২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)। ১৫ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ (স্নাতক আৰু দশম শ্ৰেণীৰ) পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৭ অক্টোবৰ তাৰিখে চতুৰ্থ বৰ্গৰ (HSLC আৰু অষ্টম শ্ৰেণীলৈকে) পৰীক্ষা অনুষ্ঠিত হয়। লিখিত পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব, য’ত দক্ষতা পৰীক্ষণ তথা তথ্য-পাতি পৰীক্ষণ সম্পন্ন কৰা হ’ব।
ঝুমইৰ নৃত্য আৰু এডভাণ্টেজ আছাম ২.০
ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে, ২৪ ফেব্ৰুৱাৰীত ৮০০০ ডেকা-গাভৰুৱে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিব। এই ঐতিহ্যবাহী নৃত্য উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৫১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল উপস্থিত থাকিব।
এতেকেই নহয়, ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এই গম্ভীৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, টাটা গ্ৰুপৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেক্ৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ লগতে বহু বিশিষ্ট উদ্যোগপতি উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অসমত ব্যৱসায়ৰ সম্ভাৱনাৰ দিশত এই অনুষ্ঠান অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Vastu Tips: এই ৫ টা কাম গা ধোৱাৰ পিছত ভুলতেও নকৰিব !
প্ৰতিদিনে আমি গা ধুওঁ। সদায় গা ধুলে শৰীৰ পৰিষ্কাৰ হোৱাৰ লগতে মনৰো ধনাত্মক শক্তি সৃষ্টি হয়। যদি আমি শাস্ত্ৰৰ কথা কওঁ, তেন্তে শাস্ত্ৰত গা ধোৱাৰ সম্পৰ্কে বহুতো নিয়ম উল্লেখ কৰা হৈছে, যিবোৰ আমি সকলোৱে পালন কৰা উচিত। যদি এনে কৰা নহয় তেন্তে পৰিয়ালটোৰ লগত কিবা এটা অশুভ ঘটনা ঘটাৰ সম্ভাৱনা বাঢ়ি যায়।(Vastu Tips)
গা ধোৱাৰ পিছত কি কি কাম কৰিব নালাগে-
বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও চেণ্ডেল পিন্ধি গা ধুব নালাগে। গা ধোৱাৰ আগতে চেণ্ডেল খুলিব ল’ব। যদি ঠাণ্ডাৰ বাবে চেণ্ডেল খুলিবলৈ বেয়া পাই তেন্তে গা ধুই ভৰিত পানী ঢালি দিব নিদিব। এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।
ডুবাইত থকা ক্ৰিকেটাৰসকলক সাক্ষাৎ কৰিব পাৰিব পৰিয়ালসমূহে। চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় খেলুৱৈৰ পত্নী তথা পৰিয়ালে ডুবাইত চেম্পিয়নছ ট্রফী উপভোগ কৰাৰ অনুমতি প্রদান BCCIৰ। কিন্তু আছে এটা চৰ্ত।
২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি কৰিব। ভাৰতে ফাইনেলত প্ৰৱেশ কৰিলেও এই প্ৰতিযোগিতা তিনি সপ্তাহতকৈ বেছি দিন নহ’ব। ব’ৰ্ডৰ গাইডলাইনত উল্লেখ আছে যে যদি ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণ হয়, তেন্তে পৰিয়ালটোৱে দুসপ্তাহ ক্ৰিকেটাৰৰ লগত থাকিব পাৰিব। এই ক্ষেত্ৰত যিহেতু প্ৰতিযোগিতাৰ দিনবোৰ অতি কম, সেয়েহে ক্ৰিকেটাৰসকলে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰিব বুলি ব’ৰ্ডে উল্লেখ কৰিছিল। সেই সিদ্ধান্ত সলনি হ’ল।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্দেশনাৰ সত্ত্বেও এজন জ্যেষ্ঠ ক্ৰিকেটাৰে নিজৰ পৰিয়ালক লগত লৈ যাবলৈ অনুমতি লাভ কৰিবলৈ আৱেদন কৰিছিল, যিটো ব’ৰ্ডে নাকচ কৰিছিল। এইবাৰ বিচিচিআইয়ে ঘোষণা কৰিছে যে ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ লোকে এখন খেলৰ বাবে ডুবাইলৈ যাব পাৰিব। অৱশ্যে কোনখন মেচত অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰসকলে সিদ্ধান্ত ল’ব। ক্ৰিকেটাৰসকলে লিখিতভাৱে ব’ৰ্ডক অৱগত কৰিব লাগিব কোন পৰিয়ালৰ সদস্য কোনখন খেলৰ বাবে ডুবাইলৈ যাব। ইয়াৰ পিছত ব’ৰ্ডে অনুমতি দিব।
চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটো পাকিস্তানলৈ নাযায়। ডুবাইত সকলো খেল খেলিব ৰোহিত শৰ্মাই। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৰোহিতে পৰৱৰ্তী গ্ৰুপ মেচ পাকিস্তান (২৩ ফেব্ৰুৱাৰী) আৰু নিউজিলেণ্ড (২ মাৰ্চ)ৰ বিৰুদ্ধে খেলিব। যদি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে তেন্তে ৪ মাৰ্চত খেলিব। ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল। এই যিকোনো মেচতে ক্ৰিকেটাৰসকলৰ লগত পৰিয়াল থাকিব।
আমাৰ আধুনিক জীৱনশৈলীয়ে আমাৰ খাদ্যাভ্যাসত বহু পৰিৱৰ্তন আনিছে। (Packed Chips)আজিকালি বেছিভাগ মানুহেই সকলো সময়তে সতেজ খাদ্য প্ৰস্তুত কৰিবলৈ সময় নাপায়। বিশেষকৈ ভ্ৰমণৰ সময়ত আমি পেক কৰা খাদ্য খাওঁ, য’ত আলুৰ চিপচো থাকে। এই চিপচবোৰ শিশুৰ মাজতো যথেষ্ট জনপ্ৰিয় আৰু শিশুৱে প্ৰায়ে এনে চিপছ খাই ভালপাই, কিন্তু আপুনি জানেনে ই আমাৰ স্বাস্থ্যৰ কিমান ক্ষতি কৰিব পাৰে। আজি চিপচ খোৱাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক।
পেকেট চিপছত অধিক পৰিমাণৰ তেল, নিমখ আৰু প্ৰচেছড কাৰ্বহাইড্ৰেট থাকে, যিয়ে ইয়াক স্বাস্থ্যৰ বাবে বিপজ্জনক কৰি তুলিব পাৰে। বিশেষকৈ যুৱক-যুৱতী আৰু শিশুৰ বাবে এই পেকেট চিপছবোৰ অত্যধিক কেলৰিৰ উৎস হ’ব পাৰে, বিশেষকৈ চৰ্বি আৰু ছডিয়ামৰ উৎস হ’ব পাৰে, যাৰ ফলত ওজন বৃদ্ধি, উচ্চ ৰক্তচাপ, সাধাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
চিপছৰ কিছুমান পেকেটত স্পষ্টকৈ লিখা আছে যে ইয়াত বহু পৰিমাণে পাম অইল ব্যৱহাৰ কৰা হয় যদিও এই তেল সস্তীয়া, যাৰ বাবে আপুনি ১০ৰ পৰা ২০ টকাৰ কম দামত চিপছ পায়। কিন্তু ই স্বাস্থ্যৰ বাবে অতি বিপদজনক, ই হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। গতিকে চিপচ কিনাৰ সময়ত ইয়াৰ উপাদানসমূহ পঢ়িব যাতে কোনো ধৰণৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰে।