Home Blog Page 362

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে বিশেষ উপহাৰ: নতুন দলংৰ উদ্বোধন । himanta biswa sarma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে বিশেষ উপহাৰ: নতুন দলংৰ উদ্বোধন । himanta biswa sarma
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে বিশেষ উপহাৰ: নতুন দলংৰ উদ্বোধন । himanta biswa sarma

মৰিগাঁও, ১ ফেব্ৰুৱাৰী: himanta biswa sarma । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ বিশেষ দিনটোত মৰিগাঁও-জাগীৰোড ৰাইজৰ বাবে এক বিশেষ উপহাৰ প্ৰদান । মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মৰিগাঁও-জাগীৰোডৰ নতুন নিৰ্মিত “জাগী ভকত গাঁও দলং”।

এই দলংখন নিৰ্মাণৰ উদ্দেশ্য আছিল পূৰ্বৰ ছিংগল-লেন দলংৰ পৰিসীমাৰ সমস্যা সমাধান আৰু অঞ্চলটোৰ ৰাইজৰ দৈনন্দিন যাতায়তৰ অসুবিধা দূৰ কৰা। এই দলংখন ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ নিৰ্মাণত ৮০.২৫ কোটি টকা ব্যয় কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পূৰ্বৰ দলংখনৰ ঠেক সমস্যাৰ ফলত বিশেষকৈ জোনবিল মেলাৰ সময়ত যান-জোটৰ সৃষ্টি হৈছিল। নতুন এই দলংখনে সেই সমস্যাৰ পূৰ্ণ সমাধান কৰিব আৰু অঞ্চলটোৰ ৰাইজৰ যাতায়ত সহজসাধ্য কৰিব।

মন্ত্ৰী পীয়ূষ হাজৰিকাই জনাই যে, ২০১২ চনত আৰম্ভ হোৱা এই দলংৰ নিৰ্মাণ কাৰ্য দীৰ্ঘদিন বন্ধ হৈ আছিল। কিন্তু ২০২২ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। ক্ষিপ্ৰগতিত কাম সম্পন্ন কৰি দলংখন উদ্বোধন কৰা হৈছে।

এই দলংখনে মৰিগাঁও আৰু জাগীৰোডৰ ৰাইজৰ লগতে অসমৰ অন্যান্য স্থানৰ লোকক সুচল যোগাযোগ ব্যৱস্থা প্ৰদান কৰিব। দলং উদ্বোধনৰ সময়ত উপস্থিত মন্ত্ৰী পূয়ূষ হাজৰিকাই লগতে উল্লেখ কৰে যে, নতুন দলংখনৰ দ্বাৰা জোনবিল মেলাৰ সময়ত আৰু দৈনন্দিন যাতায়তৰ সময়ত সৃষ্টি হোৱা যান-জোটৰ সমস্যাৰ পূৰ্ণ সমাধান হ’ব।

এই নতুন দলংখনে ৰাইজৰ দৈনন্দিন জীৱনত সুবিধা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰিব বুলি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকা আশাবাদী।

Union budget 2025: বাজেটত কি কি উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

Union budget 2025: বাজেটত কি কি উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
Union budget 2025: বাজেটত কি কি উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম খন সম্পূৰ্ণ বাজেট। আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট। (Union budget 2025)

বাজেটত কি কি উল্লেখ কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে-

১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত আয়কৰ আৰোপ কৰা নহ’ব।বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে সকাহ দিয়াৰ কথা ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।তেওঁ কয় যে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত নিৰ্ভৰশীল। “গতিকে এই সিদ্ধান্ত লোৱা হৈছে।” বছৰি ১২ লাখ টকালৈ আয়কৰ ৰেহাই দিছে কৰৰ ক্ষেত্ৰত। অৰ্থাৎ ১ লাখ টকাৰ মাহিলী উপাৰ্জনত কৰ দিব নালাগে১২ৰ পৰা ১৫ লাখ টকাৰ আয়ত ১৫ শতাংশ কৰ দিব লাগিব। ১৫ৰ পৰা ২০ লাখ টকাৰ আয়ত ২০ শতাংশ আৰু ২০ৰ পৰা ২৫ লাখ টকাৰ আয়ত ২৫ শতাংশ দিব লাগিব।

