Home Blog Page 3249

শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত ।

লংকা : হোজাই জিলাৰ বিজেপিত হৈছে নেকি দলীয় সংঘাত। যাৰ পৰিণতিত দেওবাৰে বিধায়ক শিলাদিত্য‌ই বিজেপিৰ পৰা অৱসৰ লোৱাৰ পথ বাছি লৈছে। বিধায়ক শিলাদিত্য আৰু হোজাই বিজেপি সমিতিৰ কৰ্মীৰ মাজত চলিছে আভ্যান্তৰীণ সংঘাত যাৰ পৰিণতিত জিলা বিজেপি কাৰ্য্যালয়ত জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদক সভাৰ জৰিয়তে ততাতৈয়াকৈ বিজেপিত যোগদান কৰা হʼল। ৰাজ্যিক বিজেপি, নেতা কৰ্মী কাৰ পক্ষত? কিয় বিষয়টো নিয়ন্ত্ৰণ কৰিব পৰা নাই উচ্চ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলে। সকলো বৰ্তমান পানীৰ তলৰ কাঁইট সদৃশ পৰিবেশ। কালি বিজেপিৰ হোজাই জিলা সমিতিৰ সভাপতি অনুপ দেৱ আৰু প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংবাদিকক কয় যে বিধায়ক শিলাদিত্য দেৱে বিজেপি দলৰ পৰা অৱসৰ লোৱাৰ ক্ষেত্ৰত জনোৱা নাছিল হোজাই জিলা বিজেপিৰ কৰ্মকৰ্তাক। আনহাতে, আকৌ হোজাই সভাপতি গৰাকীকো ব্যক্তিগতভাৱে জনোৱা নাছিল কোনো কথা। তেওঁ পৰিষদৰ সন্দৰ্ভত কয় যে, বিধায়ক গৰাকীয়ে কোৱাৰ দৰে কথাবোৰ নহয়। হোজাই জিলা পৰিষদৰ উপ-সভাপতি নুৰ আহমেদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি নিৰ্দলীয় হৈ আহিছিল। পদত্যাগৰ লিখিত পত্ৰ হোজাই জিলা বিজেপিৰ হাতত আছে। পিছতহে কংগ্ৰেছৰ পৰা নুৰ আহমেদক বহিষ্কাৰ কৰিছিল। পৰিষদত অবাধ দুৰ্নীতি সন্দৰ্ভত কয় যে, পুৰণি পৰিষদৰ কিছু পুঁজি আছিল যদিও পৰিষদত পুঁজিক লৈ কোনো দুৰ্নীতি হোৱা নাই । পুঁজিয়েই নাই দুৰ্নীতি হ’ব কʼৰ পৰা? কান্ধত মোনা লৈ হোজাইত দলীয় কৰ্মীৰ মাজত বিভাজন অনা ৰাজ্যিক পৰ্যায়ৰ নেতা, কাৰ কথা বিধায়ক শিলাদিত্য‌ই কৈছে নাজানো। তেওঁ নাম কোৱা নাই। বিজেপিৰ প্ৰায় সংখ্যক কৰ্মকৰ্তাই কান্ধত মোনা লয়। ৰাজ্যিক পৰ্যায়তো বহু আছে কাৰ কথা কৈছে নাজানো। এইদৰে কয় জিলা সভাপতি অনুপ দেৱে। আনহাতে প্ৰাক্তন সভাপতি অৰ্জুন মজুমদাৰে কয় যে, বিধায়ক শিলাদিত্য‌ই কিছু দিনৰ পৰা এনে কথা কৈ দলৰ কৰ্মীসকলৰ মনোৱল ভাঙিছে। কোন সেই কান্ধত মোনা লোৱা ব্যক্তিৰ লগত প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ সম্পৰ্ক আছে, যদি সত্ সাহস আছে শিলাদিত্য‌ই স্পষ্ট কৰক। হোজাই বিজেপিত হোৱা নাই দল কেন্দ্ৰীক ৰাজনীতি। আনহাতে আকৌ শিলাদিত্যই অৰ্জুন মজুমদাৰক নাৰী লগত অপকৰ্ম কৰা বুলি সংবাদমেলত যি মন্তব্য আগবঢ়াইছিল তাৰ সন্দৰ্ভত অৰ্জুন মজুমদাৰে কয় যে, মোৰো এটা পৰিয়াল আছে। এনেবোৰ কথা দুনাই যাতে শিলাদিত্য‌ই নকয়। ৰাজনৈতিকভাবে যি কয় ক‍ওঁক কিন্তু ব্যক্তিগতভাবে যাতে শিলাদিত্যই নকয়। নহ’লে ম‌ই আইনৰ আশ্ৰয় লম।

