Home Blog Page 3287

“এক বৃক্ষ দশ পুত্ৰসম” গুৰুজনাৰ অমৰবাণীৰে অসমখনক প্ৰকৃতিৰ ৰম‍্যভূমি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান মুখ‍্যমন্ত্ৰীৰ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিৱেশতন্ত্ৰ ব‍্যৱস্থাপনা প্ৰকল্পৰ পূঁজি বিতৰণ অনুষ্ঠানত মুখ‍্যমন্ত্ৰী সোণোৱাল ।

কলিয়াবৰ : “এক বৃক্ষ দশ পুত্ৰসম” গুৰুজনাৰ অসমৰ বাণীৰে অসমখনক প্ৰকৃতিৰ ৰম‍্যভূমি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান মুখ‍্যমন্ত্ৰীৰ।আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চল আঞ্চলিক কাৰ্য‍্যালয়ত পূঁজি বিতৰণ অনুষ্ঠান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিৱেশতন্ত্ৰ ব‍্যৱস্থাপনা প্ৰকল্পৰ পূঁজি বিতৰণ অনুষ্ঠানত অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰিস্থিতিতন্ত্ৰ উন্নয়নৰ বাবে লোৱা আঁচনিৰ সফল ৰূপায়ণৰ বাবে কাজিৰঙা আৰু দাঁতিকাষৰীয়া ৰাইজক আহ্বান জনাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিৱেশতন্ত্ৰৰ ভাৰসাম‍্য বৰ্তাই ৰখাত ব‍্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে পৰিস্থিতিতন্ত্ৰ উন্নয়ন সমিমিতিক এই পূঁজি বিতৰণ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিৱেশতন্ত্ৰক সবল কৰাৰ পদক্ষেপত অধিক সক্ৰিয় ভূমিকাৰ বাবে আহ্বান জনাই মুখ‍্যমন্ত্ৰীয়ে। সভাত ভাষণ দি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰিৱেশতন্ত্ৰৰ ভাৰসাম‍্য ৰক্ষা কৰি বিৰল-দুষ্প্ৰাপ‍্য জীৱকূলৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ সকলো পক্ষকে আহ্বান জনাই। বিশ্ব ঐতিহাসিক ক্ষেত্ৰ কাজিৰঙাক বিশ্বৰ পৰ্য‍্যটন ক্ষেত্ৰ ৰূপে প্ৰতিষ্ঠা কৰাত এতিয়াও ভালেমান কৰণীয় আছে বুলি ভাষণ প্ৰঙ্গগত মুখ‍্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ‍্যমন্ত্ৰীয়ে লগতে এই আঁচনি ৰূপায়ণত বন বিভাগ, মীন বিভাগ আৰু জলসিঞ্চন বিভাগৰ দায়িত্ব সৰ্বাধিক বুলি মন্তব‍্য আগবঢ়াই তিনিও বিভাগৰে সক্ৰিয়াত কামনা কৰে। সভাত স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰীয়ে গঁড় নিধন ৰোধত সহায়ক হোৱাকৈ সামূহীক উন্নয়নৰ বাবে স্থানীয় বাসিন্দাৰ সহযোগৰ জৰিয়তে কাজিৰঙাক এক গৌৰৱৰ স্থলী হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিৱেশতন্ত্ৰ উন্নয়নৰ  বাবে কাজিৰঙা আৰু কাষৰীয়া জলাশয় আৰু জান-জুৰি পুনৰ উজ্জীৱিতকৰণৰ লক্ষ‍্যৰে জলচ্ছেদ উন্নয়ন, মীন পালন, জৈৱ-কৃষি, ফুলৰ খেতিৰ বাবে এই পূজি আৱণ্টণ দিয়া হৈছে। ইতিমধ‍্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৪ কোটি,  ৫৬ লাখ টকা কাজিৰঙা উন্নয়নৰ বাবে আগবঢ়োৱা পূঁজিৰ সমগ্ৰ দেশৰ ভিতৰতে প্ৰথমবাৰলৈ পৰিস্থিতিতন্ত্ৰৰ উন্নয়নৰ কাৰ্য‍্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণী কৰে মুখ‍্যমন্ত্ৰীয়ে। গঁড় হত‍্যা ৰোধৰ বাবে লোৱা বিশেষ পদক্ষেপ লোৱা পাঁচখন জিলাৰ প্ৰশাসন আৰু স্থানীয় ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ‍্যমন্ত্ৰীয়ে। গোলাঘাট, নগাঁও, কাৰ্বি-আংলং,  শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বন বিভাগ, আৰক্ষী প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সামূহীক প্ৰচেষ্টাৰে গঁড় হত‍্যা প্ৰতিৰোধৰ এই প্ৰক্ৰিয়া আগন্তুক দিনতো চলি থাকিব বুলি উল্লেখ কৰে। আৰ্থ-সামাজিক উন্নয়নৰ বাবে আত্মনিৰ্ভৰশীল ভাৰত তথা অসমৰ বাবে কৰ’না সংক্ৰমণৰ সময়ত নীতি-নিয়ম পালন কৰিবলৈ আহ্বান জনাই মুখ‍্যমন্ত্ৰীয়ে। আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান পৰিস্থিতিতন্ত্ৰ ব‍্যৱস্থাপনা প্ৰকল্পৰ অধীনত সাতখন গাৱঁৰ পৰিস্থিতিতন্ত্ৰ উন্নয়ন সমিতিলৈ মুঠ পয়ষষ্ঠি লাখ টকাৰ পূঁজি বিতৰণ কৰা হয়। ইয়াৰে আমগুৰি চাং, ডিফলু পথাৰ, কুঠৰী বাঘমাৰী, গঁড়পাল,  তেৱাৰীপাল,  ফুলগুৰীক দহ লাখ আৰু আমগুৰী বাগানক পাঁচ লাখ টকাকৈ এই পূঁজি আগবঢ়োৱা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষ আৰু নাবাৰ্ডৰ প্ৰত‍্যক্ষ সহযোগত বিতৰণ কৰা এই পূঁজি বিতৰণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,  অসম চৰকাৰৰ সংখ‍্যালঘূ উন্নয়ন পৰিষদৰ অধ‍্যক্ষ মমিনুল আৱাল, অতিৰিক্ত প্ৰধান মুখ‍্য বন সংৰক্ষক এম. কে. যাদৱ,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন সংমণ্ডল প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ।

