Home Blog Page 3211

পাৰ্বতিপ্ৰসাদ বৰুৱা গীতৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

দৈনন্দিন বাৰ্তা ডেস্ক : পাৰ্বতি সোঁৱৰণৰ উদ্যোগত আৰু সুৰ সংগম সংগীত মহাবিদ্যালয় সাংস্কৃতিকাৰ সৌজন্যত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা দেৱৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তাৰ ফলাফলসমূহ ১৯ আগষ্টত অৰ্থাৎ গীতিকবিগৰাকীৰ ওপজা দিনত ঘোষণা কৰা হয় এই ফলাফল। ১৩০ গৰাকী প্ৰতিযোগীৰে অনুস্থিত হোৱা ফলাফলৰ ভিতৰত প্ৰথম স্থান পাইছে ভাস্কৰ জ্যোতি শিৱম, দ্বিতীয় স্থান পাইছে কুঁৱলী ভূষনা চৌধুৰী আৰু তৃতীয় স্থান পাইছে ঝলক দামানীয়ে। ইয়াৰ বাহিৰেও বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে কৃষ্ণা মণি ৰাভা, উদ্দীপনা গোস্বামী আৰু দিষ্ণু শ্ৰেয়া চৌধুৰী আৰু প্ৰজ্ঞা কোঁৱৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীৰ গীতসমূহ আজিৰে পৰা প্ৰতি সন্ধিয়া পাঁচ বজাৰ পৰা পাঁচ গৰাকীকৈ প্ৰতিযোগীৰ গীত “Music vivant -voilin Tutorial youtube channel/face book page ত চাব পাৰিব। প্ৰয়োজনত ৯৪৩৫১১৫৮০০ নম্বৰত যোগাযোগ কৰিব পাৰে।

যোগান বিভাগত কেলেংকাৰী, ডবকাত খাদ্য সুৰক্ষাৰ চাউল বিচাৰি গ্ৰাহকৰ প্ৰতিবাদ

ডবকা : ৰাজ্যজুৰি যোগান বিভাগৰ কেলেংকাৰীৰ পিছতেই খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত হৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ সাধাৰণ জনতাই প্ৰতিবাদ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা চাৰি আগষ্টত হোজাই জিলাত অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযানৰ পিচৰ পৰাই বন্ধ চৰকাৰী চাউল যোগান আঁচনি। ইপিনে কৰোনাৰ আতংক আনপিনে লকডাউন। তাৰ মাজতেই বন্ধ চৰকাৰী চাউল যোগান আঁচনি। এমুঠি খাদ্যৰ বাবে ৰাজপথলৈ ওলাই আহিছে সাধাৰণ জনতা। কেলেংকাৰী কৰিছে যোগান বিভাগে, দুৰ্ভোগ ভুগিছে দুখীয়া শ্ৰেণীৰ সাধাৰণ জনতাই। এই লৈ হোজাই জিলাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোগান বিভাগত বৃহৎ কেলেংকাৰী হোৱাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন জিলাত অৰ্থনৈতিক অপৰাধ শাখাৰ চলিছিল অভিযান। হোজাই জিলাতো যোৱা চাৰি আগষ্টত ডবকা সমবায় সমিতিৰ কাৰ্য্যালয়, লংকা দগাঁও আৰু হোজাই জন কল্যাণ সমবায় সমিতিত অতৰ্কিতে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাৰ পাঁচজনীয়া এটি দলে অভিযান চলাই বিভিন্ন নথিপত্ৰ জব্দ কৰি লৈ গৈছিল ৷ গুৱাহাটীৰ পৰা অৰ্থনৈতিক অপৰাধ শাখাৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এই দলটিত কেইবাজনো যোগান বিভাগৰ বিষয়াওঁ আছিল ৷ দলটিয়ে সমবায় সমিতিৰ গুদাম ঘৰৰ উপৰিওঁ কাৰ্য্যালয়ৰ বিভিন্ন নথি পত্ৰওঁ পৰীক্ষা কৰাৰ লগতে বহু কেইজন সমবায় এজেন্টক, সুলভ মূল্যৰ দোকানীক দলটিয়ে সোধপোচো কৰিছিল ৷ অৱশ্যে দলটিৰ এই অভিযান কালত কাকো আটক কৰা নাই যদিওঁ তদন্তৰ বাবে বহু নথি পত্ৰ জব্দ কৰি গুৱাহাটী লৈ গৈছিল ৷ লক ডাউনৰ সময়ত চৰকাৰে দুখীয়া লোকৰ বাবে আবণ্টন দিয়া প্ৰধানমন্ত্ৰী গৰীব যোজনাৰ চাউল তথা অন্যান্য চৰকাৰী আঁচনিৰ চাউল বিতৰণত নামত যোগান বিভাগ, বহু সুলভ মূল্যৰ দোকানী, এজেন্ট সকলে ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ তাৰোপৰি বহু এজেন্ট, সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে চাউল দুখীয়া লোকক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সমস্ত অভিযোগৰ ভিত্তিত দলটিয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছিল। কিন্তু অৰ্থনৈতিক অপৰাধ শাখাৰ অভিযানৰ পিচৰ পৰাই দুখীয়া শ্ৰেণীৰ লোকৰ চাউল যোগান ৰহস্যজনকভাৱে বন্ধ হৈ থকাত ক্ষোভিত হৈ পৰিছে খাদ্য সুৰক্ষা আইনৰ অধীনত দুখীয়া শ্ৰেণীৰ সাধাৰণ জনসাধাৰণে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ, যোগান বিভাগ তথা হোজাই জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

নগাঁৱৰ পাখিমৰীয়াত সুলভ মূল্যৰ দোকানক লৈ সংঘাত : দুটা পক্ষৰ মাজত মাৰপিট

ননৈ : নগাঁৱৰ সদৰ সমষ্টিৰ আন্তৰ্গত পাখিমৰীয়া গাঁৱৰ কালি এখন সুলভ মূল্যৰ দোকানক লৈ দুটা পক্ষৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। সুলভ মুল্যৰ দোকানক লৈ দীৰ্ঘদিন ধৰি চলি থকা সংঘাত দূৰ কৰিবলৈ নগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে পাখিমৰীয়া গাঁৱত কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত এই সভাতেই দুটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট লাগে। এই খবৰ লাভ কৰি নগাঁৱৰ বৈদ্যুতিন মাধ্যমৰ আৰু ৱেভ পৰ্টেলৰ কেইজনমান সাংবাদিক ঘটনাস্থলিত উপস্থিত হৈ বাতৰি সংগ্ৰহৰ ব্যৱস্থা কৰে। তাৰ পিছতে স্থানীয় এজন বিজেপি নেতাৰ নেতৃত্বত সাংবাদিকৰ দলটোক একাংশ লোকে আক্ৰমণ আৰম্ভ কৰে। ফলত সাংবাদিকৰ দলটোৱে সেই স্থানৰ পৰা আ‍তৰি গৈ লগে লগে স্থানীয় ননৈ আৰক্ষী থানাত ঘটনাটো অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰে। ইপিনে কালি বিয়লি নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েছনৰ ফালৰ পৰা নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষীক শাস্তি বিহাৰ দাবী জনায়। উল্লেখ যে পাখিমৰীয়া গাঁৱৰ চামচুল হক নামৰ এজন লোকৰ নামত থকা সুলভ মূল্যৰ দোকানখন অনিয়মেৰে চলা বুলি একাংশ গ্ৰাহকৰ অভিযোগৰ যোগান বিভাগে নিলম্বিত কৰিছিল। পৰৱৰ্তী সময়ত দোকানখনৰ ওপৰত চলোৱা বিভাগীয় তদন্তত নিৰ্দোষী প্ৰমাণ হোৱাত পুনৰ দোকানখন চামচুল হকক চলোৱাৰ বিভাগীয় অনুমতি প্ৰদান কৰা হয়। এই লৈ বিজেপিৰ প্ৰতিনিধি ৰিয়াজুল হকৰ নেতৃত্বত থকা প্ৰতিপক্ষ দলটো খৰ্গহস্ত হয় আৰু যাৰ বাবে কালি দুটা পক্ষৰ মাজত মাৰপিটৰ ঘটনাটো সংঘটিত হয়।

বেংক, ৰে’ল, ষ্টাফ ছিলেকচনৰ নিয়োগত এটাই পৰীক্ষা : নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠন

দৈনন্দিন বাৰ্তা ডেস্ক : বেংক, ৰে’ল বা ষ্টাফ ছিলেকচনত নিয়োগৰ বাবে এইবাৰৰ পৰা পৃথকে পৰীক্ষা দিব নালাগে ৷ চাকৰি প্ৰাৰ্থীৰ বোজা কমাবলৈ বৃহৎ সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ সকলো নন-গেজেটেড প’ষ্টত নিয়োগৰ বাবে এটা অভিন্ন এজেন্সী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ এই এজেন্সীৰ জৰিয়তে সকলো নন-গেজেটেড প’ষ্টত চাকৰিৰ বাবে এটাই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ৷ এই পৰীক্ষাত উত্তীর্ণ হ’লেই পৃথক পৃথক বিভাগত চাকৰিৰ বাবে কৰা হ’ব ৷ প্ৰতি বছৰে কমেও এক লাখ ২৫ হাজাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰায় আঢ়ৈ কোটি চাপৰি প্ৰাৰ্থীয়ে বিভিন্ন ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ পৃথক পৃথক চাকৰিৰ বাবে পৃথক পৃথক ব’ৰ্ডৰ পৰীক্ষা দিয়ে ৷ যিদৰে ৰে’লত নিয়োগৰ বাবে ৰে’ল নিয়োগ ব’ৰ্ড, চৰকাৰী কাৰ্যালয়ৰ চাকৰিৰ বাবে ষ্টাফ ছিলেকচন কমিচন বা বেংকৰ পৰীক্ষাৰ বাবে আইবিপিএছৰ দৰে পৰীক্ষা দিয়ে ৷ সকলোবোৰ পৰীক্ষাৰ বাবে বেলেগে বেলেগে প্ৰস্তুতি কৰিব লগা হয় ৷ তেনেদৰে প্ৰপত্ৰ পৃথক পৃথককৈ পুৰাব লাগে ৷ ফলত বহু ধন খৰচ হয় ৷ এতিয়া এই সকলো পৰীক্ষাৰ্থীৰ বাবে আহিল সুখবৰ ৷ সকলো নন-গেজেটেড পদত নিয়োগৰ বাবে নিৰ্মাণ কৰা হৈছে অভিন্ন নিয়োগ ব’ৰ্ড ৷ এই ব’ৰ্ডৰ নাম দিয়া হৈছে নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী ৷ এই এজেন্সীৰ জৰিয়তে অনলাইনত লোৱা হ’ব কমন এলিজিবিলিটি টেষ্ট ৷ অনলাইনৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে আবেদন কৰিব পাৰিব বেংক, ৰে’লসহ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষা ৷ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জনোৱা মতে এই কমন এলিজিবিলিটি টেষ্টৰ মেধা তালিকাৰ ম্যাদ হ’ব তিনি বছৰ ৷ অৰ্থাৎ এবাৰ পৰীক্ষাত উত্তীৰ্ণ হ’লে তিনি বছৰত বিভিন্ন প’ষ্টৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ ইয়াৰ বাবে বেলেগে বেলেগে আন পৰীক্ষা দিব নালাগে ৷ উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেটৰ সময়ত এই নেচনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠনৰ কথা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ঘোষণা কৰিছিল ৷ সেই প্ৰস্তাৱ বুধবাৰে অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই ৷ অহা বছৰৰ পৰাই এই অভিন্ন পৰীক্ষা পদ্ধতি আৰম্ভ হ’ব ৷

মৌন প্ৰধানমন্ত্ৰী কে পি ওলি : নেপালৰ সীমান্তৱৰ্তী ৭খন জিলা দখল চীনৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতীয় সেনাৰ প্ৰতিৰোধৰ পিছুৱাবলৈ বাধ্য হোৱা চীনে এইবাৰ চকু দিছে নেপাললৈ ৷ ইতিমধ্যে নেপালৰ সীমান্তৱৰ্তী ৭খন জিলা দখল কৰিছে চীনে ৷ এই কথা প্ৰকাশ কৰিছে স্বয়ং নেপালৰ চৰকাৰী নথিত ৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে নেপালৰ সীমান্তৱৰ্তী জিলাবোৰ দখলৰ পাচত লাহে লাহে আগবাঢ়ি আহিছে চীনা বাহিনী ৷ আনহাতে চীনে দখল কৰা তথ্য নেপালে লুকুৱাব বিচাৰিছে বহু লোকে মত প্ৰকাশ কৰিছে ৷ চীনৰ কমিউনিষ্ট পাৰ্টিৰ আগ্ৰাসী মনোভাৱ লুকুৱাব বিচৰাত মনে মনে আছে নেপালৰ কমিউনিষ্ট পাৰ্টি ৷ সচেতন মহলৰ মতে সকলোৱেই জানে নেপালৰ প্ৰধানমন্ত্ৰী কে পি ওলিয়ে সকলো জানে৷ তথাপি বেআইনীভাৱে চীনে নেপালৰ গাঁও দখল কৰাত মৌন হৈ আছে প্ৰধানমন্ত্ৰী ৷ উল্লেখ্য যে নেপালৰ প্ৰধানমন্ত্ৰী কে পি ওলিয়ে গাদি অটুট ৰখাত কৌশল ৰচনা কৰিছে ৷ ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী কৰি নেপালে যি দুঃসাহসিকতা দেখুৱাইছিল তাৰ বিপৰীতে বেইজিঙৰ কামত মৌন হোৱাৰ কথাত লক্ষ্য কৰিছে কূটনৈতিক মহলে ৷ উল্লেখ্য যে নেপালৰ দোলাখা, গোৰ্খা, ডাৰচুলা, হুমলা, সিন্ধুপালচৌক, সংখুৱাসভা, ৰসুৱা জিলা দখল কৰিছে চীনা বাহিনীয়ে ৷ নেপালৰ ছাৰ্ভেয়িং আৰু মেপিং দপ্তৰৰ মতে নেপালৰ দিশে সীমান্তৰ পৰা ১৫০০ মিটাৰ ভিতৰলৈ সোমাই আহিছে চীনা বাহিনী ৷ ৫৭ নং সীমান্ত পিলাৰ দোলাখাৰ কোৰলাং আগুৱাই আহিছে৷ ইয়াৰ আগতে এই এলেকা দখল কৰাত বহু সমস্যা হৈছিল দুয়ো দেশৰ৷ কিন্তু এইবাৰ তেনে কোনো বাধা পোৱা নাই চীনা বাহিনীয়ে৷ এনেদৰে আগুৱাই অনা হৈছে বিভিন্ন জিলাৰ সীমান্তৰ সীমা বেৰা ৷ ইয়াৰ আগতে ২০১৭ চনত নেপালৰ ৰুই গাঁও দখল কৰি তিব্বতৰ সৈতে লগ দিছিল চীনে ৷ অৱশ্যে এতিয়াও সেয়া নেপালৰ মানচিত্ৰত ধৰা হয় ৷ তাৰ বাসিন্দাই নেপাল চৰকাৰক কৰ দিয়ে ৷

জো বিডেন আনুষ্ঠানিকভাৱে মাৰ্কিন ৰাষ্ট্ৰপতি মনোনীত ডেমোক্ৰেটিকৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ডেমোক্ৰেটিক পাৰ্টিয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে জো বিডেনক মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ২০২০ চনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে ৷ এই খবৰৰ সত্যতা নিশ্চিত কৰি বিডনে টুইট কৰিছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বাবে ডেমোক্ৰেটিক পাৰ্টিয়ে মনোনয়ন গ্ৰহণ কৰাটো মোৰ জীৱনৰ গৌৰৱ ৷ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি বিডেন ডেমোক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদত মনোনীত প্ৰাৰ্থী হিচাপে ঘোষিত হোৱাত আনুষ্ঠানিকভাৱে সফল হোৱাৰ পাচত কেমেৰাৰ আগত উপস্থিত হয় ৷ ‘ভাল, আপোনাক বহুত ধন্যবাদ, মই হৃদয়ৰ পৰা কৈছো ৷ সকলোকে ধন্যবাদ৷ ইয়াৰ অৰ্থ মোৰ আৰু মোৰ পৰিয়ালৰ কাষত বিশ্ব আৰু মই আপোনালোকক বৃহস্পতিবাৰে দেখুৱাম ৷’ বিডেনে তেওঁৰ সমৰ্থকসকলক উদ্দেশ্যি দিয়া ভাষণত এনেদৰে কয়৷ বাৰ্ণি ছাণ্ডাৰ্ছত অনুকূলে থকা ১১৫১ৰ তুলনাত বিডেনে মুঠ ৩৫৫৮ জন প্ৰতিনিধিক লৈ ৰোল কল শেষ কৰে ৷ উল্লেখ্য যে বিডেন আৰু ছাণ্ডাৰ্ছ বেলটত কেৱল দুজন প্ৰাৰ্থী আছিল ৷ ৰোল কল চলা সময়ত ৫৭ খন ৰাজ্য আৰু অঞ্চলৰ পৰা অহা প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি প্ৰাইমেৰীৰ ফলাফলৰ ভিত্তিত প্ৰাৰ্থীৰ মনোনয়নৰ বাবে তেওঁলোকৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছিল ৷ এই বছৰ ৰোল কলত প্ৰতিনিধি, পিতৃ-মাতৃ, শিক্ষক, ক্ষুদ্ৰ ব্যৱসায়ী, প্ৰয়োজনীয় শ্ৰমিক, কৰ্মী আৰু নিৰ্বাচিত নেতাৰ ব্যৱসায়ৰ অভ্যন্তৰ, থকা ঘৰ আৰু আইকনিক চিহ্নবোৰৰ আগত আছিল ৷ ৰোল কলৰ আগতে প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ আৰু বিল ক্লিণ্টনে তেওঁলোকৰ বিডেনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে ৷ মই যেতিয়া ১৯৭৬ চনত ৰাষ্ট্ৰপতি পদৰ দৌৰত আছিলো, জো বিডেন ছিনেটত মোৰ প্ৰথম আৰু সৰ্বাধিক কাৰ্যকৰী সমৰ্থক আছিল ৷ দশক ধৰি তেওঁ মোৰ অনুগত আৰু নিবেদিত বন্ধু ৷ কাৰ্টাৰে এনেদৰে কয়৷ জো মোৰ ওচৰত একলগ হোৱা আৰু আমেৰিকাৰ মহিমা ঘুৰাই অনাৰ অভিজ্ঞতা, চৰিত্ৰ আৰু শালীনতা আছে৷ আমাৰ আন্তৰিকতা আৰু বিচাৰৰ অধিকাৰী এজন ব্যক্তি প্ৰাপ্য, কোনো সৎ আৰু ন্যায্য, কোনো আমেৰিকাৰ জনগণৰ পক্ষে সৰ্বোত্তম কাৰোবাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ৷

আইচিএমৰৰ প্ৰতিবেনত প্ৰকাশ : অহা ৫ বছৰত ১৩.৭ লাখৰ পৰা ১৫.৭ লাখলৈ বাঢ়িব ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা

দৈনন্দিন বাৰ্তা ডেস্ক : আইচিএমআৰ আৰু বেংগালুৰুৰ নেচনেল চেণ্টাৰ ফৰ ডিজিজ ইনফৰমেটিকছ এণ্ড ৰিচাৰ্চৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে বৰ্তমান বছৰত ভাৰতত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ১৩.৯ লাখ আৰু ২০২৫ চনৰ ভিতৰত বাঢ়ি ১৫.৭ লাখ হ’বগৈ৷ আইচিএমআৰে ৰাষ্ট্ৰীয় কেঞ্চাৰ ৰেজিষ্ট্ৰি প্ৰগ্ৰেম ৰিপৰ্ট ২০২০ প্ৰকাশ কৰিছে৷ ইয়াত অনুমান কৰিছে ২০২০ চনত দেশত কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা ১৩.৯ লাখ হ’ব আৰু ২০২২ চনৰ ভিতৰত বৰ্তমান অৱস্থাৰ ভিত্তিত ১৫.৭ লাখ হ’বগৈ৷ এই অনুমানটো ২৮ জনসংখ্যা ভিত্তিত কেঞ্চাৰ ৰেজিষ্ট্ৰেচনৰ আৰা পোৱা তথ্যৰ ভিত্তিত আৰু চিকিৎসালয় ভিত্তিত কেঞ্চাৰ সম্পৰ্কীয় ৫৮ টা ৰেজিষ্ট্ৰিৰ পৰা পোৱা তথ্যৰ পৰা কোৱা হৈছে৷ ধঁপাতৰ বাবে হ’ব ২৭.১ শতাংশ যিটো ২০২০ চনত ৩.৭ লাখ হ’ব৷ ফুচফুচ, মুখ, পেট আৰু খাদ্যনলী কেঞ্চাৰ পুৰুষৰ মাজত সাধাৰণ কেঞ্চাৰ৷ মহিলাৰ মাজত হিচাপ মতে দুই লাখ (১৪.৮ শতাংশ)ৰ স্তন কেঞ্চাৰত ভোগিব৷ আনহাতে জৰায়ু কেঞ্চাৰ অনুমান কৰা মতে ০.৭৫ লাখ (৫.৪ শতাংশ) হ’ব৷ যিটো পুৰুষ আৰু মহিলা উভয়ৰ ক্ষেত্ৰত গেষ্ট্ৰ’ইনটেষ্টাইনাল ট্কাক্টেৰ কেঞ্চাৰত ২.৭ লাখ (১৯.৭ শতাংশ) হ’ব বুলি ধাৰণা কৰা হৈছে বুলি বিবৃতিত প্ৰকাশ৷ প্ৰতি এক লাখ জনসংখ্যাৰ ভিতৰত পুৰুষৰ মাজত আইজল জিলাত ২৬৯.৪ৰ পৰা সৰ্বোচ্চ ওছমানবাদ আৰু বীদ জিলাত ৩৯.৫ পৰ্যন্ত হ’ব৷ মহিলাৰ ক্ষেত্ৰত পাপুমপাকে জিলাত ২১৯.৮ৰ পৰা ওছমানবাদ আৰু বীদ জিলাত ৪৯.৪ হ’ব বুলি বিবৃতিটোত প্ৰকাশ৷ উল্লেখ্য যে উত্তৰ পূৱত ধঁপাতৰ বাবে সৰ্বাধিক কৰ্কট ৰোগত আক্ৰান্ত হয়৷ তাৰে ভিতৰত পুৰুষ সৰ্বাধিক আক্ৰান্ত হয়৷ মহিলাৰ ক্ষেত্ৰত স্তন আৰু জৰায়ুৰ কেঞ্চাৰ বেছি হয়৷ আইচিএমআৰৰ বিবৃতিত প্ৰকাশ যে ফুচফুচ আৰু পেটৰ কেঞ্চাৰৰ ক্ষেত্ৰত ছিষ্টেমিক থেৰাপি চিকিৎসা পদ্ধতি আছিল ৷

পূব মাজুলী অঞ্চলৰ বানাক্ৰান্ত ১৫০ টা পৰিয়াল মাজত সাহাৰ্য বিতৰন

উজনি-মাজুলী :
পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থা আৰু পূব মাজুলী মহাবিদ্যালয়ৰ আছু গোটৰ উদ্যোগত পূব মাজুলী অঞ্চলৰ বানাক্ৰান্ত ১৫০ টা পৰিয়ালক আটা, চেনী, নিমখ, পিয়াঁজ, চয়াবিন, ধূপ, ম’ম, জুইশলা, বিস্কুট, চাৰ্ফ, ফেনাইল, ডেটল চাবোন আদি যোগান ধৰা হয়। লগতে পূব মাজুলী অঞ্চলৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা বানাক্ৰান্তৰ ১০০ জন ছাত্ৰ ছাত্ৰীক কাগজ, কলম, ডেটল চাবোন যোগান ধৰা হয়। এই কাৰ্যসূচীত মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা , পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কাকুমনি কলিতা সহ বহু ছাত্র কর্মী উপস্থিত হৈ কাৰ্যসূচী সফল ৰূপায়ণ কৰে। আহি থকা দিনত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাই এনেদৰে আৰু কাম কৰি গৈ দুৰ্গত সকলৰ ওচৰত সহায়ৰ হাত আগবঢ়াই যাব বুলি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক কাকুমনি কলিতাই আমাক জানিৱলৈ দিয়ে।

