মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম খন সম্পূৰ্ণ বাজেট। আজি নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ইতিমধ্যে সংসদত উপস্থিত বিত্তমন্ত্ৰী। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি সংসদত উপস্থিত হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। কিছু মুহূৰ্তৰ পিছত তেওঁ লোকসভাত দাখিল কৰিব কেন্দ্ৰীয় বাজেট।(Union budget 2025)
বাজেট উপস্থাপনৰ তুলনাত কিছু পূৰ্বে বৃদ্ধি পাইছে প্ৰতিৰক্ষা ষ্টকৰ মূল্য-
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ পূৰ্বে প্ৰতিৰক্ষা ষ্টকৰ মূল্য যথেষ্ট বৃদ্ধি পায়। চেন্সেক্স, নিফটি ১ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।
কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ পূৰ্বে শনিবাৰে পুৱা মন্ত্ৰালয়ৰ বাহিৰত দেখা গৈছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক। মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিবলৈ গৈছিল নিৰ্মলা সীতাৰমণ। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিত্তমন্ত্ৰীক দৈ খুৱাইছিল।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ব্যয় আবণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাধাৰণ জনতা আৰু উদ্যোগ সংস্থাসমূহৰ মাজত আশা বৃদ্ধি পাইছে। আজি ১১ বজাৰ পৰা সংসদত বাজেট ভাষণ আৰম্ভ কৰিব নিৰ্মলাই।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিব বাজেট। এই বিষয়ত তেওঁ একেৰাহে অষ্টমবাৰৰ বাবে বাজেট ভাষণ প্ৰদান কৰিব। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোডীৰ চৰকাৰে দাখিল কৰা এইখন প্ৰথম সম্পূৰ্ণ বাজেট। বিগত বছৰত তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ আহিছিল। তাৰ পিছৰে পৰা দ্বিতীয়বাৰৰ বাবে সংসদত বাজেট দাখিল কৰিব নিৰ্মলাই।