Home Blog Page 391

উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair

উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair
উৰিয়ামঘাটত প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ , গ্ৰন্থপ্ৰেমীৰ বাবে এক বিশেষ উৎসৱ । Book Fair

উৰিয়ামঘাট, ৯ মাৰ্চ ২০২৫: Book Fair । গ্ৰন্থপ্ৰেমীসকলৰ বাবে এক সুখবৰ! উৰিয়ামঘাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পঞ্চদিনীয়া গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। এই ঐতিহাসিক কাৰ্যসূচী ৯ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈকে উৰিয়ামঘাট ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব।

উৎসৱৰ বিশেষত্ব হৈছে গ্ৰন্থমেলা আৰু সাহিত্যিক অনুষ্ঠানসমূহৰ মাজেৰে উৰিয়ামঘাটবাসীৰ সাহিত্যিক চেতনাক আৰু উন্নত কৰি তোলাৰ এক প্ৰয়াস। মেলা উপলক্ষে সাহিত্য প্ৰতিযোগিতা, সাহিত্য বিষয়ক আলোচনা, আৰু মুকলি সভাৰ আয়োজন কৰা হ’ব। উল্লেখযোগ্যভাৱে, এই মুকলি সভাত অঞ্চলটোৰ বিশিষ্ট সাহিত্যিক আৰু লেখকসকলৰ উপস্থিতি আশা কৰা হৈছে।

উৎসৱৰ সফল বাস্তৱায়নৰ বাবে প্ৰদীপ স্বৰ্গীয়াৰীক সভাপতি আৰু প্ৰতাপ গগৈক সম্পাদক হিচাপে লৈ এখনি সমিতি গঠন কৰা হৈছে। সমিতিখনে উৎসৱটোক সাফল্যমণ্ডিত কৰিবলৈ অঞ্চলৰ সকলো সচেতন নাগৰিকৰ সহযোগিতা বিচাৰিছে।

ইয়াৰ লগতে মেলাখনত দেশ-বিদেশৰ বহু প্ৰকাশন সংস্থাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। মেলাখনত নতুন-প্ৰাচীন গ্ৰন্থৰ বিক্ৰী, আলোচনা অনুষ্ঠান, আৰু সৃষ্টিশীল লেখকসকলৰ লগত মতবিনিময়ৰ সুযোগ পাব।

সাহিত্য আৰু গ্ৰন্থপ্ৰেমৰ প্ৰতি উৰিয়ামঘাটবাসীৰ এই নতুন প্ৰয়াসে অঞ্চলটোক এটা নতুন উচ্চতালৈ নিয়াৰ আশা সৃষ্টি কৰিছে। সকলো সাহিত্যপ্ৰেমীক এই মহৎ উদ্যোগত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে… । Narendra Modi

হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে... । Narendra Modi
হৰ হৰ গঙ্গে! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহাকুম্ভত ত্ৰিবেণী সঙ্গমত স্নানত অংশ ল’লে... । Narendra Modi

৫ ফ্ৰেব্ৰুৱাৰী,২০২৫ঃNarendra Modi। প্ৰয়াগৰাজ, ১৪৪ বছৰ পিছত অনুষ্ঠিত মহাকুম্ভৰ ২৪তম দিনটোত বিশেষ এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুধবাৰে পবিত্ৰ ত্ৰিবেণী সঙ্গমত উপস্থিত ।


পূৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ বিমানেৰে প্ৰয়াগৰাজ বিমানবন্দৰলৈ আগমন। তাৰ পৰা তেওঁ হেলিকপ্টাৰে আৰেইলৰ দিল্লী পাব্লিক স্কুলৰ হেলিপেডত অৱতৰণ কৰি জলপথৰ মাধ্যমেৰে সঙ্গমস্থলত উপস্থিত ।

প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত বিশেষ ভি ভি আই পি ঘাটত পবিত্ৰ স্নানত অংশ ল’লে। ত্ৰিবেণী সঙ্গমত স্নান কৰি দেশবাসীৰ সুখ, সমৃদ্ধি, আৰু কল্যাণৰ বাবে পূজা-অৰ্চনা কৰাৰ কাৰ্যসূচী নিৰ্ধাৰিত হৈছে।

