সোণতলী : নামনি অসমৰ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলী চৰ অঞ্চলৰ জীয়ৰী ৰেহনা চুলতানাই অসমৰ চৰ-চাপৰিৰ জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি লাভ কৰিলে ডক্টৰেট ডিগ্ৰী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়তে দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লোৱা ৰেহনা চুলতানাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° প্ৰণীতা দেৱীৰ তত্ত্বাৱধানত অবিভক্ত ‘কামৰূপ জিলাৰ চৰ-চাপৰিবাসী মুছলমান সম্প্ৰদায়ৰ লোকভাষা‘ শীৰ্ষক বিষয়ত গৱেষণা কৰি এই সন্মান তথা বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰিছে ৷ উল্লেখযোগ্য যে ড° ৰেহনা চুলতানা হ‘ল বৃহত্তৰ সোণতলী অঞ্চলৰ পৰা পিএইচ. ডি ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী যুৱতী ৷ তেওঁ সোণতলী অঞ্চলৰ শেলেসুঁতি গাঁৱৰ শিক্ষক নুৰজামান হক আৰু চুফিয়া বেগমৰ সুযোগ্যা কন্যা তথা সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। গৱেষণা কৰ্মৰ লগতে তেওঁ দীৰ্ঘদিনৰ পৰাই বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত হৈ আছে। ভাষাৰ ছাত্ৰী হিচাপে ভৱিষ্যতে তেওঁ অসমীয়া ভাষা আৰু চৰ-চাপৰিৰ ভাষাটোৰ ওপৰত কাম কৰি যাব বুলি মত প্ৰকাশ কৰিছে। সোণতলী চৰ অঞ্চলৰ পৰা ৰেহনা চুলতানাই ডক্টৰেট ডিগ্ৰী লাভ কৰাত সমগ্ৰ অঞ্চলবাসীয়ে আনন্দিত হোৱাৰ লগতে তেওঁ পাঠ গ্ৰহণ কৰা বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক সমাজেও যথেষ্ট আনন্দিত হৈছে ৷ উল্লেখযোগ্য যে, অতিকৈ পিছপৰা প্ৰায় এশ শতাংশই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা ৰেহেনা চুলতানাৰ এই সাফাল্যত চৰাঞ্চলৰ অন্যান্য যুৱক-যুৱতীৰ বাবে প্ৰেৰণা হ‘ব বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে।
বানৰ কৱলত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কাজিৰঙাৰ বানত মৃত্যু ১ টা গঁড়, ১৪ টা সুগৰি পহুৰ ।
কলিয়াবৰ :
ৰাজ্যৰ দ্বিতীয়টো বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্প এলেকাত আজিৰ দিনটোতো প্ৰায় অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। কাজিৰঙাৰ প্ৰায় নব্বৈ শতাংশ এলেকা চলিত বানত প্লাৱিত হৈছে – আজি এই কথা জনালে উদ্যানখনৰ সঞ্চালক পি শিৱ কুমাৰে।সঞ্চালকজনে জানিবলৈ দিয়ামতে, আজিৰ দিনটোলৈকে উদ্যানখনত আজি বিয়লি জখলাবন্ধাৰ ৰাজপথত মৃত্যু হোৱা পহুটোক লৈ মুঠ ১৫ বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে।মৃত্যু হোৱা ১৫ টাৰ ভিতৰত ১৪ টা সুগৰি পহু আৰু এটা গড়ঁ ।বানাক্ৰান্ত কাজিৰঙাৰ বহু পহু ,হাতী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় পথ পাৰ হৈ কাৰ্বি পাহাৰৰ দিশলৈ গতি কৰিছে যদিও এটাও গড়ঁ বৰ্তমানলৈকে ৩৭ নম্বৰ ঘাই পথ অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই।
