Sanam Teri Kasam: ৯ বছৰৰ পিছত ছুপাৰহিট ‘চনম তেৰী কছম’ ৪ দিনত সংগ্ৰহ ৩০ কোটি !

হৰ্ষবৰ্ধন ৰাণে আৰু মাউৰা হুছেইনৰ অভিনীত ৰোমান্টিক ছবি চনম তেৰী কছম ২০১৬ চনত মুক্তি লাভ কৰিছিল। তেতিয়া এই ছবিখনে বক্স অফিচত ফ্লপ হৈছিল। ৯ বছৰৰ পাছত ২০২৫ চনৰ ৭ ফেব্ৰুৱাৰীত পুনৰ মুক্তি পালে এই ছবিখন। মুক্তিৰ লগে লগে ছবিখনে ৯ বছৰ মুক্তিৰ সংগ্ৰহতকৈ অধিক উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। এই চিনেমাখনে বৰ্তমান অভিলেখ ভংগ কৰিছে।(Sanam Teri Kasam)

বলীউডৰ বহু ছবি পুনৰ মুক্তি দিয়া হয়। এইবাৰ পুনৰ মুক্তিত জয়লাভ কৰিছে চনম তেৰী কছম। পুনৰ মুক্তি পোৱাৰ লগে লগে এই চিনেমাখনে দৰ্শকৰ মন জয় কৰিছে। ছবিখনে বক্স অফিচত আচৰিত ধৰণে প্ৰদৰ্শন কৰিছে। ফ্লপৰ পৰা ছুপাৰহিটলৈ পৰিণত হোৱা চনম তেৰী কছমে পুনৰ মুক্তিৰ প্ৰথম দিনা ৫.১৪ কোটি টকা উপাৰ্জন কৰে। দ্বিতীয় দিনা ৬.২২ কোটি টকা উপাৰ্জন কৰে। দুদিনৰ ভিতৰতে ১১.৩৬ কোটি টকা সংগ্ৰহ কৰিছিল। ৪ দিনৰ ভিতৰত ৩০ কোটি টকাৰ নেট সংগ্ৰহ কৰিছে ছবিখনে।

চনম তেৰী কছম এখন ৰোমান্টিক ছবি য’ত মাউৰাক দক্ষিণ ভাৰতীয় ছোৱালী সৰস্বতীৰ চৰিত্ৰত দেখা গৈছে, কিন্তু বিয়াৰ বাবে কোনো ল’ৰাই ভাল নাপায়। আনহাতে হৰ্ষবৰ্ধনক সকলো সময়তে সৰস্বতীৰ লগত থকা ‘ইন্দ্ৰ’ৰ চৰিত্ৰত দেখা গৈছিল। ইন্দৰ আৰু সৰস্বতীৰ প্ৰেম কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী শেষত অসম্পূৰ্ণ হৈ ৰ’ল।

এই ছবিখন প্ৰযোজনা কৰিছে দীপক মুকুটে। ইয়াৰ বাজেট আছিল ২৫ কোটি টকা। হৰ্ষবৰ্ধন ৰাণে আৰু মাউৰা হোকানেৰ উপৰিও অনুৰাগ সিনহা, মানশ চৌধুৰী, মুৰালী শৰ্মা আৰু সুদেশ বেৰীয়েও ছবিখনত অভিনয় কৰিছিল। আনহাতে ‘চনম তেৰী কছম ২’ৰ বাবে এতিয়াও একো পৰিকল্পনা কৰা হোৱা নাই।

Related Articles