Breaking

জনস্বাৰ্থ বিৰোধী সিদ্ধান্ত ।

0 1,166

অংশুমান ভূঞা

অসম কেবিনেটৰ ঘোষণা অনুসৰি এতিয়াৰে পৰা চৰকাৰৰ আগতীয়া অনুমতি নোলোৱাকৈয়ে যিকোনো লোকেই অসমৰ কৃষি ভূমিত উদ্যোগ স্থাপন কৰিব পাৰিব। অৰ্থাৎ পূৰ্বতে প্ৰয়োজন হোৱাৰ দৰে এতিয়া আৰু সংশ্লিষ্ট কোনো বিভাগৰে একো অনুমতিৰ দৰকাৰ নহ’ব। কেৱল স্ব-ঘোষিত এখন শপতনামা আৰু উদ্যোগ স্থাপনৰ উদ্দেশ্য সম্বলিত এখন পত্ৰই যথেষ্ট। ইয়াৰ দ্বাৰা কৃষিভূমি কোনো বাধা অবিহনেই ঔদ্যোগিক ভূমিলৈ পৰ্যৱসিত হ’ব আৰু পূৰ্বৰ ভূমি সংৰক্ষণৰ সকলো নীতি-নিয়মক অসাৰ কৰি তুলিব। সদ্যঘোষিত এই ভূমি নীতি একে আষাৰেই থলুৱাৰ প্ৰতি কৰা এক চৰম অন্যায় বুলি ক’ব পাৰি। জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজপাট দখলৰ পাছত সাধাৰণ ৰাইজক এটাৰ পাছত এটা জনবিৰোধী সিদ্ধান্তৰে দিশহাৰা কৰা দলটোৰ তাৰেই এয়া শেহতীয়া নিদৰ্শন। জনতাই বহু আশাৰে দলটোক শাসনৰ দায়িত্ব অৰ্পণ কৰিছিল যদিও এতিয়া দলটোৰ কথা আৰু কামৰ মাজত আকাশ-পাতাল পাৰ্থক্য এই কামবোৰৰ মাজেৰেই পৰিস্ফূট হৈছে। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তাহানিতেই কৈ গৈছিল যে যি জাতিয়ে পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে। এতিয়া চৰকাৰী পৃষ্ঠপোষকতাতেই তাৰেই কুচকাৱাজ আৰম্ভ হৈ গৈছে। যি সময়ত জাতিটোৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত কৃষকৰ ভূমি সংৰক্ষণৰ ব্যৱস্থাটোকহে শক্তিশালী কৰাৰ দৰকাৰ আছিল ,সেই সময়তে এনেহেন এক সিদ্ধান্তই সকলোকে হতচকিত কৰি তোলাই স্বাভাৱিক। জনসংখ্যা বৃদ্ধি, বৰ্ধিত সমস্যাৰ ফলত কৃষিভূমি হ্ৰাস হৈ আহিছেই। বেদখলকাৰীৰ কৱলত হেজাৰ হেজাৰ হেক্টৰ মাটি সোমাই আছে। বৰ্তমানৰ অনাহূত পৰিস্থিতিয়েও বহুজনক নিবনুৱা কৰি তোলাত কৃষিভূমিৰ গুৰুত্ব বৃদ্ধি পাইছে। গতিকে সৰ্বত্ৰ এতিয়া প্ৰতিবাদৰ ঢৌ উঠিব যদিও চৰকাৰে জানো জনতাৰ প্ৰতিবাদৰ ভাষা বুজিবলৈ প্ৰয়াস কৰিব। চৰকাৰে আত্মনিৰ্ভৰশীলতা, উদ্যোগ স্থাপনেৰে নিবনুৱা সমস্যাৰ সমাধান আদিৰ কথা কৈছে যদিও থলুৱাৰ যে লাভ হ’ব সেয়া আশা কৰা বৃথা। গতিকে কাৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত লৈছে সেয়া জলজল পটপট। ৰাজ্যখন উন্নয়নৰ দিশত আগুৱাই যোৱাৰ লগতে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে উদ্যোগ স্থাপনৰ বিৰোধিতা কোনেও নকৰে যদিও খিলঞ্জীয়াৰ ভূমি কিনি লোৱাটো মুঠেও গ্ৰহণযোগ্য নহয়। মাটিৰ মালিকীস্বত্ব খিলঞ্জীয়াৰ হাতত থাকিবই লাগিব। তেতিয়াহে আমাৰ জাতি-মাটি-ভেটি ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব। অতদিনে আত্মনিৰ্ভৰশীলতা, ঔদ্যোগিক বিকাশ আদিৰ শ্লোগান আওৰাই থাকিল যদিও কোনো ধৰণৰ তেনে কাৰ্যকৰী ব্যৱস্থা হাতত লোৱা দেখা নগ’ল। ‘এডভানটেজ অসম’ৰ নামত কৰা কোটি কোটি টকাৰ খৰচে আমাক কি লাভ দিলে আমি দেখিছোৱেই। জনতাৰ হিয়াৰ বেদনাক উপলব্ধি কৰিব নোৱৰা চৰকাৰখনৰ অলপ হ’লেও সুমতি আহক আৰু দুৰ্দশাগ্ৰস্ত কৃষিজীৱি অসম সন্তানৰ শেষ সম্বলকণ ৰক্ষা পৰক। অন্যথা অসমীয়াই অসমতে ভগনীয়া হ’বলৈ আৰু বেছি দিন নাই।

Leave A Reply