ঐতিহাসিক পথৰুঘাটত বানপানী, ৰাজা ফাউণ্ডেশ্যন, অসমৰ সঁজাতি দলৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ ৷

মঙলদৈ : দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ আলিখাপাৰা গাঁৱৰ ননৈ নদীৰ পূব ফালৰ মথাউৰিটো নদীত থকা অতিৰিক্ত পানীৰ হেঁচাত যোৱা ১১ জুলাইত প্ৰায় ২০ ফুট মান দীঘলকৈ চিঙি যায়৷ উল্লেখযোগ্য যে আগৰ পৰা মথাউৰিৰ কিছু অংশ দুৰ্বল হৈ পৰিছিল আৰু বিভিন্ন অংশত গাঁতৰ সৃষ্টি হৈছিল৷ পানী যোৱাৰ লগে লগে পানীৰ প্ৰৱল সোঁতে আলিখাপাৰা গাঁৱৰ মানুহসকলৰ ঘৰ-দুৱাৰ মুধচ পৰ্যন্ত ডুবাই পেলায় আৰু মানুহসকলে টলকিব পৰা আগতেই ঘৰুৱা সা-সম্পত্তি, খেতি-পথাৰ ডুবাই পেলায়৷ এই পানীভাগ পিছত পাথৰিঘাটৰ দ্বিগজ নদী তথা বুঢ়া নদীত প্ৰৱেশ কৰি উভতি বৈ পাথৰিঘাট গাঁৱৰ উত্তৰ অংশত যোৱা ৩৫ বছৰ আগৰ পৰাই চিঙি থকা দ্বিগজ নৈৰ দক্ষিণ পাৰৰ ভঙা মথাউৰিৰে পানী ওলাই আহে৷ লগে লগে পথৰুঘাট গাঁও, ১৮৯৪ চনৰ শ্বহীদ সকলৰ শ্বহীদ স্তম্ভ, শ্বহিদ বাকৰি, পাৰ্ক আদিৰ লগতে নিৰনচুবা, ১নং ঘোঁৰাশাল (তুৰাই), বৰকুমাৰপাৰা, বৰ কলিয়াঝাৰ আদি গাঁও সমূহৰ ঘৰ-বাৰী বুৰাই পেলায়৷ ছিপাঝাৰ-বড়িচৌকা পকী পথচোৱাৰ প্ৰায় আধা কিলোমিটাৰ ৰাস্তাও বোৱতী পানীৰে বুৰাই পেলায়৷ দুৰ্ভাগ্যজনক ভাৱে বাসিন্দাসকলৰ মীন পালন কৰা পুখুৰী সমূহ বুৰাই পেলায়৷ এই আটাইবোৰ ক্ষতিগ্ৰস্ততাৰ বুজ ল’বলৈ আজি ৰাজা ফাউণ্ডেশ্যন, অসমৰ সম্পাদকপ্ৰধান, লেখক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী, মুখপাত্ৰ আজমল হুছেইনকে ধৰি এটি সঁজাতী দলে ভঙা মথাউৰিৰ লগতে বানাক্ৰান্ত গাঁও সমূহৰ ক্ষতিগ্ৰস্ত লোকসকলৰ লগত সাক্ষাৎ কৰি মত বিনিময় কৰে৷ লগতে জানিব পাৰে যে দুৰ্গতিৰ এই সময়চোৱাত ভুক্তভোগী সকলৰ ওচৰত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন উপস্থিত হৈ সাহায্য বিতৰণ কৰিছে লগতে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই উক্ত ঠাই পৰিভ্ৰমণ কৰি ভাঙি যোৱা মথাউৰিখণ্ড শীৰ্ঘ্ৰেই পুনৰনিৰ্মাণ কৰিবলৈ আশ্বাস দিয়ে বুলি জনা গৈছে৷ উল্লেখ্য যে ৰাজা ফাউণ্ডেশ্যন, অসমৰ চৰজমিন তদন্তৰ অন্তত পথৰুঘাটৰ ৰাইজক দীৰ্ঘদিনীয়া বান সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ বিজ্ঞানসন্মত তথা ফলৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সজোৰে দাবী জনায় ৷

কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী,দুখীয়াৰ পৰম বন্ধু খ্যাত বাবুল নেওগঁৰ দেহাৱসান। বন্ধ ৰখা হ’ল কুসুমটোলা ব্যৱসায়িক প্ৰতিষ্ঠান।

জামুগুৰিহাট : জামুগুৰিহাটৰ কুসুমটোলাৰ বিশিষ্ট সমাজ কৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী বাবুল নেওগঁৰ তেজপুৰৰ টাইমছ হস্পিতালত মৃত্যু ঘটে ।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৯ বছৰ ।১৯৫২ চনত জন্ম গ্ৰহণ কৰা নেওগেঁ জীৱন যুঁজত বহুতো ঘাট প্ৰতিঘাটৰ মাজেদি আগবাঢ়ি নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আধুনিক কুসুমটোলা নিৰ্মানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।দুখীয়াৰ পৰম বন্ধু বুলি অঞ্চলটোত পৰিচিত নেওগঁ কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকাত পৰিয়ালৰ লোক ১২ জুলাইত টাইমছ হস্পিতালত ভৰ্তি কৰিছিল যদিও অৱশেষত তেওঁ নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়।তেখেতৰ মৃতুৰ প্ৰতি সন্মান জনাই আজি দিনটোৰ বাবে কুসুমটোলা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে বন্ধ ৰাখে কুসুমটোলা ব্যৱসায়ি সন্হাই ।মৃত্যুৰ সময়ত নেওগেঁ পত্নী ,দুই পুত্ৰ, জীয়ৰী সহ অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।

নগাঁৱত কংগ্ৰেছত গৰাখহনীয়া, ৯গৰাকী পঞ্চায়ত প্ৰতিনিধি সহ শতাধিকৰ বিজেপি দলত যোগদান।

নগাঁও :
নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত সৃষ্টি হৈছে ব্যাপক গৰাখহনীয়াৰ। আজি সদৰ সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তত কংগ্ৰেছৰ ৯গৰাকী নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰি পঞ্চায়ত টোত কংগ্ৰেছৰ ভেটিত ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে। আজি বিয়লি কেন্দুগুৰি পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টিৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত সভাত বিধায়ক ৰূপক শৰ্মা,ভকতগাঁও জিলা পৰিষদৰ সদস্য ৱাজিবুল্লা কবিৰ আৰু জিলা সভাপতি অভিজিৎ নাথৰ উপস্থিতিত ৯গৰাকী পঞ্চায়ত প্ৰতিনিধিসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে গেৰুৱা বসন পৰিধান কৰে। সংখ্যালঘূ জনবসতি প্ৰধান পঞ্চায়তটোত কংগ্ৰেছৰ যথেষ্ট শক্তিশালী স্থিতি থকা বুলি চৰ্চিত হোৱাৰ সময়তে শতাধিক কংগ্ৰেছীয়ে দলত্যাগ কৰা কাৰ্যই চিন্তিত কৰি তুলিছে জিলাখনৰ কংগ্ৰেছী মহলক। আনহাতে আজিৰ এই সভাত ভাষণ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে সবকা সাথ সবকা বিকাশ নীতিৰে ভাৰতীয় জনতা পাৰ্টিয়ে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বেশেষে সকলোকে লগত লৈ আগুৱাই যাব। বিধায়ক গৰাকীয়ে লগতে কয় যে এতিয়া কংগ্ৰেছে ধৰ্মৰ কথা কৈ আৰু মুছলমান ভোটাৰক প্ৰৱঞ্চনা কৰিব নোৱাৰে। ২০২১ত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ’ব বুলি মন্তব্য কৰি বিধায়ক গৰাকীয়ে পুনৰ কয়, নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত দিনবোৰৰ দৰে অনাগত সময়তো সদৰ সমষ্টিৰ ৰাইজৰ সৰ্বাঙ্গীণ উন্নয়ণৰ বাবে তেঁও কাম কৰি যাব। উল্লেখযোগ্য যে কেন্দুগুৰিত অনুষ্ঠিত সভাখনত ভাৰতীয় জনতা পাৰ্টিৰ খাগৰিজান মণ্ডল, যুৱ মৰ্চা আৰু জিলা বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।

সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

বিশ্বত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৩ মিলিয়ন অতিক্ৰম কৰিলে৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈকে ৫.৭২ লাখ লোক মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত হংকঙৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ আনহাতে প্ৰতিৱেশী ছাউথ ৱেলছৰ “হটস্পট”ৰ পৰা অষ্ট্ৰেলিয়াৰ কোনো প্ৰৱেশ কৰাৰ বাবে কুইন্সলেণ্ডত বাধ্যতামূলক পৃথক পৃথক কোৱাৰেণ্টাইনৰ ব্যৱস্থা জাৰি কৰিছে৷ ইপিনে ক’ৰোনা ৰোধৰ বাবে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে হংকঙত ৬৪৫ ডলাৰ জৰিমনা বিহাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ লগতে নিউয়ৰ্কত তৰুণসকলৰ ২০ৰ পৰা ২৯ বছৰৰ ভিতৰত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব ৰখাত গুৰুত্ব দি তৰুণসকলক শিক্ষিত কৰাৰ প্ৰচেষ্টা দুগুণ কৰিব৷ জাপান চৰকাৰে সংক্ৰমণ বাঢ়িলে নতুনকৈ জৰুৰী অৱস্থা ঘোষণা কৰা সম্ভৱ হ’ব৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে কয় যে অহা আগষ্টৰ পৰা সকলো ইনডৰ ৰাজহুৱা স্থানত তেওঁ মাস্ক পিন্ধা বিচাৰিছে৷ তেওঁৰ মতে ভাইৰাছটো বাধা দিয়াত মাস্ক পৰিধান, সামাজিক দূৰত্ব আৰু হাত ধুৱা গুৰুত্বপূৰ্ণ৷ নেপালত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৭ হাজাৰ পাৰ কৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশখনত ১১৬ জন নতুন আক্ৰান্ত চিনাক্ত হৈছে৷ ইতিমধ্যে দেশখনত এই ভাইৰাছত আক্ৰান্ত হৈ ৩৮ জন লোকৰ মৃত্যু হৈছে৷ ইংলেণ্ড চৰকাৰে বিভিন্ন চিন্তাৰ শেষত মঙলবাৰে ঘোষণা কৰে যে ২৪ জুলাইলৈকে ইংলেণ্ডত ফেচ মাস্ক বা ফেচ কভাৰ পৰিধান বাধ্যতামূলক হৈ পৰিব৷ কাৰণ দেশখনত লকডাউন বন্ধ হৈছে কাৰণে ক’ৰোনা ভাইৰাছ ৰোধ কৰাৰ অংশ হিচাপে নিয়ন্ত্ৰণৰ প্ৰচেষ্টা হ’ব৷ ছিংগাপুৰত মঙলবাৰৰ দিনা নতুনকৈ ৩৪৭ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ কথা জানাব পৰা গৈছে৷ দেশখনত মুঠ ৪৬৬৩০ জন ক’ৰোনাত আক্ৰান্ত হৈছে ৷

দেশৰ ২২ ৰাজ্যত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ অধিক ক’ৰোনা পৰীক্ষা ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

