Home Blog Page 376

mahashivratri 2025: শিৱৰাত্ৰীৰ পূৰ্বে এই ৫ ৰাশিৰ ভাগ্য হঠাতে সলনি হ’ব !

mahashivratri 2025: শিৱৰাত্ৰীৰ পূৰ্বে এই ৫ ৰাশিৰ ভাগ্য হঠাতে সলনি হ'ব !
mahashivratri 2025: শিৱৰাত্ৰীৰ পূৰ্বে এই ৫ ৰাশিৰ ভাগ্য হঠাতে সলনি হ'ব !

জ্যোতিষৰ হিচাপ অনুসৰি কুম্ভ ৰাশিত বাক, ব্যৱসায় আৰু বুদ্ধিৰ কাৰক ভগৱান বুধৰ উত্থান হ’বলৈ গৈ আছে। বৈদিক জ্যোতিষৰ মতে ২৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬:১৫ বজাত ভগৱান বুধ কুম্ভ ৰাশিত উদয় হ’ব। এনে পৰিস্থিতিত কোন ৫ ৰাশিৰ বাবে বুধ ৰাশিৰ উত্থান উপকাৰী সেইটো জানি লওক।(mahashivratri 2025)

মেষ ৰাশি

বুধ ৰাশিৰ উত্থান মেষ ৰাশিৰ লোকৰ বাবে অতি শুভ আৰু সৌভাগ্যৰ কথা। ভগৱান বুধৰ কৃপাত নিয়োজিত লোকৰ আয় বাঢ়িব। পূর্বৰ তুলনাত অর্থনৈতিক পৰিস্থিতিৰ উন্নতি হ’ব৷ নিয়োজিত লোকে পদোন্নতি-বৃদ্ধি পাব পাৰে। বাকী থকা কাম সম্পূৰ্ণ হ’ব।

মিথুন ৰাশি

বুধ ৰাশিৰ উত্থানৰ লগে লগে মিথুন ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থাৰ প্ৰচণ্ড উন্নতি হ’ব। ব্যৱসায় বৃদ্ধি হ’ব। ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ’ব। আপোনাৰ সন্তানৰ পৰা হয়তো কিছু ভাল খবৰ পাব। বিনিয়োগে অৰ্থনৈতিক অগ্ৰগতিৰ সূচনা কৰিব।

সিংহ ৰাশি

বুধ গ্ৰহটোৱে উত্থান ঘটাই সিংহ ৰাশিৰ লোকসকলৰ আৰ্থিক সংকট দূৰ কৰিব। এই সময়ছোৱাত সকলো আৰ্থিক সমস্যাৰ পৰা সকাহ পাব পাৰে। ইয়াৰ লগতে এই সময়ছোৱাত আপুনি বিনিয়োগৰ এক সোণালী সুযোগ লাভ কৰিব। বিবাহিত জীৱনত সুখ থাকিব। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। প্ৰেম জীৱনত আপোনাৰ সংগীৰ পৰা সমৰ্থন পাব পাৰে।

মকৰ ৰাশি

বুধ ৰাশিৰ উত্থানৰ বাবে মকৰ ৰাশিৰ লোকে হঠাৎ আৰ্থিক লাভ লাভ কৰিব পাৰে। অর্থনৈতিক পৰিস্থিতিৰ প্রচণ্ড ইতিবাচক উন্নতি হ’ব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। নিয়োজিত লোকে পদোন্নতিৰ সুবিধা লাভ কৰিব পাৰে। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। মাক-দেউতাকৰ পৰা সমৰ্থন পাব।

কুম্ভ ৰাশি

বুধ ৰাশিৰ উত্থান কুম্ভ ৰাশিৰ লোকৰ বাবেও ইতিবাচক। এই সময়ছোৱাত কুম্ভ ৰাশিৰ লোকসকলৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ’ব। ব্যৱসায়ৰ আৰ্থিক অৱস্থা ভাল হ’ব। সম্পত্তি সম্পৰ্কীয় কামত আৰ্থিক লাভ হ’ব।

মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে ঘৰত পূজাস্থলীত এটা সৰু শিৱলিংগ স্থাপন কৰক। ইয়াৰ লগতে এই দিনটোত শিৱ মন্দিৰত থকা শিৱলিঙক পানী, গাখীৰ, দৈ, ঘিউ, মৌ আদিৰে অভিষেক কৰক।

Guess This Superstar: ১৭ বছৰতে ৰাজপথত এগৰাকী ১৩ বছৰীয়া ছোৱালীৰ প্ৰেমত পৰিছিল ২৫০খন ছবিত কাম কৰা এইগৰাকী ছুপাৰষ্টাৰ, আজিও একেলগে আছে দুয়ো

Guess This Superstar: ১৭ বছৰতে ৰাজপথত এগৰাকী ১৩ বছৰীয়া ছোৱালীৰ প্ৰেমত পৰিছিল ২৫০খন ছবিত কাম কৰা এইগৰাকী ছুপাৰষ্টাৰ
Guess This Superstar: ১৭ বছৰতে ৰাজপথত এগৰাকী ১৩ বছৰীয়া ছোৱালীৰ প্ৰেমত পৰিছিল ২৫০খন ছবিত কাম কৰা এইগৰাকী ছুপাৰষ্টাৰ

