পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱক।(Mukalmua News) একেখন গাঁৱৰে দুই যুৱকৰ মৃত্যু হয় তামিনাডুত। মৃত যুৱকদুজন মুকালমুৱাৰ ঘোৰাথাল গাওঁৰ সঞ্জয় দাস আৰু বীজু দাস।
একেখন গাওঁৰে ৬ যুৱক কৰ্মসূত্ৰে তামিলনাডুৰ কইমবটোৰৰ Kampargam Medical College and hospital ত কৰ্মৰত আছিল। তাৰে চাৰিজন যুৱক এটা কোঠালিতে ভাড়াত আছিলে। নিশা শুই থকা অৱস্থাত ৪ যুৱকৰ ২ জনৰ ৰহস্যজনকভাৱে মৃত্যু হয়।
যুৱক দুজনৰ মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। ইপিনে এই ঘটনাৰ পিছতে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱক দুজনৰ ঘোৰাথালৰ নিজ গৃহত। ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছে। যুৱক দুজনৰ দিশহাৰা পৰিয়াল দুটাই সহায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে।