Breaking

জীয়া ভৰলী দলঙত পথ দুৰ্ঘটনাত থিতাতে নিহত সাধু বাবা : বাবাৰ পোহনীয়া এটি বান্দৰৰ হিয়া ভঙা কান্দোনে অধিক মৰ্মাহত কৰিলে প্ৰত্যক্ষদৰ্শীক

0 209

জামুগুৰিহাট, ২৯ নৱেম্বৰ : কিমান মৰমৰ হ’ব পাৰে সেইজন গৰাকী যাৰ মৃত্যুৰ  পিছতো লগতে থকা বান্দৰটোৱে আনিব দিয়া নাই তাৰবাবে প্ৰভুসদৃশ লোকজনৰ মৃতদেহ ৷ লিৰিকি বিদাৰি চাইছে তাৰ গৰাকীৰ শৰীৰটো ৷ কিজানি মাত দিব তাক তাৰ আপোন গৰাকীজনে ! কিন্তু নাই কোনো সঁহাৰী নাপালে সি ৷ শেষত গৰাকীৰ কোনো সঁহাৰী নাপাই কাষলৈ গৈ কান্দিছে বান্দৰ পোৱালীটোৱে ৷ স্থানীয় এগৰাকী লোকে বান্দৰ পোৱালীটোক কোলাত কৰি আতৰাই নিয়াতহে আৰক্ষীয়ে আনিবলৈ সক্ষম হ’ল মৃতদেহ ৷ জামুগুৰিহাটৰ জীয়াভৰলী দলংৰ কাষত আজি বিয়লি দেখা পোৱা যায় এই কৰুণ অসহনীয় দৃশ্য ৷ ঘটনাৰ বিৱৰণি অনুসৰি জামুগুৰিহাটৰ নিকটৱৰ্তী টৌভঙাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জীয়া ভৰলী দলঙৰ মাজত আজি বিয়লি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী প্ৰায় ৬৫ বছৰীয়া সাধু বাবাৰ । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে দূৰ্ঘটনাত নিহত সাধু বাবাজন জীয়া ভৰলী নৈৰ সিপাৰে অৱস্থিত এটা শিৱ মন্দিৰত প্ৰায় ৪/৫ বছৰ ধৰি আশ্ৰয় লৈ আছিল। আজি বিয়লি বাবাজন দলঙৰ পথেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত কোনো অচিনাকী বাহনে তীব্ৰ বেগত আহি খুন্দিয়াই থৈ যোৱাত থিতাতে নিহত হয় বাবাগৰাকী। দলঙৰ মাজত কোনো লোক উপস্থিত নথকাত দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন ঘটনা সংঘটিত কৰা স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে দূৰ্ঘটনাটোৰপৰা কথমপি প্ৰাণ ৰক্ষা পৰে সাধুবাবাৰ লগতে থকা এটি বান্দৰ পোৱালীৰ ৷ শোকাবহ ঘটনাৰ উপৰিও বান্দৰ পোৱালীটোৰ কৰুণ দৃশ্যাৱলীয়ে অধিক মৰ্মাহত কৰি তোলে অসংখ্য প্ৰত্যক্ষদৰ্শীক। উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা নিহত সাধু বাবা গৰাকীয়ে বান্দৰ পোৱালিটো পুহি আহিছিল। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে সম্প্ৰতি অকলশৰীয়া হৈ পৰা বান্দৰটো আছিল বাবা জনৰ একমাত্ৰ লগৰী। ঠিক একে দৰে বান্দৰটোৱেও যেন প্ৰাণভৰি ভাল পাই আহিছিল অভিভাৱকস্বৰূপ বাবাজনক ৷ ঘটনা সংঘটিত হোৱাৰ পিছত সেই ঠাইত উপস্থিত হৈ বান্দৰটোৱে ৰাষ্ট্ৰীয় পথৰ ওপৰত পৰি থকা বাবাক সাৱটি সাৱটি কন্দাই নহয় বান্দৰটোক মৃত সাধুবাবা গৰাকীৰ ওচৰৰ পৰা আঁঁতৰাই আনিবলৈ সক্ষম হোৱা নাছিল প্ৰত্যক্ষদৰ্শী বহুজন ৷ ‌যি দৃশ্যই এক প্ৰকাৰ উপস্থিত লোকসকলক শোকাকুল কৰি তোলা পৰিলক্ষিত হয়।অৱশ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল কুমাৰ নাথ সহিতে এটি আৰক্ষীৰ দল উপস্থিত হোৱাত বান্দৰ পোৱালীটোক স্থানীয় এগৰাকী লোকে বুদ্ধিৰে আতৰাই নিয়াতহে বাবাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে আনিবলৈ সক্ষম হয়৷নিহত সাধু বাবাজনক মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ কিন্তু গৰাকীৰ প্ৰতি বান্দৰ পোৱালীটোৰ মৰম, স্নেহ তথা আত্মীয়তা দেখা পোৱা ঘটনাস্থলীত উপস্থিত সকলোৰে মনত বান্দৰ পোৱালীটোৱে দোলা দি গ’ল ৷

Leave A Reply