দৈনন্দিন বাৰ্তা ডেস্ক : মেঘালয়ৰ দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ অন্তৰ্গত মনাদ গাঁৱৰ এটা পৰিয়ালৰ সাতজনক স্থানীয় কৰ্তৃপক্ষই গাঁৱত থকাৰ অনুমতি প্ৰত্যাখ্যান কৰাত হাবিত ৯ দিন কটাব লগা হয়৷ অভিযোগ মতে গাঁও কৰ্তৃপক্ষই ৭ আগষ্টত ক’ভিড আক্ৰান্ত মহানগৰ শ্বিলঙৰ পৰা পৰিয়ালৰ এজন সদস্য ঘুৰি অহাৰ খবৰে পৰিয়ালকেইটাক আঁতৰ হ’বলৈ কৈছিল৷ পৰিয়ালৰ সদস্যক খাচী ছাত্ৰ সন্থাৰ ছান শ্বনং এলেকা গোটৰ সাধাৰণ সম্পাদক মানছালজুন কে হৰিৰ নেতৃত্বত লগ কৰাত কথাটো পোহৰলৈ আহে৷ খাচী ছাত্ৰ সন্থাৰ মতে পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে তেওঁলোকৰ ১৫ বছৰীয়া কন্যা এগৰাকী শ্বিলঙৰ পৰা গাঁৱলৈ আহে৷ তেওঁ ঘৰতে কোৱাৰেণ্টাইন আছিল বুলি কয়৷ কিন্তু পাচত গাঁৱৰ সচিবজন তেওঁলোকৰ ঘৰলৈ যায় আৰু অস্থায়ীভাৱে ঘৰ এৰিলৈ আৰু কাষৰ হাবিত থাকিবলৈ নিৰ্দেশ দিয়ে৷ ইপিনে গাঁৱৰ কৰ্তৃপক্ষই তেওঁক কোৱাৰেণ্টাইন চেণ্টাৰত থাকিব পৰা ব্যৱস্থা কৰাত সহায় কৰা নাছিল৷ ইয়াৰ পাচতে এটি পাঁচ মহীয়া সন্তানসহ পৰিয়ালটো ৯ দিন হাবিত বাস কৰে৷ এইদৰে খাচী ছাত্ৰ সন্থাৰ হৰিয়ে কয়৷ ছাত্ৰ সন্থাই জনোৱা মতে ৯ দিন হাবিত থকাত ১৫ বছৰীয়া কন্যাগৰাকীৰ স্বাস্থ্য ভাল নহ’ল৷ হৰিয়ে লগতে কয় যে তেওঁলোক হাবিত আইচলেচন অৱস্থাত থকাৰ সময়ত আৰু হাবিৰ পৰা ঘুৰি অহাৰ পাচত গাঁৱৰ কৰ্তৃপক্ষ বা ক’ভিড-১৯ মেনেজমেণ্ট সমিতিৰ কোনো লোকে খবৰ লোৱা নাছিল৷ ছাত্ৰ সন্থাই অভিযোগ কৰে যে মনাদ গাঁও কৰ্তৃপক্ষ আৰু ক’ভিড-১৯ মেনেজমেণ্ট সমিতিয়ে পৰিয়ালটোক অত্যাচাৰ কৰাৰ লগতে মানৱাধিকাৰ ভংগ কৰিছে৷ খাচী ছাত্ৰ সন্থাই জিলা প্ৰশাসনক বিষয়টোত পৰ্যৱেক্ষণ কৰিবলৈ আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ আনহাতে প্ৰয়োজন হ’লে ছাত্ৰ সন্থাই মেঘালয় মানৱ অধিকাৰ আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি জনাইছে৷
১৮ মাহত ৮ সন্তান জন্ম বিহাৰৰ ৬৫ বছৰীয়া মহিলাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : এটা বা দুটা নহয়, আঠটি সন্তান জন্ম দিছে এগৰাকী মহিলাই ৷ তাতকৈ আচৰিত কথা হ’ল মাত্ৰ ১৮ মাহৰ ভিতৰত এই সন্তানকেইটা জন্ম দিয়ে ৷ এই কথা স্বয়ং ৬৫ বছৰীয়া মহিলাগৰাকীয়ে জনোৱা নাই ৷ ইয়াৰ বিপৰীতে চৰকাৰী নথি চাইহে মহিলাগৰাকীক আবিষ্কাৰ কৰা হৈছে ৷ তাকে লৈ আলোড়নৰ সৃষ্টি হৈছে বিহাৰত ৷ এক সৰ্বভাৰতীয় সংবাদ মাধ্যমত এই কথা পোহৰলৈ আহিছে ৷ দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাগৰাকীৰ বাবে নেচনেল মেটাৰনিটি বেনিফিট প্ৰকল্প আৰম্ভ হৈছে ৷ তাৰ আওতাত সন্তান প্ৰসৱৰ আগতে আৰু পাচত কেইটামান মাহ ১৪০০ টকাকৈ দিয়া হয়৷ আশা কৰ্মীয়ে পায় ৬০০ টকাকৈ৷ যোৱা দুবছৰে বিহাৰৰ এই প্ৰকল্পৰ আওতাত যিসকলে টকা পাইছে সম্প্ৰতি তেওঁলোকৰ এক তালিকা যুগুত কৰা হৈছে৷ তাতে দেখা যায় মুজফফৰপুৰ জিলাৰ মুছাহৰী৷ব্লকৰ ছোটি কোঠিয়া গাঁৱৰ বাসিন্দা লীলা দেৱী নাম আছে৷ হিচাপ কৰি দেখা গ’ল ১৮ মাহত তেওঁ ৮ সন্তান জন্ম দিছে বুলি তাত উল্লেখ আছে৷ তাৰ বাবদ তেওঁ টকা নিছে বুলি জানিব পৰা গৈছে৷ এই তালিকা লৈ যোগাযোগ কৰা হয় লীলা দেৱীক৷ তেতিয়া তেওঁ জনায় যে ২১ বছৰৰ আগতে তেওঁ শেষবাৰ এক পুত্ৰ সন্তান জন্ম দিছিল৷ স্বামী পেশাত কৃষক৷ সম্প্ৰতি বেংক একাউণ্ট লেনডেনৰ হিচাপ চাই দেখিবলৈ পায় যে এসপ্তাহৰ আগতে তেওঁৰ একাউণ্টত টকা জমা হৈছে৷ কিন্তু তেওঁৰ নাম কৈ সেই টকা লৈ যোৱা হৈছে৷ মুছাহৰীৰ যি ষ্টেট বেংকৰ শাখাত একাউণ্ট আছে, তাৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চেণ্টাৰত বিষয়টো যোগাযোগ কৰে লীলা দেৱীয়ে৷ কিন্তু তাত তেওঁক কোৱা হয়, পানী ঘোলা কৰিব নালাগে৷ তেওঁৰ নামত যিমান টকা লোৱা হৈছে সেয়া ঘুৰাই দিয়াৰ আশ্বাস দিয়ে৷ এই লৈ মুছাহৰীৰ এই বেংকৰ মেনেজাৰ চন্দ্ৰশেখৰ সিঙৰ লগত যোগাযোগ কৰাত তেওঁ এই বিষয়ে একো নাজানে বুলি দাবী কৰে৷ তেওঁৰ যুক্তি, ফিংগাৰ প্ৰিণ্ট প্ৰযুক্তি আৰু আধাৰ আইডেণ্টিটি প্ৰক্ৰিয়াৰ মাজেৰে সকলো লেনডেন হয়৷ তাৰ পাচত চিএছপি অপাৰেটৰে কি দৰে এই ঘটনা নাজানিলে তাকে লৈ প্ৰশ্ন উত্থাপন কৰে৷ বিষয়টো পোহৰলৈ অহাত সুশীল কুমাৰ নামৰ এই চিএছপি অপাৰেটৰৰে নিজক লুকুৱাবলৈ চেষ্টা কৰে৷ বিষয়টোৰ সন্দৰ্ভত মুজফফৰপুৰ জিলা প্ৰশাসনক যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল৷ কিন্তু ফোন নধৰিলে৷ তদুপৰি মেছেজৰ উত্তৰো নিদিলে৷ এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুজফফৰপুৰৰ মুখ্য স্বাস্থ্য বিষয়া শৈলেন্দ্ৰপ্ৰসাদ সিঙে৷ তেওঁ কয়, জিলা প্ৰশাসনক বিষয়টো কোৱা হৈছে৷ তেওঁ এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে৷ বিষয়টোক লৈ তেওঁক তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছে৷ ঋতুকালীন সময় বন্ধৰ পাচত কোনো মহিলাৰ পক্ষে সন্তান জন্ম দিয়া সম্ভৱ নহয় বুলি একমত চিকিৎসক৷ কেৱল লীলা দেৱীয়ে নহয় ৬৬ বছৰীয়া শান্তি দেৱী, ৫৯ বছৰীয়া ছাবিনা খাতুনসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু মহিলাই এই অভিযোগ কৰিছে৷ এই ঘটনাৰ আঁৰত বৃহৎ দুৰ্নীতিৰ চক্ৰ জড়িত আছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে ৷
প্ৰধানমন্ত্ৰীলৈ চিঠি কেৰালাৰ মুখ্যমন্ত্ৰী বিজয়নৰ : তিৰুবনন্তপুৰম বিমানবন্দৰৰ বিষয়ে পুনৰ্বিবেচনা কৰাৰ আহ্বান
