Home Blog Page 3165

১৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰত মেট্ৰ’ ৰেলৰ চলাচলৰ অনুমতি

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰে ‘বিগিন এগেইন’ অভিযানৰ অধীনত মুম্বাইত পুনৰ মেট্ৰ’ ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰিছে। আজিৰে পৰা ৰাজ্যখনত আৰম্ভ হ’ব মেট্ৰ’ ৰে’লৰ। চৰকাৰী নীতি-নিৰ্দেশনা মানি মহাৰাষ্ট্ৰত সকলো চৰকাৰী আৰু ব্যক্তিগত পুথিভঁৰাল সমূহো পুনৰ খোলাৰ বাবে অনুমতি দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ

ডিজিটেল ডেস্কঃ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ৷ ৰহস্যজনকভাৱে উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰে ড০ মালিনী গোস্বামীয়ে৷ বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত ড০ মালিনী গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল৷ ড০ গোস্বামীৰ পদত্যাগ এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে৷ ড০ মালিনী গোস্বামীয়ে পদত্যাগ কৰাৰ কাৰণ ৰাজহুৱাকৈ বৰ্তমানলৈকে সদৰী কৰা নাই৷

ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা

ডিজিটেল ডেস্কঃ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা৷ বিগত ২৪ ঘণ্টাত ১১.৩ লাখ ক’ভিড টেষ্ট সম্পন্ন হৈছে আৰু বিগত ২৪ ঘণ্টাত ৬৮০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৭,৭০৮ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে৷ আনহাতে ভাৰতত ৬৩.৮ লাখ ক’ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ লগতে এই পর্যন্ত ৮.১২ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে।

‘বিএআৰচি’য়ে তিনি মাহৰ বাবে নিষিদ্ধ কৰিলে টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং

ডিজিটেল ডেস্কঃ ৰেটিং এজেঞ্চি ব্ৰডকাষ্ট অডিঅ’ৰ ৰিচাৰ্চ কাউন্সিলয়ে আগন্তুক তিনি মাহৰ বাবে টিভি চেনেলসমূহৰ সাপ্তাহিক ৰেটিং নিষিদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ফেক ৰেটিঙৰ অভিযোগৰ ওপৰত নিজৰ চিষ্টেম ভালদলে পৰ্যপেক্ষণ কৰি এক সিদ্ধান্তত উপনীত হ’ব নোৱাৰা পৰ্যন্ত বিএআৰচিয়ে সকলো বাতৰি চেনেলৰ বাবে পৃথক পৃথককৈ জাৰি কৰা সাপ্তাহিক ৰিপৰ্ট বন্ধ কৰিব জানিব পৰা গৈছে৷ ৰেটিঙৰ এই নতুন নিয়ম ইংৰাজী, হিন্দী, আঞ্চলিক ভাষা আৰু ব্যৱসায়িক নিউজ চেনেলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভিৰ লগতে দুটা মাৰাঠী টেলিভিছন চেনেলৰ বিৰুদ্ধে ধনৰ বিনিময়ত টি আৰ পি মেনেজ কৰাৰ অভিযোগ উত্থাপিত কৰিছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত ঘোষণা কৰিছে৷

২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল ডেস্কঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অহা ২১ অক্টোবৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ২১ অক্টোবৰৰ দিনৰ ১১ বজাত ৰাষ্ট্ৰীয় উদ্যান খনৰ কঁহৰা বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি কৰিব। কোৰোনাৰ বাবেই যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছিল উদ্যানখন৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰা হ’ব লগতে পৰ্যটক সকলৰ বাহনসমূহ প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰা হ’ব৷ প্ৰথমেত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চলহে পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

পৰ্য্যটকৰ আৰ্কষণ কেন্দ্ৰবিন্দু কনকা ভিলেজ ৰিজৰ্ট, গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা

ওদালগুৰিৰ নব কুমাৰ ডেকাৰ ডেকাৰ প্ৰতিবেদনঃ যি সময়ত ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ যুৱক সকলে কৰ্ম সংস্থাপনৰ বিচাৰি বহি ৰাজ্যলৈ ঢাপনি মেলিছে তেনে সময়তে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিলৈ এটা নতুন জাগৰণ আনিবলৈ সক্ষম হৈছে এখন ভিলেজ ৰিজৰ্টে। বিকল্প গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ তৈয়াৰৰ বাবে ওদালগুৰি-শোণিতপুৰ জিলাৰ সীমান্তৱৰ্তী হুগ্ৰাজুলিৰ পাঁচনৈ গাওঁত এদল শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন আকৰ্ষণীয় ৰিজ’ৰ্ট। কনকা ভিলেজ ৰিজ’ৰ্ট নামেৰে ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা ৰিজৰ্টখনলৈ বৰ্তমান বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা। ৰিজৰ্ট খনত ৰাজ্য তথা দেশৰ লগতে ইউ.কে., আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, পোলেণ্ড, টাইৱান, ফ্ৰান্স, ব্ৰাজিল, নেডাৰলেণ্ড, লণ্ডন, চীন ,ইউ.এ.ই আদি বিভন্ন দেশৰ পৰা পৰ্যটকৰ আগমন হোৱা দেখা যায়। গুৱাহাটী মহানগৰীৰ পৰা ১৩৫ কিল’মিটাৰ দূৰত্বত ওদালগুৰি-শোণিতপুৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চিৰাজুলিৰ পৰা উত্তৰে প্ৰায় ১৬ কিল’মিটাৰ দূৰৈত পাঁচনৈ গাওঁৰ এক নিভাজ গ্ৰাম্যাঞ্চল পৰিৱেশৰ মাজত অৱস্থিত কনকা ভিলেজ ৰিজ’ৰ্ট’ৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই প্ৰতিজন পৰ্যটকক হাত বাউলি দি মাতি আহিছে৷

যান্ত্ৰিক জীৱনৰ পৰা আতৰি এক নিভাজ গ্ৰাম্যাঞ্চলৰ পৰিৱেশত দেশী-বিদেশী পৰ্যটকে উপভোগ কৰিব পৰা সকলো উপাদানে আছে কনকাত৷ এখন অসমীয়া গাওঁৰ ঘৰত থকা বাটচৰাৰ পৰা আৰম্ভ কৰি খেৰি ঘৰ, পাকঘৰ, ফুলৰ বাগিচা, চাহ বাগিচা তথা গছৰ মুঢ়াৰ চকী-মেজ ইত্যাদি সকলোৰে অভিজ্ঞতা পৰ্যটকসকলে সহজে উপভোগ কৰিব পৰাকৈ ৰিজৰ্ট খন সাজি উলিয়াইছে কনকা ৰিৰ্জট কতৃপক্ষই। কন-কন শিশুহতঁৰ বাবে খেল-ধেমালিৰ উদ্যান, নাও চলোৱা, বৰশী বোৱা ইত্যাদিৰ আনন্দও উপভোগ কৰাৰ সুবিধাও আছে ৰিজৰ্ট খনত। ৰিজ’ৰ্টখনৰ সন্মুখৰ প্ৰায় প্ৰতিজোপা তামোলৰ গছত ফুলি থকা কপৌ ফুলৰ দৃশ্যই সকলোৰে মন স্পৰ্শ কৰি যায়। কনকা ৰিজ’ৰ্টত কলপাতত দিয়া টোপোলা ভাত, খৰিকাৰ লগতে প্ৰতিবিধ থলুৱা খাদ্যই তাহানিৰ গাওঁ অঞ্চলৰ থলুৱা খাদ্যৰ স্মৃতি সোৱৰাই আনে সকলোকে। বৰ্তমান প্ৰায় একেলগে ২০ জনকৈ লোকে নিশা কটোৱাৰ সু-ব্যৱস্থা আছে যদিও পৰৱৰ্তী সময়ত পৰ্যটকৰ আগমণৰ ওপৰত লক্ষ্য ৰাখি ইয়াক বৃদ্ধি কৰা হব বুলি জনিবলৈ দিয়ে ৰিৰ্জট কতৃপক্ষই। পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰিজ’ৰ্টখনতে প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা উল্লেখ কৰি পৰ্যটকসকলক কলপাতত আহাৰ পৰিৱেশন কৰে বুলি জানিবলৈ দিয়ে ৰিজৰ্ট খনৰ মুখ্য পৰিচালক অনন্ত নাথে৷ কনকা ৰিজ’ৰ্টখনতেই কাম কৰি পাঁচনৈ গাওঁৰ প্ৰায় ৫০টাকৈ পৰিয়ালৰ জীৱন-জীৱিকা চলাবলৈ সক্ষম হৈছে৷ আসামিকা এগ্ৰো প্ৰাইভেট লিমিটেডৰ অধীনত আৰম্ভ হোৱা ৰিজ’ৰ্টখনৰ পৰিচালক সঞ্চালকৰ পদত মনময়ুৰী দেৱী আৰু সঞ্চালক অনন্ত কুমাৰ নাথ কৰ্মৰত৷

