Home Blog Page 3256

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল।

টীয়ক : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে সু স্বাস্থ্যৰ কামনাৰে সমগ্ৰ অসমৰ ৰাইজে প্ৰাৰ্থনাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰি থকাৰ সময়তে যোৰহাট জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কাকজান শাখা আঞ্চলিক সমিতিৰ সম্পাদক ইন্দুকমল ভূঞাৰ এটা ফেচবুক প’ষ্টত কমেণ্টত ‘Bjp Sushant’ নামৰ গুজৰাটৰ গান্ধীনগৰৰ নিবাসী বুলি উল্লেখ থকা আৰু বিজেপি দলৰ সদস্য বুলি উল্লেখ থকা এটা ফেচবুক প্ৰফাইলৰ পৰা অখিল গগৈক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে৷ অখিল গগৈক হত্যা কৰাৰ ভাবুকি প্ৰদানে অসমবাসীৰ লগতে অখিল গগৈৰ পৰিয়ালক সংকিত কৰি তুলিছে। সেয়ে উক্ত একাউন্টৰ গৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবীৰে টীয়ক আৰক্ষী থানাত কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি চাংমাই আৰু সম্পাদক ইন্দুকমল ভূঞাৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ প্ৰদান কৰিছে।

১০জনৰ বেছি বিধায়ক নাই শচীন পাইলট শিবিৰত ৷ নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

ৰাজস্থানৰ শচীন পাইলট শিবিৰে দাবী কৰিছিল যে তেওঁৰ সৈতে ৩০ জন বিধায়ক আছে ৷ কিন্তু সোমবাৰে পুৱা নিজৰ ক্ষমতা দেখুৱাই দিলে মুখ্যমন্ত্ৰী অশোক গেহলটে ৷ উল্লেখ্য যে ৰাজস্থান বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ১০৭ জন ৷ সোমবাৰে গেহলটৰ বাসভৱনত দলৰ জৰুৰী বৈঠকত উপস্থিত হয় কংগ্ৰেছৰ ৯৭ জন বিধায়ক ৷ গেহলট শিবিৰে আগতেই দাবী কৰি আহিছিল যে ৰাজস্থানত কংগ্ৰেছ অটুট আছে ৷ কোনো ফাট মেলা নাই ৷ ফলত শচীন পাইলট শিবিৰত ১০জনৰ বেছি বিধায়ক নাই ৷ নিৰ্দলীয় আৰু অন্যান্য দলৰ বিধায়ক মিলি গেহলটৰ দুৰ্গ এতিয়াও অটুট আছে ৷ এহাতে দলৰ ভাঙোন ৰোধ কৰিবলৈ দলৰ দোৱাৰ খোলা ৰাখিছে কংগ্ৰেছে ৷ এই কথা দলৰ মুখপাত্ৰ ৰণদীপ সুৰজেৱালাই জনাইছে ৷ আনহাতে কংগ্ৰেছৰ একাংশই কৈছিল শচীনে বিজেপিত যোগ দিব ৷ কংগ্ৰেছ নেতা আৰু এআইচিচিৰ সদস্য কে এল পুনিয়াই এই কথা শেষ পৰ্যন্ত প্ৰত্যাহাৰ কৰিছে ৷ কংগ্ৰেছ সূত্ৰই চিন্তা কৰিছিল বৰ্খাস্ত কৰা হ’ব পাৰে শচীনক ৷ তেতিয়া স্বয়ং শচীন পাইলটে জনাইছিল যে তেওঁৰ বিজেপিত যোগ দিয়াৰ কোনো পৰিকল্পনা নাই৷ দলৰ সমস্যা লৈ দেওবাৰে দিল্লী গৈছিল শচীন পাইলট ৷ কিন্তু তেওঁৰ সৈতে ৰাহুল বা ছোনীয়া কোনোৱে দেখা কৰা নাছিল ৷

