Home Blog Page 37

Nagaon Crime News: নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ !

নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ !

নগাঁৱত পুনৰ সক্ৰিয় মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ।(Nagaon Crime News)

নগাঁও আৰক্ষীৰ জালত তিনি বৃক্কৰ দালাল।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত অভিযান।

নগাঁৱৰ হুজ কৈৱৰ্ত্ত গাঁৱত আৰক্ষীৰ অভিযান।

আৰক্ষীৰ জালত কুখ্যাত বগামূলা ওৰফে দীপ দাস, ধৰণী দাস আৰু মহেন্দ্ৰ দাস।

নগাঁৱৰ পৰা কলকাতালৈ বৃক্ক সৰবৰাহ কৰে চক্ৰটোৱে।

নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জেৰা চলাইছে চক্ৰটোক।

চাৰিবছৰ পূৰ্বেও হুজ গাঁৱত বৃক্কৰ দালালি কৰি আটক হৈছিল কেইবাগৰাকীও লোক

১২বছৰ পূৰ্বে জুবিনে জিৰণি লোৱা শিলচটাৰ আঁৰৰ কাহিনী জানেনে ?

গুৱাহাটী মহানগৰীৰ সমীপৰ সোণাপুৰৰ হাতীমূৰা । এই হাতীমূৰাৰ সেউজীয়াৰ মাজতে চিৰদিনৰ বাবে নিৰলে বিশ্ৰাম লৈ আছে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ।

তেওঁৰ এই অন্তিম বিশ্ৰামস্থলীৰ কিছু নিলগত এদিন উজনি অসমৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰবৰ বাগান এখনৰ এটা শিলৰ কাষত বহি এখন ফটো উঠিছিল । ১২ বছৰ পূৰ্বে বিখ্যাত ফটোগ্ৰাফাৰ ছামচুল হুদা পাটগিৰিৰ কেমেৰাৰ লেন্সত ধৰা দিয়া সেই ছবিখন সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈছে ।

কিয়নো অতি নিৰলে শান্ত পৰিৱেশত জিৰণি লৈ ফটো উঠা স্থানৰ পৰা কিছু নিলগতে পঞ্চভূতত বিলীন হৈ গৈছে প্ৰাণৰ শিল্পীগৰাকী । এইখিনিতে উল্লেখ কৰিব লাগিব যে আজিৰে পৰা ১২ বছৰ পূৰ্বে যিটো শিলৰ কাষত বহি অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এখন ঐতিহাসিক ফটোৰ বাবে প’জ দিছিল, সেই শিলটো আছিল কাৰ্বি জনগোষ্ঠীৰ অত্যন্ত পবিত্ৰ লং-এ । এই লং-এ মানে হ’ল মৃতৰ স্মৃতিত পোতা এটুকুৰা শিল ।

লং-এ‘ মৃতকলৈ শ্রদ্ধা জনাই এটুকুৰা গ্রেনাইটজাতীয় ‘শিল তর্পণ’ । কার্বি ভাষাত ই হৈছে লং-এ । ডিমৰীয়াৰ কাৰ্বিসকলে সৎকাৰৰ পিছত মৃতকলৈ জনোৱা ই এক পৰম্পৰা ।লোকসংস্কৃতিৰে ভৰি থকা এটা অঞ্চল হৈছে ডিমৰীয়া । এই অঞ্চলটোৰ গৰিষ্ঠসংখ্যক লোক কাৰ্বি জনগোষ্ঠীৰ হোৱা হেতুকে তেওঁলোকৰ সংস্কৃতিয়ে অতীজৰে পৰা গুৰুত্ব পাই আহিছে । ডিমৰীয়াৰ কাৰ্বিসকলৰ সাংস্কৃতিক পৰম্পৰা আৰু ঐতিহ্যৰ বাহক হিচাপে স্মৃতিশিলা বা লং-এই উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে । এই লং-এ বা স্মৃতিশিলা হ’ল অঞ্চলটোৰ কোনো কার্বি লোকৰ মৃত্যু ঘটিলে মৃতকৰ স্মৃতিৰ চিনস্বৰূপে পোতা শিলৰ স্তম্ভ । একেলগে বহুতো মৃত লোকৰ স্মৃতিত লং-এ থকা ঠাইটুকুৰাক লং-এ আৰি বুলি কোৱা হয়।

Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক

Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক
Dipak Sarma: অজস্ৰ গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি জনাইছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাক

নিথৰ হৈ স্বগৃহত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা।(Dipak Sarma)

পুষ্পসজ্জিত বাহনেৰে দীপক শৰ্মাৰ শেষযাত্ৰা।

বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ।

মঙলবাৰে পুৱাই চেন্নাইৰ পৰা আহি পালেহি দীপক শৰ্মাৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য।

অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ’ব দীপক শৰ্মাৰ নশ্বৰ দেহ ।

তাতেই গুণমুগ্ধ তথা দল-সংগঠনে তেওঁক জনাইছে অন্তিম শ্ৰদ্ধাঞ্জলি।

Rhino Horns: অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ
অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত উদ্ধাৰ গঁড়ৰ খৰ্গ। (Rhino Horns)

CRPF 155(D) কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ খৰ্গটো।

উদ্ধাৰ হোৱা খৰ্গটোৰ ওজন ১ কেজি ২০০ গ্ৰাম।

নগাঁৱৰ পৰা মজিবুৰ ৰহমানে নগাক দিবলৈ আনিছিল খৰ্গটো।

Dipak Sarma: আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

গুৱাহাটী পালেহি বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰদেহ।(Dipak Sarma)

আজি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ।

বিমানবন্দৰৰ পৰা অম্বিকাগিৰি নগৰৰ বাসগৃহলৈ অনা হৈছে পাৰ্থিৱ শৰীৰ।

পুষ্পসজ্জিত বাহনেৰে লৈ অনা হৈছে তেওঁৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য।



“মই ‘দুৰ্ঘটনা’ বুলি কোৱা নাই, জুবিন গাৰ্গৰ ‘হত্যাকাণ্ড’ৰ চাৰ্জশ্বীট ১৭ ডিচেম্বৰৰ আগতেই দিয়া হ’ব”: মুখ্যমন্ত্ৰী । CM

"মই 'দুৰ্ঘটনা' বুলি কোৱা নাই, জুবিন গাৰ্গৰ 'হত্যাকাণ্ড'ৰ চাৰ্জশ্বীট ১৭ ডিচেম্বৰৰ আগতেই দিয়া হ'ব": মুখ্যমন্ত্ৰী । CM
"মই 'দুৰ্ঘটনা' বুলি কোৱা নাই, জুবিন গাৰ্গৰ 'হত্যাকাণ্ড'ৰ চাৰ্জশ্বীট ১৭ ডিচেম্বৰৰ আগতেই দিয়া হ'ব": মুখ্যমন্ত্ৰী । CM


CM । সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ পুনৰ এক বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ঐতিহাসিক পকামূৰা পথাৰত অনুষ্ঠিত মহিলা উদ্যমিতা অভিযানৰ পুঁজিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মই আজি ‘দুৰ্ঘটনা’ বুলি কোৱা নাই। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট আমি ১৭ ডিচেম্বৰৰ আগতেই দিম।”

মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰে, “মই টাৰ্গেট দিছো ৮ তাৰিখমানৰ ভিতৰত যাতে চাৰ্জশ্বীট দাখিল কৰিব পাৰি। আমি সকলো ফালৰ পৰা প্ৰস্তুত। বিদেশত যদি কোনো ঘটনা ঘটে, চাৰ্জশ্বীট দাখিলৰ আগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুমোদন ল’ব লাগে। কালি মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি আহিছো যাতে অনুমোদন সোনকালে পাম। গতিকে মই ভাবো যে অহা তিনি-চাৰি দিনৰ ভিতৰত এছ আই টিয়ে গৃহ মন্ত্ৰণালয়লৈ লিখিব আৰু অনুমোদন পোৱাৰ পাছতে ৮-৯ ডিচেম্বৰৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব।”


📜 “শত্ৰুৰ কথা কোনো কাৰণতে নুশুনোঁ”: মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ মৃত্যু তদন্ত সন্দৰ্ভত সজাগ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “১০ ছেপ্টেম্বৰৰ পৰা অলপ সময় লৈছো বুলি ধৰি লওক। মই ক’লো ১০ ছেপ্টেম্বৰত দিম, নিদিলো ১০ নৱেম্বৰত দিলো, তাৰ পৰা কি ক্ষতি হ’ব পাৰে? শত্ৰুপক্ষই যদি ১০ ছেপ্টেম্বৰত বিচাৰে মই কিয় দিম? মই ১১ তাৰিখত দিম। শত্ৰুৰ কথা শুনিম নেকি?”

