Home Blog Page 3276

চাপৰি অঞ্চল আৰু নদীপৰীয়া এলেকাৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ উপায়ুক্ত বিক্ৰম কৈৰীৰ।

ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতি আজি পৰ্যবেক্ষণ কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

উজনি-মাজুলী : মাজুলী জিলাৰ নামনি অংশত মঠাউৰিৰ বাহিৰ ফালে অৱস্থিত এলেকাসমূহত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নি পানীয়ে সৃষ্টি কৰা বান পৰিস্থিতি আজি পৰ্যবেক্ষণ কৰে মাজুলীৰ উপায়ুক্ত  বিক্ৰম কৈৰীয়ে। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  নৰনাৰায়ণ নাথ আৰু জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত  নৰেণ দাসৰ সৈতে উপায়ুক্ত  কৈৰীয়ে শণিবাৰে আগবেলাই কমলাবাৰীঘাটৰ পৰা এখন ফেৰীৰে জিলাখনৰ দক্ষিণ-পশ্চিম প্ৰান্তত থকা চাপৰি অঞ্চলসমূহৰ লগতে নদীপৰীয়া এলেকাৰ বান-পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত শ্ৰীকৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীনাথ আৰু অতিৰিক্ত উপায়ুক্ত তথা  ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীদাসেভকত চাপৰি, ফাগুৱা চাপৰি আদি অঞ্চলৰ জলমগ্ন পৰিবেশ-পৰিস্থিতি নিৰীক্ষণ কৰি কৰতিপাৰ এলেকাৰ চাপৰি তথা মঠাউৰিৰ বহিঃ অংশৰ অৱস্থা পৰিদৰ্শন কৰে। ইয়াৰ পাছতে ফেৰীৰেই মিছামৰাৰ পৰিস্থিতিও পৰ্যবেক্ষণ কৰাৰ লগতে সাৰুৱা চাপৰিত ফেৰী ৰখাই বানত আৱদ্ধ হৈ পৰা চাপৰিবাসীৰ সৈতে মত বিনিময় কৰে উপায়ুক্ত শ্ৰীকৈৰীয়ে। জিলা প্ৰশাসনৰ তিনিওগৰাকী শীৰ্ষ বিষয়াই পুণৰ ফেৰীৰে সোৱণশিৰি জলৰাশিত প্ৰৱেশ কৰি নামনি মাজুলীৰ ধূনাগুৰি হৈ লুহিত নদীৰে উজাই চেলেক পৰ্যন্ত বান পৰিস্থিতি নিৰীক্ষণ কৰে। বিয়লি পৰ্যন্ত প্ৰায় ৪.৪৫ মিনিট জুৰি ফেৰীৰে সমগ্ৰ নামনি মাজুলীৰ মঠাউৰীৰ বাহিৰত বানৰ গ্ৰাসত পৰা নদীপৰীয়া আৰু চাপৰি এলেকাই সামৰা অঞ্চলসমূহৰ পৰিস্থিতিৰ চৰজমীন বুজ লৈ উপায়ুক্ত আৰু আন দুগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই চেলেকৰ পৰা স্থলপথেৰে জিলা সদৰলৈ ঘূৰি আহে।

দৰঙৰ শাকতোলা নৈৰ বাঢ়নী পানীয়ে ছিগিলে মথাউৰি।

ছিপাঝাৰ : পুনৰ ৰুষ্ট হৈ পৰিছে দৰঙৰ শাকতোলা নৈ। প্ৰতি বছৰৰ দৰে এইবাৰো ছিঙিলে বাঢ়নী পানীয়ে শাকতোলা নৈৰ মথাউৰি। মূষলধাৰ বৰষুণৰ ফলত নদী খনৰ পশ্চিম দিশৰ মথাউৰি ছিঙি ক্ষতিগ্ৰস্ত হয় মঙলদৈৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কবিকাৰা গাঁৱ, ডাহি, জনৰামচৌকাৰ লগতে ওচৰ চুবুৰীয়া কেইবাখনো গাওঁ। ফলত বিঘ্নিত হৈ পৰে যাতায়ত যোগাযোগ ব্যৱস্থা, লগতে পানীত হাঁহ নচৰা অৱস্থা হয় দৰিদ্ৰ কৃষক সকলৰ। আকৌ আন ফালে চানি ধৰিছে মহামাৰী কৰ’ণাই সমগ্ৰ ৰাজ্য খন। সঁচাই প্ৰকৃতি দেৱীও বাৰু ৰুষ্ট হৈ পৰিছে নেকি সমগ্ৰ মানৱ জাতিৰ ওপৰত ! দুখীয়া কৃষক সকলৰ উপৰিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মৎস্যজীৱি গাঁৱবাসীৰ ।গঞা ৰাইজৰ পশুধনৰো জলমগ্ন পৰিৱেশত খাদ্য যোগান ধৰাত দুখ দূৰ্গতিৰ সীমা নোহোৱা হৈ পৰিছে। উল্লেখযোগ্য যে, মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাস দেৱে জলসম্পদৰ বিষয়াক লগত লৈ মথাউৰী চৰজমিন তদন্ত কৰে, লগতে মথাউৰী আৰু পথসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে ।।