দৈনন্দিন বাৰ্তা ডেস্ক : চৰকাৰী-বেচৰকাৰী অংশদাৰিত্ব (পিপিপি)ৰ জৰিয়তে তিৰুবনন্তপুৰম বিমানবন্দৰ লীজত দিয়াত কেন্দ্ৰৰ অনুমোদনৰ পাচত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন চিঠি লিখি উদ্বেগ প্ৰকাশ কৰিছে আৰু প্ৰধানমন্ত্ৰীক সিদ্ধান্তটো পুনৰ্বিবেচনা কৰিবলৈ আহ্বান কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সৰ্বদলীয় বৈঠকৰ মতামত জনোৱা চিঠিখন কেৰালাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰফাইলৰ যোগে মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত শ্বেয়াৰ কৰা হৈছিল ৷ টুইটাৰত কোৱা হয়, বৈঠকৰ অপ্ৰতিৰোধ্য দৃষ্টিভংগীটো হ’ল ত্ৰিভানড্ৰম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালন ৰাজ্য চৰকাৰৰ সৈতে ন্যস্ত কৰা প্ৰয়োজন ৷ চিঠিত মুখ্যমন্ত্ৰীয়ে কয় যে ২০ আগষ্ট, বৃহস্পতিবাৰে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ সকলো দলৰ নেতাসকলৰ এখন সভা আহ্বান কৰা হৈছিল আৰু নেতাসকলৰ মাজত অপ্ৰতিৰোধ্য দৃষ্টিভংগী আছিল যে তিৰুবনন্তপুৰম আন্তৰ্জাতিক বিমানবন্দৰটোক অনন্য স্থান দিয়া হৈছে ৰাজ্যৰ ইতিহাসত ৷ ইয়াৰ পৰিচালনা আৰু পৰিচালন ৰাজ্য চৰকাৰৰ হাতত ন্যস্ত কৰা প্ৰয়োজন ৷ বিজয়নে কয়, বিমানবন্দৰৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্ত সম্পৰ্কে তেওঁৰ চৰকাৰে উদ্বেগ প্ৰকাশ কৰি ১৯ আগষ্টত প্ৰধানমন্ত্ৰীলৈ আন এখন চিঠি লিখিছিল ৷ তেওঁ কয়, বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালনৰ এক বিশেষ উদ্দেশ্য বাহন (এছপিভি) যাতে ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বাৰম্বাৰ অনুৰোধ অগ্ৰাহ্য কৰিছিল ৷ এই বৈঠকত উত্থাপন কৰা হৈছিল যে ৰাজ্যই আন্তৰিকভাৱে যিদৰে সহায় কৰাৰ বিবেচনা কৰে ত্ৰিভানড্ৰম আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিচালনা আৰু পৰিচালনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগৰ দাবী উপেক্ষা কৰা উচিত নাছিল বুলি চিঠিত কোৱা হয়৷ চিঠিত লগতে কয় যে বিডৰ অংশ লোৱা এছপিভিৰ যোগে ৰাজ্য চৰকাৰ সৰ্বোচ্চ দৰদাতাৰ প্ৰস্তাৱৰ সৈতে ধৰিবলৈ ইচ্ছুক ৷ এই পৰিস্থিতিত নেতাসকলৰ অনুভৱ হয় যে ৰাষ্ট্ৰৰ দাবী উপেক্ষা কৰাৰ কোনো যুক্তি নাই বুলি চিঠিত উল্লেখ কৰে ৷ বিজয়নে ইংগিত দিয়ে যে ২০১৮ চনৰ ১১ আগষ্টত এটা প্ৰস্তাৱ ৰাজ্য বিধানসভাত অনুমোদন কৰা হৈছিল আৰু কেন্দ্ৰক বিমানবন্দৰ বেচৰকাৰী নকৰিবলৈ এটা সন্মিলিত অনুৰোধ জনোৱা হৈছিল ৷ উল্লেখ্য যে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই তিৰুবনন্তপুৰম আৰু আন দুটা বিমানবন্দৰ পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ (পিপিপি)ৰ যোগে আদানি এণ্টাৰপ্ৰাইজ লিমিটেডক ৫০ বছৰৰ বাবে৷ লীজত দিয়াৰ প্ৰস্তাৱক অনুমোদন দিছিল ৷ আনহাতে কেন্দ্ৰীয় বেচৰকাৰী বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বৃহস্পতিবাৰে কয় যে কেৰালা চৰকাৰৰ স্বচ্ছভাৱে পৰিচালিত তিৰুবনন্তপুৰম বিমানবন্দৰৰ বিড প্ৰক্ৰিয়াত যোগ্যতা অৰ্জন কৰিব পৰা নাই ৷ পুৰীয়ে কয়, বিডিং প্ৰক্ৰিয়াৰ আগতে কেন্দ্ৰ আৰু কেৰালা চৰকাৰ একমত হৈছিল যে কেএছআইডিচিৰ বিড যদি বিজয়ী বিডৰ ১০ শতাংশৰ ভিতৰত আহে তেনে এটা বিমানবন্দৰ দিয়া হ’ব ৷ যিহেতু আদানিৰ বিড আৰু কেএছআইডিচিৰ বিডৰ মাজত পাৰ্থক্য আছিল ১৯.