দৈনন্দিন বাৰ্তা ডেস্ক : শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে বৃহস্পতিবাৰে নতুন দিল্লীত মিলিত হৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰে ৷ সভাৰ পাচত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ তৰফৰ পৰা কয় যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ৷ ৰুৰকিৰ চিবিআৰআই আৰু মাদ্ৰাজ আইআইটিৰ অভিযন্তাৰ লগতে লাৰছেন এণ্ড ট’উব্ৰ’ৱে মন্দিৰ স্থাপন কৰা ঠাইৰ পৰা মাটি সংগ্ৰহ কৰি পৰীক্ষা কৰিছে ৷ ৰাম মন্দিৰ ট্ৰাষ্টে আশা প্ৰকাশ কৰে যে ৩৬-৪০ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব ৷ শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মতে অযোধ্যাৰ ৰাম মন্দিৰটো পৌৰাণিক আৰু পৰম্পৰাগত প্ৰথাৰে নিৰ্মাণ কৰা হ’ব ৷ ট্ৰাষ্টৰ পৰা জনোৱা মতে ভূমিকম্প, ধুমুহা আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাই থাকিব পৰাকৈ মন্দিৰটো নিৰ্মাণ কৰা হ’ব আৰু এই ঐতিহাসিক মন্দিৰটোত কোনো লোহা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা নহ’ব ৷ মন্দিৰ নিৰ্মাণত তামৰ প্লেট প্ৰতিচপৰা ইটাৰ মাজত ব্যৱহাৰ কৰা হ’ব ৷ এই প্লেটবোৰ ১৮ ইঞ্চি দীঘল, ৩০ মিলিমিটাৰ বহল আৰু ৩ মিলিমিটাৰ গভীৰতাৰ ৷ নিৰ্মাণ কাৰ্যত ১০ হাজাৰ প্লেটৰ প্ৰয়োজন হ’ব ৷ শ্ৰী ৰাম ভক্তক তামৰ প্লেট দান কৰিবলৈ ট্ৰাষ্টে আহ্বান জনাইছে ৷
ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে বৃহস্পতিবাৰে ঘোষণা কৰে যে তেওঁ ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ক’ৰোনা পৰীক্ষাৰ পাচত তেওঁ আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীজনে টুইট কৰি এই সংবাদ দিয়ে ৷ তেওঁ কয়, চিকিৎসকৰ পৰামৰ্শ মতে মই চিকিৎসালয়ত ভৰ্ত্তি হৈছো ৷ যোৱা কেইটামান দিনত যিসকল মোৰ ওচৰলৈ আহিছিল তেওঁলোকক মই অনুৰোধ কৰো যে তেওঁলোকে পৰীক্ষা কৰি নিজকে আইচলেট কৰি ৰাখক ৷ তেওঁ লগতে চিকিৎসাৰ বাবে চিকিৎসালয়ত থকাৰ কথাও জনায় ৷ উল্লেখ্য যে ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ২৮ লাখ চুলেগৈ ৷ যোৱা দিনটোত ৬৯৬৫২ জন লোক ক’ৰোনাত আক্ৰান্ত হয় ৷ আনহাতে দেশত মুঠ ৫৩৮৬৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ যোৱা ২৪ ঘণ্টাত ৯৭৭ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ ভাৰতত মুঠতে ২৮৩৬৯২৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ তাৰে ২০৯৬৬৬৫ জন লোক ইতিমধ্যে আৰোগ্য হৈছে ৷ বুধবাৰৰ দিনটোত ৯১৮৪৭০ জন লোকক পৰীক্ষা কৰা হয় ৷
দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ইন্দোৰ : অসমৰ ভিতৰত পৰিষ্কাৰ নগৰ শিলচৰ
দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ ভিতৰত সবাতোকৈ স্বচ্ছ চহৰ ঘোষণা কৰা হৈছে ৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পঞ্চম বাৰ্ষিক সমীক্ষাত প্ৰকাশ পাইছে তথ্য ৷ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে এই কথাঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহ আৰু নগৰোন্নয়ন দপ্তৰে আয়োজন কৰা ‘স্বচ্ছ মহোত্সৱ’ নামৰ ভাৰ্চুৱেলঅনুষ্ঠানৰ যোগে স্বচ্ছতাত ঠাল কাম কৰা ১২৯ খন চহৰক তেওঁ পুৰস্কৃত কৰে ৷ সকলোতকৈ পৰিষ্কাৰ ৰাজ্য ছত্তীশগড় ৷ এশৰো বেছি চহৰযুক্ত ৰাজ্য হিচাপে দ্বিতীয়বাৰ পুৰস্কৃত হৈছে ছত্তীশগড় ৷ এশৰো কম চহৰৰ ৰাজ্য হিচাপে নিৰ্বাচিত হৈছে ঝাৰখণ্ড ৷ দেশৰ ভিতৰত পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত হৈছে ইন্দোৰ ৷ ইয়াৰ পাচতে ছুৰাট দ্বিতীয় আৰু নভি মুম্বাইয়ে তৃতীয় স্থান লাভ কৰিছে ৷ আনহাতে মহাৰাষ্ট্ৰৰ কাৰাদ এক লাখ তলৰ জনসংখ্যা বিভাগত প্ৰথম হৈছে ৷ তাৰ পাচত স্থান পাইছে ছছৱাদে ৷ এই বিভাগত তৃতীয় স্থান পায় লোনাভালাই ৷ এক লাখৰ ওপৰৰ জনসংখ্যাৰ চহৰৰ ভিতৰত স্বচ্ছতাত সকলোতকৈ বেছি নাগৰিকৰ অংশগ্ৰহণৰ বিভাগত নিৰ্বাচিত হৈছে উত্তৰ প্ৰদেশৰ শ্বাহজাহনপুৰ ৷ এই বিভাগত এক লাখৰ কম জনসংখ্যাৰ চহৰবোৰৰ মাজত শীৰ্ষত আছে উত্তৰাখণ্ডৰ নন্দপ্ৰয়াগ ৷ ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰত প্ৰথম কৰ্ণাটকৰ মাইছুৰ ৷ আনহাতে ১০ৰ পৰা ৪০ লাখৰ জনসংখ্যাৰ ভিতৰত সকলোতকৈ স্বচ্ছ বিজয়ৱাড়া ৷ ৪০ লাখৰ ওপৰ জনসংখ্যাৰ চহৰৰ ভিতৰত স্বচ্ছ আহমেদাবাদ ৷ বৃহৎ চহৰবোৰৰ ভিতৰত স্বচ্ছতাৰ সন্মান পায় ৰাজস্থানৰ যোধপুৰে ৷ ইপিনে সকলোতকৈ কেণ্টনমেণ্ট ব’ৰ্ডৰ পুৰস্কাৰ লাভ কৰিছে পাঞ্জাৱৰ জলন্ধৰে ৷ গংগা তীৰৱৰ্তী চহৰৰ পুৰস্কাৰ লাভ কৰিছে বাৰাণসীয়ে ৷ ইপিনে অসমৰ শিলচৰ নগৰে দেশৰ স্বচ্ছ নগৰৰ ভিতৰত ৩৪০ ৰেংক লাভ কৰিছে ৷ যোৱা বছৰ শিলচৰ নগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমীক্ষাত চাৰিখন নগৰৰ ভিতৰত চতুৰ্থ আছিল ৷ ইপিনে শিলচৰৰ ৩৪০ ৰেংকৰ বিপৰীতে ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ৰেংক হ’ল ৩৫৩ ৷ আনহাতে ৰাষ্ট্ৰীয় ৰেংকত গুৱাহাটী ৩৫৬ স্থানত আৰু নগাঁও ৩৫৮ স্থান ৷ ফলত ৰাজ্যৰ ভিতৰত শিলচৰৰ পাচতে বাকী চহৰ কেইখনে স্থান লাভ কৰিছে ৷ অসমৰ এই চহৰ কেইখন ১-১০ লাখ জনসংখ্যা শাখাত অন্তভূক্ত ৷ ইয়াৰ লগতে ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শাখাত কৰিমগঞ্জ নগৰে ৰাজ্যিক ৰেংকত নৱম স্থান পাইছে ৷ ২৫ হাজাৰৰ পৰা ৫৯ হাজাৰৰ জনসংখ্যাত ১ নং ৰেংক পাইছে হাইলাকান্দিয়ে ৷ ২৫ হাজাৰ জনসংখ্যাত ১ নং ৰেংক পাইছে লখিমপুৰে ৷
৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালাল
দৈনন্দিন বাৰ্তা ডেস্ক : অসম বিশ্ববিদ্যালয়ৰ গৱেষক আৰ্পিতা দালালৰ লগতে ১৯ গৰাকী যুৱ বিজ্ঞানীয়ে ৫ম ব্ৰিকছ যুৱ বিজ্ঞানী ফেল’ এনক্লেভলৈ নিৰ্বাচিত হৈছে ৷ এই এনক্লেভ ৰাছিয়াত অহা ২১-২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৷ উল্লেখ্য যে ব্ৰিকছ যুৱ বিজ্ঞানী ফ’ৰামৰ ধাৰণাটো দ্বিতীয় ব্ৰিকছ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন (এছটিআই) পৰিষদৰ সভাত গৃহিত হৈছিল ৷ বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা তীব্ৰ কৰা, বিশেষকৈ সামাজিক প্ৰত্যাহ্বান মোকাবিলাত তৰুণ বৈজ্ঞানিক প্ৰতিভাৰ সদ্ব্যৱহাৰ কৰা, ব্ৰিকছ তৰুণ বিজ্ঞানীসকলৰ বাবে এটা নেটৱৰ্কিং প্লেটফৰ্ম প্ৰস্তুত কৰাই হ’ল এই সন্মিলনৰ লক্ষ্য ৷ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ গৱেষক পণ্ডিত আৰ্পিতা দালালক এই ক্ষেত্ৰত দেশজুৰি আন চাৰিগৰাকী পণ্ডিতৰ সৈতে নিৰ্বাচন কৰা হৈছে ৷ যদিও ইয়াৰ বাবে ১৯ খন আসন আছিল ৷ মোৰ প্ৰতিযোগিতাত ১৯ খনৰ ভিতৰত ৫ খন আছিল, ৬ খন আছিল কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে, ৬ খন পদাৰ্থ বিজ্ঞানৰ বাবে, দুটা নতুনত্ব পুৰস্কাৰ প্ৰতিযোগিতাৰ বাবে আৰু বাকীখন বাস্তশাস্ত্ৰৰ বাবে সংৰক্ষিত আছিল ৷ আৰ্পিতা দালালে বাৰাক বুলেটিনত এই কথা কয় ৷ নিৰ্বাচিত হোৱাৰ বিষয়ে সন্তুষ্টি প্ৰকাশ কৰি অৰ্পিতা দালালে কয় যে তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ চৰকাৰৰ বিজ্ঞপ্তি চাইছিল ৷ মই বাস্তশাস্ত্ৰত এমএছচি আৰু পিএইচডি কৰিছো ৷ সেয়ে মই ইয়াৰ বাবে আবেদন কৰাৰ কথা ভাবিছিলো ৷ মই ২০১৬ চনত ইংলেণ্ডত ছমাহৰ বাবে পিএইচডি প্লেচমেণ্ট প্ৰগ্ৰেমৰ অধীনত কুইন্স বিশ্ববিদ্যালয়ত পিএইচডি এক্সচেঞ্জ প্ৰগ্ৰেমত আছিলো ৷ মই নিৰ্বাচিত হোৱাৰ বাবে বহু আশাবাদী আছিলো বুলি আৰ্পিতাই কয় ৷ অংশগ্ৰহণকাৰীসকলৰ আন্তৰ্জাতিক বিমান ভ্ৰমণ আৰু থকাৰ ব্যয় ভাৰত আৰু স্বাগতিক দেশে যৌথভাৱে বহন কৰিব ৷ বৰ্তমানে ক’ভিড মহামাৰীৰ বাবে এই কাৰ্যসূচী সংক্ষিপ্ত কৰা হৈছে আৰু ভাৰ্চুৱেল কৰা হ’ব ৷
কেৱল আনুষ্ঠানিক নিয়ম পালন কৰিলে কোঁচগাঁৱৰ ৰাইজে ৷ জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত উৎসাহহীনভাবে উদযাপন ২২৫ বছৰীয়া পৰম্পৰা
জামুগুৰিহাট : গৌৰৱোজ্জ্বল দ্বি-শতবৰ্ষ অতিক্ৰম কৰা জামুগুৰিহাটৰ কালীয়দমন ক্ষেত্ৰত যেন এইবেলি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশ ৷ পূৰ্ৱৰ সেই উৎসাহ উদ্দীপনাৰ পৰিৱৰ্তে এইবাৰ দেখা পোৱা গৈছে গাঁওবাসীৰ সেমেকা দুচকু ৷ বিগত দীৰ্ঘ ইতিহাসত, ২২৫ বছৰীয়া গৌৰৱোজ্জ্বল কালীয়দমন নাটৰ ভাওনা মহোৎসৱ এইবেলি মহামাৰী সদৃশ ক’ৰনাৰ বাবেই বাতিল কৰিবলগীয়া হোৱাত গাঁওবাসী দুখিত তথা মৰ্মাহত হৈ পৰিছে৷ গুৰুজনাৰ তিৰোভাৱ তিথিৰ বিশেষ দিনটোত প্ৰতিবছৰেই নিৰবিচ্চিন্নভাৱে গাঁওবাসীয়ে যথেষ্ট উৎসাহ উদ্দীপনাৰে উদযাপন কৰি আহিছিল তিথিভাগৰ লগতে নিশালৈ কালীয়দমন নাটৰ ভাঁওনা ৷ য’ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ কালীয়দমন ক্ষেত্ৰত সমবেত হৈ শৰাই শলিতা আগবঢ়াই আৰু মনোবাঞ্চা পূৰণৰ অৰ্থে ভগৱানৰ ওচৰত আশীষ বিচাৰি সেৱা গ্ৰহণ কৰি আহিছিল ৷ গাঁওবাসীয়েও