Home Blog Page 335

Turmeric: হালধিৰ সৈতে মুখৰ ক’লা দাগ কেনেকৈ আঁতৰাব ?

Turmeric: হালধিৰ সৈতে মুখৰ ক'লা দাগ কেনেকৈ আঁতৰাব ?
Turmeric: হালধিৰ সৈতে মুখৰ ক'লা দাগ কেনেকৈ আঁতৰাব ?

সকলোৱে নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে। ইয়াৰ বাবে বজাৰত উপলব্ধ দামী এণ্টি এজিং ক্ৰীম আৰু ট্ৰিটমেণ্টৰ বাবে মানুহে হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু এতিয়া মুখৰ সৌন্দৰ্যৰ বাবে ধন খৰচ কৰাৰ প্ৰয়োজন নাই। বিখ্যাত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে কৈছে এটা ঘৰুৱা ঔষধে আপোনাৰ ছালখনক ধুনীয়া কৰি তুলিব পাৰে।(Turmeric)

তেওঁৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত শ্ৰী শ্ৰী ৰবিশংকৰে হালধিৰ আচৰিত ঔষধি গুণৰ বিষয়ে কয়। তেওঁ কয় যে হালধি কেৱল মছলা নহয় বৰঞ্চ ই এক সম্পূৰ্ণ ঔষধ, যিয়ে শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ছালৰ বাবে হালধি উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ হালধিক বাৰ্ধক্য প্ৰতিৰোধী এক শক্তিশালী আৰু প্ৰাকৃতিক ঔষধ বুলি অভিহিত কৰে।

ছালৰ বাবে এটা আশীৰ্বাদ হালধি, ইয়াৰ উজ্জ্বল হালধীয়া ৰং আৰু অসাধাৰণ ঔষধি গুণৰ বাবে বিখ্যাত। বৈজ্ঞানিকভাৱে Curcuma longa নামেৰে জনাজাত এই আয়ুৰ্বেদিক বনৌষধি যুগ যুগ ধৰি পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে। ইয়াৰ মূল যৌগ কাৰকুমিন ইয়াৰ শক্তিশালী এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণৰ বাবে জনাজাত। শ্ৰী শ্ৰী ৰবিশংকৰৰ মতে হলুদ বহু দিশত ছালৰ বাবে উপকাৰী, যেনে-

প্ৰদাহ নিবাৰণকাৰী গুণ: হালধিত থকা কাৰকুমিনে ছালৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। ব্ৰণ, একজিমা আৰু অন্যান্য ছালৰ সমস্যা শান্ত কৰাত ই ফলপ্ৰসূ।


এন্টিঅক্সিডেন্টত সমৃদ্ধ: হালধি এবিধ শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজি ছালখনক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে।

ত্ৰুটিহীন ছাল: হালধিয়ে ছালৰ দাগ পাতল কৰাত সহায় কৰে আৰু ৰং উন্নত কৰে, যাৰ ফলত ছালখন ত্ৰুটিহীন আৰু জিলিকি থকা দেখা যায়।


বলিৰেখা কমায়: হালধিয়ে ছালত কলাজেন উৎপাদনত সহায় কৰে, যিয়ে ছালৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে আৰু বলিৰেখা কমায়।

হালধি ফেচ মাস্ক: মৌ বা দৈৰ লগত অলপ হালধি মিহলাই মুখত লগাই শুকোৱাৰ পিছত ধুব। ইয়াৰ ফলত ছালখন উজ্জ্বল হোৱাৰ লগতে দাগ কমোৱাত সহায়ক হ’ব।

হালধি গাখীৰঃ ৰাতি শোৱাৰ আগতে হালধি গাখীৰ সেৱন কৰিলে ছালখন সুস্থ হৈ থাকে আৰু লগতে ভাল টোপনি অহাতো সহায় কৰে।

খাদ্যত হালধিঃ খাদ্যত হালধি নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগে। ই কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই ভাল নহয় বৰঞ্চ ই আপোনাৰ ছালখনক ভিতৰৰ পৰাও পুষ্টি প্ৰদান কৰিব।

Bangalore-Kamakhya Express: ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ ১১টাকৈ দবা লাইনচ্যুত, বেংগালুৰুৰ পৰা অসমলৈ আহি আছিল ৰে’লখন

Bangalore-Kamakhya Express: ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ ১১টাকৈ দবা লাইনচ্যুত
Bangalore-Kamakhya Express: ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ ১১টাকৈ দবা লাইনচ্যুত

ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ দবা লাইনচ্যুত।(Bangalore-Kamakhya Express)

কটকৰ চৰ্দাৰ নীৰগুন্দী ষ্টেচনত এই দুর্ঘটনা।

ৰে’লখনৰ ১১টাকৈ দবা লাইনচ্যুত ।

বেংগালুৰুৰ পৰা অসমলৈ আহি আছিল ৰে’লখন।

উদ্ধাৰ অভিযানৰ বাবে হেল্পলাইন নম্বৰ মুকলি ।

ভদ্রক 8114382371, 9437443469।

কটক 8991124238, 7205149591।

ভূবনেশ্বৰৰ হেল্পলাইন নম্বৰ 8455885999।

ৰে’ল দুৰ্ঘটনাটোত এজন যাত্ৰীৰ মৃত্যু, দুজন আহত।

ঘটনাস্থলীত উপস্থিত আৰক্ষী প্ৰশাসনৰ লোক।

ঘটনাস্থলীত উপস্থিত হৈছে ৰে’লৱেৰ শীৰ্ষ বিষয়া।

আনহাতে ৰে’লখনত আছে অসমৰ বঙাইগাঁৱৰ কাকৈজানৰ তিনিজন যাত্রী।

Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !
Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

গুৱাহাটীৰ উজানবজাৰত চাঞ্চল্যকৰ ঘটনা।(upasa phukan)

ৰহস্যজনকভাৱে মৃত্যু অগপ নেতা ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ।

২ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ।

ঘটনাক লৈ তীব্র চাঞ্চল্য অঞ্চলটোত।

ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষী।

মাতৃৰ সৈতে উজানবজাৰৰ ঘৰত আছিল উপাসা।

পুৱা ৮ বজাত এই ৰহস্যজনক ঘটনা সংঘটিত হয়।

Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান

Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান
Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান

নতুন দিল্লীয়ে শনিবাৰে ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ বহু সংস্থাৰ সাহায্য অভিযান আৰম্ভ কৰে, ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে আকাশ আৰু সাগৰীয় মাধ্যমেৰে অতিৰিক্ত সাহায্য প্ৰস্তুত কৰে।(Myanmar Earthquake)

ৰাজ্য প্ৰশাসন পৰিষদৰ তথ্য দলে শনিবাৰে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰত সংঘটিত হোৱা প্ৰবল ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৪৪ জনলৈ বৃদ্ধি পাইছে, ৩,৪০৮ জন লোক আহত হোৱাৰ বিপৰীতে ১৩৯ জন এতিয়াও সন্ধানহীন হৈ আছে।

শুকুৰবাৰে ম্যানমাৰৰ মাণ্ডেলে অঞ্চলত ৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ পিছত মিনিটৰ ভিতৰতে ৬.৪ মাত্ৰাৰ প্ৰবল আফটাৰশ্বক হয়। এই দুৰ্যোগৰ ফলত বিস্তৰ ক্ষতিসাধন আৰু ক্ষয়-ক্ষতিৰ সৃষ্টি হয়।

১৫ লাখ লোকৰ সৈতে ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে ছাগাইং, মাণ্ডেলে, মেগৱে, উত্তৰ-পূব শ্বান ৰাজ্য, নাই পি টাউ আৰু বাগোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

উদ্ধাৰ অভিযান চলি আছে, আক্ৰান্তসকলক সহায় কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য আহিছে। মাণ্ডেলেৰ ছাগাইং আৰু নাই পি টাউৰ ৰাজহুৱা চিকিৎসালয়সমূহে আহতসকলৰ চিকিৎসাৰ সময়ত জৰুৰী ৰক্তদানৰ বাবে অনুৰোধ জনাইছে। ভাঙি যোৱা অট্টালিকাৰ তলত আবদ্ধ হৈ আছে বহু লোক।