৬৪ শতাংশ, আগৰ বিজয়ী হিচাপে যোগ্যতা অৰ্জন কৰিছিল ৷
নাগৰিকত্ব সংশোধনী আইন আৰু ইআইএ বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্য্যসূচী : আছু আৰু যুৱ ছাত্ৰৰ প্ৰতিবাদত কপিল টংলাৰ আকাশ বতাহ
টংলা : সোমবাৰে টংলা আঞ্চলিক আছু আৰু যুৱ ছাত্র পৰিষদে টংলা চহৰৰ মাজমজিয়াৰ মঙ্গলদৈ ভুটিয়াচাং পথৰ কাষত জাতিধ্বংসী নাগৰিকত্ব সংশোধানী আইন ২০১৯ বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ ২০২০ গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত মানৱ শৃঙ্খল কাৰ্য্যসূচী ৰূপায়ন কৰে। টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু সম্পাদক ৰিংকু ডেকাৰ লগতে ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিসদৰ উপ সভাপতি নিলয় চলিহাই উপস্থিত থকা উক্ত প্ৰতিবাদী কাৰ্যসূচীত ই আই এ বাতিল কৰক, আমি কা বিৰোধী কৰো, অবৈধ বাংলাদেশী হুঁচিয়াৰ, অসমত অসমীয়া গিৰী চলিবই, অসম খন দ্বিতীয় ত্ৰিপুৰা হব নিদিওঁ, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, নাৰী শক্তি জিন্দাবাদ, হয় কা বাতিল কৰক নহ’লে আমাক গ্ৰেপ্তাৰ কৰক, ধৰ্মৰ নামত ৰাজনীতি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদীসকলে ৰাজপথত উত্তাল কৰি তোলে। কাৰ্য্যসূচীৰ মাজতে টংলা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ পৰা যদি আমি ৫ মাহ আগুৱাই যাও লকডাউন দিয়াৰ আগত অসমৰ জনগনৰ মাজত ক্ষোভৰ জুই জ্বলি আছে কিন্তু মহামাৰীৰ ভয়াবহতাৰ বাবেহে সেয়া স্হবিৰ হৈ পৰিছিল, কিন্তু সেই সময়তে কেন্দ্রীয় চৰকাৰ আৰু অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰখনে এটাৰ পিছত এটা হঠকাৰী অসম বিৰোধী সিদ্ধান্ত আমাৰ ওপৰত জাপি দি আছে। প্ৰথমতে (কা) আনিলে আৰু (কা)ৰ বিৰোধী যিখন আন্দোলন সেই আন্দোলনখনক কোনো গুৰুত্ব নিদিলে। বৰঞ্চ অসম মাতৃৰ বুকুৰ ৫ গৰাকীৰ মাতৃৰ বুকু সুধা কৰি ৫ গৰাকীকৈ অসম সন্তানক হত্যা কৰিলে। চিআৰপিএফৰ বুট জোটাৰ গুৰ সোধালে বহু ছাত্র-ছাত্রীৰ বুকুত সেয়া আমি পাহৰা নাই। লকডাউনৰ সুযোগ লৈ অসমীয়া লোকৰ যি কৃষিভূমি সেয়া বহিৰাগত উদ্যোগপতিৰ হাতত প্ৰদান কৰিব বিচাৰিছিল সেয়া প্ৰতিহত কৰিলোঁ অসমৰ জনগণে। তাৰ পিছতে পুনৰবাৰ অসমৰ জনগনক জাপি দিব বিচাৰিছে (ই আই এ ২০২০) যি পৰিবেশ প্ৰভাৱ নিৰূপন অধিসূচনা সেইখন তেওঁলোকে জাপি দিব