বাজেটত জ্যেষ্ঠ নাগৰিকৰ বাবেও ডাঙৰ ঘোষণা কৰিলে নিৰ্মলা সীতাৰমণে। ৬০ বছৰৰ ওপৰৰ লোকৰ বাবে এক লাখ টকাৰ মানক কৰ্তন ঘোষণা কৰিছে।

কেন্সাৰকে ধৰি দুৰাৰোগ্য ৰোগৰ বাবে ব্যৱহাৰ কৰা ৩৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ওপৰত কৰ বৃদ্ধি কৰা হৈছে। বাজেট দাখিলৰ সময় ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তদুপৰি ৬টা জীৱন ৰক্ষাকাৰী ঔষধৰ ৫% শুল্ক প্ৰত্যাহাৰ কৰাৰ কথাও ঘোষণা কৰে। লিথিয়াম বেটাৰীৰ বাবেও শুল্ক ৰেহাই ঘোষণা কৰা হৈছে।

২০২৫ বিত্তীয় বৰ্ষত ৰাজহৰ ঘাটি ৪.৮ শতাংশ। এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।

অহা সপ্তাহত সংসদত দাখিল কৰা হ’ব নতুন আয়কৰ বিধেয়ক। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰী শনিবাৰে বাজেট ভাষণত এই কথা ঘোষণা কৰে। তেওঁ স্পষ্ট কৰি দিয়ে যে নতুন আয়কৰ আইন প্ৰণয়ন হ’লেই কৰদাতাসকলে পৰ্যাপ্ত সকাহ পাব। বীমাত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব বুলিও নিৰ্মলা সীতাৰমণে ঘোষণা কৰে।

বাজেটত ‘জল জীৱন মিছন’ প্ৰকল্পৰ সময়সীমা ২০২৮ চনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হয়। বিত্তমন্ত্ৰীগৰাকীয়ে ১ লাখ গৃহ নিৰ্মাণৰ দ্ৰুত কাম সম্পূৰ্ণ কৰাৰ বাবে ১৫ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰিও ষ্টাৰ্টআপ ফাণ্ডত আৰু ১০ হাজাৰ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে।

দেশত ১২০টা নতুন বিমানবন্দৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। ইয়াৰ ভিতৰত বিহাৰত তিনিটা নতুন বিমানবন্দৰ নিৰ্মাণৰ ঘোষণা। অহা ১০ বছৰত আঞ্চলিক বিমানবন্দৰ আয়োজন কৰিবলৈ ১০০ টাতকৈও অধিক নতুন স্থান।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ সৈতে অংশীদাৰিত্বৰে শীৰ্ষ ৫০ খন পৰ্যটনস্থলী উন্নয়ন কৰিব।

বিহাৰত স্থাপন হ’ব নেশ্যনেল ইনষ্টিটিউট অৱ ফুড টেকন’লজি। ইয়াৰ উপৰিও পাটনা বিমানবন্দৰ সম্প্ৰসাৰণ কৰা হ’ব। পাটনা বিমানবন্দৰৰ উন্নয়নৰ বাবে আবণ্টন ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে হকাৰসকলৰ বাবে ইউপিআই লিংকড ক্ৰেডিট কাৰ্ড উপলব্ধ কৰা হ’ব। নগৰখনৰ পুনৰ নিৰ্মাণৰ বাবে এক লাখ কোটি টকা আবণ্টন দিয়া হ’ব। ক্ষুদ্ৰ মডিউলাৰ নিউক্লিয়াৰ ৰিয়েক্টৰৰ বাবে ২০ হাজাৰ কোটি টকা আবণ্টন।

