Breaking

অসম শক্তি বিতৰণ কোম্পানীক লাওলোৱা কৰিছে ৰাজ্য চৰকাৰৰ একাংশ বিভাগে

0 2,135

ৰাজ্য চৰকাৰৰ একাংশ বিভাগৰ বাবেই বৰ্তমান লাওলোৱা অৱস্থা হৈ পৰিছে অসম শক্তি বিতৰণ কোম্পানী। নগাঁও জিলাৰেই ৰাজ্য চৰকাৰৰ অধীনস্থ ১২টাকৈ  কাৰ্যালয়ে বিদ্যুৎ বিভাগক আদায় দিবলৈ বাকী আছে ১ কোটি ৪০ লাখ ২৬হেজাৰ ৯৬টকা।আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নগাঁও সংমণ্ডলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই তথ্য সদৰী কৰিছে নগাঁও সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া বিমল পালে।মুখ্য কাৰ্যবাহী বিষয়া পালে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি, নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়েই বিদ্যুৎ বিলৰ বাবদ আদায় দিবলৈ আছে দহ লাখতকৈয়ো অধিক ধন।ঠিক একেদৰে, বিদ্যুৎ বিলৰ বাবদ বিগত ২০২০বৰ্ষৰ ৩১ডিচেম্বৰ পৰ্যন্ত নগাঁও জলসিঞ্চন বিভাগে মুঠ ২৯লাখ ৪৩হেজাৰ ৩৫৫টকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ২৩লাখ ২৭হেজাৰ ১৭৩টকা,সাধাৰণ প্ৰশাসন বিভাগ (ডি চি,এছ ডি অ’,এছ ডি চি,বিডিঅ’)ৰ কাৰ্যালয়ৰ বিদ্যুৎ বিলৰ বাবদ ২২লাখ ২১হেজাৰ১৮০টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগে ১৬লাখ ১৮হেজাৰ ৭৪৯টকা,বন বিভাগে ১১লাখ ৮৪হেজাৰ ৮৬৮টকা, ন্যায়িক বিভাগে (ন্যায়লয়) ১৪লাখ ৬৯হেজাৰ ৮৪৯টকা, মাধ্যমিক শিক্ষা বিভাগে আঠ লাখ ন হেজাৰ ৯৪৭টকা,ডাইৰেক্টৰ লাইব্ৰেৰী চাৰ্ভিচ বিভাগে তিনি লাখ ১৩হেজাৰ ২৫৮টকা, নগাঁও গাৰ্লছ পলিটেকনিকে ছয় লাখ ৫০হেজাৰ ৮০৫টকা, কাৰাগাৰ বিভাগে (আই জি প্ৰিজন)তিনি লাখ ৫৫হেজাৰ ৬৬১টকা, পশুপালন বিভাগে ২৭হেজাৰ ৫৭টকা,দুগ্ধ উন্নয়ন বিভাগে এক লাখ চাৰি হেজাৰ ১৯৫টকা নগাঁও বিদ্যুৎ বিভাগক বিদ্যুৎ বিলৰ ধন আদায় দিবলৈ বাকী আছে। ইপিনে, নগাঁও আৱৰ্ত ভৱনেও বিদ্যুৎ বিলৰ বাবদ চাৰি লাখ টকা আদায় দিবলৈ বাকী থকা বুলিও পালে কয়।সংশ্লিষ্ট বিভাগ সমূহক তেওঁ লোকৰ বছৰ বছৰ ধৰি অনাদায় হৈ থকা বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ নগাঁও বিদ্যুৎ বিভাগে বাৰম্বাৰ জাননী জাৰী কৰি অহাৰ পাছতো অনাদায় বিদ্যুৎ বিল পৰিশোধ নকৰাত বিদ্যুৎ কৰ্তৃপক্ষ বিপাঙত পৰিছে বুলিও বিষয়া জনে কয়।অসম বিদ্যুৎ বিতৰণ কোম্পানীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁৱৰ এই চৰকাৰী বিভাগ সমূহক তেওঁ লোকৰ অনাদায় বিদ্যুৎ বিল পৰিশোধ কৰিবলৈকো বিষয়া জনে আহ্বান জনায়।উল্লেখ্য যে, সামান্য কেইটামান টকাৰ বিদ্যুৎ বিল অনাদায় হৈ  থাকিলেই সাধাৰণ লোকৰ ওপৰত বীৰত্ব দেখুৱাই বিদ্যুত সংযোগ কৰ্তন কৰা বিদ্যুত বিভাগে লাখ লাখ টকাৰ বিদ্যুৎ বিল আদায় নিদিয়া সত্বেও নগাঁৱৰ এই কাৰ্যালয় সমূহৰ বিৰুদ্ধে কিয় কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেয়া ৰহস্যজনক বিষয়। নীতি-নিয়ম যে সকলোৰে বাবে সমান নহয় সেয়া প্ৰতিপ্ৰন্ন হ’ল নগাঁৱৰ বিদ্যুৎ বিভাগৰ  কাণ্ডত ৷ সমস্যা যিয়েই নহওঁক,  কিন্তু এইদৰে চৰকাৰী কাৰ্যালয়ে যদি বিদ্যুতৰ বিল আদায় নিদিয়ে তেনেহ’লে শীঘ্ৰেই শক্তি বিতৰণ কোম্পানীৰ লাউলোৱা অৱস্থা যে হ’ব সেয়া নিশ্চিত ৷সংবাদমেলখনতেই শক্তি বিতৰণ কোম্পানীটোৱে গ্ৰাহকৰ সুৰক্ষা, গ্ৰাহকক অগ্ৰাধিকাৰ আৰু ব্যৱসায়িক যোগাযোগ অনাগত দিনতকৈ অধিক উন্নত কৰাৰ বাবে ব্যৱস্থা কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে৷

Leave A Reply