Home Blog Page 3393

হোজাইত পুনৰ ৰেলৰ চেইন টানি পলায়ন যাত্ৰীৰ ।

লংকা :

আজি হোজাইৰ  শংকৰদেৱ নগৰত  স্বাস্থ্য মন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মা উপস্থিত থকা সময়তে হোজাইত বিয়লি উপস্থিত হোৱা  ব্ৰহ্মপুত্ৰ মেইলত  পুনৰ ৰে’লৰ চেইন টানি যাত্ৰীৰ পলায়ন কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে  আজি আবেলি  উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল খনে হোজাই স্টেশন পাৰ হোৱাৰ পিছতে ২নং গেটৰ গোপাল আশ্ৰমৰ ওচৰত মেইলখনৰ  চেইন টানি কেইবাজনো যাত্ৰী  পলায়ন  কৰিছে । উল্লেখ যে মেইল খন বৰ্তমান হোজাইত ষ্টপেজ নথকাৰ কাৰণে  এনে কাৰ্য্য কৰা বুলি  অভিযোগ উঠিছে। এই ঘটনা সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম হোৱা  GRP তথা RPF। কাণ্ডজ্ঞানহীন এই  লোকসকলৰ বাবে  এনে কাৰ্য্যত  বৰ্তমান আতংকিত হোজাইবাসী।।

নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন : ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো বাইডেন ।

দৈনন্দিন বাৰ্তা ডেস্ক

অহা নৱেম্বৰ মাহত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনৰ বাবে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হ’ব জো বাইডেন৷ আমেৰিকাৰ স্থানীয় সময় শুকুৰবাৰে এই কথা ঘোষণা কৰে৷ তেওঁৰ নাম ঘোষণাৰ পাছত এক বিবৃতিত বাইডেনে কয়, ইমান দিনে ডেমক্ৰেটিক পাৰ্টিৰ নেতাৰ প্ৰতিনিধি হিচাপে কাম কৰিছিল, তাত নিজকে দেখিবলৈ পায় সন্মানিত আৰু গৰ্বিত৷ এই নিৰ্বাচনত একক দল হিচাপে যুঁজ কৰিব৷ বাইডেনৰ অন্যতম প্রতিদ্বন্দ্বী বার্নি ছাণ্ডাৰ্ছে এপ্ৰিলত প্ৰচাৰ স্থগিত কৰে৷ তাৰ পাছতে ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী হিচাপে তেওঁৰ নাম মনোনীত কৰে৷ তেওঁৰ নাম দলৰ ১৯৯১জন প্রতিনিধিৰ সিদ্ধান্তৰ প্ৰয়োজন আছিল৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে এই কাম পিছুৱাই গৈছিল৷

হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সভা । হোজাই স্বাস্থ্য বিভাগত খালী থকা পদসমূহ শীঘ্ৰেই পূৰণৰ আশংকা।

হোজাইত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সভা।

হোজাই

হোজাই জিলাত দ্ৰুতগতিত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তেই শনিবাৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,বিত্ত আদি বিভাগৰ মন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা ,তেজপুৰ লােক সভা সমষ্টিৰ সাংসদ পল্লৱলােচন দাস আৰু স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ ( ৰাজ্যিক ) মন্ত্রী পিযুষ হাজৰিকা হােজাই জিলাত উপস্থিত হৈ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত স্থানীয় বিধায়ক শিলাদিত্য দেব আৰু শিবু মিশ্রৰ উপস্থিতিত হােজাই জিলা প্ৰশাসনৰ বিষয়ববিয়া আৰু স্বাস্থ্য বিভাগৰ লগত কভিড -১৯ ৰ উপৰত এক গুৰুত্বপূৰ্ণ পৰ্যালােচনা সভাত ভাগ লয়। সভাত উপায়ুক্ত ডঃ সদনেক সিংয়ে হােজাই জিলা প্রশাসনে কৰ’না ভাইৰাছ প্ৰতিৰােধৰ ক্ষেত্ৰত লােৱা পদক্ষেপ সমুহৰ বিষয়ে বিতং ভাবে অবগত কৰাৰ লগতে এক পাৱাৰ পয়েন্ট উপস্থাপন কৰে । সভাত ডঃ হিমন্ত বিশ্ব শর্মাই হােজাই জিলাত কৰ’না আক্ৰান্তৰ সংখ্যা দ্রুতগতিত বাঢ়ি গৈ থকাৰ প্রতি লক্ষ্য ৰাখি হােজাই জিলা প্রশাসন আৰু আৰক্ষী প্রশাসন অধিক তৎপৰতা অবলম্বনৰ লগতে মাস্ক নিপিন্ধা ব্যক্তি সকলক জৰিমনা আদায় কৰিবলৈ নির্দেশ দিয়ে । তাৰােপৰি কঠোৰ ভাবে স্বাস্থ্য বিধিৰ নীতি নিয়ম সমুহ পালন কৰাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি যাবলৈ নির্দেশ দিয়ে আৰু হােম কোৱাৰিনটিন ব্যৱস্থাটো যাতে সঠিক ভাবে ৰূপায়িত হয় তাৰ প্রতি সতর্ক দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে । তাৰােপৰি হােজাই স্বাস্থ্য বিভাগত খালি হৈ থকা পদ সমুহ অতিসােনকালে পূৰণৰ ব্যৱস্থা কৰা হব বুলি সভাত জনায় ।