সপোন ভগা এজাক কিশোৰীয়ে নতুনকৈ গঢ়িলে জীৱনৰ বাট : বিদ্যালয় আধাতে এৰা ৫ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ : বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ সফলতা ।

পাকাবেতবাৰী : বৰপেটাত জিলিকি উঠিছে সপোন ভগা এজাক কিশোৰী৷ আধাতে পঢ়া-শুনা বাদ দি লোকৰ ঘৰত কাম-বন কৰিবলৈ বাধ্য হোৱা দুখীয়া পৰিয়ালৰ তেনে বহু কিশোৰীয়ে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ জৰিয়তে নতুনকৈ জীৱনটো গঢ় দিবলৈ যত্ন কৰিছে ৷ সমাজৰ দুখীয়া পৰিয়ালৰ বহু কন্যা শিশু বা কিশোৰীয়ে আৰ্থিক দূৰৱস্থাৰ বাবে আধাতে পঢ়া-শুনা সামৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আধাতে বিদ্যালয় সামৰা এই কিশোৰীসকলক সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰি ভগা সপোন নতুনকৈ জোৰা লগোৱাৰ প্ৰয়াস চলাই আহিছে শিক্ষা বিভাগে ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা এই বিদ্যালয়সমুহৰ ভিতৰত বৰপেটা জিলাৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত থকা ৫ খনকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা, মন্দিয়া আৰু পাকাবেতবাৰীৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়কেইখনৰ পৰা এইবেলি ৫২ গৰাকী ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এই ৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৭ গৰাকী ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ যিসকল কিশোৰীয়ে এদিন দাৰিদ্ৰ বা পৰিয়ালৰ সমস্যাৰ বাবে আধাতে বিদ্যালয় এৰিবলৈ বাধ্য হৈ পৰিছিল সেই কিশোৰীসকলৰ মাজৰেই ৫ গৰাকী ছাত্ৰীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আনকি প্ৰথম বিভাগত উতীৰ্ণ হবলৈ সক্ষম হৈছে ৷ আনহাতে ইয়াৰে ভিতৰত ১৫ গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু ১৮ গৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ দৰিদ্ৰ পৰিয়াল সমূহলৈ আশা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ আনহাতে এই ফলাফলৰ জৰিয়তে চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ জৰিয়তে বিদ্যালয় আধাতে এৰা ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনা আৰু সকলোৰে বাবে শিক্ষা আঁচনিখনকে সফল কৰি তুলিছে আৰু সমাজলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে, বৰপেটা জিলাত থকা ৫ খনকৈ কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা আৰু পাকাবেতবাৰী বিদ্যালয় চাৰিখনৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ হয় ৷ ইয়াৰ ফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ফলাফল অনুসৰি বৰপেটা জিলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈকো সক্ষম হৈছে ৷ ইপিনে আধাতে বিদ্যালয় সামৰি পুনৰ শিক্ষা বিভাগৰ তৎপৰতাত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত পঢ়া শুনা কৰি সাফল্যৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীসকলক শিক্ষা বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ আজি বৰপেটাৰ কস্তুৰবা গান্ধী বিদ্যালয় চৌহদত আয়োজিত এখন সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা সভাখনত শিক্ষা বিভাগৰ দায়িত্বত থকা বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু জিলা আচনি বিষয়া ৰঞ্জন দাসে অংশগ্ৰহন কৰি ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷ আনহাতে ছাত্ৰীসকলক শিক্ষা বিভাগৰ পৰা কিছু শিকন সামগ্ৰীও প্ৰদান কৰা হয়৷

