Home Blog Page 352

Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ

Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ
Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ

সুনীতা উইলিয়ামছ-বেৰী উইলম’ৰৰ পৃথিৱীলৈ ওভতনি যাত্ৰা আৰম্ভ। (Sunita Williams)

৯মাহৰ অন্তত পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ।


SPACE Xৰ CREW DRAGONত ওভতনি যাত্রা সুনীতা আৰু উইলম’ৰৰ।

বুধবাৰে পুৱা পৃথিৱীত ভৰি থ’বহি সুনীতা উইলিয়ামছ আৰু উইলম’ৰে।

ইতিমধ্যে সুনীতা উইলিয়ামছ আৰু আন ৩ সহযোগী প্ৰৱেশ কৰিছে ড্ৰেগন স্পেছ ক্ৰাফ্টত।

ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হ’ল স্পেছক্ৰাফ্টৰ দুৱাৰ।

বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰিব স্পেছক্ৰাফ্টখনে।

FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া ‘কৃষক উৎপাদক সংস্থা মেলা ২০২৫’-ৰ শুভাৰম্ভ

FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া 'কৃষক উৎপাদক সংস্থা মেলা ২০২৫'-ৰ শুভাৰম্ভ
FPO Mela 2025: কৃষি খণ্ডৰ উত্তৰণৰ লক্ষ্যৰে অসমত তিনিদিনীয়া 'কৃষক উৎপাদক সংস্থা মেলা ২০২৫'-ৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৃষি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ অৰ্ন্তগত (FPO Mela 2025) ‘অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়াম’-ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ‘ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছৰ্টিয়াম’ৰ সৌজন্যত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম সাংস্কৃতিক কেন্দ্ৰত কৃষক উৎপাদক সংস্থা মেলা ২০২৫’ অনুষ্ঠিত কৰা হৈছে৷

উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত অসমৰ কৃষিমন্ত্ৰী অতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মেলাখন উদ্বোধন কৰে।

অসমৰ ৪১ টা কৃষক উৎপাদক সংস্থা আৰু মেঘালয়ৰ ২ টা কৃষক উৎপাদক সংস্থাৰ অংশগ্ৰহণেৰে ১৭, ১৮ আৰু ১৯ মাৰ্চলৈ এই ‘কৃষক উৎপাদক মেলা’ অনুষ্ঠিত হ’ব৷ 

কৃষিমন্ত্ৰী বৰাই সোমবাৰে মেলাত প্ৰদান কৰা ভাষণত উল্লেখ কৰে যে – কৃষক উৎপাদক সংস্থাসমূহৰ কৃষি কৰ্মৰ পৰিচালনা ব্যয়ৰ বাবে ৰাজ্যৰ ৫০০ টা FPO ৰ বাবে ১০ লাখকৈ আগবঢ়োৱাৰ বিষয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত সন্নিৱিষ্ট কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কৃষিখণ্ডৰ উত্তৰণ আৰু কৃষকসকলৰ সবলীকৰণৰ ক্ষেত্ৰত কৃষক উৎপাদক সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভুমিকা ৰূপায়ণ কৰি কৃষক ৰাইজক নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰীক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত  যি উল্লেখ্যযোগ্য পদক্ষেপৰ বিভাগীয় তত্বাৱধানত গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  বিশেষকৈ আলোকপাত কৰে।

মন্ত্ৰী বৰাই লগতে কয় যে — মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰি আহিছে। লগতে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তোলাৰ মুখ্যমন্ত্ৰীৰ পৰিকল্পনাক সাৰ্থকতা কৰাৰ ক্ষেত্ৰত নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ বিভাগীয় বিষয়া সকললৈ আহ্বান জনায় ৷ কৃষিমন্ত্ৰীগৰাকীয়ে কৃষক উৎপাদক সংস্থাসমূহৰ বিপণীসমূহ পৰিদৰ্শন কৰি  উৎসাহ যোগায়।

মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়াই কয় যে ,” এফ পি অ’ সমূহৰ জৰিয়তে কৃষক ৰাইজে মধ্যভোগীৰ ওপৰত নিৰ্ভৰ নকৰাকৈ  নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ তথা উপযুক্ত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷” 