নতুন দিল্লীয়ে শনিবাৰে ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ বহু সংস্থাৰ সাহায্য অভিযান আৰম্ভ কৰে, ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে আকাশ আৰু সাগৰীয় মাধ্যমেৰে অতিৰিক্ত সাহায্য প্ৰস্তুত কৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উদ্ধাৰকাৰী দলো সংগঠিত কৰা হৈছে।

মানৱীয় সাহায্যৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰৰ জ্যেষ্ঠ জেনেৰেল মিন আং হ্লাইঙৰ সৈতে কথা পাতি দেশৰ সৈতে ভাৰতৰ সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰিছে যে এইটোৱেই হৈছে বছৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ প্ৰবল ভূমিকম্প। থাইলেণ্ড, ভিয়েটনাম, লাওছ, দক্ষিণ-পশ্চিম চীনত কম্পন অনুভৱ কৰা হৈছে বুলি সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰিছে।

থাইলেণ্ডত বেংককত ১০ জন লোক নিহত, ৪২ জন আহত আৰু ৭৮ জন নিৰুদ্দেশ বুলি শনিবাৰে কৰ্তৃপক্ষই প্ৰকাশ কৰে। থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ শ্বিনাৱাট্ৰাই বেংককত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। চিয়াং মাই আৰু মায়ে হং ছনৰ দৰে উত্তৰ প্ৰদেশতো প্ৰবল কঁপনি অনুভৱ কৰা হয়। মাই হং ছনৰ পাই জিলাৰ পৰ্যটন স্থানসমূহৰ ক্ষতিসাধন।

Bimol Borah: ট্ৰেক্টৰ চলাই আলু লৈ আহিল মন্ত্ৰী বিমল বড়াই !

Bimol Borah: ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল মন্ত্ৰী বিমল বড়া !
Bimol Borah: ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল মন্ত্ৰী বিমল বড়া !

এইবাৰ ট্ৰেক্টৰ চালকৰ ৰূপত দেখিবলৈ পোৱা গ’ল মন্ত্ৰী বিমল বড়া।(Bimol Borah)

ট্ৰেক্টৰ চলাই আলু বিক্ৰি কৰিবলৈ আহিল অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া।


‘আলু উৎপাদন কেতিয়াও নোহোৱা ডিব্ৰুগড় জিলা অথবা উজনি অসমত উদ্যোগ বিভাগৰ এটা নীতিৰ ফলত এনেধৰণে কৃষকসকলে উপকৃত হ’বলৈ সক্ষম হৈছে। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ Customised Policy ৰ ফলত কৃষিভিত্তিক এক অৰ্থনীতি অসমত গঢ় লৈ উঠিছে। Customised Policy আধাৰত অসমত ১০০ কোটি টকাৰো অধিক বিনিয়োগ আৰু ২০০ পোনপটীয়া কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বিনিয়োগকাৰীক এই নীতিৰ আধাৰত উদ্যোগ নিৰ্মাণৰ বাবে চৰকাৰে সা-সুবিধা প্ৰদান কৰে। এই নীতিৰ আধাৰতে নলবাৰীত স্থাপন হোৱা পেপ্‌চিকো নামৰ এটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ বিনিয়োগৰ ফলত তাত প্ৰয়োজন হোৱা কেঁচা মাল আজি উজনি অসমতো উৎপাদন সম্ভৱ হৈ উঠিছে।ইয়াৰ ফলত টিংখাং সমষ্টিৰ প্ৰত্যক্ষ-অপ্ৰত্যক্ষভাৱে শতাধিক লোক জড়িত হৈ ইতিমধ্যে ৩,২৬০০০ কিলোগ্ৰাম আলু প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আজিও ২৫,০০০ কিলোগ্ৰাম আলু খেতিয়কসকলৰ সৈতে খেতি পথাৰৰ পৰা ট্ৰেক্টৰেৰে কেঁচা মালসমূহ উলিয়াই অনাৰ মূহূর্ত…’ । এইদৰে সামাজিক মাধ্যমত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট ! শুকুৰৰ সৈতে শ্বুটিং কৰি ক’লে কৰিশ্মাই ?

Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট !
Sukur-Karishma: আহি আছে শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্ট !

শুকুৰ আলী আৰু কৰিশ্মা নাথৰ অনুৰাগীৰ বাবে ভাল খবৰ ! কিয়নো, অতি সোনকালে দুয়োকে একেলগে দেখিবলৈ পাব। দুয়ো বৰ্তমান ব্যস্ত নতুন প্ৰজেক্টৰ শ্বুটিঙত। শুকুৰ-কৰিশ্মাৰ উপৰিও আৰু বহুলোকে অভিনয় কৰিছে তেওঁলোকৰ নতুন প্ৰজেক্টত।(Sukur-Karishma)

নতুন প্ৰজেক্টৰ শ্বুটিঙৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। সেই ভিডিঅ’টোৰ পৰাই জানিব পৰা গৈছে তেওঁলোকৰ নতুন প্ৰজেক্টৰ বিষয়ে। অৱশ্যে তেওঁলোকৰ নতুন প্ৰজেক্টটো ছবি, চুটি ছবি নে মিউজিক ভিডিঅ’ এই সন্দৰ্ভত সঠিককৈ একো কোৱা নাই।

সেই ভাইৰেল ভিডিঅ’টোত হাজাৰ হাজাৰ কমেণ্ট অনুৰাগী আৰু সমালোচকৰ। কোনো কোনোৱে তেওঁলোকৰ সেই ভিডিঅ’টোত মৰম আৰু আশীৰ্বাদ দিছে যাতে তেওঁলোকে আগবাঢ়ি য়ায়। আনহাতে আন একাংশই তেওঁলোক দুয়োকে নানা অশ্লীল বাক্যৰে কমেণ্ট কৰিছে। ভাইৰেল ভিডিঅ’টো চাওক-

শুকুৰ-কৰিশ্মাৰ নতুন প্ৰজেক্টৰ সন্দৰ্ভত আপুনি কি ক’ব ?

Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ

Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ
Duliajan News: দুলীয়াজানত অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰ অধীনত বিত্তীয় সহায্য বিতৰণ

প্ৰকল্প ৰূপান্তৰৰ অধীনত দুলীয়াজান টিপলিংস্তিত অইল চি এছ আৰ এক্টিভিটি কমপ্লেক্স “স্বনিৰ্ভৰ’ত বাৰ্ষিক সামগ্ৰী আৰু বিত্তীয় সাহাৰ্য্য বিতৰণ অনুষ্ঠানৰ পৰিসমাপ্তি হয়।(Duliajan News) স্থানীয় লোকৰ সবলীকৰণৰ বাবে অইলৰ চি এছ আৰ প্ৰকল্প ৰূপান্তৰৰ বহনক্ষম জীৱিকাৰ পদক্ষেপৰ দ্বাৰা ৪২৮ টা যুটীয়া দায়বদ্ধ গোটক সহায্য প্ৰদান কৰি ১,৯২৫ টা পৰিয়ালক উপকৃত কৰিছে ।অইলৰ এই বটাঁ বিজয়ী ধ্বজাধাৰী প্ৰকল্পই ২০০৮ -০৯ চনৰ পৰা এতিয়ালৈকে ৪,৬৭৬ টা আত্ম সহায়ক গোট আৰু যুটীয়া দায়বদ্ধ গোটক দক্ষতা বিকাশ ,ব্যৱস্থাপনা প্ৰশিক্ষণ, বিত্তীয় সহায্য আৰু সামগ্ৰী প্ৰদানে প্ৰায় ২৮,৭৮৫ টা পৰিয়ালক লাভাম্বিত কৰিছে ।