ধূলাত অসম গ্ৰামীণ বিকাশ বেংকত ডকাইতি । নগদ ধন নিয়াত ব্যৰ্থ ডকাইতৰ দল ।

দলগাও : দৰঙৰ ধূলাস্হিত অসম গ্ৰামীণ বিকাশ বেংক শাখাত সংঘটিত হয় এক ডকাইতি কান্ড । ঘটনা সম্পৰ্কে জানিব পৰা মতে ডকাইতৰ দলে শুক্ৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ মাজতেই ধূলাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি দুটাকৈ আলমাৰী আৰু ষ্ট্ৰং ৰুমৰ তলা ভাঙে আৰু বিভিন্ন নথিপত্ৰ ও অন্যান্য সা-সামগ্ৰী থানবান কৰি অভিযান চলায় যদিও দলটোৱে নগদ ধন নিবলৈ ব্যৰ্থ হয় । ঘটনাৰ খবৰ পাই দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিমা বৰুৱাৰ লগতে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতি ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীৰ অনুসন্ধানত উক্ত শাখাটোত কোনো ধৰণৰ এলাৰ্ম আৰু চি চি কেমেৰাৰ ব্যৱস্থা নথকাৰ তথ্য পোহৰলৈ আহে ।

ক’ৰোনা মুক্ত হওক পৃথিৱী কামনাৰে “ক’ৰোনা পূজা”।

দৈনন্দিন বাৰ্তা ডেস্ক :

সাম্প্রতিক বিশ্বত্রাস কৰা নামটো হ’ল ন’ভেল ক’ৰোনা ভাইৰাছ ৷ এই বীজাণুৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে৷ বিশ্বৰ বিভিন্ন ঠাইত গৱেষণাগাৰত বীজাণুৰ বিৰুদ্ধে অস্ত্ৰ- ঔষধ, প্ৰতিষেধক, সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন  বাধা আৰোপ চলি আছে৷ এই সকলো কাম চলিছে বিজ্ঞান সন্মতভাৱে৷ ক’ৰোনা মুক্তিৰ বাবে ধর্মীয় ৰীতিনীতি কমকৈ পালিত হোৱা নাই৷ ইতিমধ্যে ক’ৰোনা ৰোধৰ বাবে যজ্ঞ-পূজা আদি চলিছে৷ কিছু লোকে বিশ্বাস কৰে যে “ক’ৰোনা দেৱী”ক সন্তুষ্ট কৰিলে সংক্ৰমণৰ পৰা শীঘ্ৰে মুক্তি পাব পাৰি৷ সেই বিশ্বাসত শনিবাৰে বিপত্তাৰিণী পূজা কৰা হয়৷ এই পূজা আয়োজন কৰে পশ্চিম বংগৰ বনগাঁৱৰ বাসিন্দাসকলে৷ উলহমালহেৰে সম্পন্ন হয় পূজা৷ ক’ৰোনা ভাইৰাছৰ নামত প্ৰস্তুত কৰা হয় নীলা-হালধীয়া “ক’ৰোনা দেৱী”ৰ মূৰ্ত্তি৷ সেই মূৰ্ত্তিত মালা আদি দিয়া হয়৷ মন্ত্ৰ পাঠ কৰি পূজা কৰে পুৰোহিতে৷ পূজা দিলে এলেকাটোৰ লোকসকলে৷ কিছু লোক পূজাৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকে৷ হাতজোৰ কৰি প্ৰাৰ্থনা কৰিলে ক’ৰোনা মুক্ত হওক পৃথিৱী ৷

