বিহুৰ বতৰতে ভাতৃক হেৰুৱালে কন্ঠশিল্পী জুবলীয়ে সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখে,
‘আজি মন গৈছে কথা এটা ক’বলৈ
আজি মোৰ এজন ভাইটিৰ লগত চিনাকী কৰি দিবলৈ, নাম তাৰ তেজয় বৰুৱা। মৰমত মাতো মানু বুলি। এটিযেন হাঁহিৰ ভঁড়াল সি। সৰু কথা এটাতে ইমান হাঁহিব পাৰে। আমাৰ হাঁহি আছিল সি, আমাৰ জীৱনৰ এটা দৃঢ় অংশ আছিল সি।
মই তাৰ হেনো BEST বায়েক। সকলো কথা কয়, তাৰ জীৱনৰ প্ৰায়বোৰ গুৰুত্তপূ্ৰ্ণ সিদ্ধান্ত মোক সুধিহে যেন লয়। নেজানো তাৰ বাবে কি কৰিলো, কিন্তু তাৰ মতে বহুত কৰিছো।
কিবা প্ৰকাৰে মৰম লগাই সদায়। সি বিহুৰ সময়ত মোক সমৰ্বদ্ধনা জনোৱা, মোৰ গাত থকা গামোছা খনহে বিচাৰে। আজিও তেনে এখন গামোছা দিবলৈ বুলি আহিলো। সি গমেই নাপালে কিন্তু তাক যে ধুনীয়া গামোছা এখন দিলো।
তাৰ মতে মই আকৌ BEST SINGER’ও হয়। সামাজিক মাধ্যমৰ প্ৰচাৰত সক্ৰিয় নথকাৰ বাবে প্ৰায়ে বহুত আপত্তি, বহু গীত আছে বহু বছৰৰ পৰা মুক্তি পাবলগীয়া তাকেলৈ বহু আপত্তি। মুঠতে মোৰ কাৰণে এসোপামান কাম কৰাৰ সপোন। মোক আৰু ডাঙৰ কৰাৰ সপোন। আৰু ক’ত কি সপোন। অন্ধ ভক্ত সি মোৰ গানৰ।
প্ৰকৃত নাম Tajinder Singh। লক্ষীমপুৰৰ শিখ সম্প্ৰদায়ত জন্ম গ্ৰহণ কৰা জূব্ লী বৰুৱাৰ ভায়েক তেজয় বৰুৱা। নাম হেনো বদলি কৰিব Affidavit কৰি।
ইমান আপোনভাৱ, ইমান মৰম। বিশ্বাস আছিল সি মোক চাব, সি কথাও দিছিল কিন্তু সি কথা ৰাখিব নোৱাৰিলে। সি এৰি গ’ল আমাক। সি যোৱা ডেৰ মাহে যুঁজ দি ভাগৰি পৰিল। ৩৬ বছৰ হৈছিল, আৰু অলপ জোৰ দিব লাগিছিল। তাক উঠাই আনি ক’বলৈ মন গৈছে, পৰিয়ালৰ দুজনকৈ লোক – মোৰ দেউতা আৰু মোৰ বাইদেও কেন্সাৰ সৈতে যুদ্ধ কৰি আছে যোৱা তিনি চাৰি বছৰ ধৰি, এতিয়াও সাহস এৰি দিয়া নাই, তই কিয় সাহস এৰি দিলি। মই বেয়া পাইছো তোক। মই ভগৱানকো বেয়া পাইছো কাৰণ বহুত কাকূতি মিনতি কৰিলো তেঁওক কিন্তু নুশুনিলে। ভাগৰুৱা মই, মোক প্ৰয়োজন আছিল তোৰ এইতো সময়ত। তোৰ মা আছিল ৰৈ, মাক ভালদৰে চাবলগীয়া আছিল তোৰ। কি যে কৰিলি!
আজি ফৰিদাবাদত অনুষ্ঠান আছে, ৰাইজ আছে ৰৈ। ৰাইজৰ আৰ্শিবাদত বহুত শক্তি, মইও মানো কিন্তু আজি কি ক’ম? কি আৰ্শিবাদ দিব তোক ৰাইজে? মইতো হাঁহিবও লাগিব, গীতও গাব লাগিব কিন্তু চকুলো ওলাব নোৱাৰিব কিয়নো আগত ৰাইজ আছে ৰৈ।
মনে কষ্ট পাব কিন্তু আজি তোৰ কাৰণেই গাম, মই জানো তই তাৰ পৰা দেখি ভাল পাবি।
Asom Sahitya Sabha: প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিবঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা
প্ৰজন্মৰ পিছত প্ৰজন্মই অসম সাহিত্য সভাৰ পূজা-সেৱা কৰিবলৈ আগবাঢ়ি আহিব লাগিব।(Asom Sahitya Sabha) শৃংখলিত সমাজ নিৰ্মাণ কৰি ভৱিষ্যত প্ৰজন্মক জাতিপ্ৰেমী-ভাষাপ্ৰেমীলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব প্ৰতিজন অসমীয়াই ল’ব লাগিব। অসম সাহিত্য সভাৰ সেতুবন্ধ যাত্ৰা কাৰ্যসূচীৰ অন্তৰ্গত মন জুৰুৱা অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয়। চিৰাঙ আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত ঢালিগাওঁ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাপতিৰ ভাষণত কয় যে অসমীয়া জাতি থকালৈকে অসম সাহিত্য সভা থাকিব; সভাক শক্তিশালী কৰা মানেই অসমীয়া জাতিৰ উত্তৰণত ভূমিকা গ্ৰহণ কৰা।
প্ৰতি গাঁৱে গাঁৱে, ঘৰে ঘৰে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি জাতিৰ স্বাভিমান বৃদ্ধি কৰাৰো দায়িত্ব গ্ৰহণ কৰক প্ৰতিজন অসমীয়াই। চিৰাঙ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা ঢালিগাওঁ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ ৰায়ে আঁতধৰা সভাখনত অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক ডা০ আব্দুল কুদ্দুছ শিকদাৰ, ধুবুৰী আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক ধৰ্মেশ্বৰ দাস, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, প্ৰাক্তন সম্পাদক দামোদৰ তালুকদাৰ, সাংগঠনিক সম্পাদক অতুল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি কালিন্দ্ৰ দেৱ শৰ্মা, প্ৰাক্তন সভাপতি ৰোহিনী কুমাৰ চৌধুৰী, সম্পাদক ডালিম সিংহ, প্ৰাক্তন জিলা প্ৰতিনিধি বিক্ৰম মেধি, চিৰাঙ জিলা সাহিত্য সভাৰ সভাপতি উপেন্দ্ৰজিৎ ৰায়, সম্পাদক অতুল ৰায়, জিলা প্ৰতিনিধি সুভাষ মজুমদাৰে, সাহিত্য সংগঠক দ্বীপ নাৰায়ণ ৰায়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে।
আজি বিয়লি ৫ বজাৰ পৰা ঢালিগাওঁ সাহিত্য সভা ভৱনৰ প্ৰাংগনত অনুষ্ঠিত সভাখনত চিৰাঙ আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহ, ঢালিগাঁও সাহিত্য সভা, চাপাগুৰি শাখা সাহিত্য সভা প্ৰমুখ্যে বহু সংখ্যক শাখা সাহিত্য সভাৰ বিষয়ববীয়া, দল-সংগঠন-ব্যক্তি বিশেষে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকক বিশেষ সম্বৰ্ধনা জনায়। থলুৱা শিল্পীৰ বৰগীত, জেং বিহু, কোচ-ৰাজবংশী নৃত্যই অনন্য মাত্ৰা প্ৰদান কৰা সভাখন চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা আৰু জাতীয় সংগীত পৰিৱেশনৰে সফল সামৰণি ঘটে।।
বৰপেটাত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী সফল ৰূপে সম্পন্ন, সত্ৰসমূহক লৈ শাখা সভা গঠন চলি আছে । Barpeta
বৰপেটা, ১৯ এপ্ৰিল: Barpeta । অসম সাহিত্য সভাৰ “সেতুবন্ধ যাত্ৰা কাৰ্যসূচী”ৰ অংশ ৰূপে বৰপেটাত অনুষ্ঠিত হ’ল এটি মন জুৰুৱা অনুষ্ঠান। বৰপেটা শতদল সাহিত্য সভাৰ সৌজন্যত আৰু বৰপেটা সাহিত্য সভাৰ সভাপতি হিৰণ শইকীয়া লহকৰৰ সভাপতিত্বত আয়োজন কৰা সভাত অংশ গ্ৰহণ কৰিছিল সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আৰু বিভিন্ন শাখাৰ বিশিষ্ট সদস্যবৃন্দে।
সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ভাষণ প্ৰসংগত উল্লেখ কৰে যে, “সমাজ আজি অনিয়ন্ত্ৰিত। এই সমাজক নিয়ন্ত্ৰণ-শৃংখলিত কৰি সুসমাজ গঠনৰ দায়িত্ব সাহিত্য সভাৰ প্ৰতিজন কৰ্মী-সদস্যৰ ওপৰত পৰিছে।” তদুপৰি তেওঁ ঘোষণা কৰে যে, সত্ৰসমূহৰ সজ্জনসকলক লৈ শাখা সাহিত্য সভা গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।
বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই জাতীয়ভাৱাপন্ন সচেতন লোকসকলক অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণৰ আহ্বান জনায়। তেওঁ কয়, “ভাষা-সংস্কৃতিৰ সংকটৰ সময়ত প্ৰতিজন জাতিপ্ৰেমীয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰা অতিগুৰত্বপূৰ্ণ।”
এই অনুষ্ঠানত শতদল সাহিত্য সভাৰ সম্পাদক মাধন ভূঞা শৰ্মাই সভাখন আঁত ধৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অনুবাদ প্ৰকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, চৰ-চাপৰি ভাষা বিকাশ উপসমিতিৰ আহ্বায়ক ডা. আব্দুল কুদ্দুছ শিকদাৰ, লক্ষীমপুৰ আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক বিপুল শৰ্মা বৰুৱা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক নয়নমণি চৌধুৰী, সাংগঠনিক সম্পাদক অতুল কলিতা, কেন্দ্ৰীয় প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, আৰু ডা. কমলকৃষ্ণ দাস আদিৰ দৰে বহু বিশিষ্ট ব্যক্তিত্ব।
সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি “চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে সভাখন আৰম্ভ হয় আৰু জাতীয় সংগীতৰ পৰিৱেশনৰে শেষ হয়।
উল্লেখযোগ্য যে, এই সেতুবন্ধ কাৰ্যসূচীৰ অংশ হিচাপে অসম সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত এটা প্ৰতিনিধি দলে পুৱা বামুণা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, আৰু বৰপেটা সত্ৰ পৰিদৰ্শন কৰি সন্মান প্ৰদান কৰে।
তিনিজনীয়া তদন্ত কমিটী গঠন কৰিলে APCC-য়ে, কি কি বিষয়ত চলিব তদন্ত? টিকটৰ নামত ধনৰ লেনদেন !APCC
গুৱাহাটী: পঞ্চায়ত নিৰ্বাচনৰ টিকট বিতৰণ সন্দৰ্ভত ধনৰ লেনদেন, দুৰ্নীতি, আৰু দলৰ ভিতৰুৱা খেলিমেলিৰ দৰে গুৰুতৰ অভিযোগৰ প্ৰেক্ষাপটত, অসম প্ৰদেশ কংগ্ৰেছ কমিটী (APCC)-য়ে গঠন কৰিছে এখন উচ্চ ক্ষমতা সম্পন্ন তিনিজনীয়া তদন্ত কমিটী। এই পদক্ষেপৰ জৰিয়তে দলটোৱে স্বচ্ছতা, শৃঙ্খলা আৰু জবাবদিহিতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰমাণ কৰিছে।
এই তদন্ত কমিটীখনৰ নেতৃত্বত থাকিব প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ। তেওঁৰ সৈতে সদস্য হিচাপে থাকিব আৰ পি শৰ্মা আৰু ববিতা শৰ্মা। উল্লেখযোগ্য যে, এই সম্পূর্ণ তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত AICC-য়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে।