দৈনন্দিন বাৰ্তা ডেস্ক : ক্ৰীড়া মন্ত্ৰালয়ৰ বাচনি সমিতিয়ে সোমবাৰে দুৰ্ণাচাৰ্য বঁটাৰ বাবে ১৩ জন আৰু ধ্যানচান্দ বঁটাৰ বাবে ১৫ জনৰ নাম অনুমোদন কৰিছে ৷ উল্লেখ্য যে চলিত বছৰৰ দুৰ্ণাচাৰ্য বঁটাৰ বাবে অনুমোদন হোৱা ১৩ জনৰ ভিতৰত আছে জুডে ফিলিক্স, ৰমেশ পাঠানিয়া, যশপাল ৰানা আৰু কুলদীপ হানদু ৷ ইপিনে মঙলবাৰে অৰ্জুন বঁটা আৰু ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে বাচনি সমিতিৰ সভা অনুষ্ঠিত হোৱাৰ কথা ৷ যোৱা মাহত চলিত বছৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে ৰাজীৱ গান্ধী খেল ৰত্ন, দুৰ্ণাচাৰ্য বঁটা, অৰ্জুন বঁটা, ধ্যানচান্দ বঁটা, ৰাষ্ট্ৰীয় খেল প্ৰশংসা পুৰস্কাৰ আৰু মৌলানা আব্দুল কালাম আজাদ ট্ৰফীৰ বাবে বাচনি সমিতি গঠন কৰিছিল ৷ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুকুন্দকাম শৰ্মাক অধ্যক্ষ হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছিল ৷ এই সমিতিত আছে বীৰেন্দ্ৰ সেৱাগ (ক্ৰিকেট), ছৰ্দাৰ সিং (হকী), মনালিছা বৰুৱা মেহতা (টেবুল টেনিছ), দীপা মালিক (পেৰা-এথলেটিকছ), ভেংকটেচন দেভাৰ্জান (বক্সিং)৷ ইয়াৰ লগতে ক্ৰীড়া সাংবাদিক অশোক সিনহা আৰু নীৰু ভাটিয়াকো এই সমিতিত অন্তভূক্ত কৰা হয় ৷
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনিত ৰাষ্ট্ৰপতিৰ অনুমোদন
দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই সোমবাৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় কৰাত অনুমোদন কৰিছে ৷ উল্লেখ্য যে নতুন শিক্ষানীতিৰ বাবে খচৰা প্ৰস্তুত কৰাৰ সময়ত ৱহুৱে এই দপ্তৰৰ নাম সলনি কৰিবলৈ উল্লেখ কৰিছিল ৷ আনহাতে জুলাইত হোৱা কেন্দ্ৰীয় কেবিনেটৰ সভাত এই কথা পৰিষ্কাৰ হৈ পৰে ৷ সোমবাৰে মানৱসম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নামটো সলনি কৰি শিক্ষা মন্ত্ৰালয় কৰাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ঘোষণা কৰি গেজেট জাননী দিয়ে ৷ উল্লেখ্য যে ১৯৮৫ চনত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত শিক্ষা মন্ত্ৰালয়ৰ নামটো সলনি কৰি মানৱসম্পদ উন্নয়ন মন্ত্ৰালয় কৰা হৈছিল ৷ আনহাতে ১৯৮৬ চনত নতুন শিক্ষানীতি প্ৰয়োগ কৰা হৈছিল আৰু ১৯৯২ চনত ইয়াৰ সংশোধন কৰা হৈছিল ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে প্ৰথম মানৱসম্পদ উন্নয়ন মন্ত্ৰী হিচাপে পি ভি নৰসিংমহা ৰাওক দায়িত্ব দিছিল ৷
এইমছত ভৰ্ত্তি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
দৈনন্দিন বাৰ্তা ডেস্ক : চাৰি দিনৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজেই টুইট কৰি জনাইছিল যে তেওঁ ক’ৰোনা নিগেটিভ আৰু সম্পূৰ্ণ সুস্থ ৷ গুৰুগ্ৰামৰ চিকিৎসালয়ৰ পৰা তেওঁ ঘৰলৈ ওভতি গৈছিল ৷ কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সোমবাৰে নিশা দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)ত ভৰ্ত্তি কৰোৱা হয় ৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে, যোৱা সন্ধিয়া এখন বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা কৰোতে অমিত শ্বাহৰ বুকুৰ অসুস্থতা ভোগ কৰে ৷ ইয়াৰ পাচতে তেওঁক এইমছত ভৰ্ত্তি কৰা হয় ৷ প্ৰাথমিক পৰীক্ষাৰ পাচত চিকিৎসকে তেওঁক ২৪ ঘণ্টা পৰ্যৱেক্ষণত ৰখাৰ সিদ্ধান্ত লয় ৷ এইমছৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হৈছে যে যোৱা ৩-৪ দিন ধৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী বিষ আৰু ক্লান্তিজনিত সমস্যাত পৰিছে ৷ ক’ৰোনাৰ পৰৰ্ৱতী চিকিৎসাৰ বাবে তেওঁক ভৰ্ত্তি কৰা হৈছে ৷ যোৱা ২ আগষ্টত অমিত শ্বাহ ক’ৰোনা পৰীক্ষাৰ ৰিপৰ্ট পজিটিভ ধৰা পৰিছিল ৷ তাৰ পাচত তেওঁক দিল্লীৰ গুৰুগ্ৰামৰ মেদান্ত ছুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্ত্তি কৰিছিল ৷
ডিজিটেল ভোটদান
✍ অংশুমান ভূঞা
ভোটদান নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰিবলৈ নাগৰিকৰ মাজত উৎসাহ লক্ষ্য কৰা যায়। কাৰণ এটা এটা মূল্যবান ভোটে জনগণৰ ভৱিষ্যৎ ভাগ্য নিৰ্ণয় কৰে। সেই মূল্যৰ বাবেই বিষয়টোক গুৰুত্ব দি ঘৰৰ বাহিৰত থকাজনো যথা সময়ত ভোট দিবলৈ নিজ গৃহত উপস্থিত হয়। বৰ্তমান কথাই কথাই ‘ডিজিটেল যুগ’ৰ কথা কোৱা হয়। সাম্প্ৰতিক কৰ’নাই স্বাভাৱিক জীৱন আৰু কৰ্ম ব্যাহত কৰি পেলোৱাৰ সময়তো আমাৰ ইণ্টাৰনেট নিৰ্ভৰতা স্পষ্ট হৈ উঠিছে। এতিয়া কথা হ’ল যে ভোটদান প্ৰক্ৰিয়াও যদি হাততে থকা মোবাইলটোৰ জৰিয়তেও সম্পন্ন কৰিব পৰা হয়, তেন্তে বহু লোকৰে সুবিধা হ’ব। যিসকল লোক ঘৰৰ পৰা দূৰত থকাৰ বাবে ভোটদানৰ পৰা বঞ্চিত হয়, তেওঁলোকে অনায়াসে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিৰ কমাৰ ফলত দীঘলীয়া শাৰীত বোন্দাপৰ দি থকাৰ সমস্যাও কমিব। বহুসংখ্যক লোকে নিজৰ ঘৰৰ পৰাই ভোটদান কৰাৰ ফলত কেন্দ্ৰবোৰত দলীয় সমৰ্থকৰ দাদাগিৰি, হতাহতি, ৰিগিঙৰো কিছু অৱসান আশা কৰিব পাৰি। ভোটদানৰ প্ৰতি গা কৰি উঠা উদাসীনতা নাশতো ই সহায়ক হ’ব। অৱশ্যে বৰ্তমান চাইবাৰ অপৰাধৰ ক্ষেত্ৰখন অবিশ্বাস্য। দুষ্ট চক্ৰই এই ব্যৱস্থাক কু-পথে নিয়াৰ চেষ্টা নিশ্চয় চলাব। গতিকে এই ব্যৱস্থাৰ ফলপ্ৰসূ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা নিশ্চয় থাকিব।সেয়ে সুবিধা-অসুবিধা এই সকলোবোৰ দিশ চালি-জাৰি চাই বিশেষজ্ঞসকলে বিষয়টোৰ কথা ভাবিব পাৰে। ডিজিটেল ইণ্ডিয়াৰ কথা কৈ অহা নেতাগণে তেওঁলোকক নিৰ্বাচন কৰা প্ৰক্ৰিয়াটোক আৰু অলপ ডিজিটেল কৰাৰ কথা চিন্তিব পাৰে।
ক’ৰোনাৰ নতুন প্ৰজাতি : ১০ গুণ বেছি সংক্ৰমণ
দৈনন্দিন বাৰ্তা ডেস্ক : মালয়েছিয়াত নতুন প্ৰজাতিৰ ভাইৰাছৰ আবিষ্কাৰ হৈছে ৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ক’ৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতি আক্ষৰিক অৰ্থত ‘ছুপাৰ স্প্ৰেডাৰ’৷ স্বয়ং মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ডিৰেক্টৰ জেনেৰেল নুৰ হিছাম আব্দুল্লাই যোৱা শনিবাৰে তেওঁৰ ফেচবুকত প’ষ্ট কৰিছে, সদ্য সন্ধান পোৱা ‘ডি৬১৪জি’ নামৰ নতুন প্ৰজাতিৰ ভাইৰাছটো ১০ গুণ বেছি সংক্ৰমণ হয় ৷ কেৱল মালয়েছিয়াতে নহয়, ইউৰোপ, আমেৰিকাতো নতুন এই প্ৰজাতিৰ অস্তিত্ব পোৱা গৈছে বুলি বিজ্ঞানীসকলৰ একাংশই দাবী কৰে৷ অৱশ্যে এই ভাইৰাছক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ভাইৰাছ বহু বেছি সংক্ৰামক ৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰে যে অন্তত দুটা ক্লাষ্টাৰত ‘ডি৬১৪জি’ সংক্ৰমণ পোৱা গৈছে ৷ তাৰ মাজত সম্প্ৰতি ভাৰতৰ পৰা ঘূৰি অহা মালয়েছিয়াৰ ৰেস্তোৰাৰ মালিক আছে ৷ ফিলিপাইন ভ্ৰমণ কৰা দুজন লোক এই নতুন প্ৰজাতিত সংক্ৰমিত হৈছে বুলি তেওঁ দাবী কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাই নতুন বিপদৰ গোন্ধ পাইছে ভাৰতসহ কেইখনমান দেশত ৷ মালয়েছিয়া প্ৰশাসনে দেশবাসীক উদ্দেশ্য কৰি কয়, এই ভাইৰাছৰ পৰিৱৰ্তিত প্ৰজাতিৰ সংক্ৰমণৰ পৰা বাচিবলৈ অধিক সচেতন হ’ব লাগিব ৷
আশাৰ বাৰ্তা কঢ়িয়াই আনিছে বাঘজানলৈ
তিনিচুকীয়া : অভিযানকাৰী দলে বাঘজানৰ ৫নং খাদত কালি ৮৩ দিনৰ অন্তত বি অ পি স্থাপন কৰিবলৈ সক্ষম হ’ল। এতিয়া এই বি অ পিটোৰ দ্বাৰা সমগ্ৰ খাদটোৰ জুই নিয়ন্ত্ৰণলৈ আনিব পৰা যাব। ইয়াৰ পূৰ্বেও দুবাৰকৈ বি অ পি স্থাপনৰ বাবে চেষ্টা কৰিও বিফল হৈছিল বিশেষজ্ঞৰ দল। এতিয়া আৰম্ভ হ’ব খাদৰ কিলিং প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াৰ দ্বাৰা বাঘজানৰ জুই ২৪ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত নিৰ্বাপিত কৰা হ’ব। সকলোৰে অপেক্ষা জুই নিৰ্বাপিত হোৱালৈ৷ ইতিমধ্যে ৬ জনকৈ বিদেশী বিশেষজ্ঞ, অইল আৰু অএনজিচিৰ লোকে আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া।

