Home Blog Page 3209

নৰেন্দ্ৰ মোডী দীৰ্ঘদিনীয়া অকংগ্ৰেছী প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে সৰ্বাধিক দিন দেশ শাসন কৰা শাসকৰূপে স্থান লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে অকংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘ দিন দায়িত্বত আছিল অটল বিহাৰী বাজপেয়ী ৷ বাজপায়ীয়ে দেশত ২২৬৮ দিন শাসন কৰাৰ সুবিধা পাইছিল ৷ সম্প্ৰতি দেশত সৰ্বাধিক দিন প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু ড° মনমোহন সিঙৰ পাচত নৰেন্দ্ৰ মোডী ৷ উল্লেখ্য দিশৰ ১৪ তম প্ৰধানমন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে’ত নৰেন্দ্ৰ মোডীয়ে শপত গ্ৰহণ কৰিছিল ৷ তেওঁ দ্বিতীয়বাৰ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয় ২০১৯ চনৰ ৩০ মে’ত ৷ উল্লেখ্য যে দেশত সৰ্বাধিক দিন প্ৰধানমন্ত্ৰী হিচাপে আছিল জৱাহৰলাল নেহৰুৱে ৷ নেহৰুৱে ১৭ বছৰ দেশত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে নেহৰুৰ কন্যা ইন্দিৰা গান্ধীয়ে ১১ বছৰ চলোৱাৰ পাচত প্ৰায় পাঁচ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল ৷ ড° মনমোহন সিঙে পাঁচ বছৰীয়া দুটা কাৰ্যকাল একেৰাহে চলাইছিল ৷ আনহাতে নৰেন্দ্ৰ মোডী হ’ল চতুৰ্থজন প্ৰধানমন্ত্ৰী যি এক দীঘলীয়া সময় কাৰ্যনিৰ্বাহ কৰিছে ৷

ভূটানত লকডাউন

দৈনন্দিন বাৰ্তা ডেস্ক : কোৱাৰেণ্টাইনৰ পৰা মুক্তি পোৱা প্ৰত্যাগমন কৰা ভ্ৰমণকাৰীৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ কাৰণে ভূটানত ৰাষ্ট্ৰজুৰি লকডাউন ঘোষণা কৰিছে৷ দেশখনত থকা প্ৰায় ৭ লাখ ৫০ হাজাৰ লোকক ঘৰতে থকাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে৷ লগতে সকলো শিক্ষানুষ্ঠান, কাৰ্যালয় আৰু বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে৷ চৰকাৰৰ এক বিবৃতিত প্ৰকাশ যে এই লকডাউন পাঁচৰ পৰা ২১ দিনৰ বাবে বাহাল থাকিব৷ উল্লেখ্য যে ২৭ বছৰীয়া ভূটানীজ মহিলা এগৰাকী কুৱেটৰ পৰা ঘুৰি অহাৰ পাচত পৰীক্ষাত নিগেটিভ পোৱা গৈছিল যদিও কোৱাৰেণ্টাইন কৰা হৈছিল৷ কিন্তু কোৱাৰেণ্টাইনৰ পৰা মুক্ত কৰাৰ পাচত মহিলাগৰাকীক পৰীক্ষা কৰাত সোমবাৰে পজিটিভ ফলাফল পায়৷ বিশ্বাস কৰা মতে মহিলাগৰাকীয়ে ভূটানত ফুৰিছিল৷ উল্লেখ্য যে দেশখনৰ পৰ্যটন বিভাগে মাৰ্চ মাহৰ পাচৰে পৰা দেশখনৰ সীমান্ত বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰিছিল৷ ক’ভিড-১৯ত আক্ৰান্ত এজন আমেৰিকান পৰ্যটকক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পাচত এই সিদ্ধান্ত লোৱা হৈছিল৷ ভূটানত আক্ৰান্ত ১১৩ জন ভ্ৰমণকাৰীক কোৱাৰেণ্টাইন কৰা হৈছিল৷

সৎ কৰদাতাক সন্মান জনোৱাৰ উদ্দেশ্যে বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : লক্ষ্য স্বচ্ছতা ৷ দিশৰ সৎ কৰদাতাক সন্মান জনোৱাৰ উদ্দেশ্যে বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ দেশজুৰি আৰম্ভ হ’ল ‘ট্রান্সপাৰেণ্ট টেক্সেচন, অনাৰিং দ্য অনেষ্ট’৷ অৰ্থাৎ ‘স্বচ্ছ কৰ ব্যৱস্থা, সততাৰ সম্মান’ প্রকল্প। চৰকাৰে লক্ষ্য কৰিছে, দেশৰ কৰ ব্যৱস্থাটোত স্বচ্ছতা আনি সৎ কৰদাতাই যাতে উপযুক্ত সন্মান পায় আৰু তেওঁলোক কোনো জটিলতাৰ মাজত নপৰে তাক নিশ্চিত কৰা৷ স্বাধীনতা দিৱসৰ আগেয়ে এই নতুন কৰ ব্যৱস্থা সূচনা কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিত্ত মন্ত্ৰালয়ৰ দাবী, এয়া আয়কৰ আৰু ক’ৰপ’ৰ্ট কৰৰ সংস্কাৰৰ দিশত বৃহৎ পদক্ষেপ৷ আনহাতে কেন্দ্ৰৰ দাবী নতুন এই আয়কৰ ৰিটাৰ্ণ আৰু কৰ সমস্যা সমাধানত ‘ফেচলেছ’ ব্যৱস্থা অধিক শক্তিশালী হ’ব৷ নিজৰ কৰ আদানপ্ৰদানত হিচাপ ৰখাত অধিক সহজ হৈ পৰিব সৎ কৰদাতাৰ৷ এই প্ৰকল্প সূচনা মঞ্চত প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ সৎ কৰদাতাই ৰাষ্ট্ৰ নিৰ্মাণত বৃহৎ ভূমিকা লয়৷ দেশত সৎ কৰদাতাৰ জীৱন সহজ হ’লেই উন্নয়ন সম্ভৱ, দেশৰ বিকাশ সম্ভৱ৷ প্ৰধানমন্ত্ৰীয়ে লগতে দাবী কৰে যে বহু দিনৰ পৰা কৰ ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন৷ কিন্তু আগতে সেয়া হোৱা নাছিল৷ বাধ্য হৈ বা চাপত পৰি লোৱা সিদ্ধান্তক সংস্কাৰ বুলি চেষ্টা চলোৱা হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, কৰ ব্যৱস্থা আমাৰ লক্ষ্য হোৱা উচিত দ্ব্যর্থহীন, কষ্টহীন আৰু ফেচলেছ৷ যোৱা ছবছৰে কৰ ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন দেখিছে ভাৰতে৷ আমাৰ জটিলতা কমিছে আৰু স্বচ্ছতা বাঢ়িছে৷ আমাৰ কৰদাতাই বিশ্বাস অৰ্জন কৰিব পাৰিছে৷

