Home Blog Page 3093

হাগ্ৰামাৰ সকলো চেষ্টা অথলে গল : ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ হিচাপে নিৰ্বাচিত প্ৰমোদ বড়ো

সকলো উৎকন্ঠাৰ অন্তত ২২ পাৰিষদৰ আস্থা ভোটেৰে BTCৰ চীফ নিৰ্বাচিত হ’ল প্ৰমোদ বড়ো । সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ । বিটিচিৰ আস্থা ভোটত প্ৰমোদ বড়োৰ জয় । আস্থা ভোটত UPPL-BJP-GSPৰ সন্মিলিত শক্তিৰ মুঠ ২২জন পাৰিষদৰ ভোট লাভ কৰিলে প্ৰমোদ বড়োৱে ।

প্ৰটেম অধ্যক্ষই প্ৰতিজন সদস্যক শপত দিয়াৰ পিছত অনুষ্ঠিত হয় আস্থা ভোট পৰ্ব। বিটিচিৰ চীফ প্ৰমোদ বড়ো, ডেপুটী চীফ গোবিন্দ বসুমতাৰীয়ে শপত গ্ৰহণৰ পাছত সকলো সদস্যৰ শপত গ্ৰহণেৰে বিটিচিত আৰম্ভ হৈছিল ভোটগ্ৰহণ ।

আনফালে বিপিএফ পাৰিষদ সকলে প্ৰথমৰে পৰা সদনত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ। যাৰ বাবে বিটিচিত আস্থা ভোটৰ পূৰ্বেই ১০ মিনিটৰ বাবে স্থগিত ৰখা হয় সদন । 

উল্লেখ্য যে প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF দল । ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই আজি আস্থা ভোটৰ সন্মুখীন হয় প্ৰমোদ বড়ো । কিন্ত সকলো চেষ্টা অথলে গল হাগ্ৰামাৰ ।

কলকতাত জৰুৰী বিমান অৱতৰণ : বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা মুখ্য ন্যায়াধীশ

বিমান দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বদে । বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰি থকাৰ সময়তে কলকতাৰ আকাশমাৰ্গত মুখ্য ন্যায়াধীশগৰাকীয়ে যাত্ৰা কৰা বিমানখনত যান্ত্ৰিক বিজুতি ধৰা পৰে । লগে লগে বিমানখনৰ বৈমানিকে কলকতাৰ দমদম আন্তৰ্জাতিক বিমান বন্দৰত অৱতৰণ কৰে বিমানখন।

বিমানখনত ব’বদেসহ ১৪৬ যাত্ৰী আছিল। দমদম বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে ব’বদেসহ ১৪৬ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা পৰে।

উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়াধীশগৰাকীয়ে অসমসহ উত্তৰ পূৱ ভ্ৰমণলৈ আহিছিল। সেই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অসমৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পৰিভ্ৰণ কৰে।

বৰদিনলৈ এটা দিন : সম্পূৰ্ন সাজু গুৱাহাটীৰ গীৰ্জা সমূহ

খ্ৰীষ্টান ধৰ্মাৱলম্বী পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ আৰু এটা দিন। সজাই তোলা হৈছে গীৰ্জা সমূহ । বৰদিনৰ বাবে বজাৰ সমূহতো দেখা গৈছে ব্যাপক ভিৰ । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটী পৰিৱেশ । নানা ৰঙীন আলোকেৰে উজ্বলাই তোলা হৈছে গীৰ্জা সমূহ ।

উল্লেখ্য যে, ক’ৰনা ভাইৰাছৰ পাছত শুকুৰবাৰে বিশ্বজুৰি পালন হ’ব বৰদিন ।

আজি ৰাজপথত নামিল ৰাহুল গান্ধী, কৃষকৰ বাবে ৰাষ্ট্ৰপতি ভৱনলৈ কংগ্ৰেছেৰ সমদল

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত অব্যাহত আছে কৃষকৰ আন্দোলন । আজি পুৱা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ বাবে বিজয় চ’কৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ সমদল কৰে । ৰাহুল গান্ধীৰ নেতৃত্বত এই সমদলত অংশগ্ৰহণ কৰে আন কংগ্ৰেছী সাংসদ সকলেও ।

