Home Blog Page 37

ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড

ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড
ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড

ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড৷

নিশা প্ৰায় বাৰ বজাত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড৷

অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হোৱা সম্ভাৱনা৷

বহু কেইটা শ্ৰেণী কোঠাৰ লগতে সমগ্ৰ বিদ্যালয়খন ধ্বংস হোৱাৰ খবৰ৷

কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল বৰ্তমানেও জানিব পৰা হোৱা নাই৷

অগ্নিনিৰ্বাপক বাহিনীৰ বিফলতাৰ ওপৰতো ক্ষোভ উজাৰে দল সংগঠনৰ নেতৃবৃন্দই।

সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ‌ যদিও ৰেল লাইনৰ পাৰত‌ অৱস্থিত বিদ্যালয় হোৱাৰ বাবে আৰু অগ্নিনিৰ্বাপক বাহন সোমোৱাবলৈ বাট নোহোৱা কাৰণে পৰ্যাপ্ত পৰিমাণৰ দুৰত্বতকৈ অধিক দূৰ হোৱাত পাৱাৰ গেয়াৰ লগাব লগা হয় আৰু সময়ত‌ ষ্টাৰ্ট নোহোৱাত উপযুক্ত সময়ত জুই নিৰ্বাপন কৰিব পৰা নগ’ল বুলি বিভাগে জনাই ৷

ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিক টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ সম্মানঃ অভিনেতা গুলচন গ্ৰোভাৰে প্ৰদান কৰে বঁটা

ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিক টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ সম্মানঃ অভিনেতা গুলচন গ্ৰোভাৰে প্ৰদান কৰে বঁটা
ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিক টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ সম্মানঃ অভিনেতা গুলচন গ্ৰোভাৰে প্ৰদান কৰে বঁটা

ডিব্ৰুগড়ৰ নালিয়াপুল নিবাসী চেমিম আখতাৰা আলিক ব্যতিক্ৰম গ্রুপৰ সহযোগত’ দ্য টাইমছ অৱ ইণ্ডিয়া'(টাইমছ গ্রুপ)ৰ তৰফৰ পৰা ছচিয়েল ইমপেক্ট লিডাৰ শ্বিপত শ্ৰেষ্ঠত্ব (Excellence in social impact leader ship) শিতানত সন্মানিত কৰা হয়।

যোৱা ৩০ এপ্ৰিলত গুৱাহাটীৰ বিভান্টা হোটেলত এই বঁটা প্ৰদান কৰে বলিউডৰ বিখ্যাত অভিনেতা গুলচান গ্ৰোভাৰে। চেমিম আখতাৰা আলি সমাজসেৱা আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান লাভ কৰে ।

অনুষ্ঠানত বলিউডৰ অভিনেতা গুলচান গ্ৰোভাৰৰ লগতে ৰাজ্যৰ কেইবাগৰাকী অভিনেতা অভিনেত্ৰী উপস্থিত থাকে।

কাইলৈ ভোটগণনাঃ ১২৬টা সমষ্টিৰ পৰা কোন আহিব দিছপুৰলৈ?

কাইলৈ ভোটগণনাঃ ১২৬টা সমষ্টিৰ পৰা কোন আহিব দিছপুৰলৈ?
কাইলৈ ভোটগণনাঃ ১২৬টা সমষ্টিৰ পৰা কোন আহিব দিছপুৰলৈ?

কাইলৈ ভোটগণনা, অধীৰ আগ্ৰহেৰে অপেক্ষা ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰাৰ্থীৰ। ৩৫ খন জিলাৰ ৪০ কেন্দ্রত ভোটগণনাৰ প্ৰস্তুতি কৰা হৈছে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ভোটগণনা কেন্দ্রত থাকিব তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী। ভোটগণনা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসার্ধত ১৬৩ ধাৰা জাৰি কৰা হৈছে।

প্ৰতিটো সমষ্টিৰ বিপৰীতে থাকিব একোজনকৈ পৰ্যৱেক্ষক। বহিঃৰাজ্যৰ IAS বিষয়াক দিয়া হ’ব পৰ্যৱেক্ষকৰ দায়িত্ব। ভোটগণনাৰ বাবে নিয়োগ হ’ব ৫,৯৮১ গণনাকাৰী বিষয়া, ২,৩৪৮ সূক্ষ্ম পর্যবেক্ষক থাকিব। ভোটগণনাৰ সময়ত প্রতিখন গণনা টেবুলত থাকিব এজনকৈ সূক্ষ্ম পর্যবেক্ষক।

মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ভোটগণনালৈ। কাইলৈ স্পষ্ট হ’ব EVMত বন্দী হৈ আছে কাৰ ভাগ্য। ভোটগণনাৰ বাবে সাজু হৈছে প্ৰশাসন। ফলাফলৰ বাবে উৎকণ্ঠাৰে অপেক্ষা প্ৰাৰ্থী-ভোটাৰৰ। ১২৬ সমষ্টিৰ পৰা কোন আহিব দিছপুৰলৈ?

