Breaking

আন্তর্জাতিক যোগ দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী : শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰে প্রাণায়মে।

0 1,254

দৈনন্দিন বাৰ্তা ডেস্ক:

প্ৰাচীন কালৰ ভাৰতৰ ঋষিমুনিসকলৰ মাজত প্রচলিত যোগৰ অন্যতম ক্রিয়া প্রাণায়ম। যি আচলতে শ্বাসযন্ত্ৰৰ ব্যায়াম আৰু তাৰ উন্নতি ঘটায় ক’ভিড–১৯ত যেতিয়া ফুচফুচ আক্ৰান্ত হয়  তেতিয়ান সমগ্ৰ বিশ্বই যোগৰ গুৰুত্ব বুজি পাইছে৷ কাৰণ প্রাণায়মে শ্বাসযন্ত্রক অধিক কাৰ্যক্ষম কৰি তোলে৷ দেওবাৰে আন্তর্জাতিক যোগ দিৱসত এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে৷ তেওঁ কয়, আমাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশ গ’লে ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে৷ যোগৰ বহু ক্ৰিয়া আছে যি প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি বঢ়ায়৷ ক’ভিড-১৯য়ে আমাৰ শ্বাসযন্ত্ৰক আক্ৰমণ কৰে৷ শ্বাসপ্ৰশ্বাসৰ ব্যায়াম প্রাণায়ম আমাৰ সকলোকে বেছি সহায় কৰে স্বাসযন্ত্ৰক শক্তিশালী কৰাত৷ ষষ্ঠ আন্তর্জাতিক যোগ দিৱসত দেশবাসীক অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয়, এই দিনটো সার্বভৌম ভ্রাতৃত্ব আৰু একতাৰ দিন। যোগৰ মাজেৰে বৰ্ণ বা লিংগ বৈষম্য বিৰোধী, সুস্থ-সৱল গ্ৰহ তৈয়াৰ কৰাত সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মোডীয়ে৷ আন্তর্জাতিক যোগ দিৱসত এদিন যোগাসন কৰে ১৮০০০ ফুট উচ্চতাৰ লাডাখত কৰ্তব্যৰত আৰু বদ্রীনাথত ১৪০০০ উচ্চতাত অৱস্থিত বাসুধৰা হিমবাহত কৰ্তব্যৰত আইটিবিপি জোৱান, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰকাশ জাভেৰকাৰ, ধর্মেন্দ্র প্রধানসহ বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে ৷

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

Leave A Reply