ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘোষণা কৰা হ’ল NEET ২০২০ পৰীক্ষাৰ ফলাফল। NEET পৰীক্ষাত ইতিহাস ৰচনা কৰি ওড়িশ্যাৰ শ্বয়েব আফতাব নামৰ পৰীক্ষাৰ্থীয়ে গৰাকীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰে লাভ কৰিবলৈ সক্ষম হৈছে।
আই পি এল’ত আজি ৰাজস্থান বনাম বেঙ্গালুৰ, দেল্লী বনাম চেন্নাই
ডিজিটেল ডেস্কঃ আই পি এল’ত আজি ৰাজস্থানৰ মুখামুখি হ’ব বেঙ্গালুৰ৷ চলিত বৰ্ষত ৰাজস্থানে ৮ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে বেঙ্গালুৰে ৮ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাৰ ৩ নম্বৰত অৱস্থান কৰিছে৷ পৰবৰ্তী খেলখনত আজি দেল্লীৰ মুখামুখি হ’ব চেন্নাই৷ আনহাতে আজিৰ ৰাজস্থান বনাম বেঙ্গালুৰ খেলখন ডুবাইৰ ৰ খেলপথাৰত ৩.৩০ বজাৰ পৰা আৰু দেল্লী বনাম চেন্নাই খেলখন শাৰজাহৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে কালিৰ কলকাতা বনাম মুম্বাইৰ খেলত মুম্বাইয়ে ৮ উইকেটত জয় লাভ কৰে৷
অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,৯৯,৭৪৯ জনলৈ বৃদ্ধি
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৭৬৭ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১,৯৯,৭৪৯ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭০,২৬৩ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৮,৬৩০ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৫৩জন লোক।
তলাবন্ধত চাকৰি হেৰুওৱা শ্ৰমিকক তিনি মাহৰ বেতন দিব কেন্দ্ৰই
ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ তলাবন্ধত চাকৰি হেৰুওৱা শ্ৰমিকক তিনি মাহৰ বেতন দিব কেন্দ্ৰই৷ কেন্দ্ৰ চৰকাৰে তলাবন্ধৰ সময়ছোৱাত নিজৰ চাকৰি হেৰুৱা শ্ৰমিক সকলক সকাহ দিবলৈ ABVKY আঁচনিৰ অধীনত শ্ৰমিক সকলক ৫০ শতাংশ পর্যন্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি বিজ্ঞাপনৰ জৰিয়তে অধিক উপভোক্তাৰ কাষ চাপিবলৈ পৰিকল্পনা কৰা হৈছে। তলাবন্ধৰ সময়ছোৱাত চাকৰি হেৰুওৱাৰ পাছত ইএসআইৰ কাৰ্যালয়ত আবেদন কৰিলে শ্রমিকসকলে তিনি মাহৰ ৫০% বেতন লাভ কৰিব।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদ কোৰোনা আক্ৰান্ত
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছী তথা ৰাজ্যসভাৰ সাংসদ গোলাম নবী আজাদ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। শেহতীয়াকৈ কোৰোনা পৰীক্ষাত কংগ্ৰেছী নেতা গৰাকীৰ দেহত পোৱা হৈছে কোৰোনাৰ উপস্থিতি। বৰ্তমান হোম কোৱাৰেন্টাইনতে আছে বৰ্ষীয়ান কংগ্ৰেছৰ নেতাগৰাকী। বিগত দিনসমূহত গোলাম নবী আজাদৰ সম্পৰ্কলৈ অহা সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ‘‘I have tested positive for COVID-19. I am in home quarantine. Those who came in contact with me in the last few days may kindly follow the protocol’’ শেহতীয়াকৈ টুইটাৰযোগে সদৰি কৰিছে জ্যেষ্ঠ নেতা কংগ্ৰেছৰ গৰাকীয়ে।
কাইলৈ কাতি বিহু, কোৰোনাৰ আতংকৰ মাজতো গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো কাতি বিহুৰ প্ৰস্তুতি
ডিজিটেল ডেস্কঃ কাইলৈ কাতি বিহু, অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত প্ৰতিজন অসমীয়া৷ কাতি মাহটো অসমীয়াই এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰে। কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব সমগ্ৰ ৰাজ্যবাসীয়ে। শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া–অশান্তি দূৰ হোৱাৰ লগতে পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে অতীজৰে পৰা পৰম্পৰাগতভাৱে কঙালী বিহু পালন কৰি অহা হৈছে৷ ইয়াৰ লগত সংগতি ৰাখি ভঁৰাল ঘৰ, গোহালি ঘৰ, তামোল–নাৰিকল আদি গছৰ তলতো প্ৰতিঘৰ অসমীয়াই চাকি-বন্তি জ্বলাব৷
