Home Blog Page 3286

ভাৰত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা জোৱান সকলক “ৰাম সেনা” নলবাৰী সমিতিৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

ভাৰত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা জোৱান সকলক "ৰাম সেনা" নলবাৰী সমিতিৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ভাৰত- চীন সীমান্তত দেশৰ হকে শ্বহীদ হোৱা বীৰ জোৱান সকলক আজি সন্ধিয়া নলবাৰী চহৰৰ গোল পাৰ্কৰ চকত ৰাজহুৱা ভাৱে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ৰাম সেনা নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰা এই ৰাজহুৱা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত ৰাম সেনাৰ বিষয়ববীয়া সহ কৰ্মী সকলৰ লগতে উপস্থিত ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে নলবাৰী সদৰ থানাৰ আৰক্ষী বিষয়া সকলেও দেশ হকে প্ৰাণ দিয়া জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে । লগতে অনুষ্ঠানটোত উপস্থিত সকলো ব্যক্তিয়ে মৌণ প্ৰাৰ্থনা কৰি ভাৰতীয় সেনা বাহিনীৰ  শ্বহীদ জোৱান সকলক স্মৰণ কৰে ।

কবি পাপু বৰা কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচন ।

কবি পাপু বৰা কাব্যগ্ৰন্থ 'নিলিখা ডায়েৰীৰ পাত' উন্মোচন ।

উজনি-মাজুলীঃ মাজুলীৰ যুৱ কবি-সাংবাদিক, সাহিত্য-সংগঠক পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ আজি গড়মূৰ প্ৰেছ ক্লাবত আনুস্থানিকভাৱে উন্মোচন কৰে জেষ্ঠ  সাংবাদিক তথা গড়মূৰ প্ৰেছ ক্লাবৰ সভাপতি অৰুণ বৰাই | আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত সভাখন উদ্বোধন কৰে গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্তই | ৰঙাচাহী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্য সংগঠক ৰামসাগৰ নাথে সভাপতিত্ব কৰা সভাখন আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰে মাজুলীৰ অন্যতম কলা-সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদক তথা সাহিত্য সংগঠক শংকুসিদ্ধ নাথে | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত নাথে কয় পলস আৰু ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত মাজুলীৰ জনপ্ৰিয় কবি পাপু বৰাৰ নৱতম কাব্যগ্ৰন্থ ‘নিলিখা ডায়েৰীৰ পাত’ উন্মোচনৰে কাব্যজগতক চহকী কৰাই এই সভাৰ লক্ষ্য | অনুষ্ঠানৰ লগত সংগতি ৰাখি মাজুলী জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনক ত্রিহৃদয় আৰু পলসৰ তৰফৰ পৰা এখনি চেলেং, ফুলাম গামোচা আৰু জাপিৰে বিপুল সম্বৰ্ধনা জনোৱাৰ পিছতে মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰে মাজুলী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰিৱেশবিদ ড০ ৰাজেন বৰাই | ভাষণ প্ৰসংগত তেওঁ কয় কাব্যজগতখনত অবিৰতভাৱে সেৱা আগবঢ়াই থকা পাপু বৰা কেৱল এক প্ৰতিভা নহয়, তেওঁ যুৱপ্ৰজন্মৰ প্ৰেৰণা আৰু বৰ্ণিল প্ৰতিশ্ৰুতি | পকাজৰা গাঁও পঞ্চায়তৰ সভাপতি অনন্ত নাটেই বিশিষ্ট অতিথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত মাজুলীৰ প্ৰথমটো পৰম সুহৃদ হিতৈষী পৰিয়ালৰ সদস্যা তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অনুপ্ৰভা দেৱী, মাজুলী জিলা সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক মহিম চন্দ্ৰ নাথ, কবি পাপু বৰাৰ পিতৃ ডিম্ব বৰা, ভোলাৰাম বৰদলৈ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দিগন্ত শইকীয়া, কবি লক্ষীপ্ৰসাদ ৰেগন, যতীন মুদৈ, সীমান্ত বৰা, শ্যামন্ত পায়েং, নিৰু বৰা, মাধৱ বৰা, ভৱানী শইকীয়া নাথ প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি উপস্থিত থাকি সাৰুৱা মন্তব্যৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে | বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ শশীকান্ত শইকীয়াই শুভেচ্ছামূলক ভ্ৰাম্যভাষিক বক্তব্য আগবঢ়োৱা অনুস্থানটিত কণমাণি শিল্পী বৃষ্টি বৰা, সুস্মিতা বৰা আৰু ৰৃষিতা গোস্বামীৰ গীত পৰিৱেশনে অনুস্থানটিক এক অনন্য মাদকতা প্ৰদান কৰে |

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ।

নগাঁও :  ৰাজ্যত  চাইবাৰ অপৰাধীৰ সক্ৰিয়তা দিনক দিনে বৃদ্ধি পাই অহাৰ মাজতে এইবাৰ চাইবাৰ অপৰাধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে জনপ্ৰতিনিধি। বিশেষকৈ চ’ছিয়েল মিডিয়া ফেচবুকত একাংশ লোকে নীতিবহির্ভূত মন্তব্যৰে  জনপ্ৰতিনিধিক আক্ৰমণ কৰা কৰা কার্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে । ফেচবুকত  অশ্লীল মন্তব্যৰে জনপ্ৰতিনিধিক আক্ৰমণ কৰা এক ঘটনাক লৈ নগাঁও জিলাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় ।জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই  ২০ জুনত  নিজ সমষ্টিত  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন , ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগা এটি পকী পথৰ আধাৰশিলা স্থাপন আৰু স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাৰ আশু আৰোগ্য কামনাৰে  প্ৰাৰ্থনা জনাই কালি নিজৰ ফেচবুক একাউণ্টত আপলোড কৰিছিল এটা পষ্ট। কিন্তু বিধায়িকা গৰাকীৰ উক্ত পষ্টত ”আন্ধাৰৰ আঁৰত জোনাকী ” নামৰ এটা ভুৱা একাউণ্টৰ পৰা বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে সীমা চেৰাই যোৱা অশ্লীল মন্তব্য  কৰা দেখা যায় । তাৰ পিছতেই সেই ফেচবুক পেইজটোৰ বিৰুদ্ধে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত বিধায়িকা গৰাকীৰ শুভাকাংক্ষী ভাস্কৰ জ্যোতি বৰা নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰে ।  লগে লগে আৰক্ষী  প্ৰশাসনে ভাৰতীয় দ্বন্দ্ববিধি আইনৰ ২৯৪/৪৫৪(এ)/৩৫৪(ডি) ধাৰাত ১৪৭৮/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি  নিশাৰ ভিতৰতে ভুৱা  ফেচবুক একাউণ্টট  চলোৱা দুই যুৱকক আটক কৰে। আৰক্ষীয়ে আটক কৰা যুৱকদ্বয় ধিঙৰ ডুমডুমীয়াৰ অভিনন্দন নাথ আৰু পুৰণি গুদাম আউনীআটীৰ গম্ভীৰ বৰা বুলি জানিব পৰা গৈছে। পাচত নগাঁও সদৰ থানাত আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক  মাৰাথন জেৰা চলোৱাৰ অন্তত অভিনন্দন নাথক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। আনহাতে আনজন যুৱক গম্ভীৰ বৰাক সোধ-পোছৰ অন্তত আৰক্ষীয়ে মুকলি কৰি দিয়ে বুলি আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা গৈছে । উল্লেখ্য যে এগৰাকী মহিলা জনপ্ৰতিনিধিক এনেদৰে ছচিয়েল মিডিয়াত হেয় প্ৰতিপন্ন কৰাক লৈ সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

এনআইপিএফপিৰ অধ্যক্ষ পদত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেল ।

দৈনন্দিন বাৰ্তা ডেস্ক:

