Home Blog Page 3247

দক্ষিণ কামৰুপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ পালন

দৈনন্দিন বাৰ্তা সেৱা, কামৰূপঃ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধিনত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ত বিজানু প্ৰতিৰোধক সপ্তাহ উদযাপন কৰে৷ মিৰ্জা স্হিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুধবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে মহানগৰীৰ টিবি হাস্পতালৰ জেষ্ঠ্য চৰ্মৰোগ বিশেষজ্ঞ ডা° কনক তালুকদাৰে উপস্থিত থাকি ভাষন প্ৰদান কৰি কয় যে কভিড ১৯ মানুহে সহজ ভাবে লোৱা উচিত নহয়৷

কিয়নো যিটো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আজিলৈকে ভেকচিন ওলোৱা নাই৷ ভেকচিন উপলব্ধ নোহোৱালৈকে এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় সাবধানতা আৰু সজাগতা৷ ইয়াৰ বাবেই প্ৰত্যেক ব্যক্তিয়ে সামজিক দুৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰা অতি জৰুজী বুলি ডা° তালুকদাৰে উল্লেখ কৰে৷ তেওঁ লগতে বিজানু পৰা নিজকে বচাই চলিবলৈ প্ৰতিগৰাকী নাগৰিকক ছেনিটাইজাৰ বা চাবোনৰে হাত ধুবলৈ আহ্বান জনায়।

গাম্ভীৰ্যপুৰ্ন অনুষ্ঠানত সমল ব্যক্তি হিচাপে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ হলে আমি নিজে পৰিস্কাৰ -পৰিচন্নতা হ’ব লাগিব ৷ বিশেষকৈ মানুহৰ হাতেৰে বিজানু শৰীৰৰ অন্য অংগলৈ বিয়পি পৰে৷ সেয়া হাত পৰিস্কাৰ কৰি ৰখা অতিকৈ আৱস্যক বুলি ডা° অধিকাৰীয়ে কয়৷ তেওঁ লগতে কয় যে কৰোনা ভাইৰাছৰ পৰা আমি এতিয়াও পৰিত্ৰাণ পোৱা নাই৷

যেতিয়ালৈকে মেডিচিন উপলব্ধ নহয় সেই সময়লৈকে কঠিনতাৰে সাবধনতা অবলম্বন কৰিব লাগিব অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে৷ তেওঁ বিজানু প্ৰতিৰোধ সন্দৰ্ভত বহলাই বাখ্যা কৰে। ইপিনে পগ্ৰেম অফিচাৰ তথা অধ্যাপিকা ড°মিতালী কাঠকটীয়াই অনুষ্ঠানত আতধৰে৷ উল্লেখ্য যে অনুষ্ঠানত মহাবিদ্যালয় খনৰ শিক্ষক- শিক্ষাৰ্থী  লগতে প্ৰায় শতাধিক ব্যক্তি উপস্থিত থাকে ৷

মুৰে কপালে হাত দিছে জামুগুৰিহাটৰ মৃৎশিল্পীয়ে, পদুলীত নাই পূজাৰ ব্যস্ততা

দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ দূৰ্গা পূজাৰ সময়ত ব্যস্ততাৰ অন্ত নপৰা মৃৎ শিল্পীসকলৰ পদুলীত আজি নিমাওমাও পৰিবেশ৷ বিগত বৰ্ষ সমূহৰ দৰে নাই এইবাৰৰ ষষ্ঠীৰ উ সাহ। বিগত বৰ্ষসমূহত ট্ৰাক-টেম্পোৰে মাৰ প্ৰতিমা নিবলৈ অহা ভক্তপ্ৰান ৰাইজেৰে বিৰদি বাট নোপোৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰৰ কোঁছগাৱৰ বাট-পথ আজি নিৰৱ নিস্তব্ধ৷

প্ৰতি বৰছে অবিভক্ত শোণিতপুৰ জিলাৰ ২০ ৰ পৰা ২৫ খন পূজামণ্ডপৰ সৌস্তৱ বৃদ্ধি কৰা ৰাজেন বৰকটকীৰ হাতৰ পৰশত প্ৰান পাই উঠা দেৱী দূৰ্গাৰ প্ৰতিমা বিচাৰি এইবেলি অহা নাই অধিকাংশ পূজাকমিটি৷ ইয়াৰ মাজতেই নিয়ম মাফিক ভাবেই ক্ষুদ্ৰ আকাৰৰ তিনিভাগ মূৰ্তি নিৰ্মানৰেই সন্তুষ্টি লভিব লগীয়া হৈছে শিল্পীগৰাকীৰ লগতে পৰিয়ালটিয়ে৷