ছয়টাকৈ স্থানেৰে উজলিল নলবাৰী জিলা ।

নলবাৰী

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী চহৰৰ পৰা দুগৰাকী তথা নলবাৰী বৰভাগ অঞ্চলৰ তিনি শিক্ষানুষ্ঠানৰ পৰা চাৰিটাকৈ কৃতি শিক্ষাৰ্থীয়ে ছয় টাকৈ স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই তৃতীয় স্থান দখল কৰি সুনাম অৰ্জন কৰে ৷ কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি বৈশ্যই পঞ্চম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে সমগ্ৰ অঞ্চলটোলৈ ৷ আনহাতে বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ দুই ছাত্ৰ মাচুম  মেহতাব আৰু ইমন বৈশ্যই  নৱম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনে ৷  শংকৰদেৱ শিশু নিকেতন, বৰভাগৰ ছাত্ৰ জ্যোতিস্মান দেৱশৰ্মাই ৫৯১ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, উচ্চ  গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮ আৰু সমাজ বিজ্ঞানত ৯৬ নম্বৰ লাভ কৰে ৷ বৰভাগৰ বৰৰা গাওঁ নিবাসী শিক্ষক কুলেশ্বৰ শৰ্মা আৰু ৰীতা দেৱীৰ পুত্ৰ জ্যোতিস্মানে নিতৌ ৮-৯ পঢ়ি আশা কৰামতে ফল লাভ কৰা বুলি কয় ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন আছে বুলি কয় ছাত্ৰজনে ৷ আনহাতে চতুৰ্থ স্থান লাভ কৰিছে নলবাৰীৰ নমস্যা ডেকাই ৷ ত্ৰৈলোক্য ডেকা আৰু দিপ্তী ডেকাৰ একমাত্ৰ ছোৱালী নমস্যা ৷ ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৯ অসমীয়াত ৯৫ গণিতত ৯৯ উচ্চ গণিতত ১০০ বিজ্ঞানত ১০০ আৰু সমাজবিজ্ঞান বিষয়ত ৯৭ নম্বৰ লাভ কৰি সৰ্বমুঠ ৫৯০ নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হয় । ৰাজ্য খনৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰি নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নমস্যা ডেকাই নলবাৰী বাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ নলবাৰী জিলাৰ সীমান্তৱৰ্তী তথা কামৰূপ জিলাৰ হাবলাখা গাওঁ নিবাসী তথা অম্বিকাগিৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফণীধৰ বৈশ্য আৰু  অংগনবাদী কৰ্মী প্ৰতিভা বৈশ্যৰ পুত্ৰ হিৰকজ্যোতিয়ে কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা  ৯৮.১৮ শতাংশ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে ৷ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা হিৰকজ্যোতি ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ বাসনা থকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ দৈনিক ৮-৯ ঘণ্টা অধ্যয়ণ কৰা ছাত্ৰজনে তেওঁৰ কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে শিক্ষাগুৰু সকলৰ অৱদান থকাৰ কথা প্ৰকাশ কৰে ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৮, সাধাৰণ  বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে ৷শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৌচম মেহতাবে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ৯৯ আৰু সাধাৰণ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰে ৷ বাৰাংহাটী গাওঁ নিবাসী তথা বাৰাংহাটী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ফাৰ্মাচিষ্ট চাদেক আলী আৰু মফিদা মল্লিকৰ পুত্ৰ মাচুম মেহতাবে নিতৌ ১০ ঘণ্টাকৈ পঢ়িছিল ৷ এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে মাচুমৰ ৷ শংকৰদেৱ শিশু নিকেতন ,বাহাৰঘাটৰ দ্বিতীয়গৰাকী নৱম স্থান লাভ কৰা ছাত্ৰ ইমন বৈশ্য ৷ ইমন বৈশ্যই ৫৮৫ নম্বৰ লাভ স্থান দখল কৰে ৷ তেওঁ অসমীয়াত ৯৩, ইংৰাজীত ৯৯, সাধাৰণ গণিতত ৯৬, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮আৰু উচ্চ গণিতত ৯৯ নম্বৰ লাভ কৰে ৷ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসী অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী খগেন চন্দ্ৰ বৈশ্য আৰু উষা বৈশ্যৰ পুত্ৰ ইমনে দৈনিক ৬-৭ ঘণ্টা পঢ়িছিল ৷ আশা কৰা মতে তেওঁ ফলাফল লাভ কৰা বুলি প্ৰকাশ কৰে ৷ তেৱোঁ  ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ বাসনা মনত পুহি ৰাখিছে ৷ সমান্তৰালভাৱে ৰাজ্যৰ খনৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শশাংক হালৈ  ৷ শশাংক হালৈ জগদীশ হালৈ আৰু   হিৰন হালৈৰ একমাত্ৰ পুত্ৰ ৷ নলবাৰী আনন্দ বিদ্যা নিকেতনৰ উত্তীৰ্ণ হোৱা শশাংকই সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে সাধাৰণ গণিতত ১০০ অসমীয়াত ৯২ ইংৰাজীত ৯৮ বিজ্ঞানত ৯৮ সমাজবিজ্ঞানত ৯৯ আৰু উচ্চ গণিতত ৯৭ নম্বৰ লাভ কৰে । ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ আশা মনত পুহি ৰাখিছে । আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীকে আজি বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানে উষ্ম অভিনন্দন জনায় ৷

