Home Blog Page 3164

টীয়কৰ কাকজানত শিশু কথাছবি ‘‘তেজিমলা’’ৰ প্ৰ’ম মুকলি

কাকজানৰ পৰা বিৰাজ বৰাঃ বৰ্তমান সময়ৰ আধুনিকতা বা যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা ককা-আইতৰ মুখেৰ সাধু শুনাৰ মাদকতা, জোনাকৰ ৰাতিৰ দিনবোৰ উভটাই অনাৰ বাবে Nj production বেনাৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ আধাৰত টীয়ক কাকজানৰ এদল স্হানীয় শিল্পী সকলৰ উমৈহতীয়া প্ৰচেষ্টাত এইমাহতে মুক্তি পাব লগা তেজিমলা নামৰ এখন শিশু কথা ছবি প্ৰ’ম লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিনতো মুকলি কৰি দিয়া হয়৷ নয়নজ্যোতি নেওঁগৰ সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত শিশু কথাছবি খনৰ মুল চৰিত্ৰ মাহীমাক আৰু তেজিমলাৰ চৰিত্ৰত ক্ৰমে শিখা কাকতি আৰু কৃষ্ণা বৰাই অভিনয় কৰিছে৷ লক্ষীনাথ বেজবৰুৱাৰ জন্মদিনত তেজিমলা কথা ছবিৰ প্ৰ’ম মুকলি কৰি শিশু সকলৰ বৌদ্ধিক সচেতনতা জন্মাবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ সাধু কথাছবি খন ইউটুব চেনেলত উপলব্ধ হব বুলি জানিবলৈ দিয়ে দলটিৰ কৰ্মকটাই।

অসমীয়া ছবিৰ কাৰণে ভাল খবৰ, ২৬ তম্ কলিকতা আন্তজাৰ্তিক চলচ্চিত্ৰ মহোত্সৱলৈ নিৰ্বাচিত ‘‘বেলকনিত ভগৱান’’

ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ বাবে ভাল খবৰ৷ চলচ্চিত্ৰৰ পৰিচালক বিশ্বজিত বৰাৰল পৰিচালনাৰে নিৰ্মিত অসমীয়া চলচ্চিত্ৰ ‘‘বেলকনিত ভগৱান’’ “২৬ তম কলিকতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোত্সৱৰ কাৰণে নিৰ্বাচিত হৈছে৷ ‘‘বেলকনিত ভগৱান’’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৰিচ খান্না, অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’, প্ৰানামি বৰা, পৰিনান্ধি জিমা চুলতানা, পবিত্ৰ বৰুৱা, যতীন খনিকৰ, শোনিত বৰা আৰু ইভা মহন্তই৷ ছৱিখনৰ বিশেষ চৰিত্ৰত ৰাজদ্বীপ বাইলুঙ বৰুৱা, জ্যেষ্ঠ অভিনেতা দীনেশ দাস, অভিবক্তা বিজন মহাজন আৰু কৃষি মন্ত্ৰী অতুল বৰাকো দেখা গৈছে৷ ‘‘বেলকনিত ভগৱান’’ চলচ্চিত্ৰখনে চলিত বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ Bittersweet, Water Burial, Avijatrik, Laila aur Sattgeet Aquarium ৰ দৰে ছবিসমূহৰ লগত স্থান পাইছে৷ চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে জেতুকা পাতৰ দৰে কথাছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক নুৰুল চুলতানে৷

জনপ্ৰিয় শিল্পী কুমাৰ চানু কোৰোনাত আক্ৰান্ত

ডিজিটেল ডেস্কঃ জনপ্ৰিয় শিল্পী কুমাৰ চানু আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বৰ্তমান হোম কোৱাৰেন্টাইনত থকা শিল্পীগৰাকী নিজৰ ফেচবুক পেইজত কোৰোনাত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে৷ শিল্পীগৰাকীৰ বিভিন্নজন অনুৰাগীয়ে তেওঁ আশু আৰোগ্য কামনা কৰিছে।

দুৰ্গাপূজা সন্দৰ্ভত মহানগৰ প্ৰশাসনৰ নতুন নীতি-নিৰ্দেশনা

ডিজিটেল ডেস্কঃ দুৰ্গাপূজা সন্দৰ্ভত গুৱাহাটী মহানগৰ প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নতুন নীতি-নিৰ্দেশনা৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰ দুৰ্গা পূজাৰ আয়োজন কৰিব নোৱাৰিব৷ পূজা পাতিবলৈ ল’ব লাগিব প্ৰশাসনৰ অনুমতি৷ স্থানীয় থানাৰ অ’চিৰ জৰিয়তে ল’ব লাগিব আৰক্ষী আয়ুক্তৰ অনুমতি। দূৰ্গা পূজাৰ বাবে কেৱল অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব পাৰিব পূজা কমিটীসমূহে। এইবাৰ মূল পথৰ ওপৰত কোনেও পেণ্ডেলষ বনাব নোৱাৰিব৷ পূজাৰ পেণ্ডেলৰ ভিতৰত অতি কমেও এক মিটাৰৰ দূৰত্ব বজাই ৰাখিব লাগিব৷ একে সময়তে পূজাৰ পেণ্ডেলত ৩০ জনতকৈ অধিক লোক প্ৰৱেশ কৰিব নোৱাৰিব।

চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ, ছবিগৃহলৈ আহিব ‘ড০ বেজবৰুৱা-২’

ডিজিটোল ডোস্কঃ চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ, ছবিগৃহলৈ আহিব ‘ড০ বেজবৰুৱা-২’। এ.এম. টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ’ব লগীয়া ছবিখনৰ বৃহস্পতিবাৰে জ্যোতি চিত্ৰবনত শুভ মহুৰত হয়। শুভ মহুৰত অনুষ্ঠানত উপস্থিত জনপ্ৰিয় অভিনেতা আদিল হুছেইন, জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ৷ নিপন গোস্বামীৰ পৰিচালনাৰে নিৰ্মাণ হ’ব লগীয়া ‘ড০ বেজবৰুৱা-2’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা আদিল হুছেইনে।

আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই কোৰোনা আক্ৰান্ত

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় বক্সাৰ লাভলিনা বৰগোহাঁই আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। শেহতীয়াকৈ কোৰোনা পৰীক্ষাত আন্তৰাষ্ট্ৰীয় বক্সাৰ গৰাকীৰ দেহত পোৱা হৈছে কোৰোনাৰ উপস্থিতি। আনহাতে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৭৬৯ গৰাকীৰ লোকৰ দেহত পোৱা হৈছে কোৰোনা ভাইৰাছ। বিগত ২৪ ঘন্টাত ৰাজ্যত ১২৬৩ গৰাকী লোক কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১৯৮২১৩ জনলৈ পাইছে বৃদ্ধি

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ১৪২৭ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৯৮২১৩ জনলৈ পাইছে বৃদ্ধি। বুধবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ সুস্থ হয় ১০১৩ জন লোক। বৰ্তমানলৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৬৮০৬৯ জনলৈ বৃদ্ধি পাইছে লগতে চিকিৎসাধীন হৈ আছে ২৯৩০৭ জন ৰোগী। আনহাতে এতিয়ালৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৮৩৪ জন লোকৰ মৃত্যু হৈছে।

১৫ অক্টোবৰৰ পৰা মহাৰাষ্ট্ৰত মেট্ৰ’ ৰেলৰ চলাচলৰ অনুমতি

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ চৰকাৰে ‘বিগিন এগেইন’ অভিযানৰ অধীনত মুম্বাইত পুনৰ মেট্ৰ’ ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰিছে। আজিৰে পৰা ৰাজ্যখনত আৰম্ভ হ’ব মেট্ৰ’ ৰে’লৰ। চৰকাৰী নীতি-নিৰ্দেশনা মানি মহাৰাষ্ট্ৰত সকলো চৰকাৰী আৰু ব্যক্তিগত পুথিভঁৰাল সমূহো পুনৰ খোলাৰ বাবে অনুমতি দিছে মহাৰাষ্ট্ৰ চৰকাৰে।

অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ

ডিজিটেল ডেস্কঃ অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ড০ মালিনী গোস্বামীৰ পদত্যাগ৷ ৰহস্যজনকভাৱে উপাচাৰ্য পদৰ পৰা পদত্যাগ কৰে ড০ মালিনী গোস্বামীয়ে৷ বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰত ড০ মালিনী গোস্বামীয়ে মহিলা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছিল৷ ড০ গোস্বামীৰ পদত্যাগ এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে৷ ড০ মালিনী গোস্বামীয়ে পদত্যাগ কৰাৰ কাৰণ ৰাজহুৱাকৈ বৰ্তমানলৈকে সদৰী কৰা নাই৷

ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা

ডিজিটেল ডেস্কঃ দেশত কৰ’নাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰি ৭৩ লাখৰ সীমা৷ বিগত ২৪ ঘণ্টাত ১১.৩ লাখ ক’ভিড টেষ্ট সম্পন্ন হৈছে আৰু বিগত ২৪ ঘণ্টাত ৬৮০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬৭,৭০৮ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে৷ আনহাতে ভাৰতত ৬৩.৮ লাখ ক’ভিড আক্ৰান্ত ৰোগী সুস্থ হৈ উঠাৰ লগতে এই পর্যন্ত ৮.১২ লাখ লোক চিকিৎসাধীন অৱস্থাত আছে।