অস্তিত্ব ওলাল অষ্টম মহাদেশৰ।

দৈনন্দিন বাৰ্তাৰ ডেস্ক : অৱশেষত অষ্টম মহাদেশৰ অস্তিত্ব ওলাল৷ এখন মানচিত্ৰৰ নক্সা তৈয়াৰ কৰিছে নিউজীলেণ্ডৰ এদল গৱেষকে ৷ এই মানচিত্ৰই দেখুৱাইছে বহু বছৰৰ আগেয়ে সমুদ্ৰৰ তলিলৈ যায় এই মহাদেশৰ আকাৰ৷ মহাদেশখনৰ নাম ৰখা হৈ জিলাণ্ডিয়া ৷ অষ্টম মহাদেশখনক লৈ ১৯৯৫ চনৰ পৰা গৱেষণা চলি আছিল৷ গৱেষণা কৰিছিল নিউজীলেণ্ডৰ গৱেষণা প্ৰতিষ্ঠান জিএনএছ ছায়েন্সে৷ ২০১৭ চনত গৱেষণা সম্পূৰ্ণ হয় ৷ এতিয়া মানচিত্ৰ প্ৰকাশ কৰি গৱেষকসকলে জনায় যে জিলাণ্ডিয়াৰ সঠিক অৱস্থান জানিবলৈ টেকট’নিক আৰু বেথিমেট্ৰিক নক্সা প্ৰস্তুত কৰা হৈছে ৷ মহাদেশখনৰ আয়তন অনুমানিক ৫০ লাখ বৰ্গ কিলোমিটাৰ ৷ বহু বছৰৰ আগেয়ে প্ৰশান্ত মহাসাগৰৰ তললৈ গৈছিল জিলাণ্ডিয়া৷ গৱেষণাত এই কথা প্ৰকাশ ৷ বিজ্ঞানীসকলৰ ধাৰণা ৩৮০০ ফুট গভীৰতালৈ গৈছে এই মহাদেশ ৷ 

দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতি ঘৰতে স্ক্ৰীণিং আৰম্ভ : ৩০ জুনত হ’ব সম্পন্ন ; ১০ জুলাইত দিব ফলাফল ।

অনলাইন বাৰ্তা :

দেশৰ ৰাজধানীত ক’ৰোনা ভাইৰাছ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ এনে সময়তে দিল্লীৰ কনটেনমেণ্ট জ’নৰ প্ৰতিটো ঘৰতে শনিবাৰৰ পৰা স্ক্ৰীণিং আৰম্ভ কৰিছে৷ এই স্ক্ৰীণিং অহা ৩০ জুনত সম্পন্ন হ’ব আৰু ১০ জুলাইত ইয়াৰ ফলাফল দিব৷ এই বৃহৎ কামটোৰ বাবে ১১০০ টা দল গঠন কৰা হৈছে৷ প্ৰতিটো দলতে দুজনকৈ সদস্য আছে৷ দিল্লী চৰকাৰৰ ৰাজহ বিভাগৰ বিষয়া এজনে জনোৱা মতে প্ৰতিখন জিলাতে প্ৰায় ১০০ টা দল গঠন কৰা হৈছে৷ ইয়াৰ প্ৰতিটো দলতে আশাকৰ্মী আৰু এএনএম থাকিব৷ উল্লেখ্য যে ২০১১ চনৰ পিয়ল মতে দিল্লীত ৩৪.৩৫ লাখৰো অধিক ঘৰ আছিল৷ ইয়াৰ লগতে চহৰাঞ্চলত ৩৩.৫৬টা আৰু গ্ৰাম্য এলেকাত ৭৯,৫৭৪টা ঘৰ আছে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত দিল্লীত ৩৪৬০ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ তদুপৰি ২৩২৬জন লোক আৰোগ্য হোৱাৰ লগতে ৬৩ জন মৃত্যু হয়৷ বৰ্তমানে দিল্লীত মুঠ ৭৭২৪০ জন ক’ৰোনাত আক্ৰান্ত হৈছে আৰু ৪৭০৯১ জন আৰোগ্য হোৱাৰ লগতে ২৪৯২ জনৰ মৃত্যু হৈছে৷ আনহাতে মুঠ ২৭৬৫৭ জন লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে ১৬২৪৯ জন লোক ঘৰতে আইচলেচন হৈ আছে৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত দিল্লীত ২১১১৪টা পৰীক্ষা কৰা হয়৷ ২৬ জুন পৰ্যন্ত ৪৫৯১৫৭ জন লোকক পৰীক্ষা কৰা হয় ৷

উজনি মাজুলীত পানীত পৰি এজনৰ মৃত্যু ।

উজনি-মাজুলী : উজনি মাজুলী ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত কোটাই নাহৰণিৰ নিৱাসী দুলাল বৰাৰ পুত্ৰ   নিত্যানন্দ বৰা ( ৪৮)  নামৰ লোকজন পানীত পৰি অকাল মৃত্যুক সাৱতি  লয় ৷ ঘটনা অনুসৰি কালি  সন্ধ্যা ঘৰৰ পৰা কিবা কাম থকা বুলি ওলাই যোৱা লোকজন বহু নিশালৈকে  ঘৰলৈ নহাত কোনো পৰিয়ালৰ লোকে নিশা বিচাৰিও কোনো খবৰ নাপালে ৷ ৰাতিপুৱা বিচাৰিম বুলি আছিল যদিও ৰাতিপুৱা স্থানীয় লোকে শুকানসুঁতি নৈত  এখন খালি নাঁওসহ   উপঙি থকা অৱস্থাত এটি  মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ আৰক্ষীক দিয়া খবৰৰ ভিত্তিত  ঘটনা স্থলীত ফুলনি আৰক্ষী চকীৰ বিষয়া উৎপল দাস সহ এটি আৰক্ষীৰ দল উপস্থিত হৈ  মৃতদেহ টো পানীৰ পৰা  পাৰলৈ আনে  ৷ আৰক্ষী বিষয়া জনে আমাক এই মৃত্যু সম্পৰ্কত প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰা বুলি জানিবলৈ দিয়াৰ লগতে   ইতিমধ্যে মৃহদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা বুলি জনাই ৷  মৃত্যুৰ সময়ত লোকজনে পত্নী সহ এজন  পুত্ৰ আৰু দুগৰাকী কন্যা আত্মীয় স্বৰ্জনক এৰিথৈ যায় ৷

লাডাখত ভাৰত- চীন যুদ্ধৰ আখৰা । বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিলে আমেৰিকাৰ যুক্তৰাষ্ট্ৰ । ২৭ হাজাৰ মাৰ্কিন সেনা লাডাখলৈ প্ৰেৰন ।

দৈনন্দিন বাৰ্তা ডেস্ক :

ভাৰত- চীন সিমান্ত লাডখত ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পোৱাৰ বাবে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যঠেষ্ট উদ্দ্যেগ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে চীনৰ দৌৰাত্ম্য ভাৰতত সিমান্ততে সীমাবদ্ধ নাথাকি টাইৱান’ জাপান’ ফিলিপাইনছ’মালেয়েছিমামত আদি দেশ সমুহত বৃদ্ধি পোৱাৰ অভিযোগ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ হাতত পৰিছে ৷এই দেশ সমুহে চীনৰ দৌৰাত্ম্যৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰক অবগত কৰি আহিছে ৷ মাৰ্কিন ৰাষ্ট্ৰ আমেৰিকাই সুযোগৰ সন্ধানত ৰৈ আছিল ৷ ইয়াৰ উপৰিও চীনৰ পৰা কৰোনা ভাইৰাছ সমগ্ৰ বিশ্বতে সম্প্ৰসাৰণ হোৱাৰ ঘটনা সহজভাৱে লব পৰা নাই আমেৰিকাই ৷৷ মাৰ্কিন ৰাষ্ট্ৰ প্ৰধান ডনাল্ড ট্ৰাম্পে কৰোনা ভাইৰাছৰ বাবে চীনকে জগৰীয়া কৰিছিল ৷আনকি বিশ্ব স্বাস্থ্য সংস্হাক ট্ৰাম্পে যঠেষ্ট সমালোছনা কৰিছিল ৷ পিছত বিশ্ব স্বাস্থ্য সংস্হাৰ আমেৰিকাই সাহৰ্য্য দিয়া সমুলি ধন বন্ধ কৰি দিয়াৰ লগতে সংস্হাটোৰ পৰা আমেৰিকাই আতৰি আহিছিল ৷ ইয়াতে আমেৰিকা সান্ত হোৱা নাছিল ৷৷ যিকোনো প্ৰকাৰে চীনক এশিকনি দিবলৈ সুযোগৰ সন্ধানত ৰৈ আছিল আমেৰিকা ৷ এতিয়া যেন সেই সময় আহি পৰিল যুক্তৰাষ্ট্ৰ খনৰ বাবে ৷ ভাৰতৰ বন্ধু আমেৰিকাই প্ৰতিটো সময়ত সহায় কৰিবলৈ আগবাঢ়ি আহে দেশখনক ৷ সেইবাবেই মে ’মাহৰ পৰা লাডাখ চীনৰ দৌৰাত্ম্য বৃদ্ধি পাই আহিছে ৷ইয়াৰ বাবে ২০ জনকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল ৷ এই ক্ষেত্ৰত ভাৰতে যঠেষ্ট কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে ৷ইতিমধ্যে ভাৰতৰ স্হল’ জল’ বায়ু তিনিওটা সেনা বাহিনী সস্তম কৰি তুলিছে ৷প্ৰতিটো মুহূৰ্তৰ খৱৰ তীক্ষ্ণ দৃষ্টিৰে নীৰিক্ষন কৰিছে ভাৰত চৰকাৰে ৷ চীনা সৈন্যৰ পৰিমান যঠেষ্ট বৃদ্ধি কৰিছে দেশখনে ৷ দুই শক্তিশালী দেশ দুখনৰ মাজত যেন যুদ্ধৰ আখৰা চলিছে ৷ ইয়াৰ বাবে মাৰ্কিন ৰাষ্ট্ৰখনে প্ৰায় ২৭ হাজাৰ মাৰ্কিন সেনা লাডাখলৈ প্ৰেৰন কৰিছে ৷ মুকলিভাৱেই ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক সহায়ত হাত আগবঢ়াব বুলি উল্লেখ কৰে ৷ টাইৱান’ জাপান’ মালোয়েছিয়া ’ ফিলিপাইনছ ভাৰতৰ পক্ষত থাকি আমেৰিকাই সকলো সহযোগিতা আগবঢ়াব ৷ এতিয়া চীনক এশিকনি দিয়াৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰই সময়ৰ বাবে অপেক্ষালৈ বাত চাইছে ৷

