Home Blog Page 380

Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী,১৮জানুৱাৰী: Bimal Bora । ‘এডভেন্টেজ অসম ২.০’ৰ প্ৰচাৰ আৰু বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰাৰ উদ্দেশ্যে লণ্ডনলৈ যোৱা ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কালি বিনিয়োগ সন্মিলনৰ পূৰ্বে লণ্ডনৰ পাৰ্লিয়ামেন্ট স্কোৱেৰ গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়।


কালি মন্ত্ৰী বড়াই লণ্ডনৰ বাকিংহাম গেটৰ হোটেল চেন্ট জেমছত আয়োজিত বিনিয়োগকাৰীৰ সন্মিলন এখনত অংশ গ্ৰহণ কৰে।এই সন্মিলনত ব্ৰিটিছ বিনিয়োগকাৰী সকলক অসমৰ পেট্ৰলিয়াম, পৰ্যটন আদি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সমূহত বিনিয়োগৰ বাবে আহ্বান জনায়। বিনিয়োগকাৰীৰে বাৰ্তালাপ কৰাৰ পিছত বড়াই ১০ কিং হেনৰিছ পথৰ আম্বেদকাৰ হাউছ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উদ্যোগ মন্ত্ৰী গৰাকীক সংগ দিয়ে ক্ৰমে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী,উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্ম পানি বৰা আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞাই।

Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন
Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

১৭ জানুৱাৰী,২০২৫ : “আজিৰ নাৰীয়ে মহাকাশ জয় কৰিছে। বিশাল পৃথিৱীৰ সৃষ্টিৰ মূল আধাৰ এই শক্তিক একাষৰীয়া কৰি পূৰ্ণাংগ সমাজৰ কল্পনা কৰিব নোৱাৰি।” — এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ। অসম সাহিত্য সভাৰ আকাশ উপ সমিতিৰ উদ্যোগত নগাঁও জিলা আকাশ উপ সমিতিয়ে কেন্দ্ৰীয়ভাবে যোৱা ১২ জানুৱাৰীত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সভাগৃহত আয়োজিত অনুষ্ঠানত অসমৰ কেইবাখনো জিলাৰ মহিলাই অংশগ্ৰহণ কৰে। Nagaon ।

কেন্দ্ৰীয় আকাশ উপ সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত কাৰ্যসূচীৰ আঁত ধৰে জিলাৰ আহ্বায়িকা ৰুণুমী বৰা আৰু সাংস্কৃতিক আহ্বায়িকা চন্দনা বেজবৰুৱাই। জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই পতাকা উত্তোলন আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মঞ্জু লস্কৰে স্মৃতি তৰ্পণেৰে পুৱাৰ কাৰ্যসূচী মুকলি কৰাৰ পাছত জিলাৰ আকাশ উপ সমিতিৰ সদস্যবৃন্দই ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে মূল কাৰ্যসূচী আৰম্ভ হয়।

জিলাৰ প্ৰায় ৪৫ টা শাখাৰ পৰা একক বা দলীয় শিতানত ৬ মিনিটকৈ সময়ৰ ভিতৰত অনুষ্ঠান পৰিৱেশন কৰা শিল্পীবৃন্দই লোকগীত, গোৱালপৰীয়া, কামৰূপী, বিয়ানাম, আইনাম, বিহু, আধুনিক গীত, বিহুগীত আদি পৰিবেশনেৰে অনুষ্ঠানটো সফল কৰি তুলিছিল। অনুষ্ঠানত জিলাৰ তৰফৰ পৰা প্ৰায় ৯২ বছৰৰ পৰা ৭০ বছৰীয়া ৪০ গৰাকী আইমাতৃক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো আঁত ধৰে জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। আকাশ উপ সমিতিৰ কেন্দ্ৰীয় সদস্য আৰাধনা শৰ্মা, গীতাঞ্জলী কাকতি বৰদলৈকে ধৰি বহু সদস্য উপস্থিত থকা অনুষ্ঠানত জিলাৰ নৱ-নিৰ্বাচিত সভাপতি ডঃ শৰৎ বৰকটকী, প্ৰাক্তন সভাপতিদ্বয় ৰতিমোহন নাথ, নিত্যানন্দ বৰা, সহকাৰী সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, দীপিকা নাথ, প্ৰিয়ংকু শৰ্মা, অধৰ ঠাকুৰীয়া সহ বহু কাৰ্যকৰ্তা উপস্থিত থকা কাৰ্যসূচীত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱাক আদৰণি জনায় জিলা আকাশ উপ সমিতিৰ উপ সভাপতিদ্বয় ৰেণু শইকীয়া আৰু গীতা মহন্ত শইকীয়াই। সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা গীত-নৃত্যৰ বৰ্ণিল অনুষ্ঠানটোত জনগোষ্ঠীয় কবি নিৰলা ইংহিপী, ছাবিনা আলিয়াৰ কবিতা পাঠ, চন্দনা বেজবৰুৱাৰ ভূপেন্দ্ৰ সংগীত লগতে তুলুপ্ৰভা শইকীয়া, কল্পনা ডেকা, হিমাশ্ৰী হাজৰিকা, আৰতি মজুমদাৰ, অঞ্জলি কটকী, অনিমা ৰাজবংশী, দীপ্তি বৰা, জ্যোতিস্মৰী কলিতা সহ প্রায় অৰ্দ্ধশতক মহিলাই মুখৰিত অনুষ্ঠানটো হোজাই জিলাৰ লংকাৰ অঞ্জনা তামুলী ফুকনৰ বিহু নৃত্যৰে সফল সামৰণি পৰে।

Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন

Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন
Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন

১৭ জানুৱাৰী, ২০২৫ঃ Biswanath । অসম আদৰ্শ বিদ্যালয় বৰপামত আজি দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি শিল্পী দিৱস পালন কৰা হয়। কাৰ্যসুচী অনুসৰি শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী কুৰ্মীয়ে। তৎপশ্চাৎ ছাত্ৰ সংসদৰ অধ্যক্ষা পূৰ্ণিমা বৰমূদৈ, শিক্ষয়িত্ৰী লিপিকা বৰা, মণিদ্বীপা দাস শইকীয়া, আইমনী ভূঞা, ৰিনা বাউৰী, পল্লৱী মাহাতী, ৰিমা চুলতানা, তিলোত্তমা তাতি, সুৰজ গোৱালাৰ তত্ত্বাৱধানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰী সকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীত সমূহৰ আধাৰত দলীয় নৃত্য প্ৰদৰ্শন কৰি সভাৰ সকলোকে আপ্লুত কৰি তোলে ।

সঞ্চালক নৃপেন বৰদলৈয়ে শিল্পী দিৱস প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ মহান মনিষী সকলৰ নামত উৎসৰ্গিত “আজিৰ প্ৰজন্মই জ্যোতি, বিষ্ণু, ফণী শৰ্মাক চিনি নাপায়। বৰ্তমান অসমীয়া সমাজৰ বাবে এই বিষয়টোৱে উদ্বেগজনক হৈ পৰিছে ৷ জাতীয় মহানায়ক সকলক শিশুৰ মনত খোদিত কৰিব পাৰিলেহে বৃহত্তৰ অসমীয়া জাতি গঠনত সহায়ক হ’ব। অন্যথা অসমীয়া সমাজ ধৰ্ম, জাত-পাতক লৈ ঠানবান হৈ পৰিব বুলি সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই । আজিৰ সভাত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে শিল্পী দিৱসৰ ওপৰত স্বৰচিত কবিতা আবৃত্তি কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে।

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ
Nazira । দ্বিতীয় বৈকুণ্ঠত পৰিণত নাজিৰা নগৰ

১৭ জানুৱাৰী, ২০২৫ঃ Nazira । বিশ্ব শান্তি আৰু মানৱ সমাজৰ কল্যাণ সাধনৰ উদ্দেশ্য আগত ৰাখি গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ ভাগি পাঠ আৰু ব্যাখ্যানুষ্ঠান আজিৰ পৰা আৰম্ভ কৰা হৈছে ।

তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত এই কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনাই সমগ্ৰ নাজিৰা নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি তুলিছে । পুৱা প্ৰাতঃপ্ৰসঙ্গৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পূণ্যভূমিত পৰিণত কৰি তোলে ।

অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা লোকশিল্পী নিতু সিংহ ক বাৰ্ষিক শিল্পী সন্মান প্ৰদান। Neetu Singh

অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা লোকশিল্পী নিতু সিংহ ক বাৰ্ষিক শিল্পী সন্মান প্ৰদান। Neetu Singh
অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা লোকশিল্পী নিতু সিংহ ক বাৰ্ষিক শিল্পী সন্মান প্ৰদান। Neetu Singh

১৭ জানুৱাৰী, ২০২৫: শিল্পী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বহু কেইবাগৰাকী শিল্পীক সন্মান অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ। শিল্পী সকলক এককালীন আৰ্থিক বৰঙণি দি ২০২৪-২৫ বৰ্ষৰ বাবে আগবঢ়ায় বাৰ্ষিক শিল্পী সন্মান। কেইবা গৰাকী শিল্পীৰ ভিতৰত উক্ত সন্মান লাভ কৰে চাপৰৰ ভকতগাঁৱৰ লোকশিল্পী নিতু সিংহ। নিতু সিংহ বিশেষকৈ গোৱালপাৰীয়া,কোঁচ-ৰাজংশী লোকগীত, নৃত্যৰ লগত জড়িত শিল্পী গৰাকী। Neetu Singh ।

সৰুৰে পৰা কোঁচ-ৰাজবংশী তথা গোৱালপাৰীয়া লোকগীত, নৃত্যৰ লগত জড়িত হৈ ইতিমধ্যে ৰাজ্যৰ লগতে বহি: ৰাজ্যৰ উপৰিও বিদেশত গোৱালপাৰীয়া,কোঁচ-ৰাজবংশী লোকগীত, নৃত্য প্ৰদৰ্শন কৰি আহিছে।যাৰ বাবে ইতিমধ্যে বহু সন্মান আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।শেহতীয়াকৈ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আগবঢ়োৱা সন্মানৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু শিল্পী দিৱস উপলক্ষে এটি গোৱালপাৰীয়া তথা কোঁচ-ৰাজবংশী গীতেৰে মহান শিল্পী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পী গৰাকীক চাপৰ মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা

শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা
শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১২ জনকৈ চহা শিল্পীক সম্বৰ্ধনা

১৭ জানুৱাৰী, ২০২৫ঃ কেঁচা সোনৰ অসমীয়া গহণাৰ অগ্ৰণী প্ৰতিষ্ঠান ‘ডুগডুগী’ৰ স্বৰ্তাধিকাৰী তথা যুৱ সমাজকৰ্মী উৎপল বনিয়াই বিগত দহ বছৰ ধৰি শিল্পী দিৱসৰ লগত সংগতি ৰাখি চহা শিল্পীসকলক সম্বৰ্ধনা জনাই উৎসাহিত কৰি আহিছে ৷


ইয়াৰ অংশহিচাপে আজি নগাঁও জিলাৰ চকলাঘাটৰ হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ উদ্যোগত তথা চকলাঘাট শাখা সাহিত্য সভা আৰু চকলাঘাট ৰাস মন্দিৰৰ সহযোগত আয়োজিত শিল্পী দিৱসত সমাজপ্ৰিয় যুৱক উৎপল বনিয়াই তিনিগৰাকী প্ৰবীন শিল্পীক সম্বৰ্ধনা জনাই ৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত তেওঁ সত্ৰীয়া শিল্পী কেহুৰাম বৰা, প্ৰবীন অভিনেতা দেৱ কুমাৰ বৰা আৰু লোকশিল্পী অজিত বৰাক ফুলাম গামোচা, জাপি, চেলেং, গছপুলি আৰু স্মাৰকেৰে আনুষ্ঠানিকভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ তদুপৰি ইয়াৰ পিছতে উদ্যমী যুৱ ব্যৱসায়ী উৎপল বনিয়াই বিশিষ্ট সংগীত শিল্পী দিলীপ শইকীয়া, বিশিষ্ট অভিনেত্ৰী মদিনা দাস, কুটীৰ শিল্পৰ শিল্পী গোলাপ বৰা, চিত্ৰ শিল্পী শম্ভু শইকীয়া, ভাওনাৰ সাজ সজ্জা তৈয়াৰী শিল্পী জিতেন ডেকা, সংগীত শিল্পী খগেন নাথ, কুটীৰ শিল্পৰ শিল্পী অৰবিন্দ নাথ, মুকেশ শইকীয়া আৰু প্ৰেমেশ্বৰ দাসক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয় ।

