Home Blog Page 3156

আই পি এল’ত আজি হাইদৰাবাদ বনাম মুম্বাই

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি হাইদৰাবাদৰ মুখামুখি হ’ব মুম্বাই।  চলিত বৰ্ষত হাইদৰাবাদে ১৩ খন খেলৰ ৬ খনত জয়ী হৈ পইন্ট তালিকাত ৫ নম্বৰত থকাৰ বিপৰীতে মুম্বায়ে ১৩ খন খেলৰ ৯ খনত জয়ী হৈ পইন্ট তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰাৰ লগতে আই পি এল ২০২০ ৰ প্লে অফলৈ উৰ্তীন হবলৈ সক্ষম হৈছে।

আজি দুয়োটা দলৰ বাবে খেলখন যথেষ্ঠ গুৰুত্বপূৰ্ণ বুলি ক্ৰিকেট সমালোচক সকলে সদৰি কৰিছে। আজিৰ মেচত জয়লাভ কৰিব পাৰিলে হাইদৰাবাদে প্লে অফলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰিব পাৰি।

আজিৰ হাইদৰাবাদ বনাম মুম্বাই খেলখন শাহজাহৰ খেল পথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷

২০২০-২১ৰ দ্বিতীয় ত্ৰৈমাসিকত ২.০৮ কোটি গ্ৰাহকেৰে বন্ধন বেংকৰ সঞ্চয় বহীৰ ৬৬,১২৭.৭ কোটি টকালৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটী, ৩ নৱেম্বৰঃ সৰ্বব্যাপী বেংকিংৰ উদ্দেশ্য আগত লৈ চলি অহা সাৰ্বজনীন বেংক বন্ধন বেংকে আজি বিত্তীয় বৰ্ষ ২০২০-২১ৰ দ্বিতীয় ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে৷ বেংকটোৰ মুঠ ব্যৱসায়(সঞ্চয় আৰু আগধন) বছৰি ২৫.৯০ শতাংশলৈ বৃদ্ধি হৈ ১৪২৭৪২.৩  কোটি টকা হৈছে৷

বিত্তীয় বৰ্ষ ২০১৫-১৬ ত ব্যৱসায় আৰম্ভ কৰা বন্ধন বেংকে চলিত বৰ্ষৰ আগষ্ট মাহত সফলতাৰে ইয়াৰ পাঁচটা বছৰ সম্পূৰ্ণ কৰিলে৷ মাত্ৰ পাঁচটা বছৰৰ ভিতৰতে বেংকটোৱে ৪৭০১ টা বেংকিং আউটলেটৰ জৰিয়তে ২.০৮ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আহিছে আৰু ইয়াত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে ৪৫,৫৪৯ গৰাকী৷

দেশৰ অৰ্থনীতি ক্ৰমশঃ আনলকিং হোৱাৰ লগতে বেংকৰ সঞ্চয়বহী বিগত বৰ্ষৰ একেই ত্ৰিমাসিকতকৈ ৩৪.৪ শতাংশ বৃদ্ধি পাইছে আৰু এতিয়া বেংকটোৰ মুঠ সঞ্চয় হৈছেগৈ ৬৬,১২৭.৭ কোটি টকা৷ কাৰেণ্ট একাউণ্ট, চেভিংছ একাউণ্ট(চিএএছএ বহী) বছৰি ৫৬.২ শতাংশ বৃদ্ধি হৈ ২৫,২৭৯ কোটি টকা হৈছেগৈ আৰু সামগ্ৰিকভাৱে চি এ এছ এৰ অনুপাত হৈছে এতিয়া ৩৮.২ শতাংশ৷

একেদৰে আগধনৰ ক্ষেত্ৰত চাবলৈ গ’লে চলিত বৰ্ষৰ একেই ত্ৰিমাসিকৰ তুলনাত বছৰি বৃদ্ধিৰ পৰিমাণ ১৯.৪ শতাংশ আৰু মুঠ আগধনৰ পৰিমাণ হৈছে ৭৬,৬১৪.৬ কোটি টকা৷ মানসম্পন্ন ঋণবহীৰ প্ৰমাণ দি বেংকটোৰ মুঠ এন পি এৰ পৰিমাণ হৈছে ০.৪ শতাংশ৷ মূলধনৰ উপলব্ধতাৰ অনুপাত(চিএআৰ) হৈছে বেংকৰ স্থিৰতাৰ সংকেত৷