আপুনি, মই ভৱাৰ দৰে বলিউড নহয় ।

ভুপেশ খাটনিয়াৰ

কংগণা ৰাণাউট: আগৰ পৰাই অভিনেত্ৰী গৰাকীক কিবা এটা ভাল লাগিছিল। তেওঁৰ অভিনয়ৰ কাৰণে নহয়, তেওঁৰ সাহস আৰু বলিউডৰ ভিতৰত আচল ৰূপতো যেনকৈ তেওঁ কোনো ধৰণৰ ভয় শংকা নকৰাকৈ উদঙাই দিয়ে সেইবাবেই ভাল লাগে তেওঁক। আচলতে bollywood এনেকুৱা এখন ঠাই য’ত নেকি HS ও পাচ্ নকৰা বৰুণ ধাৱান,  অৰ্জুন কাপোৰ,  মেট্ৰিক ফেইল আলিয়া ভাট, অনন্যা পাণ্ডেৰ মূল্য   JEE ৰ দৰে ভাৰতৰ সবাটোতকৈ কঠিন পৰীক্ষাত সপ্তম স্থান লাভ কৰা সুশান্ত সিং ৰাজপুতত কৈ বহুত বেছি, কাৰণ nepotism। সুশান্ত যদি কংগনাৰ দৰে আৰু অলপ আত্মবিশ্বাসী হ’লহেতেন,  আজি আমি তেওঁক নেহেৰুৱালোঁহেতেন। কংগনাই বলীউদত চলি থকা সেই nepotism ৰ বিৰুদ্ধে অকলেই থিয় দিছে। কাৰণ তেওঁ পাইছে তেনেকুৱা বহু পৰিস্থিতি সেইবাবেইতো এফালৰ পৰা ফালি গৈছে সবকে। আন বহু নাৰীতকৈ সাহসী তেওঁ,সেই বাবেই স্পষ্ট কথা কৈছে। অভিনয় আগৰ পৰাই ভাল পাইছিলো মানুহ হিচাপে মোৰ চকুত তেওঁ বহুত ওপৰলৈ উঠি গ’ল এতিয়া। কংগনা ৰানাউটে নিজেও এইখিনি অভিজ্ঞতা পোৱাৰ কথা উল্লেখ কৰিছে। কিন্ত তেওঁ শক্তিশালী মহিলা।বলীউডৰ নেপ’টিজম  সঁচাকৈয়ে বহুত লেতেৰা ।চলমান খানে বিবেক অৱেৰয়ৰ, ঐশ্বৰ্য্য ৰায়ৰ কেৰিয়াৰ ধ্বংস কৰা, কৰণ জোহৰৰ  নিচিনা  পৰিচালকৰ, নিৰ্দেশক বোৰে অন্যন্যা পাণ্ডে, জাহ্নৱী কাপোৰ, বৰুণ ধাৱান আদিৰ নিচিনা কোনো ধৰণৰ কিবা সাংঘাটিক প্ৰতিভা নথকা star kids ক celebrity বনোৱা বোৰ তো সবে ই জানে। আচলতে এনেকুৱা মানুহবোৰৰ কাৰণে বলীউদত সুশান্ত সিং  ৰাজপুত,  আয়ুস্মান খুৰাণা,  ৰাজকুমাৰ ৰাও,  নাবাজুদিন চিদ্দিকী আদিৰ নিচিনা অভিনেতা বোৰে যেনেকুৱা ধৰণৰ সুজোগ বা এখন মঞ্চ পাব লাগে,  তেনেকুৱাবোৰৰ পৰা বঞ্চিত হয়। কাৰণ তেওঁলোক কোনোবা ডাঙৰ celebrity পৰিয়ালৰ সন্তান নহয়। ডিপ্ৰেচনৰ কাৰণ থাকিবই,  যদি গোটেই ইণ্ডাষ্ট্ৰীৰ মানুহে বয়কট কৰিবলৈ লয় তেন্তে কি কৰিব । আচলতে আমি বোৰো সলনি হ’ব হল। বলিউডৰ celebrity  বোৰক কিবা ভগৱানৰ শাৰীত থোৱা,  পাগলকে ভাল পোৱা,  ভুল কৰিলেও ও support কৰা এইবোৰ এৰিব লাগে. বহুত বেছি পাত্তা দিয়ে মানুহ বোৰে তেওঁলোকক। এজন scientists, এজন শিক্ষিত মানুহতকৈ এই অন্যন্যা পাণ্ডে, জাহ্নৱী কাপোৰ নিচিনা মানুহ বোৰক বেছি পাত্তা দিয়ে মানুহে। আজি ৰতন টাটা,  কপিল দেৱ, আব্দুল কালাম আদিৰ ব্যক্তিতকৈ কিছুমান অনৰ্থক মানুহৰ ফেচবুক বা ইনষ্টাগাম followers বহু গুণেই বেছি। আচলতে আমিবোৰ সলনি হ’ব লাগিব,  তেতিয়াহে পৰিৱৰ্তন আহিব।

