Home Blog Page 377

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী প্ৰকাশ । ICC

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী প্ৰকাশ । ICC
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী প্ৰকাশ । ICC

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ ICC চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্ণাংগ সূচী ঘোষণা কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ পাকিস্তানত অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতাত আটাইবোৰ শ্ৰেষ্ঠ আট দল অংশগ্ৰহণ কৰিব।

প্ৰাথমিক পৰ্যায়ৰ মেচসমূহ:
🔹 ১৯ ফেব্ৰুৱাৰী – পাকিস্তান 🆚 নিউজিলেণ্ড
🔹 ২০ ফেব্ৰুৱাৰী – বাংলাদেশ 🆚 ভাৰত (ডুবাই)
🔹 ২১ ফেব্ৰুৱাৰী – আফগানিস্তান 🆚 দক্ষিণ আফ্ৰিকা
🔹 ২২ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া 🆚 ইংলেণ্ড
🔹 ২৩ ফেব্ৰুৱাৰী – পাকিস্তান 🆚 ভাৰত
🔹 ২৪ ফেব্ৰুৱাৰী – বাংলাদেশ 🆚 নিউজিলেণ্ড
🔹 ২৫ ফেব্ৰুৱাৰী – অষ্ট্ৰেলিয়া 🆚 দক্ষিণ আফ্ৰিকা
🔹 ২৬ ফেব্ৰুৱাৰী – আফগানিস্তান 🆚 ইংলেণ্ড
🔹 ২৭ ফেব্ৰুৱাৰী – পাকিস্তান 🆚 বাংলাদেশ
🔹 ২৮ ফেব্ৰুৱাৰী – আফগানিস্তান 🆚 অষ্ট্ৰেলিয়া
🔹 ১ মাৰ্চ – দক্ষিণ আফ্ৰিকা 🆚 ইংলেণ্ড
🔹 ২ মাৰ্চ – নিউজিলেণ্ড 🆚 ভাৰত

নক-আউট পৰ্যায়:
🔹 ৪ মাৰ্চ – ছেমিফাইনেল ১
🔹 ৫ মাৰ্চ – ছেমিফাইনেল ২
🔹 ৯ মাৰ্চ – ফাইনেল (TBD)

এই প্ৰতিযোগিতাত বিশ্বৰ আটাইবোৰ শ্ৰেষ্ঠ দল প্রতিদ্বন্দ্বিতা কৰিব। বিশেষকৈ ২৩ ফেব্ৰুৱাৰীৰ পাকিস্তান-বনাম-ভাৰত মেচই ইতিমধ্যে ক্ৰীড়া অনুৰাগীসকলৰ মাজত উত্তেজনা সৃষ্টি কৰিছে।

বিশ্ব ক্রিকেটৰ অন্যতম প্ৰতীক্ষিত এই টুৰ্নামেন্টত কোন দল চেম্পিয়ন হ’ব, সেয়া এখন ৰোমাঞ্চকৰ অধ্যায় হৈ থাকিব।

দিচাংমুখ অফলাত মিচিং লোকসকলে উদযাপন কৰিছে আলি আঃয়ে লৃগাং । ALI AYE LIGANG

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ ALI AYE LIGANG । দিচাংমুখ অফলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং। বসন্তৰ আৰম্ভণিৰ লগে লগে কৃষিজীৱী মিচিংসকলে শস্য ৰোপণৰ আৰম্ভণি উপলক্ষে এই ঐতিহ্যবাহী উৎসৱ উদযাপন কৰে।
১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ ALI AYE LIGANG । দিচাংমুখ অফলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং। বসন্তৰ আৰম্ভণিৰ লগে লগে কৃষিজীৱী মিচিংসকলে শস্য ৰোপণৰ আৰম্ভণি উপলক্ষে এই ঐতিহ্যবাহী উৎসৱ উদযাপন কৰে।

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ ALI AYE LIGANG । দিচাংমুখ অফলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে মিচিং জনগোষ্ঠীয়ে উদযাপন কৰিছে নিজৰ জাতীয় উৎসৱ আলি আঃয়ে লৃগাং। বসন্তৰ আৰম্ভণিৰ লগে লগে কৃষিজীৱী মিচিংসকলে শস্য ৰোপণৰ আৰম্ভণি উপলক্ষে এই ঐতিহ্যবাহী উৎসৱ উদযাপন কৰে।

”আলি আঃয়ে লৃগাং উৎসৱৰ আভিধানিক অৰ্থ “শস্য ৰোপণৰ আৰম্ভণি”। ইয়াৰ ব্যাখ্যা অনুসৰি—
🔹 ‘আলি’ মানে মূল বা কাণ্ড,
🔹 ‘আঃয়ে’ মানে ফল বা গুটি,
🔹 ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা

এই দিনটোত দিচাংমুখ অফলাত মিচিংসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত মাংগলিক পৰ্বৰে গুটি সিঁচাৰ কাৰ্য আৰম্ভ কৰে, যি সমাজৰ মুখিয়ালজনে সম্পাদন কৰে। উৎসৱৰ অংশ হিচাপে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে মিলি পুৰাং, আপং, আলু, কচু আদি আহাৰ গ্ৰহণ কৰি আনন্দ উদযাপন কৰে।

