Home Blog Page 352

গোৱালপাৰা জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বৈঠক আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ। Minister Ranjit Kumar Das

গোৱালপাৰা জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বৈঠক আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ। Minister Ranjit Kumar Das
গোৱালপাৰা জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বৈঠক আৰু বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ। Minister Ranjit Kumar Das

দিছপুৰ, ১১ ফেব্ৰুৱাৰী, ২০২৫: Minister Ranjit Kumar Das । অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গোৱালপাৰা জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এমজিএনআৰইজিএ (MGNREGA), প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আদি আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ সময়সাপেক্ষ ৰূপায়ন নিশ্চিত কৰিবলৈ বিষয়াসকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত গোৱালপাৰা জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰীৰ লগতে বিভিন্ন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাকাইটাৰীত অৱস্থিত শ্ৰীশ্ৰী নিৰঞ্জন মহাপ্ৰভুৰ পীঠত আয়োজিত পাল নামৰ সোনালী জয়ন্তী অনুষ্ঠানৰ মুকলি সভাত অংশগ্রহণ কৰে। তাত গুৰুজনাৰ ১০১ টা কলাৰ বিষয়ত বক্তব্য প্ৰদান কৰি শ্ৰীমন্ত শংকৰদেৱৰ বৃহত্তৰ অসমীয়া জাতি গঠনত অৱদানৰ কথা স্মৰণ কৰে।

তেওঁ লগতে গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰ মহাপীঠস্থান পৰিচালনা সমিতিৰ দ্বাৰা মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত উৎসৱৰ অন্তৰ্গত গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ‘সাহিত্যম: শ্ৰীসূৰ্যপাহাৰৰ ইতিহাস আৰু ঐতিহ্য’ শীৰ্ষক ড° পৰিতোষ চক্ৰৱৰ্তী আৰু ড° ভৱেশ দাস সম্পাদিত গ্ৰন্থখনৰো আনুষ্ঠানিক উন্মোচন কৰে।

মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা জিলাৰ ঐতিহ্যবাহী ধৰ্মীয় আৰু সাংস্কৃতিক পৰিসৰৰ অধিক উন্নয়নৰ প্ৰয়োজনীয়তা উল্লেখ কৰি সংশ্লিষ্ট সকলক সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

জ্যোতিৰূপাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন । Jyotirupa’s

জ্যোতিৰূপাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন । Jyotirupa's
জ্যোতিৰূপাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী নাট সমাৰোহৰ আয়োজন । Jyotirupa's

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী, ২০২৫: Jyotirupa’s । সমাজ-সংস্কৃতিকমূলক অনুষ্ঠান ‘জ্যোতিৰূপা’ই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণত বিশেষ নাট সমাৰোহৰ আয়োজন কৰিছে।
সপ্তদশ বাৰ্ষিকী উদযাপন উপলক্ষে ১৬ ফেব্ৰুৱাৰী, ২০২৫ৰ পৰা ১৯ ফেব্ৰুৱাৰী, ২০২৫লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাৰিদিনীয়া কাৰ্যসূচী হাতে-লোৱা হৈছে।
প্রতিদিনে সন্ধিয়া ৬ বজাৰ পৰা আয়োজন কৰা এই সমাৰোহে অসমৰ নাট্যপ্ৰেমী ৰাইজক আকৃষ্ট কৰাৰ আশা প্ৰকাশ কৰিছে।

সমাৰোহৰ প্রথম দিনত ১৬ ফেব্ৰুৱাৰী, দেওবাৰে, যোৰহাট থিয়েটাৰৰ ‘কলৰে পাততে কাউৰী পৰে’ নাট মঞ্চস্থ হ’ব। এই নাটৰ ৰচনা প্ৰশান্ত কটকীৰ আৰু পৰিচালনা পৱিত্ৰ বৰুৱাৰ।
১৭ ফেব্ৰুৱাৰী, সোমবাৰে, গুৱাহাটীৰ ‘সূর্য’ নাট দলৰ নিবেদন ‘স্মৃতি তাৰ সুগন্ধি পখিলা’ আৰু ‘মুখামুখি’ মঞ্চস্থ কৰা হ’ব, যাৰ পৰিচালনা কৰিছে নয়ন প্ৰসাদে।

১৮ ফেব্ৰুৱাৰী, মঙলবাৰে, পুৰণিগুদাম, নগাঁওৰ ‘বঙ্গালয়’ নাট দলৰ ৰচনা আৰু পৰিচালনা মৃণাল কুমাৰ বৰাৰ ‘হাঁহিৰ আঁৰৰ বাঁহী’ মঞ্চস্থ কৰা হ’ব।
শেষ দিনা ১৯ ফেব্ৰুৱাৰী, বুধবাৰে, তেজপুৰৰ ‘জে বি প্ৰডাকচন’ দলৰ মহেশ এল কোনচৱাৰৰ মূল নাটৰ অনুবাদ আৰু পৰিকল্পনা ডাঃ জাহানাৰা বেগমৰ ‘ৰক্তপুষ্প’ মঞ্চস্থ কৰা হ’ব।

