Home Blog Page 355

দিল্লী নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়: সৰ্বানন্দ সোণোৱালৰ অভিনন্দন । Delhi Election Results 2025

দিল্লী নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়: সৰ্বানন্দ সোণোৱালৰ অভিনন্দন । Delhi Election Results 2025
দিল্লী নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়: সৰ্বানন্দ সোণোৱালৰ অভিনন্দন । Delhi Election Results 2025

৮ ফেব্ৰুৱাৰী, ২০২৫ঃ নতুন দিল্লীৰ নিৰ্বাচনত ঐতিহাসিক জনাদেশ লাভ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এক উল্লেখযোগ্য বিজয় অৰ্জন কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিজয়ৰ বাবে দিল্লীৰ জনতাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। Delhi Election Results 2025

সোণোৱালে কৈছে, “আম আদমী পাৰ্টিৰ বহু বছৰীয়া দুৰ্নীতি, অব্যৱস্থাপনা আৰু অৰাজকতাৰ পৰা মুক্তি লাভ কৰিবলৈ দিল্লীৰ জনতাই সুশাসনৰ বাবে বিজেপিক ভোট আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু উন্নয়নৰ প্ৰতিশ্ৰুতিত জনতাই যি অগাধ বিশ্বাস দেখুৱাইছে, সেইকাৰণে এই বিজয় সম্ভৱ হৈছে।”

তেওঁ বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকল আৰু নিৰ্ভীক কাৰ্যকৰ্তাসকলক অভিনন্দন জনাই এই জনাদেশক দিল্লীৰ জনতাৰ দায়িত্বশীল চৰকাৰৰ প্ৰতি থকা আশা আৰু আস্থাৰ প্ৰতিফলন বুলি অভিহিত কৰে। সোণোৱালে লগতে উল্লেখ কৰে যে বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত দিল্লী উন্নত পৰিকাঠামো, কাৰ্যক্ষম জনসেৱা আৰু দুৰ্নীতিৰহিত প্ৰশাসনৰ সৈতে আগুৱাই যাব।

“মোদীৰ উন্নয়ন মডেলৰ যোগেদি নতুন দিল্লীত এক নতুন অধ্যায়ৰ সূচনা হৈছে। দিল্লীৰ জনতাই অরাজকতা পৰিহাৰ কৰি সুশাসনৰ বাবে যে দৃঢ় সিদ্ধান্ত লৈছে, তাতেই এই বিজয়ৰ সাৰ্থকতা সন্নিৱিষ্ট।”

এই বিজয়ে দিল্লীৰ ৰাজনৈতিক পৰিৱেশত এক গুৰুত্বপূর্ণ পৰিবৰ্তনৰ সূচনা কৰাৰ লগতে বিজেপিৰ বিকাশমুখী দৃষ্টিভংগীৰ প্ৰতি জনতাৰ আস্থা পুনৰ প্ৰতিপন্ন কৰিছে।

Naga Chaitanya: ‘মই নিজকে অপৰাধী অনুভৱ কৰিছো’, সামান্থাৰ সৈতে বিচ্ছেদৰ কথা মুকলিকৈ ক’লে নাগা চৈতন্যই

Naga Chaitanya: ‘মই নিজকে অপৰাধী অনুভৱ কৰিছো’
Naga Chaitanya: ‘মই নিজকে অপৰাধী অনুভৱ কৰিছো’

বৰ্তমান দক্ষিণৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্যই নিজৰ নতুন ছবি ‘থাণ্ডেল’ৰ প্ৰচাৰত ব্যস্ত। (Naga Chaitanya) তেনে এটা অনুষ্ঠানত তেওঁ প্ৰথম বিবাহ আৰু বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ। তেওঁৰ কয় যে ২০১৭ চনত সামান্থা ৰুথ প্ৰভুক বিয়া কৰাইছিল ২০২১ চনত তেওঁলোকৰ বিচ্ছেদ হৈছিল। দুয়োজনে একেলগে এই সিদ্ধান্ত লৈছিল। এতিয়াও ইজনে সিজনক সন্মান কৰে। কিন্তু বিষয়টো ছচিয়েল মিডিয়াত বা প্ৰেছত এনেদৰে চৰ্চা হৈছে যেন তেওঁ অতি দোষী।

নাগাই ক’লে, “আমি নিজৰ ৰাস্তাত যাব বিচাৰিছিলো। আমি আমাৰ ব্যক্তিগত কাৰণত এই সিদ্ধান্ত লৈছিলো। আমি ইজনে সিজনক সন্মান কৰো। আমি নিজৰ জীৱনটো নিজৰ মতে আগবঢ়াই নিবলৈ আৰম্ভ কৰিছো। বুজিব পৰা নাই আৰু কি ক’বলগীয়া আছে। তেওঁ কেতিয়াবা ইয়াৰ বাবে নিজকে দোষী অনুভৱ কৰে।

নাগাই স্পষ্টকৈ কৈছে যে তেওঁৰ জীৱনটোক ‘মনোৰঞ্জন’ হিচাপে চোৱাৰ প্ৰৱণতা দেখা গৈছে। তেওঁ আশা কৰে যে দৰ্শক আৰু সংবাদ মাধ্যমে তেওঁৰ ব্যক্তিগত গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত সচেতন হয়। তেওঁ দোষী সাব্যস্ত হোৱা বুলিও অনুভৱ কৰে। তেওঁ কয় যে তেওঁ আৰু সামান্থাই এই বিচ্ছেদক ​​নিজৰ ভালৰ বাবে বাছি লৈছিল। লগতে তেওঁ ক’লে যে মই সুখেৰে আগবাঢ়িছো, সামান্থাও সুখেৰে নিজৰ জীৱনত আগবাঢ়িছে। মোৰ জীৱনলৈ ঘূৰি আহিছে প্ৰেম। মই বৰ সুখী।

নাগাই কয় যে তেওঁৰ জীৱনত যি ঘটিছিল সেয়া বহুত ডাঙৰ ঘটনা নহয়। বিচ্ছেদৰ বাটত কেৱল তেওঁৱে খোজ কঢ়া নাই। অভিনেতাজনে কয় যে মই নিজেই এটা ভগ্ন পৰিয়ালৰ সন্তান। সেইবাবেই সম্পৰ্ক এটা বিচ্ছিন্ন কৰাৰ আগতে হাজাৰবাৰ ভাবো। কাৰণ মই জানো ইয়াৰ প্ৰতিক্ৰিয়া কি হ’ব পাৰে। ৪ ডিচেম্বৰত তেওঁ আন এগৰাকী দক্ষিণ ভাৰতীয় অভিনেত্ৰী শোবিতা ধূলিপালাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে সামান্থাইও কৈছিল যে তেওঁৰ ব্যক্তিগত সম্পৰ্কৰ সকলো কথা একেবাৰে সঁচা নহয়।

Delhi Election Result 2025: ‘মোৰ কথাত গুৰুত্ব নিদিলে…’, অৰবিন্দ কেজৰিৱালৰ ওপৰত খং আন্না হাজাৰেৰ !

Delhi Election Result 2025: 'মোৰ কথাত গুৰুত্ব নিদিলে…', অৰবিন্দ কেজৰিৱালৰ ওপৰত খং আন্না হাজাৰেৰ !
Delhi Election Result 2025: 'মোৰ কথাত গুৰুত্ব নিদিলে…', অৰবিন্দ কেজৰিৱালৰ ওপৰত খং আন্না হাজাৰেৰ !