এই প্ৰকল্পৰ অধীনত মহিলা হিতাধিকাৰিয়ে গঠিত ২২৭টা হস্ততাঁত দ্বায়বদ্ধ গোটে ১,১৩৫ টা ফ্লাই শ্বাটল হেণ্ডলুম ছে্ট ৭,৯৪৫ কেজি সূতা আৰু ২২ লাখ ৭০ হাজাৰ টকাৰ আৱৰ্তিত পুঁজি লাভ কৰিছে । আনহাতে ১৩৬ টা কৃষিপাম যান্ত্ৰিকীকৰণ যুটীয়া দ্বায়বদ্ধ গোটক ১৩৬ টা পানী পাম্প ,স্প্ৰেয়াৰ মেচিন আৰু মুঠ ১ কুটি ৪২ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ইয়াৰ উপৰিও ১৫ টা এগ্ৰ’ প্ৰডাক্ট কেৰিয়াৰ গোটক ১৫ খন বাহন আৰু১৫ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰে । ২০ টা বায়’ফ্লক একুৱাকালচাৰ গোটক ৪০ টাকৈ মীন পালন টেংক আৰু পয়োজনী সজুঁলি প্ৰদান কৰে । আনহাতে ১০ টা পাৱাৰ ৰীপাৰ ( হাৰ্ভেষ্টাৰ )গোটক ১০ টা শস্য চপোৱা যন্ত্ৰ লগতে ৮ লাখ টকাৰ সহায্য পুঁজি প্ৰদান কৰাৰ লগতে ২০ টাকৈ বয়ন গোটৰ স্বীকৃতি স্বৰূপে হস্ততাঁত গোটক বল বিয়াৰিং জেকুৱাৰ্ড মেচিন প্ৰদান কৰি বয়ন শিল্পৰ উৎপাদন আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰাৰ পৰিলক্ষিত হয় ।

এই অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱলাকে প্ৰমুখ্য কৰি দুলীয়াজান সহ জিলা আয়ুক্ত আই এ এছ অংকুৰ দাস , অইলৰ মূখ্য আৱাসিক বিষয়া ৰূপজ্যোতি ফুকন ,কাৰ্যাবাহী সঞ্চালক ব্যৱসায়িক উন্নয়ন তথা জন সম্পৰ্ক কৰ্পৰেট বিভাগৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন গোস্বামী , কাৰ্যবাহী সঞ্চালক মানৱ সম্পদ আৰু ক্ষেত্ৰীয় প্ৰশাসন মাধুৰ্য বৰুৱাৰ , জন পৰিক্ৰমা বিভাগৰ মূখ্য মহা প্ৰৱন্ধক দেৱাষিক বড়া আৰু জেষ্ঠ বিষয়াসকল লগতে প্ৰকল্পৰ হিতাধিকাৰী সকলো উপস্থিত থাকে ।

Dilwar Hussain Mazumdar: জে’লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে ?

Dilwar Hussain Mazumdar: জে'লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক'লে দিলোৱাৰ হুছেইন মজুমদাৰে ?
Dilwar Hussain Mazumdar: জে'লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক'লে দিলোৱাৰ হুছেইন মজুমদাৰে ?

অৱশেষত জামিনত মুকলি হ’ল সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ।(Dilwar Hussain Mazumdar)

দ্বিতীয়টো গোচৰতো দিলোৱাৰক জামিন কামৰূপৰ CJM আদালতৰ।

জে’লৰ পৰা মুক্ত হৈ কান্দি কান্দি কি ক’লে দিলোৱাৰ হুছেইন মজুমদাৰে ?


Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়

Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়
Rahul Dravid: অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিমঃ ৰাহুল দ্ৰাবিড়

