Home Blog Page 3111

নলবাৰী আৰক্ষীৰ বৃহৎ সাফল্য : নলবাৰীত বেংক ডকাইতিৰে জড়িত পাঁচ ডকাইত আটক ; জব্দ বাহন, সামগ্ৰী

নলবাৰী, ১৬ ডিচেম্বৰ: নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা । নলবাৰী আৰক্ষীৰ হাতত আটক হল বেংক ডকাইতৰ লগতে ডকাইতি কাণ্ডৰ লগত জড়িত ১০ জনকৈ ডকাইত  ৷ ডকাইতৰ দলটোৰ লগতে উদ্ধাৰ হ’ল চাৰীচকীয়া বাহন, দুচকীয়া বাহন, পিষ্টল, সজীৱ গুলি, মোবাইল, নগদ ধনকে ধৰি সোন । উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰত নলবাৰী জিলাৰ  অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত ডকাইতি সংঘটিত হোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই আছিল ৷ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানৰ পৰা যোৱা কিছুদিনৰ ভিতৰত ১০ জনকৈ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷  ইতিমধ্যেই উক্ত ডকাইত কেইজন অসমৰ বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হোৱাৰ তথ্যও নলবাৰী আৰক্ষীয়ে লাভ কৰিছে ৷ তদুপৰি যোৱা নিশা আটক কৰিছে চাৰি জনকৈ ডকাইত । ধৃত ডকাইত কেইজনহ হ’ল কামৰূপৰ ফজল হক, নিৰ্মল দাস, চায়েদ আলি, ৰুমি পাটোৱাৰী আৰু আইতুল্লাহ আলী । ইপিনে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা ডকাইত কেইটা হল- ওদালগুৰিৰ বাসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰী আৰু নলবাৰী মুকালমুৱাৰ কৰন আলী, বাদশ্বাহ আলী, ৰমজান আলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত কেইজনৰ পৰা দুটাকৈ পিষ্টল, নগদ ২ লাখ টকা, ৮ জাই সজীব গুলী, ৮  টা মোবাইল ফোনৰ লগতে সোনৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত  আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য এই দুই ডকাইতৰ দলটোৱে অময়াপুৰৰ পঞ্জাৱ নেচনেল বেংকৰ পৰা ৬০ লাখ টকা ডকাইতি কৰা ঘটনাৰে জড়িত ।

দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত পাণ্ডা

গুৱাহাটীত উপস্থিত  বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডা ।দুদিনীয়া ভ্ৰমণ সূচীৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা আজি  লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত দলীয় কৰ্মীয়ে আদৰণি জনায় বজয়ন্ত পাণ্ডাক ।


বিজেপি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ উপস্থিতিত দুপৰীয়া ১২.৩০ বজাত  ৰাজ্যিক বিষয়ববীয়া সভা দলৰ অংশগ্রহণ কৰে৷

তাৰ পিছতে শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ জিলা সভাপতি আৰু জিলা প্ৰভাৰীসকলৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰে। শংকৰদেৱ কলাক্ষেত্ৰত মৰ্চাৰ সভাপতি, সাধাৰণ সম্পাদক, কোষৰ আহ্বায়ক আৰু সহ-আহ্বায়কৰ লগত দলীয় বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ অসমৰ প্ৰভাৰী বজয়ন্ত পাণ্ডাই ।

https://twitter.com/mp_office/status/1339126618707558400

সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰত মুখপাত্ৰ, পেনেলিষ্ট, সংবাদ কোষ, সামাজিক মাধ্যম কোষ, তথ্য-প্ৰযুক্তি কোষৰ সৈতে দলীয় বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এক বৈঠকত মিলিত হ’ব পাণ্ডা ৷

কাইলৈ পুৱা ৮ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰি ১১ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৈজয়ন্ত জয় পাণ্ডাই শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত কৃষক সন্মিলনত অংশগ্ৰহণ কৰিব। দিনৰ দুই বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত ভৱন প্ৰেক্ষাগৃহত  এক সংবাদ মেল সম্বোধন কৰি উভতি যাব পাণ্ডা।