আপং আৰু লৃগাং ভোজ
আলি আঃয়ে লৃগাং উৎসৱৰ অন্যতম বিশেষতা আপং (এবিধ ঐতিহ্যবাহী ছাঁই মদ) প্ৰস্তুতি। সাধাৰণতে উৎসৱৰ ১০-১৫ দিনৰ আগতেই মিচিং তিৰোতাসকলে আপং তৈয়াৰ কৰে। বিশেষকৈ লৃগাং ভোজত “পঃৰ আপং” ব্যৱহাৰ কৰা হয়, যি মাংগলিক পৰ্বত গ্ৰহণ কৰা হয়।

উৎসৱৰ বিশেষত্ব
আলি আঃয়ে লৃগাং প্ৰাকৃতিক উৰ্বৰতাক উদযাপন কৰা এক কৃষিভিত্তিক উৎসৱ। প্ৰতিবছৰে এই উৎসৱ নতুন আশাৰ বার্তা লৈ আহে আৰু শস্য-শ্যামলা পৃথিৱীৰ কামনাৰে বিশেষ নীতি-নিয়মেৰে পাঁচদিন বা সাঁচদিনলৈ উদযাপন কৰা হয়।

মিচিং সমাজৰ উচ্ছ্বাস
উৎসৱৰ বিষয়ে দিচাংমুখ অফলাৰ মিচিং গাভৰুসকলে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এই উৎসৱ আমাৰ জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ। পৃথিৱী শস্য-শ্যামলা, সুজলা-সুফলা হোৱাৰ কামনাৰে লৃগাং উদযাপন কৰোঁ।”

উৎসৱটোৰ সামৰণি বিশেষ নীতি-নিয়মৰে সম্পন্ন হয়, য’ত সাংস্কৃতিক কাৰ্যসূচী, নৃত্য-গীত আৰু সমাজিক ভোজভাতৰ আয়োজন থাকে। আলি আঃয়ে লৃগাং কেৱল এটি উৎসৱ নহয়, ই কৃষিজীৱী মিচিংসকলৰ জীৱনধাৰাৰ এক গভীৰ অংশ।

অসম বিধানসভাত নজিৰবিহীন ঘটনা । শাসক-বিৰোধীৰ তীব্ৰ বাগৰ্ধাত সদন তিনিবাৰ স্থগিত । assam assembly

অসম বিধানসভাত নজিৰবিহীন ঘটনা । শাসক-বিৰোধীৰ তীব্ৰ বাগৰ্ধাত সদন তিনিবাৰ স্থগিত । assam assembly
অসম বিধানসভাত নজিৰবিহীন ঘটনা । শাসক-বিৰোধীৰ তীব্ৰ বাগৰ্ধাত সদন তিনিবাৰ স্থগিত । assam assembly

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ assam assembly । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত নজিৰবিহীন ঘটনা সংঘটিত হয়, য’ত শাসকীয় বিজেপিয়ে APSC কেলেংকাৰীৰ ওপৰত আলোচনা দাবী কৰি সভাস্থগিত প্ৰস্তাৱ আনে। বিৰোধী কংগ্ৰেছে ছিণ্ডিকেটৰ বিষয়ে আলোচনা বিচাৰি সভাস্থগিত প্ৰস্তাৱ দিয়ে, ফলত সদনত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।

শাসকীয় বিধায়কসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি সভাস্থগিতৰ দাবী জনায়, যাক লৈ বিৰোধী কংগ্ৰেছো প্ৰতিবাদত যোগ দিয়ে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ কয়, “আজিৰ কাৰ্যসূচী অনুসৰি কেৱল ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক আলোচনাহে হ’ব”।

বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে কয়, “আমাৰ লক্ষ্য APSC কেলেংকাৰীৰ ওপৰত বিশদ আলোচনা কৰা, কিন্তু কংগ্ৰেছে বাধা দিছে। আলোচনা হওক, কোন দোষী, কোন নিৰ্দোষী, সেয়া স্পষ্ট হওক।” আনহাতে, বিধায়ক মানৱ ডেকাই দাবী কৰে, “APSC কেলেংকাৰীৰ খলনায়কসকল চিনাক্ত হ’ব লাগিব, সেইকাৰণে আমি সভা স্থগিত বিচাৰিছো।”

বিৰোধী আৰু শাসকীয় দলৰ তীব্ৰ বাক-বিতণ্ডাৰ বাবে বিধানসভা অধ্যক্ষই সদন তিনিবাৰ স্থগিত কৰে—
🔹 প্ৰথমবাৰ: ১০ মিনিট
🔹 দ্বিতীয়বাৰ: ১০ মিনিট
🔹 তৃতীয়বাৰ: ২০ মিনিট

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত মন্তব্য কৰে, “APSC কেলেংকাৰী আৰু কংগ্ৰেছৰ ছিণ্ডিকেট—উভয়টো বিষয়ত আলোচনা হওক। অধ্যক্ষই যি সিদ্ধান্ত ল’ব, আমি তাৰ সন্মান কৰিম।”