নগাঁও কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ : অভিভাৱকে দিয়া টিফিন খৰচৰ এটা অংশ ৰাহি কৰা ধনেৰে হাতত লৈছে বৃক্ষৰোপন-বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী ।

এ জে আকন্দ‌, নগাঁও

নগাঁও মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰা এক অভিনৱ কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ পঙ্কজ বৰা, সৌৰভ দাস, ধিৰাজ কাশ্যপ নাথ, সুপ্ৰিয়া চৰকাৰ, পিন্স ডেকা আদিকে ধৰি কে’বাগৰাকী ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত গঠিত ”প্ৰাণ-দান” নামৰ এক অনুষ্ঠানৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী আবাসৰ লগতে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়কে প্ৰমুখ্য কৰি চহৰখনৰ কে’বাখনো বিদ্যালয়ত কালি অনুষ্ঠিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষৰোপন কৰাৰ লগতে চহৰখনৰ বাটে পথে লগ পোৱা একাংশ জনতা, ব্যৱসায়ী আদিক  বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এই যে, মহাবিদ্যালয়খনৰ এই কেইগৰাকী ছাত্র-ছাত্ৰীয়ে তেওঁলোকৰ অভিভাৱকে দিয়া টিফিন খৰচৰ পৰা এটা অংশ ৰাহি কৰি দীৰ্ঘদিন ধৰি ধন গোটাই গৈছিল আৰু সেই সাঁচতীয়া ধনেৰেই আজি তেওঁলোকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বৃক্ষৰোপন কৰাৰ লগতে ক’ৰণা ভাইৰাছৰ এই ভয়াবহ পৰিৱেশৰ মাজতে চহৰখনৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি একাংশ ৰাইজক মাস্ক বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে। লগতে নৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। যি সময়ত একাংশ নৱ প্ৰজন্মই মদ-ড্ৰাগছ আদি ৰাগিয়াল দ্ৰব্য সেৱন কৰাকে ধৰি বিভিন্ন কাৰণত উশৃংখলতাৰ দিশে গতি কৰিছে, সেই সময়ত একাংশ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ এনে গঠন মুলক কাৰ্য‌ক সকলোৱে প্ৰশংসা কৰিছে।

মঙলদৈৰ ৰুনাৰ উৎফুল্লিত দৰংবাসী । শাৰীৰিক ভাৱে অসুস্থ দৈনিক ১৮ টাকৈ টেবলেট খাই ৰুনাই। ৰুণাৰ হৈ পৰীক্ষাত লেখিছিল ভণীয়েকে।