‘অধিনায়ক হিচাপে ৰিয়ানৰ দক্ষতাক মই প্ৰশংসা কৰিম৷(Rahul Dravid) আকস্মিকভাৱে তেওঁ দলক নেতৃত্ব দিব লগা হৈছে৷ কিন্তু দলক খেলপথাৰত প্ৰত্যাশা অনুসৰিয়ে পৰিচালনা কৰিছে ৰিয়ানে৷ প্ৰথম মেচখন তেওঁৰ বাবে স্বাভাৱিকতে প্ৰত্যাহ্বান আছিল৷ কিন্তু অধিনায়ক হিচাপে এবাৰো তেওঁ চাপৰ সন্মুখীন হোৱাটো খেলপথাৰত দেখুওৱা নাছিল৷ এয়াই দৃঢ়তা৷ আনহাতে, কে কে আৰৰ বিৰুদ্ধে পাৱাৰ প্লে’ত তেওঁ দক্ষতাৰে বলাৰৰ সংমিশ্ৰন কৰি বিপক্ষৰ বেটাৰক বান্ধি ৰাখিছিল৷ মেচৰ পৰাজয় দলৰ, অধিনায়কক ইয়াৰ বাবে সমালোচনা কৰাটো সমিচিন নহয়৷ আমি প্ৰথম দুখন মেচত পৰাজয়ৰ কাৰণ ৩০ ৰাণৰ কম-বেছি৷ হায়দৰাবাদৰ বিৰুদ্ধে ৩০ ৰাণ বেচিকৈ দিছো, বিপৰীতে কলকাতাৰ বিৰুদ্ধে ৩০ ৰাণ কমকৈ কৰিলো৷ জয়লাভ নকৰিলেও সামগ্ৰিকভাবে দলে ছিজনৰ আৰম্ভনিৰ প্ৰদৰ্শন ভালদৰে কৰিছে৷ এতিয়া আমাৰ লক্ষ্য যি দহ শতাংশ কাম দলে কৰিব আছে সেয়া সম্পূৰ্ণ কৰি কাইলৈৰ মেচত শ্ৰেষ্ঠ প্ৰদৰ্শনৰে জয়লাভ অৰ্জন কৰা৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ৷

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ছিজনৰ তৃতীয় তথা দ্বিতীয়খন ঘৰুৱা মেচত অংশ ল’ব৷ আজি সংবাদমেলত অংশ লৈ দলটোৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ে গুৰুত্বপূৰ্ণ মেচখনত স্পীনাৰৰ ভূমিকা নিৰ্ণায়ক হ’ব বুলিও উল্লেখ কৰে৷ অৱশ্যে দলৰ মুল একাদশ সাল-সলনিৰ প্ৰশ্নৰ উত্তৰ দি টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে জনাই যে উইকেট নিৰীক্ষণ কৰিহে সেয়া সিদ্ধান্ত লোৱা হ’ব৷ আনহাতে, প্ৰথমে বেটিং বা বলিং কৰাৰ সুবিধা কোনো দলৰে ক্ষেত্ৰত নাই বুলি তেও কয়৷ ‘আমি ভাবিছিলো গুৱাহাটীত নিয়ৰৰ প্ৰভাৱ খেলত পৰিব৷ কিন্তু প্ৰথম মেচত সেয়া দেখা নগ’ল৷ যাৰবাবে টছত জয়-পৰাজয়টো নিৰ্ণায়ক নহয়৷ কিন্তু ১৬০ ৰ অধিক ৰাণ কৰাটো লগতে ইনিংছৰ মধ্যভাগত স্পীনাৰে উইকেট লোৱাটো প্ৰয়োজন৷’ দ্ৰাবিডে কয়৷

ইফালে, অসম সন্তান ৰিয়ানৰ বেটিং দক্ষতাক প্ৰশংসা কৰি দ্ৰাবিড়ে কয় ‘আমি ৰিয়ানক এইবাৰ তিনি নম্বৰ স্থানত খেলাইছো৷ ইয়াৰ কাৰণ হ’ল তেওঁৰ দৃঢ়তা আৰু ইনিংছ আগুৱাই নিয়াৰ দক্ষতা৷ ৰিয়ান দলে ভৰষা কৰিব পৰা বেটাৰ৷ যদিও আমাৰ দলটো নৱাগত ক্ৰিকেটাৰৰে গঠিত কিন্তু আটাইকেইগৰাকী প্ৰতিভাবান৷ যিকোনো পৰিস্থিতিত মেচ সলনি কৰাৰ ক্ষমতা আছে৷ যোৱা মেচতো আৰ্চাৰে গুৰুত্বপূৰ্ণ ৰাণ কৰিছে৷’

RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ
RR vs CSK IPL 2025: আজি গুৱাহাটীত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ

আজি গুৱাহাটীত IPLৰ মহাৰণ।(RR vs CSK IPL 2025)

বৰ্ষাপাৰাত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ।

ৰিয়ান পৰাগৰ নেতৃত্বত খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ।

ৰিতুৰাজ গায়কোৱাডৰ নেতৃত্বত যুঁজ দিব চেন্নাই ছুপাৰ কিংছে।

সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।

মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।

ষ্টেডিয়ামৰ চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।