বৰ্তমান প্ৰয়োজনীয় পৰ্যায়তকৈ অধিকভাৱে লাভসহ উক্ত পৰিমাণ হৈছে ২৭.৮ শতাংশ৷ বেংকটোৰ মুঠ লাভৰ পৰিমাণ হৈছে ৯২০ কোটি টকা৷ ২০২০ চনৰ ৩০ জুনত অন্ত পৰা ত্ৰৈমাসিকতকৈ এই পৰিমাণ ৬৭.৩ শতাংশৰ অধিক৷

বন্ধন বেংকৰ এই সফলতাৰ সন্দৰ্ভত বেংকটোৰ এমডি তথা চিইঅ’ চন্দ্ৰশেখৰ ঘোষে কয় যে, চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত সম্পূৰ্ণ লকডাউন হোৱাত বেংকটোৰ দ্বিতীয় ত্ৰৈমাসিকত দেশৰ বিভিন্ন অংশত অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ আৰম্ভ হোৱাৰ পাছতে যথেষ্ট উন্নত হৈছে৷

অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সময়তো গ্ৰাহকে সহনশীল হৈ  বেংকটোৰ প্ৰতি প্ৰদৰ্শন কৰা বিশ্বাস আৰু আস্থাৰ বাবেই বেংকটোৰ বিকাশ হোৱা বুলি ঘোষে সদৰী কৰে৷ বন্ধন বেংক সদায়েই কৰ্মচাৰীসকলৰ লগতে বেংকটোৰ সমূহ উপভোক্তাক উন্নত সেৱা প্ৰদান কৰিবলৈ আৰু সমাজ তথা অৰ্থনীতিৰ প্ৰতি অৰ্থৱহ অৱদান আগবঢ়াবলৈ দায়বদ্ধ৷   তেওঁ এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে৷

আজি আমেৰিকাৰ ৰাষ্ট্রপতি পদৰ নির্বাচন, ভাগ্য নিৰ্ণয় ড’নাল্ড ট্রাম্প আৰু জ’ বিডেনেৰ

দৈনন্দিন বাৰ্তা সেৱাঃ আজি আমেৰিকাত ৰাষ্ট্রপতি পদৰ নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত ৰাষ্ট্রপতি পদৰ দুয়োগৰাকী প্রার্থীয়ে ভোটাৰসকলৰ মন জয় কৰিবলৈ চেষ্টা চলায় লগতে ৰাষ্ট্রপতি নির্বাচিত হ’লে দেশখনৰ বাবে কি কি কাম কৰিব ব্যাখ্যা কৰে৷

প্রচাৰৰ অন্তিম দিনটোত ট্রাম্পে মিচিগান, আয়’ৱা, নর্থ কেৰলিনা, জর্জিয়া, ফ্লৰিডাত প্রচাৰ চলোৱাৰ বিপৰিতে বিডেনে পেনছিলভেনিয়াত প্রচাৰ চলোৱা দেখা যায়৷ ২০১৬ চনৰ ১৩ কোটি ৮৮ লাখ লোকৰ পৰিবৰ্তে এইবাৰ আমেৰিকাৰ ২৩ কোটি ৯০ লাখ লোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট প্ৰদান কৰিব।

মনকৰিবলগীয়া এই যে ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্রায় ২৫ লাখ ভাৰতীয়-আমেৰিকান ভোটাৰে ভোট দিব। আনহাতে ইতিমধ্যে ৯ কোটি ৩০ লাখ আমেৰিকাবাসীয়ে আগতীয়া ভোট প্ৰদান কৰিছে।

গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তা  সেৱা, ভূৰাগাওঁ, ৩ নৱেম্বৰঃ মৰিগাঁও জিলাৰ গেৰুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত  যোৱা কালিৰে  পৰা অঞ্চলটোৰ জামাদাৰী খেল পথাৰত অনুষ্ঠিত হৈছে  প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ প্ৰথমখন খেল জামুগুৰি ফুটবল একাদশ বনাম নগাঁও কাছমাৰী ফুটবল একাদশৰ মাজত অনুষ্ঠিত হয়।