সোমবাৰৰ মেলাত অংশগ্ৰহণকাৰী এফ পি অ’ ৰ সদস্যসকলৰ বাবে দুখন কাৰিকৰী কৰ্মশালা অনুষ্ঠিত হয়। ইয়াৰে “ৰপ্তানি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত সজাগতা” বিষয়ত অনুষ্ঠিত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উদ্যান শস্য সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক তথা  APEDA ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ত্ৰিৰংগ ভাৰতীয় বৰা উপস্থিত থাকে। আনহাতে, দ্বিতীয়খন কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ সহকাৰী মহাপ্ৰবন্ধক এ. দেউৰী আৰু ব্যৱসায়িক বিকাশ প্ৰবন্ধক শ্যাম জ্যোতি বুঢ়াগোহাঁই-য়ে “ঋণ সম্পৰ্কীয় সজাগতা” বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে।

মেলাৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত কৃষি বিভাগৰ সঞ্চালক তথা অসম ক্ষুদ্ৰ কৃষক কৃষি-বানিজ্য কনছ’ৰ্টিয়ামৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ভাস্কৰ পেগু, কৃৃষি বিভাগৰ সচিব শ্ৰী তেজ প্ৰসাদ ভূষাল, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-ৰ গুৱাহাটীস্থ মুখ্য মহাপ্ৰবন্ধক শ্ৰী লোকেন দাস, অসম ক্ষুদ্ৰ কৃষক কৃষি-বাণিজ্য কনছ’ৰ্টিয়ামৰ পৰামৰ্শদাতা হৰি বড়ো তথা বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Horoscope: মিথুন ৰাশি, সিংহ আৰু কন্যা ৰাশিৰ লোকে লাভ কৰিব আৰ্থিক সুবিধা, আপোনাৰ দৈনিক ৰাশিফল ​​পঢ়ক

Horoscope: মিথুন ৰাশি, সিংহ আৰু কন্যা ৰাশিৰ লোকে লাভ কৰিব আৰ্থিক সুবিধা, আপোনাৰ দৈনিক ৰাশিফল ​​পঢ়ক
Horoscope: মিথুন ৰাশি, সিংহ আৰু কন্যা ৰাশিৰ লোকে লাভ কৰিব আৰ্থিক সুবিধা, আপোনাৰ দৈনিক ৰাশিফল ​​পঢ়ক

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ১৮ মাৰ্চ, ২০২৫ তাৰিখ মঙলবাৰ(Horoscope) এটা গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত নিশা ১০:০৯ বজালৈ চতুৰ্থী তিথি থাকিব, তাৰ পিছত পঞ্চমী তিথি আৰম্ভ হ’ব। সন্ধিয়া ৫:৫১ বজালৈ স্বাতি নক্ষত্ৰ থাকিব, তাৰ পিছত আৰম্ভ হ’ব বিশাখা নক্ষত্ৰ। তুলা ৰাশিত চন্দ্ৰই ট্ৰেনজিট কৰিব। ২০২৫ চনৰ ১৮ মাৰ্চৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ’ব আৰু কি ব্যৱস্থাৰে আপুনি ইয়াক ভাল কৰিব পাৰে জানো আহক।


মেষ ৰাশি
আজি আপোনালোকৰ বাবে এক উৎসাহজনক দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ’ব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব, যিয়ে আপোনাৰ স্মৃতিবোৰ সতেজ কৰি তুলিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। ধ্যান-ধাৰণাই আপোনাক মানসিক শান্তি দিব।

বৃষ ৰাশি
আজি মিশ্ৰিত দিন হ’ব। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাব, কিন্তু ধৈৰ্য্য ধৰিব। পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আৰু যোগাযোগক অগ্ৰাধিকাৰ দিয়ক। নতুন প্ৰকল্পৰ কাম আৰম্ভ হ’ব পাৰে।

মিথুন ৰাশি
আজি আপোনাৰ বাবে ভাল দিন। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কিন্তু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব। আপোনাৰ ঘৰৰ সজ্জা সলনি কৰিবলৈ মন যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতাক প্ৰদৰ্শন কৰাৰ সুযোগ পাব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব।

কৰ্কট ৰাশি
আজি এটা প্ৰত্যাহ্বানমূলক দিন হ’ব পাৰে। কৰ্মক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ’ব। আৰ্থিক বিষয়ত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সমৰ্থন পাব, যাৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব। স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। ঘনিষ্ঠ বন্ধুৰ লগত আপোনাৰ মতানৈক্য হ’ব পাৰে, কিন্তু ধৈৰ্য্য ধৰিব।

সিংহ ৰাশি
আজি অনুকূল দিন হ’ব। আৰ্থিক অৱস্থা সুদৃঢ় হ’ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ গঢ়ি উঠিব। স্বাস্থ্য ভাল হৈ থাকিব। আপুনি এটা নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। শিশুৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে, যিয়ে মনটোক সুখী কৰি ৰাখিব।