মঙ্গলদৈ

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি  আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰুণা বৰাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে দৰংবাসী। মঙ্গলদৈ প্ৰফুল্ল নগৰ (বিদ্যানগৰ) ৰ কমল বৰা আৰু মামনী বৰাৰ ডাঙৰ ছোৱালী ৰুনা বৰাই শাৰীৰিক অসুস্থতাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মঙলদৈ কলেজিয়েট হাই স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল,  উত্তৰ মঙলদৈ হাইস্কুল পৰীক্ষা কেন্দ্ৰত ভনীয়েক তৃষ্ণা মনি বৰাৰ সতে পৰীক্ষা কেন্দ্ৰত ৰুনাই প্ৰশ্ন কাকতৰ প্ৰশ্নৰ উত্তৰ কৈ যায় আৰু ভনীয়েক তৃষ্ণাই পৰীক্ষাৰ উত্তৰ বহীত উত্তৰ লিখি যাই, এনে দৰে শাৰীৰিক বাধাকো নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৭ শতাংশ নম্বৰ লৈ দ্বিতীয় বিভাগত উত্তীৰ্ণ হবলৈ  সক্ষম হল ৰুনা। উল্লেখযোগ্য যেৰুনা বৰা জন্মগত ভাৱে এগৰাকী বিশেষ ভাবে সক্ষম ছোৱালী। তাই নিজে আনৰ সহায় নহলে বহাৰ পৰা উঠিব, এটা খোজকাঢ়িব নোৱাৰে।কিবা কাৰনত এদিনত এটা টেৱলেট তাইক খুৱাব নোৱাৰিলেও অচল হৈ পৰিব তাই।তাই নাই মুৰত কোনো চুলি ,মুখত দাত, দেহত থকা হাড় তেনেই ঠুনুকা। আনকি মাক বাপেকৰ সহায় নহলে তাই খাদ্য খাব বা শৌচ প্ৰসাৱ কৰিব নোৱাৰে। ৰুনাক প্ৰতিদিনত মুঠ ১৮ টাকৈ টেৱলেট খুৱাব লাগে, যাৰ মূল্য ৩৫০। জন্মগত ভাৱে অক্ষম ছোৱালীজনীৰ কেইবাবছৰো ঔষধ  দেউতাকে দিন হাজিৰা কৰি কৰিয়ে কিনি আছিল যদিও বিগত দুবছৰৰ পৰা স্বাস্থ্য বিভাগৰ পৰা বিনামূলীয়াকৈ লাভ কৰি আহিছে।  সাধাৰণতে এই ফলাফল সাধাৰণ তথাপি  ওচৰ চুবুৰীয়াৰ লগতে মঙ্গলদৈৰ বিধায়ক গুৰু জ্যোতি দাস, সমাজকৰ্মী পিংকু মণি দাস ছাত্ৰী গৰাকীৰ ঘৰলৈ গৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে । গাঁওৰ পৰিবেশৰ মাজত পঢ়িশুনা কৰিছিল ধৃতিৰাজ,ভৃগুমোহনে ।