মেলেঙীয়াল গাঁওত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন

মদাৰখাত, ১৬ ডিচেম্বৰ : ডিব্ৰুগড়ৰ জিলা লাহোৱাল বিধানসভা সমষ্টিৰ তথা মদাৰখাত মৌজাৰ অন্তৰ্গত ঐতিহাসিক মেলেঙীয়াল গাঁও শ্ৰীশ্ৰী অনিৰুদ্ধ মায়ামৰা নামঘৰলৈ অসম দৰ্শন আঁচনি জৰিয়তে আগবঢ়োৱা দহ লাখ টকাৰ আঁচনি কামৰ আজি ধৰ্মীয় তথা মাংগলিক কৰ্মৰে আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ঋতুপৰ্ণ বৰুৱাই। অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মান হ’বলগীয়া নামঘৰৰ অতিথিশালা, খোৱাপানী ব্যৱস্থা, প্ৰসাৱগাৰ নিৰ্মাণ কৰিবলগীয়া এই আধাৰশিলা অনুষ্ঠানত বিধায়কগৰাকীয়ে বৰ্তমান অসম চৰকাৰে পুৰণা ধৰ্মীয় অনুষ্ঠান, নামঘৰ, সত্ৰকে ধৰি ধৰ্মানুষ্ঠানলৈ অসম দর্শনৰ জৰিয়তে বিশেষভাৱে লাভৱাম্বিত হোৱা লগতে সমাজখনক আগুৱাই নিয়াত যথেষ্ট সহায় হ’ব বুলি কয়। পূৰ্বতে এনেধৰণৰ কোনো আঁচনি গ্ৰহণ নকৰা বাবে মায়ামৰা ধৰ্মীয় নামঘৰ, সত্ৰ তথা থানসমূহৰ বিশেষ উন্নতি হোৱা নাছিল আৰু সেয়ে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াব পৰা নাছিল। বৰ্তমান চৰকাৰখনে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ এই আঁচনি জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধায়ক ঋতুপৰ্ণ বৰুৱাই নিজৰ ভাষণত উল্লেখ কৰে। আধৰাশিলা ফলক উন্মোচন কৰে গাঁওৰ গাওঁবুঢ়া কৰুণা গগৈ, তীৰ্থ হাজৰিকা, লাহোৱাল খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্বৰ শইকীয়াই। নামঘৰৰ চৌহদত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত নিৰ্মাণ সমিতিৰ সম্পাদক দ্বীপ দত্ত ফুকনে আঁচনি খনৰ জৰিয়তে কিদৰে নিৰ্মান কৰা হ’ব সেইবিষয়ে নিজৰ আদৰণি ভাষণত উল্লেখ কৰে। জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, মদাৰখাত গাঁও পঞ্চায়তৰ সভাপতি দেৱেশ দত্ত, উন্নয়ন খণ্ড বিষয়া ৰোহিতেশ্বৰ শইকীয়াই অসম দৰ্শন আঁচনি খনৰ কাম কাজ আৰু নিৰ্মাণ হ’বলগীয়া গৃহ সম্পৰ্কত নিজৰ নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে ৰাইজে এইক্ষেত্ৰত চকু  দিবলৈও আহ্বান জনায়। গাঁঁৱৰ ইতিহাস তথা নামঘৰৰ ইতিহাসৰ লগতে বিভিন্ন বিষয়ত সম্পৰ্কে  আঁত ধৰোঁতা সাংবাদিক যাদৱ গগৈয়ে উল্লেখ কৰে।চৰকাৰী গাওঁবুঢ়া পোনা হাজৰিকা, যুৱ সমাজকর্মী মাধুৰ্য চাংমাই, বাবুল ফুকন,ৰেৱ দত্ত ফুকন, ক্ষীৰোদ গগৈ, জুৰি হাজৰিকা, ৰুমী ফুকন, অকনলতা হাজৰিকা, মুহিম হাজৰিকা, হৰিশ হাজৰিকাকে ধৰি গাঁওবাসী উপস্থিত থাকে।