আইপিএলৰ টাইটল স্পনছৰ ড্ৰিম ইলেভেন

দৈনন্দিন বাৰ্তা ডেস্ক : চলিত বছৰৰ আইপিএলৰ টাইটল স্পনছৰৰ নাম ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ চীনা কোম্পানী ভিভ’ৰ নাম প্ৰত্যাহাৰৰ পাচত নতুন টাইটল স্পনছৰৰ বাবে আহ্বান কৰা হৈছিল ৷ বিচিচিআইয়ে আগতেই জনাইছিল, ১৮ আগষ্ট দিনটোত আইপিএল-১৩ৰ টাইটল স্পনছৰৰ নাম ঘোষণা কৰিব ৷ মঙলবাৰে সকলো দিশ বিবেচনা কৰি ড্ৰিম ইলেভেনক মূল স্পনছৰ হিচাপে বাচনি কৰে ৷ অৰ্থাৎ সংযুক্ত আৰৱ আমিৰশ্বাহিত আয়োজন কৰা আইপিএলৰ নতুন নাম হ’ব ড্রিম ইলেভেন আইপিএল। আইপিএল গভর্নিং কাউন্সিলৰ চেয়াৰমেন ব্ৰিজেছ পেটেলে জনায় যে ২২২ কোটি টকাৰ চুক্তিত এই অনলাইন গেমিং কোম্পানীৰ সৈতে এবছৰ চুক্তি কৰা হৈছে ৷ উল্লেখ্য যে যোৱা জুন মাহত লাডাখ সীমান্তত ভাৰত-চীন সংঘৰ্ষত ২০ জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল ৷ তাৰ পাচত চীনৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলি উঠে ৷ এনে পৰিস্থিতিত বিচিচিআইয়ে চীনা ম’বাইল কোম্পানী ভিভ’ক টাইটেল স্পনছৰৰ পৰা আঁতৰ কৰে ৷ উল্লেখ্য যে আইপিএলৰ টাইটেল স্পনছৰৰ বাবে ৰিলায়েন্স, আদানী গ্ৰুপ, কোকাকোলা, বাবা ৰামদেৱৰ পাতঞ্জলি আদিয়ে আগ্ৰহ প্ৰকাশ কৰিছিল ৷ অৱশেষত ড্ৰিম ইলেভেনে এই স্পনছৰৰ সুবিধা লাভ কৰে ৷

ৰোহিত শৰ্মাসহ ৪ ক্ৰীড়াবিদলৈ ৰাজীৱ গান্ধী খেলৰত্ন বঁটা

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে বিচিচিআই-এ নাম দিছিল ৰোহিত শৰ্মাৰ৷ সেই অনুসৰি ভাৰতীয় অপেনাৰজনক এই সন্মানৰ বাবে বাচনি কৰে স্প’ৰ্টছ এৱাৰ্ড কমিটিয়ে ৷ তালিকাত ৰোহিত শৰ্মাৰ লগতে আছে আন তিনিগৰাকী ভাৰতীয় এথলেটৰ নাম ৷ মঙলবাৰে খেলৰত্ন, অৰ্জুনসহ ক্ৰীড়া ক্ষেত্ৰৰ তাৰকাসকলক বাচনি কৰিবলৈ স্প’ৰ্টছ এৱাৰ্ড সমিতিৰ সভা অনুষ্ঠিত হয় ৷ তাতেই খেলৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্নৰ বাবে বাচনি কৰা হয় ভাৰতীয় ক্ৰিকেট দলৰ সহকাৰী অধিনায়ক ৰোহিত শৰ্মাক ৷ তেওঁৰ লগতে এই সন্মান লাভ কৰে এছিয়ান গেমছত সোণ জয়ী ভিনেশ ফোগাট, মনিকা বাত্ৰা আৰু মাৰিয়াপ্পান থাংগাভেল ৷ ২০১৬ত চাৰিজনক একেলগে খেলৰত্নৰে বিভূষিত কৰা হৈছিল ৷ অলিম্পিকত ৰূপ জয়ী ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু, কুস্তিবিদ সাক্ষী মালিক, জিমনাষ্ট দীপা কৰ্মকাৰ আৰু শ্বুটাৰ জিতু ৰায়ক এই সন্মান দিয়া হৈছিল৷ এইবাৰ ৰাষ্ট্ৰপতিৰ হাতেৰে এই বঁটা দিয়াৰ পৰিৱৰ্তে অনলাইনত দিয়া হ’ব ৷