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে

অজয় ডেকা,মঙলদৈ

সন্তানক চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত ৰাখি গাঁৱৰ পৰিবেশৰ মাজতে সংগোপনে শিক্ষাৰ ক্ষেত্ৰ খনত  আগবঢ়াই নিয়া দুটি সন্তানৰ পিতৃ মাতৃয়ে আজি আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হ’ল৷অকল পিতৃ মাতৃয়ে নহয় সেই অঞ্চলটোতো আজি বিৰাজ কৰিছে এক আনন্দ উৎসৱ মুখৰ পৰিবেশ৷ আকৌ এবাৰ প্ৰমান কৰিলে সেই দুই সন্তানৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক সু- শিক্ষিত কৰি গঢ়ি তুলিবলৈ চহৰৰ কোনো যান্ত্ৰিকতাৰ মাজলৈ যোৱাৰ প্ৰয়োজন নাই৷ আৰু তাক বাস্তৱত প্ৰতিপন্ন কৰি দেখুৱালে সেই কেইগৰাকী পিতৃ মাতৃৰ দুই সন্তান ধৃতিৰাজ আৰু ভৃগুমোহনে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান আৰু নৱম স্থান লাভ কৰি সমগ্ৰ দৰঙৰ লগতে ঐতিহাসিক পথৰুঘাটলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা আৰু শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগুমোহন কুমাৰে।সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান লাভ কৰাৰ পাছত আনন্দমুখৰ হৈ পৰিছে ধৃতিৰাজৰ বাসগৃহৰ লগতে দৰং বাসী। প্ৰথম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই অনা দৰং জিলাৰ বানেকুছি জাতীয় বিদ্যালয়ৰ ছাত্ৰ তথা পদুম পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হোৱা  ধৃতিৰাজ বাস্তৱ কলিতাই  ৫৯৫ (৯৯.১৭)নম্বৰ লাভ কৰি  প্ৰথম স্থানেৰে  সমগ্ৰ দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনা দৰঙৰ প্ৰথম গৰাকী ছাত্ৰ৷ পঢ়াৰ কোনো ধৰনৰ সময়সুচী নোলোৱাকৈ একাগ্ৰতাৰে পঢ়াত মনোনিৱেশ কৰি শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱা ধৃতিৰাজ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷ বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক ব্যাম বিভাগৰ প্ৰক্ষিশক নৱ কুমাৰ কলিতা আৰু টুলুমনি কলিতাৰ সন্তান ধৃতিৰাজ বাস্তৱ কলিতাই বৰমপুৰ জাতীয় বিদ্যালয়ত অংকুৰ শ্ৰেণীৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি দৰং জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে জাতীয় বিদ্যালয় খনৰো নাম উজ্জ্বলাই তুলিলে৷ ধৃতিৰাজ বাস্তৱ কলিতাই অসমীয়াত ৯৮, ইংৰাজীত ৯৯, সাধাৰণ গনিতত ১০০ ,সমাজ বিজ্ঞানত ৯৮, আৰু উচ্চ গনিতত ১০০ নম্বৰসহ মুঠ ৫৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ ধৃতিজৰৰ পিতৃ মাতৃয়ে আমাৰ সংবাদিকক  জনোৱা অনুসৰি কোনো ধৰনৰ ঘৰুৱা টিউচন নোলোৱাকৈ বিদ্যালয়ৰ শিক্ষক সকলৰ পৰা পোৱা শিক্ষাৰে এনে কৃতিত্ব লাভ কাৰৰ লগতে টিভি চোৱা আৰু মোবাইলৰ প্ৰতি কোনো ধৰনৰ ৰাপ নাই বুলি জনোৱাৰ লগতে মোবাইলটো কেৱল পঢ়াৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিছিল বুলি অৱগত কৰে৷ ইফালে নৱম স্থান লাভ কৰি দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ছাত্ৰ ভৃগু মোহন কুমাৰে । ৫৮৫ নম্বৰ লাভ কৰি এই নৱম স্থান দখল কৰে দৰঙৰ ছাত্ৰ গৰাকীয়ে ।অসমীয়াত ৯৮ ইংৰাজীত ৮২ অংকত ৯০ বিজ্ঞানত ৯০ উচ্চ গনিতত ৯০ আৰ সমাজ বিজ্ঞানত ৮৮, (৯৭.৫) শতাংশ নম্বৰ লাভ কৰি ছাত্ৰজনে অসমৰ ভিতৰত নৱম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ দৰঙৰ বৈৰাগীপাৰা নিবাসী তথা বেজভাগৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চন্দ্ৰ কুমাৰ আৰু বিজয়া বৰুৱা কুমাৰৰ পুত্ৰ তথা শ্ৰীমন্ত শঙ্কৰদেৱ  বিদ্যালয়ৰ ছাত্ৰ গৰাকীৰ ফলাফলত উৎফুল্লিত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰ ছাত্ৰী  তথা  দৰংবাসী ৷ভৃগুমোহনে জনোৱামতে প্ৰতিদিনে পঢ়িছিল ১৬/১৮ ঘন্টা পঢ়াৰ লগতে ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন পুহি ৰাখিছে৷ তিনিটা বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা ভৃগু মোহন কুমাৰে যুৱ সমাজক আহ্বান জনায় চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰি নিজৰ জীৱন ধংস কৰাৰ বিপৰীতে জীৱনৰ মুল্যবান সময়খিনি উদ্ভাৱনত ব্যৱহাৰ কৰিবলৈ ৷ ছাত্ৰ গৰাকীৰ সাফল্যত উৎসাহিত হৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ লোক তথা দল সংগঠনে ছাত্ৰ দুগৰাকীক আদৰনী জনাই৷ বিশেষকৈ মঙলদৈ বিধানসভা সমষ্টিৰ যুৱ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা শিক্ষা বিষয়া জৱাহিৰা টাবাচুম, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা , মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, প্ৰাক্তন সম্পাদক মুকুট হাজৰিকা,মঙলদৈ আঞ্চলিকৰ সম্পাদক দীপেন্দ্ৰ নাৰায়ন কোঁৱৰ,ৰানা আলম, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ ৰাজবংশী উপ সভাপতি নিৰঞ্জন শইকীয়া সাধাৰন সম্পাদক পৰাগ কুমাৰ চহৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি, আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক অৰুপ কলিতা,দৰং জিলা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, বিশিষ্ট সমাজকৰ্মী গৌতম চহৰীয়া,বিজেপি নেতা প্ৰনৱ বৰুৱাৰ লগতে বিশিষ্ট ব্যক্তি সকল তথা দৰং জিলাৰ বিভিন্ন দল সংগঠনৰ লোক উপস্থিত হৈ দুয়োকে উস্ম আদৰনি জনাই৷ দৰং জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ হৈ দুয়োগৰাকী কৃৰ্তীমানকে জিলা উপায়ুক্তই গামোচা, গ্ৰন্থ, মাস্ক, চেনিটাইজাৰ প্ৰদান কৰি সম্বন্ধনা জ্ঞাপন কৰে৷ 