জখলাবন্ধাৰ ৰাজপথত বানত দিশহাৰা সুগৰী পহুৰ দুৰ্ঘটনাত মৃত্যু ।

কলিয়াবৰৰ জখলাবন্ধাৰ ৰাজপথত গাড়ীৰ খুন্দাত মৃত্যু এটা সুগৰী পহুৰ। কাজিৰঙাৰ পৰা বানত দিশহাৰা হৈ ওলাই আহিছিল পহুটো। জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বিয়লি প্ৰায় ৪:৩০ বজাত যোৰহাট অভিমুখী এ এচ ১১ পি ৪২৩৬ নম্বৰৰ বলেৰ’ গাড়ীৰ খূন্দাত নিহত হয় পহুটো। স্থানীয় ব্যৱসায়ীসকলে ঘটনাস্থলীত আঘাটপ্ৰাপ্ত পহুটোৰ সুশ্ৰুষা কৰে যদিও দুৰ্ভগীয়া পহুটো মৃত্যুমুখত পৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোৱা বানৰ পৰা ওখ ঠাইলৈ আশ্ৰয়ৰ বাবে অহা পহুটোৰ মৃত্যুৰ পিছত বানত মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ্য ১৫লৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে বানৰ বাবে এটা গঁড়ৰ লগতে ১৪টা সুগৰী পহুৰ মৃত্যু হৈছে। মৃত পহুটো বন বিভাগে স্থানীয় আৰক্ষী প্ৰশাসনৰ সহায়ত ৰাজপথৰ পৰা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।
এইবাৰ ভূটানৰ বন্যপ্ৰাণী অভয়াৰণ্যত চকু চীনৰ : চীনা পদক্ষেপক সাৱধানে পৰ্যৱেক্ষণ ভাৰতৰ ৷
দৈনন্দিন বাৰ্তাৰ ডেস্ক :
ভাৰতৰ সৈতে চলিত সীমা সমস্যাক লৈ বিৰোধ হৈ থকা চীনে ভূটানৰ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন ‘বিবদমান’ বুলি দাবী কৰিছে ৷ গ্ল’বেল এনভাৰ’ণমেণ্ট ফেচিলিটি কাউন্সিলৰ সভাত এই মন্তব্য কৰিছে চীনে ৷ ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখনৰ বাবে এটা প্ৰকল্পত ধন ব্যয়ৰ বিৰোধিতা কৰাৰ চেষ্টা কৰিছিল চীনে৷ লগতে এক ‘বিবদমান’ অঞ্চল হিচাপে অভিহিত কৰে ৷ চীনে দাবী কৰে যে ভূটান আৰু চীনৰ মাজত বিতৰ্কিত অঞ্চলত ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন আছে৷ ইয়াকে লৈ ভূটানে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি কয় চীনৰ প্ৰতিনিধিলৈ এক শক্তিশালী জাননী পঠাইছে ৷ তাত কোৱা হৈছে, “ছাকটেং বন্যপ্ৰাণী অভয়াৰণ্যখন ভূটানৰ এক অবিচ্ছেদ্য আৰু সার্বভৌম অঞ্চল।” উল্লেখ্য যে এই অভয়াৰণ্যখনলৈ বিশ্বজুৰি কাৰো পৰা ধন যোগান ধৰা নাছিল ৷ এতিয়া প্ৰথমবাৰৰ বাবে আন্তর্জাতিক প্লেটফৰ্মত প্ৰকল্প হিচাপে আহিছে, য’ত চীনে ইয়াৰ ভূমিৰ দাবী কৰাৰ সুযোগ হিচাপে দখল কৰিছে ৷ আনহাতে অঞ্চলটো অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰৰ মূল চহৰ তাৱাঙৰ নিকটৱৰ্তী হোৱাত চীনা পদক্ষেপবোৰ ভাৰতে সাৱধানে পৰ্যৱেক্ষণ কৰিছে ৷ যিহেতু চীনে সম্পূৰ্ণ অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত হিচাপে বৰ্ণনা কৰে আৰু নিজৰ বুলি দাবী কৰে৷ ৭৪০.৬০ বৰ্গ কিলোমিটাৰৰ ছেকটাং বন্যপ্ৰাণী অভয়াৰণ্য পূৱ ভূটানত অৱস্থিত ৷
পাকিস্তানৰ পৰা ফোন কল : মুম্বাইৰ দুখন তাজ হোটেল বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ।