স্থানীয় দুখীয়া লোকসকলক জীৱিকাৰ বাট তথা এখন অতি পিছপৰা ভিতৰুৱা অঞ্চলতো যে পৰ্যটনৰ সম্ভাৱনা থকা ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পাৰি সেই লক্ষ্যৰে প্ৰায় ৬৫ বিঘা ভূমিৰে আগুৰা অঞ্চলত মুকলি কৰা হয় কনকা ৰিজ’ৰ্টখন। অৱশ্যে বৰ্তমান সমগ্ৰ ভূমি ৰিজ’ৰ্টখন নিৰ্মাণত ব্যৱহাৰ হোৱা নাই যদিও ভৱিষ্যতে পৰিসৰ বৃদ্ধিৰ লক্ষ্য আগত ৰাখিছে ৰিজ’ৰ্টখনৰ পৰিচালকে৷ কোনো লোকে ৰিজ’ৰ্টখনলৈ আহি ইয়াৰ পৰিৱেশ উপভোগ কৰিবলৈ বিচাৰিলে আগটীয়াকৈ অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব৷ পঞ্জীয়নৰ বাবে গৌৰৱ বৰা – মেনেজাৰ 9707749547 আৰু info@kanokavillageresort.com, www.kanokavillageresort.com বুকিং কৰিব পাৰিব বুলি কনকাৰ পৰিচালকে জনায়। প্ৰতিগৰাকী পৰ্যটকক নিজৰ ভ্ৰমণৰ অন্তত এখন অসমীয়া ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰা কাৰ্যক ব্যতিক্ৰমী পদক্ষেপ বুলি ৰিজৰ্ট খনত অহা পৰ্যটক সকলে জানিবলৈ দিয়ে। এতিয়া কংক্ৰিটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে পৰ্যটকক সম্পূৰ্ণ গ্ৰামাঞ্চলৰ পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ সুবিধা প্ৰদান কৰা কনকা ৰিজ’ৰ্টঅ খন হব গ্ৰাম্য অৰ্থনীতিৰ এক নতুন বিকল্প। গাঁওৰ অৰ্থনীতি মানে যে কেৱল খেতিয়েই নহয় এইয়া প্ৰমান কৰিছে ৰিজৰ্ট খনৰ লগত জড়িত প্ৰতিজন লোকে।