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পয্যালোচনা ।

শিৱসাগৰ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে বিস্তৃতভাৱে পয্যালোচনা কৰে। উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক পয্যালোচনা সভাত সভাপতিত্ব কৰি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য,  আৰক্ষী,  গড়কাপ্তানী,  জনস্বাস্থ্য কাৰিকৰী আৰু শিক্ষা বিভাগৰ মূৰব্বী বিষয়া সকলৰ পৰা ক’ভিড-১৯ ৰোগ প্ৰতিহত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত বুজ লয়। এই পৰ্যালোচনা সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ‌ হাজৰিকা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া, সোনাৰী সমষ্টিৰ বিধায়ক নৱনিতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীননন্দন গগৈকে আদি কৰি জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সভাৰ অন্তত মন্ত্ৰী ডঃ শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। জিলাখনৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভ্ৰমণ কালত আজি পুৱা জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু আন্তঃগাঁথনি সন্দৰ্ভত বিতংভাৱে বুজ লয়।

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ লিয়াকট সামৰিক হাস্পতালত ডাউদ ইব্রাহিমক ভৰ্ত্তি কৰোৱা হৈছিল৷ মুম্বাই ধাৰাবাহিক বিস্ফোৰণা অন্যতম অভিযুক্ত আছিল আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিম৷ প্ৰাপ্ত খবৰ মতে শুকুৰবাৰে নিশা ক’ৰোনাত আক্ৰান্ত হৈ ডাউদ ইব্রাহিমৰ মৃত্যু হয়৷ কৰাচীৰ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱাৰ পাছত ডাউদক লৈ লিয়াকট সামৰিক চিকিৎসালয়ত চূড়ান্ত ব্যস্ততা দেখা গৈছিল৷ পাকিস্তান সেনাৰ শীৰ্ষ বিষয়া আৰু চোৰাংচোৱা সংস্থা আইএছআইৰ কেইবাজনো বিষয়াক এই চিকিৎসালয়খনত গম্ভীৰ মুখেৰে প্ৰৱেশ কৰা আৰু ওলাই যোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰাচীৰ সামৰিক চিকিৎসালয়ত পত্নীসহ ডাউদ ইব্ৰাহিমক ভৰ্ত্তি কৰোৱা হৈছিল বুলি জানিব পৰা গৈছে৷ আনহাতে আণ্ডাৰ ৱ’ৰ্ল্ড ডনৰ ভাতৃ অনিছ ইব্রাহিমে কৰা দাবী মতে তেওঁৰ ককায়েক আৰু বৌয়েকৰ শৰীৰত ক’ভিড জীৱাণু পোৱা নাই৷ প্ৰাপ্ত খবৰ মতে ডাউদৰ সকলো নিৰাপত্তাৰক্ষী আৰু সহচৰসকলক কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে৷ উল্লেখ্য যে ডাউদ পৰিয়ালসহ পাকিস্তানত লুকাই আছিল আৰু তাৰ পৰাই অপৰাধ জগতৰ ৰিম’ট নিয়ন্ত্ৰণ কৰি আছিল৷ এই কথা আগেয়েই ইছলামাবাদক তথ্য সহকাৰে জনাইছিল নতুন দিল্লীয়ে৷ কিন্তু সেই তথ্য বাৰম্বাৰ অস্বীকাৰ কৰি থাকে পাকিস্তানে৷ 

