Breaking

উজনিৰ চাহ আধ্যুষিত এলেকাত ভয়াবহ অন্ধবিশ্বাসৰ ঘটনা : ডাইনী বুলি চুবুৰীয়া আৰু আত্মীয়ই ভাতৰ পাতৰ পৰা উঠাই আনি গাত ঢালিলে কেৰাচিন ।

0 919

নাজিৰা : মৰিয়নিৰ গাভৰু চাহ বাগিচাত একাংশ চাহ বাগিছাৰ লোকে বৰ্বৰতাৰ পৰিচয় দাঙি ধৰি দেৱাশীষ গগৈৰ দৰে এজন প্ৰকৃতি প্ৰেমী ছাত্ৰক  মৰিয়াই হত্যা কৰাৰ দৰে ঘৃণনীয় ঘটনাৰ ২১ দিনৰ  পাছতে পুনৰ শিৱসাগৰ জিলাত সংঘটিত হৈছে আন এক গণ উন্মাদনাৰ ঘটনা। ১৯ জুন শুকুৰবাৰে নিশা প্ৰায় ৭.৩০ বজাত সংঘটিত এই ঘটনাত মৃত্যুৰ দুৱাৰডলিত উপনীত হয় এজন বয়োজ্যেষ্ঠ শ্ৰমিক লোক।  উজনিৰ নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বানটুং পঞ্চায়তৰ অন্তৰ্গত উপনামচাই গাঁৱৰ ২২ নং চুবুৰীত সংঘটিত ঘটনাটোত বাদল চাওৰা নামৰ ৫৫ বছৰীয়া ব্যক্তিজনক ভাত খোৱা মজিয়াৰ পৰা একাংশ লোকে ৰাষ্টালৈ মাতি আনি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰি ধৰাশায়ী কৰাৰ লগতে প্ৰচণ্ড মাৰপিট কৰি শৰীৰ ৰক্তাক্ত কৰি পেলায়।  জানিব পৰা মতে নিতৌ আনৰ ঘৰত হাজিৰা কাম কৰিবলৈ ওলাই যোৱা বাদল চাওৰাই শুক্ৰবাৰে পুৱাই ওলাই যোৱাৰ পাছত খেতিৰ বাবে কঠীয়াৰ সঁচ বিচাৰি আনি সন্ধিয়া প্ৰায় ছয় বজাত নিজৰ  আবাস গৃহ পোৱাৰ আগেয়ে পুত্ৰৰ ঘৰত সোমাই গধূলিৰ ভাত সাঁজ খাইছিল। ভাত খোৱাৰ সময়তেই বাদল চাওৰাৰ উপস্থিতি জানিব পাৰি স্থানীয় কেইবাজনো যুৱকে তেওঁক বাহিৰলৈ ওলাই আহিবলৈ কয়।   ভাত খাই থকাৰ কথা জনোৱাত তেওঁক প্ৰাণে মাৰিবলৈ উদ্যত উদণ্ড মানুহৰ জাকে তেওঁক ভাতেই খাব নেলাগে বুলি হুমকি দিয়ে। তেনে পৰিস্থিতিত বাহিৰলৈ ওলাই অহা বাদল চাওৰাক ওচৰ চুবুৰীয়া উদণ্ড মানুহবোৰে কোবাই-কিলাই তেওঁৰ নিজ আবাস গৃহৰ ফালেই লৈ যায় যদিও তেওঁ মাজ বাটতে তেজেৰে ৰাঙলী হৈ অচেতন হৈ পৰে। জিঘাংসাৰে পৰিচালিত এইসকল লোকৰ ক্ৰিয়া-কাণ্ড ইমানেই নিষ্ঠুৰ হৈ পৰে যে  এনে অৱস্থাতে এইসকল উদণ্ড লোকে ৰাস্তাৰ ওপৰত পৰি ৰোৱা বাদল চাওৰাৰ অচেতন শৰীৰ ঘেৰি লৈ কেৰাচিন আৰু ডিজেল ঢালি জ্বলাই দিয়াৰ চেষ্টা চলায় । শৰীৰ তেলেৰে ভিজাই পেলায়। বিজুলী যোগান ব্যাহত হৈ ৰোৱাৰ অৱস্থাত অন্ধকাৰৰ মাজতে সংঘটিত এনে পৈশাচিক কাণ্ডত হতবাক হৈ পৰা বাদল চাওৰাৰ এজন ভাতৃয়ে নিজে উদণ্ড মানুহৰ জাকটোলৈ ভয় কৰি চকুৰ আগতে ককায়েকৰ ওপৰত চলা পাশৱিক অত্যাচাৰক বাধা দিব নোৱাৰিলে। সেইজন ভাতৃয়েই বাদল চাওৰাৰ পুত্ৰৰ ঘৰলৈ আহি মানুহে কৰা মাৰপিটৰ কথা জনোৱাত পুত্ৰ তথা বানটুং পঞ্চায়তৰ ৱাৰ্ড সদস্য তৰজেন চাওৰাই বিহুবৰ থানাৰ আৰক্ষীক খবৰ দিয়ে । আশ্চৰ্য্যকৰ কথাটো হ’ল বাদল চাওৰাক এনে পৈশাচিক আতিশয্য চলোৱা মানুহবোৰৰ ভিতৰত চুবুৰী আৰু পৰিয়ালৰ বহু ওচৰ সম্পৰ্কীয়  আত্মীয় লোক সোমাই  পৰিছে।  