Breaking

গহপুৰত ঘৰচীয়া হাতীৰ উপদ্ৰৱত দোকানসহ তিনিটা বাসগৃহৰ বিস্তৰ ক্ষতিসাধন : অৱশেষত ট্ৰেংকুলাইজ কৰি বশ কৰিলে বন বিভাগে

0 1,301

ডুবিয়া, ১৯ অক্টোবৰঃ গহপুৰ মহকুমাৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খাটৰবাৰীত যোৱা নিশা এটা ঘৰচীয়া হাতীয়ে উপদ্ৰৱ চলাই এলেকাটোৰ ৰাইজৰ মাজত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। এক প্ৰকাৰ উন্মাদ হৈ পৰা হাতীটো আজি বিয়লি বন বিভাগে ট্ৰেংকুলাইজ কৰি বশ কৰিব লগা হয়। জানিব পৰা মতে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ পৰা অৰুনাচল প্ৰদেশলৈ আনি থকা হাতীটো কালি বিয়লি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ খাটৰবাৰীত জিৰণিৰ বাবে মাউতে বান্ধিবলৈ লওতেই অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে হাতীটোৱে। উন্মাদৰ দৰে আচৰণ কৰা হাতীটোৱে মাউতক খুন্দিয়াই পেলাই এলেকটোত উপদ্ৰৱ চলাবলৈ ধৰে। মাউতে অশেষ চেষ্টা কৰিও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নোহোৱা হাতীটোৱে নিশাৰ ভাগত এলেকাটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। হাতীটোৱে উপদ্ৰৱ চলাই এলেকাটোৰ অনন্ত বৰা আৰু বাবু বৰাৰ বাসগৃহৰ লগতে মুন বৰাৰ দোকানগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে। তদুপৰি নিত্যানন্দ গোস্বামীৰ চৌহদৰ পকী দেৱাল ভাঙি পেলায়। বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ হাতীটো বশ কৰাৰ চেষ্টা কৰে যদিও বিফল হয়। অৱশেষত কাজিৰঙাৰ পৰা অহা ডব্লিউ ডব্লিউ এফ আৰু পশু চিকিৎসকৰ দলে আজি বিয়লি ট্ৰেংকুলাইজ কৰি হাতীটো বশ কৰিব লগা হয়। ভাটি খোলা অৱস্থাৰ বাবেই ঘৰচীয়া হাতীটো এনেদৰে উন্মাদ প্ৰায় হৈ পৰে বুলি অনুমান কৰা হৈছে। অন্যহাতেদি হাতীটোৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হোৱা লোক সকলক হাতীটোৰ মালিক পক্ষই উপযুক্ত ক্ষতি পূৰণ আদায় দিয়াৰ দাবী জনাইছে স্হানীয় ৰাইজে।

Leave A Reply