কাতি মাহত অথবা কাতি বিহুৰ সময়তে সৰহসংখ্যক কৃষিজীৱি লোকৰে ভঁৰাল ঘৰ প্ৰায় উদং হয়। উদং ভঁৰাল আৰু বিলাসীতা অবিহনেই প্ৰতিজন অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন হেপাঁহৰ কঙালী বিহুটি। কোৰোনাৰ আতংকৰ মাজতো গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো বাপতিসাহোন কাতি বিহুৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ কঙালী বিহুত অতিজৰে পৰা সন্ধিয়া কণ কণ ল’ৰা–ছোৱালীয়ে ঘৰে ঘৰে গৈ তুলসীৰ তলত প্ৰাৰ্থনা জনাই মাহ–প্ৰসাদ খোৱা পৰম্পৰাও চলি আহিছে৷ কাতি বিহুত সকলোৰে মংগল কামনাৰে আকাশবন্তি জ্বলোৱা হয়৷
দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৭৩,৭০,৪৬৯ জনলৈ বৃদ্ধি
ডিজিটেল ডেস্কঃ দেশতত পুনৰ ৬৩,৩৭১ জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। বৰ্তমানলৈ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৩,৭০,৪৬৯ জনলৈ পাইছে বৃদ্ধি। বৰ্তমানলৈ দেশত সুস্থ হোৱা লোকৰ সংখ্যা ৬৪,৫৩,০৫৪ জনলৈ বৃদ্ধি পাইছে৷ আনহাতে এতিয়ালৈ ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ১১২,২১৪ জন লোকৰ মৃত্যু হৈছে।
আই পি এল’ত আজি মুম্বাই বনাম কলকতা
ডিজিটেল ডেস্কঃ আই পি এল’ত আজি মুম্বাই ইণ্ডিয়ানছৰ(Mumbai Indians) মুখামুখি হ’ব কলকতা নাইট ৰাইডাৰছ(Kolkata Knight Riders)৷ চলিত বৰ্ষত মুম্বাই ইণ্ডিয়ানছে ৭ খন খেলৰ ৫ খনত জয়ী হৈ পইন্ট তালিকাত ২ নম্বৰত থকাৰ বিপৰীতে কলকতা নাইট ৰাইডাৰছে ৭ খন খেলৰ ৪ খনত জয়ী হৈ পইন্ট তালিকাৰ ৪ অৱস্থান কৰিছে৷ আজি খেলত জয়ী হ’লে মুম্বাই ইণ্ডিয়ানছে শীৰ্ষ স্থান দখল কৰিব৷ আনহাতে কলকতাই জয়ী হ’লে পইন্ট তালিকাত আগুৱাবলৈ সক্ষম হ’ব৷ আজিৰ খেল আবু ধাবিৰ(Abu Dhabi)ৰ খেলপথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে কালিৰ বেঙ্গালুৰ বনাম পঞ্জাৱৰ খেলত পঞ্জাৱে ৮ ৰানেৰে জয় লাভ কৰে৷
প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিলে ৭৫ টকীয়া মুদ্ৰা
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ভাৰতত মুকলি কৰা হল নতুন ৭৫ টকীয়া মুদ্ৰা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা। Food and Agriculture Organizationৰ ৭৫ বছৰীয়া বৰ্ষপূতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিশ্ব খাদ্য দিৱসৰ কথা উল্লেখ কৰি সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, সকলোকে মই শুভকামনা জ্ঞাপন কৰিছো। সমগ্ৰ বিশ্বত পুষ্টিহীনতা দূৰ কৰাৰ উদ্দেশ্য যিসকলে কাম কৰি আছে সকলোকে ধন্যবাদ জনাইছো।
টীয়কৰ কাকজানত শিশু কথাছবি ‘‘তেজিমলা’’ৰ প্ৰ’ম মুকলি
কাকজানৰ পৰা বিৰাজ বৰাঃ বৰ্তমান সময়ৰ আধুনিকতা বা যান্ত্ৰিকতাৰ ধামখুমীয়াত হেৰাই যোৱাৰ উপক্ৰম হোৱা ককা-আইতৰ মুখেৰ সাধু শুনাৰ মাদকতা, জোনাকৰ ৰাতিৰ দিনবোৰ উভটাই অনাৰ বাবে Nj production বেনাৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ আধাৰত টীয়ক কাকজানৰ এদল স্হানীয় শিল্পী সকলৰ উমৈহতীয়া প্ৰচেষ্টাত এইমাহতে মুক্তি পাব লগা তেজিমলা নামৰ এখন শিশু কথা ছবি প্ৰ’ম লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিনতো মুকলি কৰি দিয়া হয়৷ নয়নজ্যোতি নেওঁগৰ সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত শিশু কথাছবি খনৰ মুল চৰিত্ৰ মাহীমাক আৰু তেজিমলাৰ চৰিত্ৰত ক্ৰমে শিখা কাকতি আৰু কৃষ্ণা বৰাই অভিনয় কৰিছে৷ লক্ষীনাথ বেজবৰুৱাৰ জন্মদিনত তেজিমলা কথা ছবিৰ প্ৰ’ম মুকলি কৰি শিশু সকলৰ বৌদ্ধিক সচেতনতা জন্মাবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷ সাধু কথাছবি খন ইউটুব চেনেলত উপলব্ধ হব বুলি জানিবলৈ দিয়ে দলটিৰ কৰ্মকটাই।