তেওঁ যোগ কৰে, “প্ৰথমে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ বিষয়টো পুলিচে সম্পূৰ্ণ কৰিব লাগিব। তাৰ পাছত বেলেগ কথা। জুবিন গাৰ্গৰ আগতে যদি বেলেগ বিষয় কৰোঁ, ৰাইজে বেয়া পাব।”


🗂 সাংবাদিকক আৰ টি আইৰ পৰামৰ্শ

সংবাদিকজনৰ এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, “ছিংগাপুৰত আয়োজিত নৰ্থ-ইষ্ট ফেষ্টিভেলত অসম চৰকাৰে সহযোগিতা আগবঢ়াইছে নে নাই” — এই সন্দৰ্ভত মই ক’ব বিচাৰো, “অসম চৰকাৰে এটকাও দিয়া নাই। প্ৰয়োজন হ’লে আপুনি আৰ টি আই মাৰি জানিব পাৰে।”


🇵🇰 “গৌৰৱ গগৈ পাকিস্তানী এজেন্ট ১০০ শতাংশ”

আনহাতে মুখ্যমন্ত্ৰীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি পুনৰ কঠোৰ আক্রমণ কৰে। তেওঁ কয়, “গৌৰৱ গগৈ পাকিস্তানী এজেন্ট ১০০ শতাংশ। গাখীৰত পানী মিহলি কৰা হয়, কিন্তু ইয়াত পানীও নাই। তেওঁৰ পাকিস্তানৰ সৈতে যোগসূত্ৰ নিশ্চিত। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মোৰ ওপৰত গোচৰ দিয়াৰ কথা কৈছে। দিয়ক, ময়ো ভালেই পাওঁ। কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বীট দিয়াৰ পাছতে গৌৰৱ গগৈৰ কাণ্ড মুকলি কৰিম।”


🕊 “অশোক সিংহলৰ মাটি আছে নে নাই নাজানো”

সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষত মন্ত্ৰী অশোক সিংহলৰ মাটি থকা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “অশোক সিংহলৰ মাটি আছে নে নাই, মই নাজানো। কিন্তু সমাধিত আমি ১০ বিঘা মাটি দিছো। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলো। দুয়োৰে ক্ষেত্ৰত সামঞ্জস্য ৰাখিছো।”


🚜 “উচ্ছেদ অভিযান চলি আছে, অবৈধ মিঞাৰ শান্তি নাই”

উচ্ছেদ অভিযান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয়, “উচ্ছেদ অভিযান অব্যাহত আছে। আজিও বিহালীত উচ্ছেদৰ নিৰ্দেশ দিছো। গতিকে মিঞাৰ শান্তি নাই — অবৈধ মিঞাৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। মই নাথাকিলে বেলেগ কথা।”


💰 উদ্যমিতা আঁচনিৰ ধন বিতৰণ

আজি অনুষ্ঠিত মহিলা উদ্যমিতা অভিযানত নদুৱাৰ সমষ্টিৰ ৩০,০৪৫গৰাকী মহিলায়ে আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰে। অনুষ্ঠানটোত বিধায়ক পদ্ম হাজৰিকা আতঁধৰা কৰিছিল। উপস্থিত আছিল মন্ত্ৰী পীযুষ হাজৰীকা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু দিগন্ত ঘাটোৱাল

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য: ঘোষণা মুখ্যমন্ত্ৰীৰ ।Deepak Sarma

ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব দীপক শৰ্মাৰ শেষকৃত্য: ঘোষণা মুখ্যমন্ত্ৰীৰ ।Deepak Sarma
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব দীপক শৰ্মাৰ শেষকৃত্য: ঘোষণা মুখ্যমন্ত্ৰীৰ ।Deepak Sarma


Deepak Sarma passes away । গহপুৰৰ ভোলাগুৰিত কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণস্থলী পৰিদৰ্শনকালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব।

উল্লেখযোগ্য যে সোমবাৰে চেন্নাইত চিকিৎসাধীন অৱস্থাত মহাপ্ৰয়াণ ঘটে অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতনামা বাঁহীবাদক দীপক শৰ্মাৰ। তেখেতৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ নেমি আহিছে। সাংস্কৃতিক জগতৰ লগতে বিভিন্ন সংগঠন, শিল্পী সমাজ আৰু ৰাজনৈতিক মহলে প্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দীপক শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, “দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ বাঁহীৰ সুৰত গভীৰতা আৰু আত্মাৰ স্পৰ্শ আছিল। দেশতে তেনেকুৱা শিল্পীৰ সংখ্যা খুব কম।”