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ড° উৰ্জিত পেটেলে নেচনেল ফাইনেন্স এণ্ড পলিচি (এনআইপিএফপি)ৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলে অহা ২২ জুনত এই নতুন দায়িত্ব গ্ৰহণ কৰিব৷ ড° পেটেলক বিজয় খেলকাৰৰ ঠাইত এই দায়িত্ব দিয়া হৈছে৷ চলিত বছৰৰ ২২ জুনৰ পৰা পেটেলে চাৰি বছৰৰ বাবে এই দায়িত্ব লাভ কৰিছে৷ উল্লেখ্য যে এনআইপিএফপিৰ বিদায়ী অধ্যক্ষ ড° বিজয় লক্ষ্মণ কেলকাৰে তেওঁৰ আমোলত বহু গুৰুত্বপূৰ্ণ অবদান আগবঢ়াই থৈ গৈছে৷ সেয়ে তেওঁক প্ৰশংসা আৰু কৃতজ্ঞতা জনাইছে৷ ইয়াৰ ফলত প্রতিষ্ঠানটোৰ বৃদ্ধি আৰু কাৰ্যকৰিতাৰ মাত্ৰা পৰ্যন্ত স্কেলিঙৰ দিশত বহু সহায় কৰিছে৷ পেটেলে ২০১৮ চনৰ ১০ ডিচেম্বৰত অপ্রত্যাশিতভাৱে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিছিল৷ উল্লেখ্য যে ১৯৯০ চনৰ পাছত তেওঁ প্ৰথম গভৰ্ণৰ যি ম্যাদ শেষ হোৱাৰ আগতে পদত্যাগ কৰে৷ উল্লেখ্য যে নাইৰোবিত অৱস্থিত এটা ব্যৱসায়িক পৰিয়ালৰ সদস্য পেটেলে লণ্ডন স্কুল অফ ইক’নমিক্স, অক্সফ’র্ড বিশ্ববিদ্যালয় আৰু ইয়েল বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ ২০১৩ চন পৰ্যন্ত কেনিয়াৰ নাগৰিক আছিল৷ ২০১৩ চনৰ জানুৱাৰীত তেওঁ আৰবিআইৰ ডেপুটি গভৰ্ণৰ হয়৷ তাৰ আগেয়ে তেওঁ ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে ৷ 

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক পূর্ণ স্বাধীনতা ।

দৈনন্দিন বাৰ্তা ডেস্ক :

চীনৰ অতর্কিত আক্ৰমণত শ্বহীদ হয় ২০জন ভাৰতীয় জোৱান৷ চীনৰ আগ্রাসনৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত ভাৰত৷ সেয়ে ভাাত-চীন সীমান্ত তথা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত ভাৰতীয় জোৱানৰ ক্ষেত্ৰত কিছু নিয়ম সলনি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সলনি কৰা হৈছে ‘ৰুলছ অব এনগেজমেণ্ট’৷ প্ৰাপ্ত তথ্য মতে নতুন নিয়মত চূড়ান্ত পৰিস্থিতিত আগ্নেয়াস্ত্র ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনো বাধা নাথাকে সেনাবাহিনীৰ ওপৰত৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে এই নীতিক ইতিবাচক কৰি দিছে৷ ইমান দিনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন মুখামুখি হ’লেও আগ্নেয়াস্ত্র ব্যৱহাৰ কৰা নাছিল ভাৰতীয় সেনাবাহিনীয়ে৷ এইবাৰ সেই নিয়ম সম্পূৰ্ণ সলনি কৰিছে কেন্দ্ৰই৷ এতিয়াৰ পৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাক পূর্ণ স্বাধীনতা দিয়া হৈছে৷ ফলত চূড়ান্ত পৰিস্থিতিৰ সৃষ্টি হ’লে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্বাধীনভাৱে সিদ্ধান্ত ল’ব পাৰিব৷ 

চ’ছিয়েল মিডিয়াত ছিপাঝাৰৰ বিধায়কৰ বিৰুদ্ধে অশ্লীল মন্তৱ্য কৰি ৰঙাঘৰৰ আলহী যুৱক ৷

চ'ছিয়েল মিডিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল দৰঙৰ বটাবাৰীৰ প্ৰাণজিৎ ডেকা ওৰফে প্ৰাণজিৎ পৰান ৷