ন্যায় শব্দটো কাগজতে থাকিব নেকি ?

✍ বৰষা চৌধুৰী

আইন ব্যৱস্থাৰ লেহেমীয়া প্ৰক্ৰিয়াৰ বাবে দিনক দিনে বৃদ্ধি পাব ধৰিছে গণ প্ৰহাৰৰ ঘটনা। বৰ্তমান সেই ঘটনাই অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। খিলঞ্জীয়াই কিমান বাৰ চিঞঁৰি চিঞঁৰি প্ৰতিবাদ কৰিলে,  কিন্তু নাই…। প্ৰতিবাদ কৰিবলৈও যেন ভাষা হেৰাই গৈছে । যাক খিলঞ্জীয়াই বিশ্বাস কৰি গাদীত বহুৱাইছিল তেওঁৰ শাসন কালতেই আজি এই অৱস্থা। ঘটনা বহুত হ’ল,  কিন্তু ন্যায় পোৱা ঘটনা আঙুলিৰ মূৰটো হিচাপ কৰাৰ প্ৰয়োজন নাই। কিয় বাৰে বাৰে সাৰি যায় হত্যাকাৰী? নুনমাটিত ঋতুপৰ্ণ পেগু নামৰ এজন লোকক কেইজন মান যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে। তেওঁলোকৰ মাজত এখন টোলত বহাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হয়। ঘটনাটোৰ পৰ্যায় এনেকুৱা পায়গৈ যে, হুছেইন আলী সহ পাঁচজন লোকে অতি নৃ:শংসভাৱে হানিখুঁচি হত্যা কৰে ঋতুপৰ্ণ পেগুক। তাৰ পিছত মৃত লোকজনৰ পত্নীয়ে কোলাত সাত মহীয়া কেঁচুৱা এটা লৈ অসহায় ভাৱে ইফালে সিফালে দৌৰিছে কি হ’ল বুলি। উপস্থিত বেছি সংখ্যকেই হাতত মোবাইল,  কেমেৰা লৈ ঘটনাৰ দৃশ্য গ্ৰহণত ব্যস্ত । বৰ্তমান সমাজত মানুহ যথেষ্ট শিক্ষিত,  অথচ মানুহৰ মাজৰ পৰা প্ৰমূল্যবোধ ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে। নহ’লেনো গণ প্ৰহাৰৰ দৰে অমানৱীয় ঘটনা এখন সভ্য সমাজত সংঘটিত হয়। কিছুদিন পূৰ্বে হাজোত সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ী এজনক কেইজন যুৱকে হত্যা কৰে । তেওঁৰ অপৰাধ আছিল যে পাচলি কঢ়িয়াই নিয়া চাইকেলখন খবিৰ আলী নামৰ যুৱকজনৰ স্কুটিত লাগিছিল । খবৰ অনুসৰি খবিৰ আলী আৰু তেওঁৰ লগৰ কেইজন মানে সনাতন ডেকাক নিৰ্মমভাৱে প্ৰহাৰ কৰে। ঘটনাটোত সনাতন ডেকাৰ শোকাবহ ভাৱে মৃত্যু ঘটে । এটা সামান্য কথাত কেনেকৈ বৰ্বৰভাৱে আক্ৰমণ কৰিব পাৰে?  কিমান নিৰ্দয়ী হ’ব পাৰে মানুহ?  ন্যায় পাবনে ঝংকাৰ শইকীয়া, অভি-নীল,  পৰাগজ্যোতি, দেৱাশীষ গগৈ, সনাতন ডেকা,  ঋতুপৰ্ণ পেগুৱে। কিমান দিনলৈ এনে জঘন্য হত্যা কাণ্ড? কিমান জন পিতৃ-মাতৃ,  পত্নীৰ বুকু শুদা হল নৰ পিশাচৰ হাতত ? ন্যায় দিয়ক এনেদৰে যাতে এইটোৱেই শেষ হয়। নহ’লে ইয়াৰ পিছত আপুনি মইও এই চিকাৰৰ বলি হ’ব লাগিব।   