‘কা’ আৰু ই আই এ বাতিলৰ দাবীত নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী
নগাঁও : নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ। ‘কা’ আৰু ই আই এ বাতিল কৰাৰ দাবীৰে কালি নগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ‘কা’ বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে গৃহীত কৰিবলৈ লোৱা ই আই এ গৃহীত নকৰিবলৈ দাবী জনাই যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত চহৰখনৰ নগাঁও মহাবিদ্যালয়ৰ সমীপত সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি এক মানৱ শৃংখলৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে, “কা আমি নামানো”, “ই আই এ গৃহীত কৰাৰ সিদ্ধান্ত বাতিল কৰক” আদি বিভিন্ন শ্লোগান দি চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে। এই মানৱ শৃংখল কাৰ্যসূচীত পৰিষদৰ নগাঁও জিলা সমিতিৰ প্ৰায় আটাইকেইজন নেতাই অংশগ্ৰহণ কৰে। মানৱ শৃংখলৰে পৰিষদে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰালয়ে ই আই এ গৃহীত কৰিব বিচৰা হঠকাৰী সিদ্ধান্তক অতিশীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় অন্যথা আগন্তক দিনত ৰাইজৰ সহযোগত এক বিশাল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।
ৰামায়ণ চাৰ্কিটসহ উন্নয়ন প্ৰকল্প বাস্তৱায়িত কৰাৰ বিষয়ে ভাৰত-নেপালৰ আলোচনা
দৈনন্দিন বাৰ্তা ডেস্ক : দীৰ্ঘ ৯ মাহৰ পাচত সোমবাৰে পুনৰ ভাৰত আৰু নেপালৰ প্ৰশাসনিক বিষয়াৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ ইয়া ফলত দুয়ো দেশৰ মাজত সম্পৰ্ক উন্নত হোৱাৰ দিশে আগবাঢ়ে৷ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সূত্ৰে জানিব পৰা মতে সোমবাৰে নেপালত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন খাটৰা আৰু আন বিষয়াৰ সৈতে নেপালৰ প্ৰশাসনিক বিষয়াৰ বৈঠক অনুষ্ঠিত হয়৷ নেপালৰ বৈদেশিক সচিব শংকৰ দাস বৈৰাগীৰ নেতৃত্বত দলটোৱে বৈঠকত অংশ লয়৷ এই বৈঠকত ৰামায়ণ চাৰ্কিটসহ মূলত নেপালৰ বিভিন্ন প্ৰান্তৰ উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে ভাৰতে যি মূলধন বিনিয়োগ কৰিছে তাকে লৈ আলোচনা হয় বুলি জানিব পৰা গৈছে৷ এই বৈঠকত আন্তঃসীমান্ত ৰে’লপথ, অৰুণ-তৃতীয় জলবিদ্যুৎ প্ৰকল্প, পঞ্চেশ্বৰ বহুমুখী প্ৰকল্প, বিদ্যুৎ, নেপাল আৰক্ষী একাডেমী নিৰ্মাণ, মহাকালী নদীৰ ওপৰত সেতু উন্নয়ন লৈ আলোচনা হয়৷ অৱশ্যে দুয়ো দেশৰ বিষয়াই কাঠমাণ্ডু আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্ক কি দৰে দৃঢ় কৰিব পাৰি তাকে লৈ সময় ব্যয় কৰে বুলি অসমর্থিত সূত্ৰত প্ৰকাশ৷ ইয়াৰ আগেয়ে যোৱা বছৰৰ জুলাই মাহত নেপালৰ উন্নয়নমূলক প্ৰকল্পত ভাৰতে মূলধন বিনিয়োগ কৰা লৈ উচ্চ পৰ্যায়ৰ বৈঠক হৈছিল৷ তাৰ পাচত মানচিত্ৰ লৈ বিতৰ্ক আৰম্ভ হোৱাত সেই প্ৰক্ৰিয়া স্থগিত হয়৷ চীনৰ উচতনিত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা ওলিৰ ভাৰত বিৰোধিতাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলি দাবী কৰে ভাৰতীয় কূটনৈতিক মহলে৷ তদুপৰি পুষ্পকুমাৰ দহল বা প্রচণ্ডসহ নেপাল কমিউনিষ্ট পাৰ্টিৰ বেছিভাগ নেতাই গ্ৰহণ কৰা উদ্যোগৰ বাবে ওলি পিছুৱাবলৈ বাধ্য হয়৷ ফলত এই বৈঠক অনুষ্ঠিত হয় ৷
আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হাৰিছৰ প্ৰেছ সচিব ভাৰতীয় বংশোদ্ভৱ ছাব্ৰিনা সিং
দৈনন্দিন বাৰ্তা ডেস্ক : আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত ডেমোক্ৰেটিক প্ৰাৰ্থী কমলা হাৰিছে নিজৰ প্ৰেছ সচিব হিচাপে ভাৰতীয় বংশোদ্ভৱ ছাব্ৰিনা সিঙক দায়িত্ব দিছে ৷ উল্লেখ্য যে মাৰ্কিন ইতিহাসত উপৰাষ্ট্ৰপতি পদত এছিয়-আমেৰিকান তথা অশ্বেতাংগ মহিলাই যুঁজ দিয়া নাছিল ৷ কমলাৰ মতে এইবাৰ প্ৰথম কোনো ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ উপৰাষ্ট্ৰপতি পদত সচিবৰ কাম কৰিব ৷ উল্লেখ্য যে উপৰাষ্ট্ৰপতি হিচাপে কমলা হাৰিছৰ নাম ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনে ৷ এইবাৰ কমলাৰ নিৰ্বাচনী প্ৰচাৰৰ কামত জড়িত থাকিব ছাব্ৰিনা সিং৷ এই নতুন দায়িত্ব পাই স্বাভাৱিকভাৱে উচ্ছাসিত ৩২ বছৰীয়া ছাব্ৰিনা ৷ নৱেম্বৰত হ’ব লগা নিৰ্বাচনত কমলা জিকিব বুলি তেওঁ আত্মবিশ্বাসী ৷ টুইটাৰত ছাব্ৰিনাই লিখিছে, কমলা হাৰিছৰ প্ৰেছ সচিব হিচাপে যোগ দিবলৈ পাই মই অতি উচ্ছাসিত৷ লছ এঞ্জেলছৰ বাসিন্দা ছাব্ৰিনা অৱশ্যে ইয়াৰ আগতে ডেমোক্ৰেটিক পদৰ প্ৰাৰ্থী হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে ৷ নিজা জাৰ্ছী ছেনেটৰ কোৰি বুকাৰ আৰু নিউয়ৰ্কৰ প্ৰাক্তন মেয়ৰ মাইক ব্লুমবাৰ্গ প্ৰেছিডেণ্ট পদৰ দৌৰত থকা সময়ত তেওঁ মুখপাত্ৰ হিচাপে কাম কৰিছিল ছাব্ৰিনাই ৷ তদুপৰি তেওঁ ডেমোক্ৰেটিক নেচনেল কমিটিৰ মুখপাত্ৰ আছিল ৷
১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহযোৰা গণ আন্দোলন ৰেলৱে মজদুৰ ইউনিয়নৰ