কন্যা ৰাশি
আজি এটা স্বাভাৱিক দিন হ’ব। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। বিত্তীয় বিষয়ত সাৱধান হওক আৰু বিনিয়োগৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে সময় কটাওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক। স্বাস্থ্যৰ যত্ন লওক আৰু নিয়মীয়াকৈ পৰীক্ষা কৰক।

তুলা ৰাশি
আজি আপোনাৰ বাবে এক ইতিবাচক দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে যিয়ে আপোনালৈ আৰ্থিক সুবিধা কঢ়িয়াই আনিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। স্বাস্থ্য সচেতন হওক আৰু সুষম খাদ্য গ্ৰহণ কৰক। ৰোমান্টিক জীৱনত থাকিব মধুৰতা। কিছু আবদ্ধ টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।

বৃশ্চিক ৰাশি
আজি দিনটো ভাল বেয়া মাজেৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, কিন্তু ধৈৰ্য্য ধৰিব। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। স্বাস্থ্যৰ যত্ন লওক আৰু যোগাসন কৰক। আত্মনিয়ন্ত্ৰণ বজাই ৰাখক, কিয়নো সৰু সৰু কথাবোৰক লৈ বিবাদ হোৱাৰ সম্ভাৱনা থাকে।

ধনু ৰাশি
আজি এটা উপকাৰী দিন হ’ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু আৰ্থিক অৱস্থাও উন্নত হ’ব। পৰিয়ালৰ সৈতে ভ্ৰমণৰ সম্ভাৱনা আছে, যিয়ে মনটোক সুখী কৰি ৰাখিব। স্বাস্থ্য ভাল হৈ থাকিব। কোনো ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

মকৰ ৰাশি
আজি অনুকূল দিন হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাব আৰু পদোন্নতিৰ সম্ভাৱনাও আছে। আৰ্থিক বিষয়ত লাভ হ’ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ গঢ়ি উঠিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে, যিয়ে আপোনাৰ স্মৃতিবোৰ সতেজ কৰি তুলিব। সম্পত্তি সম্পৰ্কীয় বিষয়ত সফলতাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি
আজি এটা স্বাভাৱিক দিন হ’ব। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আৰ্থিক বিষয়ত বুদ্ধিমানৰূপে সিদ্ধান্ত লওক। পৰিয়ালৰ সৈতে সময় কটাওক আৰু তেওঁলোকৰ অনুভৱক সন্মান কৰক। স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।

মীন ৰাশি
আজি আপোনাৰ বাবে এটা ভাল দিন হ’ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে যিয়ে আপোনালৈ আৰ্থিক সুবিধা কঢ়িয়াই আনিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। স্বাস্থ্য প্ৰতি সচেতন হওক আৰু সুষম খাদ্য গ্ৰহণ কৰক। আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে, যাৰ ফলত মানসিক শান্তি পোৱা যাব।

Mukalmua News: মুকালমুৱাৰ ঘোৰাথালৰ দুই যুৱকৰ তামিলনাডুত ৰহস্যজনক মৃত্যু

Mukalmua News: মুকালমুৱাৰ ঘোৰাথালৰ দুই যুৱকৰ তামিলনাডুত ৰহস্যজনক মৃত্যু
Mukalmua News: মুকালমুৱাৰ ঘোৰাথালৰ দুই যুৱকৰ তামিলনাডুত ৰহস্যজনক মৃত্যু

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱক।(Mukalmua News) একেখন গাঁৱৰে দুই যুৱকৰ মৃত‍্যু হয় তামিনাডুত। মৃত যুৱকদুজন মুকালমুৱাৰ ঘোৰাথাল গাওঁৰ সঞ্জয় দাস আৰু বীজু দাস।

একেখন গাওঁৰে ৬ যুৱক কৰ্মসূত্ৰে তামিলনাডুৰ কইমবটোৰৰ Kampargam Medical College and hospital ত কৰ্মৰত আছিল। তাৰে চাৰিজন যুৱক এটা কোঠালিতে ভাড়াত আছিলে। নিশা শুই থকা অৱস্থাত ৪ যুৱকৰ ২ জনৰ ৰহস‍্যজনকভাৱে মৃত‍্যু হয়।

যুৱক দুজনৰ মৃত‍্যুৰ সঠিক কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ইপিনে এই ঘটনাৰ পিছতে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱক দুজনৰ ঘোৰাথালৰ নিজ গৃহত। ইতিমধ‍্যে যুৱক দুজনৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ ব‍্যৱস্থা কৰা হৈছে। যুৱক দুজনৰ দিশহাৰা পৰিয়াল দুটাই সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে।

Guess This Actress: চেহেৰাই শত্ৰু, বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন এইগৰাকী অভিনেত্ৰী হৈ পৰিল ৩০১০ কোটি টকাৰ সাম্ৰাজ্যৰ বোৱাৰী !