১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora

১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora
১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান । Bimal Bora

১৭ জানুৱাৰী, ২০২৫ঃ Bimal Bora । আজি শিল্পী দিৱস। ইয়াৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰিলে ২০২৪–২৫ বৰ্ষৰ শিল্পী সন্মান ৷ ফেচবুক লাইভযোগে এই কথা জনালে মন্ত্ৰী বিমল বৰাই।
৭৩ গৰাকী শিল্পীলৈ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেঞ্চন। ১৭৯ গৰাকীলৈ বার্ষিক শিল্পী সন্মান। ২৯গৰাকী প্রয়াত শিল্পীৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব ফেমিলী পেঞ্চন।

অতিৰিক্ত ৫ গৰাকী বিশেষভাৱে সক্ষম শিল্পীলৈ বার্ষিক শিল্পী সন্মান। ১০গৰাকী শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা। বিশিষ্ট নাট্যকাৰ,সাহিত্যিক তথা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক পূৰ্ণ কুমাৰ শৰ্মালৈও অসম চৰকাৰৰ বাৰ্ষিক “শিল্পী সন্মান”।

সামাজিক মাধ্যমযোগে সাংস্কৃতিক জগতখনত অনবদ্য অৱদান আগবঢ়াই অহা তথা এই সন্মান লাভ কৰাসকলক শুভেচ্ছা জনাই মন্ত্ৰী বিমল বৰাই।
উত্তৰ কমলাবাৰী সত্ৰৰ অধ্যাপক সত্ৰীয়া সংস্কৃতিৰ সাধক,শিল্পী শ্ৰীযুত ভবেন বৰবায়ন দেৱলৈ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আগবঢ়াইছে শিল্পী পেঞ্চন । শোণিতপুৰ জিলাৰ অৰুণ নাথ ,তৰুলতা দাস ,কৰুণা শইকীয়াকে ধৰি ১২গৰাকীৰ বাৰ্ষিক শিল্পী পেঞ্চন আৰু ৩গৰাকীয়ে মাহেকীয়া শিল্পী পেঞ্চন লাভ কৰিছে ।

Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ

Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ
Jonbeel । জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ

১৭ জানুৱাৰী,২০২৫: Jonbeel ।জোনবিল মেলা,অসমৰ এক ঐতিহাসিক উৎসৱ । যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে অসমবাসীয়ে । জোনবিল মেলাৰ আছে এক পৌৰাণিক ইতিহাস । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা এখন বিল জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই জোনবিল মেলা । জোনবিল মেলাৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল, তাৰ ইতিবৃত্তি সঠিকভাৱে নাই যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই মেলা প্ৰচলিত হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে ।

জনশ্ৰুতি অনুসৰি, গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক গোভা ৰজাই এদিন ৰাণীৰ সৈতে নৌকা বিহাৰ কৰি ঘূৰি ফুৰোতে এখন বিলৰ কাষ পাইছিল আৰু নিশাৰ বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি উজ্জ্বলি উঠিছিল । তাকে দেখি ৰজা ৰাণীৰ মন আনন্দত উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়া ৰজাই ৰাণীক কৈছিল ‘‘এইখন জোনটোৰ দৰে বিল’’ । তেতিয়াৰ পৰাই এই বিলখনৰ নাম জোনবিল হোৱা বুলি জনবিশ্বাস ।

এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত আলু , কচু আদি সামগ্ৰী ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে বিনিময় কৰে । অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা ।

Dilip Saikia । দহগৰাকী প্ৰস্তাৱক আৰু সমৰ্থকৰ স্বাক্ষৰেৰে একমাত্ৰ মনোনয়ন পত্ৰখন দাখিল কৰে দিলীপ শইকীয়াৰ