দূৰণীবতিয়া ভকত বৈঞ্চৱসকলৰ লগতে কালীয়দমন ক্ষেত্ৰলৈ অহা প্ৰতিগৰাকী ভকত বৈঞ্চৱক বিগত বৰ্ষসমুহত ভকতিৰ অমিয়া পান কৰাবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাছিল ৷ কিন্তু এইবেলি সম্পূৰ্ণ বিপৰীত এক ছবি দেখা পাবলগীয়া হোৱাত গাঁওবাসীৰ মাজত বিৰাজ কৰিছে এক বুজাব নোৱাৰা দুখৰ অনুভৱ ৷ যদিওবা অনুষ্টুপীয়াকৈ গাঁওবাসীয়ে গুৰুজনাৰ তিৰোভাৱ তিথিভাগ সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে পালন কৰিছে তথাপিও নিশাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কালীয়দমন ভাঁওনা মহোৎসৱভাগ বাতিল কৰিবলগীয়া হোৱা বিষয়টিয়ে যথেষ্ট মনোকষ্ট দিছে গাঁওবাসীক ৷ অৱশ্যে মহামাৰী ক’ৰণাৰ এই সংকটৰ পৰা বিশ্ববাসীক পৰিত্ৰাণ দিবৰ বাবে ভগৱন্তৰ ওচৰত সেৱা লৈ আশীৰ্বাদ বিচাৰিলে গাঁওবাসীয়ে ৷ উল্লেখ্য যে ১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত জামুগুৰিহাটৰ কোঁচগাঁৱৰ গঞা ৰাইজে নিৰবিচিন্নভাবে অনুষ্ঠিত কৰি অহা মহোৎসৱ ভাগ বিগত দীৰ্ঘ ইতিহাসত মহামাৰীৰ বাবে বাতিল কৰিবলগীয়া হোৱাৰ কথা এয়ে প্ৰথম ৷
অৰুণোদয় আঁচনি ৰূপায়নক লৈ কামৰূপ মহানগৰ জিলাৰ গুৰুত্বপুৰ্ণ বৈঠক ৷ প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ’ব : সিদ্ধাৰ্থ ভট্টাচাৰ্য
গুৱাহাটী : ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ঘোষণা কৰাৰ পিছতে কামৰূপ মহানগৰ জিলাই আঁচনিখন সঠিকভাৱে ৰূপায়নৰ ক্ষেত্ৰত বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ ইয়াৰ বাবেই গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত অলপতে কামৰূপ মহানগৰ জিলাৰ কাৰ্য্যালয়ত এক গুৰুত্বপুৰ্ন বৈঠক অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ জনহিত অৰুণোদয় আঁচনিখন সঠিকভাৱে ৰূপায়ন কৰাৰ বাবেই এই সভাখন অনুষ্ঠিত কৰা হৈছিল ৷ কামৰূপ মহানগৰ জিল্লা উপায়ুক্ত বিশ্বজিত পেগু, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ উপস্থিতত বৈঠক অনুষ্ঠিত হয় ৷ উল্লেখ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ লোকে এই আঁচনিখন লাভ কৰে তাৰ বাবেই বিভিন্ন দিশ চালিজাৰি চাই বৃস্তিতভাৱে আলোচনা কৰা হৈছে ৷ এই ক্ষেত্ৰত গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৈঠকত উপস্থিত থাকি কয় যে ৰাজ্য চৰাকাৰৰ অৰুণোদয় আঁচনি এখন উল্লেখযোগ্য আঁচনি ৷ এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীয়ে মাহেকত ধন লাভ কৰিব ৷ সেয়ে আঁচনিখন ৰূপায়নত সাৱধানতা অৱলম্বনৰ প্ৰয়োজন ৷ কিয়নো এই আঁচনিৰ পৰা এজনো প্ৰকৃত হিতাধিকাৰী বাদ নপৰে তাৰ বাবেই আমি সতৰ্কতাৰে কাম কৰাৰ প্ৰয়োজন ৷ এই ক্ষেত্ৰত ভুৱা হিতাধিকাৰী নাম অন্তৰ্ভুক্ত নহয় সেয়া দৃষ্টি ৰাখিব লাগিব ৷ সেইবাবেই কামৰূপ মহানগৰ জিলাৰ কৰ্মচাৰীসকলক এটি টীম হিচাপে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী ভট্টাচাৰ্যই ৷ অৰুণোদয় আঁচনিৰ বৈঠকত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ লগতে ভালে সংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷
পাৰ্বতিপ্ৰসাদ বৰুৱা গীতৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
দৈনন্দিন বাৰ্তা ডেস্ক : পাৰ্বতি সোঁৱৰণৰ উদ্যোগত আৰু সুৰ সংগম সংগীত মহাবিদ্যালয় সাংস্কৃতিকাৰ সৌজন্যত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা দেৱৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তাৰ ফলাফলসমূহ ১৯ আগষ্টত অৰ্থাৎ গীতিকবিগৰাকীৰ ওপজা দিনত ঘোষণা কৰা হয় এই ফলাফল। ১৩০ গৰাকী প্ৰতিযোগীৰে অনুস্থিত হোৱা ফলাফলৰ ভিতৰত প্ৰথম স্থান পাইছে ভাস্কৰ জ্যোতি শিৱম, দ্বিতীয় স্থান পাইছে কুঁৱলী ভূষনা চৌধুৰী আৰু তৃতীয় স্থান পাইছে ঝলক দামানীয়ে। ইয়াৰ বাহিৰেও বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে কৃষ্ণা মণি ৰাভা, উদ্দীপনা গোস্বামী আৰু দিষ্ণু শ্ৰেয়া চৌধুৰী আৰু প্ৰজ্ঞা কোঁৱৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ গীতসমূহ আজিৰে পৰা প্ৰতি সন্ধিয়া পাঁচ বজাৰ পৰা পাঁচ গৰাকীকৈ প্ৰতিযোগীৰ গীত “Music vivant -voilin Tutorial youtube channel/face book page ত চাব পাৰিব। প্ৰয়োজনত ৯৪৩৫১১৫৮০০ নম্বৰত যোগাযোগ কৰিব পাৰে।
যোগান বিভাগত কেলেংকাৰী, ডবকাত খাদ্য সুৰক্ষাৰ চাউল বিচাৰি গ্ৰাহকৰ প্ৰতিবাদ
ডবকা : ৰাজ্যজুৰি যোগান বিভাগৰ কেলেংকাৰীৰ পিছতেই খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সাধাৰণ জনতাই প্ৰতিবাদ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা চাৰি আগষ্টত হোজাই জিলাত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযানৰ পিচৰ পৰাই বন্ধ চৰকাৰী চাউল যোগান আঁচনি। ইপিনে কৰোনাৰ আতংক আনপিনে লকডাউন। তাৰ মাজতেই বন্ধ চৰকাৰী চাউল যোগান আঁচনি। এমুঠি খাদ্যৰ বাবে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা। কেলেংকাৰী কৰিছে যোগান বিভাগে, দুৰ্ভোগ ভুগিছে দুখীয়া শ্ৰেণীৰ সাধাৰণ জনতাই। এই লৈ হোজাই জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোগান বিভাগত বৃহৎ কেলেংকাৰী হোৱাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন জিলাত অৰ্থনৈতিক অপৰাধ শাখাৰ চলিছিল অভিযান। হোজাই জিলাতো যোৱা চাৰি আগষ্টত ডবকা সমবায় সমিতিৰ কাৰ্য্যালয়, লংকা দগাঁও আৰু হোজাই জন কল্যাণ সমবায় সমিতিত অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পাঁচজনীয়া এটি দলে অভিযান চলাই বিভিন্ন নথিপত্ৰ জব্দ কৰি লৈ গৈছিল ৷ গুৱাহাটীৰ পৰা অৰ্থনৈতিক অপৰাধ শাখাৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই দলটিত কেইবাজনো যোগান বিভাগৰ বিষয়াওঁ আছিল ৷ দলটিয়ে সমবায় সমিতিৰ গুদাম ঘৰৰ উপৰিওঁ কাৰ্য্যালয়ৰ বিভিন্ন নথি পত্ৰওঁ পৰীক্ষা কৰাৰ লগতে বহু কেইজন সমবায় এজেন্টক, সুলভ মূল্যৰ দোকানীক দলটিয়ে সোধপোচো কৰিছিল ৷ অৱশ্যে দলটিৰ এই অভিযান কালত কাকো আটক কৰা নাই যদিওঁ তদন্তৰ বাবে বহু নথি পত্ৰ জব্দ কৰি গুৱাহাটী লৈ গৈছিল ৷ লক ডাউনৰ সময়ত চৰকাৰে দুখীয়া লোকৰ বাবে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী গৰীব যোজনাৰ চাউল তথা অন্যান্য চৰকাৰী আঁচনিৰ চাউল বিতৰণত নামত যোগান বিভাগ, বহু সুলভ মূল্যৰ দোকানী, এজেন্ট সকলে ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ তাৰোপৰি বহু এজেন্ট, সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে চাউল দুখীয়া লোকক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সমস্ত অভিযোগৰ ভিত্তিত দলটিয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছিল। কিন্তু অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযানৰ পিচৰ পৰাই দুখীয়া শ্ৰেণীৰ লোকৰ চাউল যোগান ৰহস্যজনকভাৱে বন্ধ হৈ থকাত ক্ষোভিত হৈ পৰিছে খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া শ্ৰেণীৰ সাধাৰণ জনসাধাৰণে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ, যোগান বিভাগ তথা হোজাই জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।
নগাঁৱৰ পাখিমৰীয়াত সুলভ মূল্যৰ দোকানক লৈ সংঘাত : দুটা পক্ষৰ মাজত মাৰপিট
ননৈ : নগাঁৱৰ সদৰ সমষ্টিৰ আন্তৰ্গত পাখিমৰীয়া গাঁৱৰ কালি এখন সুলভ মূল্যৰ দোকানক লৈ দুটা পক্ষৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। সুলভ মুল্যৰ দোকানক লৈ দীৰ্ঘদিন ধৰি চলি থকা সংঘাত দূৰ কৰিবলৈ নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে পাখিমৰীয়া গাঁৱত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাতেই দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। এই খবৰ লাভ কৰি নগাঁৱৰ বৈদ্যুতিন মাধ্যমৰ আৰু ৱেভ পৰ্টেলৰ কেইজনমান সাংবাদিক ঘটনাস্থলিত উপস্থিত হৈ বাতৰি সংগ্ৰহৰ ব্যৱস্থা কৰে। তাৰ পিছতে স্থানীয় এজন বিজেপি নেতাৰ নেতৃত্বত সাংবাদিকৰ দলটোক একাংশ লোকে আক্ৰমণ আৰম্ভ কৰে। ফলত সাংবাদিকৰ দলটোৱে সেই স্থানৰ পৰা আতৰি গৈ লগে লগে স্থানীয় ননৈ আৰক্ষী থানাত ঘটনাটো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে। ইপিনে কালি বিয়লি নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েছনৰ ফালৰ পৰা নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়। উল্লেখ যে পাখিমৰীয়া গাঁৱৰ চামচুল হক নামৰ এজন লোকৰ নামত থকা সুলভ মূল্যৰ দোকানখন অনিয়মেৰে চলা বুলি একাংশ গ্ৰাহকৰ অভিযোগৰ যোগান বিভাগে নিলম্বিত কৰিছিল। পৰৱৰ্তী সময়ত দোকানখনৰ ওপৰত চলোৱা বিভাগীয় তদন্তত নিৰ্দোষী প্ৰমাণ হোৱাত পুনৰ দোকানখন চামচুল হকক চলোৱাৰ বিভাগীয় অনুমতি প্ৰদান কৰা হয়। এই লৈ বিজেপিৰ প্ৰতিনিধি ৰিয়াজুল হকৰ নেতৃত্বত থকা প্ৰতিপক্ষ দলটো খৰ্গহস্ত হয় আৰু যাৰ বাবে কালি দুটা পক্ষৰ মাজত মাৰপিটৰ ঘটনাটো সংঘটিত হয়।