মডেৰ্ণাৰ সৈতে ১.৫২৫ বিলিয়ন ডলাৰৰ চুক্তি ডনাল্ড ট্ৰাম্প চৰকাৰৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাছিয়াই ক’ৰোনাৰ টীকা প্ৰস্তুত কৰাৰ কথা ঘোষণাৰ পাচত মৌন হৈ থাকিব পৰা নাই আমেৰিকা৷ ইপিনে আগত আছে মাৰ্কিন ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন৷ এনে সময়তে মডেৰ্ণাৰ টীকাকে খামুচি ধৰিলে আমেৰিকাই৷ ডনাল্ড ট্ৰাম্প চৰকাৰে মডেৰ্ণাৰ সৈতে ১০০ মিলিয়ন টীকাৰ ডোজ প্ৰস্তুত কৰিবলৈ ১.৫২৫ বিলিয়ন ডলাৰৰ চুক্তি কৰিলে৷ ইয়াৰ আগতে অৱশ্যে মাৰ্কিন প্ৰশাসনে এই টীকা প্ৰস্তুতকাৰী কোম্পানীক সহায় কৰিছে৷ ৰাছিয়াৰ টীকা বজাৰলৈ অহাৰ সময়ত ট্ৰাম্পৰ তৎপৰতা বহু বৃদ্ধি পাইছে৷ উল্লেখ্য যে কিছুদিনৰ আগতে মডেৰ্ণাই টীকাৰ দাম ধাৰ্য কৰিছে৷ প্ৰতিজন ব্যক্তিৰ নামত মডেৰ্ণাৰ টীকাৰ খৰচ প্ৰায় তিনিশ ডলাৰ হ’ব বুলি কোম্পানীটোৱে জনাইছে৷ অৱশ্যে অক্সফৰ্ড আৰু এষ্ট্ৰাজেনেকাৰ টীকা ক’ভিছিল্ডৰ তুলনাত দাম কিছু কম৷ জানিব পৰা মতে ক’ৰোনাৰ টীকা প্ৰস্তুত কৰাত শেষ পৰ্যায় পাইছেগৈ মাৰ্কিন কোম্পানী মডেৰ্ণা আইএনচি আৰু জাৰ্মানীৰ ফাইজাৰ আইএনচি৷ মাৰ্কিন চৰকাৰৰ সমৰ্থনত গৱেষণাৰ তৃতীয় পৰ্যায়ত ৩০ হাজাৰ স্বেচ্ছাসেৱীৰ ওপৰত টীকাৰ চূড়ান্ত পৰীক্ষা আৰম্ভ কৰিছে৷ অহা ৮৯ ঠাইত এই পৰীক্ষা হ’ব৷ এই পৰ্যায়ত সাফল্য আহিলে চলিত বছৰৰ শেষত ক’ৰোনা ভাইৰাছৰ টীকা বজাৰলৈ আনিব পাৰে দুই কোম্পানীয়ে৷ 