বিত্তমন্ত্ৰীয়ে অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হাজাৰ আসন বৃদ্ধিৰ কথা ঘোষণা কৰে। অহা বছৰ ১০ হাজাৰ আসন বৃদ্ধি কৰা হ’ব। তদুপৰি নিৰ্মলা সীতাৰমণে সকলো জিলা চিকিৎসালয়তে কেন্সাৰ চেণ্টাৰ সৃষ্টিৰ কথা ঘোষণা কৰে। ৩ বছৰত মুঠ ২০০০ টা কেন্সাৰ চেণ্টাৰ নিৰ্মাণ কৰা হ’ব।

আঠ কোটি মহিলা, এক কোটি নতুন মাতৃ আৰু ১৮ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ পুষ্টি আঁচনি ঘোষণা। চৰকাৰী মাধ্যমিক বিদ্যালয়ত ব্ৰডবেণ্ড সেৱা সংযোজন কৰাৰ লগতে আই আই টিৰ সংখ্যা বৃদ্ধিৰ সিদ্ধান্তও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

মহিলা উদ্যোগীসকলৰ বাবে নতুন ঘোষণা। প্ৰথম পাঁচ লাখ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ মহিলা উদ্যোগীয়ে দুইকোটি টকা পৰ্যন্ত ঋণ লাভ কৰিব। বাজেট দাখিল কৰাৰ সময়তে এই ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

কিষাণ ক্ৰেডিট কাৰ্ডত উপলব্ধ ঋণৰ পৰিমাণ বৃদ্ধি কৰা হ’ব। তিনি লাখৰ পৰা পাঁচ লাখলৈ বৃদ্ধি কৰা হ’ব। বাজেট দাখিলৰ সময় ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। লগতে মাছমৰীয়াসকলৰ বাবে এক বিশেষ অৰ্থনৈতিক মণ্ডল সৃষ্টি কৰা হ’ব বুলিও তেওঁ কয়।

খাব পৰা তেল আৰু দালিত স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা হ’ব। বাজেট দাখিল কৰি এই কথা কয় বিত্তমন্ত্ৰীগৰাকীয়ে। নিৰ্মলা সীতাৰমণে বিহাৰত বাটাৰ ব’ৰ্ড গঠন কৰা হ’ব বুলিও কয়। লগতে ধন যোজনাৰ অধীনত ১.৭ কোটি কৃষকক সহায় কৰা হ’ব বুলিও তেওঁ কয়।

বাজেটত মধ্যবিত্ত শ্ৰেণীক অগ্ৰাধিকাৰ দিয়া হ’ব। কৃষক, মহিলা, আৰু ক্ষুদ্ৰ উদ্যোগৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ৭০ শতাংশ মহিলা যাতে আৰ্থিক কাম-কাজত জড়িত হয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক পাঁচ বছৰত আমাৰ উন্নয়নৰ সুযোগ আছে। বিদ্যুৎ, কৃষি, আৰু ক্ষুদ্ৰ উদ্যোগকে ধৰি ছটা খণ্ডত সংস্কাৰ কৰা হ’ব। লগতে ৰাজ্যৰ সৈতে হাতে হাত ধৰি উন্নয়নৰ কাম কৰা হ’ব বুলিও তেওঁ কয়।

মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়ক। বাজেট দাখিলৰ আৰম্ভণিতে এই কথা কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সংসদত বিৰোধীৰ ব্যাপক হুলস্থুল। তেওঁৰ ভাষাত “আমাৰ লক্ষ্য সকলোৰে বিকাশ।” “ভাৰতীয় অৰ্থনীতি বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে।”

সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা AI ছেক্টৰক উদগনি দিয়াৰ বাবে ৫০০ কোটি টকা ধাৰ্য।

বাজেটত অসমৰ বাবেও আছে ভাল খবৰ। নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব ইউৰিয়া প্রকল্প। বছৰি ১২.৭ লাখ মেট্রিক টন সাৰ উৎপাদনত গুৰুত্ব।

সংসদত বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ঘোষণা। দাম কমিব ইলেকট্ৰিক সামগ্ৰীৰ LCD, LED টিভিৰ দাম হ্রাস পাব, দাম হ্রাস পাব মোবাইল ফোনৰ, চামৰাৰে নিৰ্মিত সামগ্ৰীৰ দাম হ্রাস পাব, হ্রাস পাব কাপোৰৰ দাম।

Makhana: বাজেটত উল্লেখ কৰা ছুপাৰফুড মাখানাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?