বিচাৰিছে। অসমৰ জনগণে যদি এতিয়াই প্ৰতিবাদ সেইখনো পুনৰবাৰ (কা)ৰ দৰেই আইনলৈ পৰিবৰ্তন কৰিব তেতিয়া অসমৰ জনগণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত থকা যি অধিকাৰ সেই অধিকাৰ হেৰাই পেলাব। যদি অতি শীঘ্রেই এই (ই আই এ) বাতিল নকৰে পুনৰবাৰ কা আন্দোলনৰ দৰেই পৰিস্থিতি হব। বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো যে অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত চকু নিদিব। অন্যথা ২০২১ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ফল ভুগিব লাগিব।
দৰঙৰ নামখলাত “শংকৰী কলা সংস্কৃতিৰ সাধক” বসুন্ধৰ ডেকালৈ শিল্পী পেন্সন
নামখলা : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দিপীলাৰ নিবাসী পিতা কৰ্পুৰ ডেকা আৰু মাতৃ ভাৰতী ডেকাৰ জেষ্ঠ পুত্ৰ বসুন্ধৰ ডেকাক শিল্পী পেন্সনাৰ হিচাপে অসম চৰকাৰে ঘোষণা কৰাত পশ্চিম মঙলদৈৰ লোকসকল উৎফুল্লিত ৷ পশ্চিম মঙলদৈত শংকৰী সংস্কৃতিৰ ক্ষেত্ৰতেই হওঁক বা সমাজ সংগঠক হিচাবেই হওঁক গোটেই অঞ্চলত তেওঁৰ এক সুকীয়া নাম আছে ৷ যুৱ সমাজক প্ৰাধান্য দি একগোট কৰি বৰগীত, নাট, অংকীয়া ভাওনাৰ জৰিয়তে অসমৰ কলা সংস্কৃতিবোৰ বিশ্ব দৰবাৰত প্ৰচাৰ প্ৰসাৰৰ বাবে যথেষ্ট চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত তেওঁ আৰু তেওঁৰ দলে অসম তথা অসমৰ বাহিৰত গৈ কৰা শংকৰী কৃষ্টি সংস্কৃতিৰ বিষয়ে প্ৰচাৰ মাধ্যমত ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে ৷ দৰঙত প্ৰথমবাৰৰ বাবে একমাত্ৰ শংকৰী সংস্কৃতিৰ ক্ষেত্ৰত বসুন্ধৰ ডেকাই শিল্পী পেন্সন পোৱা ব্যক্তি ৷ শিল্পী পেন্সনৰ বাবে পবিত্ৰ প্ৰাণ বড়া, প্ৰফুল্ল হাজৰিকা, পুলিন হাজৰিকা আৰু প্ৰদীপ চন্দ্ৰ ডেকাৰ নাম লৈ যথেষ্ট অৰিহণা থকা বুলি উল্লেখ কৰে ৷ আনহাতে শিল্পী বসুন্ধৰ ডেকা উত্তৰ পূৱ ভাৰতৰ সৰ্ব বৃহৎ অৰাজনৈতিক ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বৰ্তমান কাৰ্যকালত উপপদাধিকাৰৰ দৰে পদ অলংকৃত কৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷
ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান
নলবাৰী : ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উদ্যোগত কালি যোগদান কাৰ্যসূচী শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত উপ সভাপতি বাঁহজানী ছাত্ৰ সন্থাৰ বিকাশ কৈৱৰ্ত, সাংবাদিক কমল ডেকা, হিন্দু সুৰক্ষা মঞ্চৰ প্ৰচাৰ সম্পাদক কংকন তালুকদাৰসহ নলবাৰী জিলাৰ বহুকেইজন পুৰুষ-মহিলাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টি নলবাৰী সমিতিৰ দ্বাৰা আয়োজিত এই যোগদান কাৰ্যসূচীত নলবাৰী জিলাৰ অগপ, কংগ্ৰেছ দলকে বিভিন্ন দল সংগঠনৰ ব্যক্তি সকলে কালি যোগদান কৰে। এই কাৰ্যসূচীত অসম পৰ্যটক বিভাগৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক অশোক শৰ্মা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ফনিন্দ্ৰ কুমাৰ শৰ্মাসহ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নগাঁৱৰ ৰণথলীৰ অসমীয়া গহণাৰ স্বৰ্ণ শিল্পীক চৰকাৰী আচঁনিৰ কেঁচা সামগ্ৰী যোগান বিধায়ক ৰূপক শৰ্মাৰ