স্নানৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাকুম্ভত উপস্থিত কিছু বিশিষ্ট সাধু-সন্তৰ সৈতে সাক্ষাৎ । এই সাক্ষাৎ সাধু-সন্ন্যাসীৰ দীৰ্ঘ আধ্যাত্মিক ঐতিহ্যক আকৰ্ষণ কৰি দেশৰ আধ্যাত্মিক একতাৰ প্ৰতীক হিচাপে উল্লেখযোগ্য।


মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ এই ভুমিকা আৰু উপস্থিতিয়ে মহতীয়াকুম্ভৰ আধ্যাত্মিক মূল্য আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বক অধিক প্ৰাসংগিক কৰি তোলে।

হৰ হৰ গঙ্গে!

Best No-deposit Local casino Bonuses 2024 » Totally free Dollars & Free Revolves

The on-line casino extra codes provide an educated advertisements inside the us. You need to go after the terms and conditions for the letter, even if, when you are to ensure your online local casino sense is just as enjoyable that you could.

‘অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ’ব’- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara

'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara
'অসমক কৃষিজাত সামগ্রী ৰপ্তানি কৰা এক আগশাৰীৰ ৰাজ্যত পৰিণত কৰা হ'ব'- উদ্যোগ মন্ত্ৰী বিমল বড়া । Bimal Bara

গুৱাহাটী, ৪ফেব্ৰুৱাৰী: Bimal Bara । ‘আমাৰ ৰাজ্যখনত বহু প্ৰত্যাহ্বান আছে যদিও আমি অসমক এক আগশাৰীৰ কৃষিজাত সামগ্রী ৰপ্তানীকাৰী ৰাজ্যত পৰিণত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো আৰু অচিৰেই আমি এই লক্ষ্যত উপনীত হ’ম’-আজি গুৱাহাটীৰ এখন হোটেলত অসম চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ কৃষি আৰু সংসাধিত খাদ্য সামগ্রী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।


অসমক এখন কৃষি প্ৰধান ৰাজ্য বুলি উল্লেখ কৰি উদ্যোগ মন্ত্ৰী বড়াই সম্প্ৰতি অসমত গঢ় লৈ উঠা অনুকূল পৰিবেশ আৰু অসমৰ ভৌগলিক অৱস্থানে ৰাজ্য খনক দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহৰ বাবে বিশ্ব মানৰ কৃষিজাত দ্ৰব্য ৰপ্তানিকৰা এক বজাৰত পৰিণত কৰাৰ পূর্ণ সম্ভাৱনাক বাস্তবায়িত কৰাৰ দিশত চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি ভাষণত উল্লেখ কৰে।
শেহতীয়া ভাৱে ১৬মেট্ৰিক টন প্ৰাকৃতিক মৌ আৰু ২৬ মেট্ৰিক টন আদা অসমৰ পৰা ডুবাইলৈ ৰপ্তানি কৰাটো এক ইতিবাচক দিশ বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কেচা খাদ্য সামগ্রী ৰপ্তানি কৰাৰ সলনি সম্প্ৰতি সংসাধিত খাদ্য সামগ্রী ৰপ্তানিত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলিও কয়।
এপেডাৰ সহযোগত কৃষক সকলে এই দিশত প্ৰশিক্ষণ লাভ কৰি উপকৃত হোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী বড়াই লগতে কয় যে খাদ্য দ্ৰব্য নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা পাবলৈ শীতলীকৃত যতন, পেকেজিঙৰ সুবিধা, অত্যাধুনিক ৰপ্তানি কৰণ ব্যৱস্থা আগবঢ়াই আমাৰ কৃষকৰ উৎপাদিত সামগ্রীয়ে আন্ত:ৰাষ্ট্ৰীয় বজাৰ লাভ কৰাত এপেডাৰ সাহায্যৰ কথা প্ৰসংগ ক্ৰমে উনুকীয়ায়।