দৈনন্দিন বাৰ্তা ডেস্ক :
২০০৮ চনৰ নৱেম্বৰৰ দৰে পুনৰ তাজৰ দুয়োখন হোটেলত আক্ৰমণ কৰা হ’ব বুলি ভাবুকি দিছে পাকিস্তানৰ উগ্ৰপন্থীয়ে ৷ মুম্বাইৰ দুয়োখন তাজ হোটেল বোমাৰে উৰুৱাই দিব বুলি ভাবুকি দিছে৷ তাজ হোটেল দুখন বোমাৰে উৰুৱাই দিয়াৰ বিষয়ে পাকিস্তানৰ পৰা ফোনেৰে ভাবুকি দি দাবী কৰা সংগঠনটো উগ্ৰপন্থী সংগঠন এলইটিৰ সদস্য ৷ উল্লেখ্য যি মুম্বাইৰ বান্দ্ৰাত তাজ লেণ্ডছ হোটেল আৰু কোলাবাত তাজমহল পেলেচ হোটেল অৱস্থিত ৷ বোমা নিক্ষেপ কৰি দুয়োখন হোটেল উৰুৱাই দিয়াৰ ভাবুকি দিয়ে পাকিস্তানৰ পৰা অহা এটা ফোনৰ পৰা ৷ সোমবাৰৰ মাজনিশা এই ফোন পোৱাৰ লগে লগে দুয়োখন তাজ হোটেল সংলগ্ন এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ৷ এই দুয়োটা ফোন কলৰ ভিতৰত প্ৰথমটো আহে নিশা ১২.৩০ বজাত তাজমহল পেলেচ হোটেলৰ কৰ্মীলৈ৷ লস্কৰ–ই–তৈবা সংগঠনৰ সদস্যই পৰিচয় দিয়ে ৷ ২০০৮ চনৰ নৱেম্বৰৰ দৰে পুনৰ দুয়োখন হোটেলত আক্ৰমণ কৰা হ’ব বুলি ভাবুকি দিয়ে ৷ দ্বিতীয়টো ফোন কল যায় তাজ লেণ্ডছ এণ্ড হোটেলৰ কৰ্মীলৈ ৷ একেই ভাবুকি দিয়ে৷ দুয়োটা ফোনৰ নম্বৰ একে৷ ক’ৰোনা ভাইৰাছৰ ৰোধৰ বাবে লকডাউনৰ বাবে বৰ্তমান হোটেলবোৰ বন্ধ আছে ৷ মুম্বাই আৰক্ষীয়ে হোটেলৰ আশেপাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ এলেকাটো নিৰাপদে ৰখাৰ বাবে সকলো সম্ভাব্য ব্যৱস্থা লোৱা হৈছে ৷ ইতিমধ্যে ফোন কলটোৰ বিষয়ে ছাইবাৰ চেলত দিয়া হৈছে৷ এই ফোন পাকিস্তানৰ পৰা আহিছে নে নাই তাৰ অনুসন্ধানৰ বাবে টেলিকম বিভাগবোৰৰ পৰা সহায় বিচৰা হৈছে ৷
ভাৰতত ৫৯ টা চীনা এপ নিষিদ্ধ : এপ নিষিদ্ধ কৰাক লৈ ৬ কোটি ৩০ লাখ বাৰ আলোচিত ।
দৈনন্দিন বাৰ্তা ডেস্ক :
টিকটক, ইউচি ব্ৰাউজাৰ, হেল’সহ ৫৯টা চীনা ম’বাইল এপ নিষিদ্ধ কৰিছে কেন্দ্ৰই ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা জনোৱা মতে এই ৫৯টা এপ দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা, দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত ক্ষতিকৰ ৷ সেই বাবেই এই এপবোৰ নিষিদ্ধ কৰা হৈছে৷ এই ৫৯টা চীনা এপৰ ওপৰত নিশাতেই ‘ডিজিটেল ছার্জিকেল ষ্ট্ৰাইক’ কৰাক লৈ দেশৰ ছ’চিয়েল মিডিয়া মঞ্চত তীব্ৰ চৰ্চা আৰম্ভ হৈছে ৷ ৫৯টা এপৰ ওপৰত ভাৰত চৰকাৰৰ এই নিষেধাজ্ঞা এতিয়া চীনৰ ছ’চিয়েল মিডিয়াত “ম’ষ্ট ট্ৰেডিং” বিষয়৷ মঙলবাৰে চীনা সময় পুৱা ১০ বজা পৰ্যন্ত ভাৰতত সেই দেশখনৰ ৫৯টা এপ নিষিদ্ধ কৰাক লৈ ৬ কোটি ৩০ লাখ বাৰ আলোচিত হৈছে ৷ চীনৰ ৱেইব’ প্লেটফৰ্মত ভাৰতীয় পণ্যৰ বিপৰীতে বৰ্জনৰ আহ্বান দিছে বহু ইউজাৰে৷ বহুৱে ভাৰত চৰকাৰৰ এই সিদ্ধান্তক কঠোৰভাৱে সমালোচনা কৰি সৰৱ হৈ পৰিছে৷ কেৱল ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মতে নহয়, চীনৰ সংবাদ মাধ্যমতো ভাৰতত চীনা এপ নিষিদ্ধ কৰাৰ বিষয়ে সৰৱ আলোচনা হৈছে ৷ চীনা বহুজাতিক ইণ্টাৰনেট প্ৰযুক্তি প্ৰতিষ্ঠান বানটেডেন্সৰ জনপ্ৰিয় এপ টিকটৰৰ সমগ্ৰ বিশ্বৰ মুঠ ইউজাৰৰ ৩০ শতাংশ আছে ভাৰতত ৷ ভাৰতত যোৱা এপ্ৰিল মাহ পৰ্যন্ত ১ কোটি ৬০ লাখ ইউজাৰে ডাউনলড কৰিছে টিকটক ৷ টিকটকৰ বাহাৰে ভাৰতত অতি জনপ্ৰিয় একাধিক চীনা এপ নিষিদ্ধ কৰা হৈছে ৷