সমদলৰ অন্তত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে । ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি ২ কোটি হস্তাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰদানেৰে কেন্দ্ৰীয় কৃষি আইন বাতিল কৰাৰ দাবী জনাব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আন জ্যেষ্ঠ নেতাসকলে ।

‘সাংবাদিক পৰিষদ অসম’ গুৱাহাটী জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অনলাইন বাৰ্তা, ২৩ ডিচেম্বৰঃ সাংবাদিক পৰিষদ অসম’ গুৱহাটী মহানগৰ জিলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি মহানগৰীৰ বামুনীমৈয়দামত অনুষ্ঠিত হয় ৷ জিলা সভাপতি ঈশ্বৰ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে ৰাজ্যিক সভাপতি চন্দ্ৰ বৰুৱা, প্ৰাগজ্যোতিষ অসম সাপ্তাহিক কাকতৰ পৰিচালন সঞ্চালক খগেন শইকীয়া উপস্থিত থাকি চমু ব্যক্তব্য প্ৰদান কৰে ৷ সভাত সংগঠনৰ আগন্তুক দিনৰ কাৰ্যপন্থাৰ বিষয়ে বিতং ভাবে আলোচানা কৰা হয় ৷ অহা জানুৱাৰী মাহত ৰাজ্যৰ সাহিত্যিক , সমজাকৰ্ম, উদ্যোগী, কৃষককে ধৰি কেইবাগৰাকী ব্যক্তিলৈ বটা প্ৰদান কৰা হ’ব বুলি কাৰ্য্য নিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহন কৰে ৷ সাধৰন সম্পাদক মনোজ ডেকাই আতধৰা সভাত  সহকাৰী যুটীয়া সম্পাদক ক্ৰমে ধীৰাজ ডেকা, অনুপমা ডেকা, আলোচনী সম্পাদক ধীৰেন শৰ্মা, কাৰ্য্যলয় সম্পাদক চিন্তুমনি শইকীয়া, সহ বিষয় ববীয়া কাৰ্য্য নিৰ্বাহক সদস্য উপস্থিত থাকে ৷ সাধাৰণ সম্পাদক মনোজ ডেকাই জানিবলৈ দিয়ে যে সমিটিয়ে নজনা কোনোৱা সমাজকৰ্মী, সাহিত্যিক উদ্যোগীৰ বটা প্ৰাপ্তিৰ বাবে নাম জিলা সমিটিলৈ প্ৰেৰন কৰিব পাৰে ৷ নাম প্ৰেৰনৰ পিছত বিষয়ববীয়া সভাই নিৰ্বাচিত কৰিব বুলি ডেকাই উল্লেখ কৰে ৷ নাম প্ৰেৰনৰ বাবে মনোজ ডেকাৰ লগত যোগাযোগ কৰিব পাৰে ৷ যোগাযোগৰ নং ৭০০২৬৫৭৭১২/৮৪৭৪০১৪০৪২

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন সম্পন্ন : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

উজনি-মাজুলী, ২৩ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখনি আজি দিনজোৰা কাৰ্য্যসূচীৰে দৰিয়াস্থিত পেঞ্চনাৰ ভৱনৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় | পুৱা ৯ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভাপতি প্ৰণৱজিত মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে | ইয়াৰ পিছতে পুৱা ১০ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে শাখাৰ প্ৰতিষ্ঠাপক সভাপতি কনক চন্দ্ৰ বৰুৱাই | মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, জিলা কাৰ্যনিৰ্বাহক সদস্য পুনাৰাম নাথ আৰু মুহিকান্ত বৰা বৰবায়ন পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়োৱা সভাখনত সৰ্বসন্মতিক্ৰমে পৰবৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে প্ৰণৱজিত মিশ্ৰক সভাপতি, দাসীৰাম পামেগাম, অনুপ্ৰভা দেৱী, গোবিন চন্দ্ৰ ভূঞা, ফুলেশ্বৰী হাজৰিকাক উপসভাপতি, কৃষাৰাণী বৰুৱাক সম্পাদক, শংকুসিদ্ধ নাথক পত্রিকা সম্পাদক, বিজয় শইকীয়া, জয়ন্ত ৰেগনক সহকাৰী সম্পাদক, অজয় বৰুৱাক কোষাধ্যক্ষ, মামু দেৱীক প্ৰচাৰ সম্পাদক, যাদৱ বৰা আৰু বন্তি দেৱী বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ২৫জনীয়াকৈ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় | পুনৰ ১১.৩০ বজাৰ পৰা শাখাৰ বিদায়ী সভাপতি কনক চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্বোধক হিচাপে অংশগ্ৰহন কৰি মাজুলীৰ জ্যেষ্ঠ শিক্ষাবিদ পুনাৰাম নাথে কয় যে সাহিত্যই সমাজ জীৱন শক্তিশালী কৰে | অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক চেনেহী গগৈ কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিশোৰী মোহন পাল আৰু জিলা সম্পাদক মনোজ্যোতি ৰেগনে | শাখাৰ বিদায়ী সম্পাদক শংকুসিদ্ধ নাথে আদৰণী ভাষণ আগবঢ়োৱা বৰ্ণিল সভাখনত মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, বিশিষ্ট কবি লক্ষীপ্ৰসাদ ৰেগনৰ কবিতা আৰু যুৱশিল্পী সমীৰজিত কলিতাৰ গীতৰ শৰায়ে সকলোকে আপ্লুত কৰে | আবেলি ৩ বজাত সভাপতিৰ সাৰুৱা মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে | শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলনেৰে সমাপন কৰা হয় |

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে । AICC অৰ্থাৎ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰাও পদত্যাগ কৰিলে পলাশ তামূলীয়ে ।

তামূলীয়ে এসময়ত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ ৰাষ্ট্ৰীয় কমিটীত স্থান লাভ কৰিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ পদবীতো নিৰ্বাচিত হৈছিল তামূলী । গোলাঘাটৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ ঘনিষ্ঠ হিচাপে পৰিচিত পলাশ তামূলী । অজন্তা নেওগৰ পদত্যাগৰ পিছতে কংগ্ৰেছ নেতৃত্বই তামূলীক গোলাঘাটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰো চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছিল । অজন্তা নেওগৰ প্ৰস্থানৰ পিছতে পলাশ তামূলীক গোলাঘাট কংগ্ৰেছৰ নেতৃত্ব ল’বলৈকো প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই নিৰ্দেশ দিছিল। পিছে পলাশ তামূলীয়েও দলত্যাগ কৰাত এতিয়া চৰম অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।পলাশ তামূলীয়ে  ইতিমধ্যে ই–মেইল যোগে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।


জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তামূলীয়ে অজন্তা নেওগৰ সৈতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে । অৱশ্যে পলাশ তামূলীয়ে অনাগত সময়ত কি সিদ্ধান্ত ল’ব সেই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব নেকি অসম জাতীয় পৰিষদত ! নগাঁৱত লুৰিণক আদৰণি জনালে মহন্তৰ শিবিৰৰ নেতা-কৰ্মীয়ে