উল্লেখযোগ্য যে, জামুগুৰিহাটৰ প্ৰবীন ৰূপকাৰ-মৃৎশিল্পী তথা চিলাবন্ধা মৌজাৰ মৌজাদাৰ প্ৰয়াত শ্যামচৰন বৰকটকীৰ কনিষ্ঠ পুত্ৰ ৰাজেন বৰকটকীয়ে পিতৃৰ আদৰ্শ অনুকৰণ কৰিয়েই ১৫ বছৰ বয়সৰপৰাই নিৰ্মাণ কৰি আহিছে দূৰ্গা-সৰস্বতী-লক্ষ্মী-গণেশ-কাৰ্তিক আদি বিভিন্ন পূজাৰ আৰাধ্য দেৱ দেৱীৰ প্ৰতিমা৷ সু-নিপুন খনিকৰ ৰাজেন বৰকটকীৰ হাতৰ পৰশৰ মূৰ্তিলৈ আশাৰে বাঁট চাই ৰয় পূজা কমিটি সমুহেও৷

অতি আতকধুনীয়া, সৌন্দৰ্যময় আৰু জীৱন্ত ৰূপ প্ৰদানত সিদ্ধহস্ত ৰাজেন বৰকটকীৰ আছে অন্য এক প্ৰতিভাও৷ এগৰাকী ভাঁওনা-নাটক-থিয়েটাৰৰ সুদক্ষ ৰূপকাৰ এইগৰাকী শিল্পীয়ে মুখাশিল্পী হিচাপেও জিলাখনত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেখেতে নিৰ্মান কৰা গড়ুৰ, জটায়ু,হৰিণ, নৰসিংহ আদি মুখাৰ লগতে কেবাভাগিও নাট ক্ৰমে যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰা, কাম্যবনত যুধিষ্ঠিৰ, পৰিক্ষিতৰ ব্ৰহ্মসাপ জন্মেজয় সৰ্পযজ্ঞ, উৰুভংগ দূৰ্য্যোধন, অজ্ঞাতবাসত পাণ্ডৱ, মহিৰাৱন বধ আদি নাট ৰচনা কৰি গুৰুজনাৰসৃষ্ট ভাঁওনা সংস্কৃতিলৈ এক অনবদ্য অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে।

এতিয়া শিল্পী পৰিয়ালটি পানীত হাঁহ নচৰা অৱস্থাসদৃশ৷ চাৰিওপিনে অন্ধকাৰময় পৰিৱেশত দিকবিদিক হেৰুৱাইছে পৰিয়ালটিয়ে৷ আজি এমাহ ধৰি পদুলিলৈ চাই চাই নিৰাশ হৈ পৰিছে পৰিয়ালটো৷ শিল্পীগৰাকীয়ে আঁৰকাপোৰত উচুপিচে অন্ধকাৰময় ভৱিষ্যতৰ কথা ভাবি৷আজি ষষ্ঠীৰ দিনাও ব্যস্ততাহীন হৈ পৰিছে সুনিপুন খনিকৰগৰাকী৷ কলিতে মৰহিছে ভৱিষ্যতৰ সপোন৷ না চৰকাৰ না গুণমুগ্ধ না সমাজ সচেতন ব্যক্তিয়ে এইসকল শিল্পীৰ অকণমান সঁহাৰীৰ বাবে হাত আগবঢ়াইছে৷

এনে অৱস্থাত শিল্পীগৰাকীৰ লগতে পৰিয়ালটোৰ ভৱিষ্যত দিনসমুহ কেনেদৰে পাৰ হ’ব সেয়া সময়েহে ক’ব যদিও অনাগত সময়ত চৰকাৰৰ সু-দৃষ্টিয়েহে হয়তো এনে দূৰ্দশাগ্ৰস্ত শিল্পীসকলৰ সমস্যা দুৰ কৰিবলৈ সক্ষম হ’ব৷

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃৰাজ্যত পুনৰ ৭০১ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০২,৭৭৪জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৬,০৭৫ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৫,৮০৭ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৮৯ জন লোক।

আজি মহাষষ্ঠী, মা দুৰ্গাক আদৰিবলৈ সাজু ৰাজ্যবাসী

আজি মহাষষ্ঠী, পূজা চাবলৈ মানিব লাগিব এই সমূহ নিয়মঃ

  • আৰম্ভ হ’ল দুৰ্গা পূজা। আজি মহাষষ্ঠী।
  • কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে আনুষ্ঠানিকভাৱে দুৰ্গা পূজা।
  • কোভিড প্ৰট’ক’ল মানিহে ভক্তসকলে মাৰ দৰ্শন কৰিব পাৰিব পূজা মণ্ডপত।
  • উঠিব নোৱাৰিব দুচকীয়া বাহনত দুজন পুৰুষ যাত্ৰী।
  • ৰাতি ৯ বজাতে বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেন্ট।

সম্পত্তি বিক্ৰী কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ এজন নিকম্মা সন্তানঃ ৰিপুন বৰা

দৈনন্দিন বাৰ্তা সেৱা, নলবাৰীঃ আজি নলবাৰীত কংগ্ৰেছৰ যোগদান  কাৰ্যসূচীত ভাষণ প্ৰদান  কৰি ৰিপুণ বৰাই কয় যে দেশৰ সম্পত্তি বিক্ৰী  কৰি দেশ চলোৱা প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডী দেশৰ এজন  নিকম্মা  সন্তান। বিজেপি চৰকাৰে আগফালে এশ টকা দি পিছফালেৰে এক হাজাৰ টকা পকেট মাৰে  বুলিও  ৰিপুণ বৰাই কটাক্ষ কৰে। আনহাতে  কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰতে ৯০ হাজাৰ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ঘোষণা  কৰি প্ৰতি পৰিয়ালত এজনকৈ চাকৰি দিয়া হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। আশা কৰ্মী দুগুন বৃদ্ধি কৰা হব, মধ্যান্হ  ভোজনৰ  ৰান্ধনীৰ  চাকৰি নিয়মীয়া  কৰা হব, কা আন্দোলন সম্পৰ্কে  যিবোৰ গোচৰ ৰুজু কৰা  হৈছে গোচৰ কংগ্ৰেছ  চৰকাৰ আহিলে মাহতে প্ৰত্যাহাৰ কৰা হব বুলিও ঘোষণা  কৰে  ৰিপুণ বৰাই। একেদৰে এচ আই  কেলেঙ্কাৰী  সম্পৰ্কে  প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় অসম আৰক্ষীৰ  ওপৰত বিস্বাস  নাই। চোৰক কেলেঙ্কাৰীৰ তদন্ত কৰিব দিয়া  বুলিও কটাক্ষ  কৰে। 

উল্লেখযোগ্য যে  আজি  নলবাৰীত অনুস্থিত  বৃহৎ যোগদান কাৰ্যসূচীত  নলবাৰী  অগপৰ উপ সভাপতি  তথা নলবাৰীৰ  বাৰ কাউন্সিলৰ  সভাপতি  তাইজ উদ্দিন আহমেদে কংগ্ৰেছত  যোগদান কৰে । একেদৰে নলবাৰীত  অগপ – বিজেপি – হিন্দু জাগৰণ মঞ্চ ত্যাগ কৰি চাৰিশ লোকে যোগদান কৰিলে  কংগ্ৰেছত । ইপিনে প্ৰাক্তন  মুখ্যমন্ত্ৰী  তথা জ্যেষ্ঠ  কংগ্ৰেছ  নেতা ভুমিধৰ বৰ্মনে বিজেপিক সমালোচনা কৰি  কয় যে  পুঁজিবাদ আৰু  হিন্দুত্ববাদৰ  শ্লোগানেৰে দেশ অস্থিৰ কৰিছে বিজেপিয়ে।

মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ বাবে ৩৩ শতাংশ বৃদ্ধি পাইছে পথ দুৰ্ঘটনতা মৃত্যুৰ সংখ্যা

দৈনন্দিন বাৰ্তা সেৱাঃ সাধাৰনতে চিটবেল্ট ব্যৱহাৰ নকৰা বা হেলমেট নিপিন্ধাৰ ফলত ৰাজপথ মটৰ দুৰ্ঘটনাত মৃত্যু হোৱা দেখা যায়। কিন্তু আজিৰ প্ৰতিবেদনত জনাম অন্য এটি বিষয়, আপুনি জানি আচৰিত হব যে ভাৰতত মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ ফলত মৃত্যু সৰহসংখ্যক লোকৰ। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। প্ৰকাশিত তথ্য অনুসৰি ২০১৯ বৰ্ষত ডেৰ লাখোৰো অধিক মানুহৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ইয়াৰ ভিতৰত হেলমেট নিপিন্ধাৰ ফলত ৩০ শতাংশ আৰু চিটবেল নিপিন্ধাৰ ফলত ১৬ শতাংশ মানুহৰ মৃত্যু হোৱাৰ পৰিবৰ্তে ৩৩ শতাংশ বৃদ্ধি হৈছে মোৱাইল ফোনত কথা পাতি গাড়ী চলোৱাৰ বাবে।