অশীতিপৰ মহিলা তৰুলতা দেৱীৰ ‘এৰি অহা সময়’ উন্মোচন।

দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা তৰুলতা দেৱীৰ 'এৰি অহা সময়' উন্মোচন কৰা হয়।

দিপীলা :  দৰঙৰ দিপীলাৰ আলিখাপাৰা গাঁৱৰ ধৰ্মপ্ৰাণা আৰু অশীতিপৰ মহিলা, সফল মাতৃ তৰুলতা দেৱীয়ে নিজৰ জীৱনৰ কিছু কথা সামৰি ৰচনা কৰা ‘ এৰি অহা সময়’ নামৰ গ্ৰন্থখনি আজি লেখিকাৰ নিজাঘৰত অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকাৰ পুত্ৰ তথা শংকৰদেৱ শিশু নিকেতন, দিপীলাৰ প্ৰধান আচাৰ্য গোবিন্দ শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত লেখিকাৰ স্বামী, সুদক্ষ প্ৰধান শিক্ষক প্ৰয়াত জগৎ চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি নিবেদন কৰা হয়। সমূহীয়াভাবে গ্ৰন্থ খন উন্মোচন কৰে দিপীলাৰ প্ৰবীণ সমাজকৰ্মী, সাহিত্য সেৱী কালীচৰণ শৰ্মা, দিপীলা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা , সাহিত্য সেৱী অখিল ৰঞ্জন ভট্ট, সমাজকৰ্মী ক্ৰমে যতীন শৰ্মা আৰু চিন্তা ৰাম ডেকাই। শাৰীৰিকভাৱে অসুস্থ দেৱীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাগ লৈ কালীচৰণ শৰ্মাই তেওঁৰ প্ৰচেষ্টাৰ শলাগ লয়। আনহাতে আন এগৰাকী বক্তা অখিল ৰঞ্জন ভট্টই গ্ৰন্থ খনি দৰং আৰু কামৰূপৰ সামাজিক জীৱনৰ বাবে গুৰুত্বপূৰ্ণ এটি অধ্যায় হ’ব বুলি মন্তব্য কৰে। অনুষ্ঠানত লেখিকাৰ পুত্ৰ ক্ৰমে প্ৰবক্তা বিপিন শৰ্মা বৰুৱা আৰু সাংবাদিক ধীৰেন শৰ্মাই অতিথি সকলক আদৰণি জনায়।