দৰং: চ’ছিয়েল মিডিয়াত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ  বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী  দৰঙৰ এজন যুৱক ৷ বিজেপি যুৱ মৰ্চাৰ সদস্যৰ এজাহাৰৰ ভিত্তিত যুৱকজনক আটক কৰে ছিপাঝাৰ আৰক্ষীয়ে ৷ ফেইচবুকত  ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ বিৰুদ্ধে অশ্লীল  মন্তব্যৰে আক্ৰমণ কৰিছিল যুৱকজনে ৷ আনহাতে বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ লগতে বিজেপি ৰ কৰ্মকর্তাক উদ্দেশ্যি ফেইচবুকত অশ্লীল  মন্তব্য কৰিছিল যুৱক জনে ৷আটক কৰা যুৱক জন ছিপাঝাৰ সমষ্টিৰ বটাবাৰীৰ    প্ৰাণজিৎ ডেকা ওৰফে প্ৰাণজিৎ পৰান ৷ নিজ গৃহ বটাবাৰীৰ পৰা  ছিপাঝাৰ আৰক্ষীয়ে আটক কৰে যুৱক জনক ৷ সম্প্ৰতি যুৱ মৰ্চাৰ এজাহাৰৰ ভিত্তিত যুৱকজনৰ  ওপৰত এটা গোছৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ছিপাঝাৰ আৰক্ষীয়ে ৷

নাজিৰা বিহুবৰত জঘন্য ঘটনা : ডাইনী সন্দেহত এজনক হত্যাৰ অপচেষ্টা । উত্তপ্ত পৰিস্থিতি : ৯ জনক গ্ৰেপ্তাৰ ।

নাজিৰা বিহুবৰত ডাইনী সন্দেহত এজনক হত্যাৰ অপচেষ্টা কৰা ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ ।

নাজিৰা : বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ চৰম উৎকৰ্ষৰ  যুগত আজিও এচাম লোকে অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনী সন্দেহতে  জঘন্য ঘটনা সংঘটিত কৰিছে। তেনে এক  অন্ধবিশ্বাসৰ কৱলত পৰি  নাজিৰাৰ বিহুবৰ ওপৰ নামচাই এলেকাত এচাম উম্মত্ত লোকে ডাইনীৰ সন্দেহত বাদল চাউৰা (৬০) এজন ব্যক্তিক লাঠিৰে মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাক কেন্দ্ৰ কৰি যোৱা কালি নিশাৰে পৰা অঞ্চলটোত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে ব‍্যক্তিজনক ঘৰৰ পৰা বাহিৰলৈ  উলিয়াই প্ৰচণ্ড মাৰপিট কৰাত তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে।ইফালে এই ঘটনাৰ খৱৰ পাই নাজিৰা চক্ৰ আৰক্ষী বিষয়া দিপক সুত্ৰধৰ, বিহুবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ সিংগাম আৰু সহ পৰিদশক ৰিতুল দাসৰ  নেতৃত্বত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ এটি বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে  উম্মত্ত জনতাৰ কৱলৰ পৰা মুমুষ অৱস্থাত ভুক্তভোগী বাদল চাউৰাক উদ্ধাৰ কৰি ততালিকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ডাইনীৰ সন্দেহত বাদল চাউৰাক হত‍্যাৰ অপচেষ্টা চলোৱা উম্মত্ত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয়।এনে এক পৰিস্থিতিৰ মাজতে কালি নিশাই আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত  গোবিন চাউৰা,আনন্দ চাউৰা,ৰাজু চাউৰা,অনিল চাউৰা,শিৱা চাউৰা নামৰ যুৱককেইজনক ঘটনাস্থলীৰ পৰা আটক কৰে । কিন্তু  অঞ্চলটোৰ একাংশ ৰাইজে উক্ত যুৱককেইজনক আটক কৰাত বাধা প্ৰদানৰ চেষ্টা কৰাৰ লগতে পৰৱৰ্তী সময়ত বিহুবৰ থানা চৌহদত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ।একাংশ উত্তেজিত ৰাইজে যুৱককেইজনক মুকলি কৰি দিবলৈ দাবী জনাই থানা ঘেৰাও কৰে যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিহুবৰ আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰখাৰ লগতে আজি শিৱসাগৰ জিলা সহকাৰী আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰা বিহুবৰত উপস্থিত হৈ পৰিস্থিতি পৰ্য্যালোচনা কৰে ।আনহাতে যোৱা নিশা  আৰক্ষীয়ে আন  এক অভিযান চলাই এই ঘটনাৰ লগত জড়িত অঞ্চলটোৰ যশমিল চাউৰা, মহেশ চাউৰা, বিপদ চাউৰা, আৰু তীৰনাথ চাউৰাক গ্ৰেপ্তাৰ কৰে। ধৃত আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰজু কৰি বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰে ।