উক্ত ঘটনাৰ জৰিয়তে বিধানসভাত শাসক-বিৰোধীৰ মাজত উত্তপ্ত বিতণ্ডা আৰু সদনৰ কাৰ্যকাৰিতাৰ ব্যাঘাত স্পষ্টভাৱে প্রতিফলিত হয়।

“হেডচাৰ” নাটকৰ জয়যাত্ৰা তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদলৰ বৰ্ণিল সফলতা ।head sir

"হেডচাৰ" নাটকৰ জয়যাত্ৰা তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদলৰ বৰ্ণিল সফলতা ।head sir
"হেডচাৰ" নাটকৰ জয়যাত্ৰা তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদলৰ বৰ্ণিল সফলতা ।head sir

১৯ ফেব্ৰুৱাীৰ, ২০২৫ঃ head sir । সদৌ অসম ভিত্তিত অনুষ্ঠিত একাংকিকা নাটক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ পাণ্ডুলিপি হিচাপে বঁটা লাভ কৰা নাটক “হেডচাৰ” মঞ্চস্থ কৰি তিনিচুকীয়া সংমণ্ডল ৰেলৱেৰ নাট্যদল নাট্য জগতত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নাট্যকাৰ ৰাজীৱলোচন বৰা ৰচিত এই নাটকখন চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকলৰ জীৱন আৰু শিক্ষাব্যৱস্থাৰ বাস্তৱ ছবি সুন্দৰভাৱে উপস্থাপন কৰিছে। তিনিচুকীয়া সংমণ্ডলৰ একাংকিকা নাট প্ৰতিযোগিতাত পুৰস্কৃত হোৱাৰ ফলত নাটকখন মালিগাঁওত অনুষ্ঠিত NF Railway Inter Divisional Cultural Compilation-ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে।

উক্ত প্ৰতিযোগিতাত “হেডচাৰ” নাটকে চাৰিটাকৈ বঁটা লাভ কৰে—
🔹 শ্ৰেষ্ঠ নাট্যকাৰ: ৰাজীৱলোচন বৰা
🔹 শ্ৰেষ্ঠ অভিনেতা: শৈলেন বৰুৱা
🔹 শ্ৰেষ্ঠ সংগীত: নয়নিকা বৰুৱা
🔹 দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল

নাটকৰ মঞ্চসজ্বাৰ দায়িত্বত আছিল সুৰজিত সোনোৱাল, আৰু ** ৰূপসজ্বা**ত ভানুপ্ৰভা সোনোৱাল। নাটকখন পৰিচালনা কৰিছে গৌতম বৰুৱাই। নাট্যশিল্পীসকলৰ অনবদ্য অভিনয়ে নাটকৰ মৰ্যাদা অধিক উচ্চস্তৰলৈ লৈ গৈছে।

বিশেষকৈ “হেডচাৰ”ৰ নামভূমিকাত অভিনয় কৰা শৈলেন্দ্ৰ বৰুৱাৰ প্ৰশংসনীয় অভিনয়ে দৰ্শকক আপ্লুত কৰিছে। নাটকৰ অন্তিম দৃশ্যত তেওঁৰ সংলাপ নিক্ষেপনে দৰ্শকৰ চকু সেমেকাই তোলে। লগতে, বিদ্যালয়ৰ ৰান্ধনীৰ চৰিত্ৰত গীতামণি সন্দিকৈ, CRCC ৰ চৰিত্ৰত লাৱণ্য বৰুৱা দাস, DEEO ৰ চৰিত্ৰত মহেন্দ্ৰ গগৈ, আৰু অভিভাৱকৰ চৰিত্ৰত গৌতম বৰুৱাৰ অভিনয় দৰ্শকৰ প্ৰশংসা লাভ কৰে।

এই নাটকৰ আকৰ্ষণীয় মঞ্চসজ্বা, সুললিত সংগীত আৰু বলিষ্ঠ সংলাপ নাটকৰ সফলতাৰ অন্যতম মূল উপাদান হিচাপে বিবেচিত হৈছে। “হেডচাৰ” নাটকৰ এই সফলতাই অসম নাট্য জগতত এটি উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে।

কংগ্ৰেছ আৰু দুৰ্নীতি “একেটা মুদ্ৰাৰ ইফাল সিফাল” -দিলীপ শইকীয়া । APSC

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ । APSC । মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ আক্রমণ চলাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক “দুৰ্নীতিৰ কিংপিন” বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন কংগ্ৰেছ শাসনকালত হোৱা ব্যাপক দুৰ্নীতি উদঙাই দিছে।

বিজেপি সভাপতিগৰাকীয়ে মন্তব্য কৰে, “কংগ্ৰেছ আৰু দুৰ্নীতি একেটা মুদ্ৰাৰ ইফাল সিফাল। তৰুণ গগৈৰ নেতৃত্বত সংঘটিত দুৰ্নীতিয়ে এটা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে সুযোগ হেৰুৱাই পেলাবলৈ বাধ্য কৰিছিল।” তেওঁ লগতে দাবী জনায় যে কংগ্ৰেছ দলটোৱে শ্বেতপত্ৰ প্রকাশ কৰি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগে।

দিলীপ শইকীয়াই চৰকাৰক আহ্বান জনাই প্ৰতিবেদনত নাম উল্লেখ হোৱা সকলো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

APSCৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) পৰিচালনাত সংঘটিত অনিয়ম তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন সোমবাৰে বিধানসভাত দাখিল কৰা হয় । প্রতিবেদনত APSCৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ নাম ‘মাষ্টাৰ্মাণ্ড’ হিচাপে উল্লেখ কৰা হৈছে । লগতে তৰুণ গগৈৰ কার্যকালত দুৰ্নীতিগ্ৰস্ত বিষয়াজনক নিযুক্তি প্রক্রিয়াক লৈয়ো প্রশ্ন উত্থাপন হৈছে ৷ এই সমগ্ৰ কেলেংকাৰীটোত জড়িত থকা অপৰাধত এতিয়ালৈকে ৭০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অসমত আনন্দোল্লাসেৰে মিছিং জনগোষ্ঠীৰ আলি আয়ে লিগাং উৎসৱ উদযাপন । Ali Aye Ligang festival

অসমত আনন্দোল্লাসেৰে মিছিং জনগোষ্ঠীৰ আলি আয়ে লিগাং উৎসৱ উদযাপন । Ali Aye Ligang festival
অসমত আনন্দোল্লাসেৰে মিছিং জনগোষ্ঠীৰ আলি আয়ে লিগাং উৎসৱ উদযাপন । Ali Aye Ligang festival

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Ali Aye Ligang festival । ফাগুনৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অসমৰ মিছিং জনগোষ্ঠীয়ে কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাং উদযাপন কৰি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্ততো উৎসৱটি জাঁকজমকভাবে পালন কৰা হৈছে।

ধেমাজিৰ কাইটং কয়েম চাপৰি গাঁৱৰ বাসিন্দাসকলে কঢ়া নৈৰ পাৰতে একত্ৰিত হৈ লিগাং উৎসৱ উদযাপন কৰে। পুৱা মাংগলিক ৰীতি-নীতি অনুসৰি পূজা-পাঠৰ পাছত গুটি সিঁচাৰ পৰ্ব সম্পন্ন হয়। তাৰ পিছতে মুৰংঘৰত উপস্থিত সকলোৱে ঐতিহ্যবাহী খাদ্য-পানীয় পৰিবেশন কৰে, য’ত পোৰাং আপিন, ছাঁইমদ, গাহৰিৰ মাংস আৰু খৰিকাত দিয়া মাছ বিশেষভাৱে প্ৰস্তুত কৰা হয়।

উৎসৱৰ অন্যতম আকৰ্ষণ গুমৰাগ নৃত্য। গাঁৱৰ যুৱক-যুৱতী সকলে ঐতিহ্যবাহী নৃত্য পৰিবেশন কৰি উৎসৱটি আরো বৰ্ণিল কৰি তোলে। আলি আয়ে লিগাং উৎসৱৰ আনন্দত মিছিং জনগোষ্ঠীৰ সকলো লোক উলাহত মগ্ন হৈ পৰে।

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা ।ADRE

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা ।ADRE
অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা ।ADRE

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰীঃ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ (ADRE) ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে, ৭ মাৰ্চৰ আগতে পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হ’ব। ফলাফলক লৈ কোনো ধৰণৰ উৎকণ্ঠা নথকাটো নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰত্যেকখন বহী বা OMR শ্বীট তথা Answer Key এতিয়া প্ৰাৰ্থীসকলৰ হাতত আছে, গতিকে তেওঁলোকৰ নিজেই নিজৰ ফলাফলৰ স্থিতি অনুমান কৰিবলৈ সক্ষম।”

নিয়োগ প্রক্রিয়াত স্বচ্ছতা

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত নিয়োগ প্রক্রিয়াত ব্যাপক দুৰ্নীতি হৈছিল। কংগ্ৰেছ শাসনত টকা-পইচাৰ বিনিময়েই চাকৰি লাভৰ একমাত্ৰ মাপকাঠি আছিল। এতিয়াৰ চৰকাৰে সম্পূৰ্ণ স্বচ্ছতা বজাই ৰাখি, পৰীক্ষাৰ ভিত্তিত নিযুক্তি প্ৰদানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।

ADRE পৰীক্ষাৰ বিবৰণ

২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)। ১৫ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ (স্নাতক আৰু দশম শ্ৰেণীৰ) পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৭ অক্টোবৰ তাৰিখে চতুৰ্থ বৰ্গৰ (HSLC আৰু অষ্টম শ্ৰেণীলৈকে) পৰীক্ষা অনুষ্ঠিত হয়। লিখিত পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব, য’ত দক্ষতা পৰীক্ষণ তথা তথ্য-পাতি পৰীক্ষণ সম্পন্ন কৰা হ’ব।

ঝুমইৰ নৃত্য আৰু এডভাণ্টেজ আছাম ২.০

ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে, ২৪ ফেব্ৰুৱাৰীত ৮০০০ ডেকা-গাভৰুৱে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰিব। এই ঐতিহ্যবাহী নৃত্য উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৫১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিসকল উপস্থিত থাকিব।

এতেকেই নহয়, ২৫-২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০। ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এই গম্ভীৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, টাটা গ্ৰুপৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেক্ৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ লগতে বহু বিশিষ্ট উদ্যোগপতি উপস্থিত থাকিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, অসমত ব্যৱসায়ৰ সম্ভাৱনাৰ দিশত এই অনুষ্ঠান অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Vastu Tips: এই ৫ টা কাম গা ধোৱাৰ পিছত ভুলতেও নকৰিব !

Vastu Tips: এই ৫ টা কাম গা ধোৱাৰ পিছত ভুলতেও নকৰিব !
Vastu Tips: এই ৫ টা কাম গা ধোৱাৰ পিছত ভুলতেও নকৰিব !

প্ৰতিদিনে আমি গা ধুওঁ। সদায় গা ধুলে শৰীৰ পৰিষ্কাৰ হোৱাৰ লগতে মনৰো ধনাত্মক শক্তি সৃষ্টি হয়। যদি আমি শাস্ত্ৰৰ কথা কওঁ, তেন্তে শাস্ত্ৰত গা ধোৱাৰ সম্পৰ্কে বহুতো নিয়ম উল্লেখ কৰা হৈছে, যিবোৰ আমি সকলোৱে পালন কৰা উচিত। যদি এনে কৰা নহয় তেন্তে পৰিয়ালটোৰ লগত কিবা এটা অশুভ ঘটনা ঘটাৰ সম্ভাৱনা বাঢ়ি যায়।(Vastu Tips)

গা ধোৱাৰ পিছত কি কি কাম কৰিব নালাগে-

বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও চেণ্ডেল পিন্ধি গা ধুব নালাগে। গা ধোৱাৰ আগতে চেণ্ডেল খুলিব ল’ব। যদি ঠাণ্ডাৰ বাবে চেণ্ডেল খুলিবলৈ বেয়া পাই তেন্তে গা ধুই ভৰিত পানী ঢালি দিব নিদিব। এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।

শাস্ত্ৰমতে গা ধোৱাৰ পিছত কেতিয়াও লেতেৰা চাবোনৰ পানী বাথৰুমত নাৰাখিব। এনে নকৰিলে পৰিয়ালটোৰ ওপৰত ৰাহু আৰু কেতুৰ কুচক্ষু পৰিব পাৰে।

বাথৰুমৰ পৰা ওলাই যোৱাৰ সময়ত কেতিয়াও বাল্টিটো খালীকৈ নাৰাখিব। যদি এৰিব লগা হয়, তেন্তে ওলোটাকৈ ৰাখক। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে বাথৰুমত ৰখা খালী বাল্টি এটাই ঘৰলৈ দৰিদ্ৰতা আনে, যাৰ ফলত পৰিয়ালটোৰ ক্ষতি হয়।

বাস্তু শাস্ত্ৰৰ মতে গা ধোৱাৰ পিছত কেতিয়াও বাথৰুম লেতেৰা কৰি ৰাখিব নালাগে। এনে কৰিলে ঘৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। গতিকে বাথৰুমৰ পৰা ওলাই আহোঁতে ভালদৰে চাফা কৰি আহিব।

শাস্ত্ৰত কোৱা হৈছে যে মহিলাসকলে গা ধোৱাৰ লগে লগে শিৰত সেন্দুৰ নল’ব। বিশ্বাস কৰা হয় যে এনে কৰিলে স্বামীৰ আয়ুস কমি যায় আৰু অসুস্থতাই ঘৰত প্ৰৱেশ কৰে।

Champions Trophy: চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় ক্ৰিকেটাৰৰ পত্নী তথা পৰিয়ালে, অনুষ্কা যাব নে?

Champions Trophy: চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় ক্ৰিকেটাৰৰ পত্নী তথা পৰিয়ালে
Champions Trophy: চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় ক্ৰিকেটাৰৰ পত্নী তথা পৰিয়ালে

প্ৰথমে খবৰ ওলাইছিল যে চেম্পিয়নছ ট্ৰফী মাত্ৰ ১৯ দিনীয়া প্ৰতিযোগিতা, গতিকে ক্ৰিকেটাৰসকলৰ লগত পৰিয়ালৰ কোনো সদস্যই যাব নোৱাৰিব। ভাৰতীয় ক্রিকেটাৰৰ পৰিয়ালক লৈ জাৰি কৰা নিয়মত কিছু শিথিলতা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ।(Champions Trophy)

ডুবাইত থকা ক্ৰিকেটাৰসকলক সাক্ষাৎ কৰিব পাৰিব পৰিয়ালসমূহে। চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় খেলুৱৈৰ পত্নী তথা পৰিয়ালে ডুবাইত চেম্পিয়নছ ট্রফী উপভোগ কৰাৰ অনুমতি প্রদান BCCIৰ। কিন্তু আছে এটা চৰ্ত।

২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি কৰিব। ভাৰতে ফাইনেলত প্ৰৱেশ কৰিলেও এই প্ৰতিযোগিতা তিনি সপ্তাহতকৈ বেছি দিন নহ’ব। ব’ৰ্ডৰ গাইডলাইনত উল্লেখ আছে যে যদি ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণ হয়, তেন্তে পৰিয়ালটোৱে দুসপ্তাহ ক্ৰিকেটাৰৰ লগত থাকিব পাৰিব। এই ক্ষেত্ৰত যিহেতু প্ৰতিযোগিতাৰ দিনবোৰ অতি কম, সেয়েহে ক্ৰিকেটাৰসকলে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰিব বুলি ব’ৰ্ডে উল্লেখ কৰিছিল। সেই সিদ্ধান্ত সলনি হ’ল।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্দেশনাৰ সত্ত্বেও এজন জ্যেষ্ঠ ক্ৰিকেটাৰে নিজৰ পৰিয়ালক লগত লৈ যাবলৈ অনুমতি লাভ কৰিবলৈ আৱেদন কৰিছিল, যিটো ব’ৰ্ডে নাকচ কৰিছিল। এইবাৰ বিচিচিআইয়ে ঘোষণা কৰিছে যে ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ লোকে এখন খেলৰ বাবে ডুবাইলৈ যাব পাৰিব। অৱশ্যে কোনখন মেচত অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰসকলে সিদ্ধান্ত ল’ব। ক্ৰিকেটাৰসকলে লিখিতভাৱে ব’ৰ্ডক অৱগত কৰিব লাগিব কোন পৰিয়ালৰ সদস্য কোনখন খেলৰ বাবে ডুবাইলৈ যাব। ইয়াৰ পিছত ব’ৰ্ডে অনুমতি দিব।

চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটো পাকিস্তানলৈ নাযায়। ডুবাইত সকলো খেল খেলিব ৰোহিত শৰ্মাই। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৰোহিতে পৰৱৰ্তী গ্ৰুপ মেচ পাকিস্তান (২৩ ফেব্ৰুৱাৰী) আৰু নিউজিলেণ্ড (২ মাৰ্চ)ৰ বিৰুদ্ধে খেলিব। যদি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে তেন্তে ৪ মাৰ্চত খেলিব। ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল। এই যিকোনো মেচতে ক্ৰিকেটাৰসকলৰ লগত পৰিয়াল থাকিব।

Gunotsav: প্ৰসংগঃ গুণোৎসৱ, গুণোৎসৱৰ গুণগত মান নিৰ্ণয়, সুফল ইত্যাদি…

Gunotsav: প্ৰসংগঃ গুণোৎসৱ, গুণোৎসৱৰ গুণগত মান নিৰ্ণয়, সুফল ইত্যাদি…
Gunotsav: প্ৰসংগঃ গুণোৎসৱ, গুণোৎসৱৰ গুণগত মান নিৰ্ণয়, সুফল ইত্যাদি…

গুণোৎসৱ। সঁচাকে চৰকাৰৰ এক উৎকৃষ্ট আঁচনি। শিক্ষাৰ মান উন্নত কৰিবলৈ, শৈক্ষিক ব্যৱস্থাৰ উত্তোৰণৰ পৰিৱেশ ৰচনাৰ ই এক ফলপ্ৰসু ব্যৱস্থা। সেই উদ্দেশ্য আগত ৰাখিয়েই আকৌ ৰাজ্যখনত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ শিক্ষানুষ্ঠান পৰ্যন্ত শিক্ষা প্ৰতিষ্ঠানসমূহত চলিছে গুণোৎসৱ।(Gunotsav) অৱশ্যে বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাসমূহ চলি আছে। গতিকে বৰ্তমান সময়ত গুণোৎসৱৰ কাৰ্যসূচী নাই। তথাপি এই গুণোৎসৱৰ কাৰ্যকাৰিতা আৰু তাৰ ফলাফলৰ বিষয়ত আলোচনাৰ নিশ্চয় অৱকাশ আছে। চৰকাৰে শিক্ষাৰ গুণগত মান বৃদ্ধিৰ লক্ষ্য-উদ্দেশ্য আগতৰাখিয়েই ২০১৭ চনৰ পৰাই গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। তেতিয়াৰে পৰাই প্ৰতি বছৰে চৰকাৰ, সৰ্বশিক্ষা অভিযান, অসম ৰাজ্যিক শিক্ষা গৱেষণা সংস্থা আৰু প্ৰাথমিক শিক্ষা সঞ্চালকে যুটীয়াভাৱে এই গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। গুণোৎসৱৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে দেশৰ ছবছৰৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰতিগৰাকী শিশুৰ বাবেই শিক্ষা লাভ কৰাটো বাধ্যতামূলক আৰু বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰাটো নিশ্ছিত কৰা। প্ৰতিগৰাকী শিশুৱেই যাতে গুণমানসম্পন্ন শিক্ষা লাভ কৰিব পাৰে আৰু সুবিধাজনক পৰিৱেশত শিক্ষা লাভ কৰিব পাৰে সেয়া এখন চৰকাৰৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য।

সেই উদ্দেশ্য আগত ৰাখিয়েই চৰকাৰে বৰ্তমান সময়ত গুণোৎসৱৰ ওপৰত অধিক গুৰুত্ব দিছে। এই গুণোৎসৱৰ জৰিয়তে নিশ্চয়কৈ আমাৰ শিশুসকলৰ লগতে শিক্ষাৰ মান উন্নত অগ্ৰাধিকাৰ প্ৰদান কৰিব। সেই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আচল কথাটো হ’ল প্ৰতি বছৰে এনেদৰে গুণোৎসৱ পাতি গ’লেই শিক্ষাৰ মান বাঢ়িব বুলি একে আষাৰে কৈ দিবও নোৱাৰি। আমাৰ চৰকাৰৰ উদ্যোগত গুণোৎসৱ পাতি অহা আঠ বছৰেই হ’ল। কিন্তু এই আঠ বছৰে শিক্ষাৰ মান কিমানখিনি উন্নত হ’ল বা কিমান ল’ৰা-ছোৱালী বিদ্যালয়মুখী হ’ল সেয়া পৰ্যালোচনা কৰি চাব লাগিব। আনহাতে, শিক্ষা প্ৰতিষ্ঠানসমূহৰেইবা উন্নয়ন আৰু মান কিমানখিনি আগবাঢ়িছে তাৰ প্ৰতিও আমি নজৰ দিব লাগিব। নহ’লে বছৰি গুণোৎসৱ পাতি গৈ থাকিলে যে শিক্ষাৰ ক্ষেত্ৰত অধিক উন্নয়নৰ ছবি দেখিবলৈ পাম তাত সন্দেহ আছে। উৎসৱ পাতি স্কুলসমূহক গ্ৰেড প্ৰদান কৰিলেই যে শিক্ষাৰ মান ঊৰ্ধবমুখী হ’ব সেইটো আচলতে শুদ্ধ নহয়। এই পদ্ধতিৰে এখন স্কুলৰ প্ৰকৃত শৈক্ষিক মান নিৰূপণ কৰিব পৰা নাযায়। আজিও আমাৰ গাঁও-চহৰত এনে বহু ল’ৰা-ছোৱালী আছে– যিসকলৰ ঘৰুৱা পৰিৱেশ একেবাৰে দুখ লগা, য’ত পঢ়াৰ পৰিৱেশেই নাই। আনকি দুবেলা দুসাঁজ ভালকৈ খাবলৈ নাপায়, পিন্ধিবলৈ কাপোৰৰ অভাৱ, মুঠতে স্কুললৈ যোৱাৰ পৰিৱেশ সমূলি নাই। সেইসকল ল’ৰা-ছোৱালীক এই গুণোৎসৱৰ আউটিলৈ অনাৰ ব্যৱস্থা কিন্তু অাজিও কৰা হোৱা নাই।

বৰ্তমান সময়তো আমাৰ ৰাজ্যখনত আধাতে বিদ্যালয় এৰা ল’ৰা-ছোৱালী বহুত আছে। তেওঁলোকৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে সেই বিষয়তো আলোচনা কৰাৰ নিশ্চয় অৱকাশ আছে। এইবিলাক কথাও গুণোৎসৱৰ মজিয়াতে আলোচনা কৰি ব্যৱস্থা হাতত ল’লে নিশ্চয় সুফল লাভ কৰিবলৈ সক্ষম হ’ব পৰা যাব। আনহাতে, শিক্ষা প্ৰতিষ্ঠানসমূহ কিমান উন্নত, খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, শিক্ষকৰ অভাৱ, শিক্ষা সঁজুলিৰ অভাৱ আদি বিষয়ৰ ওপৰতো আলোচন-বিলোচনা কৰি চৰকাৰে আগভাগ লৈ তাৰ আশু সমাধান ব্যৱস্থা কৰিব লাগিব। গুণোৎসৱৰ উপৰি বিদ্যালয়সমূহত নিয়মীয়াকৈ বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে পৰিদৰ্শনৰ ব্যৱস্থা কৰিব লাগিব। এই সকলোবোৰ গুণোৎসৱতেই সামৰি ল’ব লাগিব। তেতিয়াহে বছৰি পাতি অহা গুণোৎসৱ আঁচনিখন অধিক ফলপ্ৰসু হ’ব। আনহাতে, কেতিয়াবা বহিঃনিৰীক্ষকসকলৰ জৰিয়তে বিদ্যালয়ৰ যি মান নিৰ্ণয় কৰা হয়, ইয়াতো কিছু কিছু ক্ষেত্ৰত নিৰপেক্ষ নোহোৱাৰ অভিযোগো শুনা যায়। কাৰণ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা যিগৰাকী বহিঃনিৰীক্ষকক ভাল উপঢৌকনৰ ব্যৱস্থা কৰা হ’ব তেওঁ নিশ্চয় সেইখন বিদ্যালয়ৰ উন্নত মান নিৰূপন কৰিবই। যদি সেয়াই সঁচা হয় তেনেহ’লে কেনেকৈ গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ সামগ্ৰিক মান নিৰূপণ কৰিব পৰাটো সম্ভৱপৰ হ’ব। গতিকে গুণোৎসৱৰ জৰিয়তে বিদ্যালয়লৈ প্ৰদান কৰা মান অৰ্থাৎ ‘গ্ৰেড’ ব্যৱস্থাও স্বচ্ছ আৰু নিকা হোৱাটো প্ৰয়োজন। গুণোৎসৱত শিক্ষাৰ্থীক কি বা কেনেধৰণৰ প্ৰশ্ন সোধা হ’ল, শিক্ষকসকলক কি সোধা হ’ল বা কি উত্তৰ সেইসকলৰ পৰা পোৱা হ’ল এইবোৰ কথাও পৰিষ্কাৰ হোৱাটো জৰুৰী। প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি আদি সকলোবোৰ শিক্ষা বিভাগৰ জৰিয়তে সদৰী কৰিলে ৰাইজেও সকলোবোৰ জানিব পাৰিব আৰু তেতিয়াহে ৰাইজৰ চকুত স্পষ্ট হৈ পৰিব গুণোৎসৱৰ পৰা আমাৰ কি কি আৰু কিমান উপকাৰ সাধন হ’ল। কাৰণ বিদ্যালয়খনৰ শিক্ষাৰ মান কেনেদৰে আগবাঢ়িছে বা ক’ত ক’ত বাধাৰ সৃষ্টি হৈছে আৰু কিহৰ বাবে হৈছে সেইটো ভালদৰে জানিব পাৰিব ভালদৰে জানিব পাৰিব সাধাৰণ ৰাইজে।