মধ্য প্ৰদেশত ২৮ মন্ত্ৰীৰ দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰীসভাত ২৮ জন মন্ত্ৰীৰ দপ্তৰ বিতৰণ কৰে ৷ মন কৰিব লগা যে এসপ্তাহৰ আগতে মুখ্যমন্ত্ৰীজনে তেওঁৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰাৰ বিষয়ে ইংগিত দিছিল ৷ ইয়াৰ ভিতৰত মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী হিচাপে নৰোত্তম মিশ্ৰক দায়িত্ব দিয়া হৈছে৷ তাৰ লগতে মিশ্ৰক ৰাজনৈতিক পৰিক্ৰমা, আইন আৰু ন্যায়, কাৰাগাৰ দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে ৷ আনহাতে যশোধৰা ৰাজে সিন্ধিয়াক ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীৰ লগতে কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব দিছে৷ জনস্বাস্থ্য, কুটীৰ আৰু গ্ৰামোদ্যোগ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে গোপাল ভাৰ্গৱক ৷ তুলসী ৰাম ছিলভাক জলসম্পদ, মস্য কল্যাণ আৰু মস্য উন্নয়নৰ মন্ত্ৰী দিয়া হৈছে ৷ বন মন্ত্ৰীৰ দায়িত্ব বিজয় চাহাক দিয়া হৈছে৷ জগদীশ দেউৰাক বাণিজ্যিক কৰ, বিত্ত, অৰ্থনৈতিক আৰু পৰিসংখ্যা পৰিকল্পনা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ৷ আনহাতে বিষ্ণু লাল সিঙক অসামৰিক খাদ্য যোগান আৰু গ্ৰাহক সুৰক্ষাৰ মন্ত্ৰী হিচাপে দায়িত্ব দিছে ৷ ভূপেন্দ্ৰ সিঙক গ্ৰাম্য উন্নয়ন আৰু আবাস মন্ত্ৰীৰ দায়িত্ব দিছে ৷ মীনা সিং মন্দৱেক আদিম জাতিৰ কল্যাণ, অনুসূচিত জাতি কল্যাণ মন্ত্ৰী, কমল পেটেলক কৃষক কল্যাণ আৰু কৃষি উন্নয়ন, আদিল সিং খানশ্বাহানক জনস্বাস্থ্য কৰিকৰী মন্ত্ৰী, গোবিন্দ সিং ৰাজপুতক ৰাজহ, পৰিবহণ, বীজেন্দ্ৰ প্ৰতাপ সিঙক খনিসম্পদ, শ্ৰম, বিশ্ব ছাৰাঙক চিকিৎসা শিক্ষা, ভূপাল গেছ দুৰ্ঘটনাৰ সাহায্য আৰু পুনসংস্থাপন, ইন্দিৰা দেৱীক মহিলা আৰু শিশু উন্নয়ন, প্ৰভুৰাম চৌধুৰীক জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ, মহেন্দ্ৰ সিং ছিছ’দিয়াক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, প্ৰদ্যোন্ম সিং টোমাৰক শক্তি, প্ৰেম৷সিং পেটেলক পশুপালন, সামাজিক ন্যায় আৰু প্ৰতিবন্ধী কল্যাণ, ওম প্ৰকাশ ছাকলেভাক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তি, উষা ঠাকুৰক পৰ্যটন, কৃষ্টি, আধ্যাত্মিক মন্ত্ৰী, অৰবিন্দ ভদৰিয়াক সমবায়, হ্ৰদ সেৱা পৰিচালনা, মোহন যাদৱক উচ্চ শিক্ষা, হৰদীপ সিং ডুঙক নতুন আৰু নবীকৰণীয় শক্তি, পৰিৱেশ, ৰাজৱান্ধন সিং প্ৰেম দাত্তিগাঁৱক উদ্যোগ নীতি আৰু বিনিয়োগ প্ৰচাৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ৷ ভাৰত সিং খুচৱাহক উদ্যান শস্য আৰু খাদ্য প্রক্রিয়াকৰণ (স্বতন্ত্ৰ), নৰ্দমা উপত্যকা উন্নয়ন, ইন্দ্ৰ সিং পাৰমাৰক বিদ্যালয় শিক্ষা (স্বতন্ত্ৰ), সাধাৰণ প্ৰশাসন, ৰামখেলাভান পেটেলক পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু কল্যাণ আৰু চিহ্নিত যাযাবৰ আৰু আধা যাযাবৰ জাতিৰ কল্যাণ (স্বতন্ত্ৰ), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, ৰাম কিশোৰ (নানু) খানৱাৰেক আয়ুস (স্বতন্ত্ৰ), জলসম্পদ, বীজেন্দ্ৰ সিং যাদৱক জনস্বাস্থ্য কাৰিকৰী, গিৰিৰাজ দন্দটেক কৃষক কল্যাণ আৰু কৃষি উন্নয়ন, সুৰেশ ধকাদক গড়কাপ্তানী, অ’পিএছ ভাদাউৰিক নগৰ প্ৰশাসন আৰু উন্নয়ন মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে ৷

