৰালীৰ বাসগৃহলৈ যোৱা পথ নিৰ্মানৰ দাবী ছাত্ৰ সন্থাৰ
৮৫৫ জন শ্বহীদৰ ৰক্তেৰে ৰঞ্জিত ঐতিহাসিক অসম আন্দোলনত ১৯৮৩ চনৰ ১০ মাৰ্চ তাৰিখে অসম মাতৃৰ হৈ আত্ম বলিদান দিয়া মাজুলীৰ একমাত্ৰ জাতীয় শ্বহীদ দণ্ডিৰাম ভৰালীৰ ৩৮ সংখ্যক মৃত্যু তিথিত আজি মাজুলী জিলা ছাত্ৰ সন্থাই শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কাৰ্যসূচীৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই ৷ শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ পূৱ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীতেৰে আৰম্ভ কৰে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ ৷ ইয়াৰ পিছতে শ্বহীদ দণ্ডিৰাম ভৰালী প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই ৷ ভূঞাই বক্তব্য প্ৰসংগত জাতীয় বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসম আন্দোলন , ভাষা আন্দোলনত যি সকল পংগু হ’ল তেখেত সকলৰো আশু আৰোগ্য কামনা কৰে ৷ লগতে মাজুলীৰ একমাত্ৰ শ্বহীদ গৰাকীৰ বাসগৃহলৈ যোৱা পথটি আজিলৈকে নহ’ল পকীকৰণ নোহোৱাত সন্থাই ক্ষোভ প্ৰকাশ কৰে ৷ বাৰম্বাৰ চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে যদিও আজি পৰ্যন্ত পথটি নিৰ্মানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহন নকৰিলে ৷ অতি শীঘ্ৰে সেই পথটি নিৰ্মাণৰ দাবী জনাইছে ছাত্ৰ সন্থাই ৷ পথটি নিৰ্মানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাজুলী জিলা প্ৰশাসনকো আহ্বান জনাইছে ছাত্ৰ সন্থাই ৷ আজি পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অৰূপ কুমাৰ বৰা , শ্বহীদ দণ্ডিৰাম ভৰালীৰ ভাতৃ নগেন ভৰালীয়ে কাৰ্যসূচীত উপস্থিত থাকে সাংস্কৃতিক বিশ্ববিদ্যালয় , মাজুলীৰ শৈক্ষিক সমন্বয়ক ক্ষীৰসিন্ধু শইকীয়া , মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেউজান মিলি, কাকুমনি কলিতা, শিক্ষা সম্পাদক উত্তম বৰা, পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা সাধাৰণ সম্পাদক দীপাংকৰ ৰাজকোৱাৰ লগতে পূৱ মাজুলী মহাবিদ্যালয় আৰু সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ – ছাত্ৰী সকল৷
পীড়াকটাত তিনি দিনীয়াকৈ মহাৰুদ্ৰ যজ্ঞৰ আয়োজন সম্পন্ন
মহামাৰীৰ কৰ’না ফলত সমগ্ৰ বিশ্বতে মানৱ সমাজ স্তব্ধ হৈ পৰিছিল জনজীৱন । বৰ্তমান ক’ৰনা ভেকচিন আৱিষ্কাৰ হোৱাত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিছে মানৱ সমাজৰ ।ধৰ্মীয় অনুষ্ঠান সমুহ সকলোতে আয়োজন কৰিবলৈ লৈছে বৰ্তমান। টীয়কৰ পীড়াকতা দক্ষিণ ব্ৰাক্ষ্মণ গাওঁ হৰিমন্দিৰত অহা ফাগুন মাহৰ ২৩,২৪,২৫ তাৰিখে তিনিদিনীয়াকৈ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ আয়োজন সুচাৰুভাৱে সামৰণি পৰিছে ।এই মহান যজ্ঞৰ জৰিয়তে সমগ্ৰ বিশ্বলৈ শান্তিৰ লগতে পৃথিৱী অসুখৰ পৰা মুক্ত পোৱাৰ বাবে আয়োজন উদ্যোক্তা মঞ্চৰ । এই যজ্ঞ ভাগী পৰিচালনা কৰে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক, শংকৰাচাৰ্য বঁটাপ্ৰাপ্ত, সাহিত্যিক পেঞ্চনাৰ ৰোহিনী বল্লভ গোস্বামীৰ লগতে স্থানীয় অঞ্চলবাসীয়ে।আয়োজকে মণ্ডলীয়ে ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি আৰু সহায় সহযোগিতা কামনা কৰাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছ ।
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ উন্মোচন