বলীউডৰ বহু তাৰকাৰ প্ৰেম কাহিনী যথেষ্ট বিখ্যাত। কোনোবাই চেটত প্ৰেমত পৰিছিল, কোনোবাই কলেজত বা পাৰ্টিত, কিন্তু এজন অভিনেতা আছে যিয়ে নিজৰ প্ৰকৃত প্ৰেমক ৰাজপথত বিচাৰি পাইছিল। তেওঁৰ চলচ্চিত্ৰ জীৱন উজ্জ্বল আছিল যদিও তেওঁৰ প্ৰেম কাহিনী চলচ্চিত্ৰ কাহিনীতকৈ কম নহয়। তেওঁ দৰিদ্ৰতাৰ পৰা বলীউডত তাৰকা হিচাপে পৰিগণিত হৈছিল আৰু তেওঁৰ প্ৰেম কাহিনীও সমানেই আকৰ্ষণীয় আছিল। তেওঁৰ বয়স মাত্ৰ ১৭ বছৰ আছিল যেতিয়া তেওঁৰ প্ৰেমত পৰিছিল।(Guess This Superstar)

আজি আমি আপোনালোকক ক’ম ৪৩ বছৰ আগতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা এগৰাকী ছুপাৰষ্টাৰৰ বিষয়ে। তেওঁৰ কেৰিয়াৰত বহু হিট আৰু ছুপাৰহিট ছবিত কাম কৰি আহিছে। আজিও তেওঁৰ অনুৰাগীসকলে তেওঁক বহুত ভাল পায়। অৱশ্যে তেওঁৰ পত্নী আৰু প্ৰেম কাহিনীৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। এই অভিনেতাগৰাকীয়ে ১৭ বছৰ বয়সতে প্ৰথম দৃষ্টিত প্ৰেমত পৰিছিল। ৰাস্তাৰ দাঁতিত থিয় হৈ থাকোঁতে তেওঁ স্কুলৰ ইউনিফৰ্ম পিন্ধা ছোৱালী এজনী বাছত বহি থকা দেখিছিল।(jackie shroff)

সেই মুহূৰ্ততে সেই ছোৱালীজনীৰ বাবে তেওঁৰ হৃদয়খন ধপধপাই উঠিবলৈ আৰম্ভ কৰিছিল। তেওঁ দ্বিধাবোধ নকৰি তেওঁৰ নামটো সুধিলে আৰু তাৰ পিছত মিউজিক ৰেকৰ্ডিং ষ্ট’ৰ এখনলৈ যোৱাৰ প্ৰস্তাৱ দিলে। ছোৱালীজনীয়ে হয় বুলি ক’লে আৰু লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গভীৰ হৈ আহিল। তেওঁলোকৰ কাহিনীত কোনো ফ্ৰিল, কোনো অভিনয় নাছিল, মাথোঁ সঁচা আৰু প্ৰেম, যিটো সময়ৰ লগে লগে শক্তিশালী হৈ আহিছিল। এই অভিনেতাজন হৈছে জেকী শ্ৰফ। তেওঁৰ প্ৰেমত প্ৰেমিকাগৰাকী আছিল আয়েছা শ্ৰফ।

জেকিয়ে প্ৰথমবাৰৰ বাবে আয়েছাক দেখাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৩ বছৰ। আয়েছা ধনী পৰিয়ালৰ আছিল, আনহাতে জেকীৰ শৈশৱ অতি দৰিদ্ৰতা মাজেৰে পাৰ হৈছিল। ১৯৮৭ চনত দুয়োৰে বিয়া হয়। সেই সময়ত জেকিয়ে ‘হিৰো’ ছবিখনৰ জৰিয়তে বলীউডত নিজৰ নাম উজলাইছিল। অৱশ্যে বিয়াৰ পিছতো তেওঁ সাধাৰণ ভাৱে থাকি ভাল পাইছিল আৰু আয়েশাই তেওঁৰ প্ৰতিটো সিদ্ধান্ত আনন্দৰে মানি লৈছিল। জেকী আৰু আয়েছাৰ দুটা সন্তান আছে, তেওঁলোক হৈছে টাইগাৰ শ্ৰফ আৰু কৃষ্ণ শ্ৰফ।

টাইগাৰ বলীউডত ডাঙৰ একচন হিৰো হৈ পৰাৰ বিপৰীতে কৃষ্ণই ফিটনেছৰ জগতখনত নিজৰ পৰিচয় গঢ়ি তুলিছে। দুয়োজনেই পিতৃ-মাতৃৰ দৰে কঠোৰ পৰিশ্ৰম আৰু সহজ জীৱনত বিশ্বাস কৰে। টাইগাৰ আৰু কৃষ্ণ আন ষ্টাৰ কিডতকৈ পৃথক কাৰণ তেওঁলোকৰ ফিটনেছ আৰু ডিচিপ্লিনৰ বাবে পৰিচিত। তেওঁলোক ডাঙৰ-দীঘল হৈছিল এনেদৰে যে তেওঁলোকে সদায় দেউতাকৰ সৰলতা আৰু মাকৰ জ্ঞানৰ পৰা শিকিছিল। যদি আমি জেকী শ্ৰফৰ ছবি যাত্ৰাৰ কথা কওঁ তেন্তে তেওঁ নিজৰ কেৰিয়াৰত বহু হিট ছবি দৰ্শকক উপহাৰ দিছে।

Delhi CM Rekha Gupta: মই ৰেখা গুপ্তা…, দিল্লীৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী; দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ

Delhi CM Rekha Gupta: মই ৰেখা গুপ্তা…, দিল্লীৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী
Delhi CM Rekha Gupta: মই ৰেখা গুপ্তা…, দিল্লীৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী

আজি দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ৰেখা গুপ্তাই।(Delhi CM Rekha Gupta) মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ লগতে ছজন বিধায়কে দিল্লীত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই মন্ত্ৰীসকলৰ ভিতৰত আছে প্ৰবেশ ভাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, ৰবিন্দৰ ইন্দ্ৰজ সিং, কপিল মিশ্ৰ আৰু পংকজ কুমাৰ সিং। উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই প্ৰথমে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক শপত গ্ৰহণ কৰাই, তাৰ পিছতে পৰ্বেশ ভাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্ৰ, পংকজ কুমাৰ সিং আৰু শেষত ৰবিন্দৰ ইন্দেৰাজ সিঙে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ সময়ত ৰামলীলাৰ খেলপথাত ব্যাপক জনসমাগম। শপতগ্ৰহণৰ বাবে তিনিটা পৃথক মঞ্চ প্ৰস্তুত কৰা হৈছিল। মূল মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাজ্যপাল ভি কে ছাক্সেনা, মনোনীত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সহযোগী সদস্য আৰু এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। দ্বিতীয় মঞ্চত ধৰ্মগুৰু আৰু বিশেষ অতিথি উপস্থিত থকাৰ বিপৰীতে তৃতীয় মঞ্চত সংগীত অনুষ্ঠানৰ সৈতে জড়িত শিল্পীসকল উপস্থিত থাকে।(oath ceremony)

প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী-বিজেপিৰ মুৰব্বী জে পি নড্ডাই দিল্লীৰ মুখ্যমন্ত্ৰী নিযুক্ত আৰু তেওঁৰ মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰামলীলা ময়দানত উপস্থিত হয়।

দিল্লীৰ নির্বাচিত মুখ্যমন্ত্রী ৰেখা গুপ্তাই বৃহস্পতিবাৰে আশ্বাস দিয়ে যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মহিলাক মাহিলী ২৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব। গুপ্তাই কয় যে মাহেকীয়া সাহায্যৰ প্ৰথম কিস্তি অহা ৮ মাৰ্চৰ ভিতৰত যোগ্য মহিলাৰ একাউণ্টত জমা কৰা হ’ব। আম আদমী পাৰ্টিয়ে ক্ষমতালৈ আহিলে মহিলাৰ বাবে মাহেকীয়াকৈ ২১০০ টকা সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল। একে সময়তে বিজেপিয়ে ২৫০০ টকাৰ মাহেকীয়া সাহায্যৰ প্ৰতিশ্ৰুতি দিছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই শপত গ্ৰহণৰ পূৰ্বে শ্ৰী মাৰ্ঘাট ৱালে হনুমান বাবা মন্দিৰত উপস্থিত হৈ আৰ্শীবাদ লয়।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ স্বামী মনীষ গুপ্তাই কয়, ‘আমি কেতিয়াও ভবা নাছিলো যে তেওঁ (ৰেখা গুপ্তা) দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব। এক অলৌকিক যেন লাগে… দলটোৱে আমাক ইমান সন্মান দিয়াটো আমাৰ বাবে সুখৰ কথা।

Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ।

Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান
Margherita News: শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান

শতায়ু গৰকা মাৰ্ঘেৰিটাৰ চামচা পাংয়ুক ককাৰ দেহাৱসান, অঞ্চলজুৰি শোকৰ ছাঁ। পঞ্চভূতত বিলীন হ’ল চামচা পাংয়ুকৰ নশ্বৰ দেহ। (Margherita News)

বৃহত্তৰ মাৰ্ঘেৰিটাৰ অঞ্চলৰ এগৰাকী বয়োজেষ্ঠ ব্যক্তি চামচা পাংয়ুকে মঙলবাৰে ইললীলা সম্বৰণ কৰে।

১৯২৪ চনৰ ৫ নৱেম্বৰত জন্ম গ্ৰহণ কৰা চামচা পাংয়ুকে ৫ নৱেম্বৰত সম্পূৰ্ণ ১০০ বছৰ অতিক্ৰম কৰিছিল।

মাৰ্ঘেৰিটাৰ পাৱৈমুখ টাই খাময়াং গাঁৱৰ নিবাসী চামচা পাংয়ুক শতবৰ্ষ গৰকাৰ গাওঁখনৰ একমাত্ৰ বয়োজেষ্ঠ ব্যক্তি আছিল।

টাই ভাষা আৰু লিপিৰ সাধক তথা ধৰ্মপ্ৰাণ বয়োজেষ্ঠ ব্যক্তিজনৰ মৃত্যু খৱৰ বিয়পি পৰাৰ পিছতে পুৱাৰে পৰা মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধই তেওঁ বাসগৃহত ভীৰ কৰেহে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে শতবৰ্ষ অতিক্ৰম কৰাৰ চামচা পাংয়ুকক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতে আৱেলি বৌদ্ধ ধৰ্মৰ গুৰু তথা ভাণ্টেসকলে ধৰ্মীয় পৰম্পৰাৰ আৰু ৰীতি নীতিয়ে চামচা পাংয়ুকৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত অঞ্চলটো বহু সংখ্যক গন্য মান্য ব্যক্তি লগতে কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে।

মৃত্যু সময়ত চামচা পাংয়ুক ককাই ৪ জন পুত্ৰ, ৫ গৰাকী বোৱাৰী, ২ গৰাকী কন্যা আৰু ১৩ গৰাকীৰ নাতি-নাতিনীক ইহসংসাৰত এৰি থৈ গৈছে।

মৃত্যু সময়লৈকে চামচা পাংয়ুক অঞ্চলটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল।

eggplant: পোৰা, ভজা বেঙেনাৰ সহায়ত কমাব পাৰি ওজন, বহু গুণ আছে বেঙেনাৰ !

eggplant: পোৰা, ভজা বেঙেনাৰ সহায়ত কমাব পাৰি ওজন, বহু গুণ আছে বেঙেনাৰ !
eggplant: পোৰা, ভজা বেঙেনাৰ সহায়ত কমাব পাৰি ওজন, বহু গুণ আছে বেঙেনাৰ !

সঘনাই হোৱা ভোক নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি? বেঙেনা খাওক, ইয়াৰ ফল পাব। পেটটো ভৰাই ৰখাৰ উপৰিও শাক-পাচলিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰাখিব।(eggplant)


পুষ্টিবিদসকলৰ মতে বেঙেনাত আঁহৰ পৰিমাণ বেছি। ‘ইৰানিয়ান জাৰ্নেল অৱ বেচিক মেডিকেল চাইন্সেছ’ত প্ৰকাশিত এক গৱেষণা পত্ৰত কোৱা হৈছে যে ওজন নিয়ন্ত্ৰণত আঁহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সঘনাই হোৱা ভোক নিয়ন্ত্ৰণ কৰিব বিচাৰিলে বেঙেনা খাব পাৰে। পুষ্টিবিদসকলৰ মতে বেঙেনাত ২০ কেলৰি থাকে। ৫ গ্ৰাম কাৰ্বহাইড্ৰেট থাকে। ইয়াত প্ৰায় ৩ গ্ৰাম আঁহ থাকে। ইয়াৰ উপৰিও বেঙেনাত ১ গ্ৰাম প্ৰটিন থাকে। পৰ্যাপ্ত পৰিমাণে মেংগানিজ, ফ’লেট, পটাছিয়াম, ভিটামিন কে আৰু চি আদিও থাকে বেঙেনাত।

ইয়াৰ বাহিৰে বেঙেনাত আৰু কি কি গুণ আছে-

১) বেঙেনাত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। এই উপাদানে শৰীৰৰ যিকোনো ধৰণৰ ক্ষতি ৰোধ কৰিব পাৰে। এন্টিঅক্সিডেন্টৰ দ্বাৰা হৃদৰোগ আৰু কৰ্কট ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

২) বেঙেনাই তেজত থকা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে এই পাচলি বিধ খালে হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ সম্ভাৱনা কমিব পাৰে।

৩)বেঙেনাত যিহেতু আঁহৰ পৰিমাণ বেছি, গতিকে এই বেঙেনা খালে অতিৰিক্ত তেজৰ চেনি নিয়ন্ত্ৰণ কৰাত সহায় হ’ব পাৰে।

Delhi CM Rekha Gupta: ৰেখা গুপ্তা কোন, গুপ্তাৰ ৰাজনৈতিক জীৱন কেনেকুৱা ?

Delhi CM Rekha Gupta: ৰেখা গুপ্তা কোন, গুপ্তাৰ ৰাজনৈতিক জীৱন কেনেকুৱা ?
Delhi CM Rekha Gupta: ৰেখা গুপ্তা কোন, গুপ্তাৰ ৰাজনৈতিক জীৱন কেনেকুৱা ?

প্ৰথমবাৰৰ বিধায়ক হোৱাৰ পিছতো ৰেখা গুপ্তাই একেৰাহে তিনিটাকৈ দিল্লীৰ প্ৰাথমিক নিৰ্বাচনত জয়লাভ কৰিছে। শেষবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত জয়লাভ কৰিছিল। কিন্তু তাৰ পিছত অলপ সময়ৰ ভিতৰতে মেয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশৃংখলতাৰ সৃষ্টি হয়।(Delhi CM Rekha Gupta)


নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে ১৪ মাহৰ পূৰ্বে ৰাজস্থানত দেখুৱাইছিল যে প্ৰথমবাৰৰ বিধায়কক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিব পাৰি। বসুন্ধৰা ৰাজে আৰু চি পি যোশীৰ দৰে হেভিৱেটক এৰি দি অংকোৰাই ভজনলাল শৰ্মাক বাছি লৈছিল। ২৭ বছৰৰ পাছত ক্ষমতা দখল কৰাৰ পাছত এইবাৰ দিল্লীতো তেওঁলোকে প্ৰথমবাৰৰ বাবে বিধায়ক ৰেখা গুপ্তাৰ ওপৰত আস্থা ৰাখিছে। প্ৰসংগক্ৰমে তেওঁ এতিয়াও দিল্লী পৌৰ নিগমৰ কাউন্সিলাৰ।

প্ৰথমবাৰৰ বিধায়ক হোৱাৰ পিছতো ৰেখাই একেৰাহে তিনিটাকৈ দিল্লীৰ প্ৰাথমিক নিৰ্বাচনত জয়লাভ কৰিছে। শেষবাৰৰ বাবে ২০২২ চনৰ ডিচেম্বৰ মাহত। কিন্তু তাৰ পিছত অলপ সময়ৰ ভিতৰতে মেয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিশৃংখলতাৰ সৃষ্টি হয়। উচচতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী শ্বেলী ওবেৰয়ই বিজেপিৰ ৰেখাক ৩৪টা ভোটত পৰাস্ত কৰিছিল। আৰু আজি তেওঁক দিল্লীৰ মুখ্যমন্ত্ৰী পদ লৈ আহিছে।

আজি শপত গ্ৰহণ কৰিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।
চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনত চান্দনী চক অঞ্চলৰ শালীমাৰ বাগ সমষ্টিত ৰেখাই তিনিবাৰৰ আপৰ বিধায়িকা বন্দনা কুমাৰীক ২৯,৫০০ৰো অধিক ভোটত পৰাস্ত কৰে। এই একেখন আসনত ২০১৫ আৰু ২০২০ চনত ৰেখাই বন্দনাক পৰাস্ত কৰিছিল। প্ৰসংগক্ৰমে ১৯৯৮ চনত দিল্লীত বিজেপিয়ে ক্ষমতা হেৰুৱালেও মুখ্যমন্ত্ৰী হিচাপে এগৰাকী মহিলা নেত্ৰী আছিল সুষমা স্বৰাজ। সুষমা, শীলা দীক্ষিত, আৰু আতিশী মাৰ্লেনাৰ পিছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয় ৰেখা গুপ্তা।

১৯৭৪ চনত হাৰিয়ানাৰ ঝুলনত জন্মগ্ৰহণ কৰিছিল ৰেখা গুপ্তাই। শিক্ষা গ্ৰহণ কৰিছিল দৌলত ৰাম মহাবিদ্যালয়, দিল্লী আৰু চৰণ সিং বিশ্ববিদ্যালয়, মেৰুট, উত্তৰ প্ৰদেশ। বণিক (বনিয়া) সম্প্ৰদায়ৰ প্ৰতিনিধি ৰেখাই নব্বৈৰ দশকত সংঘ পৰিবাৰৰ ছাত্ৰ শাখা এবিভিপিৰ নেত্ৰী আছিল। ১৯৯৫ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত তেওঁ সাধাৰণ সম্পাদকৰ পদত জয়ী হৈছিল। ২০০৭ চনত প্ৰথমবাৰৰ বাবে দিল্লীৰ প্ৰাথমিক নিৰ্বাচনত জয়ী হৈছিল। তেওঁ যুৱ মৰ্চাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হয়। আৰ এছ এছৰ সদস্য ৰেখা বৰ্তমান বিজেপিৰ মহিলা মৰ্চাৰ সৰ্বভাৰতীয় উপ-সভাপতিৰ অন্যতম।

Horoscope: ধনু ৰাশিৰ লোকে আৰ্থিক বিষয়ত ফল পাব, তুলা ৰাশিৰ লোকৰ চিন্তা দূৰ হ’ব, আপোনাৰ ৰাশিফল ​​পঢ়ক

Horoscope: ধনু ৰাশিৰ লোকে আৰ্থিক বিষয়ত ফল পাব, তুলা ৰাশিৰ লোকৰ চিন্তা দূৰ হ'ব, আপোনাৰ ৰাশিফল ​​পঢ়ক
Horoscope: ধনু ৰাশিৰ লোকে আৰ্থিক বিষয়ত ফল পাব, তুলা ৰাশিৰ লোকৰ চিন্তা দূৰ হ'ব, আপোনাৰ ৰাশিফল ​​পঢ়ক

আজি ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ সপ্তম দিন। সূৰ্য্য কুম্ভ ৰাশিত অৱস্থিত, আনহাতে চন্দ্ৰ বৃশ্চিক ৰাশিত। গ্ৰহবোৰৰ এই অৱস্থানে সকলো ৰাশিৰ জীৱনত প্ৰভাৱ পেলাব। আপোনাৰ আজিৰ ৰাশিফল ​​জানি লওক।(Horoscope)

মেষ ৰাশি

আজি আত্মনিৰীক্ষণ আৰু বিশ্ৰামৰ দিন। পুৰণি অভ্যাস এৰি নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ধ্যান আৰু যোগাসনে আপোনাৰ মনক শান্তি দিব। নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বিশেষ যত্ন লওক। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব, যিয়ে আপোনাক নতুন শক্তি প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন সম্ভৱ। পাৰিবাৰিক জীৱনত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন হ’ব।

বৃষ ৰাশি

আজি আপোনাৰ মনটো সামাজিক কাম-কাজত অংশগ্ৰহণ কৰি সুখী হ’ব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে, যিয়ে আপোনাক সুখৰ অভিজ্ঞতা দিব। আৰ্থিক বিষয়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মনত শান্তি পাব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহব আৰু নিয়মিতভাৱে ব্যায়াম কৰিব।

মিথুন ৰাশি

আপোনাৰ কেৰিয়াৰত নতুন সুযোগ পাব। উচ্চপদস্থ বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব।ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনতো ইতিবাচক পৰিৱৰ্তন আহিব। নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখক আৰু ধৈৰ্য্য ধৰিব।

কৰ্কট ৰাশি

আজি শিক্ষা আৰু জ্ঞান বৃদ্ধিৰ বাবে এটা ভাল দিন। নতুন নতুন কথা শিকাৰ হেঁপাহ প্ৰবল হৈ পৰিব। ধৰ্মীয় বা আধ্যাত্মিক কামত অংশগ্ৰহণ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ লগত আপোনাৰ মতানৈক্য হ’ব পাৰে, কিন্তু ধৈৰ্য্যৰে কাম কৰক।

সিংহ ৰাশি

আৰ্থিক বিষয়ত সাৱধান হওক। পৰিয়ালৰ সৈতে সময় কটাবলে সুখী হ’ব। আপোনাৰ কেৰিয়াৰত নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে, কিন্তু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। পুৰণি ঋণ পৰিশোধ কৰাত আপুনি সফল হ’ব।

কন্যা ৰাশি

সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক। আজি পৰিকল্পনা ৰূপায়ণৰ বাবে উপযুক্ত দিন হ’ব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। বৈবাহিক জীৱন সুখৰ হ’ব। স্বাস্থ্যৰ কিছু সমস্য়া হ’ব পাৰে, গতিকে সাৱধান হওক।

তুলা ৰাশি

ভাল অৱস্থাত থাকিব লাগে। নিয়মীয়াকৈ ব্যায়াম আৰু সুষম খাদ্যৰ অভ্যাস কৰক। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ পুৰস্কাৰ পাব। মনত চলি থকা চিন্তাবোৰ আঁতৰাবলৈ ধ্যান আৰু যোগাসন কৰক। প্ৰেমৰ সম্পৰ্কবোৰ শক্তিশালী হ’ব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰি। ধন সম্পৰ্কীয় বিষয়ত সুবিধা পোৱাৰ লক্ষণ দেখা গৈছে।

বৃশ্চিক ৰাশি

সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হ’ব। নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। নিজৰ লক্ষ্যত উপনীত হ’বলৈ অহৰহ প্ৰচেষ্টা চলাওক। আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। ব্যৱসায়ত অগ্ৰগতি হ’ব।

ধনু ৰাশি

পৰিয়ালৰ সৈতে সময় কটাবলৈ সুখদায়ক হ’ব। আপোনাৰ ঘৰৰ সজ্জা সলনি কৰিব পাৰে। আৰ্থিক বিষয়ত লাভৰ সম্ভাৱনা আছে। এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হ’ব। সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিলে সন্মান কঢ়িয়াই আনিব। বন্ধুৰ পৰা সমৰ্থন পাব পাৰে। সৰু সৰু স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে, গতিকে সাৱধান হওক।

মকৰ ৰাশি

চাকৰিত পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে। সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব। আত্মবিশ্বাস বাঢ়িব। নতুন নতুন সুযোগৰ সুবিধা লওক আৰু কঠোৰ পৰিশ্ৰম কৰক। পাৰিবাৰিক জীৱন সুখী হ’ব। আপোনাৰ সন্তানৰ পৰা হয়তো কিছু ভাল খবৰ পাব।

কুম্ভ ৰাশি

আৰ্থিক বিষয়ত সাৱধান হওক। বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পৰিয়ালৰ সৈতে সময় কটালে সুখী হ’ব। কেৰিয়াৰত নতুন সম্ভাৱনাৰ উন্মেষ ঘটিব পাৰে। নিজকে মানসিকভাৱে সবল কৰি ৰাখক। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস বজাই ৰাখক।

মীন ৰাশি

আজি আপোনাৰ বাবে বিশেষ দিন কাৰণ সূৰ্য্যই আপোনাৰ ৰাশিত প্ৰৱেশ কৰিছে। নতুন সুযোগৰ সুবিধা লৈ আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক।ব্যস্ত জীৱনৰ পৰা সময় উলিয়াই নিজকে সময় দিয়ক। কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব।

Rekha Gupta:জল্পনা-কল্পনাৰ অন্ত পেলাই ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

Rekha Gupta:জল্পনা-কল্পনাৰ অন্ত পেলাই ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী
Rekha Gupta:জল্পনা-কল্পনাৰ অন্ত পেলাই ৰেখা গুপ্তা হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত অৱশেষত নাম ঘোষণা হল দিল্লীৰনতুন মুখ্যমন্ত্ৰীৰ।বিধায়িনী দলে বুধবাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিজেপিৰ নেত্ৰী ৰেখা গুপ্তা(Rekha Gupta) হব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী।আনহাতে এদিন আগলৈকে মুখ্যমন্ত্ৰীৰ দাবীদাৰ হিচাবে চৰ্চাত থকা পৰবেছ ভাৰ্মাক দিয়া হৈছে উপ-মুখ্যমন্ত্ৰীৰ পদ(Parvesh Verma To Be Dy CM)। কাইলৈ ৰামলীলা ময়দানত তেওঁলোকে শপতগ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় ৰাজধানীত ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত ২৬ বছৰতকৈ অধিক সময়ৰ পিছত দিল্লীত বিজেপিয়ে পুনৰ ক্ষমতালৈ অহাৰ বাট প্ৰশস্ত হৈছিল। ইয়াৰ পিছতে আজি ঘোষণা(Delhi CM Name Out) কৰা হয় বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। ৰেখা গুপ্তা আম আদমী পাৰ্টিৰ আতিশীৰ উত্তৰাধিকাৰী হ’ব।

বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ শাসনত থকা ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী(Chief Minister Of Delhi) হিচাপে পৰিগণিত হ’বলগীয়া ৰেখা গুপ্তাই শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা দিল্লীৰ নিৰ্বাচনত জয়লাভ কৰাৰ বিপৰীতে পৰবেছ  ভাৰ্মাই  নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা অৰবিন্দ কেজৰিৱালক পৰাস্ত কৰি অভিলেখ গঢ়িছিল। বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ সময়ত দুয়োগৰাকী নেতাৰ নাম ঘোষণা কৰা হয়।

গেৰুৱা দলটোৱে(Union Home Minister Amit Shah) ৭০ জনীয়া দিল্লী বিধানসভাত ৪৮খন আসন লাভ কৰি আম আদমি পাৰ্টিৰ দশকজোৰা শাসনৰ অন্ত পেলায়। নিৰ্বাচনত  আম আদমী পাৰ্টিয়ে মাত্ৰ ২২খন আসন লাভ কৰিবলৈ সক্ষম হয় ।মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ লগে লগে বৃহস্পতিবাৰে ৰামলীলা ময়দানত দুপৰীয়াৰ ভাগত এক বৃহৎ শপতগ্ৰহণ অনুষ্ঠান  অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানত বিজেপি তথা এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলৰ লগতে বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইতিমধ্যে শপতগ্ৰহণ অনুষ্ঠান উপলক্ষ্যে  ৰামলীলা ময়দানক সজাই তোলা হৈছে। বিগত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল।

দিল্লী নিৰ্বাচনৰ ইস্তাহাৰত গ্ৰহণ কৰা ১৬টা  প্ৰতিশ্ৰুতিত বিজেপিয়ে কৈছিল”আমাৰ চৰকাৰে কেৱল বৰ্তমানৰ আঁচনিসমূহ অব্যাহত ৰখাই নহয়, এই আঁচনিসমূহৰ পৰা দুৰ্নীতি দূৰ কৰি  ইয়াক অধিক ফলপ্ৰসূ কৰি তুলিম।মহিলা সমৃদ্ধি যোজনাৰ অধীনত আমি দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক মাহিলী ২৫০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিম।আমি দৰিদ্ৰ পৰিয়ালৰ মহিলাক ৫০০ টকাত এল পি জি চিলিণ্ডাৰ প্ৰদান কৰিম, আৰু হোলী আৰু দীপাৱালী উপলক্ষে এটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদান কৰিম।

আমাৰ প্ৰথম কেবিনেট বৈঠকত আমি কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত যোজনা ৰূপায়ণ কৰিম, যাতে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিব পাৰি আৰু ৰাজ্য চৰকাৰে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি ৫ লাখ টকাৰ অতিৰিক্ত কভাৰ সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে আগবঢ়াব।আয়ুষ্মান ভাৰত যোজনাৰ অধীনত আমি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিম আৰু ৰাজ্য চৰকাৰে ৫ লাখ টকা অতিৰিক্ত  হিচাবে দিব। 

লগতে সকলো ৭০+ জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া অ’পিডি আৰু স্বাস্থ্য  সেৱা প্ৰদান কৰিব। আমি ৬০-৭০ বছৰ বয়সৰ নাগৰিকৰ বাবে জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন ২,০০০ টকাৰ পৰা ২,৫০০ টকা বৃদ্ধি কৰিম।  ৭০+ বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিক, বিধৱা, দিৱিয়াং [অক্ষম] আৰু নিঃস্বসকলক ৫০০ টকাৰ পৰা ৩০০০ টকালৈকে  আগবঢ়োৱা হব। আমি ৫ টকাত পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ জে জে ক্লাষ্টাৰত অটল কেন্টিন স্থাপন কৰিম।

দিল্লীৰ স্বাস্থ্য, যাতায়ত, বিদ্যুৎ, পানী, পৰিবহণ আদিৰ সৈতে জড়িত সমস্যাৰ বাবে আমাৰ চৰকাৰে কোনো অজুহাত নেদেখুৱায়  বা আনক দোষাৰোপ নকৰে আৰু ফলপ্ৰসূ সমাধান বিচাৰি উলিয়াব।  বিশেষকৈ চুবুৰীয়া ৰাজ্য, এমচিডি, এনডিএমচি, আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে সহযোগিতা কৰি সকলো সমস্যাৰ সমাধান কৰা হব। আমি আপুৰ ব্যাপক অপশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিম, আৰু আমি ডিটিচি, মহল্লা ক্লিনিক, শ্ৰেণীকোঠা, আবকাৰী নীতি, জল ব’ৰ্ড আদিৰ সৈতে জড়িত কেলেংকাৰীৰ তদন্তৰ বাবে এটা এছআইটি গঠন কৰিম।

আমি বিনামূলীয়াকৈ  দিল্লীৰ চৰকাৰী প্ৰতিষ্ঠানত নামভৰ্তি লোৱা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক কেজিৰ পৰা পিজিলৈ শিক্ষা প্ৰদান কৰিম । আমি দিল্লীৰ যুৱক-যুৱতীসকলক ৰাজ্য চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ সক্ষম কৰিম: (ক) ১৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি। (খ) পৰীক্ষা কেন্দ্ৰলৈ যাত্ৰাৰ খৰচ আৰু ২টা প্ৰচেষ্টালৈকে আবেদন মাচুল পৰিশোধ কৰি।আমি ড° বি.আৰ. দিল্লীত আম্বেদকাৰ ষ্টাইপেণ্ড আঁচনিৰ জৰিয়তে আই টি আই, স্কিল চেণ্টাৰ, পলিটেকনিক আদিৰ কাৰিকৰী আৰু বৃত্তিমূলক পাঠ্যক্ৰম গ্ৰহণ কৰা অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীক মাহেকীয়া ১০০০ টকাৰ ষ্টাইপেণ্ড প্ৰদান কৰিম। আমি সকলো অটো, টেক্সি চালক আৰু ঘৰুৱা শ্ৰমিকৰ বাবে ‘কল্যাণ ব’ৰ্ড’ স্থাপন কৰিম যাৰ অধীনত আমি ১০ লাখ টকা পৰ্যন্ত জীৱন বীমা, দুৰ্ঘটনাৰ ক্ষেত্ৰত  ৫ লাখ টকা পৰ্যন্ত বীমা প্ৰদান কৰিম আৰু তেওঁলোকৰ  সন্তানক উচ্চ শিক্ষাৰ বাবে বৃত্তি আগবঢ়ায়।

ইয়াৰ উপৰিআমি অটো আৰু টেক্সি চালকক বাহনৰ বীমাৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰিম, আৰু সকলো ঘৰুৱা শ্ৰমিকক ৬ মাহ পৰ্যন্ত পেইড মেটাৰ্নিটি লিভ প্ৰদান কৰিম।

আমি পি এম স্বনিধি আঁচনিৰ অধীনত ষ্ট্ৰীট ভেণ্ডৰৰ হিতাধিকাৰীৰ সংখ্যা দুগুণ কৰিম।আমি পি এম কিষাণ সন্মান নিধি যোজনাৰ অধীনত দিল্লীৰ সকলো যোগ্য কৃষকৰ ১০০% পঞ্জীয়ন নিশ্চিত কৰিম আৰু বাৰ্ষিক সাহায্য বৃদ্ধি কৰিম ৬,০০০ৰ পৰা ৯,০০০ টকালৈ।”এইবোৰৰ উপৰি  বিজেপিয়ে প্ৰদূষণমুক্ত দিল্লী আৰু স্বচ্ছ যমুনাৰ প্ৰতিশ্ৰুতিও দিছে। আমি নিশ্চিত কৰিম যে দিল্লীক এখন পৰিষ্কাৰ আৰু সেউজীয়া চহৰ হিচাপে পৰিগণিত হয় আৰু যমুনাই যাতে পূৰ্বৰ গৌৰৱ পুনৰ লাভ কৰে তাৰ ব্যৱস্থা কৰিম। নিৰ্বাচনৰ সময়ত বিজেপিয়ে দিয়া সেই ১৬ দফীয়া প্ৰতিশ্ৰুতি পূৰণৰ গুৰু দায়িত্ব এতিয়া আহি পৰিব ৰেখা গুপ্তাৰ কান্ধত।

এডভাণ্টেজ আছাম ২.০ৰ পূৰ্বে গুৱাহাটী হোটেল উদ্যোগৰ সৈতে পৰ্যটন মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

এডভাণ্টেজ আছাম ২.০ৰ পূৰ্বে গুৱাহাটী হোটেল উদ্যোগৰ সৈতে পৰ্যটন মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0
এডভাণ্টেজ আছাম ২.০ৰ পূৰ্বে গুৱাহাটী হোটেল উদ্যোগৰ সৈতে পৰ্যটন মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

দিছপুৰ, ১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Advantage Assam 2.0 । মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বহু প্ৰত্যাশিত “এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন, ২০২৫” ৰ পূৰ্বে আজি পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে গুৱাহাটীৰ পঞ্চতাৰকা হোটেলকে ধৰি অন্যান্য হোটেলৰ প্ৰৱন্ধক, পৰিচালক তথা বিষয়ববীয়াসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত উক্ত বৈঠকত মন্ত্ৰী দাসে এডভাণ্টেজ আছাম ২.০ৰ বাবে গুৱাহাটীলৈ অহা সকলো দেশী-বিদেশী প্ৰতিনিধি তথা বিনিয়োগকাৰীসকলক আতিথ্যপূৰ্ণ সেৱা আগবঢ়াই অসমৰ ওপৰত তেওঁলোকে যাতে এক বিশেষ বাৰ্তা কঢ়িয়াই লৈ যাব পাৰে তাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

আতিথ্য খণ্ড পৰ্যটন খণ্ডৰ এক অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি মন্ত্ৰী দাসে ভাৰতীয় পৰম্পৰাত থকা ‘অতিথি দেবো ভব’ মনোভাৱেৰে সকলোকে উৎসৰ্গিত সেৱা আগবঢ়াবলৈ আহ্বান জনায়। অসমৰ জনসাধাৰণ অতীজৰে পৰা অতিথি পৰায়ণ বুলি উল্লেখ কৰি তেওঁ হোটেলৰ সকলোকে উৎকৃষ্ট সেৱা আগবঢ়াই প্ৰতিনিধি সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ পদক্ষেপ লবলৈ আহ্বান জনায়। হোটেল ব্যৱসায়ী সকলো এডভাণ্টেজ আছাম ২.০ৰ এক অন্যতম অংশ তথা প্ৰমোটাৰ বুলি উল্লেখ কৰি তেওঁ হোটেলৰ সকলো কৰ্মচাৰীক লৈ এই সম্বন্ধে এক বিশেষ আলোচনা কৰাৰ উদ্যোগ লবলৈও হোটেলৰ পৰিচালক সকলক আহ্বান জনায়। অসমৰ পৰ্যটন খণ্ডৰ বিশেষ প্ৰচাৰৰ বাবে বিভাগে প্ৰস্তুত কৰা পুষ্টিকা, ভিডিঅ’ আদি হোটেলৰ ল’বিত উপলব্ধ কৰোৱাৰ বাবেও তেওঁ উপদেশ দিয়ে যাতে ৰাজ্যখনৰ বিভিন্ন পৰ্যটনৰ স্থানসমূহৰ বিষয়ে তেওঁলোক ভালদৰে অৱগত হ’ব পাৰে।


বৈঠকত হোটেল ব্যৱসায়ৰ লগত জড়িত প্ৰৱন্ধক, পৰিচালক সকলেও এডভাণ্টেজ আছাম ২.০ বাবে গুৱাহাটীলৈ অহা প্ৰতিনিধি তথা বিনিয়োগকাৰীসকলক ভালদৰে আদৰাৰ বাবে তেওঁলোক ইতিমধ্যে সাজু হৈছে বুলি মত প্ৰকাশ কৰে।
অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আদৰণী ভাষন প্ৰদান কৰা আজিৰ এই বৈঠকত অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ কুমাৰ দাস ,পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, মহাপ্ৰৱন্ধক ভাস্বৰ বৰুৱাৰ লগতে গুৱাহাটীৰ ৩৭ খন হোটেলৰ সঞ্চালক, পৰিচালন সঞ্চালক, প্ৰৱন্ধক আৰু সহকাৰী প্ৰৱন্ধকসকলে অংশ গ্ৰহণ কৰে।

মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ ।Education

মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ ।Education
মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ ।Education

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Education । অসমৰ বিদ্যালয় শিক্ষা বিভাগে ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আৰম্ভণিতে ২০০খন নিম্ন প্ৰাথমিক বিদ্যালয়ত (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) মিচিং ভাষাক শিক্ষা মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

এই বিদ্যালয়সমূহত অসমীয়া আৰু ইংৰাজীৰ সৈতে মিচিং ভাষাও শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ’ব।

উচ্চ প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়তো মিচিং ভাষা অধ্যয়নৰ সুযোগ উপলব্ধ হ’ব, য’ত মিচিং ছাত্ৰ-ছাত্ৰীসকলে এই ভাষাটো ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব।


শিক্ষা বিভাগৰ এই পদক্ষেপৰ লগত একে সূত্ৰে অন্যান্য জনজাতি ভাষাৰ শিক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাভা, তিৱা, দেউৰী, কাৰ্বি, ডিমাছা আৰু সান্তাল ভাষাৰ বাবেও একেধৰণৰ অধিসূচনাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে।
এই সিদ্ধান্তে ৰাজ্যৰ আদিবাসী জনগোষ্ঠীৰ ভাষা-সংস্কৃতি সংৰক্ষণ তথা শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন কৰিব বুলি আশা কৰা হৈছে।