 অসমত পোন প্ৰথমবাৰৰ বাবে বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ দ্বাৰা নলবাৰীত ৰূপায়িত হৈ থকা গ্ৰীণ ফিল্ড প্ৰকল্পত উৎপাদিত হ'ব লগীয়া চিপচ্ ৰ বাবে প্ৰয়োজনীয় আলু অসমতে উৎপাদন কৰা হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী বড়াই জাগিৰোডত  নিৰ্মাণ হ'ব লগা লজিষ্টিক পাৰ্ক খনে ৰপ্তানি কাৰী সকলক পৰিবহনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সা সুবিধা আগবঢ়া বুলিও ভাষণ প্ৰসংগত কয়। সন্মিলনত উপস্থিত দেশী বিদেশী  ক্ৰেতা-বিক্ৰেতা সকলক অসমৰ প্ৰচুৰ সম্ঙাৱনাপূৰ্ণ কৃষিজাত সামগ্রীৰ বজাৰ খনক বিশ্ব মুখী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবেও মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

উল্লেখ্য যে অসমৰ কৃষিজাত সামগ্রীৰ লগতে সংসাধিত খাদ্য সামগ্রী সমূহক আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰা,  এই  সামগ্রীৰ ক্ৰয় আৰু বিক্ৰয ব্যৱস্থা সৰলী কৃত কৰা, আন্ত:ৰাষ্ট্ৰীয় ক্ৰেতা সকলক অসমৰ কৃষিজাত সামগ্রীৰ বজাৰ খনৰ বিষয়ে অৱগত কৰণৰ বাবে অসম চৰকাৰৰ সহযোগত  এপেডাই এই  আন্ত:ৰাষ্ট্ৰীয় সন্মিলন তথা ক্ৰেতা-বিক্ৰেতা সন্মিলনখন আৰু কৃষিজাত তথা উদ্যান শস্যৰ প্ৰদৰ্শনী খনৰ আয়োজন কৰে।

  আজিৰ সন্মিলনখনত এপেডাৰ বিষয়া সকলৰ লগতে ৰাজ্য চৰকাৰৰ  তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত -সচিব অৰুণা ৰাজৰিয়া, জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তালকে ধৰি কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ লগতে দেশ বিদেশৰ ভালে সংখ্যক ক্ৰেতা- বিক্রেতাই অংশ গ্ৰহণ কৰে।

Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে, জানেনে ?

Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে
Vitamin: কি ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ, দাঁত হালধীয়া আৰু ওঁঠ ফাটে

মুঠ ১৩টা ভিটামিন আছে। আমাৰ শৰীৰৰ বিকাশৰ বাবে ভিটামিন অতি প্ৰয়োজনীয়।(Vitamin) কিছুমান ভিটামিনৰ অভাৱত শৰীৰত বেয়া প্ৰভাৱ পৰে। মুখৰ দুৰ্গন্ধৰ আঁৰৰ কাৰণ হ’ব পাৰে ভিটামিনৰ অভাৱ। কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ হয় জানেনে। আজি আমি আপোনালোকক জনাম কি ভিটামিনৰ অভাৱত কি হয় ?

শৰীৰত ভিটামিনৰ অভাৱৰ বাবে বহুতো লক্ষণে দেখা যায়। এই লক্ষণবোৰক আওকাণ কৰা উচিত নহয়। বেছিভাগ মানুহেই মুখৰ দুৰ্গন্ধত অসুবিধাৰ সন্মুখীন হয়। দাঁত ব্ৰাছ কৰাৰ পিছতো প্ৰায়ে মুখৰ গোন্ধ ওলায়। মুখৰ দুৰ্গন্ধৰ বহু কাৰণ থাকিব পাৰে। ভিটামিনৰ অভাৱৰ বাবেও মুখৰ দুৰ্গন্ধ ওলায়।

কোনটো ভিটামিনৰ অভাৱত মুখৰ দুৰ্গন্ধ হয় জানেনে?
ভিটামিন বি ১২ আৰু ভিটামিন চিৰ অভাৱত দুৰ্গন্ধৰ সৃষ্টি হয়। ভিটামিন চিৰ অভাৱ দূৰ কৰিবলৈ অমিতা, কমলা আৰু ষ্ট্ৰবেৰী খাদ্যত অন্তৰ্ভুক্ত কৰক। ভিটামিন বি ১২ৰ অভাৱ দূৰ কৰিবলৈ গাখীৰ, দৈ, কণী আৰু ছালমন মাছ খাব লাগে।