Guess This Actress: চেহেৰাই শত্ৰু, বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন এইগৰাকী অভিনেত্ৰী হৈ পৰিল ৩০১০ কোটি টকাৰ সাম্ৰাজ্যৰ বোৱাৰী !
Guess This Actress: চেহেৰাই শত্ৰু, বাৰে বাৰে প্ৰত্যাখ্যানৰ সন্মুখীন এইগৰাকী অভিনেত্ৰী হৈ পৰিল ৩০১০ কোটি টকাৰ সাম্ৰাজ্যৰ বোৱাৰী !

চলচ্চিত্ৰ জগতত নাম উজলাই তোলাটো সহজ নহয়। (Guess This Actress)সকলোৱে কঠোৰ পৰিশ্ৰম কৰি বহু প্ৰত্যাখ্যানৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমান মানুহৰ আৰম্ভণিৰে পৰাই ভাগ্য ভাল হয়, আনহাতে কিছুমানে সফলতা লাভ কৰিবলৈ বহুত সংগ্ৰাম কৰিবলগীয়া হয়। বহু সময়ত প্ৰতিভা থকাৰ পিছতো তেওঁলোকে সুযোগ নাপায় আৰু কেতিয়াবা কেৱল চেহেৰাৰ ভিত্তিত বিচাৰ কৰা হয়। বিশেষকৈ উদ্যোগটোত নতুন মুখ এখন আহিলে তেওঁ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। যেনেকৈ এইগৰাকী অভিনেত্ৰীয়ে কৰিবলগীয়া হৈছিল।

আজি আমি আপোনালোকক কবলৈ ওলাইছো সেই অভিনেত্ৰীগৰাকীৰ বিষয়ে, যিয়ে নিজকে অতি সহজ-সৰল বুলি গণ্য কৰিছিল। তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে তেওঁ গ্লেমাৰৰ জগতখনত নিজৰ বাবে ঠাই উলিয়াব পাৰিব। কলেজৰ সময়ত বন্ধুৱে তেওঁক সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কৈছিল। প্ৰথমতে তেওঁ ভাবিছিল যে সফল হ’ব নোৱাৰিব, কিন্তু সাহস দেখুৱাই অডিচন দিলে। অৱশ্যে তাত বহুত মন্তব্যৰ সন্মুখীন হোৱাৰ লগতে চেহেৰাৰ বাবে প্ৰত্যাখ্যান কৰা হয় যদিও পিছলৈ তেওঁ এই উদ্যোগৰ ৰাণী হৈ পৰে।

আমি কৈছোঁ ৩২ বছৰীয়া সুন্দৰী সোভিতা ধূলিপালাৰ কথা, যি আজি উদ্যোগটোৰ অন্যতম সফল আৰু শীৰ্ষ অভিনেত্ৰী। খবৰ অনুসৰি অডিচনৰ সময়ত সোভিতা ধূলিপালাক ইমানেই অপমান কৰা হৈছিল যে বিজ্ঞাপনত তেওঁৰ ঠাইত কুকুৰ এটাক উলিয়াইছিল। এইটো তেওঁৰ বাবে এক বৃহৎ বিপৰ্যয় আছিল যদিও হাৰ মানি যোৱাৰ পৰিৱৰ্তে তেওঁ নিজকে শক্তিশালি হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পিছত তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে বহু খিতাপও লাভ কৰে।

১৯৯২ চনৰ ৩১ মে’ত বিশাখাপট্টনমত জন্মগ্ৰহণ কৰা শোভিতা ধূলিপালাৰ পিতৃ মাৰ্চেণ্ট নেভিৰ অভিযন্তা আৰু মাতৃ শিক্ষয়িত্ৰী আছিল। তেওঁৰ শৈশৱ অতি সহজ আছিল যদিও সৰুৰে পৰা তেওঁৰ নৃত্য আৰু শিল্পৰ প্ৰতি তীব্ৰ আগ্ৰহ আছিল। ভৰত্নট্যম আৰু কুচিপুডীৰ দৰে ধ্ৰুপদী নৃত্য শিকিছিল। পঢ়া-শুনাতো বৰ চোকা আছিল। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এইচ আৰ বিজনেছ এণ্ড ইকনমিক্সত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মডেলিং আৰু অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয় আৰু কেইবাটাও অডিচন দিয়ে।

মডেলিঙৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা সোভিতাই ২০১৩ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হৈছিল। ইয়াৰ পিছত ২০১৬ চনত অনুৰাগ কাশ্যপৰ ছবি ‘ৰমন ৰাঘৱ ২.০’ৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায়। ইয়াৰ পিছত তেওঁ ‘গুদাচাৰী’ (২০১৮), ‘মেড ইন হেভেন’ (২০১৯), ‘মুথন’ (২০১৯), ‘কুৰুপ’ (২০২১) আৰু ‘পনিয়িন চেলভান’ (২০২২) আদি বহু ছবি আৰু ৱেব চিৰিজত কাম কৰিছিল। শেহতীয়াকৈ তেওঁ ‘দ্য নাইট মেনেজাৰ’ (২০২৩) আৰু ‘মংকি মেন’ (২০২৪) ছবিতো কাম কৰিছিল, যিয়ে তেওঁৰ পৰিচয় আৰু অধিক শক্তিশালী কৰি তুলিছিল।


শেহতীয়াকৈ দক্ষিণ আৰু বলীউডৰ উপৰিও শ্বোভিতাই হলিউডতো নিজৰ নাম উজলাই তুলিছে। আজি শোভিতা এগৰাকী সফল অভিনেত্ৰী হোৱাৰ উপৰিও নাগা চৈতন্যৰ পত্নীও। যোৱা বছৰ ২০২৪ চনত দুয়োৰে বিয়া হৈছিল ৩ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি। খবৰ অনুসৰি প্ৰতিখন ছবিৰ বাবে তাই ৭০ লাখৰ পৰা ১ কোটি টকা লয়। খবৰ অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭ৰ পৰা ১০ কোটি টকা, আনহাতে নগা চৈতন্যৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫৪ কোটি টকা। একে সময়তে নাগাৰ্জুনৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০১০ কোটি টকা।

Astro Tips: এইসমূহ বস্তু কাৰো পৰা বিনামূলীয়াকৈ নল’ব, দৰিদ্ৰতা আৰু বেমাৰে আপোনাক আগুৰি ধৰিব !

Astro Tips: এইসমূহ বস্তু কাৰো পৰা বিনামূলীয়াকৈ নল'ব, দৰিদ্ৰতা আৰু বেমাৰে আপোনাক আগুৰি ধৰিব !
Astro Tips: এইসমূহ বস্তু কাৰো পৰা বিনামূলীয়াকৈ নল'ব, দৰিদ্ৰতা আৰু বেমাৰে আপোনাক আগুৰি ধৰিব !

মানুহে প্ৰায়ে ফ্ৰীলোডিং কৰাৰ অভ্যাসৰ বাবে প্ৰয়োজনৰ সময়ত আনৰ পৰা বিনামূলীয়াকৈ বস্তু লয়। আনহাতে কিছুমান বস্তু বিনামূলীয়াকৈ লোৱাটো অতি অশুভ আৰু ইয়াৰ ফলত আৰ্থিক অৱস্থা, স্বাস্থ্য আৰু প্ৰগতিৰ ওপৰত বেয়া প্ৰভাৱ পৰে।(Astro Tips)

গ্ৰহ, নক্ষত্ৰ, দিশৰ উপৰিও জীৱনৰ লগত জড়িত গুৰুত্বপূৰ্ণ (Astro Tips) অভ্যাসবোৰো জ্যোতিষ আৰু বাস্তুত ব্যাখ্যা কৰা হৈছে। এজন ব্যক্তিৰ অভ্যাসে তেওঁক বহু বিপদৰ পৰা ৰক্ষা কৰে আৰু কেতিয়াবা বিপদৰ কাৰণো হৈ পৰে। আনৰ পৰা বিনামূলীয়াকৈ বস্তু লোৱাৰ অভ্যাসো মানুহক অসুবিধাৰ কাৰণ হৈ পৰিব পাৰে। জ্যোতিষত কোৱা হৈছে যে কোনবোৰ বস্তু আনৰ পৰা বিনামূলীয়াকৈ ল’ব নালাগে। অন্যথা ব্যক্তিজন ঋণ, সমস্যা আৰু বেমাৰে আগুৰি ধৰে।

এইবোৰ বিনামূলীয়াকৈ নল’ব-

নিমখ: জ্যোতিষৰ মতে কেতিয়াও কাৰো পৰা নিমখ বিনামূলীয়াকৈ ল’ব নালাগে। যদি ল’বলগীয়া হয়, তেন্তে বিনিময়ত কিবা এটা দিব। কাৰণ নিমখ ভগৱান শনি আৰু সূৰ্য্যৰ লগত সম্পৰ্কিত। বিনামূলীয়াকৈ নিমখ ল’লে মানুহক বেমাৰে আগুৰি ধৰে। ঋণ বাঢ়ি যাব।