দৰঙৰ চমতীয়াপাৰাত ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয়, যৌগিক মহাবিদ্যালয়ত ৷

দৰঙৰ চমতীয়াপাৰাত ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয়, যৌগিক মহাবিদ্যালয়ত ৷

দৰং: আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশৰ লগতে দৰঙতো পালন কৰা হয় ৬ষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ দৰঙৰ পশ্চিম মংগলদৈ যৌগিক চিকিৎসালয় আৰু যৌগিক মহাবিদ্যালয়ৰ লগতে দৰং যোগ শিক্ষক সংস্থাই পালন কৰে আন্তৰাষ্ট্ৰীয় যোগ দিৱসটি ৷ বিশ্বত্যাস মহামাৰি কৰ’ণা ভাইৰাছৰ বাবে চৰকাৰৰ নিষেধাজ্ঞা বলবৎ হৈ থকাত চৰকাৰৰ অনুমতি সাপেক্ষে অনুষ্টুপীয়াকৈ পালন কৰা হয় যোগ দিৱসটি ৷ পুৱা বন্তি প্ৰজ্বলন , গছপুলি ৰোপণ আৰু সমুহীয়া যোগ অনুশিলনেৰে যোগ দিৱস পালন কৰা হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোগ প্ৰশিক্ষক পবিত্ৰ প্ৰাণ ডেকা আৰু হিমাংশু ডেকাই ৷ বন্তি প্ৰজ্বলন কৰে গোপাল বেজবৰুৱাই ৷ সমুহীয়া যোগ অনুশীলন কাৰ্যসূচীত মুখ্য পৰিচালক হিচাৱে অংশগ্ৰহণ কৰে  হিমালয় শৰ্মা , যোগবিদ পশ্চিম মংগলদৈ যোগ মহাবিদ্যালয় ৷

আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী : শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰে প্রাণায়মে।

দৈনন্দিন বাৰ্তা ডেস্ক:

প্ৰাচীন কালৰ ভাৰতৰ ঋষিমুনিসকলৰ মাজত প্রচলিত যোগৰ অন্যতম ক্রিয়া প্রাণায়ম। যি আচলতে শ্বাসযন্ত্ৰৰ ব্যায়াম আৰু তাৰ উন্নতি ঘটায় ক’ভিড–১৯ত যেতিয়া ফুচফুচ আক্ৰান্ত হয়  তেতিয়ান সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব বুজি পাইছে৷ কাৰণ প্রাণায়মে শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰি তোলে৷ দেওবাৰে আন্তর্জাতিক যোগ দিৱসত এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁ কয়, আমাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশ গ’লে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে৷ যোগৰ বহু ক্ৰিয়া আছে যি প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি বঢ়ায়৷ ক’ভিড-১৯য়ে আমাৰ শ্বাসযন্ত্ৰক আক্ৰমণ কৰে৷ শ্বাসপ্ৰশ্বাসৰ ব্যায়াম প্রাণায়ম আমাৰ সকলোকে বেছি সহায় কৰে স্বাসযন্ত্ৰক শক্তিশালী কৰাত৷ ষষ্ঠ আন্তর্জাতিক যোগ দিৱসত দেশবাসীক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয়, এই দিনটো সার্বভৌম ভ্রাতৃত্ব আৰু একতাৰ দিন। যোগৰ মাজেৰে বৰ্ণ বা লিংগ বৈষম্য বিৰোধী, সুস্থ-সৱল গ্ৰহ তৈয়াৰ কৰাত সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মোডীয়ে৷ আন্তর্জাতিক যোগ দিৱসত এদিন যোগাসন কৰে ১৮০০০ ফুট উচ্চতাৰ লাডাখত কৰ্তব্যৰত আৰু বদ্রীনাথত ১৪০০০ উচ্চতাত অৱস্থিত বাসুধৰা হিমবাহত কৰ্তব্যৰত আইটিবিপি জোৱান, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰকাশ জাভেৰকাৰ, ধর্মেন্দ্র প্রধানসহ বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

