গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, ৭ মাৰ্চৰ আগতে পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ’ব। ফলাফলক লৈ কোনো ধৰণৰ উৎকণ্ঠা নথকাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰত্যেকখন বহী বা OMR শ্বীট তথা Answer Key এতিয়া প্ৰাৰ্থীসকলৰ হাতত আছে, গতিকে তেওঁলোকৰ নিজেই নিজৰ ফলাফলৰ স্থিতি অনুমান কৰিবলৈ সক্ষম।”
নিয়োগ প্রক্রিয়াত স্বচ্ছতা
মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত নিয়োগ প্রক্রিয়াত ব্যাপক দুৰ্নীতি হৈছিল। কংগ্ৰেছ শাসনত টকা-পইচাৰ বিনিময়েই চাকৰি লাভৰ একমাত্ৰ মাপকাঠি আছিল। এতিয়াৰ চৰকাৰে সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি, পৰীক্ষাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।
ADRE পৰীক্ষাৰ বিবৰণ
২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)। ১৫ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ (স্নাতক আৰু দশম শ্ৰেণীৰ) পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৭ অক্টোবৰ তাৰিখে চতুৰ্থ বৰ্গৰ (HSLC আৰু অষ্টম শ্ৰেণীলৈকে) পৰীক্ষা অনুষ্ঠিত হয়। লিখিত পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব, য’ত দক্ষতা পৰীক্ষণ তথা তথ্য-পাতি পৰীক্ষণ সম্পন্ন কৰা হ’ব।
ঝুমইৰ নৃত্য আৰু এডভাণ্টেজ আছাম ২.০
ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে, ২৪ ফেব্ৰুৱাৰীত ৮০০০ ডেকা-গাভৰুৱে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিব। এই ঐতিহ্যবাহী নৃত্য উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৫১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল উপস্থিত থাকিব।
এতেকেই নহয়, ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এই গম্ভীৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, টাটা গ্ৰুপৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেক্ৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ লগতে বহু বিশিষ্ট উদ্যোগপতি উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অসমত ব্যৱসায়ৰ সম্ভাৱনাৰ দিশত এই অনুষ্ঠান অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।