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতু বৰদলৈয়ে উদ্বোধন কৰা উদ্বোধনী খেলখনত জামুগুৰি ফুটবল একাদশে নগাঁও কাছৰমাৰী ফুটবল একাদশক ১-০ গ’লত পৰাভূত কৰে। প্ৰাইজমানি ফুটবল খেলখন পৰিচালনা কৰে মিন্টু বৰদলৈ, ভৱেন বৰদলৈ, ভকচেল বৰদলৈ আৰু বিনোদ বড়োৱে।

কোভিডত আৰোগ্যৰ শীৰ্ষত ভাৰত

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনা মহামাৰীৰ ত্ৰাস মাজতে আহিছে এক সুখবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি বিশ্বৰ ভিতৰত কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰত।

আনহাতে প্ৰতিদিনাই হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ আক্ৰান্ত লোকৰ সংখ্যা। যোৱা ২ মাহতে এই সংখ্যা তিনি গুণ হ্ৰাস পাইছে।

সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা শ্বেন ৱাটছনৰ অৱসৰ

ডুবাই, ৩ নবেম্বৰঃ অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ আৰু চেন্নাই চুপাৰ কিংছৰ তাৰকা খেলুৱৈ শ্বেন ৱাটছনে  ক্ৰিকেটৰ সকলো ধৰণৰ ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০১৮ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীয়ে এতিয়া আইপিএলৰ পৰা অবসৰ গ্ৰহণ কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে। আইপিএলৰ ১৩ সংখ্যক চিজনৰ লীগৰ অন্তিম খন খেলত বেটচমেন গৰাকীয়ে কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে হোৱা খেল খনত জয়ী হোৱাৰ পিছতে চেন্নাই চুপাৰ কিংছৰ কতৃপক্ষক এই কথা জানিবলৈ দিয়ে।

২০০৮ চনত ৰাজস্থান ৰয়েলছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আৰম্ভণি কৰিছিল শ্বেন ৱাটছনে। প্ৰথম বৰ্ষতে আই পি এলত ট্ৰফী জিকিবলৈ সক্ষম হৈছিল। ২০০৮ চনৰ আই পি এলত ৪৭২ ৰান সংগ্ৰহ আৰু ১৭ উইকেট দখল কৰি ট্ৰফী বিজয়ত বিশেষ ভূমিকা লৈছিল ৱাটছনে। ৭ বছৰ ধৰি ৰাজস্থান ৰয়েলছৰ সৈতে আই পি এলত খেলাৰ পিছত ৰয়েল চেলেঞ্জার্ছ বাংগালোৰলৈ আহিছিল শ্বেন ৱাটছন।

আনহাতে ২০১৮ চনত চেন্নাই চুপাৰ কিংছৰ সৈতে চুক্তিবদ্ধ হয় তাৰকা খেলুৱৈ গৰাকী। উল্লেখনীয় যে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০১৮ চনৰ চূড়ান্ত খেলত ৫৭ বলত ১১৭ ৰানৰ সংগ্ৰহ কৰি আই পি এলৰ ট্ৰফী বিজয়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ৱাটছনে। ২০২০ চনৰ আই পি এলত চেন্নাইৰ ১১ খন খেলত ২৯৯ ৰান সংগ্ৰহ কৰে।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ হৈ ২০০৭ আৰু ২০১৫ চনত বিশ্বকাপ জয়ত নিৰ্ণায়ক ভূমিকা লৈছিল শ্বেন ৱাটছনে। খেলুৱৈ গৰাকীয়ে ৫৯ খন টেষ্টত ৱাটছনে ৩৭৩১ ৰান কৰে আৰু ৭৫ টা উইকেট দখল কৰে। ১৯০ খন এদিনীয়াত ৫৭৫৭ ৰান সংগ্ৰহৰ লগতে ১৬৮ টা উইকেট দখল কৰে ৱাটছনে। ৫৮ খন টি-২০ ত ১৪৬২ ৰান আৰু ৪৮ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল।  আই পি এলত ১৪৫ খন খেল অংশ লৈ ৩৮৭৪ ৰান ৯৩ টা উইকেট দখল কৰিছিল।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৬৫ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৬৯৮২ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৭৮৫ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৭৫৬৬ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৮৪৮১ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩২ জন লোকৰ।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ দেহাৱসান

দৈনন্দিন বাৰ্তা সেৱাঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সতীশ প্ৰসাদ সিঙৰ দেহাৱসান। সোমবাৰে দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে মুখ্যমন্ত্ৰী গৰাকীৰ।

১৯৬৮ চনৰ ২৮ জানুৱাৰীৰৰ পৰা ১ ফেব্ৰুৱাৰীলৈ ৫ দিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল সতীশ প্ৰসাদ সিং।

১৯৮০ চনত বিহাৰৰ খাগৰীয়া আসনৰ পৰা কংগ্রেছ পাৰ্টিৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ২০১৩ চনৰ ২২ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিছিল।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ।

মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ মিঞা মিউজিয়ামৰ বিতৰ্ক মাৰ নোযাওতেই এই মিঞা নামৰ লৈ বিতৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা চাহাব বুলি সম্বোধন কৰিব।’’ মন্তব্য প্ৰকাশ কৰে।

মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই। মিঞাক লৈ ইতিকিং নকৰিব। ১৯৯৬ চনতে অসম বিধানসভাত মিঞা বুলি নামাতিবলৈ শাসক–বিৰোধীৰ বিধায়কক সকীয়াই থৈছিল তদানীন্তন বিধায়ক আলী আকবৰ মিঞাই।

অগপ চৰকাৰৰ দিনত মই শাসকীয় বিধায়ক আছিলো, মোক বহুতে ঐ মিঞা অলপ মাত দিবচোন’ বুলি কোৱাত মই কৈছিলো– মোক মিঞা চাহাব বুলি কব এইদৰে মন্তব্য আগবঢ়াই সংখ্যালঘু বিধায়কগৰাকীৰ। আনহাতে শেহতীয়াকৈ মিঞা বিধায়ক নিৰ্বাচিত হ’লে বিধানসভাত সোমাব নিদিম বুলি কোৱা বিজেপি নেতাক সমালোচনা কৰি আলী আকবৰ মিঞাই কয় পাবত গজা বিজেপি নেতাৰ বিৰুদ্ধে আমি সাজু আছো। আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক।

ধাৰৰ বোজা সহিব নোৱাৰি একেটা পৰিয়ালৰ ৫ গৰাকীৰ আত্মহনন

দৈনন্দিন বাৰ্তা সেৱা, ২ নবেম্বৰঃ কোৰোনা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে জাৰি কৰা লকডাউনৰ ব্যৱসায়ীক গোষ্ঠীৰ ওপৰত বিৰুপ প্ৰভাৱ পৰা দেখা গৈছে। কিছু বছৰৰ পূৰ্বে ডিফুত সংঘটিত হোৱা দৰে অনুৰূপ এক ঘটনাই সংঘটিত হৈছে গোসাইগাঁৱত।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত তুলসীবিল বজাৰত পিতৃ-মাতৃসহ তিনি কন্যাই চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলবাসীক শোকাহত কৰি তুলিছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰ্মল পালৰ লগতে তেওঁৰ পত্নী মল্লিকা পাল, কন্যা দীপা পাল, পূজা পাল আৰু স্নেহা পালে একেলগে আত্মহত্যা কৰে।

শোৱনি কোঠাত দেওবাৰৰ নিশা আত্মহত্যা কৰা ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, নিৰ্মল পালৰ তুলসীবিল বজাৰত এখন গেছৰ দোকান আছে। পিতৃসূত্ৰে লাভ কৰা গেছৰ দোকানখন তেওঁ ভালদৰে চলাব পৰা নাছিল। কোৰোনা সংক্ৰমণৰ সময়ত লকডাউন হোৱাৰ বাৰে ব্যৱসায়ত যথেষ্ট ক্ষতি হৈছিল নিৰ্মল পালৰ।

বুজন পৰিমানৰ ধনৰ ঋণ আছিল নিৰ্মল পালৰ। সেই ধাৰ পৰিশোধ কৰিব নোৱাৰি পত্নী আৰু তিনি কন্যাসহ আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে। পানৰ জ্যেষ্ঠা কন্যা স্নাতকোত্তৰ, মাজু কন্যা উচ্চতৰ মাধ্যমিক আৰু সৰু কন্যা হাইস্কুলত অধ্যয়নৰত আছিল। ইতিমধ্যে আৰক্ষীয় স্থানীয় লোকৰ সহযোগত তেওঁলোকৰ মৃতদেহ সমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।