ছনু ছুদ : চিনেমা জগতৰেই হিৰো নহয়, তেওঁ এতিয়া সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ প্ৰকৃত হিৰো ।
দৈনন্দিন বাৰ্তা ডেস্ক :
ছনু ছুদ কেৱল চিনেমা জগতৰেই হিৰো নহয় তেওঁ এতিয়া সমগ্ৰ ভাৰতৰ জনসাধাৰণৰ প্ৰকৃত জগতৰ হিৰো হৈ পৰিছে৷ যি সহায় চকুৰে মনিব নোৱাৰি বা যি সহায় আকালৰ সময়ত জনসাধাৰণে প্ৰত্যক্ষভাৱে লাভ কৰিব নোৱাৰে সেই সহায়ৰ কি প্ৰয়োজন? কিন্তু ছনু নিজৰ জীৱনৰ কথা বাদ দি এজন বীৰ সেনাৰ দৰে বহিঃৰাজ্যত বিপদত পৰা বহু কাম কৰা মানুহক সহায় কৰিলে লগতে বহু মাতৃৰ বকু উদং হোৱাৰ পৰা ৰক্ষা কৰিলে৷ আচলতে এনে মানুহ প্ৰকৃত হিৰো প্ৰকৃত যোদ্ধা৷ বিশেষ ৰে’ল বিশেষ বাছ আৰু বিশেষ উৰা জাহাজেৰে ছনুয়ে হাজাৰ হাজাৰ মানুহক নিজৰ ঘৰলৈ পঠালে নহ’লে কিজানি আৰু কিমান মানুহ মৃত্যুৰ মুখত পৰিলেহেতেন এইয়া সমগ্ৰ দেশৰ মানুহে নিজ চকুৰে দেখিছে৷ সময় মতে আৰু ছনুৰ দৰে দহজনমান মানুহ ওলাই আহিলে আমাৰ দেশত কভিড-১৯ত মৃত্যু হোৱা মানুহৰ সংখ্যা ইমান নহলহেঁতেন৷
টীয়কত বিধায়ক ৰূপজ্যোতি কুৰ্মী বিৰুদ্ধে এজাহাৰ “অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ” : ধৰ্ষিতা যুৱতীৰ ন্যায়ৰ বাবে মাত মাতিবলৈ গৈ বিপদত বিধায়ক ৰূপজ্যোতি কুৰ্মী ।
টীয়ক : আমগুৰি হালোৱাটিং অঞ্চলৰ এগৰাকী যুৱতী ধৰ্ষণৰ বলি হৈ গৰ্ভধৰাণ কৰিছিল আৰু আমগুৰিৰ এজন চিকিৎসকে অবৈধভাৱে গৰ্ভপাত কৰাৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ পৰা দেখা গৈছিল বিধায়ক কুৰ্মীক৷ তেঁও নিজে হালোৱাটিং আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ লগতে ছ’চিয়েল মাধ্যমত যুৱতীগৰাকীৰ নাম আৰু ফটো প্ৰকাশ কৰিছিল। এই কাৰ্য্যত জাঙুৰ খাই উঠিছে অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ৷ আজি সংগঠনটোৰ উপদেষ্টা মনোজ গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে POSCO ACT 2012 ভংগ কৰাৰ অভিযোগ উত্থাপিত কৰি টীয়ক আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

চিপিআইৰ প্ৰতিবাদত উত্তাল নাজিৰা : কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক চোকা সমালোচনা ।
নাজিৰা : “কা” বিৰোধী সমন্বয় সমিতিৰ অংশীদ্বায়িত্ব দল হিচাপে চি পি আইয়ে আজি নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰী সকলে পে’ট্ৰল ডিজেলৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰা, আৰক্ষী সেনাৰ হাতত মুক্ত হত্যা নিৰ্যাতন দমনৰ অধিকাৰ প্ৰদান কৰা বন্ধ কৰা, বানাক্ৰান্তক যথোপযুক্ত সাহায্য প্ৰদান কৰা, তৈলক্ষেত্ৰ ব্যক্তিগত কৰণ বন্ধ কৰা, সকলো টোলগেট বন্ধ কৰা, আন্দোলনকাৰীক কোৱাৰেন্টীন কৰি নিৰ্যাতন চলোৱা আৰক্ষীক শাস্তি দিয়া, গণতন্ত্ৰ বিজেপি দলৰ পৈত্তিক সম্পত্তি নহয় সকলো দল সংগঠনকৰ বাবে গণতন্ত্ৰ নিশ্চিত কৰা, অখিল গগৈ, দেবাংগনা কলিতা সহ সকলো “কা” বিৰোধী নেতাক শীঘ্ৰে মুক্তি দিয়া, বাঘজানৰ ক্ষতিগ্ৰস্তক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়া, ডিব্ৰু-চৈখোৱা আৰু দিহিং পাটকাইত মুক্ত কয়লা খননৰ অনুমতি বন্ধ কৰা, অসম নগালেণ্ড সীমা সমস্যা স্থায়ী সমাধান কৰা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা, আয়কৰত নপৰা সকলো পৰিয়ালক ছমাহলৈ প্ৰতিমাহে ৭৫০০ টকা প্ৰদান কৰা, এম জি এন ৰেগা শ্ৰমিকক ২০০ দিনৰ কাম দিয়া, গণ হিংসাৰ ঘটনা প্ৰতিৰোধ কৰা, প্ৰতিজন শ্ৰমিকক মাহে ছমাহৰ বাবে ১০ কিলোকৈ চাউল প্ৰদান কৰা, জয়ন্ত বৰাৰ হত্যাকাণ্ড কাণ্ডৰ ন্যায়িক তদন্ত কৰা আৰু অপৰাধীক কঠোৰ শাস্তি দিয়া আদিৰ দাবীত ধৰ্ণাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নাজিৰা নাট্য মন্দিৰ প্ৰাংগণত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি প্ৰতিবাদ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু সকলো ৰাইজক সংবিধান গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মাত মাতিবলৈ আহ্বান জনায় ৷
খাৰঘুলিৰ নিৰ্মীয়মান জাইকা প্ৰজেক্টৰ কামৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য : বছৰৰ শেষৰ পিনে মহানগৰবাসীয়ে জাইকাৰ পানী লাভ কৰাৰ সম্ভাৱনা : সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ খাৰঘুলিত জাইকা নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটো নিৰ্মাণ কৰি থকা পানী প্ৰকল্প আঁচনিৰ আজি গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ পৰিদৰ্শন কৰে৷ মন্ত্ৰী গৰাকীয়ে জাইকাৰ প্ৰজেক্টত উপস্থিত হৈ গুৱাহাটী পানী যোগান আছনিৰ ১৯১ এম এল ডি খাৰঘুলিৰ প্ৰজেক্টৰ নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ বুজ লয়৷ কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ পৰিপেক্ষিতত দেশৰ লগতে ৰাজ্যৰ উন্নয়নমূকল কাম কাজত যথেষ্ট বাধাৰ সন্মুখীন হৈছে৷ সেইবাবেই জাইকা প্ৰজেক্টৰ কাম ভবাৰ ধৰনে ক্ষীপ্ৰতাৰে আগবঢ়া নাই৷ এই ক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে কৰোনা ভাইৰাছৰ বাবেই জাইকাই যিধনে কাম কাজ আগবঢ়াই নিব লাগিছিল’ সেইধৰণে কামৰ গতি আগবঢ়াব পৰা নাই৷ তথাপি বছৰৰ শেষৰ পিনে আঁচনিখনৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ সম্ভাবনা আছে৷ অহা বছৰৰ প্ৰথম ভাগত গুৱাহাটী মহানগৰী প্ৰায় ৫-১০ হাজাৰ পৰিয়ালক এই আঁচনিৰ জৰিয়তে খোৱা পানী যোগান ধৰিব পৰা যাব বুলি মন্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উল্লেখ কৰে৷ উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ লগত প্ৰাক্তন পাৰিষদ শশাংক ডেকা প্ৰাক্তন এৰিয়া সভাৰ সদস্য দিলিপ বড়ো, অ,এছ, ডি নাৰায়ন আগৰৱাল উপস্থিত থাকে৷