তেওঁয়ো লগতে কয় যে চেন্নাইৰ পৰা দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ অনাৰ সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে আৰু ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব।

মুখ্যমন্ত্ৰীয়ে গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহবাগিচাত নিৰ্মাণাধীন শহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয়, “যোৱা বিধানসভা নিৰ্বাচনত মই গহপুৰবাসীক প্ৰতিশ্ৰুতি দিছিলোঁ যে শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰিম। অহা ৮ নৱেম্বৰত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। সেয়েহে এই দিনটো প্ৰতিশ্ৰুতি ৰখাৰ দিন।”

তেওঁয়ো যোগ কৰে যে বিশ্ববিদ্যালয়খনক প্ৰযুক্তি-ভিত্তিক শিক্ষাৰ আধাৰত আধুনিক ৰূপত গঢ় ল’ব আৰু বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে একাডেমিক পাৰ্টনাৰশ্বিপ স্থাপন কৰাৰ উদ্যোগ চলিছে। মুখ্যমন্ত্ৰীৰ মতে, “প্ৰথম দিনৰ পৰাই এই বিশ্ববিদ্যালয়ৰ নিজৰ এক ৰেংক থাকিব পাৰে, সেই দিশে আমি কাম কৰিছোঁ।”

ভোলাগুৰিৰ ৭৪০ বিঘা ভূমিত নিৰ্মিত হ’বলগীয়া এই বিশ্ববিদ্যালয়খনত পৰম্পৰাগত পাঠ্যসূচীৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (AI), ৰব’টিক ছায়েঞ্চ, থ্ৰী-ডি প্ৰিণ্টিং আদি আধুনিক বিষয়সমূহো অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

এনে আশা প্ৰকাশ কৰা হৈছে যে কনকলতা বিশ্ববিদ্যালয়খন আগামীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশা নিৰ্দেশ কৰিব।

Smriti Mandhana: সংগীতকাৰ পলাশ মুচ্ছলৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব স্মৃতি মান্ধনা

সংগীতকাৰ পলাশ মুচ্ছলৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব স্মৃতি মান্ধনা
সংগীতকাৰ পলাশ মুচ্ছলৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব স্মৃতি মান্ধনা

বিশ্বজয়ৰ আনন্দ-উল্লাসৰ মাজতেই (Smriti Mandhana) নতুন জীৱনৰ পাতনি মেলিব স্মৃতি মান্ধানাই। দীৰ্ঘদিনীয়া প্ৰেমিক সংগীত সুৰকাৰ পলাশ মুচ্ছলৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব মান্ধনা। ২০ নবেম্বৰত বিৱাহপাশত আৱদ্ধ হ’ব ক্ৰিকেটাৰগৰাকী।

ক্ৰিকেটাৰগৰাকীৰ গৃহ চহৰ সাংগলীত বিবাহপাশত আবদ্ধ হ’ব স্মৃতি মান্ধনা আৰু সংগীত সুৰকাৰ পলাশ মু্চ্ছল। সাংগলী হৈছে য’ত স্মৃতি ডাঙৰ-দীঘল হৈছিল, নিজৰ দক্ষতাক নিখুঁত কৰিছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পথত আগবাঢ়িছিল।

কেইবামাহো ধৰি বন্ধু-বান্ধৱ আৰু অনুৰাগীৰ একাউণ্টত শ্বেয়াৰ কৰা ছবিত স্মৃতি আৰু পলাশক একেলগে দেখা পোৱাৰ বাবে তেওঁলোকৰ সম্পৰ্কক লৈ চলি থকা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে এই উৰাবাতৰি সন্দৰ্ভত এতিয়ালৈকে দুয়োৰে কোনোৱেই ৰাজহুৱাভাৱে কোনো মন্তব্য কৰা নাই।

Roi Roi Binale: অভিলেখৰ বাবে ৰৈ নাথাকিল ‘ৰৈ ৰৈ বিনালে’…

Roi Roi Binale: অভিলেখৰ বাবে ৰৈ নাথাকিল 'ৰৈ ৰৈ বিনালে'
Roi Roi Binale: অভিলেখৰ বাবে ৰৈ নাথাকিল 'ৰৈ ৰৈ বিনালে'

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ (Roi Roi Binale) হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ই অভিলেখ গঢ়িলে মুক্তিৰ প্ৰথম দিনটোতে৷ অসমীয়া ছবি জগতৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই ছবি খনে প্ৰথম দিনাই উপাৰ্জন কৰিলে কোটি টকাৰ ঘৰত ধন৷ জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ ৩১ অক্টোবৰত মুক্তিলাভ কৰিছিল৷ মুক্তি পাছতে অভিলেখৰ জোৱাৰ তোলে ছবিখনে৷

প্ৰথমবাৰৰ বাবে ৰাজ্যত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হ’ল দৰ্শনী৷ লক্ষ্যণীয় কথাটো হল সৰ্বকালৰ অভিলেখ ভংগ কৰি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা ৷সামাজিক মাধ্যমযোগে ৰৈ ৰৈ বিনালে টীমে প্ৰকাশ কৰে পৰিসংখ্যা সামাজিক মাধ্যমত এক পোষ্ট দি টীমে কয়, ‘ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা৷ এই পৰিসংখ্যা প্ৰকাশ কৰাৰ লগতে আমি বিনয়েৰে আপোনালোকক জনাব বিচাৰিছোঁ – দৈনিক উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ কৰাৰ পৰিৱেশ এতিয়া যিহেতু নাই, ছবিখন মুক্তিৰ এমাহৰ পাছত প্ৰযোজক গোষ্ঠীয়ে অনাগত দিনকেইটাৰ সৰ্বমুঠ তথ্য ৰাজহুৱা কৰিব৷ আশা কৰোঁ, পাইৰেচীৰ নিজেও বিৰোধ কৰি আনকো পাইৰেচীৰ আশ্ৰয় লোৱাৰ পৰা আঁতৰাই ৰাখি এইদৰেই আকুল মৰমেৰে আপোনালোকে ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শক হ’বহি৷’

আনহাতে ছবিখনে দুদিনত উফাৰ্জন কৰিলে ৫.৪০ কোটি টকা। ছবিখনৰ মুক্তিৰ চতুৰ্থ দিনটোতো দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল আদিতো দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে৷ নাহৰলগুন, পাচিঘাট, দিৰাং, জিৰ’ আদিৰ ছবিগৃহসমূহত প্ৰতিটো দৰ্শনীতে এতিয়া হাউচ ফুল হৈ আছে৷ আনহাতে জানিব পৰা অনুসৰি ১৫ নৱেম্বৰৰ পৰা বিদেশতো মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’৷ ইতিমধ্যে ছিডনীৰ ছবিগৃহত হাউচফুল হোৱাৰ দিশে গতি কৰিছে বুলি জানিব পৰা গৈছে৷

Amit Shah: ভাৰত গণতান্ত্ৰিক দেশ, নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰেঃ অমিত শ্বাহ

ভাৰত গণতান্ত্ৰিক দেশ, নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰেঃ অমিত শ্বাহ
ভাৰত গণতান্ত্ৰিক দেশ, নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰেঃ অমিত শ্বাহ

নেপালৰ দৰে (Amit Shah) ভাৰততো জেন জিৰ প্ৰতিবাদ হব পাৰে বুলি একাংশ লোকে কৰি অহা আশংকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনে আশংকাৰ কথা পোণচাটেই নাকচ কৰিছে৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌-মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেপালত সংঘটিত হোৱা জেন-জি প্ৰতিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷

সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক-যুৱতীসকলে বিদ্ৰোহ কৰিছে, সেয়া ভাৰতত কেতিয়াও সম্ভৱ নহয়৷ শ্বাহে লগতে কয় যে, ভাৰতৰ গণতন্ত্ৰ অতি গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ট শক্তিশালী৷ তেওঁ স্পষ্টকৈ কয়, ‘ভাৰত নেপাল নহয়, আমাৰ গণতান্ত্ৰিক শিপা অতি শক্তিশালী৷ ইয়াত জেন জেডৰ প্ৰতিবাদ সম্ভৱ বুলি মই নাভাবো৷ আমাৰ দেশৰ যুৱক-যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰি দেশৰ উন্নয়নত অৰিহণা যোগায়৷’

বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত অমিত শ্বাহে কয়-যদি বিহাৰৰ ভোটাৰে মহাজোঁট বাছি লোৱাৰ ভুল কৰে, তেন্তে নিশ্চিতভাৱে ‘জংগল ৰাজ’ বিহাৰলৈ ঘূৰি আহিব৷