গান্ধী মন্ডপত ভূমিস্খলন : পাহাৰৰ পৰা খহি আহিল প্ৰকাণ্ড শিল ৷

দৈনন্দিন বাৰ্তা ডেস্ক :

চলিত বৰ্ষত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত মহানগৰীৰ গান্ধীমণ্ডপ পথত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে দক্ষিণ শৰণীয়া গান্ধীমণ্ডপ পথত কালি পুৱতি এটি প্ৰকাণ্ড শিলৰ সৈতে পাহাৰৰ মাটি বাগৰি আহে ৷ গান্ধী মণ্ডপ পথৰ একাংশ পথ শিল আৰু মাটিৰে ভৰি পৰিছে৷ যাৰ বাবেই পথচাৰী অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে পাহাৰৰ যি স্হানৰ পৰা শিল-মাটি বাগৰি আহিছিল সেই অংশৰ পৰা পুনৰ মাটি-শিল ঢহি যথেষ্ট আশাংকা কৰা হৈছে ৷ কিয়নো একেটা স্হানত মাটি আধা খহা অবস্থাত আছে ৷ সেইবাবেই যিকোনো মুহূৰ্তত পুনৰ ভুমিস্খলনৰ হোৱাৰ সম্ভাবনা প্ৰকট৷ ইপিনে গান্ধীমণ্ডপ পথৰ বিপৰীত দিশত এডাল প্ৰকাণ্ড গছ উভালি আছে ৷ গছজোপা গান্ধীবস্তিৰ দিশত পৰি আছে৷ যিহেতু সেই অঞ্চলটো এঢলীয়া সেইবাবেই যিকোনো মুহূৰ্তত গছজোপা বাগৰি যোৱাৰ আশাংকা নুই কৰিব নোৱাৰি ৷ এই ক্ষেত্ৰত স্হানীয় ৰাইজে জানিবলৈ দিয়ে যে গছজোপা তললৈ বাগৰি গ’লে গান্ধীবস্তিৰ বাসিন্দাৰ বিপদ অনিবাৰ্য ৷ সেইবাবেই বন বিভাগ তথা জিলা প্ৰশাসনে অনতি পলমে গছজোপৰ উঠুৱাৰ ব্যৱস্থা কৰাৰ লগতে ভুমিস্খলনত আবদ্ধ হৈ থকা পথৰ শিল মাটিসমূহ আতৰায় নিবলৈ স্হানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনায় ৷

নামখলাৰ পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ চিঙিল মথাউৰি ৷

নামখলা : উত্তৰ পূৰ্বাঞ্চলত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দৰং জিলাৰ প্ৰায় সকলো নদী ফেনেফুটুকাৰে বাঢ়ি থকাৰ ফলত নদী কাষৰীয়া অঞ্চলত লোকসকল ভীতিগ্ৰস্ত হৈ থকাৰ সময়তে দেওবাৰে দোকমোকালি পুৱাতে দৰঙৰ ঐতিহাসিক পাথৰিঘাট আলিখাপাৰাত ননৈ নদীৰ পূৱ দিশৰ মথাউৰি প্ৰৱল বানে চিঙি পেলাই। ২৭ জুন পুৱতি নিশা মঙলদৈৰ শাকতোলা নদীৰ কেওঁট পাৰা- কলিতা পাৰাৰ মাজত মথাউৰি চিঙি পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ ৭ খন গাঁৱত বানপানীয়ে তাণ্ডৱ চলোৱা পিছতে দেওবাৰে অৰ্থাৎ ১২ জুলাইৰ পুৱাতে ননৈ নদীৰ মথাউৰি তীব্ৰ বেগী বানে চিঙি পেলোৱাত ছিপাঝাৰ উন্নয়ন খণ্ডৰ পাথৰিঘাটৰ দাঁতিকাষৰীয়া দহখনতকৈ অধিক গাওঁ বানপানীয়ে বুৰাই পেলাই। আনহাতে পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই উপস্থিত হৈ বানপানীত ল’বলগীয়া সাৱধানতাৰ বিষয়ে জনাই আৰু সজাগ হ’বলৈ আহবান জনায় ৷ ইতিমধ্যে প্লাৱিত গাঁওসমূহৰ লোকসকল আৰু পোহনীয়া জীৱ-জন্তু বানত আবদ্ধ হৈ পৰিছে। জনসাধাৰণক উদ্ধাৰৰ বাবে প্ৰশাসনৰ পৰা একো ব্যৱস্থা লোৱা দেখা পোৱা নাই যদিও স্থানীয় ৰাইজে কলৰ ভূৰ সাজি দূৰ্গত লোকসকলক উদ্ধাৰ কৰা পৰিলক্ষিত হয় ৷

কামপুৰত বছৰৰ তৃতীয় বানৰ তাণ্ডৱ, কৃষকৰ হাহাকাৰ।

নগাঁও : বছৰৰ তৃতীয়টো বানৰ কবলত পৰিছে কামপুৰৰ বিস্তৃৰ্ণ অঞ্চল। কামপুৰত কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে এতিয়া তাণ্ডৱৰ সৃষ্টি কৰিছে৷ বিগত দুটা মাহত হোৱা বাঢ়নী পানীৰ ফলত কেইবাঠাইতো ছিঙিছিল কপিলী আৰু বৰপানী নৈৰ মথাউৰি। সেই মথাউৰিসমূহ মেৰামতি নকৰাৰ ফলতেই ভগ্ন মথাউৰিৰে এতিয়া হোৰাহুৰে সোমাইছে পানী৷ প্লাবিত হৈছে বহু গাঁও, বাসগৃহ, ৰাজপথ আৰু বিস্তৃৰ্ণ কৃষি পথাৰ৷ কামপুৰ যমুনামুখ সংযোগী গড়কাপ্টানি পথৰ ওপৰত একঁকাল পৰ্যন্ত পানী৷ বন্ধ যাতায়ত৷ বছৰৰ তৃতীয়টো বানৰ কৱলত কামপুৰ ৰাজহ চক্ৰৰ বকুলগুৰি, নলাপাৰা, মাধৱপাৰা, জুৰিপাৰ, পটিয়াপাম, কচুৱাকে ধৰি কেইবাখনো গাঁও। উল্লেখযোগ্য যে মাধবপাৰা অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বানে ভাঙি নিয়াৰ ফলত এতিয়া গৃহহীন হৈ পৰিছে পৰিয়ালকেইটা৷ শালি খেতিৰ সময়ত বানে সন্ত্ৰাস চলোৱাত মূৰে কঁপালে হাত দিছে কৃষক সকলে৷ অদ্যাপি বৰ্নাত্য সকলৰ কাষ চপা নাই জিলা প্ৰশাসনৰ প্ৰতিনিধিৰ লগতে জনপ্ৰতিধি। ৰাইজৰ অভিযোগ তেওঁলোকৰ সমষ্টিৰ জনপ্ৰতিনিধিক বিগত চাৰিটা বছৰে দেখিয়ে পোৱা নাই।