কোনটো ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়?
ভিটামিন চিৰ অভাৱত দাঁতৰ আঁঠুত ৰক্তক্ষৰণ হয়। ভিটামিন চিৰ অভাৱৰ বাবে আঁঠুৰ ফুলা আৰু সংক্ৰমণৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱত ওঁঠ ফাটে?
B12 আৰু B6 ৰ অভাৱত ওঁঠ ফাটে। ভিটামিনৰ বাহিৰেও কেতিয়াবা আইৰণ, জিংক আৰু ওমেগা ৩ৰ অভাৱত ওঁঠ ফাটিবলৈ আৰম্ভ কৰে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁত হালধীয়া হয়?
ভিটামিন বি ১২ আৰু ভিটামিন ডিৰ অভাৱৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে। দাঁতৰ যত্ন ল’বলৈ খাদ্য তালিকাত ভিটামিন বি ১২ আৰু ভিটামিন ডি অন্তৰ্ভুক্ত কৰিব লাগে।

কোনটো ভিটামিনৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ এটা গঠন হয়?
ভিটামিন এ আৰু ভিটামিন ডিৰ অভাৱৰ বাবে দাঁতৰ ওপৰত হালধীয়া ৰঙৰ তৰপ এটা গঠন হয়। এই হালধীয়া তৰপটোৰ বাবে দাঁতৰ ৰং হালধীয়া হৈ পৰে আৰু মুখৰ পৰাও বেয়া গোন্ধ আহে। ভিটামিন এৰ অভাৱ দূৰ কৰিবলৈ মিঠা আলু, বিলাহী, ৰঙালাও, পালেং আৰু অমিতা খাব লাগে।

Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !

Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !
Cow Thieves: বিলাসী বাহনত গৰু চোৰ, আৰক্ষীয়ে খেদি খেদি কৰিলে আটক !

টেঙাখাত আৰক্ষীৰ সাফল্য৷ খেদি খেদি এখন বিলাসী বাহনসহ দুটা গৰু চোৰক আটক৷(Cow Thieves) বিভিন্ন সময়ত টেঙাখাতৰ বহুতো অঞ্চলত গৰু চুৰ হৈ থকা সমান্তৰাল ভাৱে সোমবাৰে নিশা টেঙাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি এখন AS 06 AB 0857 নম্বৰ বিলাসী বাহন এজনী গাই গৰুসহ দুজন গৰু চোৰ আটক কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে চোৰে আৰক্ষী গাড়ীখন খুন্দা মাৰি পলাবলৈ চেষ্টা কৰিছিল যদিও পাছত খেদি খেদি আৰক্ষীয়ে চোৰ কেইটা ধৰিবলৈ সক্ষম হয়৷


আৰক্ষীয়ে জানিবলৈ দিয়া মতে চোৰকেইটা চাউলখোৱা আলিফ খান (৩২) S/o বাবুলু খান, আজাদ আলি (২৫) S/o আজ মহম্মদ আলি৷ ইয়াৰ পিছতে আৰক্ষীয়ে 12/25 U/S 61(2) 303(2) BNS, R/W Sec 11(1) a নম্বৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে৷

World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস

World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস
World Cancer Day: আজি বিশ্ব কৰ্কট দিৱস

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা অসমৰ বিভিন্ন জিলাত কেঞ্চাৰ কেন্দ্ৰৰ অন্যতম দৰং কেঞ্চাৰ কেন্দ্ৰ। এই কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত মঙ্গলবাৰে দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব কৰ্কট দিৱস পালন কৰে।(World Cancer Day)

ৰাতিপুৱা প্ৰায় ৯.৩০ মান বজাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ পৰাৰ বিশ্ব কৰ্কট দিৱস উপলক্ষে এক ৰেলী উলিয়াই। বিশ্ব কৰ্কট দিৱসৰ লগত সংগতি ৰাখি উলিওৱা কেঞ্চাৰ সজাগতামূলক ৰেলী উদ্বোধন কৰে দৰঙৰ অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াই। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰী আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ৰ জি এন এম প্ৰশিক্ষণ গ্ৰহন কৰি থকা নাৰ্চ সকলে অংশগ্ৰহন কৰে। কেঞ্চাৰ ৰোগৰ সাৱধানতা আৰু সজাগতামূলক শ্ল’গান হাতে হাতে লৈ অংশগ্ৰহন কৰে আৰু শ্ল’গান সমূহ ধুমপান কৰক বৰ্জন, স্বাস্থ্য হৈছে সৰ্বোত্তম ধন,নিচাক নাকচ কৰা জীৱনক আকোঁৱালি লোৱা, সজাগ হওঁক কৰ্কট ৰোগৰ বিৰোদ্ধে যুঁজক, লাজ নকৰি সচেতন হওক প্ৰাথমিক চিনাক্তৰ বাবে আগুৱাই আহক, মঙলদৈ চহৰৰ মাজেৰে উলিওৱা ৰেলীত‌ প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে। অনুষ্ঠানৰ আঁত ধৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই ।