হিন্দুৱে যি দামত পেট্র’ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়ঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

হিন্দুৱে যি দামত পেট্র'ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়ঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
হিন্দুৱে যি দামত পেট্র'ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়ঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

ইন্ধনৰ দামক লৈ জাতিগত ৰাজনীতিক সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। নাগপুৰত শ্ৰমিক দিৱসৰ এক অনুষ্ঠানত নীতিন গাডকাৰীয়ে কয় যে হিন্দু আৰু মুছলমানে গেছ, পেট্ৰল আৰু ডিজেলৰ বাবে একে মূল্য দিয়ে।

নাগপুৰত ভাষণত গাডকাৰীয়ে কয়, “হিন্দুসকলে যি দামত গেছ, পেট্ৰ’ল আৰু ডিজেল পায়, মুছলমানসকলেও একে দামতে পায়।” শেহতীয়া নিৰ্বাচনৰ সময়ত কেইবাখনো ৰাজ্যৰ ৰাজনৈতিক বক্তৃতাত ধৰ্মীয় আৰু জাতিগত প্ৰচাৰ চলোৱাৰ সময়তে তেওঁৰ এই মন্তব্য।

হিন্দুৱে যি দামত গেছ, পেট্র’ল-ডিজেল পায়, মুছলমানেও একে দামতে পায়। ইয়াৰ পৰা স্পষ্টকৈ প্রমাণিত হৈছে যে উন্নয়ন আৰু সুবিধাসমূহৰ ক্ষেত্ৰত কোনো বৈষম্য নাই। আজিকালি বহুতে জাতি-ধৰ্মৰ নামত সমাজখনক বিভাজিত কৰিবলৈ চেষ্টা কৰে, কিন্তু মই এই ৰাজনীতিত বিশ্বাস নকৰো; জাতি-ধৰ্মৰ ৰাজনীতিয়ে দেশক লাভৱান কৰিব নোৱাৰে।

গডকাৰীয়ে স্পষ্টকৈ ক’লে যে তেওঁ এনে বিভাজনৰ পৰা নিজকে আঁতৰাই ৰাখে। ‘বাহিৰত মানুহে ধৰ্ম বিভাজনত যুঁজিব পাৰে, কিন্তু মই তেনেকুৱা নকৰো।’

প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ উপযুক্ত সময় কেতিয়া ?

প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ উপযুক্ত সময় কেতিয়া ?
প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ উপযুক্ত সময় কেতিয়া ?

সম্পৰ্ক এটা স্থাপন কোনো ডাঙৰ কথা নহয়, কিন্তু বুজাবুজি আৰু যত্নৰে জীয়াই ৰখাটো অধিক গুৰুত্বপূৰ্ণ, যিটো মানুহে প্ৰায়ে পাহৰি যায়। সময়ৰ লগে লগে সম্পৰ্কবোৰ গভীৰ আৰু দুৰ্বল হৈ পৰে, গতিকে সঠিকভাৱে কেনেকৈ বজাই ৰাখিব লাগে সেই বিষয়ে জানিব লাগিব।

প্ৰতিটো দম্পতীৰ জীৱনত এটা সময় আহে যেতিয়া তেওঁলোকে নিজৰ প্ৰেমিক-প্ৰেমিকাৰ সম্পৰ্কৰ কথা পৰিয়ালৰ সৈতে ভাগ কৰে। কেনেকৈ কৰিব লাগে বা ক’ব লাগে তাৰ পৰা আৰম্ভ কৰি সময় সঠিক হ’ব নে নহয়, বহু প্ৰশ্নই তেওঁলোকৰ মনলৈ আহে। আপোনাৰো প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ সময় আহি পৰিছে নেকি?

এই সিদ্ধান্তবোৰ লোৱাটো সহজ নহয়; বহুত চিন্তা কৰি কৰা উচিত। কেৱল দুজন মানুহৰ জীৱন নহয়, দুটা পৰিয়ালৰ আশা জড়িত হৈ থাকে।

প্ৰেমিকাক পৰিয়ালৰ লগত চিনাকি কৰাই দিয়াৰ উপযুক্ত সময় কেতিয়া-

১/ পাৰিবাৰিক পৰিৱেশ

যদি আপুনি আপোনাৰ প্ৰেমিকাক আপোনাৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিব বিচাৰে তেন্তে প্ৰথমে আপুনি পৰিয়ালৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰা উচিত। যদি সুখী হয় তেন্তে তেওঁলোকৰ লগত কথা পাতিব পাৰি। সামান্য টেনচন হ’লেও অলপ অপেক্ষা কৰা উচিত।

  1. সমস্যাত সমৰ্থন

যিকোনো অসুবিধাৰ মাজেৰে যদি দুয়োজনে ইজনে সিজনক সহায় কৰে তেন্তে পৰিয়ালৰ সৈতে ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব পাৰে। সুচিন্তিত পদক্ষেপে সম্পৰ্কক শক্তিশালী কৰে।

৩/ সিদ্ধান্ত বুজি পোৱা

যদি আপোনালোকে ইজনে সিজনৰ সিদ্ধান্ত বুজি পায় আৰু সন্মান কৰে তেন্তে একেলগে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লোৱা উচিত। প্ৰেমত খৰখেদা কৰিলে প্ৰায়ে সমস্যাৰ সৃষ্টি হয়, গতিকে দুবাৰ চিন্তা কৰা উচিত।

৪/ সম্পৰ্কক সময় দিয়া

যদি আপোনাৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু বহু অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো সম্পৰ্কটো জীয়াই আছে আৰু সময়ৰ লগে লগে শক্তিশালী হৈ আহিছে, তেন্তে এইটোৱেই আপোনাৰ প্ৰেমিকাক আপোনাৰ পৰিয়ালৰ সৈতে চিনাকি কৰাই দিয়াৰ উপযুক্ত সময়।

শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়েঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়েঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়েঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

শিশুক স্মাৰ্ট কৰি তোলা নাই মোবাইল ফোনৰ আসক্তিয়ে। পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। বৰ্তমান সময়ৰ সৰু ল’ৰা-ছোৱালীয়ে ফোন চাইহে খায়। সেয়ে মাক-দেউতাকে প্ৰায়ে ফোন দেখুৱাই খুৱাই। তদুপৰি শিশুসকলে প্ৰায়ে গোটেই দিনটো ফোনত ভিডিঅ’ চাই ভাল পায়। যদি আপোনাৰ দুবছৰৰ তলৰ শিশুৱে অনবৰতে ফোন চাই থাকে তেন্তে তেওঁলোকৰ অটিজিমৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এইমছৰ এক অধ্যয়ন অনুসৰি জন্মৰ পৰা ১৮ মাহ বয়সৰ ভিতৰত পিতৃ-মাতৃ মোবাইল ফোনত আসক্ত হৈ থকা শিশুৰ অটিজিম হোৱাৰ সম্ভাৱনা বেছি।

অত্যধিক স্ক্রীণ টাইমৰ ফলত শিশুৰ অটিজমৰ লক্ষণ বৃদ্ধিৰ আশংকা। দিল্লী AIIMSৰ শেহতীয়া অধ্যয়নত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। শিশুৰ মানসিক বিকাশত বাধা দিব পাৰে ডিজিটেল স্ক্ৰীণৰ আসক্তিয়ে। ২ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ই অধিক ক্ষতিকাৰক বুলি প্রকাশ।

অটিজিমৰ ফলত প্ৰথম কেইবছৰমান শিশু বাকৰুদ্ধ হৈ থাকিব পাৰে। যদি কোনো শিশুৱে দুবছৰৰ পৰা তিনিবছৰৰ ভিতৰত কোনো কথা ক’ব বা বুজিব নোৱাৰে তেন্তে এইবোৰ অটিজিমৰ লক্ষণ। অৰ্থাৎ আপোনাৰ সন্তানৰ অটিজিম হ’ব পাৰে। ভাৰতত অটিজিম দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্ধিত অটিজিমৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইমছ হাস্পতালে গৱেষণা কৰিছিল।

জন্মৰ পৰা ১৮ মাহ বয়সৰ ভিতৰৰ শিশুক মোবাইল ফোন নিদিয়াৰ পৰামৰ্শ চিকিৎসকে। ১৮ মাহৰ পৰা ৬ বছৰৰ ভিতৰৰ শিশুক ১ ঘণ্টাৰ বাবেহে মোবাইল ফোন দিব লাগে। ইয়াতকৈ অধিক ক্ষতিকাৰক হ’ব পাৰে।