আৰক্ষীয়ে মুমুৰ্ষূ অৱস্থাত তেজে তুমৰলি দিয়া বাদল চাওৰাক উদণ্ড মানুহৰ জাকটোৰ পৰা ৰক্ষা কৰে আৰু ততাতৈয়াকৈ কম্বলেৰে মেৰিয়াই বাদল চাওৰাক এছোৱা আৰক্ষীৰ গাডীত আৰু আনছোৱা ১০৮ এম্বুলেন্সেৰে আনি নিশা প্ৰায় ১১.৩০ বজাত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ পোরায়হি। মূৰত আঠটাকৈ চিলাই আৰু প্ৰাথমিক চিকিৎসা দিয়াৰ পাছত আন এখন এম্বুলেন্সেৰে তেওঁক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। ঘটনাৰ আগেয়ে চলিছিল ডাইনীৰ নামত অপপ্ৰচাৰঃ এজন নিৰীহ শ্ৰমজীৱি লোক কিয় নিৰ্মমভাৱে  স্থানীয় কাষৰীয়া মানুহৰ নিৰ্বিচাৰ প্ৰহাৰৰ বলি হ’ব লগা হ’ল? কিয় স্থানীয় পুৰুষ-মহিলাসকল একেজন মানুহৰ ওপৰত খৰ্গহস্ত হৈ পৰিছিল, এই বিষয়ে উপনামচাই ২২ নং চুকৰ কোনো কোনোৱে  ক’ব খোজে যে সপ্তাহকালৰ পূৰ্বে গাঁওখনত ভালদৰে চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰা এগৰাকী ৰোগাক্ৰান্ত মহিলাৰ ৰোগৰ কাৰণ ডাইনীহে বুলি পতিয়ন নিয়াইছিল এজন তান্ত্ৰিকে। গাঁৱতে  ডাইনী থকা বুলি প্ৰচাৰ কৰি বাদল চাওৰাকে সকলোৱে ডাইনী সজাইছিল। আনহাতে বাদল চাওৰাই কোনো কালেই তন্ত্ৰ-মন্ত্ৰ বা আন কবিৰাজী কৰ্ম কৰাৰ কোনো নজিৰ নথকা অৱস্থাতো উদণ্ড আৰু কু-সংস্কাৰে পৰিচালিত মানুহৰ ৰোষৰ পৰা ৰেহাই নেপালে  আৰু এই পৰিস্থিতিৰ   মুখামুখি হয়। বিভিন্ন সূত্ৰৰ মতে তান্ত্ৰিকে ডাইনীৰ সংস্কাৰ মানুহৰ মনত সুমুৱাই দিয়াৰে পৰা বাদল চাওৰা সেই চাম মানুহৰ লক্ষ্য হৈ পৰিছিল আৰু ৰাজহুৱাকৈ বিচাৰৰ বাবেও তৎপৰতা গা-কৰি উঠিছিল। চণ্টক চাহ বাগিছাৰ কাষৰীয়া এইসকল আবাসীৰ মনত মধ্যযুগীয় কু-সংস্কাৰ গা-কৰি উঠাত সম্প্ৰতি সামাজিক শিক্ষাই এইবিলাক স্থানক কেতিয়াকৈ চুবহি বুলি প্ৰশ্ন উঠিছে।  আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৯টা অভিযুক্তকঃ বিহুবৰ আৰক্ষী থানাই ইতিমধ্যে উপনামচাই ২২ নং চুকৰ আনন্দ চাওৰা(২৭), ইচমাইল চাওৰা(২২), ৰাজা চাওৰা(২৭), গোবিন চাওৰা(২৮), শিৱা চাওৰা (২১), মহেশ চাওৰা (২৮), বীপদ চাওৰা(৩৫), ত্ৰিনাথ চাওৰা (২০), এপোৰা চাওৰা(২৮)ক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰৃ ডাইনী হত্যাৰ প্ৰতিৰোধ আইন ২০১৫ৰ অধীনত আৰডব্লিও শাখা ৯  ইউএছ/১৪৭/১৪৮/১৪৯/৩২৫/৩০৭ আইপিচিৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্ত ক্ষীপ্ৰতাৰে  সম্পন্ন কৰি চৰকাৰে প্ৰকৃত দোষীক বিলম্ব নোহোৱাকৈ শাস্তি বিহিব পাৰিবনে?  এয়া ৰাইজৰ প্ৰশ্ন।

Leave A Reply