আই পি এল’ত আজি বেঙ্গালুৰ বনাম পঞ্জাৱ

ডিজিটেল ডেস্কঃ আই পি এল’ত আজি ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰ (Royal Challengers Bangalore) মুখামুখি হ’ব কিংছ এলেভেন পঞ্জাৱ (Kings XI Punjab) ৷ চলিত বৰ্ষত বেঙ্গালুৰে ৭ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ৩ নম্বৰত থকাৰ বিপৰীতে পঞ্জাৱে ৭ খন খেলৰ মাত্ৰ ১ খনত জয়ী হৈ একেবাৰে শেষত অৱস্থান কৰিছে ৷ আজি খেলত জয়ী হ’লে ৰয়েল চেলেঞ্জৰ বেঙ্গালুৰে শীৰ্ষ দ্বিতীয় স্থান দখল কৰিব ৷ আনহাতে কিংছ এলেভেন পঞ্জাৱ জয়ী হ’লে পইন্ট তালিকাত আগুৱাবলৈ সক্ষম নহয় যদিও শৃংখলাত অৰ্ন্তভূক্ত হৈ থাকিবৰ বাবে পঞ্জাৱে জয়ী হবই লাগিব বুলি ক্ৰীয়া সমালোচক সকলৰ পৰা জানিব পৰা গৈছে ৷ আজিৰ খেল শাহজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷ আনহাতে কালিৰ দিল্লী কেপিটেলছে বনাম ৰাজস্থান ৰ’য়েলছৰ খেলত দিল্লীয়ে ১৩ ৰানেৰে জয় লাভ কৰি পইন্ট তালিকাত শীৰ্ষ স্থান দখল কৰে ৷

তেলেংগানাত ধাৰাসাৰ বৃষ্টিপাত, নিহত ৩০ জন

ডিজিটেল ডেস্কঃ ক’ৰবাত যদি বানপানী আন ক’ৰবাত আকৌ ভূমিকম্পৰ জোকাৰণী ৷ চলিত বৰ্ষত বিপদে লগ নেৰা হৈছে জীৱ-কুলৰ ৷ কৰোনা ভাইৰাছৰ আতংকৰ মাজতে তেলেংগানাত বুধবাৰে ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৩০ জনকৈ লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যখনৰ প্ৰায় সকলোবোৰ স্থানতে বৃষ্টিপাতৰ ফলত বহু বাট-পথ, ঘৰ-দুৱাৰ পানীত ডুব যায়। কেৱল হায়দৰাবাদতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে আৰু ইয়াৰে ভিতৰত আছিল এটি ২ মহীয়া শিশু আছিল বুলি বাতৰি যোগুতোৱাৰ পৰলৈ জানিব পৰা গৈছে ৷

এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকী, দেশবাসীৰ মহান বিজ্ঞানী গৰাকীক স্মৰণ

ডিজিটেল ডেস্কঃ দেশৰ ১১ তম ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড০ এপিজে আব্দুল কালামৰ আজি অৰ্থাৎ বৃহস্পতিবাৰে ৬৯ সংখ্যক জন্ম বাৰ্ষিকী। ১৯৩১ চনৰ ১৫ অক্টোবৰত ৰামেশ্বৰমত আব্দুল কালামৰৰ জন্ম হৈছিল। মিছাইল মেন খ্যাত এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং লগতে সমগ্ৰ দেশবাসীয়ে মহান বিজ্ঞানী গৰাকীক স্মৰণ কৰে।

চবিলাল উপাধ্যায়ৰ নামত নামকৰণ হ’ব বিহালিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালিত প্ৰতিষ্ঠা হব লগা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নাম ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী চবিলাল উপাধ্যায়ৰ নামত নামকৰণ কৰাৰ কথা ঘোষণা কৰে। গোৰ্খা সম্প্ৰদায়ৰ স্বাধীনতা সংগ্ৰামীয়ে সমাজৰ শিক্ষাৰ বাবে বহুখিনি কমি কৰিছিল ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল চবিলাল উপাধ্যায় ৷ বিহালিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ নাম হব “চবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয়, বিহালি”।