তিনিচুকীয়া : অৱশেষত ১৪ ছেপ্তেম্বৰৰ পৰা সপ্তাহজোৰা ৰে’ল আৰু দেশ ৰক্ষাৰ হেতু সমুখ সমৰত অৱতীৰ্ণ হ’ব অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচন। দিল্লীৰ যন্তৰ মন্তৰৰ পৰাই ৰণ শিঙা বজাই সূচনা কৰিব বৃহত জংগী আন্দোলন। আজি তিনিচুকীয়াত এই কথা প্ৰকাশ কৰিছে nfrmu ৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক তথা প্ৰচাৰ সচিব আৰু তিনিচুকীয়া ডিভিজনৰ সমন্বয়ক পুলক গগৈয়ে। এক বিবৃতিযোগে প্ৰকাশ কৰি কয় যে যোৱা ১৩ আগষ্টত ৰে’ল শ্ৰমিকসকলৰ একমাত্র শক্তিশালী সংগঠন অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ ভাৰ্চুৱেল কাৰ্যনিৰ্বাহক বৈঠক অনুস্থিত হয়। এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰে’লৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তাৰ সভাপতিত্বত অনুস্থিত ভাৰ্চুৱেল বৈঠকত সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰে’ল খণ্ডকে ধৰি লাভজনক উদ্যোগ বিলাক ব্যক্তিগতকৰণ, শ্ৰম আইন সংশোধন, কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰগীয়া ভাত্তা ২০২১ৰ জুনলৈকে কৰ্তন কৰা, ভাৰতীয় ৰে’লত নিবনুৱাৰ মূৰত ৰামটাঙুন শোধাই ৫০ শতাংশ পদ বিলুপ্তিকৰণ কৰা আদি শ্ৰমিক বিৰোধী নীতিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ সৰব চৰ্চা কৰি উদাত্ত ভাষণ প্ৰদান কৰে। এই গুৰত্বপূৰ্ণ বৈঠকত এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে আৰ্শীষ বিশ্বাস, পীয়ূষ চক্ৰৱৰ্তী আৰু কাৰ্যনিৰ্বাহক সদস্য যোগেন্দ্ৰ সিঙকে ধৰি দেশৰ আন আন প্ৰান্তৰ ১৭টা ৰেল সংমণ্ডলৰ নেতা সকলেও অংশ গ্ৰহণ কৰে। বিবৃতিটোত ৰে’ল শ্ৰমিক নেতা পুলক গগৈয়ে ভাৰ্চুৱেল বৈঠকৰ বিতং তথ্য প্ৰকাশ কৰি আৰু কয় যে ক’ভিড-১৯ মহামাৰীৰ সংকটক সুবিধালৈ ৰূপান্তৰ কৰা নামত প্ৰধান মন্ত্রী নৰেন্দ্ৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অতি কূট কৌশলৰে দেশৰ জনধাৰণৰ অজ্ঞাতে জাতীয় উদ্যোগ আৰু সম্পদ কৰ্প’ৰেট গোষ্ঠীৰ হাতত এপদ এপদ কৈ বিক্ৰী কৰিবলৈ লোৱা সকলোবোৰ সৰ্বনশীয়া নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সু পৰিকল্পিত ৰণনীতি যুগুত কৰিছে। ইয়াৰ বাবে সভাই ৰে’ল বচাও, দেশ বচাও গণ আন্দোলন শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ উত্তৰ পশ্চিম ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক মুকেশ মাথুৰৰ নেতৃত্বত বেণু পি নায়াৰ, এছ কে ত্যাগী, আৰ চি শৰ্মা, অমিত ঘোষ আৰু ঈশ্বৰ লালক লৈ এখন আন্দোলন পৰিচালনা সমিতি গঠন কৰে আৰু ১৪ ছেপ্তেম্বৰ পৰা ১৯ ছেপ্তেম্বৰলৈকে সপ্তাহজোৰা জনজাগৰণ গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সৰ্ব সন্মতি ক্ৰমে ঘোষণা কৰা কথা সদৰি কৰিছে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় নেতা পুলক গগৈয়ে।