ৰাধাগোবিন্দ বৰুৱাৰ অৱদানৰ ওপৰত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি ‘জ্যোতিৰূপা’ই অসমৰ নাট্য সংস্কৃতিৰ বিকাশৰ এক নতুন দিশ উন্মোচন কৰাৰ চেষ্টা কৰিছে।
সভাপতিত্বত প্রফুল্ল গোবিন্দ বৰুৱাৰ নেতৃত্বত অনুষ্ঠানটোৱে গুণগত নাট্য পৰিবেশনা আৰু নৱপ্ৰজন্মৰ শিল্পীক আগবঢ়াই দিয়াৰ উদ্দেশ্যে বিশেষ ভূমিকা পালন কৰি আহিছে।

আশা কৰা হৈছে, এই সমাৰোহে অসমীয়াৰ নাট্য সংস্কৃতিৰ সম্পদক সুৰক্ষিত ৰাখি, নতুন পথ সৃষ্টিৰ বাবে প্ৰেৰণা যোগাব।

Child Health Care: আপোনাৰ সন্তানৰ কথা কোৱাত পলম হৈছে নেকি, ইয়াৰ কাৰণ কি ?

Child Health Care: আপোনাৰ সন্তানৰ কথা কোৱাত পলম হৈছে নেকি, ইয়াৰ কাৰণ কি ?
Child Health Care: আপোনাৰ সন্তানৰ কথা কোৱাত পলম হৈছে নেকি, ইয়াৰ কাৰণ কি ?

আজিকালি সৰু ল’ৰা-ছোৱালীৰ স্ক্ৰীণৰ সময় বহু বাঢ়িছে। বেছিভাগ শিশুৱেই স্মাৰ্টফোন বা টিভি চাই সময় কটাই। এক অধ্যয়নত প্ৰকাশ পাইছে যে অত্যধিক স্ক্ৰীণ টাইমে শিশুৰ ভাষাত প্ৰভাৱ পেলায়। পৰ্দাত বেছি সময় কটালে শিশুৰ ভাষাৰ বিকাশ লেহেমীয়া হয়।(Child Health Care)

টিভি, স্মাৰ্টফোন আদিৰ অত্যধিক ব্যৱহাৰে শিশুৰ ভাষা শিকাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আন্তঃৰাষ্ট্ৰীয় অধ্যয়নত প্ৰকাশ পাইছে যে সৰু ল’ৰা-ছোৱালীক কিতাপৰ সৈতে জড়িত কৰি প্ৰাপ্তবয়স্কৰ সৈতে একেলগে পৰ্দা চোৱাটোৱে তেওঁলোকৰ ভাষা দক্ষতা বৃদ্ধি কৰিব পাৰে। লেটিন আমেৰিকাৰ ২০খন দেশৰ গৱেষকৰ নেতৃত্বত চলা এই অধ্যয়নত ১২ৰ পৰা ৪৮ মাহৰ বয়সৰ ১৮৭৮টা সৰু শিশুৰ তথ্য বিশ্লেষণ কৰা হৈছে। ইয়াত অভিভাৱকসকলক সোধা প্ৰশ্নৰ ভিত্তিত শিশুৰ পৰ্দাৰ ব্যৱহাৰ, কিতাপৰ সৈতে জড়িত, ভাষা বিকাশ আৰু অন্যান্য দিশসমূহ পৰীক্ষা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক অৱস্থা, পিতৃ-মাতৃৰ শিক্ষা আৰু চাকৰিৰ বিষয়েও পৰ্যালোচনা কৰা হয়।

PLOS One নামৰ আলোচনীখনত প্ৰকাশিত এই গৱেষণাত দেখা গৈছে যে সৰু ল’ৰা-ছোৱালীৰ বাবে সৰ্বাধিক ব্যৱহৃত মাধ্যম হৈছে টিভি, যি গড়ে দিনটোত এঘণ্টাৰো অধিক সময় চোৱা হৈছিল। ইয়াৰ ফলত শিশুৰ ভাষা বিকাশৰ গতি লেহেমীয়া হ’ব পাৰে। তদুপৰি এই অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে মনোৰঞ্জনৰ অনুষ্ঠান শিশুৱে বেছিকৈ চোৱা, আনহাতে সংগীত আৰু শিক্ষামূলক অনুষ্ঠান দ্বিতীয় আৰু তৃতীয় স্থানত আছে। দুৰ্বল অৰ্থনৈতিক অৱস্থাৰ পৰিয়ালত কিতাপ আৰু শৈক্ষিক সম্পদৰ ব্যৱহাৰ কম হোৱা দেখা গৈছিল।

যিসকল শিশুৱে অধিক টিভি, স্মাৰ্টফোনত সময় কটাই তেওঁলোকৰ শব্দভাণ্ডাৰ সীমিত। আনহাতে, যিসকল শিশুৱে কিতাপৰ সৈতে অধিক জড়িত হৈছিল বা প্ৰাপ্তবয়স্কৰ সৈতে টিভি, স্মাৰ্টফোন চাইছিল, তেওঁলোকৰ ভাষাৰ দক্ষতা উন্নত হোৱা দেখা গৈছিল। কিন্তু পৰ্দা ব্যৱহাৰ আৰু শিশুৰ শাৰীৰিক বিকাশৰ মাজত কোনো সুনিৰ্দিষ্ট সম্পৰ্ক পোৱা নগ’ল।

এই অধ্যয়নে পূৰ্বৰ গৱেষণাক নিশ্চিত কৰিছে যে অত্যধিক পৰ্দাৰ সময়ে সৰু ল’ৰা-ছোৱালীৰ ভাষা শিকাৰ ক্ষমতাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

Narendra Modi: সুস্থ শৰীৰৰ দুটা টিপছ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

Narendra Modi: সুস্থ শৰীৰৰ দুটা টিপছ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !
Narendra Modi: সুস্থ শৰীৰৰ দুটা টিপছ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে !

ৰাতিৰ আহাৰ গধূলিৰ আগতে খাব লাগে আৰু বহুত সোনকালে শুব লাগে। ঠিক যেনেকৈ এজন খেতিয়কে নিজৰ দৈনন্দিন কাম-কাজ সময়তে কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শৰীৰৰ ওজন কমাবলৈ আৰু সুস্থ হৈ থাকিবলৈ দিলে পৰামৰ্শ। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’লে, হৃদৰোগ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আদি সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব পাৰি।(Narendra Modi)


‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ অষ্টম খণ্ডত মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি পুষ্টি তত্ত্বৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ যে যদি আপুনি ওজন কমাব বিচাৰে আৰু শৰীৰ সুস্থ ৰাখিব বিচাৰে তেন্তে সন্ধিয়া ৭ বজাৰ আগতে ৰাতিৰ আহাৰ খাব লাগে। তেওঁ এটা উদাহৰণ দিলে, “এজন কৃষকে গধূলিৰ আগতেই ৰাতিৰ আহাৰ গ্ৰহণ কৰে।” সন্ধিয়া ৫ৰ পৰা ৬ বজাৰ ভিতৰত খাই শেষ কৰে। তেওঁ সোনকালে শুই যায় আৰু সোনকালে সাৰ পায়। এই কাৰণেই তেওঁলোক ইমান কঠোৰ পৰিশ্ৰমী। “তেওঁলোকৰ স্বাস্থ্যও ভাল আৰু সহজে জটিল ৰোগত আক্ৰান্তও নহয়।”

যিহেতু স্বাস্থ্য বিশেষজ্ঞসকলে দেশৰ জনসাধাৰণৰ সামগ্ৰিক মংগলৰ বাবে চিন্তিত হৈ পৰিছে, সেয়েহে প্ৰধানমন্ত্ৰী মোদীয়ে সুস্থ হৈ থকাৰ বাবে দুটা টিপছ শ্বেয়াৰ কৰিলে। -এটা, সন্ধিয়া ৭ বজাৰ আগতে খাদ্য খোৱা আৰু দ্বিতীয়তে ৰাতি সোনকালে শোৱা। ইয়াৰ দ্বাৰা পাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলিব আৰু শৰীৰত চৰ্বি জমা নহ’ব।

এই বিষয়ৰ ওপৰত ২০২৩ চনত ‘ফ্ৰন্টিয়াৰ্ছ ইন নিউট্ৰিচন’ নামৰ আলোচনীখনত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। তাত গৱেষকসকলে জনোৱা মতে, সন্ধিয়া ৭ বজাৰ আগতে ৰাতিৰ আহাৰ খোৱাসকলৰ আয়ুস ৩৫ শতাংশ বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, আগতীয়াকৈ খোৱা আৰু পাতল আহাৰ খোৱাতো আপোনাৰ টোপনি ভাল হয়। গৱেষকসকলে বহু লোকৰ ওপৰত সমীক্ষা চলাই তেওঁলোকৰ ফলাফল দাঙি ধৰে। কোৱা হয় যে পুষ্টি আৰু টোপনিৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। যদি হজম শক্তি ভাল হয় আৰু শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰে তেন্তে টোপনিৰ কোনো সমস্যা নহ’ব। হৰম’নৰ ভাৰসাম্যও বজাই ৰাখিব আৰু কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, আৰু ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰিত হ’ব। ফলত হৃদৰোগ আৰু মধুমেহ ৰোগৰ সম্ভাৱনা কমি যাব।