মিজোৰামত দ্বিতীয়টো ভূমিকম্প ।

সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে মিজোৰামত এটা ভূমিকম্পৰ সৃষ্টি হৈছিল৷ দেওবাৰে পুৱা ৪.১৬ বজাত হোৱা সেই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.১৷ আনহাতে মিজোৰামত সোমবাৰে পুৱা ৪.১০ বজাত একেলেথাৰিয়ে দ্বিতীয়টো ভূমিকম্পৰ সৃষ্টি হয়৷ ৰিখটাৰ স্কেলত এই ভূমিকম্প ৫.৩ প্ৰাৱল্যৰ আছিল৷ ২০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হয়৷ মিজোৰামৰ চামফাইৰ পৰা ২৭ কিলোমিটাৰ নিলগত ভূমিকম্পৰ কেন্দ্ৰ বুলি প্ৰকাশ৷    

উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা উঠাই আনি গাত ঢালিলে কেৰাচিন ।

নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক  মৰিয়াই হত্যা কৰাৰ দৰে ঘৃণনীয় ঘটনাৰ ২১ দিনৰ  পাছতে পুনৰ শিৱসাগৰ জিলাত সংঘটিত হৈছে আন এক গণ উন্মাদনাৰ ঘটনা। ১৯ জুন শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত সংঘটিত এই ঘটনাত মৃত্যুৰ দুৱাৰডলিত উপনীত হয় এজন বয়োজ্যেষ্ঠ শ্ৰমিক লোক।  উজনিৰ নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বানটুং পঞ্চায়তৰ অন্তৰ্গত উপনামচাই গাঁৱৰ ২২ নং চুবুৰীত সংঘটিত ঘটনাটোত বাদল চাওৰা নামৰ ৫৫ বছৰীয়া ব্যক্তিজনক ভাত খোৱা মজিয়াৰ পৰা একাংশ লোকে ৰাষ্টালৈ মাতি আনি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰি ধৰাশায়ী কৰাৰ লগতে প্ৰচণ্ড মাৰপিট কৰি শৰীৰ ৰক্তাক্ত কৰি পেলায়।  জানিব পৰা মতে নিতৌ আনৰ ঘৰত হাজিৰা কাম কৰিবলৈ ওলাই যোৱা বাদল চাওৰাই শুক্ৰবাৰে পুৱাই ওলাই যোৱাৰ পাছত খেতিৰ বাবে কঠীয়াৰ সঁচ বিচাৰি আনি সন্ধিয়া প্ৰায় ছয় বজাত নিজৰ  আবাস গৃহ পোৱাৰ আগেয়ে পুত্ৰৰ ঘৰত সোমাই গধূলিৰ ভাত সাঁজ খাইছিল। ভাত খোৱাৰ সময়তেই বাদল চাওৰাৰ উপস্থিতি জানিব পাৰি স্থানীয় কেইবাজনো যুৱকে তেওঁক বাহিৰলৈ ওলাই আহিবলৈ কয়।   ভাত খাই থকাৰ কথা জনোৱাত তেওঁক প্ৰাণে মাৰিবলৈ উদ্যত উদণ্ড মানুহৰ জাকে তেওঁক ভাতেই খাব নেলাগে বুলি হুমকি দিয়ে। তেনে পৰিস্থিতিত বাহিৰলৈ ওলাই অহা বাদল চাওৰাক ওচৰ চুবুৰীয়া উদণ্ড মানুহবোৰে কোবাই-কিলাই তেওঁৰ নিজ আবাস গৃহৰ ফালেই লৈ যায় যদিও তেওঁ মাজ বাটতে তেজেৰে ৰাঙলী হৈ অচেতন হৈ পৰে। জিঘাংসাৰে পৰিচালিত এইসকল লোকৰ ক্ৰিয়া-কাণ্ড ইমানেই নিষ্ঠুৰ হৈ পৰে যে  এনে অৱস্থাতে এইসকল উদণ্ড লোকে ৰাস্তাৰ ওপৰত পৰি ৰোৱা বাদল চাওৰাৰ অচেতন শৰীৰ ঘেৰি লৈ কেৰাচিন আৰু ডিজেল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলায় । শৰীৰ তেলেৰে ভিজাই পেলায়। বিজুলী যোগান ব্যাহত হৈ ৰোৱাৰ অৱস্থাত অন্ধকাৰৰ মাজতে সংঘটিত এনে পৈশাচিক কাণ্ডত হতবাক হৈ পৰা বাদল চাওৰাৰ এজন ভাতৃয়ে নিজে উদণ্ড মানুহৰ জাকটোলৈ ভয় কৰি চকুৰ আগতে ককায়েকৰ ওপৰত চলা পাশৱিক অত্যাচাৰক বাধা দিব নোৱাৰিলে। সেইজন ভাতৃয়েই বাদল চাওৰাৰ পুত্ৰৰ ঘৰলৈ আহি মানুহে কৰা মাৰপিটৰ কথা জনোৱাত পুত্ৰ তথা বানটুং পঞ্চায়তৰ ৱাৰ্ড সদস্য তৰজেন চাওৰাই বিহুবৰ থানাৰ আৰক্ষীক খবৰ দিয়ে । আশ্চৰ্য্যকৰ কথাটো হ’ল বাদল চাওৰাক এনে পৈশাচিক আতিশয্য চলোৱা মানুহবোৰৰ ভিতৰত চুবুৰী আৰু পৰিয়ালৰ বহু ওচৰ সম্পৰ্কীয়  আত্মীয় লোক সোমাই  পৰিছে।  