বিশ্ববিদ্যালয়বোৰে ৩০০ খনকৈ বেছি কলেজৰ অনুমোদন কৰিব নোৱাৰিব : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্ববিদ্যালয়বোৰে ৩০০ খনকৈ বেছি কলেজৰ অনুমোদন কৰিব নোৱাৰে৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশাংকই৷ উপাচাৰ্যসকলে অ’তবোৰ মহাবিদ্যালয়ৰ গুণমান আৰু কাৰ্যকাৰিতা সম্পৰ্কে এটা টেবত ৰাখিব পাৰিবনে? এখন বিশ্ববিদ্যালয়ে ৩০০ খনতকৈ অধিক মহাবিদ্যালয়ক অনুমোদন কৰিব নোৱাৰে আৰু তাৰ বাবে আমাৰ বিশ্ববিদ্যালয়ৰ সংখ্যা বঢ়োৱাৰ প্ৰয়োজন হ’লে আমি কৰিম৷ এইদৰে মন্ত্ৰীজনে কয়৷ বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিৱাল নিশাংকই কয়, বিশ্ববিদ্যালয়বোৰে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (এনইপি)ত মহাবিদ্যালয়ক অধিক স্বায়ত্তশাসনৰ প্ৰস্তাৱ দিয়া আৰু অনুমোদনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱৰ ভিতৰত ৩০০ খনৰ বেছি মহাবিদ্যালয়ক অনুমোদন কৰিব নোৱাৰিব৷ ‘অলপতে মই এখন বিশ্ববিদ্যালয়লৈ গৈছিলো আৰু বিশ্ববিদ্যালয়খনে কিমানখন মহাবিদ্যালয় অনুমোদন কৰিছে বুলি যেতিয়া মই উপাচাৰ্যক সুধিছিলো তেতিয়া তেওঁ ৮০০ খন ডিগ্ৰী মহাবিদ্যালয় দিয়া কথা কয়৷ মই ভাবিছিলো যে মই ভুল শুনিছো নেকি৷ মই তেওঁক পুনৰ সুধিছিলো আৰু তেওঁ ৮০০ খন বুলি কয়৷’ তেতিয়া তাত সমাবৰ্তন চলিছিল৷ মই আচৰিত হৈছিলো৷ ৮০০খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ নাম উপাচাৰ্যৰ মনত আছেনে? কেন্দ্ৰীয় মন্ত্ৰীজনে এনেদৰে কয়৷ “এডুকেছন প’ষ্ট-ক’ভিড-১৯” শীৰ্ষক এক ভাৰ্চুৱেল অধিৱেশনত তেওঁ ভাষণত এই কথা প্ৰকাশ কৰে৷ তেওঁ ইমান বিপুল সংখ্যক মহাবিদ্যালয়ৰ গুণমান আৰু কাৰ্যকৰিতা সম্পৰ্কে এটা টেবত ৰাখিব পাৰিবনে? এই কাৰণেই এনইপিত আমি কৈছো পৰ্যায়ক্ৰমে আমাৰ ইয়াকে লৈ কাম কৰা হ’ব৷ এখন বিশ্ববিদ্যালয়ে ৩০০ খনতকৈ বেছি মহাবিদ্যালয় অনুমোদন কৰিব নোৱাৰিব আৰু তাৰ বাবে বিশ্ববিদ্যালয়ৰ সংখ্যা বঢ়াব লগীয়া হ’লে আমি তাকে কৰিম৷ মন্ত্ৰীজনে এনেদৰে উল্লেখ কৰে৷ আমাৰ ৪৫০০০ খন ডিগ্ৰী মহাবিদ্যালয় আছে য’ত ৮০০০ খন স্বায়ত্ত্বশাসিত৷ পৰ্যায়ক্ৰমে এইবোৰৰ মানৰ ভিত্তিত আমি সেইবোৰৰ গ্ৰেডিং উন্নতি কৰাম আৰু তাৰ অগ্ৰগতিৰ লগে লগে স্বায়ত্ত্বশাসন প্ৰদান কৰিম৷ এনেদৰে মন্ত্ৰীজনে উল্লেখ কৰে৷

জুবিনে জিলাই জিলাই গৈ আৰম্ভ কৰক মদ বন্ধ অভিযান। জুবিনে সেই কাম কৰিব পাৰিলে মালা পিন্ধাম : প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মা

নলবাৰী : জুবিনক আক্ৰমণ কৰা ঘটনাটো দুৰ্ভাগ্যজনক, জুবিন আমাৰ সম্পদ। জুবিনে ৰাজ্যত মদ বন্ধ কৰক, আজি নলবাৰী জিলাৰ ৰাজীৱ ভৱনত উপস্থিত হৈ এই মন্তব্য কৰে প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই। তদুপৰি প্ৰাক্তন সাংসদ গৰাকীয়ে কয় যে, জুবিনে জিলাই জিলাই গৈ আৰম্ভ কৰক মদ বন্ধ অভিযান। জুবিনে সেই কাম কৰিব পাৰিলে মালা পিন্ধাব বুলি আৰ পি শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আনহাতে আগন্তুক বিধান সভা নিৰ্ব্বাচনত কংগ্ৰেছ দলে ৮০ খন আসন লাভ কৰিব বুলিও আৰ পি শৰ্মাই মন্তব্য কৰে। লগতে কংগ্ৰেছ দলে এআইইউডিএফৰ লগত মিত্ৰতা হ’লেও কোনো ধৰণৰ সমস্যা নাই বুলি সাংসদ গৰাকীয়ে প্ৰকাশ কৰে। সমান্তৰালভাৱে আৰ পি শৰ্মাই কয় যে বিজেপিয়ে মিছন ১০০ সপোন এনেই দেখি আছে। ৰাজনৈতিক দল গঠন কৰাৰ সকলোৰে অধিকাৰ আছে। তদুপৰি ৰাজীৱ ভৱনত এন আই ইউ আই, যুৱ কংগ্ৰেছ-মহিলা কংগ্ৰেছসকলক লৈ এখন দলীয় সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই সভাত জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দিব্য জ্যোতি হালৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰসহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৃক্ক ৰোগত আক্ৰান্ত নিতুমনি চুতিয়াক লাগে এতিয়া হৃদয়বান ব্যক্তি সহায়

ডিৰাক সীমান্ত  : তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত এখন অতি ভিতৰুৱা গাঁও দীঘলীপথাৰৰ নিবাসী নিগম চুতীয়া আৰু মেমৰি চুতীয়া কন্যা নিতুমনি চুতীয়া বহু দিন ধৰি বৃক্ক ৰোগত ভুগি আছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসা কৰিছিল যদিও সুফল পাবলৈ সক্ষম হোৱা নাই। আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে এতিয়া উন্নত চিকিৎসা কৰিবলৈ সক্ষম হোৱা নাই।ডুমডুমা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে বিগত বৰ্ষৰ পৰাই বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা ফলত শিক্ষাৰ দিশটো থমকি ৰ’বলগীয়া হৈছে। সৰুৰে পৰা গান গাই,  তাঁত বৈ, হাঁহি-মাতি, ফূৰ্তি কৰি থাকি ভাল পোৱা ছোৱালীজনীয়ে এতিয়া জীৱনৰ সতে যুজঁ দিব লগা হৈছে।  তাইক লাগে এতিয়া হৃদয়ৱান ব্যক্তি, দল-সংগঠন, চৰকাৰৰ  সহায়। আপোনাৰ মোৰ অকণমান সহায়েৰে তাইৰ জীৱন পূৰ্বৰ দৰে ৰঙীণ হৈ পৰিব। কোনো হৃদয়বান ব্যক্তিয়ে আর্থিকভাৱে সহায় কৰিব বিচাৰিলে চেন্টেল বেংক অৱ ইণ্ডিয়া,  কাকপথাৰ শাখাৰ একাউণ্ট নং 3633729520 আই:এফ:এছ:চি: CBIN0283221  যুগে সহায় কৰিব পাৰিব।

মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ অনলাইন ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তা ডেস্ক : লকডাউনৰ সময়ছোৱাত মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে সদৌ অসম ভিত্তিত অনলাইন ৰচনা প্ৰতিযোগিতা অনুস্থিত কৰিছিল। ‘ক’ আৰু ‘খ’ দুটা শাখাত ৰচনা প্ৰতিযোগিতাখন অনুস্থিত হৈ যায়। আজি সমিতিৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ফলাফলসমূহ ঘোষণা কৰা হয়। সাধাৰণ সম্পাদক ৰাজীৱ দাসে ফলাফলৰ ঘোষণা জানিবলৈ দিয়া অনুসৰি ‘ক’ শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ ইশিতা বৰদলৈ, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ধুপধাৰাৰ চায়ন সাহা, তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে অনামিকা চিন্তে আৰু চন্দ্ৰা কুমাৰীয়ে। ‘খ’ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ অৰ্কিমা গোস্বামীয়ে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ চামিন ইয়েচাৰ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ বৰষা দাসে। আনহাতে নিচুকণি বঁটা লাভ কৰে ‘ক’ শাখাৰ প্ৰজ্ঞান কলিতা, ধনজিত দাস, নিহাৰিকা শইকীয়া আৰু অনৱেশ হাজৰিকা। আৰু ‘খ’ শাখাত নিচুকণি পুৰস্কাৰ লাভ কৰে অৰুণাভ হাজৰিকা আৰু অভিনৱ ভূঞা আৰু মিতালী গোস্বামীয়ে। উল্লেখ্য যে সমিতিৰ সভাপতি প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, মুখ্য উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী অজয় দত্তই জানিবলৈ দিয়ে যে অহা ১৫ আগষ্টত দিনৰ ১২ বজাত বঁটাসমূহ পল্টন বজাৰস্থিত নেপালী চকত পুৰস্কাৰ প্ৰদান কৰা হ’ব।