বেজীঃ বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও কাৰো পৰা বেজী বিনামূলীয়াকৈ নল’ব। বিনামূলীয়াকৈ বেজী ল’লে জীৱনত নেতিবাচকতা বৃদ্ধি পায়। সম্পৰ্কবোৰ নষ্ট হৈ যায়। মানসিক চাপ বাঢ়ে।

ৰুমালঃ বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও কাৰো পৰা ৰুমাল বিনামূলীয়াকৈ লোৱা উচিত নহয়। লগতে কাকো উপহাৰ হিচাপে ৰুমাল দিব নালাগে। নতুবা আন কাৰোবাৰ ৰুমাল ব্যৱহাৰ কৰিবও নালাগে। এনে কৰিলে ৰোগ বাঢ়ে আৰু বিবাদ বাঢ়ি যায়।

জোতা-চেণ্ডেল: কাৰোবাক উপহাৰ হিচাপে জোতা-চেণ্ডেল দিয়া বা আন কাৰোবাৰ জোতা-চেণ্ডেল পিন্ধিলে নিজৰ হাতেৰে বহু অসুবিধাৰ আমন্ত্ৰণ জনোৱা হয়। জোতা আৰু চেণ্ডেল শনিৰ লগত সম্পৰ্ক আছে আৰু এনে ভুলৰ বাবে ভগৱান শনিৰ খং উঠে। ইয়াৰ বাবে প্ৰতিটো কামতে বাধাৰ সৃষ্টি হয়, দৰিদ্ৰতা আৰু মানসিক চাপ বাঢ়ি যায়।

Teacher’s Transfer Portal: মুকলি হ’ল শিক্ষক বদলিকৰণ পর্টেল

Teacher's Transfer Portal: মুকলি হ'ল শিক্ষক বদলিকৰণ পর্টেল
Teacher's Transfer Portal: মুকলি হ'ল শিক্ষক বদলিকৰণ পর্টেল

পুনৰ মুকলি হ’ল শিক্ষক বদলিকৰণ পর্টেল।(Teacher’s Transfer Portal)

কাইলৈৰ পৰা শিক্ষকসকলে আন্তঃজিলা বদলিকৰণৰ বাবে কৰিব পাৰিব আৱেদন।

৩০ এপ্রিল হ’ব আৱেদনৰ অন্তিম সময়সীমা।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মুকলি কৰে শিক্ষক বদলিকৰণ পর্টেল।

গ্রীষ্ম বন্ধত শিক্ষক বদলিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব শিক্ষা বিভাগে।

চাকৰি কৰা ১০ বছৰ হোৱাসকলক দিয়া হ’ব অগ্ৰাধিকাৰ।

দিব্যংগসকলৰ ২ বছৰ হ’লেই লাভ কৰিব অগ্ৰাধিকাৰ।

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ এই ঘোষণা।

Curd: এইসকল ৰোগীয়ে ভুলতেও নাখাব দৈ, সমস্যা বাঢ়িব !

Curd: এইসকল ৰোগীয়ে ভুলতেও নাখাব দৈ, সমস্যা বাঢ়িব !
Curd: এইসকল ৰোগীয়ে ভুলতেও নাখাব দৈ, সমস্যা বাঢ়িব !

দৈ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। (curd)দৈ খালে পাচনতন্ত্ৰ সবল হৈ থাকে। গ্ৰীষ্মকালত শৰীৰ ঠাণ্ডা হ’বলৈ দৈ খাব লাগে। কিন্তু কিছুমান ৰোগত দৈ খাব নালাগে। চৰ্দি বা কাহ হোৱাটো এটা সাধাৰণ সমস্যা। কোনো ঔষধ নোখোৱাকৈ এসপ্তাহৰ ভিতৰতে চৰ্দি ভাল হয় যদিও নাকেৰে পানী ওলোৱা, মূৰৰ বিষ, জ্বৰৰ লগতে চৰ্দিৰ লক্ষণ চাইনাছৰ লক্ষণ। চাইনাছ হৈছে এক প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ। মানুহৰ চাইনাছৰ সমস্যা হ’লে ঔষধ খাই নিৰাময় কৰে। ঔষধ খালে এই সমস্যাৰ পৰা সকাহ পোৱা যায় যদিও ই চিৰদিনৰ বাবে নাইকিয়া নহয়। চাইনাছ ৰোগতো ঔষধৰ লগতে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হয়। কিছুমান খাদ্য চাইনাছ হ’লে খাব নালাগে। আহক জানো আহক চাইনাছ ৰোগীয়ে কি খাব নালাগে।

দৈ
বিশেষজ্ঞসকলৰ মতে দৈ অতি উপকাৰী যদিও চাইনাছ ৰোগীয়ে দৈ খাব নালাগে, দৈ খালে চাইনাছৰ সমস্যা বৃদ্ধি হ’ব পাৰে।
চাইনাছ ৰোগীয়ে এই সময়ত দৈ খাব নালাগে
চাইনাছ ৰোগীয়ে ৰাতি দৈ খা নালাগে। ৰাতি দৈ খোৱাটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। দৰাচলতে ৰাতি দৈ খালে পিছদিনা চাইনাছৰ সমস্যা বৃদ্ধি হোৱাৰ লগতে মুখমণ্ডল ফুলা দৰে সমস্যা হ’ব পাৰে। কেৱল দৈই নহয় দৈৰ পৰা তৈয়াৰী সামগ্ৰীও ৰাতি পৰিহাৰ কৰিব লাগে।

শ্লেষ্মাৰ প্ৰদাহ
দৈত ঠাণ্ডাৰ প্ৰভাৱ থাকে, গতিকে দৈ খালে শৰীৰত কফ বৃদ্ধি পায়। অত্যধিক দৈ খালে শ্লেষ্মা ফুলি উঠে যাৰ ফলত উশাহ-নিশাহত সমস্যা হ’ব পাৰে। যদি আপুনি দৈ খাব বিচাৰে তেন্তে কেতিয়া আৰু কেনেকৈ দৈ খাব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লওক।

Dhubri Accident News: ধুবুৰীৰ কঁচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুগৰাকী মহিলা

Dhubri Accident News: ধুবুৰীৰ কঁচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুগৰাকী মহিলা
Dhubri Accident News: ধুবুৰীৰ কঁচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুগৰাকী মহিলা

ধুবুৰীৰ কঁচুৱাৰ খাচ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা।(Dhubri Accident News)

তীব্রবেগী বাইকে মহতিয়াই নিলে শিশুসহ দুগৰাকী মহিলা পথচাৰীক।

দুর্ঘটনাত প্রাণ হেৰুৱালে ছিদ্দিকা বেগম আৰু মুচকান পাৰবিন নামৰ দুগৰাকী মহিলাই।

নিহত ছিদ্দিকা বেগম আদাবাৰী জিলা পৰিষদৰৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত সদস্যা আছিল।

দুর্ঘটনাত গুৰুতৰভাৱে আহত ছেলিনা বেগম নামৰ আন এগৰাকী মহিলা।

গুৰুতৰভাৱে আহত মটৰ চাইকেল আৰোহী মেহবুব আলী।

নিহত মহিলা গৰাকী বিশিষ্ট সমাজ সেৱক আজগৰ আলিৰ পত্নী আৰু শিশুটি তেওঁৰ নাতিনী বুলি জানিব পৰা গৈছে। আৰু আহত মহিলা গৰাকী আজগৰ আলিৰ ভগ্নী।

একেটা পৰিয়ালৰ তিনিজন লোক দুৰ্ঘটনাত আহত হোৱাৰ লগতে দুগৰাকী নিহত হ’বলগীয়া হয়।

ইফটাৰৰ পিছত তিনিও মিলি নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলংৰ ওচৰত 127 B নং ৰাষ্ট্ৰীয় ঘাইপথত ফুৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে।

এই মৃত্যুৰ খবৰত অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পৰিছে।

Sunita Williams: সুনীতা উইলিয়ামছ কেতিয়া অৱতৰণ কৰিব ফ্ল’ৰিডাৰ উপকূলত, কেতিয়া আৰম্ভ হ’ব লাইভ সম্প্ৰচাৰ; নাছাই ক’লে সময়…

Sunita Williams: সুনীতা উইলিয়ামছ কেতিয়া অৱতৰণ কৰিব ফ্ল’ৰিডাৰ উপকূলত, কেতিয়া আৰম্ভ হ’ব লাইভ সম্প্ৰচাৰ; নাছাই ক'লে সময়...
Sunita Williams: সুনীতা উইলিয়ামছ কেতিয়া অৱতৰণ কৰিব ফ্ল’ৰিডাৰ উপকূলত, কেতিয়া আৰম্ভ হ’ব লাইভ সম্প্ৰচাৰ; নাছাই ক'লে সময়...