নগাঁও : ক’ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি হোৱা লকডাউনৰ ফলত আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ট কষ্টৰ মাজত চলিব লগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহণাৰ থলুৱা শিল্প উদ্যোগবিধ চৰম সংকটৰ সন্মুখীন হৈছে। কেঁচা সোণেৰে অসমীয়া গহণা প্ৰস্তুত কৰি সমগ্ৰ ৰাজ্যতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ নিকটবৰ্তি ৰণথলী অঞ্চলৰ স্বৰ্ণশিল্পী সকল লকডাউনৰ ফলত কৰ্ম বিমুখ হৈ পৰে। বিশেষকৈ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ বাবে এইবাৰ ব’হাগ মাহত বিয়া সবাহ কিম্বা ৰঙালী বিহু উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা নগ’ল। ফলত ৰণথলীৰ কেঁচা সোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহণাৰ বিক্ৰী প্ৰায় বন্ধ হৈ পৰে। থলুৱা কুটিৰ উদ্যোগ সমূহৰ কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে এক বিশেষ আচঁনি হাতত লৈছে। উক্ত আচঁনিৰ অংশ স্বৰূপে কালি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উদ্যোগত নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া মণ্ডলৰ দেওধৰ পঞ্চায়তত মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত আৰু নগাঁও জিলা উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ লগতে ৰণথলি স্বৰ্ণ শিল্প উদ্যোগ সমবায় সমিতি লিমিটেডৰৰ সৌজন্যত অঞ্চলটোৰ দুই শতাধিক স্বৰ্ণ শিল্পীক অসমীয়া গহণা নিৰ্মাণত ব্যৱহৃত সোণ-ৰূপৰ কেঁচা সামগ্ৰী বিতৰণ কৰা হয়। স্বৰ্ণ শিল্পী সকলক কেচাঁ সামগ্ৰী বিতৰণ কৰি বিধায়ক ৰূপক শৰ্মাই শৰ্মাই কয় যে অসমীয়া গহণা প্ৰস্তুত কৰি ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ৰণথলিৰ অসমীয়া গহণাৰ থলুৱা উদ্যোগবিধক আমি ধ্বংস হ’বলৈ এৰি দিৱ নোৱাৰো। ক’ৰোনাভাইৰাছ সংক্ৰমণৰ আশংকাত দেশজুৰি বলবৎ কৰা লকডাউনৰ সময়চোৱাত অসমীয়া গহণা প্ৰস্তুত কৰা এই শিল্প উদ্যোগ বিধ বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হ’বলগাত পৰে। সেয়ে এনেধৰণৰ শিল্পৰ লগত জড়িত লোকসকলৰ সংকট মোচনৰ বাবে চৰকাৰে এক আচঁনি হাতত লৈছে। “মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ” আঁচনিৰ জৰিয়তে এই কুটিৰ শিল্প উদ্যোগ বিধৰ লগত জড়িত সকলক কেঁচা সামগ্ৰী যোগানৰ জৰিয়তে সহায়ৰ হাত