অইলৰ সামাজিক দ্বায়বদ্ধ আঁচনিৰ ধন অনুমোদনৰ বিলম্ব, জিলা উপায়ুক্তলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতিৰ স্মাৰক পত্ৰ

টিংখাং : বিভিন্ন সময়ত অইল ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ প্ৰৱল দাবীত “অইল” কৰ্তৃপক্ষই সামাজিক দ্বায়বদ্ধ আঁচনিৰ অধীনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাট-পথ, বিদ্যালয় গৃহ, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে লাখ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান কৰি আহিছে যদিও এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই কাম কাজ সমূহ সম্পাদন কৰিবলগীয়া হোৱাত বহু সময়ত কামৰ গতিত স্থবিৰতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে। অইলে জিলা উপায়ুক্তৰ জৰিয়তে স্থানীয় প্ৰশাসনৰ ৰাজহ চক্ৰ বিষয়া আৰু কণ্ঠ উন্নয়ন বিষয়াক সামৰি এক জটিল প্ৰক্ৰিয়াৰ জৰিয়তেই ধন সমূহ ব্যৱহাৰ বাবে অনুমোদন প্ৰদান কৰে। এনে দীৰ্ঘ প্ৰক্ৰিয়াৰ জৰিয়তেই সম্পাদন কৰিবলৈ যাওঁতে এটা কাম সম্পূৰ্ণ কৰোঁতে পাচ ছয় বছৰ পৰ্য্যন্ত সময় লাগে। ফলত বহু সময়ত ৰাইজে আশা কৰা মতে কাম সম্পূৰ্ণ নহয়। অইল আৰু জিলা প্ৰশাসনৰ এনে জটিলতাৰ বাবেই বহু সময়ত নিৰ্মাণ সমিতি সমূহৰ লগতে অইলৰ ভাৱমূৰ্তি জনমানসত কলংকৃত হোৱা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত অনুদানৰ ধন অনুমোদন কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰাৰ লগতে সমুদায় ধন কমেও দুটা কিস্তিত দিয়াৰ ব্যৱস্থা কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ ডিব্ৰুগড় জিলা সমিতিয়ে দাবী কৰিছে। ইতিমধ্যে জিলা সমিতিৰ সভাপতি -মিন্টু কোঁৱৰ আৰু সম্পাদক দ্বীপেন হাজৰিকাই ডিব্ৰুগড় জিলা উপায়ুক্তক এক স্মাৰক পত্ৰৰ জৰিয়তে কৰিলে আগবঢ়োৱা সকলো দান অনুদান মুকলি কৰাৰ প্ৰক্ৰিয়া সৰলিকৰণ কৰিবলৈ দাবী জনাইছে। স্মাৰক পত্ৰৰ জৰিয়তে কয় যে অনুদানৰ ধন ব্যয় কৰাৰ ক্ষেত্ৰত থকা জটিলতাৰ বাবেই নিৰ্মাণ কাৰ্যত সৃষ্টি হোৱা মন্থৰতাই পৰোক্ষভাৱে জিলা প্ৰশাসন আৰু অইলৰ ভাৱমূৰ্তি জনমানসত অৱনমিত কৰিছে। এনে ক্ষেত্ৰত বিষয়টো গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি সৰলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (উত্তৰ পূৰ্বাঞ্চল)ৰ তৰফৰ পৰা স্মাৰক পত্ৰৰ জৰিয়তে সজোৰে দাবী জনায়।