Makhana: বাজেটত উল্লেখ কৰা ছুপাৰফুড মাখানাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
Makhana: বাজেটত উল্লেখ কৰা ছুপাৰফুড মাখানাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?

মাখানা হৈছে স্বাস্থ্যকৰ খাদ্য। মাখনাই ওজন কমা, হৃদযন্ত্ৰৰ স্বাস্থ্য, হজম আৰু হাড়ৰ বাবে উপকাৰী। মাখনা দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে আৰু আপুনি সুস্থ জীৱনৰ দিশত এখোজ আগুৱাই নিব পাৰে।

আজি বিত্তীয় বাজেট ২০২৫-২৬ত বিহাৰৰ বাবে ডাঙৰ ঘোষণা কৰি নিৰ্মলা সীতাৰমণে কয় যে বিহাৰত মাখান ব’ৰ্ড স্থাপন হ’ব। এই ব’র্ডে মাখানা কৃষকক সহায় কৰিব।(Makhana)

যদি সন্ধিয়া পাতলীয়া আহাৰ খাবলৈ মন যায় তেন্তে তেলমুক্ত ভাজি লোৱা মাখানাতকৈ ভাল একো খাদ্যয়ে হ’ব নোৱাৰে। মাখানা ছুপাৰফুডতকৈও কম নহয়।

যোৱা কেইবছৰমানৰ পৰা বিহাৰৰ এই ছুপাৰফুড বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে। সাধাৰণতে ইয়াক তেলত ভাজি খালে কেলৰি বৃদ্ধি পায়, এনে কেৰাহিত গৰম কৰি খালে ভাল আৰু স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰ পোৱা যায়।

১/ ওজন কমাবলৈ সহায়ক-
এয়াৰ ফ্ৰাইড মাখানা কম কেলৰি আৰু উচ্চ আঁহযুক্ত স্বাস্থ্যকৰ জলপান, যিয়ে ওজন কমাবলৈ সহায় কৰে। ইয়াৰ ফলত পেট দীৰ্ঘদিন ধৰি ভৰি থকাত সহায় কৰে, যাৰ ফলত অস্বাস্থ্যকৰ জলপানৰ প্ৰতি লোভ কমি যায় আৰু যদি দৈনিক এনে অভ্যাস কৰা হয়, তেন্তে লাহে লাহে ওজন কমিবলৈ আৰম্ভ কৰিব।

২) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী
মাখনাত সংপৃক্ত চৰ্বি আৰু কলেষ্টেৰল নাথাকে, যাৰ বাবে ই হৃদযন্ত্ৰৰ বাবে উপযোগী খাদ্য। ভাজিলে ইয়াক আৰু স্বাস্থ্যকৰ কৰি তোলে কাৰণ কোনো অতিৰিক্ত তেল ব্যৱহাৰ কৰা নহয়। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম হয়।

৩/ ডায়েবেটিছ ৰোগীৰ বাবে ভাল
মাখনাত গ্লাইচেমিক সূচকাংক কম, অৰ্থাৎ ই তেজৰ চেনি দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ নিদিয়ে। তেল নোহোৱাকৈ ভাজি খালে মাখানা চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে আৰু ই ডায়েবেটিছ ৰোগীৰ বাবে এটা ভাল।