দলং, পকী নলা আৰু পথ নিৰ্মাণৰ দাবীত ফিল’বাৰীত চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ পথ অৱৰোধ ।
ডিৰাক সীমান্ত : অসমৰ বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়া জিলাত বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ডুমডুমা আৰু মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কেইবাখনো দলং বাঢ়নী পানীয়ে উটুৱাই নিয়ে৷ এই দলং সমূহৰ লগতে অঞ্চলটোৰ পথ আৰু পকী নলা পুণৰ নিৰ্মাণৰ দাবীত কালি সদৌ অসম আধিবাসী ছাত্ৰ সন্থা, চাহ জনজাতী ছাত্ৰ সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ ফিল’বাৰী শাখাৰ যৌথ উদ্যোগত ফিল’বাৰী তিনিআলিত পথ অৱৰোধ কৰি ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোত থকা কেইবাখনো দলং বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ফলত ফিল’বাৰীৰ সৈতে কেইবাটাও অঞ্চলৰ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ফিল’বাৰী চাহ বাগিচাৰ পৰা চিকৰাজান সংযোগী পথৰ মাজত মৈলা নৈৰ ওপৰত ইংৰাজে ভাৰতত শাসন কৰি থকা সময়ৰেই দলং আছিল। দলং খনৰ ম্যাদ উকলি যোৱাৰ পিছত দলংখন ভাঙি যোৱাত ইতিমধ্যে যোগাযোগ বিছিন্ন হৈ পৰিছে। যাৰ পৰিপেক্ষিতত আটছা, আছা আৰু অসম চাহ মজদুৰ সংঘৰ যৌথ উদ্যোগত চাহ শ্ৰমিক সকলে ৰাজপথলৈ উলাই আহি মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ সাংবাদিকক আটছা, আছা আৰু চাহ মজদুৰ সংঘৰ নেতৃত্ব সকলে জানিব দিয়া মতে দেওবাৰে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই বুঢ়ীদিহিং মৌজাৰ বান বিধ্বস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে কিন্তু বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো ফিল’বাৰীৰ চাহ বাগিচাৰ মাজত বাঢ়নী পানীয়ে ভাঙি পেলোৱা তিনিখন দলং চাবলৈ লগতে ৰাইজৰ সমস্যা বুজ লবলৈ ফিল’বাৰী চাহ বাগিচাত উপস্থিত হ’ব নোৱাৰিলে বিধায়ক গৰাকী।বিধায়ক ভাস্কৰ শৰ্মাই কাৰ্যকাল ৪ বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পর্যন্ত ফিল’বাৰী চাহ বাগিচাত এদিনো উপস্থিত হৈ চাহ শ্ৰমিকৰ সমস্যা বুজ নোলোৱাত ক্ষুভিত হৈ পৰে। ফিল’বাৰী চাহ বাগিচাৰ সমস্যা সমূহ আৰু অতি সোনকালে সমাধান নকৰিলে অনাগত দিনবোৰত ফিল’বাৰী অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব বুলিও হুংকাৰ দিয়ে সংগঠন কেইটাই। আজি সংগঠন কেইটাই ফিল’বাৰী আৰক্ষী থানা যোগেদি জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰীলৈ সমস্যা সমূহ সমাধান দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।