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ প্ৰতিযোগিতা দেখা গৈছে যদিও বৰ্তমানলৈকে ৭০খন আসনৰ ভিতৰত ৪৫খন আসনত বিজেপিয়ে আগবাঢ়ি আছে।(Delhi Election Result 2025) আনহাতে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে মাত্ৰ ২৫খন বিধানসভাৰ আসন দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে আপৰ অৰবিন্দ কেজৰিৱা আৰু মনিষ ছিছ’দিয়া পৰাজয় হয়, জয়লাভ কৰে দিল্লীৰ মুখ্য়মন্ত্ৰী আতিশী। এতিয়া কেজৰিৱালক সমালোচনা কৰিছে সমাজ কৰ্মী আন্না হাজাৰে।(Anna hazare)

দিল্লী বিধানসভাৰ নির্বাচনত ভোটগণনাত উত্থাপিত ধাৰাসমূহৰ পৰিপ্রেক্ষিতত কেজৰিৱালক মূল নীতিৰ পৰা আঁতৰিছিল বুলি আন্না হাজাৰে সমালোচনা কৰে৷ তেওঁ ক’লে, ‘মই সদায় কৈ আহিছো যে এজন প্ৰাৰ্থীৰ আচৰণ আৰু তেওঁৰ চিন্তা-চৰ্চা নিৰ্মল হ’ব লাগে। এজন প্ৰাৰ্থীৰ জীৱন ত্যাগবিহীন আৰু দোষবিহীন হ’ব লাগে তেওঁৰ এই গুণবোৰে ভোটাৰক বিশ্বাস কৰায় যে তেওঁ তেওঁলোকৰ বাবে কিবা এটা কৰিব।

ইয়াৰ উপৰিও আন্না হাজাৰে আৰু কয়, ‘মই অৰবিন্দ কেজৰিৱালক এই কথা বহুবাৰ কৈছিলো, কিন্তু তেওঁ গুৰুত্ব নিদিলে। বৰঞ্চ মদৰ ওপৰতহে মনোযোগ কেন্দ্ৰীভূত কৰিলে। কিয় এই বিষয়টো উদ্ভৱ হ’ল? টকাৰ শক্তিয়ে তেওঁক আৱৰি ধৰিলে।

বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সময়ত আন্না হাজাৰেও কেজৰিৱালক লক্ষ্য কৰি লৈছিল। তেওঁ কয় যে প্ৰথম অৱস্থাত কেজৰিৱালৰ উদ্দেশ্য স্পষ্ট আছিল যদিও তেওঁ দল গঠন কৰাৰ লগে লগে তেওঁক পৰিত্যাগ কৰে। তেওঁৰ স্বাৰ্থপৰ বুলি গম পাই মইও তেওঁৰ পৰা আঁতৰি আহিলোঁ।

Delhi Election: কেজৰিৱাল-ছিছ’দিয়া পৰাজিত, আতিশী জয়ী

Delhi Election: কেজৰিৱাল-ছিছ’দিয়া পৰাজিত, আতিশী জয়ী
Delhi Election: কেজৰিৱাল-ছিছ’দিয়া পৰাজিত, আতিশী জয়ী

কেজৰিৱাল-চিছ’দিয়া পৰাজিত, আতিশী জয়ী। নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়। (Delhi Election)

দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল প্ৰকাশ। ৰাজধানী দিল্লীত ২৭ পিছত বিজেপিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি আম আদমী দলক পৰাস্ত কৰিছে। নিৰ্বাচনৰ ফলাফলৰ দিনা আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত প্ৰাৰম্ভিক ধাৰাত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও তাৰ পিছত বিজেপিয়ে শক্তিশালী আৰু নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছিল। বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নে নকৰে সেই সিদ্ধান্ত কম সময়ৰ ভিতৰতে ল’বলৈ গৈ আছে। ৮ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা।

নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱাল পৰাজয় হ’ল। বিজেপি প্ৰাৰ্থী প্ৰবেশ বৰ্মাৰ বিৰুদ্ধে পৰাজয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ১৮৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কেজৰিৱালৰ।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’ডিয়াইও পৰাজয় বৰণ কৰিছে নিৰ্বাচনত। জংগাপুৰা সমষ্টিত বিজেপি প্ৰাৰ্থী তৰবিন্দৰ সিঙৰ হাতত পৰাস্ত হয় মনীষ ছিছ’ডিয়া।

আনহাতে কলকাজী আসনৰ পৰা নিৰ্বাচনত জয় লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে।

Arvind Kejriwal: নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়

Arvind Kejriwal: নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়
Arvind Kejriwal: নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়

দিল্লী বিধানসভা নির্বাচন ২০২৫ৰ ফলাফল-(Arvind Kejriwal)

নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়।

বিজেপি প্ৰাৰ্থী প্ৰবেশ বৰ্মাৰ বিৰুদ্ধে পৰাজয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

১৮৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কেজৰিৱালৰ।

Donald Trump: ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ,পাৰমাণৱিক কাৰ্যসূচী ৰোধৰ বাবে তেল আমদানিত বাধা !

Donald Trump: ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ
Donald Trump: ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ইৰাণৰ(Donald Trump) বিৰুদ্ধে প্ৰথম পদক্ষেপ গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে। তেওঁৰ চৰকাৰে ইৰাণৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। আমেৰিকাৰ কোষাগাৰ বিভাগৰ এই নিষেধাজ্ঞাৰ ফলত ইৰাণৰ পৰা তেল ক্ৰয় কৰা যিকোনো দেশ বা বাণিজ্যিক সত্তাই নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে ইৰাণ চৰকাৰে তেল ৰপ্তানিৰ ধন ব্যৱহাৰ কৰি সামৰিক পাৰমাণৱিক কাৰ্যসূচীৰ বিত্তীয় সাহায্য, দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল আৰু ড্ৰ’ন নিৰ্মাণ আৰু সন্ত্ৰাসবাদীক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। সেই কাৰ্যক ৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে। ট্ৰাম্প চৰকাৰৰ এই পদক্ষেপে নতুন দিল্লী-তেহৰাণৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা কৰা হৈছে। কাৰণ, আমেৰিকাৰ কোষাগাৰ বিভাগে কৈছে যে ভাৰত, চীন বা সংযুক্ত আৰব আমিৰশ্বাহীৰ যিকোনো কোম্পানীয়ে ইৰাণৰ পৰা তেল ক্ৰয় কৰিলে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে।যোৱা মঙলবাৰে ট্ৰাম্পে কয় যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে “সৰ্বোচ্চ হেঁচা”ৰ নীতি পুনৰ প্ৰৱৰ্তনৰ দিশত আগবাঢ়িছে।

Bay Leaves: ডায়েবেটিছকে ধৰি ৫টা সমস্যাৰ সমাধান তেজপাত ! দৈনিক খাব এইদৰে…

Bay Leaves: ডায়েবেটিছকে ধৰি ৫টা সমস্যাৰ সমাধান তেজপাত !
Bay Leaves: ডায়েবেটিছকে ধৰি ৫টা সমস্যাৰ সমাধান তেজপাত !

ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা তেজপাত কেৱল মছলাই নহয়, তেজপাতক সঠিকভাৱে খালে ডায়েবেটিছকে ধৰি বহু ৰোগৰ পৰা সকাহ পোৱা যাব।(Bay Leaves)

তেজ পাতত ভাল পৰিমাণৰ আঁহ থাকে, যিয়ে সুস্থ হজম শক্তি বজাই ৰখাত সহায় কৰে। লগতে তেজপাতত থকা এনজাইমে খাদ্য হজম কৰাত সহায় কৰে, যাৰ ফলত পেটৰ বিষ, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।

গৱেষণাৰ পৰা দেখা গৈছে যে তেজপাতত থকা মৌলবোৰে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যি ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

তেজপাতত প্ৰদাহ নিবাৰণকাৰী গুণ থাকে, যিয়ে গাঁঠিৰ বিষ, বাতবিষ আৰু পেশী ফুলা আদি সমস্যা হ্ৰাস কৰাত সহায় কৰে।

তেজ পাতত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ পোৱা যায়, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। বাৰিষাৰ সময়ত সংক্ৰমণৰ আশংকা অতি বেছি। এনে পৰিস্থিতিত তেজ পাত অতি সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।


তেজ পাতত এনে কিছুমান উপাদান থাকে যিয়ে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও ভাল টোপনি অহাতো তেজ পাতে সহায় কৰিব পাৰে।

এখিলা তেজপাত পানীত উতলাই খালে উপকাৰিতা লাভ কৰিব পাৰিব। তেজপাতৰ পানী খোৱাৰ উত্তম সময় হ’ল ৰাতিপুৱা খালী পেট।

Delhi Election Result 2025: আপ পিছ পৰি আছে, বিজেপিৰ বিশাল অগ্ৰগতি !

Delhi Election Result 2025: আপ পিছ পৰি আছে, বিজেপিৰ বিশাল অগ্ৰগতি !
Delhi Election Result 2025: আপ পিছ পৰি আছে, বিজেপিৰ বিশাল অগ্ৰগতি !

দিল্লী বিধানসভাৰ ৭০ আসনত ৬৯৯ প্ৰাৰ্থীৰ উদয় হ’ব ভাগ্য।(Delhi Election Result 2025) বৰ্তমানলৈকে আপ পিছ পৰি আছে, বিজেপিৰ বিশাল অগ্ৰগতি !

দিল্লী বিধানসভা নিৰ্বাচন ২০২৫ৰ ফলাফল ক্ষন্তেক সময়ৰ পিছতে হয়তো স্পষ্ট হ’ব। বুধবাৰে অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনত প্ৰায় ৬০.৪% ভোটাৰৰ ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে, যিটো ২০২০ চনত ৬২%তকৈ অধিক ভোটদানৰ তুলনাত দুশতাংশ কম। মূল প্ৰতিদ্বন্দ্বিতা আম আদমী পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত, আনহাতে কেন্দ্ৰীয় শাসিত অঞ্চলত কংগ্ৰেছে নিজৰ দখল পুনৰ দখল কৰিবলৈ চেষ্টা চলাইছে। নিৰ্বাচনৰ পিছত অহা এগজিট প’লত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ যুঁজ দেখা গৈছে। অৱশ্যে দুয়োটা পক্ষই নিজৰ জয়ৰ ওপৰত আত্মবিশ্বাসী।

দিল্লী বিধানসভাৰ ৭০খন আসনৰ আটাইকেইখন আসনৰ ভোট গণনা চলি আছে। প্ৰাৰম্ভিক ধাৰাত আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা হৈছিল যদিও বৰ্তমান বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল। এতিয়া যদি এই অগ্ৰগতি নিৰ্ণায়ক হয় তেন্তে দিল্লীত কোনে চৰকাৰ গঠন কৰিব সেই সিদ্ধান্ত মাত্ৰ কম সময়ৰ ভিতৰতে লোৱা হ’ব। ৮ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। এইবাৰ এগজিট প’লে প্ৰথমে ৰাজনৈতিক আলোড়ন তীব্ৰতৰ কৰি তুলিছে য’ত আম আদমী পাৰ্টিয়ে একেৰাহে চতুৰ্থবাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছে, আনহাতে ভাৰতীয় জনতা পাৰ্টিয়ে ২৭ বছৰৰ পাছত ৰাজধানীলৈ ঘূৰি অহাৰ আশা কৰিছে। কংগ্ৰেছেও চেষ্টা কৰিছে দিল্লী দখল কৰিবলৈ। এগজিট প’ল শুদ্ধ বুলি প্ৰমাণিত হ’ব নে ফলাফলত, তাকে লৈ প্ৰশ্ন? অতি সোনকালেই স্পষ্ট হ’ব ৰাজধানী দিল্লীৰ সিংহাসনত কোন বহিব।

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত মিঠা বা টেঙা খাদ্যৰ প্ৰতি লোভ লাগে?

Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত মিঠা বা টেঙা খাদ্যৰ প্ৰতি লোভ লাগে?
Vitamin: শৰীৰত কি ভিটামিনৰ অভাৱত মিঠা বা টেঙা খাদ্যৰ প্ৰতি লোভ লাগে?

প্ৰায়ে কিছুমান মানুহে অত্যধিক মিঠা বা টেঙা খাদ্য খাবলৈ মন যায়। খাদ্য খোৱাৰ পিছত হঠাতে চকলেটৰ প্ৰতি হাহাকাৰ হোৱাটো সাধাৰণ কথা নহয় যদিও ই ভিটামিনৰ অভাৱৰ লক্ষণ। (Vitamin)যেতিয়া শৰীৰৰ পুষ্টিৰ ভাৰসাম্য বিঘ্নিত হয় তেতিয়া মিঠা বা টেঙা খাদ্যৰ প্ৰতি লোভ লাগে। কোনটো ভিটামিনৰ অভাৱত মিঠা বা টেঙা খাদ্য খাবলৈ মন যায় জানো আহক।

কোনটো ভিটামিনৰ অভাৱৰ বাবে বাৰে বাৰে মিঠাই খাবলৈ মন যায়?
ভিটামিন বি ১, ভিটামিন বি ৩, ভিটামিন বি ৫, ভিটামিন বি ৬ ৰ অভাৱৰ বাবে বাৰে বাৰে মিঠা খাবলৈ মন যায়। ভিটামিন বি ১, বি ৩, বি ৫ গ্লুক’জ আৰু শক্তিৰ লগত জড়িত। এই ভিটামিনবোৰৰ অভাৱ হ’লে শৰীৰে গ্লুক’জ অৰ্থাৎ চেনি বিচাৰে, যাৰ বাবে বাৰে বাৰে মিঠা খাবলৈ মন যায়।

কোনটো ভিটামিনৰ অভাৱৰ বাবে টেঙা খাদ্য খাবলৈ মন যায়?
টেঙা বা নিমখীয়া খাদ্যৰ প্ৰতি লোভৰ কাৰণ হ’ল শৰীৰত ওমেগা-৩ আৰু ছডিয়ামৰ অভাৱ। ছডিয়ামৰ অভাৱত চিপচ, নামকিন, ফ্ৰেঞ্চ ফ্ৰাই, ফুচকা, চাট আদি খাবলৈ মন যায়।

কোনটো ভিটামিনৰ অভাৱৰ বাবে নিৰামিষ খাদ্যৰ প্ৰতি লোভ বেছি হয়?
ভিটামিন বি ১২, আইৰণ, জিংকৰ অভাৱত নিৰামিষ খাদ্যৰ প্ৰতি লোভ বাঢ়ে। ভিটামিন বি১২ৰ অভাৱ দূৰ কৰিবলৈ দুগ্ধজাত সামগ্ৰী আৰু সেউজীয়া সাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে বেছি ভোক অনুভৱ কৰে?
ভিটামিন বি ১, ভিটামিন ডি, আইৰণ, জিংক আৰু মেগনেছিয়ামৰ অভাৱৰ বাবে মানুহৰ ভোক বেছি হয়। যদি আপুনি বেছি ভোক অনুভৱ কৰিছে তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ যাব লাগে। ইয়াক সাধাৰণ সমস্যা বুলি বিবেচনা কৰি আওকাণ কৰা উচিত নহয়।

Delhi Election Results: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা

Delhi Election Results: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা
Delhi Election Results: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। (Delhi Election Results)

৭০ আসনত ৬৯৯ প্ৰাৰ্থীৰ উদয় হ’ব ভাগ্য।

১.৫৫ কোটি ভোটাৰে নিৰ্ণয় কৰিব ৬৯৯ প্ৰাৰ্থীৰ ভাগ্য।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব।

৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।

আজি ভাগ্য নিৰ্ণয় হ’ব অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়া, সন্দীপ দীক্ষিত, প্ৰৱেশ বাৰ্মাৰ দৰে বহু ৰথী-মহাৰথীৰ।

ভোটগণনাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

আনহাতে দিল্লীত এই‍বাৰ আপৰ পৰিৱৰ্তে বিজেপিৰ চৰকাৰ গঠনৰ ইংগিত এগজিট প’লৰ।