জামুগুৰিহাটত শ্ৰী শ্ৰী গোপাল দেৱ সমাজৰ জিলা কাৰ্য্যনিৰ্বাহক সভা

জামুগুৰিহাট, ১৬ডিচেম্বৰ: শ্ৰী শ্ৰী গোপাল দেৱ সেৱক সমাজৰ শোণিতপুৰ জিলাৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক সভা কালি জামুগুৰিহাটৰ চেঁচা সত্ৰৰ সত্র নামঘৰত অনুষ্ঠিত হৈ যায়। গহন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে সম্পাদক প্ৰমোদ বৰঠাকুৰে। দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতি ভৱ গোস্বামীয়ে অনুষ্ঠানটিৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰণ সম্পৰ্কে বহল বাখ্যা আগবঢ়োৱাৰ লগতে  ৰাজ্যজুৰি সংগঠনৰ বিশালতা সম্পৰ্কে বহল বাখ্যা আগবঢ়াই । সভাত উপস্থিত থাকি গোপন আতাৰ জীৱন দৰ্শন সম্পৰ্কে আলকপাত কৰে প্ৰেম নাৰায়ণ গোস্বামীকে ধৰি বহুজনে।

ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’, দুৰদৰ্শন কেন্দ্ৰক কেৱল ৰিলে কেন্দ্ৰ হিচাপে পুনৰ নিৰ্ণয় কৰাৰ বিৰুদ্ধে সোনোৱাল

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে সৰ্বোচ্চ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱাদেকাৰলৈ পত্ৰযোগে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিবলৈ অনুৰোধ জনাইছে ।

সোনোৱালে ডিব্রুগড়ৰ অ’ল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰত  নিজৰ কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰাৰ বাবে, এ আই আৰ আৰু ডি ডি কে, গুৱাহাটী কাৰ্য্যসূচী সম্প্ৰচাৰ কৰাৰ বাবে প্ৰসাৰ ভাৰতীৰ নিৰ্দেশনাৰ বিষয়টো উত্থাপন কৰে । শুক্ৰবাৰে প্ৰকাশিত এক আনুষ্ঠানিক পত্ৰত এই কথা কোৱা হৈছে।

ডি ডি কেৰ দুয়োটা ডিব্রুগড় কেন্দ্ৰ ১৯৯৩ চনৰ পৰা সম্পূৰ্ণ ষ্টেচন হিচাপে কাম কৰি আছে আৰু ২০১৯ চনত ৫০ বছৰ সম্পূৰ্ণ কৰা এ আই আৰ ডিব্রুগড়ক ৰিলে কেন্দ্ৰৰ স্থিতিলৈ স্থানান্তৰ কৰিব নালাগে, কিয়নো এ আই আৰ আৰু ডি ডি কেৰ গুৱাহাটী কেন্দ্ৰসমূহক অসমৰ সমৃদ্ধ সাংস্কৃতি সমূহ সঠিকভাৱে প্ৰচাৰ কৰাৰ বাবে অত্যাধিক ব্যৱস্থা কৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী সোনোৱালে পত্ৰত উল্লেখ কৰে। ‘ৰাজ্যৰ ভাষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু বাহাল ৰখাৰ বাবে এ আই আৰ আৰু ডি ডি কে, ডিব্রুগড়ৰ বৰ্তমানৰ স্থিতি বাহাল ৰাখিব লাগে আৰু তেওঁলোকক নিজৰ স্থানীয়ভাৱে প্ৰস্তুত কৰা কাৰ্য্যসূচী প্ৰচাৰ কৰিবলৈ দিয়া উচিত,’ সোনোৱালে পত্ৰত কয় ।

বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে বিজয় দিৱসৰ অনুষ্ঠানত দেশীবাসীলৈ শুভেচ্ছা জনায় ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত ১৯৭১ চনৰ ৫০ তম বৰ্ষপুৰ্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে যিয়ে বাংলাদেশক স্বাধীন দেশ কৰিছিল । সেই দিনটো ‘বিজয় দিৱস’ হিচাপে পালন কৰা হয় ।

বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পৰিবৰ্তনৰ শ্লোগানেৰে সুদীৰ্ঘ ১৭ বছৰীয়া হাগ্ৰামাৰাজৰ অৱসান ঘটাই বিজেপি-ইউপিপিএল-জিএচপিয়ে মিত্ৰতাৰ চৰকাৰ গঠন কৰিলে বিটিআৰত । কালি ১৫ ডিচেম্বৰ তাৰিখে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে ।

শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰবাসীৰ বাবে বহুকেইটা আঁচনি ঘোষণা কৰে। এমাহৰ ভিতৰত বিটিআৰত ৪০খন কলেজ, তামুলপুৰত মেডিকেল কলেজ, ২০২২ চনৰ ১ জানুৱাৰীত কোকৰাঝাৰ মেডিকেল কলেজ মুকলি আদিকে ধৰি বহুকেইটা উন্নয়নমুলক আঁচনি কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তেওঁ লগতে কয় যে, “এতিয়াহে প্ৰকৃত গণতন্ত্ৰ ৰাইজে উপভোগ কৰিব। ৰাইজক সেৱা কৰিবলৈকে প্ৰমোদ বড়ো ওলাই আহিছে । সন্দেহ , আশাংকাৰ বীজ আতৰাই উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ হবলৈ আহ্বান জনাই সমঅধিকাৰ, সমমৰ্যদা প্ৰতিষ্ঠা হ’ব ।”  বিটিআৰ চুক্তিয়ে নতুন দিগন্তৰ সূচনা কৰিছে বুলি কৈ সমন্বয়ৰ সেঁতু গঢ়াৰ বাবে সকলোকে আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ।

শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ নৱ শৰণীয়া, সাংসদ ভূৱনেশ্বৰ কলিতা , মন্ত্ৰী ভৱেশ কলিতাকে ধৰি আন বহু বিশিষ্ট অতিথি উপস্থিত থাকে ।

৩৩ তম গুৱাহাটী গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ৩৩ তম গুৱাহাটী গ্ৰন্থমেলা। ৩০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থমেলাখন । মঙলবাৰে ইয়াৰ লাইখুঁটা স্থাপন কৰা হয় ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই স্থাপন কৰে লাইখুঁটা । উক্ত অনুষ্ঠানত  উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি পৰিষদৰ বহুকেইজন বিষয়া-কৰ্মচাৰী ।

পূৰ্বৰ দৰে এইবাৰো গ্ৰন্থপ্ৰেমী ৰাইজৰ সহযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰেছে ।অসম প্ৰকাশন পৰিষদৰ উপাধাক্ষ্য সুমন্ত চলিহাই । লগতে চলিহাই জনায় যে, এই পৰ্যন্ত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ শতাধিক গ্ৰন্থ বিপনীয়ে  গ্ৰন্থমেলাত অংশ গ্ৰহণ নিশ্চিত কৰিছে । ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই গ্ৰন্থমেলা ২০২১ চনৰ ১০ জানুৱাৰীত সমাপ্ত হব ।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন হব এইবাৰৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি

আগন্তুক ২৬ জানুৱাৰীৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত মুখ্য অতিথিৰ আসনত দেখা যাব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক। ২৭ বছৰৰ পাছত পুনৰবাৰ ভাৰতৰ গণতন্ত্র দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰীগৰাকী। পূৰ্বতে ১৯৯৩ চনৰ গণতন্ত্ৰ দিৱসত উপস্থিত আছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকী । গণতন্ত্ৰ দিৱসত উপস্থিত থাকিবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমন্ত্ৰণ জনাইছিল আৰু এই আমন্ত্ৰণ গ্ৰহণ কৰিছে জনছনে।

ব্রিটেইনৰ বিদেশ সচিব ডমিনিক ৰৱে মঙ্গলবাৰে কয়,  ‘‘প্রধানমন্ত্রী জনছনে ভাৰত গণতন্ত্র দিৱসত প্রধান অতিথি হোৱাৰ আমন্ত্রণ গ্রহণ কৰিছে। এইটো আমাৰ বাবে অত্যন্ত সন্মানৰ বিষয়।’’

তেওঁ লগতে জনায়, অহা বছৰ ব্রিটেইনত আয়োজিত জি-৭ শীর্ষ সন্মিলনত যোগদানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ জনাইছে জনছনে।

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰৰ : জীপ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা ৰূপক শৰ্মাৰ : মঞ্চত তিৱা বিহু গাই ভোট ভিক্ষা আঙুৰলতাৰ

নগাঁও, ১৫ডিচেম্বৰ: কংগ্ৰেছ এতিয়া অচল মুদ্ৰা, ৩২খন আসন লাভ কৰি তিৱা পৰিষদ আমিয়ে গঠন কৰিম- নগাঁৱত আজি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। তিৱা স্বায়ত্ব শাসিত পৰিষদৰ পুখুৰীপাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি আজি বিধায়ক গৰাকীয়ে এই মন্তব্য কৰে। নগাঁৱৰ ডিমৌ চাৰিআলিৰ পৰা বেবেজীয়া, জামগুৰি হৈ কাছমাৰীলৈ আজি বিজেপিৰ বিধায়কগৰাকীয়ে এখন খোলা জীপত প্ৰাৰ্থী দ্বীপজ্যোতি পাটৰক লগত লৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে। বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই কয়, অসমৰ ৰাইজে এতিয়া উন্নয়ণ। বিচাৰে আৰু উন্নয়ণৰ বাবেই ৰাইজে কেৱল বিজেপিক বিচাৰে। সেয়ে এইবাৰ তিৱা স্বায়ত্বশাসিত পৰিষদত বিজেপিৰ কোনো প্ৰতিদন্দী নাই।

আনহাতে বৰছিলা সমষ্টিৰ অগপ প্ৰাৰ্থী চম্পেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বিজেপিৰ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই কয়, “কংগ্ৰেছক ভোট দিয়া আৰু ভোট নলাত পেলাই দিয়া একেই কথা। কংগ্ৰেছ এতিয়া ফুটা বেলূন পাম দিলেও পাম নৰয়।বিটিচিত কংগ্ৰেছৰ এজনেই জিকিছিল সেইজনো বিজেপিলৈ আহিল। তিৱা স্বায়ত্ব শাসিত পৰিষদতো কংগ্ৰেছৰ একে দশাই হ’ব।” ভোটাৰক আকৰ্ষিত কৰিবলৈ সম্পূৰ্ণ তিৱা সাজপোচাকত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা বিধায়িকা আঙুৰলতাই মঞ্চত অগপ নেতা-কৰ্মীৰ সৈতে বিহুগীতো পৰিৱেশন কৰে। আনহাতে এই সভাত অগপৰ নেতা মণিমাধৱ মহন্ত, মামনি বৰাৰ লগতে বিজেপিৰো বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা ১৭ ডিচেম্বৰত হ’ব লগা ৩৫টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণৰ বাবে আজি নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে। ইফালে গৌৰৱ গগৈক স্কুটিত বহুৱাই বটদ্ৰৱাত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ১৯ নং বৰচিলা তিৱা স্বায়ত্ব পৰিষদ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ধর্মেন্দ নাথ বৰদলৈ আৰু দুলাল দেউৰীৰ হৈ বাইক ৰেলিৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ  চলালে গৌৰৱ গগৈ – ৰকিবুল হুছেইনে । নিৰ্বাচনী প্ৰচাৰ সভা কেইখনত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ দলৰ ভোটাৰক ভোট দিবলৈ আহ্বান জনাই। সভাকেইখন    প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদিকা শিৱামনি বৰাৰ , অভিজিৎ বৰা লগতে বহুতো দলীয় কৰ্মী উপস্থিত থাকে।