আনহাতে প্ৰধানমন্ত্ৰীৰ সুস্থ শৰীৰ টিপছৰ পিছতে এগৰাকী চিকিৎসকে কয় যে যদি আপুনি সন্ধিয়াতে ৰাতিৰ আহাৰ খাব বিচাৰে তেন্তে পাতলীয়া খাদ্য খাব লাগে। কাৰ্বহাইড্ৰেট পৰিহাৰ কৰি অলপ প্ৰটিন খালে ভাল। তাৰ লগতে প্ৰতিদিনে কমেও ৩০ মিনিট ব্যায়াম কৰাটোও গুৰুত্বপূৰ্ণ। খোজ কঢ়া, দৌৰা, জগিং কৰা, সাঁতোৰা বা যোগাসন কৰাটোৱে আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব।

Pallab Bora: জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু

Pallab Bora: জ্যেষ্ঠ ভিডিঅ' জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু
Pallab Bora: জ্যেষ্ঠ ভিডিঅ' জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু

জ্যেষ্ঠ ভিডিঅ’ জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ মৃত্যু।(Pallab Bora)

নিশা হৃদৰোগত আক্ৰান্ত হৈ প্ৰাণ গ’ল জাৰ্ণেলিষ্ট পল্লৱ বৰাৰ।

তেখেতৰ মৃত্যুত শোক প্ৰকাশ সাংবাদিক, সংগঠনৰ।

শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন।

‘ষ্টাৰ নিউজ’ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্রতিনিধি আছিল পল্লৱ বৰা।

Sanam Teri Kasam: ৯ বছৰৰ পিছত ছুপাৰহিট ‘চনম তেৰী কছম’ ৪ দিনত সংগ্ৰহ ৩০ কোটি !

Sanam Teri Kasam: ৯ বছৰৰ পিছত ছুপাৰহিট 'চনম তেৰী কছম' ৪ দিনত সংগ্ৰহ ৩০ কোটি !
Sanam Teri Kasam: ৯ বছৰৰ পিছত ছুপাৰহিট 'চনম তেৰী কছম' ৪ দিনত সংগ্ৰহ ৩০ কোটি !

হৰ্ষবৰ্ধন ৰাণে আৰু মাউৰা হুছেইনৰ অভিনীত ৰোমান্টিক ছবি চনম তেৰী কছম ২০১৬ চনত মুক্তি লাভ কৰিছিল। তেতিয়া এই ছবিখনে বক্স অফিচত ফ্লপ হৈছিল। ৯ বছৰৰ পাছত ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত পুনৰ মুক্তি পালে এই ছবিখন। মুক্তিৰ লগে লগে ছবিখনে ৯ বছৰ মুক্তিৰ সংগ্ৰহতকৈ অধিক উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। এই চিনেমাখনে বৰ্তমান অভিলেখ ভংগ কৰিছে।(Sanam Teri Kasam)

বলীউডৰ বহু ছবি পুনৰ মুক্তি দিয়া হয়। এইবাৰ পুনৰ মুক্তিত জয়লাভ কৰিছে চনম তেৰী কছম। পুনৰ মুক্তি পোৱাৰ লগে লগে এই চিনেমাখনে দৰ্শকৰ মন জয় কৰিছে। ছবিখনে বক্স অফিচত আচৰিত ধৰণে প্ৰদৰ্শন কৰিছে। ফ্লপৰ পৰা ছুপাৰহিটলৈ পৰিণত হোৱা চনম তেৰী কছমে পুনৰ মুক্তিৰ প্ৰথম দিনা ৫.১৪ কোটি টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা ৬.২২ কোটি টকা উপাৰ্জন কৰে। দুদিনৰ ভিতৰতে ১১.৩৬ কোটি টকা সংগ্ৰহ কৰিছিল। ৪ দিনৰ ভিতৰত ৩০ কোটি টকাৰ নেট সংগ্ৰহ কৰিছে ছবিখনে।

চনম তেৰী কছম এখন ৰোমান্টিক ছবি য’ত মাউৰাক দক্ষিণ ভাৰতীয় ছোৱালী সৰস্বতীৰ চৰিত্ৰত দেখা গৈছে, কিন্তু বিয়াৰ বাবে কোনো ল’ৰাই ভাল নাপায়। আনহাতে হৰ্ষবৰ্ধনক সকলো সময়তে সৰস্বতীৰ লগত থকা ‘ইন্দ্ৰ’ৰ চৰিত্ৰত দেখা গৈছিল। ইন্দৰ আৰু সৰস্বতীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী শেষত অসম্পূৰ্ণ হৈ ৰ’ল।

এই ছবিখন প্ৰযোজনা কৰিছে দীপক মুকুটে। ইয়াৰ বাজেট আছিল ২৫ কোটি টকা। হৰ্ষবৰ্ধন ৰাণে আৰু মাউৰা হোকানেৰ উপৰিও অনুৰাগ সিনহা, মানশ চৌধুৰী, মুৰালী শৰ্মা আৰু সুদেশ বেৰীয়েও ছবিখনত অভিনয় কৰিছিল। আনহাতে ‘চনম তেৰী কছম ২’ৰ বাবে এতিয়াও একো পৰিকল্পনা কৰা হোৱা নাই।

Dry Skin Home Remedies: শীতকালত ছাল শুকান হয়, শুকান ছালৰ বাবে এই ফলৰ ফেচ পেক ব্যৱহাৰ কৰক !

Dry Skin Home Remedies: শীতকালত ছাল শুকান হয়
Dry Skin Home Remedies: শীতকালত ছাল শুকান হয়

যদি শীতকালত আপোনাৰ ছালখন শুকান হৈ পৰে, তেন্তে আছে কিছুমান ঘৰুৱা উপায়। উপাদানসমূহ আপোনাৰ ঘৰতে উপলব্ধ হ’ব।(Dry Skin Home Remedies) বতৰ যিয়েই নহওক কিয়, আমি সদায় বিচাৰো আমাৰ ছালখন পুষ্টিকৰ আৰু উজ্জ্বল দেখাব লাগে, কিন্তু বিভিন্ন ধৰণৰ ছালৰ বাবে বতৰ পৰিৱৰ্তনে ছালৰ বিভিন্ন সমস্যা কঢ়িয়াই আনে। শুকান ছালৰ লোকে শীতকালত অধিক সমস্যাৰ সন্মুখীন হয়। যদি আপোনাৰ ছালখন শুকান হয় তেন্তে আজিৰ লেখাটো আপোনাৰ বাবে বিশেষ।

শুকান ছালৰ বাবে কেনেকৈ ফেচ পেক বনাব পাৰি-
আমি সকলোৱে বিচাৰো আমাৰ ছালখন সদায় ধুনীয়া দেখাব লাগে, যাৰ বাবে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সৌন্দৰ্য্য সামগ্ৰী ব্যৱহাৰ কৰো, যিয়ে আমাৰ ছালৰ বহু পৰিমাণে ক্ষতি কৰিব পাৰে। যদি আপুনি আপোনাৰ শুকান ছালৰ বাবে সমস্যাত পৰিছে তেন্তে অমিতা আপোনাৰ সৌন্দৰ্য্যৰ সামগ্ৰী হৈ পৰিব।

অমিতাৰ গুড়ি ৫ চামুচ আৰু আধা গিলাচ গাখীৰ

প্ৰথমে এটা বাটি লৈ তাত অমিতা গুড়ি আৰু ২ চামুচ দি মিহলাই লওক।

পেষ্টটো ডাঠ হ’বলৈ পেষ্টত অলপ গাখীৰ মিহলিলাই ল’ব।

ফেচ পেক তৈয়াৰ হ’লে গোটেই মুখ আৰু ডিঙিত লগাব আৰু ১০ মিনিট ৰাখিব।

পেকটো শুকোৱাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুব।

সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ লগাব পাৰে।

যদি আপোনাৰ ছালৰ কোনো ধৰণৰ এলাৰ্জী আছে, তেন্তে যিকোনো ধৰণৰ ঘৰুৱা উপায় চেষ্টা কৰাৰ আগতে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Youtubers: দেশৰ ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু

Youtubers: দেশৰ ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু
Youtubers: দেশৰ ৫ ইউটিবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু

ইউটিউবাৰৰ বিৰুদ্ধে গুৱাহাটী ক্ৰাইম ব্ৰান্সত গোচৰ ৰুজু। চাইবাৰ আৰক্ষী থানাত ৩/২০২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ ইণ্ডিয়াছ গ’ট লেটেন্ট নামৰ অনুষ্ঠানৰ বাবে ৰুজু কৰা হৈছে গোচৰ।(youtubers)

ইণ্ডিয়াছ গ’ট লেটেন্টত অশ্লীল মন্তব্য কৰাৰ বাবে সময় ৰাইনা আৰু ৰণবীৰ আল্লাহবাদিয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ৷ ইয়াৰ লগতে আশীষ চাঞ্চলানি, জশপ্ৰীত সিং, অপূৰ্ব মাখিজাৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ৷ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে গুৱাহাটী অপৰাধ শাখাই। ৫ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে গুৱাহাটী আৰক্ষীয়ে।

অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল সেই শ্ব’টোত। উল্লেখ্যে যে India’s Got Latentত বিতৰ্কিত মন্তব্য কৰা পিছতে সামাজিক মাধ্যম যোগে অৱশেষত ক্ষমা বিচাৰিলে ৰণবীৰ এলাহাবাদীয়াই।

Janu Nath: উন্মোচন হ’ল জানু নাথৰ কাব্য সংকলন ‘নিবিচাৰোঁ সেই সময়’

Janu Nath: উন্মোচন হ’ল জানু নাথৰ কাব্য সংকলন 'নিবিচাৰোঁ সেই সময়'
Janu Nath: উন্মোচন হ’ল জানু নাথৰ কাব্য সংকলন 'নিবিচাৰোঁ সেই সময়'

১০ফেব্ৰুৱাৰী সোমবাৰে দিনৰ ১বজাত আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জানু নাথৰ ‘নিবিচাৰোঁ সেই সময়’ শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়৷(Janu Nath) গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কথাশিল্পী,সংগীত শিল্পী তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে৷ কবি জানু নাথৰ কাব্য সংকলনখনৰ শুভ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা- সাহিত্যিক ড° স্মৃতিৰেখা ভূঞা ,জ্যেষ্ঠ সাংবাদিক- লেখক দিগন্ত কুমাৰ নাথ,জ্যেষ্ঠ সাংবাদিক তথা সমীক্ষণ আলোচনীৰ সম্পাদক জোনজ্যোতি দত্ত বৰা , অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক- লেখিকা স্বপ্না বেজবৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷

কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছে এম আৰ পাব্লিকেশ্যনৰ হৈ অপূৰ্ব কলিতাই৷ উল্লেখযোগ্য যে যোৰহাটৰ বাসিন্দা তথা অসম লেখিকা সংস্থাৰ আজীৱন সদস্যা জানু নাথৰ ‘নিবিচাৰোঁ সেই সময়’ কবিগৰাকীৰ তৃতীয়খন কাব্যপুথি৷ সাংবাদিক -লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰেৱ কান্ত নাথ, ড° ৰোমান শৰ্মা,কাশ্যপ কুমাৰ নাথ,টনিস্কা কাশ্যপ নাথ,ৰঞ্জুশ্ৰী বৰ্মন প্ৰমুখ্যে কেইবাগৰাকীও সাহিত্যপ্ৰেমী তথা গ্ৰন্থপ্ৰেমী ব্যক্তি উপস্থিত থাকে৷সভাৰ আৰম্ভণিতে যোৰহাট শাখা লেখিকা সংস্থা আৰু যোৰহাট কবি সন্মিলনৰ সদস্যা কবি জানু নাথে নিজৰ বক্তব্যত কাব্য চৰ্চা বিষয়ক মনৰ অনুভৱ ব্যক্ত কৰি গ্ৰন্থখনৰ উন্মোচক ,বিশিষ্ট অতিথি সকলৰ লগতে অনুষ্ঠানটিত উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

‘নিবিচাৰোঁ সেই সময়’ কাব্য সংকলনখনত কবি জানু নাথৰ ২১ টা কবিতা সন্নিৱিষ্ট হৈছে৷

Horoscope: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আজিৰ ৰাশিফল পঢ়ক

Horoscope: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আজিৰ ৰাশিফল পঢ়ক
Horoscope: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে আজিৰ ৰাশিফল পঢ়ক

১১ ফেব্ৰুৱাৰী মঙলবাৰে চন্দ্ৰ ৰাশি কৰ্কট আৰু পূষ্য নক্ষত্ৰলৈ পৰিৱৰ্তিত হৈছে। এই দিনটোত চতুৰ্দশী তিথি, পূষ্য নক্ষত্ৰ, আয়ুষ্মান, স্থায়ী জয়যোগ আৰু ৰবিযোগ আদি শুভ যোগাসন অনুষ্ঠিত হ’ব। ইয়াৰ লগতে বুধ গ্ৰহটোও মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিত প্ৰৱেশ কৰিব, য’ত ই শনিৰ সৈতে সংগতি ৰাখিব। দৈনিক ৰাশিফল পঢ়ক-(Horoscope)

মেষঃ নিজৰ কামত সততা আৰু আনুগত্য বজাই ৰাখক কাৰণ গ্ৰহবোৰৰ অৱস্থানলৈ চাই হয়তো অলপ এলেহুৱা হৈ আজি নিজৰ কামত শিথিলতা দেখুৱাব পাৰে। প্ৰগতিৰ পথ প্ৰশস্ত হ’ব যুৱক-যুৱতীসকলৰ বাবে তেওঁলোকে হয়তো কিছুমান যোগাযোগৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিব বা তেওঁলোকৰ কেৰিয়াৰেও নতুন দিশ পাব; আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ গুৰুত্ব উপলব্ধি কৰিব আৰু তেওঁলোকৰ প্ৰতি আগৰ তুলনাত অধিক আৱেগিকভাৱে আকৰ্ষিত অনুভৱ কৰিব।

বৃষ ৰাশি

এই ৰাশিৰ মানুহৰ ইতিবাচক চিন্তাধাৰাই জীৱনত নতুন পৰিৱৰ্তন আনিবলৈ সহায় কৰিব। প্ৰতিকূল পৰিস্থিতিতো আপুনি শান্ত হৈ থাকিব। ব্যৱসায়িক শ্ৰেণীয়ে ধন সঞ্চয় কৰাৰ লগতে আৰ্থিক স্থিতিশীলতা বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। ছাত্ৰ-ছাত্ৰীসকলে পুনৰীক্ষণ সম্পৰ্কীয় কাম আৰম্ভ কৰিব লাগে কাৰণ তেওঁলোকে কিছুমান আচৰিত পৰীক্ষা দিব লাগিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক। চৰ্দি আৰু ফ্লুৰ সমস্যাৰ পৰা নিজকে ৰক্ষা কৰক ঠাণ্ডা খাদ্য আৰু পানীয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক।

মিথুন ৰাশি

মিথুন ৰাশিৰ লোকসকলে নিজৰ কামত মনোনিৱেশ কৰা উচিত কাৰণ অপ্ৰয়োজনীয় কথা-বতৰাৰ বাবে উপযোগী সময় নষ্ট হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায়ীসকলে বাকী থকা কাম সম্পূৰ্ণ কৰিব লাগে, নতুন পদ্ধতি চেষ্টা কৰিব লাগে, যোগাযোগ বিচাৰিব লাগে, কিন্তু যিকোনো মূল্যৰ বিনিময়ত সম্পূৰ্ণ কৰিব লাগে। প্ৰেমৰ সম্পৰ্কৰ ফালৰ পৰা দিনটো অনুকূল, পুৰণি অভিযোগবোৰ সমাধান হ’ব আৰু সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব।

কৰ্কট ৰাশি
এই ৰাশিৰ লোকসকলে পুৰণি কামৰ লগতে কিছু নতুন দায়িত্বও পোৱাৰ সম্ভাৱনা আছে। ধৈৰ্য্য আৰু বুদ্ধিৰে কাম কৰিলে এই সুযোগবোৰ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ সহায়ত লাভৰ শতাংশ বৃদ্ধিত সহায়ক হ’ব। যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাত কুণ্ঠাবোধ নকৰিব। সম্পৰ্কত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব।

সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলে নিৰ্দিষ্ট সময় অনুযায়ী কাম কৰিবলৈ চেষ্টা কৰিব লাগে। ব্যৱসায়ী শ্ৰেণীয়ে প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰাৰ সুযোগ পাব, যাৰ পৰা ভৱিষ্যতে ডাঙৰ লাভৰ আশা কৰিব পাৰি। মানসিক চাপৰ পৰা সকাহ পাবলৈ যুৱক-যুৱতীসকলে মানুহক লগ পোৱাৰ চেষ্টা কৰিব লাগে আৰু মুকলিকৈ যোগাযোগ কৰিব লাগে। ঘৰত উদযাপনৰ পৰিবেশ হ’ব কিছু ভাল খবৰ পোৱাৰ পিছত, ঘৰৰ পৰিৱেশ সলনি হ’ব; গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, যাৰ গাড়ী চলোৱাৰ দক্ষতা ভাল নহয়, তেওঁলোকে আজি গাড়ী চলোৱাৰ পৰা বিৰত থাকিব লাগে।

কন্যা ৰাশি

এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত তেওঁলোকে সফল হ’ব। বিত্তীয় লেনদেনত সাৱধান হওক, কিয়নো বিত্তীয় বিষয়ত কিছু বাধা আহিব পাৰে। চিন্তা নকৰাকৈ কাকো ধন ধাৰে নিদিব আৰু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। সামাজিক কামত অংশগ্ৰহণ বৃদ্ধি পাব, সন্মান আৰু সন্মানো বৃদ্ধি পাব। পৰিয়ালৰ সহায় পোৱাৰ পিছত আপুনি বহুত সকাহ অনুভৱ কৰিব। ভ্ৰমণৰ বাবে ভাগৰুৱা আৰু অন্যান্য সৰু সৰু শাৰীৰিক সমস্যাৰ সম্ভাৱনা থাকে।