আতংকিত নহ’বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন

আতংকিত নহ'বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন
আতংকিত নহ'বঃ আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল ফোন

আতংকিত নহ’ব।

আজি হঠাৎ বাজি উঠিব পাৰে আপোনাৰ মোবাইল ফোন।

বিশেষ সতর্কতাৰে আজি হঠাতে বাজি উঠিব পাৰে আপোনাৰ মোবাইল।

আজি সকলো ম’বাইল ফোনলৈ আহিব জৰুৰীকালীন এলাৰ্ট।

পৰীক্ষামূলকভাৱে সকলো ম’বাইল ফোনলৈ আহিব এলাৰ্ট।

এলাৰ্টক লৈ ভীতিগ্ৰস্ত নহ’বলৈ সকলোকে আহ্বান NDMAৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিব বিশেষ এলাৰ্ট চিষ্টেম।

‘নেচনেল মোবাইল ডিজাষ্টাৰ এলার্ট চিষ্টেম’টো মুকলি কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।

ভূমিকম্প, বানপানী, ঘূৰ্ণিবতাহৰ দৰে প্ৰাকৃতিক দুর্যোগ, জৰুৰীকালীন পৰিস্থিতিৰ পূৰ্বে ৰাইজক সতৰ্ক কৰিবলৈ চৰকাৰৰ এই বিশেষ পদক্ষেপ।

আজি গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক

আজি গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক
আজি গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক

আজি কংগ্ৰেছৰ নিৰ্বাচনী পর্যালোচনা বৈঠক।

গুৱাহাটীলৈ তলব সকলো কংগ্ৰেছ প্ৰাৰ্থীক।

অসমলৈ আহিব ডি কে শিৱ কুমাৰ, ভূপেশ বাঘেল।

পর্যালোচনা বৈঠকত উপস্থিত থাকিব জিতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈ।

‘হোটেল ৰত্নাৱলীত’ অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠকখন।

পুৱা ১০.৩০ বজাত আটাইকেইজন নেতা উপস্থিত হ’ব গুৱাহাটীত।

ধুমুহা, বৰষুণ, বজ্ৰপাতত দুজনৰ মৃত্যু; আহত তিনিগৰাকী

ধুমুহা, বৰষুণ, বজ্ৰপাতত দুজনৰ মৃত্যু; আহত তিনিগৰাকী
ধুমুহা, বৰষুণ, বজ্ৰপাতত দুজনৰ মৃত্যু; আহত তিনিগৰাকী

শুক্ৰবাৰে অহা ধুমুহা,বৰষুণ,বজ্ৰপাতত ফকিৰাগ্ৰামৰ চিথিলাত অঘটন।

চিথিলাৰ নামাপাৰাত বজ্ৰ পৰি দুজনৰ মৃত্যু।

নিহত ছহিত আলী পৰামানিক আৰু ছিৰাজুল হক।

গুৰুতৰভাৱে আহত হয় আন তিনিগৰাকী লোক।

আহতসকল একাব্বৰ মণ্ডল, সাহিন পৰামানিক, সাহিদা বিবি বুলি জানিব পৰা গৈছে।

খেতি-পথাৰত মৰণা মাৰি থকা অৱস্থাতে এই অঘটন হয়।

ইপিনে বজ্ৰ পৰি মৃত্যু কেইবাটাও পশুধনৰ।

নিহত-আহতসকল একেটা পৰিয়ালৰে সদস্য।

বজ্ৰ পৃষ্ঠ লোক কেইজনক ততাতৈয়াকৈ দোতমা সমুহীয়া চিকিৎসালয়ত লৈ যায় যদিও ছহিত আলী পৰামানিক(৫০) আৰু ছিৰাজুল হ’কৰ (৩৫) মৃত্যু হয় বুলি চিকিৎসকে ঘোষণা কৰে।

আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়দান

আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়দান
আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়দান

সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ ৰায়দান।

আজি ফাষ্ট ট্রেক আদালতে দিব আবেদনৰ ৰায়।

২৮ এপ্রিলত শুনানি সম্পন্ন কৰি ৰায় সংৰক্ষিত কৰি ৰাখিছিল আদালতে।

সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা, ৬টা বেংক একাউন্ট জব্দৰ দিছিল নির্দেশ আদালতে।