আগবঢ়োৱা হৈছে। আমি আশা কৰিছোঁ যে ৰণথলিৰ স্বৰ্ণ শিল্পৰ লগত জড়িতসকলে স্বাবলম্বী হোৱাৰ লগতে স্বৰ্ণ শিল্প উদ্যোগ বাণিজ্যৰে নগাঁৱৰ লগতে সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব। কেঁচা সামগ্ৰী বিতৰণ অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া, নগাঁও জিলা উদ্যোগ-বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক অৰূপ ভঁড়ালী আৰু বিষয়া জামাদুল চৌধুৰীও উপস্থিত থাকে।
টিংখাঙত অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱাৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৃষক মুক্তিৰ
টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈ, হেমন্ত কোঁৱৰ, শশী শেনছোৱা, দেৱাংগনা কলিতাসহ সকলো কা বিৰোধী কাৰাবন্দীৰ অতিশীঘ্ৰে বিনাচৰ্তে মুক্তিৰ দাবীত টিংখাং সমষ্টিৰ প্ৰাণকেন্দ্ৰ ৰাজগড় শ্বহীদ বেদীৰ সমীপত কালি কৃষক মুক্তি, চাহ শ্ৰমিক মুক্তি, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু টিখাঙৰ কা বিৰোধী মঞ্চৰ সহযোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অখিল গগৈ, হেমন্ত কোৱঁৰ, শশী শেনছোৱাকে প্ৰমুখ্যে কৰি কা বিৰোধী সকলো কাৰাবন্দীক মুক্তি দিয়ক, বিজেপি চৰকাৰ হুচিয়াৰ, বিমল বৰা মূৰ্দাবাদ, টিংখাং পুলিচ প্ৰশাসন হুচিয়াৰ, কা আমি নামানো আদি বিভিন্ন শ্লগানেৰে ৰাজগড়ৰ আকাশ বতাহ কপাই তোলে। কালিৰ কাৰ্যসূচীত উপস্থিত থাকে কৃষক মুক্তিৰ নিতুল বৰুৱা, প্ৰমোদ দিহিংগীয়া, পদমেশ্বৰ কোচঁ, ছাত্ৰ মুক্তিৰ মনোজ কোচঁ, নবুল ভৰালী, ৰঞ্জিত ৰানা, শৈলেন গগৈ, চাহ শ্ৰমিক মুক্তিৰ দীপক মাঝি, নাৰী মুক্তিৰ বাসন্তী গগৈ, শ্ৰমিক নেতা বলদেৱ তেলী, কা বিৰোধী মঞ্চৰ সভাপতি যাদৱ গগৈ, চি পি এম এলৰ বিতোপন বকলীয়াল, বলীন্দ্ৰ শইকীয়া, লেঙেৰী আঞ্চলিকৰ ছাত্র মুক্তিৰ বিশ্বজিৎ লাহন, প্ৰাক্তন বিধায়ক অনুপ ফুকন, সমাজ কৰ্মী দূৰ্গাৱতী সোনাৰকে প্ৰমুখ্যে কৰি বহু বিষয়ববীয়া তথা ৰাইজে অংশ গ্ৰহণ কৰে।
CMIEৰ প্ৰতিবেদনত ভয়ানক তথ্য, এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ ভাৰতীয় কৰ্মহীন
দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ কৰোণা ভাইৰাছৰ আৰু লকডাউনৰ ফলত ভাৰতত বৰ্তমান তীব্ৰ আৰ্থিক সংকটে দেখা দিছে।বহিঃৰাজ্যত কৰ্মৰত লাখ লাখ যুৱক-যুৱতী কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্বগৃহলৈ উভতি অহাৰ পিছত ভাৰতত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে নিবনুৱা সমস্যা। ভাৰতৰ চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমি চমুকৈ চিএমআইইৰ তথ্য অনুসৰি জুলাই মাহত ৫০ লাখ যুৱক-যুৱতীয়ে সংস্থাপন হেৰুৱাৰ লগতে বিগত বৰ্ষৰ তুলনাত চলিত বছৰত ১ কোটি ৯০ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে। চিএমআইইৰ এই তথ্যত এই কথা স্পষ্ট হৈ পৰিছে যে আগন্তুক সময়ত ভাৰতত অধিক ভয়াবহ আৰ্থিক সংকটে দেখা দিব। চিএমআইইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি লকডাউনৰ সময়ত ইয়াৰ প্ৰভাৱ সৰ্বাধিক সংস্থাপনৰ ওপৰতে পৰিছে। আৰ্থিক দুৰাৱস্থাৰ পৰিপ্ৰেক্ষিতত কেৱল জুলাই মাহতে ৫০ লাখ লোক সংস্থাপনহীন হোৱাৰ লগতে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে ৮৯ লাখ দৰমহাপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজৰ সংস্থাপন হেৰুৱাই এতিয়া ঘৰতে বহিবলগা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০১৯-২০ বিত্তীয় বৰ্ষৰ সংস্থাপনৰ শতকৰাৰ তুলনাত চলিত বছৰ ১ কোটি ৯০ লাখ সংস্থাপন হ্ৰাস পাইছে। অসংগঠিত ক্ষেত্ৰসমূহত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিছু সংস্থাপন লাভ হ’লেও সংগঠিত ক্ষেত্ৰসমূহত সংস্থাপনৰ সম্ভাৱনা এতিয়াও বহু নিম্নগামী হৈ আছে।
বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা
এনচিইআৰটিৰ সমীক্ষাত প্ৰকাশ : দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন, লেপটপ নাই
দৈনন্দিন বাৰ্তা ডেস্ক : ক’ৰোনাৰ বাবেই বিশ্বজুৰি শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হয় ৷ এই মহামাৰীৰ বাবে ৭০ শতাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু নানা বিষয়ত প্ৰশিক্ষণ লোৱা যুৱসকল বাধাগ্ৰস্ত হৈছে বুলি আগতেই তথ্য দিছিল আন্তৰ্জাতিক শ্ৰম সংস্থা (আইএলঅ’)ই ৷ এইবাৰ এনচিইআৰটি অৰ্থাৎ নেচনেল কাউন্সিল অব এডুকেছনেল ৰিচাৰ্চ এণ্ড ট্ৰেনিঙৰ এক সমীক্ষাত জনোৱা হৈছে, অনলাইন ক্লাছৰ বাবে দেশৰ ২৭ শতাংশ শিক্ষাৰ্থীৰ স্মাৰ্টফোন বা লেপটপ নাই ৷ যিসকলে অনলাইন ক্লাছ কৰিছে, তেওঁলোকৰ বেছিভাগ অনলাইন ক্লাছলৈ সুখী নহয় ৷ অংক আৰু বিজ্ঞান বিষয়বোৰ অনলাইনত শিকিবলৈ বহু অসুবিধাৰ সন্মুখীন হয় শিক্ষাৰ্থী ৷ দেশজুৰি চিবিএছইৰ বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আদিত মুঠ ১৮১৮৮ জন শিক্ষাৰ্থীৰ ওপৰত এনচিইআৰটিয়ে এটা সমীক্ষা চলায় ৷ প্ৰকাশিত সমীক্ষাত দেখা গৈছে যে ৩৩ শতাংশ শিক্ষাৰ্থীৰ বাবে অনলাইন ক্লাছ কঠিন আৰু ক্লান্তিকৰ ৷ সমীক্ষাটোৰ মতে অনলাইন ক্লাছ কৰিব পৰা ৮৪ শতাংশ শিক্ষাৰ্থীয়ে স্মাৰ্টফোনত নিৰ্ভৰ কৰে৷ মাত্ৰ ১৭ শতাংশ শিক্ষাৰ্থীয়ে লেপটপ ব্যৱহাৰ কৰিব পাৰে ৷ আনহাতে টিভি আৰু ৰেডিয়ৰ যোগে অলপ সংখ্যক শিক্ষাৰ্থীয়ে দূৰশিক্ষা পাইছে ৷ প্ৰায় ৩৫ হাজাৰ ছাত্র-ছাত্রী, শিক্ষক, প্রধান শিক্ষক আৰু অভিভাবক ল’ডশ্বেডিঙৰ বাবে অনলাইন যোগাযোগ অন্তৰায় হিচাপে চিহ্নিত হয় ৷ অনলাইন ক্লাছত অংক আৰু বিজ্ঞানৰ দৰে বিষয়বোৰ বুজাত অসুবিধা ৷













