Breaking

অসমত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত

0 2,027

“কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি- সম্প্ৰীতিত সদায় ব্যাঘাত জন্মাই আহিছে। বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে” – বৰপেটাত আজি এইদৰে কয় অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই । আজি অসম গণ পৰিষদৰ অন্তৰ্গত বৰপেটা বিধান পৰিষদৰ উদ্যোগত  জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি সভাপতি বৰাই এইদৰে কৈ পুনৰ কয় যে ।  দৰাচলতে আগৰৰ বেপাৰী বদৰুদ্দিন আজমলে ৰাজ্যৰ লগতে বৰপেটাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মুখত তলা চাবি মাৰি থৈ সদায় তেওঁলোকৰ মুখবন্ধ কৰি ৰাখিব খুজিছে। বৰপেটা জিলাক অসম আন্দোলনৰ দুৰ্গ বুলি অভিহিত কৰি তেওঁ কয় যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰে বীৰ সন্তান । জাতীয়বাদৰ বৰভেঁটি গঢ়োতা অম্বিকাগিৰি ৰায়চৌধুৰীৰো পূণ্যভুমি এইখন বৰপেটা । তাৰ পিছতো কংগ্ৰেছ দলে বহুবাৰ শাসনৰ গাদীত অধিস্থিত হোৱাৰ পিছতো বৰপেটাৰ বাবে উল্লেখযোগ্য কাম নকৰিলে। সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত এটা বিগ জিৰো পোৱা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনতো এটা বিগ জিৰো লাভ কৰিব । অনাগত দিনত দিছপুৰত পুনৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰেই চৰকাৰ গঠন হোৱাটো নিশ্চিত । অসম গণ পৰিষদ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ  হিচাপে মানি সেইঅনুসৰি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মৰ্যদা  কৰে বুলি মন্তব্য কৰি সভাপতি বৰাই যথেষ্ট আক্ষেপেৰে কয় যে কংগ্ৰেছ- এআইইউডিএফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অসম গণ পৰিষদক সমালোচনাৰ লক্ষ্য কৰি লৈছে । আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই ।  মাজে সময়ে কংগ্ৰেছেও ইফাল সিফাল কৰিব খোজে । কিয়নো বিটিচি নিৰ্বাচনত দুয়োটা দলৰ ফলাফল বিগ জিৰো । সেয়েহে এইবোৰ দেখি শুনি বদৰুদ্দিন আজমলে মনত  বৰ বেজাৰ পাইছে । কালি সংবাদমেল পাতি এআইইউডিএফে ক্ষোভ প্ৰকাশ কৰিছে । তাকে দেখি বাংলাদেশৰ বিখ্যাত শিল্পী মমতাজৰ বিখ্যাত গীতটোৰ কলি ” ফাইট্টা যায়, বুকটা ফাইট্টা যায়” গাবলৈ আজমলে আৰম্ভ কৰিছে । যদি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনতাই উন্নতি বিচাৰে তেন্তে কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ সংগ এৰিব লাগিব বুলি মন্তব্য কৰি সভাপতি বৰাই কয় যে মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ লাইখুটা চান্দসাইয়ে পুতিছিল । নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু  এয়াই হৈছে অসমীয়া জাতিৰ আদৰ্শৰ চানেকি, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক । অসম গণ পৰিষদ দলেও এই আদৰ্শ তথা ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে । বৰপেটা জিলাখন তাৰেই এক নিদৰ্শন । বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্ৰায়কেইটা সমষ্টিত দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে বুলি  দোহাৰি সভাপতি বৰাই লগতে কয় যে অসম গণ পৰিষদ দললৈ নিতৌ নতুন তেজৰ আমদানি হৈ আছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ আগমন ঘটি আছে এই দলটোলৈ । এয়া অসম গণ পৰিষদৰ বাবে আশাৰ খবৰ । যাৰবাবে অসম গণ পৰিষদৰ সভাবোৰ এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে । আজিৰ এই সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী,  বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসসহ কুমাৰ দীপক দাস,  নুৰুল হুচেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস,আক্ৰাম হুচেইন, দিলীপ পাটগিৰি,মনোজ শইকীয়া,ড: তপন দাস, কল্পনা পাটোৱাৰী,ৰঞ্জিত ডেকা প্ৰমুখ্য অসম মহিলা পৰিষদ, অসম যুব পৰিষদ,অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ লগতে কেইবা হাজাৰ লোকৰ উপস্থিতিয়ে বৰপেটাত দলটোৰ শক্তি বৃদ্ধি পোৱাৰ উমান লাভ কৰিব পৰা যায়। 

Leave A Reply