শ্বহীদ ভাৰতীয় সেনা বাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন লগতে চীনা বৰ্জন সন্দৰ্ভত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ সংবাদ মেল ।

নলবাৰী : ভাৰতীয় সেনা বাহিনীক চীনে সীমাত ষড়যন্ত্ৰ ৰচিত কৰি নিহত কৰা বাবে সমগ্ৰ ভাৰতবৰ্ষৰ জনগনই শ্বহিদ সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে অশ্ৰু ভৰা শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে আজি হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিয়েও পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আৰু বিগত সময় চোৱাত চিৰ বৈৰী চীনৰ সা সামগ্ৰী বয়কত কৰাৰ উদ্দেশ্যে আজি এক সংবাদ মেল অনুষ্ঠিত কৰে । উক্ত সংবাদ মেলত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে এজন ব্যাক্তি বা এখন দেশ ইতিবাচক দিশেৰে যিমানেই শক্তিশালী ৰুপত সমাজৰ আগত ধৰা দিব ,সিমানেই সেই ব্যাক্তিজনৰ নাইবা সেই দেশখনৰ বিৰুদ্ধে ৰচনা কৰা হব এটাৰ পাচত আন এটা ষড়যন্ত্ৰ । লগতে সংযোজক গৰাকীয়ে পুনৰ কয় যে,চীন দেশে সস্তীয়া বস্তুুৰ প্ৰলোভন প্ৰদান কৰি  ভাৰতৰ বজাৰ দখল কৰি স্থানীয় ক্ষুদ্ৰ উদ্যোগ বন্ধ কৰি অসম তথা ভাৰতত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে । আমি কিনা চিনা সামগ্ৰীৰ ধনেৰে চীনে পাকস্তানক গুলি বোমা যোগান ধৰে । যি বোমা বাৰুদে আামাৰ জোৱান সকলৰ বুকু বিদাৰিছে । অতিকৈ গুৰুত্ব পুৰ্ণ কথাতো হল অসমৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মান কৰি অসম বা ভাৰতবৰ্ষক মৰুভূমিলৈ ৰপান্তৰ কৰিব বিচাৰিছে।যিখন দেশে ভাৰতবৰ্ষক NSG গ্ৰুপত অন্তৰ্ভুক্তিৰ বাবে বাৰে বাৰে হেঙাৰ হিচাবে থিয় দি আছে।যিখন দেশে অসমৰ  আকচাই চীন নামেৰে অসমৰ ভূ গৰ্ভ এতিয়াও দখল কৰি আছে,যিখন দেশে ভাৰত আৰু অসম বিৰোধী শক্তিক আশ্ৰয় আৰু সাহায্য প্ৰদান কৰি আহিছে।সেয়েহে হিন্দু ক্ৰান্তি দলৰ আহ্বান যিসকল লোকে শীত তাপ,ধুমুহাকো নেওচি আমাক সুৰক্ষা দি আছে,তেওলোকক যদি কিঞ্চিতমানো  ভাল পাই তেন্তে চীনা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থাকক।চীনা সামগ্ৰী ক্ৰয় কৰি অসম বা ভাৰত বিৰোধী কামৰ আংশীদাৰ নহব।চীনৰ এপদ বস্তু কিনা মানে  পাকিস্তানৰ এটা গুলি দাম দিয়া।লগতে সংযোজক গৰাকীয়ে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান জনাই যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ গাৱে ভূৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে যত দেশৰ নিবনুৱা আৰু অৰ্থনৈতিক সমস্যাৰ পৰা হাত সাৰিব পৰা যাব।