তুলা ৰাশি

তুলা ৰাশিৰ লোকে তেওঁলোকৰ তুলনাত উচ্চ পদবীত কাম কৰা ব্যক্তিৰ কথাক আওকাণ কৰাটো এৰাই চলিব লাগে, নহ’লে ই আপোনাৰ উন্নতিত বাধা হৈ পৰিব পাৰে। পঢ়া-শুনাৰ লগতে যুৱক-যুৱতীসকলে টকা উপাৰ্জনৰ সুযোগ পাব, আপুনি নিজেই খৰচ বহন কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া-শুনাত মনোনিৱেশ কৰক, সময় অনুকূল আৰু শিক্ষকসকল আপোনাৰ লগত সুখী হ’ব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনাৰ পত্নীৰ পৰা পৰামৰ্শ লওক। কামৰ বাবে খাদ্য খোৱাত পলম হ’ব, খালী পেটৰ বাবে গেষ্ট্ৰিক সমস্যা হোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশি

এই ৰাশিৰ লোকসকলে চৰকাৰী কৰ্মচাৰীৰ বাবে দিনটো শুভ, বিষয়াৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ব্যৱসায়ী শ্ৰেণীৰ বাবে দিনটো স্বাভাৱিক; ছাত্ৰ-ছাত্ৰীৰ গভীৰ বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু তেওঁলোকে নতুন নতুন কথা শিকিবলৈ, সেইবোৰৰ লগত আপডেট হ’বলৈ ইত্যাদি আগবাঢ়ি যাব। পাৰিবাৰিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু সকলোৰে লগত সময় কটাবলৈ ভাল সুযোগ পাব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক, অনিয়মিত খাদ্যাভ্যাস আৰু মানসিক চাপে কিছু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকৰ পৰামৰ্শক আওকাণ নকৰিব।

ধনু ৰাশি

ধনু ৰাশিৰ লোকে যিকোনো পৰিস্থিতিত আশাবাদী দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে, ইয়াৰ দ্বাৰা সমস্যাসমূহ সহজে সমাধান হ’ব। আপোনাৰ ভাই-ভনীৰ স্বাস্থ্য আৰু সংগ সম্পৰ্কে সাৱধান হ’ব লাগে, তেওঁলোকৰ লগত মাজে মাজে কথা পাতি থাকিব লাগে আৰু তেওঁলোকক উপযুক্ত পৰামৰ্শ দিব লাগে; গ্ৰহৰ অৱস্থান বিবেচনা কৰিলে ঘৰতে শুভ অনুষ্ঠান আয়োজন কৰাৰ সম্ভাৱনা আছে, পাৰিবাৰিক পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ’ব। বেছিকৈ ভজা খাদ্য খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে, গতিকে সুষম খাদ্য গ্ৰহণ কৰক।

মকৰ ৰাশি

এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত অনুশাসন আৰু সততা বজাই ৰখা উচিত। ভাগ্যৰ সহযোগত যুৱক-যুৱতীসকলৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব, নতুনকৈ কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনাও আছে। মহিলাসকলে অপ্ৰয়োজনীয় আৰু অপচয়মূলক ক্ৰয়ৰ পৰা আঁতৰি থাকিব লাগে আৰু আৰ্থিক ভাৰসাম্য ৰক্ষা কৰিব লাগে। পেটৰ সমস্যা বিশেষকৈ কোষ্ঠকাঠিন্য হ’ব পাৰে, গতিকে আঁহযুক্ত খাদ্য খাবলৈ চেষ্টা কৰক।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত মানুহক সহায় কৰা দেখা যাব। ঋণ লোৱাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। খৰখেদাকৈ লোৱা যিকোনো পদক্ষেপে পিছত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰী বা যুৱক-যুৱতীসকলক তেওঁলোকৰ শিক্ষকৰ পৰা নিৰ্দেশনাৰ প্ৰয়োজন হ’ব পাৰে। প্ৰেমিকৰ বাবে দিনটো শুভ, হৃদয়ত প্ৰেমৰ ধুমুহা আহিব, ঘণ্টাৰ পিছত ঘণ্টা ধৰি সংগীৰ লগত কথা পাতি থকা দেখা যাব। পাৰিবাৰিক পৰিবেশ ভাল হ’ব। মানসিক শান্তি বজাই ৰাখিবলৈ যোগ আৰু প্ৰাণায়াম কৰক।

মীন ৰাশি

যদি এই ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেন্তে হতাশ নহব, বিফলতাই শিকিবলৈ সুযোগ দিয়ে, গতিকে নিজকে শক্তিশালী কৰক আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। বন্ধুৰ কামৰ বাবে গোটেই দিনটো দৌৰিব লগা হ’ব পাৰে। ব্যক্তিগত জীৱনৰ লগতে পাৰিবাৰিক দায়িত্ব পালনত কুণ্ঠাবোধ নকৰিব; বেছি সময় ভোকত থকাটো পৰিহাৰ কৰক, লঘু খাদ্য আৰু পানীয় খাই থাকিব কাৰণ গেষ্ট্ৰিক সমস্যাৰ সম্ভাৱনা থাকে।