নগাঁও, ২৩ডিচেম্বৰ:  বিজেপিৰে মিত্ৰতাক লৈ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে ক্ৰমাৎ ব্যৱধান বৃদ্ধি পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব পাৰে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত। প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ পিছত কালি নিশা নগাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰণি জনোৱাৰ সময়ত দেখা গ’ল প্ৰফুল্ল মহন্তৰ শিবিৰৰ কেইবাজনো নেতা-কৰ্মীক। যোৰহাটৰ পৰা উভতি নগাঁৱৰ হোটেল নগাঁও পইণ্টত নিশা প্ৰায় ১০ বজাত উপস্থিত হোৱা জনপ্ৰিয় যুৱনেতা লুৰিণজ্যোতি গগৈক আদৰনি জনোৱাৰ সময়ত বিপুল জনসমাগম পৰিলক্ষিত হয়। “লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অজাপ জিন্দাবাদ” ধ্বনিৰে নিশা নগাঁৱৰ আকাশ-বতাহ মুখৰিত হয়। নগাঁৱত উপস্থিত হয় সাংবাদিকৰ সন্মুখত লুৰিণে কয়, “ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ জন্ম হোৱা নাই। অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ বাবেই এই দলৰ জন্ম হৈছে।” ইপিনে বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰি অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে প্ৰত্যক্ষ সংঘাতত অৱতীৰ্ণ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অসম জাতীয় পৰিষদত আদৰি ল’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত লুৰীণে কয়, “প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিজন ব্যক্তিকে অসম জাতীয় পৰিষদে আদৰি ল’ব।” উল্লেখযোগ্য যে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অজাপত যোগদানৰ বিষয়ে যোগাযোগ চলাই থকা বুলি মন্তব্য কৰি লুৰিণে কয় শীঘ্ৰেই এই বিষয়ে অসমবাসীয়ে গম পাব। অজাপই ভেজাল জাতীয়তাবাদক প্ৰশ্ৰয় নিদিয়ে বুলিও পৰোক্ষ ভাৱে অগপ ক কটাক্ষ কৰে। আনহাতে, অতি শীঘ্ৰেই নগাঁৱলৈ পুনৰ আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আশীষ ল’ব বুলি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক অৱগত কৰে। লুৰিণে সাংবাদিকক কয়, “গুৰুজনাই তাহানিতে গঢ়িব বিচৰা ভেদাভেদহীন সমাজক গঢ় দিয়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি যাব।” লুৰিণে লগতে কয় প্ৰকৃত অসমীয়া জাতিসত্বাক জীয়াই ৰাখিবলৈ তেঁও সদায় সংকল্পবদ্ধ।

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

জামুগুৰিহাট, ২৩ডিচেম্বৰ: জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়। যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো উপশম নোহোৱাত উন্নত চিকিৎসাৰ বাবে সপ্তাহ পূৰ্বে গুৱাহাটী জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৮ বজাত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় যুৱক গৰাকীয়ে। ডেকাসুন্দৰ গাঁওৰ গিৰিশ শইকীয়াৰ পুত্ৰ বিষ্ণু শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ মাতৃ পত্নী সহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ।

পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ : অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত ১৮ লাখৰ জৰিমণা

পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মত্যুলৈকে মাত মাতি অহা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ এতিয়া এটাৰ পিছত আন এটা সমস্যাই লগ নেৰা হৈছে । কিছুদিনৰ আগতে জেললৈ যাবলগীয়া হোৱা অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ওপৰত ইউ কে ব্ৰডকাষ্টিং ৰেগুলেটৰে (UK broadcasting regulator ) ২০,০০০ পাউণ্ড অৰ্থাত ১৮ লাখ টকাৰ জৰিমণা বিহিছে ।

ব্ৰিটেইনৰ অৰ্ণৱ গোস্বামীৰ হিন্দী চেনেল ৰিপাব্লিক ভাৰতৰ ওপৰত হেট স্পিছৰ গোচৰত নিয়ম উলংঘন কৰাৰ বাবে বিহা হৈছে । জানিব পৰা অনুসৰি অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ২০১৯ চনৰ ৬ চেপ্তেম্বৰত অৰ্ণৱ গোস্বামীৰ পুছতা হে ভাৰতৰ এটি খণ্ডত হেট স্পিছৰ সম্বন্ধত ৰিপাব্লিক টিভিৰ ওপৰত এই জৰিমণা লগোৱা হৈছে । খণ্ডটোত অৰ্ণৱ গোস্বামীয়ে ৩ জন ভাৰতীয় আৰু তিনিগৰাকী পাকিস্তানী লোকৰ মাজত চন্দ্ৰযান-২ কলৈ আলোচনা হৈছিল ।