বেংক, ৰে’ল, ষ্টাফ ছিলেকচনৰ নিয়োগত এটাই পৰীক্ষা : নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠন
দৈনন্দিন বাৰ্তা ডেস্ক : বেংক, ৰে’ল বা ষ্টাফ ছিলেকচনত নিয়োগৰ বাবে এইবাৰৰ পৰা পৃথকে পৰীক্ষা দিব নালাগে ৷ চাকৰি প্ৰাৰ্থীৰ বোজা কমাবলৈ বৃহৎ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো নন-গেজেটেড প’ষ্টত নিয়োগৰ বাবে এটা অভিন্ন এজেন্সী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই এজেন্সীৰ জৰিয়তে সকলো নন-গেজেটেড প’ষ্টত চাকৰিৰ বাবে এটাই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ এই পৰীক্ষাত উত্তীর্ণ হ’লেই পৃথক পৃথক বিভাগত চাকৰিৰ বাবে কৰা হ’ব ৷ প্ৰতি বছৰে কমেও এক লাখ ২৫ হাজাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰায় আঢ়ৈ কোটি চাপৰি প্ৰাৰ্থীয়ে বিভিন্ন ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ পৃথক পৃথক চাকৰিৰ বাবে পৃথক পৃথক ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ যিদৰে ৰে’লত নিয়োগৰ বাবে ৰে’ল নিয়োগ ব’ৰ্ড, চৰকাৰী কাৰ্যালয়ৰ চাকৰিৰ বাবে ষ্টাফ ছিলেকচন কমিচন বা বেংকৰ পৰীক্ষাৰ বাবে আইবিপিএছৰ দৰে পৰীক্ষা দিয়ে ৷ সকলোবোৰ পৰীক্ষাৰ বাবে বেলেগে বেলেগে প্ৰস্তুতি কৰিব লগা হয় ৷ তেনেদৰে প্ৰপত্ৰ পৃথক পৃথককৈ পুৰাব লাগে ৷ ফলত বহু ধন খৰচ হয় ৷ এতিয়া এই সকলো পৰীক্ষাৰ্থীৰ বাবে আহিল সুখবৰ ৷ সকলো নন-গেজেটেড পদত নিয়োগৰ বাবে নিৰ্মাণ কৰা হৈছে অভিন্ন নিয়োগ ব’ৰ্ড ৷ এই ব’ৰ্ডৰ নাম দিয়া হৈছে নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী ৷ এই এজেন্সীৰ জৰিয়তে অনলাইনত লোৱা হ’ব কমন এলিজিবিলিটি টেষ্ট ৷ অনলাইনৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে আবেদন কৰিব পাৰিব বেংক, ৰে’লসহ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষা ৷ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনোৱা মতে এই কমন এলিজিবিলিটি টেষ্টৰ মেধা তালিকাৰ ম্যাদ হ’ব তিনি বছৰ ৷ অৰ্থাৎ এবাৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তিনি বছৰত বিভিন্ন প’ষ্টৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ ইয়াৰ বাবে বেলেগে বেলেগে আন পৰীক্ষা দিব নালাগে ৷ উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেটৰ সময়ত এই নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠনৰ কথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছিল ৷ সেই প্ৰস্তাৱ বুধবাৰে অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৷ অহা বছৰৰ পৰাই এই অভিন্ন পৰীক্ষা পদ্ধতি আৰম্ভ হ’ব ৷