আৰক্ষীয়ে মুমুৰ্ষূ অৱস্থাত তেজে তুমৰলি দিয়া বাদল চাওৰাক উদণ্ড মানুহৰ জাকটোৰ পৰা ৰক্ষা কৰে আৰু ততাতৈয়াকৈ কম্বলেৰে মেৰিয়াই বাদল চাওৰাক এছোৱা আৰক্ষীৰ গাডীত আৰু আনছোৱা ১০৮ এম্বুলেন্সেৰে আনি নিশা প্ৰায় ১১.৩০ বজাত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ পোরায়হি। মূৰত আঠটাকৈ চিলাই আৰু প্ৰাথমিক চিকিৎসা দিয়াৰ পাছত আন এখন এম্বুলেন্সেৰে তেওঁক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। ঘটনাৰ আগেয়ে চলিছিল ডাইনীৰ নামত অপপ্ৰচাৰঃ এজন নিৰীহ শ্ৰমজীৱি লোক কিয় নিৰ্মমভাৱে  স্থানীয় কাষৰীয়া মানুহৰ নিৰ্বিচাৰ প্ৰহাৰৰ বলি হ’ব লগা হ’ল? কিয় স্থানীয় পুৰুষ-মহিলাসকল একেজন মানুহৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল, এই বিষয়ে উপনামচাই ২২ নং চুকৰ কোনো কোনোৱে  ক’ব খোজে যে সপ্তাহকালৰ পূৰ্বে গাঁওখনত ভালদৰে চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰা এগৰাকী ৰোগাক্ৰান্ত মহিলাৰ ৰোগৰ কাৰণ ডাইনীহে বুলি পতিয়ন নিয়াইছিল এজন তান্ত্ৰিকে। গাঁৱতে  ডাইনী থকা বুলি প্ৰচাৰ কৰি বাদল চাওৰাকে সকলোৱে ডাইনী সজাইছিল। আনহাতে বাদল চাওৰাই কোনো কালেই তন্ত্ৰ-মন্ত্ৰ বা আন কবিৰাজী কৰ্ম কৰাৰ কোনো নজিৰ নথকা অৱস্থাতো উদণ্ড আৰু কু-সংস্কাৰে পৰিচালিত মানুহৰ ৰোষৰ পৰা ৰেহাই নেপালে  আৰু এই পৰিস্থিতিৰ   মুখামুখি হয়। বিভিন্ন সূত্ৰৰ মতে তান্ত্ৰিকে ডাইনীৰ সংস্কাৰ মানুহৰ মনত সুমুৱাই দিয়াৰে পৰা বাদল চাওৰা সেই চাম মানুহৰ লক্ষ্য হৈ পৰিছিল আৰু ৰাজহুৱাকৈ বিচাৰৰ বাবেও তৎপৰতা গা-কৰি উঠিছিল। চণ্টক চাহ বাগিছাৰ কাষৰীয়া এইসকল আবাসীৰ মনত মধ্যযুগীয় কু-সংস্কাৰ গা-কৰি উঠাত সম্প্ৰতি সামাজিক শিক্ষাই এইবিলাক স্থানক কেতিয়াকৈ চুবহি বুলি প্ৰশ্ন উঠিছে।  আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৯টা অভিযুক্তকঃ বিহুবৰ আৰক্ষী থানাই ইতিমধ্যে উপনামচাই ২২ নং চুকৰ আনন্দ চাওৰা(২৭), ইচমাইল চাওৰা(২২), ৰাজা চাওৰা(২৭), গোবিন চাওৰা(২৮), শিৱা চাওৰা (২১), মহেশ চাওৰা (২৮), বীপদ চাওৰা(৩৫), ত্ৰিনাথ চাওৰা (২০), এপোৰা চাওৰা(২৮)ক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰৃ ডাইনী হত্যাৰ প্ৰতিৰোধ আইন ২০১৫ৰ অধীনত আৰডব্লিও শাখা ৯  ইউএছ/১৪৭/১৪৮/১৪৯/৩২৫/৩০৭ আইপিচিৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্ত ক্ষীপ্ৰতাৰে  সম্পন্ন কৰি চৰকাৰে প্ৰকৃত দোষীক বিলম্ব নোহোৱাকৈ শাস্তি বিহিব পাৰিবনে?  এয়া ৰাইজৰ প্ৰশ্ন।

দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।

দৰং-ওদালগুৰি সীমান্তৰ কুহিয়াৰকুছিত এটা মৃতদেহক লৈ উত্তেজনা।

দৰং :

দৰং-ওদালগুৰিৰ সীমান্তৰ কুঁহিয়াৰকুছিত এটি মৃতদেহক কেন্দ্ৰ কৰি এক  উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। খৈৰাবাৰী আৰক্ষী থানা এলেকাৰ এই গাঁওখনত  প্ৰশাসনে আৰক্ষী  মোটায়েম কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনা বিবৰণী মতে, লক ডাউনৰ বাবে ভূপেন ডেকা নামৰ কয়দীজনক ওদালগুৰি জিলা কাৰাগাৰৰ পৰা ঘৰলৈ পঠিয়াইছিল প্ৰশাসনে। সেই অনুসৰি ভূপেন ডেকা নিজগৃহত থকা অৱস্থাত শনিবাৰে ৰহস্যজনকভাৱে মৃত্যু হয় লোকজনৰ৷ মদ্যপান কৰি পত্নীক  নিৰ্যাতন চলোৱা অভিযোগত কাৰবাস খাতিবলগীয়া হৈছিল ভূপেন ডেকা নামৰ লোকজনে৷  জানিব পৰা মতে ভূপেনৰ মৃত্যুৰ সময়ত ঘৰত নাছিল আশা হিচাপে কৰ্মৰত পত্নী উষা ৰাণী ডেকা। এটি পুত্ৰ সন্তানৰ পিতৃ ভূপেনৰ মৃত্যু হোৱাৰ পিছত স্থানীয় একাংশ লোক আৰু পৰিয়ালৰ সদস্যসকলে ভূপেন ডেকাক বিহপান কৰোৱাই পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে। মৰণোত্তৰ পৰীক্ষা কৰি আৰক্ষীয়ে মৃতদেহ ঘৰলৈ অনাত ৰাইজে বাতৰি লিখা পৰলৈ সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছে মৃতদেহ। ঘটনাস্থলীত ভেৰগাঁওৰ দণ্ডাধীশ নিৰ্মল কুমাৰ শৰ্মা উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