নাজিৰাত গভীৰ নিদ্ৰাত আৰক্ষী প্ৰশাসন : স্বাধীনতা দিৱসত ১৮ ঘণ্টীয়া বন্ধ পালনৰ আহ্বান আলফা স্বাধীনৰ

গেলেকী : আগন্তুক স্বাধীনতা দিৱস বৰ্জনৰ বাবে তৎপৰ হৈ পৰিছে সংযুক্ত মুক্তি বাহিনী অসম অথবা আলফা স্বাধীন। লগতে আন-আন বিদ্ৰোহী সংগঠনসমূহ। ৰাজ্যজুৰি মৌন অসম আৰক্ষী। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ক’ৰনাত আক্ৰান্ত হোৱাৰ পাছৰে পৰা বিভাগটোত চৰম অৰাজগতাই বিৰাজ কৰিছে। শিৱসাগৰ জিলা অন্তৰ্গত নাজিৰা মহকুমা বিভিন্ন প্ৰান্তৰ লগতে জিলা জয়সাগৰ-গৌৰিসাগৰ সংযোগী পথ, ৰংঘৰ চাৰিআলি-শিৱসাগৰ নগৰ সংযোগী আমগুৰি দিখৌ দলঙৰ তলৰ পথ, ষ্টে’চন চাৰিআলি আদি মুখ্য ৰাজপথত দীৰ্ঘদিনে যান বাহন আৰক্ষী আৰু আৰক্ষী বাহিনীয়ে পানী নহ’ৰকা তালাচীৰ নামত নিতৌ স্কুটি, মটৰ চাইকেল আৰোহী, বাহনৰ চালকৰ পৰা চাণ্ডা সংগ্ৰহ কৰি সৰ্বসাধাৰণ ৰাইজক আতংকিত কৰি তুলিছে। সমাগত স্বাধীনতা দিৱস বৰ্জনৰ বাবে ৰাজ্যবাসীক আহ্বান জনাইছে আলফা স্বাধীনে। ইতিমধ্যে উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সৈতে যুটীয়াভাৱে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এখন প্ৰেছ বিবৃতি। ১৪ আগষ্টৰ মাজ নিশাৰ পৰা ৰাজ্যবাসীক ১৮ ঘন্টীয়া বন্ধ পালনৰ আহ্বান উগ্ৰপন্থী সংগঠনটোৰ। উল্লেখ্য যে এই সময়ছোৱাত সকলো শিক্ষা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰাখিবলৈ আলফা স্বাধীনে আহ্বান জনাইছে। আনহাতে কৰ’না ভাইৰাছৰ বাবে সাৱধানতা অৱলম্বনৰ বাবেও ৰাজ্যবাসীক আহ্বান আলফা স্বাধীনৰ। কিন্তু আলফা স্বাধীনৰ এই বন্ধৰ প্ৰতি এতিয়াও সষ্টম হোৱা নাই অসম আৰক্ষীকে ধৰি সুৰক্ষা বাহিনীৰ দলসমূহ। কেৱল মাত্ৰ অবৈধ ধনৰ লালসাত নিৰ্দ্দিষ্ট সময় অনুযায়ী নাজিৰাকে ধৰি শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ গভীৰ নিদ্ৰাৰ মাজত বাহন তালাচীৰ নামত চাণ্ডা সংগ্ৰহ অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হয়। আজি কোন দিশে দেশৰ সুৰক্ষা ব্যৱস্থা। নে এইদৰে ভাৰতবৰ্ষৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসো দেশবাসীয়ে বিদ্ৰোহী সংগঠনে দিয়া ভয় ভাবুকি, বন্ধৰ মাজৰে পালন কৰিব লাগিব সমাগত স্বাধীনতা দিৱস।