Dilip Saikia । দহগৰাকী প্ৰস্তাৱক আৰু সমৰ্থকৰ স্বাক্ষৰেৰে একমাত্ৰ মনোনয়ন পত্ৰখন দাখিল কৰে দিলীপ শইকীয়াৰ
Dilip Saikia । দহগৰাকী প্ৰস্তাৱক আৰু সমৰ্থকৰ স্বাক্ষৰেৰে একমাত্ৰ মনোনয়ন পত্ৰখন দাখিল কৰে দিলীপ শইকীয়াৰ

১৬, জানুৱাৰী,২০২৫ঃ Dilip Saikia । নিশ্চিত হৈ পৰিল যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি হ’ব দিলীপ শইকীয়া । শুকুৰবাৰে দিনৰ ১১ বজাত সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । গুৰুত্বপূৰ্ণ এই সাংগঠনিক নিৰ্বাচনৰ পূৰ্বে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত নিৰ্বাচনী পৰ্যবেক্ষকৰূপে উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰভাৰী তথা পুৰী লোকসভা সমষ্টিৰ সাংসদ সম্বিত পাত্ৰ আৰু অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী ।

সন্ধিয়া মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ।
মনোনয়ন পত্ৰ দাখিলৰ পিছত মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ঘোষণা কৰে, “শুকুৰবাৰে দিনৰ ১১ বজাত এখন বৈঠকৰ পিছত দলীয় নীতি-নিয়মসমূহ সম্পন্ন কৰি নিৰ্ধাৰণ কৰা হ’ব নতুন সভাপতিগৰাকীৰ নাম ।
তাৰ পিছতেই আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতিগৰাকীৰ নাম ঘোষণা কৰা হ’ব ।”

উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যিক সভাপতি পদৰ বাবে নিৰ্বাচন পৰিহাৰ কৰি চলিবলৈ পৰ্যবেক্ষকৰ দায়িত্বত থকা কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক নেতৃবৃন্দৰ লগত আলোচনা কৰি আহিছিল ৷ সেইমৰ্মে সভাপতি পদৰ বাবে এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

একমাত্ৰ দিলীপ শইকীয়াই মনোনয়ন দাখিল কৰাৰ বাবে তেৱেঁই যে বিজেপিৰ নতুন ৰাজ্যিক সভাপতি সেয়া নিশ্চিত হ’ল ।এতিয়া অপেক্ষা শুকুৰবাৰৰ দুপৰীয়াৰ আনুষ্ঠানিক ঘোষণাপৰ্বলৈ ।

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
Rajiv Sadia । বিপ্লৱী শিল্পী প্ৰয়াত ৰাজীৱ শদিয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

১৬ জানুৱাৰী,২০২৫ঃ Rajiv Sadia ।পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত । সমগ্ৰ ৰাজ্যবাসিক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰ বিদায় লোৱা বিপ্লবী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত ম্রিয়মান ৰাজ্যবাসী।

অতি কম সময়ৰ ভিতৰতেই জাতি মাতি ৰ গান গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পশ্চিম দৰঙৰ অগ্ৰনী স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন যুৱ মঞ্চ বৰবড়ী আৰু আঞ্চলিক ৰাইজৰ সহযোগত বৰবড়ী ত এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ প্ৰতিচ্ছবি ত মাল্য অর্পণেৰে বন্তি প্রজ্বলন কৰি আত্মাৰ সদগতি কামনাৰ কৰে। অনুষ্ঠানত পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়ন মনি কলিতা, জাতীয় উণ্ণয়ন পৰিষদ অসম ৰ সাধাৰণ সম্পাদক অমিয় কুমাৰ ডেকা,উদয়ন যুৱ ৰ সভাপতি জয়দেৱ নাথ, গাওঁ প্ৰধান শৰৎ ডেকা, বোনমাঝা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি উদ্ধৱ ডেকা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দৰং জিলা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক উৎপল শৰ্মা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পশ্চিম দৰং আঞ্চলিক সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিবাকৰ বৰুৱা সহ পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থা, উদয়ন যুৱ মঞ্চ ৰ কেইবাজনো সদস্য উপস্থিত থাকে।