নাছাই পূৰ্বে ঘোষণা কৰিছিল যে ১৯ মাৰ্চ বুধবাৰৰ পূৰ্বে সুনীতা উইলিয়ামছ ঘূৰি নাহে। কিন্তু তেওঁলোকৰ মহাকাশযান কেতিয়া পৃথিৱীত অৱতৰণ কৰিব সেয়া স্পষ্ট হোৱা নাই। অৱশেষত নাছাই ঘোষণা কৰিলে।(Sunita Williams)

ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বুচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আছে। ৯ মাহৰ পাছত পৃথিৱীলৈ ঘূৰি আহিবলৈ ওলাইছে। তেওঁলোকক আনিবলৈ আই এছ এছত উপস্থিত হৈছে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ এখন মহাকাশযান। অৱশেষত নাছাই এটা ঘড়ী হাতত লৈ সুনীতাৰ অৱতৰণৰ সময় ঘোষণা কৰে। মঙলবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৭ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ উপকূলত অৱতৰণ কৰিব। ভাৰতত বুধবাৰে পুৱা ৩:৩০ বজাত।

নাছাই পূৰ্বে ঘোষণা কৰিছিল যে ১৯ মাৰ্চ বুধবাৰৰ পূৰ্বে সুনীতাসকল ঘূৰি নাহে। কিন্তু বুধবাৰে তেওঁলোকৰ মহাকাশযান কেতিয়া পৃথিৱীত অৱতৰণ কৰিব সেয়া স্পষ্ট হোৱা নাছিল। দেওবাৰে নিশা আমেৰিকাৰ মহাকাশ সংস্থাটোৱে এক বিবৃতিত এই সময় ঘোষণা কৰে। নাছাই এই অৱতৰণ প্ৰক্ৰিয়াটো লাইভ সম্প্ৰচাৰ কৰিব। সোমবাৰৰ পৰা আৰম্ভ হ’ব এই সম্প্ৰচাৰ।

নাছাই জনোৱা মতে, সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮:১৫ বজাৰ পৰা সুনীতা অৱতৰণ প্ৰক্ৰিয়াৰ লাইভ ষ্ট্ৰীমিং আৰম্ভ হ’ব। নাছাৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া পেজত দেখা পোৱা যায়। সেই সময়ত তেওঁলোকৰ মহাকাশযানৰ দুৱাৰ বন্ধ হৈ যাব। মহাকাশ কেন্দ্ৰৰ পৰা ওলাই অহাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। যথেষ্ট সময় লাগিব। সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’লেই লেণ্ডিং আৰম্ভ হ’ব।

দেওবাৰে পুৱা স্পেচএক্সৰ ড্ৰেগন বাহনখনে সুনীতাক ঘূৰাই আনিবলৈ মহাকাশ কেন্দ্ৰত উপস্থিত হয়। তাত আৰু চাৰিজন মহাকাশচাৰী আছিল। এই চাৰিজন মহাকাশচাৰীয়ে অহা কেইদিনমানৰ বাবে মহাকাশ কেন্দ্ৰটো পৰিচালনাৰ দায়িত্ব ল’ব। তেওঁলোক হ’ল নাছাৰ এন্নে মেকলিন আৰু নিকোল আয়াৰ্ছ, জাপান এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীৰ জেক্সা প্ৰতিনিধি টাকুয়া অনিছি আৰু ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ প্ৰতিনিধি কিৰিল পেস্কোভ। ইয়াৰ উপৰিও নাছাৰ নিক হগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভ সুনিতা আৰু বুচৰ সৈতে পৃথিৱীলৈ উভতি আহিছে।

সুনীতা আৰু বুচ যোৱা বছৰৰ জুন মাহত মহাকাশ ভ্ৰমণ কৰিছিল। আঠ দিনৰ পিছত পৃথিৱীলৈ ঘূৰি অহাৰ কথা আছিল। কিন্তু তেওঁলোকে যাত্ৰা কৰা বয়িং ষ্টাৰলাইনাৰে যান্ত্ৰিক সমস্যাৰ সৃষ্টি কৰিলে যাৰফলত তেওঁলোক মহাকাশত আবদ্ধ হৈ পৰিচিল। আঠ দিনীয়া মহাকাশ ভ্ৰমণ ৯ মাহলৈকে বৃদ্ধি পালে। এই সময়ছোৱাত তেওঁলোকৰ উভতি অহাৰ সময়ত বিভিন্ন কাৰণত বাৰে বাৰে পলম হৈ আহিছে। সুনীতা আৰু বুচে মহাকাশৰ পৰা বিভিন্ন সময়ত আৰু বিভিন্ন ধৰণে বাৰ্তা প্ৰেৰণ কৰিছে। সংবাদমেলৰো আয়োজন কৰে। গোটেই পৃথিৱীয়ে তেওঁলোকৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে।