অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতীক তথা অসমীয়াৰ স্বাভিমান ‘গামোচা’খনে লাভ কৰিছে ‘ভৌগোলিক সূচক’ (জি.আই.টেগ্)৷ পাঁচ বছৰীয়া দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অসমৰ সংস্কৃতি আৰু পৰিচয়ৰ অন্যতম প্ৰতীক গামোচাই ২০২২ চনৰ ১৩ ডিচেম্বৰত এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এই প্ৰশংসনীয় পদক্ষেপ অসমত থকা বহু বৃহৎ জাতীয় সংগঠন বা অনুষ্ঠানে গ্ৰহণ কৰি অসমৰ ঐতিহ্য গামোচাখনে পাই অহা ব্যৱসায়িক প্ৰত্যাহ্বান প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে।
কিয়নো এই সংগঠন-অনুষ্ঠানসমূহে বছৰত আয়োজন কৰা বিভিন্ন কাৰ্যসূচীত বহু গামোচাৰ প্ৰয়োজন হয়। কেৱল কথাৰে নহয়, কামেৰেও অসমক ভালপোৱাৰ উদাহৰণ প্ৰস্তুত কৰাৰ সময়ৰ আহ্বান আওকাণ কৰি অসমে বহুত হেৰুৱাইছে।
বিয়লি ২ বজাত মহাবিদ্যালয়ৰ হেমেন্দ্ৰ কুমাৰ গগৈ প্ৰেক্ষাগৃহত নৰ্থ লখিমপুৰ কলেজ টাই আহোম ছাত্ৰ সমাজৰ আয়োজনত ‘অসমত বুৰঞ্জী চৰ্চা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ তথা লেখক নবীন বুঢ়াগোঁহাই। এই অনুষ্ঠানৰ সমন্বয়কৰ দায়িত্বত থাকে উদ্ধৱ তামুলী ফুকন আৰু কৃষ্ণকান্ত সন্দিকৈ।
অনুষ্ঠানটো ভূগোল বিভাগৰ মূৰব্বী ড° স্বপ্নালী গগৈয়ে সঞ্চালনা কৰে। সমল ব্যক্তিৰ ভাষণৰ প্ৰাক মুহূৰ্ত্তত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গ্ৰন্থমেলা আয়োজন সমিতিৰ সমন্বয়ক ড° অৰবিন্দ ৰাজখোৱাই(Dr. Arvind Rajkhowa) নবীন বুঢ়াগোহাঁইৰ কৰ্মৰাজি সম্পৰ্কে এটি চমু আভাস দাঙি ধৰে।
মূল ভাষণত নবীন বুঢ়াগোঁহাইয়ে অসমৰ বুৰঞ্জীৰ লগতে বুৰঞ্জী চৰ্চাৰ ইতিহাস সম্পৰ্কীয় এক তথ্যসমৃদ্ধ আৰু মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। লগতে পুৰাতত্ব সম্পৰ্কীয় কিছু প্ৰসংগও উত্থাপন কৰে। বুৰঞ্জীৰ সমলসমূহ কেনেকৈ আহৰণ কৰা উচিত আৰু বুৰঞ্জী চৰ্চা কৰিবলৈ যে নিৰপেক্ষ দৃষ্টিভংগীৰ প্ৰয়োজন সেই কথা উল্লেখ কৰি তেওঁ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখনত কিদৰে জড়িত হ’ল সেই সম্পৰ্কে কিছু কথা কয়।
পৰৱৰ্তী সময়ত মত বিনিময় অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে সক্ৰিয় অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে সপ্তম নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা উপলক্ষে আয়োজিত প্ৰতিযোগিতাসমূহৰ পুৰুস্কাৰ প্ৰদান কৰা হয়।সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ সমন্বয়কৰ দায়িত্বত থাকে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মুনমী দত্ত।
ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে গ্ৰন্থমেলাৰ বাকৰি জীপাল কৰি তোলে। অন্য দিনাৰ দৰে শেষৰ দিনটোতো গ্ৰন্থ মেলাত পুৱাৰ পৰা নিশালৈকে গ্ৰন্থপ্ৰেমীসকলৰ যথেষ্ট সমাগম দেখা যায়। এইবাৰৰৰ গ্ৰন্থমেলাখন আগৰ কেইবাৰতকৈ যথেষ্ট ফলপ্ৰসু হয় বুলি সমন্বয়ক ড৹ অৰবিন্দ ৰাজখোৱাই জনায়।
বিভিন্ন ঠাইৰপৰা ভাগ ল’বলৈ অহা বিশিষ্ট ব্যক্তিসকলে কলেজখনৰ এই পদক্ষেপৰ ভূঁয়সী প্ৰসংশা কৰে। সকলোৱে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ কলেজ কৰ্ত্তৃপক্ষক আহ্বান জনায়। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত ব্যাৱহাৰিকভাৱে জ্ঞান অৰ্জনৰ যি ব্যৱস্থা ৰখা হৈছে, তাৰ পূৰ্ণ প্ৰয়োগ এই গ্ৰন্থমেলাত দেখা গ’ল।
সকলো বিপণি আদ্যোপান্ত পৰিচালনা কৰিছিল অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে। ৰাজ্যৰ শিক্ষা বিভাগে সম্প্ৰতি নিবনুৱা সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ যি ব্যৱহাৰিক শিক্ষাৰ পোষকতা কৰিছে তাকেই যেন এক আদৰ্শৰ ৰূপত নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলাই তুলি ধৰিলে। গ্ৰন্থমেলাখনত পোন্ধৰ খনৰো অধিক আলোচনা-চক্ৰ অনুষ্ঠিত হয়।
এইবাৰৰ গ্ৰন্থমেলাত বাৰ লাখৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হয়। আটাইতকৈ গুৰুত্ব লাভ কৰে নেশ্যনেল বুক ট্ৰাষ্ট(National Book Trust), বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ তথা শৰাইঘাট প্ৰকাশনৰ গ্ৰন্থই।
দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কামৰূপ (গ্ৰাম্য)ৰ দদৰাত ২৪ তাৰিখৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ (Multimedia Exhibition) আয়োজন কৰা হৈছে।
অনুষ্ঠানত এক ভাৰত শ্ৰেষ্ঠ ভাৰত, স্বচ্ছতা হি সেৱা আৰু এক পেড় মা কে নাম আদিৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ আধাৰিত প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে(Central Communications Bureau)। এই প্ৰদৰ্শনীয়ে স্থানীয় লোকসকলৰ ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে(CBC)।
এই অভিযানত স্থানীয় বাসিন্দা আৰু চিবিচিৰ বিষয়াসকলে হাতত হাত মিলাই ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি পৰিচ্ছন্ন তথা সুস্থ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক জড়িত হোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান কৃপা শংকৰ যাদৱকে ধৰি চিবিচি, গুৱাহাটীৰ(Guwahati) অন্যান্য বিষয়াসকল উপস্থিত থাকে।
যুৱ মনক আকৰ্ষিত কৰিবলৈ চিবিচি, গুৱাহাটীয়ে স্বচ্ছতাৰ বিষয়কলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত এক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰে।
এই প্ৰতিযোগিতাত কাষৰীয়া বিদ্যালয়সমূহৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি নিজৰ কলাত্মক প্ৰতিভা প্ৰদৰ্শন কৰে।দেশপ্ৰেমমূলক বিষয়বস্তুক কেন্দ্ৰ কৰি শিশুসকলৰ মাজত এখন নৃত্য প্ৰতিযোগিতাও আয়োজন কৰা হয়।
এই অনুষ্ঠানে দৰ্শকক মোহিত কৰাৰ লগতে অংশগ্ৰহণকাৰী আৰু জনসাধাৰণৰ মাজত জাতীয় চেতনাৰ ভাৱ জগাই তোলে। এই প্ৰদৰ্শনীত ৩৫টাতকৈও অধিক পেনেলত বিভিন্ন চৰকাৰী আঁচনি আৰু পদক্ষেপক উজ্জ্বল কৰি তোলা হৈছে।
দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ২৫ মাৰ্চ : ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক, একক জাতীয় লোক কৃষ্টিৰ উৎসৱ ফাট বিহু-২০২৫(Fata Bihu) বৰ্ষত উদযাপনৰ পথ প্ৰশস্ত হ’ল। ফাট বিহু সমিতিৰ সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা সভাই মঙ্গলবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি এখন উদযাপন সমিতি গঠন কৰি দিয়ে।(Dhakuakhana)
Sonu Sood Wife: পথ দুৰ্ঘটনাত পতিত চনু ছুদৰ পত্নী সোণালী ছুদ
এক পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছে অভিনেতা চনু ছুদৰ পত্নী সোণালী ছুদৰ। লাভ কৰা তথ্য অনুসৰি মুম্বাই-নাগপুৰ ঘাইপথৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। (Sonu Sood Wife)এই দুৰ্ঘটনা মঙলবাৰে সংঘটিত হয়। অৱশ্যে এই বিষয়ত এতিয়ালৈকে বিশেষ তথ্য পোৱা নাই। চনু ছুদে অভিনয়েৰে মানুহৰ হৃদয় জয় কৰাৰ বিপৰীতে পত্নীয়ে লাইমলাইটৰ পৰা আঁতৰি থাকে। চনু ছুদৰ পত্নী সোণালীৰ স্বাস্থ্য অৱস্থা জানক।
সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, ভাট্টা, পেঞ্চন ২৪ শতাংশ বৃদ্ধিৰ বাবে অধিসূচনা জাৰি কৰিলে কেন্দ্ৰই৷ এই বৃদ্ধি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব তেওঁলোকৰ দৈনিক ভাট্টা আৰু পেঞ্চনৰ সুবিধা ১৯৬১ চনৰ আয়কৰ আইনত উল্লেখ কৰা খৰচ মুদ্ৰাস্ফীতি সূচকাংকৰ ওপৰত ভিত্তি কৰি এই পুনৰীক্ষণ কৰা হৈছে আৰু ‘সংসদ সদস্যৰ দৰমহা, ভাট্টা আৰু পেঞ্চন আইন’ৰ অধীনত কৰা তেনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বৰ্তমান আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। (MPs salary hike)
দৰমহাৰ উপৰিও বৰ্তমানৰ সাংসদসকলে কাৰ্যালয় আৰু সমষ্টিৰ ভাট্টা লাভ কৰে।কেন্দ্ৰীয় চৰকাৰে লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। আজিৰ দিনটোতে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰিছে।বৰ্তমান সাংসদসকলৰ মাহিলি দৰমহা ১ লাখ টকা। এতিয়া ১ লাখৰপৰা ১ লাখ ২৪ হাজাৰ টকালৈ বাঢ়িল সাংসদৰ দৰমহা। সাংসদসকলৰ দৈনিক ভাট্টা ২০০০ টকাৰপৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে।
ইয়াৰোপৰি, প্ৰাক্তন সাংসদসকলৰ পেঞ্চনৰ ধনো বৃদ্ধি কৰা হৈছে। প্ৰাক্তন সাংসদসকলে এতিয়া ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে ৩১ হাজাৰ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব।পাঁচ বছৰতকৈ অধিক সময় সাংসদ হৈ থকাসকলে প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে ২৫০০ টকাৰ অতিৰিক্ত মাহিলী পেঞ্চন লাভ কৰিব। এতিয়ালৈকে এই ধনৰাশি আছিল ২০০০ টকা। বৰ্তমানৰ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। দৰমহাৰ উপৰিও বৰ্তমানৰ সাংসদসকলে কাৰ্যালয় আৰু সমষ্টিৰ ভাট্টা লাভ কৰে।তদুপৰি সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে বছৰত ৩৪ বাৰ বিমানযোগে দেশৰ ভিতৰত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। ব্যক্তিগত বা চৰকাৰী ব্যৱসায়ৰ বাবে সাংসদসকলেও বিনামূলীয়াকৈ প্ৰথম শ্ৰেণীৰ ৰেল যাত্ৰা লাভ কৰে। যদি সাংসদে পথেৰে যাত্ৰা কৰে তেন্তে ইন্ধনৰ খৰচো লাভ কৰে।
ইয়াৰোপৰি, সাংসদসকলে বছৰি ৫০ হাজাৰ ইউনিট বিদ্যুৎ আৰু ৪ হাজাৰ কিলোলিটাৰ পানী বিনামূলীয়াকৈ লাভ কৰে। সাংসদ হৈয়েই দিল্লীত বিনামূলীয়াকৈ ঘৰ পায়। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠতাৰ ভিত্তিত সাংসদসকলৰ বাবে বাংলো, এপাৰ্টমেণ্ট, হোষ্টেলত থকাৰ ব্যৱস্থা কৰে।