নাজিৰাত দিখৌৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি ।

নাজিৰাত দিখৌৰ নৈৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি ।

নাজিৰা : কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই আজি পুৱাৰে পৰি হঠাৎ বাঢ়ি অহা দিখৌৰ বাঢ়নী পানীয়ে নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰি তুলিছে । বিশেষকৈ সোন্দৰ পুখুৰী, বাউলী মৈদাম,বামুণ পুখুৰী , চণ্টক বিহুবৰ , লক্ষ্মীজান , চানবছা , ওপৰ নাজিৰা , নাজিৰা নগৰৰ ৬ আৰু ৭ নং ৱাৰ্ড , মঠিয়াছিগা , আচলপথাৰ আদি বিভিন্ন অঞ্চলৰ ঘৰ – ভেটি বুৰি  এই বাঢ়নি পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে । এই অঞ্চলৰ লোকসকল বিশেষকৈ শাক পাচলিৰ খেতি অৰ্থাৎ বাম খেতিৰ ওপৰতেই নিৰ্ভৰ কৰি জীৱিকা উপাৰ্জন কৰি আছে কিন্তু বৰ্তমান বাঢ়ি অহা পানীক লৈ তেওঁ লোক চিন্তিত হৈ পৰিছে ।  অঞ্চলৰ চাপৰিসমূহৰ পৰাই নাজিৰা আৰু শিৱসাগৰ বিভিন্ন অঞ্চলত শাক পাচলি যোগান ধৰি অহা হয় , সে‌য়ে এই বাঢ়নি পানীয়ে বৃহৎ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে । তীব্ৰ গতিত অহা বাঢ়নি পানীৰ সোঁতৰ ফলত সুন্দৰ পুখুৰীৰ দিখৌৰ পাৰৰ মাটি চপৰা চপৰে খহিব ধৰিছে । ইয়াৰোপৰি  নাজিৰা ১ নং ৱাৰ্ডত আজিও দুটাকৈ ঘৰ দিখৌৰ পানীয়ে উটুৱাই নিয়ে আৰু অঞ্চল সমূহৰ বহু কেইটা ঘৰ এই বানত ডুব গৈছে । এনেদৰেই যদি পানী পৰিমাণ বাঢ়ি গৈ থাকে তেন্তে নাজিৰা অঞ্চলটো এক বৃহৎ প্ৰত‌্যাহবানৰ সন্মুখীন হ’ব লাগিব । ইফালে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বানপীড়িত অঞ্চল সমূহ পৰিভ্ৰমণ কৰি ক্ষয় – ক্ষতি আৰু পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰশাসন কৰ্তৃপক্ষক তাৎক্ষণিক ভাৱে কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে নিবেদন জনাই আৰু মহকুমা প্ৰশাসনৰ বিষয়া – বৰ্গই অঞ্চল সমূহৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লৈছে ।

বছৰৰ দীর্ঘতম দিনটোতে সূর্যগ্রহণ : দৃশ্যমান ‘ৰিং অব ফায়াৰ’

দৈনন্দিন বাৰ্তা ডেস্ক:

বছৰৰ দীর্ঘতম দিন হ’ল ২১ জুন৷ ভূগোলৰ ভাষাত কোৱা হয় ছামাৰ ছলষ্টিছ৷ এই দিনটোতে গভীৰতম সূর্যগ্রহণ হৈ গ’ল৷ সূৰ্যৰ ৯৯.৪ শতাংশই বলয়গ্ৰাসে ঢাকি পেলালে৷ ভাৰতত পুৱা ৯.‌১৫ বজাত গ্ৰহণ আৰম্ভ হয়৷ গ্ৰহণ সম্পূৰ্ণকৈ শেষ হয় ৩.৪ বজাত৷ উল্লেখ্য যে দুপৰীয়া ১২.‌১০ বজাত সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি পেলায়৷ এয়া আছিল বার্ষিক সূর্যগ্রহণ৷ দেওবাৰৰ সূৰ্য গ্ৰহণত ‘ৰিং অব ফায়াৰ’ দৃশ্যমান হয়৷ কিন্তু ভাৰতৰ অধিকাংশ ঠাইতে আকাশ মেঘাচ্ছন্ন হৈ থকাত পৰিষ্কাৰকৈ ক’তো গ্ৰহণ দেখা নগ’ল৷ একমাত্ৰ উত্তৰাখণ্ডৰ ডেৰাদুনত আকাশ পৰিষ্কাৰ থকাত ‘ৰিং অব ফায়াৰ’ ভালদৰে দেখিবলৈ পোৱা যায়৷ সূৰ্যক চন্দ্ৰৰ ছায়াই সম্পূৰ্ণ ঢাকি পেলোৱাৰ পাছত সূৰ্যৰ কৰোনাৰ পৰা বিচ্ছুৰিত পোহৰ কেৱল দেখা যায়৷ ইয়াকে জ্যোতির্বিজ্ঞানত ‘ৰিং অব ফায়াৰ’ বুলি পৰিচিত৷ ইয়াৰ পাছত সূৰ্য গ্ৰহণ হ’ব ২০২২ চনৰ ২৫ অক্টোবৰত৷ আনহাতে পূর্ণগ্রাস হ’ব ২০৩৪ চনত৷ এইবাৰ ভাৰতৰ লগতে ইথিউপিয়া, দক্ষিণ ছুদান, ওমান, ছৌদি আৰব, নেপাল, পাকিস্তান, তিব্বত, তাইৱান আৰু অষ্ট্ৰেলিয়াত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ ভাৰতৰ গুজৰাট, কলকাতা, দিল্লী, পাটনা, ডেৰাদুন, শিলচৰ, মুম্বাই, চেন্নাই আৰু প’ৰ্ট ব্লেয়াৰত এই গ্ৰহণ দেখিবলৈ পোৱা গ’ল৷ আনহাতে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত আকাশ মেঘাচ্ছন্ন হোৱাত গ্ৰহণ চাব পৰা নহ’ল৷

সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।

সূৰ্য গ্ৰহণৰ দিনা ইণ্ডোনেছিয়াত আগ্নেয়গিৰি উদ্গীৰণ : ৬ কিলোমিটাৰ উচ্চতালৈকে উৰি গ’ল ছাই ।