২২ খন ৰাজ্যত প্ৰতি দিনে প্ৰতি মিলিয়নত ১৪০ জন লোকৰ ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ কেন্দ্ৰই এই কথা নিশ্চিত কৰিছে৷ এই তথ্যই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দ্ধাৰণ কৰা পৰিমাণ অতিক্ৰম কৰিছে৷ এই ৰাজ্যবোৰৰ ভিতৰত গোৱাত প্ৰতি মিনিয়নত সৰ্বাধিক ১০৫৪ আৰু দিল্লীত প্ৰতি মিলিয়নত ৯৭৮ জনৰ নমুনা পৰীক্ষা কৰিছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয়, ২২ খন ৰাজ্যত বৰ্তমানে প্ৰতিদিনে প্ৰতি মিলিয়নত ১৪০ টা পৰীক্ষা কৰিছে৷ বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশখনত প্ৰতি দিনাই ক’ভিড-১৯ত নতুন লোক আক্ৰান্ত হৈ আছে৷ ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যিটো মাৰ্চ মাহত ৩৮.২ শতাংশৰ পৰা কমি আহি ১২ জুলাইত ৩.২৪ শতাংশ হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা জনাইছে৷ উল্লেখ্য যে ক’ভিড-১৯ত বিশ্বৰ ভিতৰত মৃত্যুৰ সংখ্যা প্ৰতি মিলিয়ন হিচাপত বহু নিন্ম৷ মন্ত্ৰীজনে লগতে নিশ্চিত কৰে যে মৃত্যুৰ হাৰ ২.৬ শতাংশৰ তললৈ আহিছে৷ আক্ৰান্তৰ সংখ্যাৰ তুলনাত সক্ৰিয়ৰ সংখ্যা প্ৰায় ১.৮ গুণ বুলি লগতে প্ৰকাশ কৰে৷ ইয়াৰ লগতে কয় যে বহু ৰাজ্যৰ চিকিৎসালয়ৰ পৰা প্ৰতিদিনে যাবলৈ দিয়া সংখ্যা ভৰ্ত্তিৰ সংখ্যাতকৈ বেছি আৰু ক’ভিড-১৯ৰ মুঠ সক্ৰিয় ৮৬ শতাংশই ১০ খন ৰাজ্যৰ মাজত দুখনত ৫০ শতাংশ হৈছে৷ সেই দুখন ৰাজ্য হ’ল মহাৰাষ্ট্ৰ আৰু তামিলনাডু৷ আন ৮খন ৰাজ্যৰ ক্ষেত্ৰত ৩৬ শতাংশ৷ ২০ খন ৰাজ্যত আৰোগ্যৰ সংখ্যা ৰাষ্ট্ৰীয় গড়ৰ তুলনাত বেছি৷ ভাৰতত গড়ে ৬৩ শতাংশ আৰোগ্য হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে৷ ইয়াৰে ভিতৰত উত্তৰ প্ৰদেশত ৬৭ শতাংশ, অসমত ৬৫ শতাংশ, গুজৰাটত ৭০ শতাংশ, তামিলনাডুত ৬৫ শতাংশ বুলি জনায় ৷

মৰাণ জনগোষ্ঠীক জনজাতিৰ দাবীত তিনিচুকীয়াত উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰি ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ লগতে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশ বাতিলৰ দাবী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থা সৰৱ হৈ একাদিক্ৰমে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আঞ্চলিক সমূহৰ উদ্যোগত যোৱা ১০ জুলাইত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কালি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সাম্প্ৰতিক সময়ৰ বিশ্বজোৰা কৰোনা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত পৰিবেশ উত্তাল কৰি তোলে। চৰকাৰে জন বিৰোধী নীতি গ্ৰহণ কৰাটো মৰাণ ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰি দি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়। আনহাতে, মৰাণ জনজাতিক অতিশীঘ্ৰে অনুসূচীত জনজাতিৰ মৰ্যদা প্রদান কৰিবলৈ চৰকাৰক দাবী জনাইছে। অন্যথা প্ৰতিবাদী কাৰ্যসূচী তীব্ৰ কৰাৰ হুংকাৰ দিছে। কালিৰ কাৰ্যসূচীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ, ভাৰপ্ৰাপ্ত সভাপতি দিলীপ মৰাণ, সাধাৰণ সম্পাদক নৱ মৰাণ, অসম মৰাণ সভাৰ সাংগঠনিক সম্পাদক খগেন মৰাণ আদি নেতৃবৰ্গ উপস্থিত থাকে।

ছুটি কথা ছৱিৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম খোদিত কৰিলে নলবাৰীৰ যুৱকে।

দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটাই নলবাৰীৰ এজন যুৱকে ছুটি কথাছবিৰে আন্তৰ্জাতিক পৰ্য্যায়ত নিজৰ নাম খোদিত কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম অংকিত কৰি গৌৰৱ কঢ়িয়াই অনা এই যুৱকজন হৈছে নলবাৰীৰ কাজিপাৰা নিবাসী চিন্ময় বাৰ্মা। বিগত ২০১০ চনত চিন্ময় বাৰ্মাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত সপ্তম স্থান দখল কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিছিল আৰু এনেদৰে ভালকৈ পঢ়া শুনা কৰি মেকানিকেল ইঞ্জিনিয়াৰিং সম্পন্ন কৰিলে। কিন্তু পঢ়া শুনাত পাকৈত হোৱাৰ পিছত ও যুৱকজনৰ ধাউতি আছিল চিত্ৰকলা আৰু কলা-সংস্কৃতিৰ প্ৰতি। বিশেষকৈ যুৱকজনে ২০১৪ চনত ইঞ্জিনিয়াৰিঙত যাত্ৰা আৰম্ভ কৰাৰ পিছতে আজিৰ তাৰিখলৈ পাঁচ খনকৈ ছুটি কথাছৱি সঞ্চালনা কৰিছে। শেহতীয়াভাৱে চিন্ময় বাৰ্মাই সঞ্চালনা কৰা তথা নলবাৰী টেৰেছিয়াৰ সেউজ বন্ধু বীৰেন দাসে অভিনয় কৰা “মৰমে ৰিঙিয়াই” নামৰ ছুটি কথা ছৱি খনে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত অফিচিয়েল বাচনিত স্থান লাভ কৰিছে। অফিচিয়েল বাচনি সমূহ ক্ৰমে ১. দ্যা লিফ্ট অফ চেচন্, ইউ.কে. ২. ফাষ্ট টাইম ফিল্ম মেকাৰ’ছ চেচন, ইউ.কে. ৩.গুৱাহাটী ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল। আনহাতে যুৱকজনৰ শেহতীয়া ছুটি কথাছৱিখন নেচনেল এৱাৰ্ড ইউনিং ফিল্মমেকাৰ ভাস্কৰ হাজৰিকাই প্ৰত্যক্ষ কৰি আপ্লুট হয় ভূয়সী প্ৰশংসা কৰাৰ উপৰিও নিজাববীয়াকৈ ৰিভিউ প্ৰদান কৰে। তদুপৰি এই ছুটি কথাছৱিখন ৰাইজে www.moviesairts.com/love and beyond ত চাব পাৰিব বুলিও জানিব দিছে। আনহাতে চিন্ময় বাৰ্মাৰ এই কথা ছৱি সমূহৰ দ্বাৰা যিখিনি উপাৰ্জন হয়, সেই উপাৰ্জনৰ এটা অংশ লক ডাউনৰ সময়চোৱাত দুখীয়া ঘৰৰ লৰা-ছোৱালীক কিতাপ কলম, বহী আদি যোগান ধৰি আহিছে। চিন্ময় বাৰ্মাক ভৱিষ্যতে আগবাঢ়ি যাবলৈ অভিনন্দন জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজে। চিন্ময় বাৰ্মাই জানিব দিছে যে এনেকুৱা আমাৰ ৰাজ্যত বহুত প্ৰতিভাশালী যুৱক-যুৱতী আছে যিয়ে উপযুক্ত এখন প্লেটফৰ্ম নাপায় নিজৰ প্ৰতিভা বিলুপ্ত কৰি ৰাখিবলগীয়া হৈছে। তেনেকুৱা যুৱক-যুৱতী সকলক অনলাইন মাধ্যমৰ দ্বাৰা নিজৰ প্ৰতিভা আৰু দক্ষতাক বাহিৰত আনিবলৈ চিন্ময় বাৰ্মাই দ্বাৰা আহ্বান জনায়।