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বালিপৰা শিক্ষাখণ্ড সমিতিৰ ব্যবস্থাপনাত প্ৰকাশিত মুখপত্ৰ ‘প্ৰতীতি’ কালি বিয়লি বালিপৰা মজলীয়া বিদ্যালয় প্ৰাঙ্গনত উন্মোচন কৰা হয়। শিক্ষক বিশ্বজিৎ বৰাই আঁত ধৰা সভাত সভাপতিত্ব কৰে চপালগা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক অনুপম বৰাই। শিশুৰঞ্জন গগৈ আৰু ৰাজীৱ দাসে সম্পাদনা কৰা আলোচনীখন উন্মোচন কৰে বালিপৰা শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনিষ ঠাকুৰে। তেখেতে শিক্ষক সকলৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু অনাগত দিনসমূহতো শিক্ষক সকলৰ এনে সৃজনশীল প্ৰতিভা আশা কৰে বুলি নিজৰ ভাষনত উল্লেখ কৰে। সভাত উপস্থিত থাকি শিক্ষক সকলৰ প্ৰতি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে বিদ্যালয় পৰিদৰ্শক ৰঞ্জন দাস,খণ্ড সমল ব্যক্তি মনেশ্বৰ বড়ো আৰু অৰূপ বৰাই। সভাত অংশগ্ৰহণ কৰি সদৌ শোণিতপুৰ জিলা টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকাই প্ৰতিটো শিক্ষাখণ্ডৰ শিক্ষক সকলে এনে পদক্ষেপ হাতত লোৱা উচিত বুলি কয়। আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থকা শিশুৰঞ্জন গগৈয়ে কয় যে মুখপত্ৰখনিৰ যোগেদি তেখেত সকলে শিক্ষক সকলৰ মাজত সাহিত্য চৰ্চাৰ এক প্ৰাথমিক প্ৰয়াস কৰিছে,আগলৈকো তেখেত সকলে এনে চৰ্চাৰ ধাৰা অব্যাহত ৰাখিব বুলি অৱগত কৰে।
ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ডা : ভগৱান দেৱ মিশ্ৰৰ শক্তিখেল প্ৰদৰ্শন ,বিশাল সমদলেৰে মনোনয়নপত্ৰ দাখিল
ৰঙিয়া বিধানসভা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই শক্তিখেল প্ৰদৰ্শন কৰি আজি দিনৰ ভাগত হাজাৰ হাজাৰ সমৰ্থকক লগতলৈ ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলত সমবেত হৈ ৰঙিয়া চহৰৰ মাজেৰে বিশাল সমদল বাহিৰ কৰি পদব্ৰজে উপস্থিত হয় ৰঙিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত থকা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত। লক্ষণীয়ভাবে সকলো বাদ-বিসম্বাদ আতৰাই মহাজোট বন্ধনৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ ওলাই আহে মিত্ৰ দল কংগ্ৰেছ, বিপিএফ,এ আই ইউ ডি এফৰ হাজাৰ হাজাৰ সমৰ্থক। আগন্তুক নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক উৎসাত কৰিবলৈ সংকল্প লোৱা বুলি মন্তব্য কৰে মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰই ,আৰু ইয়াৰেই প্ৰতিফলন আজি সমবেত হোৱা সহস্ৰ জনতা। কেৱল মাত্ৰ উন্নয়নৰ শ্লোগানেৰে নিৰ্বাচনী যুদ্ধত অৱৰ্তীৰ্ণ হোৱা বুলিও দোহাৰে ডাঃ ভগৱান মিশ্ৰই । মনোনয়ন পত্ৰ দাখিলৰ সময়চোৱাত তেখেতক সংগ দিয়ে বিপিএফ নেতা মহেশ্বৰ বসুমতাৰী, কংগ্ৰেছ নেতা বিবুলৰ ৰহমান,জেষ্ঠ সাংবাদিক মুকুল কলিতা,বাওপন্থী নেতা বিবেকানন্দ অধিকাৰীসহ একাংশ নেতাই। আনহাতে আজি একেসময়তে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাও মনোনয়ন পত্ৰ দাখিলৰ বাবে একাধিক সমৰ্থকসহ উপস্থিত হয় ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ত,তেখেতক সংগ দিয়ে সাংসদ ভূৱনেশ্বৰ কলিতা, কমলপুৰৰ প্ৰাক্তন বিধায়ক যাদব দেকা সহ অন্য সমৰ্থকসকলে। ইয়াৰ মাজতেই নিৰ্বাচনী বিধি উলংঘা কৰি দিগন্ত কলিতাই একাধিক সমৰ্থক সহ কাৰ্যালয় চৌহদত প্ৰবেশৰ চেষ্টা চলায়, প্ৰশাসনৰ বাধা নেওচি নেতাজনে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ ওপৰিও আঙুলিটোৱাই মহকুমা আৰক্ষী বিষয়া গৰাকীৰ লগত দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। এই ঘটনাই কিছুসময় পৰিস্থিতি উত্তপ্ত কৰি ৰাখে যদিও প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে।










