♦ যোগীঘোপাত ভাৰতৰ প্রথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা স্থাপন।
♦ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থাপন কৰে আধাৰশিলা।
♦ ৭০০ কৌটি চকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব এই পাৰ্ক খন।
♦ যোগীঘোপাত ভাৰতৰ প্রথমখন ‘মাল্টিম’ডেল লজিষ্টিক্স পাৰ্ক’ৰ আধাৰশিলা স্থাপন।
♦ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থাপন কৰে আধাৰশিলা।
♦ ৭০০ কৌটি চকাৰ ব্যয় সাপেক্ষে নিৰ্মান হব এই পাৰ্ক খন।
দৈনন্দিন বাৰ্তা সেৱা, গুৱাহাটীঃ অসমত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ড। সাধাৰনতে একাংশ লোকে কাম-কাজ নকৰি চুৰি কৰ্মত নিয়োজিত হোৱাৰ বিপৰিতে আপুনি জানি আচৰিত হব চৰকাৰী চাকৰিয়ালেও নামি পৰিছে চুৰিকৰ্মত। ঘটনাটো গুৱাহাটীৰ সাতগাঁওত এখন ম’বাইলৰ দোকানৰ চিচি টিভিত ধৰা পৰিছে। ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত পৰিল অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ উপ-সঞ্চালক মঃ আলি আশ্ৰফ
দৈনন্দিন বাৰ্তা, ডিজিটেল ডেস্কঃ পাকিস্তানত পুনৰ আৰম্ভ হ’ল ব্যৱহৃত টিকটকৰ ব্যৱহাৰ। দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অশ্লীলতাৰ বাবে জনপ্ৰিয় এপটো নিষিদ্ধ কৰিছিল পাকিস্তান চৰকাৰে৷ ইয়াৰ পিছতে চীন চৰকাৰে দিয়া চাপৰ বাবেই অৱশেষত দহদিন পিছত পুনৰ টিকটকৰ ব্যৱহাৰ অনুমতি প্ৰদান কৰে পাকিস্তান চৰকাৰে৷ এই ঘটনাৰ পিছত চীন আৰু পাকিস্তানৰ সম্পৰ্কত কেনেদৰে ইয়াৰ প্ৰভাৱ পৰে সেয়া দেশ দুখনৰ লক্ষ্যণীয় হ’ব।
দৈনন্দিন বাৰ্তা সেৱা, শিৱসাগৰঃ চৰাইদেউক জিলা ঘোষণাৰ পিছতেই কিছুদিন পূৰ্বেই চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ সমিতিখন ভংগ কৰা হৈছিল৷ মঙলবাৰে শিৱসাগৰত অনুষ্ঠিত আছুৰ অধিৱেশনৰ বিষয় বাচনি সভাই নতুনকৈ চৰাইদেউ জিলা সমিতিখন গঠন কৰে৷ নৱগঠিত চৰাইদেউ জিলা ছাত্ৰ সন্থাত দিলিপ বড়াক সভাপতি আৰু মৰাণৰ অনুপজ্যোতি ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়৷
দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ডিমৌ সমীপৰ চেপনত সংঘটিভ হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS-04-T-3788 নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰে এটা দ-খাৱৈত বাগৰি পৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিভ হয়৷ দুৰ্ঘটনাত থিতাতে গাড়ীখনৰ চালজন নিহত হয়৷ আনহতে দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় দুজনকৈ আৰোহী৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে চালক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ নিহত ব্যক্তিজন ASEB গড়গাঁৱৰ কৰ্মচাৰী চাহিল ৰহমান বুলি জানিব পৰা গৈছে৷ ইয়াকে লৈ এতিয়া সমগ্ৰ নাজিৰাত শোকৰ ছাঁ পৰিছে।
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ ৬৯৮ জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। বৰ্তমানলৈ অসমত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২,০১,৪০৭ জনলৈ পাইছে বৃদ্ধি। এতিয়ালৈ ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১,৭৩,২১০ জনলৈ পাইছে বৃদ্ধি। আনহাতে চিকিত্সাধীন হৈ আছে ২৭,৩১৯ জন কোভিড পজিটিভ ৰোগী। বৰ্তমানলৈ ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৭৫ জন লোক।
দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি পঞ্জাৱৰ মুখামুখি হ’ব দিল্লী৷ চলিত বৰ্ষত পঞ্জাৱে ৯ খন খেলৰ ৩ খনত জয়ী হৈ পইন্ট তালিকাত ৭ নম্বৰত থকাৰ বিপৰীতে দিল্লীয়ে ৯ খন খেলৰ ৭ খনত জয়ী হৈ পইন্ট তালিকাৰ শীৰ্ষ স্থানত অৱস্থান কৰিছে৷ আজিৰ ৰাজস্থান বনাম বেঙ্গালুৰ খেলখন ডুবাইৰ ৰ খেলপথাৰত ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে আইপিএলত সোমবাৰে অনুষ্ঠিত চেন্নাই বনাম ৰাজস্থান খেলত চেন্নাইয়ে প্ৰথমে বেটিং কৰি ৰাজস্থানৰ সন্মুখত ১২৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে। ৰাজস্থানে ১৫ টা বল বাকী থকোতেই লক্ষ্যত উপনীত হৈ জয়লাভ কৰে৷
♦️ শীঘ্ৰেই বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন।
♦️ গৃহ মন্ত্ৰালয়ে আগষ্ট মাহত সংসদৰ স্থায়ী কমিটিক জনোৱা মতে আৰু তিনিমাহ প্ৰয়োজন হ’ব।
♦️ কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিৱেশেৰ বাবে কিছু পলম হ’ল।
♦️ বিজেপি দল ‘কা’ ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
♦️ সোমবাৰে পশ্চিমবঙ্গৰ চিলিগুৰিত দলীয় সভাত অংশ লৈ এই মন্তব্য কৰিলে বিজেপিৰ সভাপতি জে পি নড্ডাই।
ডুবিয়া, ১৯ অক্টোবৰঃ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খাটৰবাৰীত যোৱা নিশা এটা ঘৰচীয়া হাতীয়ে উপদ্ৰৱ চলাই এলেকাটোৰ ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। এক প্ৰকাৰ উন্মাদ হৈ পৰা হাতীটো আজি বিয়লি বন বিভাগে ট্ৰেংকুলাইজ কৰি বশ কৰিব লগা হয়। জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ পৰা অৰুনাচল প্ৰদেশলৈ আনি থকা হাতীটো কালি বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাটৰবাৰীত জিৰণিৰ বাবে মাউতে বান্ধিবলৈ লওতেই অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে হাতীটোৱে। উন্মাদৰ দৰে আচৰণ কৰা হাতীটোৱে মাউতক খুন্দিয়াই পেলাই এলেকটোত উপদ্ৰৱ চলাবলৈ ধৰে। মাউতে অশেষ চেষ্টা কৰিও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা হাতীটোৱে নিশাৰ ভাগত এলেকাটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। হাতীটোৱে উপদ্ৰৱ চলাই এলেকাটোৰ অনন্ত বৰা আৰু বাবু বৰাৰ বাসগৃহৰ লগতে মুন বৰাৰ দোকানগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে। তদুপৰি নিত্যানন্দ গোস্বামীৰ চৌহদৰ পকী দেৱাল ভাঙি পেলায়। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটো বশ কৰাৰ চেষ্টা কৰে যদিও বিফল হয়। অৱশেষত কাজিৰঙাৰ পৰা অহা ডব্লিউ ডব্লিউ এফ আৰু পশু চিকিৎসকৰ দলে আজি বিয়লি ট্ৰেংকুলাইজ কৰি হাতীটো বশ কৰিব লগা হয়। ভাটি খোলা অৱস্থাৰ বাবেই ঘৰচীয়া হাতীটো এনেদৰে উন্মাদ প্ৰায় হৈ পৰে বুলি অনুমান কৰা হৈছে। অন্যহাতেদি হাতীটোৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক হাতীটোৰ মালিক পক্ষই উপযুক্ত ক্ষতি পূৰণ আদায় দিয়াৰ দাবী জনাইছে স্হানীয় ৰাইজে।


দৈনন্দিন বাৰ্তা সেৱাঃ SI কেলেংকাৰীৰ উত্তেজনা মাৰ নাযাওতে পুনৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষী বিষয়াই৷ উত্কোচলৈ হাতে-লোতে গ্ৰেপ্তাৰ হ’ল ASI পংকজ বৰা৷৷ বৰ্তমান জেৰা অৱ্যাহত মৰিগাঁও সদৰ থানাৰ তদন্তকাৰী বিষয়া পংকজ বৰাক৷ ৰক্ষকে ভক্ষকৰ ৰূপত এনেদৰে অৱৰ্তীন হোৱাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
.