বানৰ কৱলত বন‍্য জীৱ-জন্তু, বানত দিশহাৰা হৈ জনাঞ্চলত ঢেকীয়াপটীয়া বাঘ ।

কলিয়াবৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ‍্যত ঢেকীয়াপটীয়া বাঘ। ৰাষ্ট্ৰীয় উদ‍্যানৰ কাষৰীয়া কুঠৰীৰ প্ৰৱীন বৰাৰ গোঁহালিত এটা প্ৰকাণ্ড ঢেকীয়াপটীয়া বাঘ। ততাতেয়াকৈ ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ তথা বন বিভাগৰ লোকে বাঘটো সুৰক্ষিত স্থানলৈ পঠাবলৈ সক্ষম হয়। আনহাতে বৰঘূলীৰ সাপমাৰী অঞ্চলতো এটা সুগৰী পহু স্থনীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে। কাষৰীয়া বানপীড়িত লাওখোৱা অভয়াৰণ‍্যৰ পৰা দিশহাৰা হৈ পহুটো ওলাই আহিছে সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলৰ পৰা আশ্ৰয় বিচাৰি জন-অৰণ‍্যত বনৰীয়া ম’হ। কলিয়াবৰৰ ঐতিহাসিক দেশী-বিদেশী পক্ষী বিচৰণস্থলী জয়সাগৰ দলনি দাঁতিকাষৰীয়া খেতি পথাৰত পুৱাতেই বনৰীয়া ম’ৰ বিচৰণ। কলিয়াবৰত পুৱাতে বনৰীয়া ম’হৰ বিচৰণ। সন্ত্ৰাসিত গঞা ৰাইজ। খেতি-পথাৰত ব‍্যস্ত হৈ থকা কৃষকৰ মাজত চাঞ্চল‍্য। বন বিভাগৰ লোক উপস্থিত হৈ খেলাৰ চেষ্টা। নিৰ্বিকাৰ বনৰীয়া ম’হ। বহু চেষ্টাৰ মূৰত ম’হৰ স্থান ত‍্যাগ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বানৰ কৱলত আশ্ৰয় বিচাৰি উদ‍্যানৰ পৰা ওলাই অহাৰ সন্দেহ বন বিভাগৰ।

চানমাৰি অমিয় নগৰত ভুমিস্খলন ৷ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যলয়ে বিতৰন কৰিলে তিৰ্পাল ৷

বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ তৎপৰতাত গুৱাহাটী ৰাজহ চক্ৰবিষয়াৰ কাৰ্য্যলয়ে বিতৰন কৰিলে তিৰ্পাল ৷

গুৱাহাটী : চলিত বৰ্ষত গুৱাহাটী মহানগৰীত অভাবনীয়ভাবে বৃদ্ধি পাইছে ভুমিস্খলনৰ ঘটনা৷ ইতিমধ্যে মহানগৰীৰ কেইবাটাও স্হানত সংঘটিত হোৱা ভুমিস্খলনে ৪ গৰাকী ব্যক্তিৰ প্ৰান কাঢ়ি নিয়ে ৷ ইয়াৰ সমান্তৰালভাৱে চানমাৰি অঞ্চলৰ অমিয় নগৰৰ কেইবাটাও স্হানত পাহৰৰ মাটি খহি অহা দেখা গৈছে৷ অতি দৰিদ্ৰ পৰিয়াল কেইটাই নিজৰ আপোন ঘৰখন ৰক্ষা কৰিবলৈ এখনি তিৰ্পাল যোগাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ ইয়াৰ বাবেই স্হানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মাটি খহাৰ পৰা পৰিত্ৰাণ পাবলৈ কেইখনমান তিৰ্পাল যোগান ধৰিবলৈ ভুক্তভোগী ৰাইজে অনুৰোধ জনায় ৷ সেই মৰ্মেই বিধায়ক গৰাকীৰ ততপৰতাত আজি গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা তিৰ্পাল বিতৰণ কৰা হয় ৷ যিবোৰ অঞ্চলত কিছু পৰিমাণে মাটি খহিছে সেই অঞ্চল সমূহৰ বাসিন্দা সকলৰ মাজত গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ ক্ষেত্ৰ বিষয়া সিমান্ত সোনোৱালে অমিয় নগৰত তিৰ্পাল বিতৰন কৰে ৷ ভুক্তভোগী ৰাইজৰ নৰেন কলিতা, কল্পনা জেনা, অন্জনা শৰ্মা, পুতুলী তালুকদাৰ লগতে কেইবাটাও পৰিয়ালৰ মাজত তিৰ্পাল বিতৰণ কৰা দেখা গৈছে৷ উল্লেখ্য যে তিৰ্পাল বিতৰণ কৰা অনুষ্ঠানত স্হানীয় কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে ৷