দলগাওৰ দিব্যাঙ্গ এজনী কণ্ঠ শিল্পী, পঢ়া কৰাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে গীতৰ চৰ্চা

দৈনন্দিন বাৰ্তা সেৱা, দৰংঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নেতাজী নগৰৰ এগৰাকী দিব্যাঙ্গ কণ্ঠ শিল্পী শিল্পী সাহা। দুয়োটাই চকু অন্ধ শিল্পী গৰাকীৰ  কণ্ঠত  মন পৰশা গীত। এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহন কৰা পিতৃহীন শিল্পী সাহাই সৰুৰে পৰাই কৰি আহিছে সংগীতৰ চৰ্চা। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ সাহাই অসমৰ বিভিন্ন প্ৰান্তৰ মঞ্চত গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আৰ্থিক ভাৱে দুৰ্বল দিব্যাংগ শিল্পীগৰাকীয়ে আজিলৈ পোৱা নাই কোনো চৰকাৰী সা-সুবিধা। সংগীত চৰ্চাৰে জীৱন অতিবাহিত কৰা সাহই ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে গান গোৱাৰ সপোন মনত পুহি ৰাখিছে।

ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী, গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাৰ ইংগিত

দৈনন্দিন বাৰ্তা সেৱাঃ অহা সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিয়’ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পৰ। মঙলবাৰে এই কথা সদৰী কৰিলে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে। ভাৰত-চীনৰ মাজত চলি থকা বিবাদৰ লগতে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিৰ এই ভ্ৰমণকালত।

ভাৰতৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ‘ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত বহুত প্ৰতিভাশালী লোক আছে আৰু তেওঁলোকে হিমালয়ত প্ৰতিদিনে চীনৰ আক্ৰমক স্থিতিৰ সৈতে মোকাবিলা কৰে’ বুলি উল্লেক কৰে। ভাৰত-চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ দুই মন্ত্ৰীৰ আগমনে আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

দেশৰ লগতে অসমতো পালন কৰা হয় আৰক্ষী স্মৃতি দিৱস

দৈনন্দিন বাৰ্তা সেৱাঃ বুধবাৰে সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে আৰক্ষী স্মৃতি দিৱস। দেশৰ হকে নিষ্ঠাসহকাৰে কৰ্তব্য পালন কৰি আত্মবলিদান দিয়া আৰক্ষী বিভাগৰ বীৰ জোৱান সকলক শ্ৰদ্ধাৰে সোৱঁৰিলে প্ৰতিজন ভাৰতীয়ই। আজি দিল্লীত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বীৰ আৰক্ষী জোৱানসকলক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

অসমত কেন্দ্ৰীয়ভাৱে কাহিলীপাৰাস্থিত চতুৰ্থ আৰক্ষী বেটলিয়নত পালন কৰা হয় আৰক্ষী স্মৃতি দিৱস। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ উপস্থিত থাকে।

টকা নহলে নাপায় আধাৰ কাৰ্ড! ধন সংগ্ৰহত নামিল পঞ্চায়তৰ ৱাৰ্ড সদস্য, নীৰৱ চৰকাৰ-প্ৰশাসন

দৈনন্দিন বাৰ্তা সেৱা, দৰংঃ চৰকাৰৰ শূণ্য সহনশীলতাৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উন্মচিত হৈছে দৰঙত দলগাঁৱত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক। দৰঙৰ বিভিন্ন পঞ্চায়ত এলেকাত জিলা প্ৰশাসনে এজেঞ্চিৰ জড়িয়তে আধাৰ কেন্দ্ৰ স্থাপন কৰিছে যদিও সংশ্লিষ্ট আধাৰ কেন্দ্ৰ সমূহে আধাৰ কাৰ্ড বনাই দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

টকা নহলে নাপায় আধাৰ কাৰ্ড! লকডাউনত জুৰুলা কৰা জনতাৰ ওপৰত ৰামটাঙোন আধাৰ এজেঞ্চিৰ। কল্যান গাওঁ পঞ্চায়তত প্ৰায় ৮০০ খন অতিৰিক্ত PMAY গৃহৰ বাবে আধাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও সহজ সৰল লোকৰ পৰা গাইপতি ৩০০-৫০০ টকাকৈ সংগ্ৰহ কৰাৰ গুৰতৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত ৱাৰ্ড সদস্য সকলে ধন সংগ্ৰহ কৰা বুলি স্থানীয় ৰাইজে সাংবাদিকৰ আগত প্ৰকাশ কৰে।