দৈনন্দিন বাৰ্তা ডেস্ক:

মাউণ্ট মেৰাপি: ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিৰ ভিতৰত অন্যতম। সূৰ্য গ্ৰহণৰ দিনা অৰ্থাৎ দেওবাৰে পুৱা সেই আগ্নেয়গিৰিটো পুনৰ উদ্গীৰণ হয় ৷ আগ্নেয়গিৰিৰ মুখৰ পৰা ছাই আৰু গৰম গেছ নির্গত হয় ৷ প্ৰৱল বেগেৰে ওলাই অহা সেই ছাই আৰু গেছে চাৰিদিশ আৱৰি পেলায়৷ এই আগ্নেয়গিৰিৰ পৰা ওলোৱা ছাই ছয় কিলোমিটাৰ ওপৰ পৰ্যন্ত উঠি যায় ৷ সেই গৰম ছাই আৰু গেছৰ বাবে মেৰাপিৰ কাষত থকা লোকসকলক তিনি কিলোমিটাৰ নিলগলৈ যোৱাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে৷ ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ মাউণ্ট মেৰাপিৰ উচ্চতা ২৯৬৮ মিটাৰ ৷ সেই পাৰ্বত্য অঞ্চলত প্ৰায় ৫০০ৰো অধিক আগ্নেয়গিৰি আছে৷ সেইবোৰ প্ৰায় সময়তে উদ্গীৰণ হৈ থাকে৷ যোৱা আগষ্ট মাহতো এই আগ্নেয়গিৰি উদ্গীৰণ হৈছিল৷ স্মৰ্তৱ্য যে ২০১০ চনত মাউণ্ট মেকাপিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ তেতিয়া ৩৫০ জন লোকৰ মৃত্যু হৈছিল ৷

দৰঙৰ ঘোঁৰাবান্ধা পঞ্চায়তৰ উপ-সভাপতিৰ নাভূত – নাশ্ৰুত কাণ্ড ৷

দৈনন্দিন বাৰ্তা :

দৰঙত সংঘটিত হৈছে নাভূত – নাশ্ৰুত কাণ্ড ৷ জিলাখনৰ ছিপাঝাৰ সমষ্টিৰ ঘোঁৰাবান্ধা পঞ্চায়তত অঘটন ৷ পঞ্চায়ত সচিব আৰু সভাপতিৰ সন্মুখতে সভাপতিৰ আসনত বহিল উপ-সভানেত্ৰী ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷ দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ঘোঁৰাবান্ধা গাঁও পঞ্চায়তত সভাপতি আৰু সচিবৰ সন্মূখতে সংঘটিত হয় নোহোৱা নোপোজা এক ঘটনা । যি ঘটনাই লজ্জিত কৰি পেলাইছে সচেতন মহলৰ লগতে পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগকো । উপ-সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে পঞ্চায়ত সভাপতিৰ ছিপাঝাৰ থানাত এজাহাৰ দাখিল ৷ ঘটনা অনুসৰি পঞ্চায়ত খনত  সভাপতি আৰু সচিবৰ আহ্বানত সভাপতিৰ কোঠাত  অনুষ্ঠিত হৈছিল এখন বিশেষ সভা । কিন্তু অনাস্থা সম্পৰ্কীয় এই সভাখনত ৭ গৰাকী বিক্ষুব্ধ সদস্য আৰু সদস্যাৰ গোপন নিৰ্দ্দেশত পঞ্চায়তখনৰ বিজেপি দলৰ উপ- সভানেত্ৰী গৰাকীয়ে  পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথ আৰু সচিব দীপু কুমাৰ নাথৰ সন্মূখতে  সন্মানীয় সভাপতিৰ আসনত বহি সভা চলাবলৈ লোৱাত  হতভম্ব হৈ পৰে সভাপতি আৰু সচিব । কোনো ধৰনৰ গুৰু গোসাই নমনা সভাপতিৰূপী উপ-সভানেত্ৰীৰ   এনে গৰ্হিত কায্যক পঞ্চায়তখনৰ সচেতন লোকসকলে ধিক্কাৰ দিছে ৷ নীৰ্ভিক আৰু স্পষ্টবাদী পঞ্চায়ত সভাপতি হীৰকজ্যোতি নাথৰ বিৰুদ্ধে দুৰ্নীতিৰ কোনোধৰনৰ অভিযোগ নথকা দুৰ্নীতিৰ সৈতে আপোচ নকৰা উদীয়মান সাংস্কৃতিক কৰ্মী হীৰকজ্যোতি নাথক কৌশলেৰে পদবীৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ কৰা অভিসন্ধিৰ বাবে সভাপতি হীৰকজ্যোতি নাথে ছিপাঝাৰ থানাত উপ-সভানেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে সচেতন ৰাইজে উপ-সভানেত্ৰীৰ কাৰ্যত গৰিহণা দিছে ৷