কলিয়াবৰৰ চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ পৰা ডিষ্টিংচন লৈ উত্তীৰ্ণ হ’ল দৰিদ্ৰ পৰিয়ালৰ সন্তানে ।

দৰিদ্ৰতাৰ মাজতো শ্বাকিলৰ সফলতা

কলিয়াবৰ

অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চিকণী-বৰহোলাত। দৰিদ্ৰতাত কক-বকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ এইজন ছাত্ৰই আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল সুখ্যাতিৰে। নিজৰ মাটি-ভেটিহীন পিতৃ – মাতৃৰ সন্তান শ্বাকিল আহমেদ চৰকাৰী খণ্ডৰ চিকণী-বৰহোলা উচ্চ মাধ্যমিক বিদ্যায়লত অধ্যয়ন কৰি আটাইকেইটা বিষয়তে লেটাৰ মাৰ্কসহ ৮৬.৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হ’ল। ইংৰাজীত – ৮৪, অসমীয়াত – ৯২, সাধাৰণ গণিতত – ৮৮, সাধাৰণ বিজ্ঞানত ৮১, সমাজ বিজ্ঞানত – ৮০ আৰু ঐচিক হিন্দী বিষয়ত ৮৬ নম্বৰৰে মুঠ ৫১৮ নম্বৰ লাভ কৰিছে। বৰ্তমান শিক্ষা ব‍্যৱস্থা আৰু আন বহু ছাত্ৰ-ছাত্ৰীৰ বাবে ৮৬.৩ % নম্বৰ গুৰুত্বহীন হ’লেও দৰিদ্ৰ পৰিয়ালটিৰ লগতে চুবুৰীয়াক আনন্দিত কৰিছে শ্বাকিলৰ এই সফলতাই। দৰিদ্ৰ ছাত্ৰজনে ভৱিষ‍্যতে ইয়াতকৈও অধিক সফল হৈ পিতৃ-মাতৃৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনক। পুণৰবাৰ প্ৰমাণিত হ’ল – সুগন্ধি ফুল য’তেই নাথাকক কিয়, তাৰ সুগন্ধি বিয়পিবই।জখলাবন্ধা বাণিজ‍্যিক কেন্দ্ৰৰ প্ৰায় লগতে লাগি থকা আগতীয়া বাৰিষাৰ পানীয়ে যাতায়তৰ সমস‍্যাৰ সৃষ্টি কৰা এখন গাঁৱৰ বাসিন্দা শ্বাকিলৰ পিতৃয়ে কবিৰাজী কৰি পোহপাল দিয়ে পৰিয়ালটো, আনহাতে মাতৃ মানসিকভাৱে অসুস্থ। তাৰ মাজতেই অতি সীমিত সা-সুবিধাৰ মাজতেই শ্বাকিলে দেখুৱাইছে একাগ্ৰতাৰ অনন‍্য উদাহৰণ। আনহাতে, আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুণৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয়ে আধিপত‍্য বিস্তাৰ কৰে। কলিয়াবৰৰ অসমীয়া মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় ক্ৰমে শিশু বিদ‍্যাপীঠ উচ্চ মাধ‍্যমিক বিদ‍্যালয়, কুঁৱৰীটোল আৰু শঙ্কৰদেৱ শিশু নিকেতন, কলিয়াবৰ তিনিআলিয়ে ১০০% সফলতা লাভ কৰে। ইংৰাজী মাধ‍্যমৰ ব‍্যক্তিগত খণ্ডৰ বিদ‍্যালয় চেণ্ট ৰৱাৰ্টচ হাইস্কুল, জখলাবন্ধা আৰু আয়ুস পাব্লিক স্কুল, জখলাবন্ধাৰে উত্তীৰ্ণৰ হাৰ ১০০%। তাৰ বিপৰীতে চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয় মধ‍্য কলিয়াবৰ উচ্চ মাধ‍্যমিক বালিকা বিদ‍্যালয়ে ১০০% ফলাফলৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।