মীন পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে দৰঙৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে । সমবায়ৰ অন্তৰ্গত মীনপালকৰ মাজত বিনামূলীয়াকৈ পোনা মাছ বিতৰণ।

দলগাঁও : মীন পালনেৰে সৈতে শিক্ষিত নিবনুৱা যুবক, উদ্যোমী সকলক জড়িত কৰি সুফল অৰ্জন কৰিবলৈ সমৰ্থ হৈছে দৰঙৰ কৌপাটিৰ বাগিচা কাষ গাৱঁৰ গৌৰাংগ কৃষি সমবায় সমিতিয়ে। ৫১জন সদস্যৰে গঠিত কৃষি সমবায় সমিতিখনৰ অন্তৰ্গত ভূমিৰ পৰিমাণ প্ৰায় দুশ বিঘা। ইয়াৰে ৫ হেক্টৰ কালিৰ ডাঙৰ আৰু সৰু একাধিক পুখুৰীত মাছ পোহাৰ লগতে পাছৰ পোণা উৎপাদন আৰু বিজ্ঞান সন্মতভাৱে পোহাৰ ব্যৱস্থা আছে। গৌৰাংগ কৃষি সমবায় সমিতিৰ বৰ্তমানৰ সভাপতি বীৰেশ্বৰ ভদ্ৰ আৰু সম্পাদক জয়ন্ত দাসৰ পৰা জানিব পৰা মতে, মীন পালনৰ যাবতীয় কাৰিকৰী দিশত দৰঙৰ মীন বিভাগে সহযোগিতা কৰি আহিছে। মীন পালনৰ বাবে চৰকাৰী বিভিন্ন আঁচনি যথা সম্ভৱ সমূহ সফলভাৱে ৰূপায়ন কৰা হোৱা বুলিও জানিবলৈ দিয়ে। মীন পালনৰ জৰিয়তে সমবায় সমিতিখনৰ বহুকেইজন হিতাধিকাৰী স্বাৱলম্বী হ’ব পাৰিছে। বৰ্তমানে সমবায় সমিতিখনৰ অধীনত মীনপালক হিতাধিকাৰী সকলৰ মাজত বিনামূলীয়াকৈ বিভিন্ন প্ৰকাৰৰ পোণা মাছ বিতৰণৰ কাৰ্যসূচী চলাই থকা হৈছে। মুখ্যমন্ত্ৰীৰ ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ অধীনত আজি এই কাৰ্যসূচী মুকলি কৰে দলগাৱঁৰ ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰী আৰু শৰৎ গগৈয়ে। দীৰ্ঘদিনীয়া লক ডাউনৰ সময়ছোৱাত মৎস পালনে অন্য নিবনুৱা সকলক আৰ্থিক সকাহ দিব বুলি আশা কৰা হৈছে।

জামুগুৰিহাটৰ দক্ষিণাঞ্চলত হৰিণা উদ্ধাৰ । বানৰ কৱলত পৰা বন্যজন্তুক সহায়ৰ আহ্বান বনবিভাগৰ ।

জামুগুৰিহাট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি চতিয়াৰ দক্ষিণ প্ৰান্তৰ ভোজমাৰীৰ ১ নং কলাইকাটিত আশ্ৰয় লোৱা এটা হৰিণা কালি স্বেচ্ছাসেৱী সংগঠন ‘উপত্যকা’ৰ সদস্যসকলে উদ্ধাৰ কৰি বনবিভাগক চমজাই দিয়ে। বানৰ কৱলত পৰি ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি উদ্ধাৰ হোৱা হৰিণাটো পিছত বনবিভাগৰ লোকে বিহালীৰ সমীপৰ লাহৰিজান বনাঞ্চলত এৰি দিয়ে। ইফালে বানপানীৰ সময়ত বনাঞ্চলৰ পৰা ওলাই আহি দিগবিদিগ হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰা বন্য জীৱ-জন্তু দেখিলেই বনবিভাগক তৎকালে খৱৰ দিবলৈ বনবিভাগৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছে।

বিজেপিত অন্তঃ কন্দল : ৰাজনীতিৰ পৰা অৱসৰ লম-‘শিলাদিত্য দেৱ’।

নগাঁও : বিজেপি দলৰ ভিতৰচৰাত চলিছে অন্ত:কন্দল। ইয়াৰে বহি:প্ৰকাশ ঘটালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। পদত্যাগ নকৰিলেও বিধায়ক শিলাদিত্য দেৱে ৰাজনিতীৰ পৰা ল’ব অৱসৰ। কালি হোজাইত এখন সংবাদমেল সম্বোধন কৰি ঘটালে কেতবোৰ বিস্ফোৰণ। শিলাদিত্যই কলে বিগত ৩০ বছৰ ধৰি বিজেপি দলত আছো কিন্তু মুখপাত্ৰৰ বাহিৰে একো পোৱা নাই। আমাৰ ভেলো নাই। মন্ত্ৰীৰ বাবে ষড়যন্ত্ৰ কৰা নাই। আমাৰ অভিজ্ঞতা আছে। কিন্তু পদবীৰ বাবে লবি কৰা নাই। লগতে বিধায়ক গৰাকীয়ে সংবাদমেলত কয় যে অহা ১০ মাহ বা ১ বছৰ ভিতৰত মোক হত্যা কৰা হ’ব। গতিকে আঁতৰি যোৱা ভাল বুলি ভাবি অৱসৰ লম। মই কোনো আন দলত যোগদান নকৰোঁ। কিন্তু ৰাইজৰ কাম কৰি যাম। মই অকলে খোজ দিম যুজঁ দিম অকলে কাম কৰি যাম। ১৪ জুলাইত অৱসৰ লম ভাৰতীয় জনতা পাৰ্টীৰ পৰা। দলৰ সভাপতিক ৱাটছ এপৰ জৰিয়তে অৱগত কৰিছোঁ। দলৰ সভাপতিক ফোন কৰিছো কিন্তু উঠোৱা নাই। অসমত লিডাৰ নাই। চবেই লিডাৰ হ’ব বিচাৰে। মই অনফিট গতিকে আঁতৰি যাম। মোনা লৈ ফুৰা ব্যক্তিজনে ধ্বংস কৰিছে বিজেপিক। ৰিপৰ্ট কাৰ্ড অক্টোবৰ মাহত দি দিম। অৱসৰ লোৱাৰ পিছত দলৰ পৰা দায়িত্ব নলয় বুলিও ঘোষণা। বিধায়ক হিচাপে থকা কৰ্তব্য পালন কৰি যাম। দলত কোনো ধৰণৰ কন্টল নাই। মোনা লোৱা জন বহুত শক্তিশালী তেওঁ অসম বিজেপিত বিভাজন কৰি ৰাখিছে। মোনা লৈ ৰাতি আহি যায় ঠায়ে ঠায়ে। ৰাজেন গোহাঁই, আৰ পি শৰ্মা, ৰমেন ডেকাক নি:শেষ কৰা হ’ল। এতিয়া মোনা লোৱা ব্যক্তিজনে মোক হত্যা কৰিব বুলিও গুৰুতৰ মন্তব্য কৰিলে বিধায়ক শিলাদিত্য দেৱে।

জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত ।

অংশুমান ভূঞা

অসম কেবিনেটৰ ঘোষণা অনুসৰি এতিয়াৰে পৰা চৰকাৰৰ আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো লোকেই অসমৰ কৃষি ভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব। অৰ্থাৎ পূৰ্বতে প্ৰয়োজন হোৱাৰ দৰে এতিয়া আৰু সংশ্লিষ্ট কোনো বিভাগৰে একো অনুমতিৰ দৰকাৰ নহ’ব। কেৱল স্ব-ঘোষিত এখন শপতনামা আৰু উদ্যোগ স্থাপনৰ উদ্দেশ্য সম্বলিত এখন পত্ৰই যথেষ্ট। ইয়াৰ দ্বাৰা কৃষিভূমি কোনো বাধা অবিহনেই ঔদ্যোগিক ভূমিলৈ পৰ্যৱসিত হ’ব আৰু পূৰ্বৰ ভূমি সংৰক্ষণৰ সকলো নীতি-নিয়মক অসাৰ কৰি তুলিব। সদ্যঘোষিত এই ভূমি নীতি একে আষাৰেই থলুৱাৰ প্ৰতি কৰা এক চৰম অন্যায় বুলি ক’ব পাৰি। জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখলৰ পাছত সাধাৰণ ৰাইজক এটাৰ পাছত এটা জনবিৰোধী সিদ্ধান্তৰে দিশহাৰা কৰা দলটোৰ তাৰেই এয়া শেহতীয়া নিদৰ্শন। জনতাই বহু আশাৰে দলটোক শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও এতিয়া দলটোৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য এই কামবোৰৰ মাজেৰেই পৰিস্ফূট হৈছে। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তাহানিতেই কৈ গৈছিল যে যি জাতিয়ে পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। এতিয়া চৰকাৰী পৃষ্ঠপোষকতাতেই তাৰেই কুচকাৱাজ আৰম্ভ হৈ গৈছে। যি সময়ত জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত কৃষকৰ ভূমি সংৰক্ষণৰ ব্যৱস্থাটোকহে শক্তিশালী কৰাৰ দৰকাৰ আছিল ,সেই সময়তে এনেহেন এক সিদ্ধান্তই সকলোকে হতচকিত কৰি তোলাই স্বাভাৱিক। জনসংখ্যা বৃদ্ধি, বৰ্ধিত সমস্যাৰ ফলত কৃষিভূমি হ্ৰাস হৈ আহিছেই। বেদখলকাৰীৰ কৱলত হেজাৰ হেজাৰ হেক্টৰ মাটি সোমাই আছে। বৰ্তমানৰ অনাহূত পৰিস্থিতিয়েও বহুজনক নিবনুৱা কৰি তোলাত কৃষিভূমিৰ গুৰুত্ব বৃদ্ধি পাইছে। গতিকে সৰ্বত্ৰ এতিয়া প্ৰতিবাদৰ ঢৌ উঠিব যদিও চৰকাৰে জানো জনতাৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ প্ৰয়াস কৰিব। চৰকাৰে আত্মনিৰ্ভৰশীলতা, উদ্যোগ স্থাপনেৰে নিবনুৱা সমস্যাৰ সমাধান আদিৰ কথা কৈছে যদিও থলুৱাৰ যে লাভ হ’ব সেয়া আশা কৰা বৃথা। গতিকে কাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত লৈছে সেয়া জলজল পটপট। ৰাজ্যখন উন্নয়নৰ দিশত আগুৱাই যোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে উদ্যোগ স্থাপনৰ বিৰোধিতা কোনেও নকৰে যদিও খিলঞ্জীয়াৰ ভূমি কিনি লোৱাটো মুঠেও গ্ৰহণযোগ্য নহয়। মাটিৰ মালিকীস্বত্ব খিলঞ্জীয়াৰ হাতত থাকিবই লাগিব। তেতিয়াহে আমাৰ জাতি-মাটি-ভেটি ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব। অতদিনে আত্মনিৰ্ভৰশীলতা, ঔদ্যোগিক বিকাশ আদিৰ শ্লোগান আওৰাই থাকিল যদিও কোনো ধৰণৰ তেনে কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা দেখা নগ’ল। ‘এডভানটেজ অসম’ৰ নামত কৰা কোটি কোটি টকাৰ খৰচে আমাক কি লাভ দিলে আমি দেখিছোৱেই। জনতাৰ হিয়াৰ বেদনাক উপলব্ধি কৰিব নোৱৰা চৰকাৰখনৰ অলপ হ’লেও সুমতি আহক আৰু দুৰ্দশাগ্ৰস্ত কৃষিজীৱি অসম সন্তানৰ শেষ সম্বলকণ ৰক্ষা পৰক। অন্যথা অসমীয়াই অসমতে ভগনীয়া হ’বলৈ আৰু বেছি দিন নাই।