Lemon Plant: আপোনাৰ ঘৰৰ বাৰীত নেমু গছ আছে নেকি? নেমু গছৰ লগত জড়িত কিছুমান কথা জানি লওক

Lemon Plant: আপোনাৰ ঘৰৰ বাৰীত নেমু গছ আছে নেকি
Lemon Plant: আপোনাৰ ঘৰৰ বাৰীত নেমু গছ আছে নেকি

ঘৰৰ ভিতৰত আৰু বাহিৰত গছ ৰোপণ কৰাটো সাধাৰণ কথা। (Lemon Plant)গছ-গছনিবোৰে ঘৰখনত সৌন্দৰ্য্য বৃদ্ধি কৰাই নহয়, সৌভাগ্য আৰু ধন-সম্পত্তি বৃদ্ধিৰ বাবেও অতি গুৰুত্বপূৰ্ণ গছ-গছনিসমূহ। বহুতে ঘৰৰ বাহিৰত এজোপা নেমু গছ ৰোপণ কৰিও ভাল পায়, কিন্তু বাস্তু শাস্ত্ৰৰ মতে ঘৰত নেমু গছ ৰোপণ কৰাটো শুভ নে অশুভ জানেনে? আমাৰ ঘৰৰ বাহিৰত নেমু গছ ৰোপণ কৰাটো উচিত নে? আজি আপোনাৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিম।

নেমু গছ ৰোপণৰ প্ৰভাৱ-

বাস্তু শাস্ত্ৰ বিশেষজ্ঞৰ মতে নেমু গছত কাঁইট থাকে। এই কাঁইটবোৰে ঘৰলৈ শুভকামনা অনাত বাধা হৈ পৰে। ইয়াৰ বাবেই ঘৰত বসবাস কৰা লোকৰ মানসিক বিকাৰ, কৰ্মৰ প্ৰতি বিৰক্তি আৰু প্ৰতিটো কামৰ প্ৰতি নেতিবাচকতাবোধৰ সৃষ্টি হয়। পৰিয়ালটোৱে জীৱনত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

ঘৰৰ সন্মুখত নেমু গছ ৰোপণ কৰিব পাৰিনে?

বাস্তু শাস্ত্ৰীসকলে কয় যে যদি আপুনি নেমু গছ ৰোপণ কৰিব বিচাৰে তেন্তে মনত ৰাখিব যে ই ঘৰৰ ভিতৰত বা সন্মুখত হ’ব নালাগে। ইচ্ছা কৰিলে এই গছজোপা ঘৰৰ বাহিৰত বাওঁফালে বা সোঁফালে ৰোপণ কৰিব পাৰে। ঘৰৰ পৰা অলপ দূৰলৈ গৈও এই গছ ৰোপণ কৰিব পাৰি।

কোনসমূহ গছ ঘৰৰ সন্মুখত ৰোপণ কৰিব লাগে-

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ সৌভাগ্য শক্তিশালী কৰাৰ লগতে ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি কৰিবলৈ মূল গেটত তুলসী, অশোক বা নাৰিকল গছ ৰোপণ কৰিব লাগে। এই গছবোৰ কেৱল ধৰ্মীয়ভাৱে শুভ বুলি গণ্য কৰাই নহয়, লগতে ইতিবাচক শক্তিও কঢ়িয়াই আনে। ঘৰৰ সন্মুখত এই গছবোৰৰ উপস্থিতিয়ে দেৱী লক্ষ্মীক আকৰ্ষণ কৰাই নহয় ঘৰত ধন-সম্পত্তিৰ আগমনও বৃদ্ধি কৰে।

Saif Ali Khan Stabbing Case: ছেইফৰ ঘটনাত কৰীনাক দোষ, ২১ কোটি টকাৰ পাৰিশ্ৰমিক পাইও নিৰাপত্তাৰক্ষী নিয়োগ কৰিব নোৱাৰে কৰীনাই !

Saif Ali Khan Stabbing Case: ছেইফৰ ঘটনাত কৰীনাক দোষ
Saif Ali Khan Stabbing Case: ছেইফৰ ঘটনাত কৰীনাক দোষ

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ফলত এতিয়াও মুম্বাইবাসী সাৱধান হৈছে। (Saif Ali Khan Stabbing Case)১৫ জানুৱাৰীৰ মাজনিশা ছেইফৰ বান্দ্ৰা ঘৰত সোমাইছিল এজন লোকে। উদ্দেশ্য আছিল ডকাইতি। কিন্তু ছেইফে বাধা দিয়াৰ বাবেও তেওঁ আক্ৰমণ কৰে। ছয়বাৰ ছুৰীৰে আঘাত কৰাৰ ফলত তেওঁৰ শৰীৰৰ পৰা তেজ ওলাইছিল। ঘটনাৰ তিনিদিন পিছতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শ্বৰীফুল ইছলামক। কিন্তু এই ঘটনাৰ বাবে পৰিচালক আকাশদ্বীপ ছাবিৰ আৰু তেওঁৰ পত্নী শিৱই কৰীনা কাপুৰক দোষ দিছিল।

কৰীণাক লৈ তেওঁলোকে কয় যে কোটি কোটি টকাৰ দৰমহা লৈও কৰীণাই নিজৰ ঘৰত নিৰাপত্তাৰক্ষী বা ড্ৰাইভাৰ এজনো ৰাখিব পৰা নাছিল। অৱশ্যে এই বিষয়টোলৈ অহাৰ আগতে তেওঁলোকে চলচ্চিত্ৰ জগতৰ পুৰুষ-মহিলা অভিনেতাৰ পাৰিতোষিক সম্পৰ্কে কথা পাতিছিল। তেওঁলোকে দাবী কৰে যে আল্লু অৰ্জুনৰ বাবেই ‘পুষ্পা ২’ ছবিখন জনপ্ৰিয় হৈ উঠিছিল। সেয়ে আল্লুৱে ৰশ্মিকা মণ্ডন্নাতকৈ অধিক ধন লাভ কৰিছিল। ইয়াৰ পিছত আকাশদ্বীপ আৰু তেওঁৰ পত্নী কৰীনাক ঠাট্টা-মস্কৰা কৰে।

আকাশদীপে ঠাট্টা কৰি ক’লে, “পুৰুষ-মহিলাৰ দৰমহাৰ বৈষম্যৰ বাবে ২১ কোটি টকীয়া দৰমহা পোৱাৰ পিছতো কৰীনাই ঘৰৰ বাহিৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰিব নোৱাৰিলে।” “তেওঁলোকক ১০০ কোটি টকা দিলেহে ৰাতিটোৰ বাবে নিৰাপত্তাৰক্ষী আৰু সকলো সময়তে ড্ৰাইভাৰ ৰাখিব পাৰিব।”


আক্ৰমণৰ নিশা অটোৰ সহায়ত চিকিৎসালয়লৈ গৈছিল ছেইফ। এই কথা শুনি আকাশদীপেও হাঁহিলে। তেওঁ নম্ৰভাৱে বুজাই দিলে যে তেওঁ অটোৰ কথা বিশ্বাস নকৰে। কৰীনাক অতি সৰুৰে পৰা চিনি পোৱা বুলিও কয় প্ৰবীণ পৰিচালকগৰাকীয়ে। তেওঁৰ ভাষাত, “কৰীনাক মই বহুত সৰুতে লগ পাইছিলো।” কৰিশ্মাৰ প্ৰথমখন ছবি ‘ছাহাৰা’ মই পৰিচালনা কৰিছিলো। “কৰিনা সেই সময়ত শিশু আছিল।”

ছাইফৰ ঘটনা সন্দৰ্ভত আকাশদ্বীপে আৰু কয়, “ছেইফ-কৰীনা এক অতি সন্মানীয় দম্পতী।” কিন্তু প্ৰশ্ন দুটাৰ উত্তৰ একে নহয়। “ঘৰৰ বাহিৰত চিচিটিভি কেমেৰা কিয় নাছিল?” আকাশদীপৰ দ্বিতীয় প্ৰশ্নটো হ’ল “মুম্বাইৰ বেছিভাগ ঘৰতে শ্ৰমিকৰ বাবে থকাৰ ব্যৱস্থা কিয় নাই?”

Sonakshi Sinha: ধুনীয়াকৈ সজাই তোলা ফ্লেটটো বিক্ৰী কৰিবলগীয়া হ’ল সোণাক্ষীয়ে !

Sonakshi Sinha: ধুনীয়াকৈ সজাই তোলা ফ্লেটটো বিক্ৰী কৰিবলগীয়া হ'ল সোণাক্ষীয়ে !
Sonakshi Sinha: ধুনীয়াকৈ সজাই তোলা ফ্লেটটো বিক্ৰী কৰিবলগীয়া হ'ল সোণাক্ষীয়ে !

বিয়াৰ এবছৰ নহওঁতেই সোণাক্ষীয়ে নিজৰ ঘৰ বিক্ৰী কৰিলে সোণাক্ষীয়ে? মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ফ্লেটটো সোণাক্ষীয়ে মনৰ সন্তুষ্টিৰে সজাইছিল। সেই সকলোবোৰ ছবি ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল। সোণাক্ষীৰ ফ্লেটটো আছিল বান্দ্ৰাৰ বিলাসী কুৰলা হাউছিঙত।(Sonakshi Sinha)

সোনাক্ষী সিনহাই বিয়াৰ বাৰ্ষিকীৰ আগতে নিজৰ ঘৰটো বিক্ৰী কৰিব। ২০২৪ চনৰ জুন মাহত অভিনেত্ৰীগৰাকীয়ে দীৰ্ঘদিনীয়া প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বেলেগ ধৰ্মত বিবাহপাশত আবদ্ধ হোৱাৰ বাবেও বিতৰ্কৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। কোৱা হয় যে সিনহা পৰিয়ালে প্ৰথমে জাহীৰ আৰু সোণাক্ষীৰ সম্পৰ্কক মানি ল’ব বিচৰা নাছিল। কিন্তু সকলো বাধা নেওচি অভিনেত্ৰীগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়। ঘৰুৱা পৰিবেশত বিয়া পাতিছিল। কোনো ধৰ্মীয় ৰীতি-নীতি নাছিল। অৱশ্যে সোণাক্ষী আৰু জাহিৰে পৃথকে পৃথকে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে। কিন্তু বিয়াৰ এবছৰ সম্পূৰ্ণ কৰাৰ আগতেই ঘৰ বিক্ৰী কৰিলে সোণাক্ষীয়ে।


মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এই ফ্লেটটো সোণাক্ষীয়ে মনৰ ইচ্ছাৰে সজাইছিল। সেই সকলোবোৰ ছবি ছ’চিয়েল মিডিয়াতো বিয়পি পৰিল। সোণাক্ষীৰ ফ্লেটটো আছিল বান্দ্ৰাৰ বিলাসী কুৰলা হাউছিঙত। অঞ্চলটোৰ ৪২২১ বৰ্গফুট আছিল। সেই ফ্লেটটো ২২.৫০ কোটি টকাত বিক্ৰী কৰিলে সোণাক্ষীয়ে। অৱশ্যে ইয়াৰ ফলত তেওঁৰ কোনো বিশেষ ক্ষতি হোৱা নাছিল। জানিব পৰা মতে, অভিনেত্ৰীগৰাকীয়ে ফ্লেটটো ক্ৰয় কৰা মূল্যতকৈ ৬১ শতাংশ বেছি লাভৰ বাবে বিক্ৰী কৰিছিল। ফ্লেটটোত চাৰিটা শোৱা কোঠা আছিল আৰু তিনিখন গাড়ী ৰখাবলৈ সুবিধা আছিল।

বলীউডৰ বহু তাৰকা মুম্বাইৰ বান্দ্ৰাত থাকে। এই বিলাসী অঞ্চলটো চেলিব্ৰিটিৰ প্ৰিয় বুলি কোৱা হয়। বান্দ্ৰাত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, ৰণবীৰ কাপুৰ, আলিয়া ভাট, দীপিকা পাডুকন, তৃপ্তী ডিমৰি, সঞ্জয় দত্ত আদি বহুকেইজন ব্যক্তিয়ে বাস কৰে।