৪) হাড়বোৰ মজবুত কৰা
মাখনাত ভাল পৰিমাণৰ কেলচিয়াম থাকে, যিটো হাড় আৰু দাঁতৰ বাবে উপকাৰী। বিশেষকৈ বাঢ়ি অহা বয়সৰ লোকসকলে নিশ্চয়কৈ এয়াৰ ফ্ৰাইড মাখানাক খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে যাতে হাড়বোৰ মজবুত হৈ থাকে।

৫) হজম শক্তি উন্নত কৰে
আঁহযুক্ত মাখনাই পাচনতন্ত্ৰ মজবুত কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যা দূৰত থাকিব মাখনা খালে।

Washington: জন্মদিনৰ দিনাই যুৱতীৰ কৰুণ মৃত্যু!

Washington: জন্মদিনৰ দিনাই যুৱতীৰ কৰুণ মৃত্যু!
Washington: জন্মদিনৰ দিনাই যুৱতীৰ কৰুণ মৃত্যু!

তেওঁৰ জন্মদিন আছিল বুধবাৰে। ঘৰলৈ গৈ পৰিয়াল(Washington) আৰু বন্ধু-বান্ধৱীৰ সৈতে জন্মদিন পালন কৰাৰ কথা। কি কৰিব, ক’লৈ যাব, সকলোবোৰ ইতিমধ্যে পৰিকল্পনা হৈছিল। ঘৰলৈ ফোন কৰি ক’লে যে তেওঁ বিমানেৰে ঘৰলৈ গৈ আছে। কিন্তু কোনে জানিছিল যে তেওঁ ঘৰ গৈ নাপাব, তেওঁৰ জন্মদিনটো যে উদযাপন নহ’ব! ঘৰ পোৱাৰ পূৰ্বেই অহাইঅ’ৰ বাসিন্দা এলিজাবেথ কিজাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়। মৃত্যুৰ দিনা এলিজাবেথৰ ৩৩ সংখ্যক জন্মদিন আছিল সেইদিনা।(Plane Crash)

এলিজাবেথৰ মৃত্যুৰ খবৰ পাই পিতৃ মাৰ্টিন আৰু মাতৃ মেৰী লিজে কান্দেনত ভাগি পৰে। শোকত ভাগি পৰা পিতৃ-মাতৃয়ে কান্দি কান্দি ক’লে, “তেওঁ আমাক এৰি থৈ গ’ল।” “এতিয়া আমি কেনেকৈ জীয়াই থাকিম?”

লিজে বষ্টনৰ টাফ্টছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। জৰ্জটাউন বিশ্ববিদ্যালয়ত আইন অধ্যয়ন সম্পূৰ্ণ কৰে। তেওঁ ৱাশ্বিংটনত কাম আৰম্ভ কৰিছিল। চাকৰিৰ বাবে কেনছাছলৈ গৈছিল। বুধবাৰে তাৰ পৰা উভতি অহাৰ কথা আছিল। কাৰণ সেইদিনা তেওঁৰ জন্মদিন আছিল। কিন্তু জন্মদিন উদযাপন কৰা নহ’ল।

বুধবাৰে স্থানীয় সময় অনুসৰি নিশা ৯ বজাত সামৰিক হেলিকপ্টাৰৰ সৈতে খুন্দা মৰাৰ ফলত আমেৰিকান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। তাত আছিল ৬৪ জন যাত্ৰী। প’ট’মেক নদীত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ইতিমধ্যে উদ্ধাৰ হৈছে ৪০ জন লোকৰ মৃতদেহ। ইয়াৰ ভিতৰত আছে এলিজাবেথ কিছ। এই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল আৰু কাৰ দোষ আছিল সেই লৈ এতিয়া বিতৰ্ক চলিছে। কিন্তু কিজ পৰিয়ালে এতিয়া বিমান দুৰ্ঘটনাত নিজৰ সন্তানক হেৰুৱাই শোক প্ৰকাশ কৰিছে।

Union budget 2025: মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট

Union budget 2025: মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট
Union budget 2025: মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট

মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম খন সম্পূৰ্ণ বাজেট। আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ইতিমধ্যে সংসদত উপস্থিত বিত্তমন্ত্ৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি সংসদত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কিছু মুহূৰ্তৰ পিছত তেওঁ লোকসভাত দাখিল কৰিব কেন্দ্ৰীয় বাজেট।(Union budget 2025)

বাজেট উপস্থাপনৰ তুলনাত কিছু পূৰ্বে বৃদ্ধি পাইছে প্ৰতিৰক্ষা ষ্টকৰ মূল্য-
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ পূৰ্বে প্ৰতিৰক্ষা ষ্টকৰ মূল্য যথেষ্ট বৃদ্ধি পায়। চেন্সেক্স, নিফটি ১ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পূৰ্বে শনিবাৰে পুৱা মন্ত্ৰালয়ৰ বাহিৰত দেখা গৈছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক। মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ গৈছিল নিৰ্মলা সীতাৰমণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিত্তমন্ত্ৰীক দৈ খুৱাইছিল।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ব্যয় আবণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাধাৰণ জনতা আৰু উদ্যোগ সংস্থাসমূহৰ মাজত আশা বৃদ্ধি পাইছে। আজি ১১ বজাৰ পৰা সংসদত বাজেট ভাষণ আৰম্ভ কৰিব নিৰ্মলাই।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিব বাজেট। এই বিষয়ত তেওঁ একেৰাহে অষ্টমবাৰৰ বাবে বাজেট ভাষণ প্ৰদান কৰিব। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোডীৰ চৰকাৰে দাখিল কৰা এইখন প্ৰথম সম্পূৰ্ণ বাজেট। বিগত বছৰত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ আহিছিল। তাৰ পিছৰে পৰা দ্বিতীয়বাৰৰ বাবে সংসদত বাজেট দাখিল কৰিব নিৰ্মলাই।

Book Launch: শিল্পীশিখা শইকীয়াৰ পৰ্যটকৰ আকৰ্ষণৰ স্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্র উন্মোচন

Book Launch: শিল্পীশিখা শইকীয়াৰ পৰ্যটকৰ আকৰ্ষণৰ স্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্র উন্মোচন
Book Launch: শিল্পীশিখা শইকীয়াৰ পৰ্যটকৰ আকৰ্ষণৰ স্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্র উন্মোচন

যোৰহাটৰ সাহপুৰীয়া গাঁৱত ২০০৩ চনৰ ৭ডিচেম্বৰ তাৰিখে জন্ম হোৱা শিল্পীশিখা শইকীয়া সাহপুৰীয়া অঙ্গনৱাড়ী কেন্দ্র, সাহপুৰীয়া প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰি ২০১৪ চনত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা ২০১৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। (Book Launch)

উচ্চতৰ মাধ্যমিক শ্ৰেণীত গুৰুকুল শিক্ষায়তন জুনিয়ৰ কলেজত অধ্যয়ন কৰা পাছত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ২০২১ চনত নামভৰ্তি কৰি ২০২৪ চনত অসমীয়া বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। বৰ্তমান উক্ত মহাবিদ্যালয়খনতে অসমীয়া বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত।

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত স্নাতক শ্ৰেণীৰ ষষ্ঠ ষাণ্মাসিকত অধ্যয়ন কৰি থাকোঁতেই প্ৰতিগৰাকী শিক্ষার্থীকে বিভাগীয় মুৰব্বীয়ে একোটাকৈ প্ৰকল্প প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিল। ছাত্ৰী শিল্পীশিখা শইকীয়াই প্ৰস্তুত কৰা প্ৰকল্প “‘পৰ্যটকৰ আকৰ্ষণৰ স্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্র” ক ছপা ৰূপ দি ৩১ জানুৱাৰীত শুভ উন্মোচন কৰে।

যোৰহাটৰ স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্রত শিৱসাগৰ জিলাৰ নামতি খেজুৰিতলৰ চিলড্ৰেন হাউছ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী অঞ্জুশ্ৰী দোলাকাষৰীয়াই “পৰ্যটকৰ আকৰ্ষণস্থলী স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। উল্লেখ্য যে দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰা শিল্পীশিখা শইকীয়াই লেখা এই গ্ৰন্থখনে শিল্পীশিখা শইকীয়াৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ।

Himanta Biswa Sarma Birthday: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

Himanta Biswa Sarma Birthday: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন
Himanta Biswa Sarma Birthday: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওপজা দিন

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। (Himanta Biswa Sarma Birthday)

জন্মদিন উপলক্ষে নিশা মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত ভিৰ শুভাকাংক্ষীৰ। উপহাৰৰ টোপোলা, গামোচা, ফুলৰ থোপাৰে মুখ্যমন্ত্ৰীক শুভেচ্ছা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শুভাকাংক্ষীৰ ভিৰ।

আজি ৫৭ বছৰ বয়সত ভৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাজনিশা পৰিয়াল তথা অনুৰাগীৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ওপজা দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা।

অসম কেবিনেটৰ বৈঠকত চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ । assam cabinet

অসম কেবিনেটৰ বৈঠকত চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ । assam cabinet
অসম কেবিনেটৰ বৈঠকত চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ । assam cabinet

৩১ জানুৱাৰী, ২০২৫ঃ assam cabinet । অসম কেবিনেটৰ বৈঠক অসম চৰকাৰৰ লোকসেৱা ভবনত অনুষ্ঠিত হয় । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীয়ে “আপোন ঘৰ আঁচনি”ৰ জৰিয়তে ৩০ লাখ টকাৰ ঋণ ল’ব পাৰিব।

পূৰ্বৰ নিয়ম অনুসৰি, চৰকাৰী কৰ্মচাৰীয়ে Home Loanৰ বাবদ মাত্ৰ ১৫ লাখ টকাৰ ঋণৰ সুবিধা লাভ কৰিছিল। কিন্তু, আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ ফলত এই ঋণৰ পৰিমাণ ৩০ লাখ টকাৰ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ ৩৭,২২৭ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বাবে বৃহৎ সুবিধা ৰাইজৰ বাবে উপলব্ধ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তটোক কৰ্মচাৰীৰ আৰ্থিক সুৰক্ষা আৰু বসবাসৰ সুবিধাৰ বাবে এক মহৎ পদক্ষেপ হিচাপে বৰ্ণনা কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই নতুন ব্যৱস্থা চৰকাৰী কৰ্মচাৰীক নিজস্ব ঘৰ নিৰ্মাণৰ বাবে অধিক আৰ্থিক সহায় আগবঢ়াই তুলিব।

এই সিদ্ধান্তৰ ফলে অসমৰ চৰকাৰী কৰ্মচাৰীৰ জীৱনযাত্রাৰ মান উন্নতি পাব, আৰু তেওঁলোকে অধিক সুৰক্ষিত পৰিৱেশত নিজৰ ঘৰ নিৰ্মাণৰ সুযোগ লাভ কৰিব।

ডিব্ৰুগড়ত পবিত্ৰ মে-ডাম-মে-ফী উৎসৱ উদযাপন। Dibrugarh

ডিব্ৰুগড়ত পবিত্ৰ মে-ডাম-মে-ফী উৎসৱ উদযাপন। Dibrugarh
ডিব্ৰুগড়ত পবিত্ৰ মে-ডাম-মে-ফী উৎসৱ উদযাপন। Dibrugarh

৩১ জানুৱাৰী, ২০২৫ঃ Dibrugarh । পবিত্ৰ মে-ডাম-মে-ফী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো দিনযোৰা কাৰ্যসূচীৰে উপৰিপুৰুষ সকলক সোঁৱৰণ কৰি ঐতিহ্যবাহী কাৰ্যসূচী উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ টাই ভাষা আৰু কৃষ্টি-সংস্কৃতিৰ অন্যতম কেন্দ্ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো মে-ডাম-মে-ফী উৎসৱৰ আয়োজন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে ড্ৰেগন অংকনে সোণালী পতাকা উত্তোলন কৰে। তাৰ পাছতে মুলুং নৱ ফুকনৰ পৰিচালনাত মাঙ্গলিক অনুষ্ঠান সম্পন্ন হয়। দিনটোৰ মূল কাৰ্যসূচীৰ অংশস্বৰূপে আহোম সভাৰ সম্পাদক দিগন্ত ফুকনে আঁত ধৰা মুকলি সভাত বিশিষ্ট চিকিৎসক গৌৰশংকৰ বৰগোহাঁইয়ে “লিট মাইহাং” নামৰ এক স্মৃতিগ্ৰন্থ উন্মোচন কৰে, যি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত।

উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত মুখ্য সচিব বিশ্বজিৎ ফুকন, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, মুম্বাইৰ অসম ভৱনৰ ত্ৰিনয়ন সন্দিকৈ, টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ সভাপতি হেমকান্ত দিহিঙ্গীয়া, সম্পাদক দুৰ্লভ গগৈ, আহোম সভাৰ ডিব্ৰুগড় জিলা সভাপতি ৰঞ্জিত বৰুৱা আৰু অন্য বহু বিশিষ্ট ব্যক্তি।

টাই কৃষ্টি-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৱদানৰ বাবে ডিব্ৰুগড়ৰ ৰুবী গগৈ সন্দিকৈক “জাছিংফা” বঁটা প্ৰদান কৰা হয়। মুকলি সভাৰ পাছত ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাত নৃত্য, সংগীতজ্ঞ গন্ধেশ্বৰ চমুৱাৰ পৰিচালনাত টাই জাতীয় সংগীত, কেইবাটাও টাই ভাষাৰ গীত আৰু শিল্পী ভূৱন গগৈৰ সংগীত পৰিৱেশনেৰে সমগ্ৰ পৰিবেশ উৎসৱমুখৰ কৰি তোলে।

মে-ডাম-মে-ফী উৎসৱত উপস্থিত ৰাইজৰ আন্তঃসাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি গভীৰ উৎসাহে ডিব্ৰুগড়ৰ এই বিশেষ দিনটোক স্মৰণীয় কৰি তোলে।

চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে: স্বাস্থ্য মন্ত্ৰীৰ নতুন নিৰ্দেশ । Ashok Singhal

চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে: স্বাস্থ্য মন্ত্ৰীৰ নতুন নিৰ্দেশ । Ashok Singhal
চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে: স্বাস্থ্য মন্ত্ৰীৰ নতুন নিৰ্দেশ । Ashok Singhal

৩১, জানুৱাৰী, ২০২৫ঃ  Ashok Singhal । ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ সুবিধাৰ্থে নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী। এই নির্দেশনা অনুসৰি, চিকিৎসালয়ত উপলব্ধ নথকা ঔষধ চিকিৎসকৰ প্ৰেছক্ৰিপচনত লিখিবলৈ নিষেধ কৰা হৈছে। যদি কোনো চিকিৎসকে এই নিয়ম উলংঘা কৰে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ কৰিছে যে চৰকাৰী চিকিৎসালয়ত দৰৱৰ যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তথাপি, যদি কোনো ৰোগীক দৰৱ লাভ কৰাত অসুবিধা হয় বা কোনো চিকিৎসকে নিয়মভংগ কৰে, তেন্তে ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিব পাৰে। অভিযোগৰ বাবে বিশেষ নম্বৰ 98645-41430 সক্ৰিয় কৰা হৈছে।

এই ব্যৱস্থা ৰোগীৰ সুৰক্ষা আৰু চিকিৎসা সেবাৰ গুণগত মান বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা হৈছে। চিকিৎসালয়সমূহত এই নতুন নিয়ম কঠোৰভাৱে মানি চলাৰ নিৰ্দেশ দিয়া হৈছে।