আৰু পৰৱৰ্তী সময়ত ইয়াৰ সমাধানৰ উপায় চিন্তা কৰি সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগী হৈ কাম কৰিব পাৰিব। কাৰণ একমাত্ৰ চৰকাৰীভাৱেই বিদ্যালয়ৰ সকলোবোৰ সমস্যাৰ সমাধান উলিওৱাতকৈ স্থানীয় ৰাইজক লৈ চৰকাৰে কাম কৰিলে নিশ্চয় শিক্ষাৰ গুণগত মান অধিক বাঢ়িব। নহ’লে ইয়ো এক উৎসৱলৈহে পৰিণত হোৱাৰ দিশলৈ গতি কৰিব। কাৰণ গুণোৎসৱ বুলিলেই বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ আন সময়তকৈ যেন তৎপৰতা বৃদ্ধি পায়। আমি এনে বহু অভিযোগ শুনি আহিছো যে অন্ততঃ গুণোৎসৱৰ সময়ত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধিৰ হাৰ দেখুৱাবলৈকে আন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী আনি এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ এখন ভুৱা ছবি দেখুওৱা হয়। এইবাৰেই আমি বাতৰি কাকতত পঢ়িবলৈ পাইছো যে এখন বিদ্যালয়ত অন্য এখন বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী ভাৰাত আনি গুণোৎসৱ পতাৰ ব্যৱস্থা কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। কিন্তু ৰাইজে সেইটো হ’বলৈ নিদিলে। কাৰণ আগতীয়াকৈয়ে ৰাইজে কথাটো অৱগত হৈছিল আৰু বহিঃনিৰীক্ষকৰ সন্মুখতে সেই ভাৰাতীয়া ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা উলিয়াই পঠাই দিছিল। এয়া প্ৰকৃতাৰ্থতে এক অমাৰ্জিত আৰু অশুভ কাৰ্য।

ৰাইজ সচেতন নোহোৱা হ’লে নিশ্চয় এনেদৰেই ভাৰাতীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই বিদ্যালয় কৰ্তৃপক্ষই গুণোৎসৱ পাতি চৰকাৰৰ ওচৰত বাহ বাহ ল’লেহেঁতেন। তদুপৰি চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰা, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা, বিদ্যালয়ত নামভৰ্তি কৰি বিদ্যালয়বহিৰ্ভূত শিশুৰ সংখ্যা হ্ৰাস কৰা, বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি উন্নত কৰা, ছাত্ৰ অনুযায়ী শিক্ষক নিয়োগ কৰা, বিদ্যালয়ৰ ডেক্স-বেঞ্চ, প্ৰয়োজনীয় শ্ৰেণী কোঠা, বিদ্যালয় গৃহ, বিদ্যুতৰ ব্যৱস্থা, শৌচাগাৰ-প্ৰস্ৰাৱাগাৰ, বিশুদ্ধ খোৱাপানী আদি এশ-এবুৰি সমস্যাৰে আজিও অনেক বিদ্যালয় চলি আছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল বহু চৰকাৰী বিদ্যালয় আজি হয় ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে। কথাটো হ’ল এনেদৰে বছৰ বছৰ গুণোৎসৱ পাতি থাকিলেও আমাৰ শিক্ষাৰ মান কেতিয়াও কোনো ক্ষেত্ৰতে উন্নত নহ’ব। যদিহে এনেবোৰ কথাৰ ওপৰত কৰ্তৃপক্ষই এটা সু-ব্যৱস্থা গ্ৰহণ নকৰে। গুণোৎসৱৰ প্ৰধান লক্ষ্যই হৈছে- প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক পাৰদৰ্শিতা বিচাৰ কৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা, শৈক্ষিক দিশত থকা সমস্যাসমূহৰ সু-সমাধান কৰা আদি। গতিকে আমি ভাবো যদি গুণোৎসৱে এক সঠিক দিশত আগবাঢ়ি যাব পাৰে, তেনেহ’লে নিশ্চয় আমাৰ শিক্ষাৰ মান (গ্ৰেড) বহু ওপৰলৈ উঠিব। নহ’লে সকলো ফুটুকাৰ ফেনত পৰিণত হ’বগৈ।