Home Blog Page 410

Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান…

Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান...
Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান...

১৯ ডিচেম্বৰ, ২০২৪ঃ Guwahati Press Club।গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক । সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী। সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন অনাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ‘ৰাজভৱন চলো’ কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদন ।

গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান...


গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলে প্ৰেছ ক্লাবৰ সন্মুখত অৱস্থান কৰাৰ লগতে কলা বেজ পৰিধান কৰে । প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামীয়ে সাংবাদিকৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ কৰি কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন আইনৰো দাবী তোলে। তেওঁ কয়- ‘ ‘আমি যিহেতু কৰ্তব্যৰত অৱস্থাত থাকো, সেয়ে সাংবাদিক সুৰক্ষা আইন এখন আমাক খুব প্ৰয়োজন হৈ পৰিছে। যিধৰণে চিকৎসকৰ বাবে, আৰক্ষীৰ বাবে বা আন চৰকাৰী কৰ্তব্যৰত কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে আইন আছে, তেনে সুৰক্ষা ব্যৱস্থা
সাংবাদিকসকলৰ বাবেও খুব দৰকাৰ হৈ পৰিছে। চৰকাৰৰ ওচৰত এয়া আমাৰ দাবী।” উল্লেখ্য যে, বুধবাৰৰ কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যু হৈছে।


Picnic Spot । প্ৰত্যেক বনভোজৰ দ’লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক

Picnic Spot । প্ৰত্যেক বনভোজৰ দ'লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক
Picnic Spot । প্ৰত্যেক বনভোজৰ দ'লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক

১৯ ডিচেম্বৰ, ২০২৪ঃ Picnic Spot। ধৰণীক সেউজীয়া কৰি ৰাখিলেহে প্ৰকৃতিয়ে আমাক উপভোগ্য সময় উপহাৰ দিব । প্ৰকৃতিৰ সেউজীয়াই পাহাৰৰ কাষলৈ ,নীলা বহল আকাশৰ তলত ,নদীৰ কাষৰ বালীত ,মনোমোহা জুৰিটিৰ কাষলৈ আমাক শীতৰ এই সুন্দৰ সময়তে হাত বাউলি মাতে।সকলো দুখ-ভাগৰ পাহৰি আমি মনে মিলা বন্ধু বৰ্গৰ লগত এসাঁজ খাবলৈ বিচাৰো।সকলোৱেই নিজৰ কামত ব্যস্ত থাকে,কিন্তু ব্যস্ততাৰ মাজতো আমি এটা দিন নিজক লৈ উদযাপন কৰো। জীৱনৰ একঘেয়ামিতাত আমি আমনি পাওঁ সঁচা । হিয়াৰ উষ্মতাৰে নিজক পাহৰি উমলিবলৈ এটি দিনেই যথেষ্ট ।

প্ৰত্যেক বনভোজৰ দ’লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক


প্ৰতি বছৰে ডিচেম্বৰ ,জানুৱাৰী মাহত আমি প্ৰকৃতিৰ কাষলৈ যাবলৈ বিচাৰো । প্ৰকৃতিৰ লগত সন্তুষ্টিৰে আমি জীয়াই থাকিবলৈ হ’লে প্ৰকৃতিক সংৰক্ষণ কৰাটো জৰুৰী। অৰণ্যই আমাৰ জীৱনৰ আয়ুসৰেখা।


বনভোজ মানেই হাই- উৰুমিৰ মাজত এটি উপভোগ্য দিন।সকলো মিলি এটি ব্যতিক্ৰমি দিন আদৰি লওঁ হেপাহেৰে।বনভোজ খাই বনভোজ স্হলি পৰিস্কাৰ কৰি থৈ অহাৰ লগতে প্ৰতিটো বনভোজ দ’লে এটি গছপুলি ৰোপন কৰি এক সুন্দৰ পদক্ষেপ লব পাৰি। ধৰণী সেউজীয়া হোৱাৰ লগতে মনবোৰো সেউজীয়া হৈ পৰক। নৱবৰ্ষক আদৰো আহক শুভকামনাৰে সপোনবোৰ দিঠক হোৱাৰ আশাৰে।

Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি
Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

গুৱাহাটী, ১৯ ডিচেম্বৰঃ ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত বৃহস্পতিবাৰে ড° জুনু মহন্তৰ উপন্যাস ভূৱনেশ্বৰী উন্মোচন কৰা হয়। ডিব্ৰুগড় লেখিকা সমাৰোহৰ আয়োজনত অনুষ্ঠিত হোৱা সাহিত্য অনুস্থানত অনুবাদক, গল্পকাৰ, অধ্যাপিকা ড° জুনু মহন্তৰ প্ৰথম উপন্যাস উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে(Juri Borah Borgohain)।

গ্ৰন্থখন উন্মোচন কৰি উপন্যাসিক জুৰী বৰা বৰগোহাঞিযে কয় যে ড° জুনু মহন্ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে এগৰাকী সফল অনুবাদক। ইতিমধ্যেই তেখেতে অনুবাদ কৰা ‘দূৰণিৰ ৰং’ নামৰ এখন গুৰুত্বপূৰ্ণ অনুবাদ গ্ৰন্থ প্ৰকাশ পাইছে। লগতে এইগৰাকী লেখিকাৰ প্ৰবন্ধ সংকলন, গল্প সংকলন প্ৰকাশ পাইছে।(Dibrugarh Book Fair)

সত্ৰ এখনৰ পৰিয়াল এটাৰ পৰা অহা জুনু মহন্তৰ জীবনৰ অভিজ্ঞতাও বহমাত্ৰিক। মূলতঃ গৱেষণা আৰুঅধ্যাপনাৰে জীৱন পাৰ কৰা লেখিকাই অতি সুন্দৰ আৰু গৱেষণা কৰি লিখি উলিয়াইছে। উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়িছে মহাপুৰুষ শংকৰদেৱৰ ভতিজী ভুৱনেশ্বৰীক কেন্দ্ৰ কৰি।(LITERARY FORUM ADHARSHILA STARTED)


অসামান্য ৰূপৱতী ভুৱনেশ্বৰীৰ ৰূপ গুণত মোহ গৈ প্ৰৱল পৰাক্ৰমী কোচ ৰাজ্যৰ সেনাধ্যক্ষ বীৰ চিলাৰায়ে বিবাহ প্ৰস্তাৱ পঠায়। সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মই ৰাজ অনুগ্ৰহ লাভ কৰে।

কোচ সাম্ৰাজ্যত আশ্ৰয় লাভ কৰি গুৰুজনাই নিশ্চিন্ত মনে ৰচনা কৰে অনেক আখ্যান। হাতী মাৰি ভুৰুকাত ভৰোৱা, বৃন্দাৱনী বস্ত্ৰ বোৱা আদি অনেক অসাধাৰণ কাৰ্যও সম্পন্ন হয় এই সময়চোৱাতে।

বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ সোণালী যুগ মহাৰাজ নৰনাৰায়ন আৰু বীৰ চিলাৰায়ৰ আমোলত কোচ সাম্ৰাজ্যতে আৰম্ভ হয়। সেয়া আছিল কোচ ৰাজ্যৰো স্বৰ্ণ যুগ।

এই দুই শক্তি আৰু সংস্কৃতিৰ মিলনত সাকোঁ ৰূপে কাম কৰে ভুৱনেশ্বৰীয়ে। কাহিনীভাগৰ মাজে মাজে ফুটি উঠিছে কোচ ৰাজ্যৰ বিজয় গাথা আৰু চিলাৰায় ভুৱনেশ্বৰীৰ প্ৰেমৰ অপৰূপ ৰূপকথা।


লোক সংস্কৃতিৰ গৱেষক আৰু ডিডিআৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড° জুনু মহন্তই মধুপুৰ সত্ৰ, কোচ বিহাৰ, ছত্ৰশাল, ৰামৰায় কুঠী আদিত ক্ষেত্ৰ অধ্যয়ন কৰি লিখি উলিয়াইছে ভুৱনেশ্বৰী। উন্মুচক জুৰী বৰা বৰগোহাঞিযে এইখন উপন্যাস সাহিত্য জগতৰ এক অনবদ্য স্থান দখলৰ সম্ভাৱনা আছে বুলি বিশ্বাস কৰে।


উন্মোচনী সভাত উপস্থিত থাকে লেখিকা ড° ভাৰতী দত্ত, ৰেণু ফুকন, ড° বিদিশা মহন্ত, সংস্কৃত পণ্ডিত ড° জয়কৃষ্ণ মহন্ত, ড° অসীম চুতীয়া, ড° প্ৰণয় ফুকন, গিতালি মহন্তকে আদি কৰি ডিব্ৰুগড় লেখিকা সমাৰোহৰ কেইবাগৰাকীও বিশিষ্ট অতিথি। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অভিজাত প্ৰকাশক বনলতাই। সভাত বনলতা প্ৰকাশনৰ কেইবাগৰাকীও অতিথি উপস্থিত থাকে।

Virat Kohli Anushka Sharma: ভাৰত এৰি যোৱাৰ পৰিকল্পনা বিৰাট-অনুষ্কাৰ!

Virat Kohli Anushka Sharma
Virat Kohli Anushka Sharma

বৰ্তমান অষ্ট্ৰেলিয়াত আছে টিম ইণ্ডিয়াৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন টেষ্ট মেচত বিশেষ একো কৰিব নোৱাৰিলেও কোহলীক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এক প্ৰতিবেদন অনুসৰি বিৰাট অতি সোনকালে পৰিয়ালৰ সৈতে ভাৰত ত্য়াগ কৰি অন্য স্থানলৈ স্থানান্তৰিত হ’ব আৰু এই কথা নিশ্চিত কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। (Virat Kohli Anushka Sharma)

ভাৰত এৰি বৃটেইনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী। অতি শীঘ্ৰে পত্নী অনুষ্কা শৰ্মা আৰু দুই সন্তান বামিকা আৰু আকায়ৰ সৈতে ভাৰত এৰি লণ্ডনলৈ যাব বিৰাট কোহলী। ক্ৰিকেটৰ পৰা অৱসৰৰ পিছত লণ্ডনত থকাৰ পৰিকল্পনা বিৰাট কোহলীৰ। বিৰাট কোহলীৰ শৈশৱৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই নিশ্চিত কৰিছে এই কথা।

কোহলী আৰু অনুষ্কা লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ আলোচনা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই। শেহতীয়াকৈ দৈনিক জাগৰণক এক সাক্ষাৎকাৰ দিছিল প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই। এই সাক্ষাৎকাৰ অনুসৰি তেওঁ কয় যে বিৰাটে সন্তান আৰু পত্নী অনুষ্কা শৰ্মাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে।

বিৰাট কোহলীৰ দিল্লীতো ঘৰ আছে। মুম্বাইতো তেওঁৰ ঘৰ আছে। তেওঁ মুম্বাইত এপাৰ্টমেণ্ট এটাও কিনিছিল। ইয়াৰ সমান্তৰালকৈ আলিবাউগত এটা বাংলোও ক্ৰয় কৰি থৈছে। কিন্তু এতিয়া ভাৰত এৰি যোৱাৰ পৰিকল্পনা কৰিছে। লণ্ডনত হ’ব বিৰাট কোহলীৰ নতুন ঘৰ। কিন্তু বিৰাটে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Celebrity Divorce 2024: ২০২৪ বৰ্ষত হাৰ্দিক পাণ্ডিয়া-নাটাছা ষ্টেনকভিচকে ধৰি ৫ চেলিব্ৰিটিৰ বিবাহ বিচ্ছেদ!

Celebrity Divorce 2024
Celebrity Divorce 2024

বিবাহ বিচ্ছেদেৰে ২০২৪ চনটো বহুতো মিঠা আৰু তিক্ত স্মৃতিৰে ভৰি পৰিছিল। এইবাৰ বহু তাৰকাই বিয়া পাতিলে, আনহাতে বহু তাৰকাই নিজৰ সংগীৰ সৈতে থকা বন্ধন চিৰদিনৰ বাবে ভাঙি বিবাহ বিচ্ছেদ কৰিছিল।(Celebrity Divorce 2024)

চলিত বৰ্ষৰ অন্যতম চাঞ্চল্যকৰ খবৰ আছিল এ আৰ ৰহমান-ছাইৰা বানুৰ বিবাহ বিচ্ছেদ। সংগীত সুৰকাৰ এ আৰ ৰহমানে বিবাহৰ ২৯ বছৰৰ পাছত পত্নী ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লয়। ১৯৯৫ চনত ৰহমান আৰু ছাইৰা বানুৰ বিবাহ হয়। তেওঁলোকৰ তিনিটা সন্তান খাটিজা, ৰহিমা আৰু আমিন।

দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ জয়ম ৰবি আৰু আৰতিও এই বছৰ বিবাহ বিচ্ছেদৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ২০০৯ চনত জয়ম ৰবি আৰু আৰতিৰ বিবাহ হয়। বিবাহৰ ২৫ বছৰ পিছত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত লয় আৰু ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ ‘থালাইৱা’ ৰজনীকান্তৰ কন্যা আৰু জোঁৱাইৰো এইবাৰ বিবাহ বিচ্ছেদ হৈছে। ২০০৪ চনত অভিনেতা ধনুশ আৰু ঐশ্বৰ্য ৰজনীকান্তৰ বিবাহ হৈছিল। দুয়োজনে ২০২২ চনতে বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। ২০২৪ চনত দুয়োজনে আদালতৰ পৰা আনুষ্ঠানিক বিবাহ বিচ্ছেদৰ অনুমোদন লাভ কৰে।

হাৰ্ডিক পাণ্ডিয়া-নাটাছা ষ্টেনকভিচে চলিত বৰ্ষৰ জুলাই মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। ৪ বছৰ একেলগে থকাৰ পিছত হাৰ্দিক আৰু নাটাছাই ইনষ্টাগ্ৰামত এক বিবৃতি প্ৰকাশ কৰিছিল, য’ত তেওঁলোকে দীৰ্ঘদিন একেলগে থকাৰ পিছত পাৰস্পৰিক সন্মতিৰে বিচ্ছেদৰ কথা কৈছিল। দুয়োৰে এজন পুত্ৰ সন্তানো আছে।

এশা দেওল-ভাৰত তাখতানিয়ে তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে অৱগত কৰি এক উমৈহতীয়া বিবৃতি প্ৰকাশ কৰিছিল। পোষ্টটো শ্বেয়াৰ কৰি তেওঁ কৈছিল, ‘আমি পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। “আমি আমাৰ জীৱনৰ এই পৰিৱৰ্তনে আমাৰ ছোৱালীক প্ৰভাৱিত কৰিবলৈ নিদিওঁ।”

Arbaaz Khan Malaika Arora: দুপৰীয়াৰ আহাৰ খাবলৈ মালাইকাৰ ৰেষ্টুৰেণ্টত উপস্থিত প্ৰাক্তন স্বামী আৰবাজ খান!

Arbaaz Khan Malaika Arora
Arbaaz Khan Malaika Arora

১৯৯৮ চনত বিবাহপাশত আবদ্ধ হোৱা মালাইকা অৰোৰা আৰু আৰবাজ খানৰ বিবাহ বিবাহৰ ১৯ বছৰৰ পিছত ২০১৭ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। দুয়োৰে এটি পুত্ৰ সন্তান আছে, যাৰ নাম আৰহান খান। তেওঁলোকৰ বিবাহ বিচ্ছেদৰ ৭ বছৰ হ’ল আৰু খান পৰিয়াল আৰু মালাইকা অৰোৰাক একেলগে দেখা পোৱা অনুষ্ঠান অতি কমেই। এইবাৰ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মৃত্যুত প্ৰাক্তন স্বামী আৰবাজ খান আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে অভিনেত্ৰীগৰাকীৰ শোকত শোক প্ৰকাশ কৰিছিল।(Arbaaz Khan Malaika Arora)

এতিয়া শেহতীয়াকৈ মালাইকা অৰোৰাই মুম্বাইত মুকলি কৰিছে তেওঁৰ নতুন ৰেষ্টুৰেণ্ট। য’ত পুনৰবাৰ উপস্থিত হৈছিল পৰিয়ালৰ সৈতে প্ৰাক্তন স্বামী আৰবাজ খান, খান পৰিয়ালৰ বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰবাজ খানৰ উপৰিও চেলিম খান, সুশীলা চৰাক (ছালমা খান), হেলেন, ছোহেইল খানৰ পুত্ৰ নিৰ্বাণ আৰু ছলমান খানৰ ভগ্নী আলভিৰা পৰিয়ালসহ মালাইকাৰ নতুন ৰেষ্টুৰেণ্টত উপস্থিত হয়। অৱশ্যে ছলমান খানকে ধৰি পৰিয়ালটোৰ একাংশ সদস্যক দেখা নাযায়।

ইয়াৰ উপৰিও সোহেইল খান আৰু আৰবাজৰ পত্নী শ্বুৰা খানকো দেখা পোৱা নগ’ল। কিন্তু ছচিয়েল মিডিয়াত ছলমান খানৰ পৰিয়ালক যথেষ্ট প্ৰশংসা কৰা হৈছে। য’ত ব্যৱহাৰকাৰীয়ে কয় যে দুখ হওক বা সুখ হওক, খান পৰিয়ালক সদায় নিজৰ মানুহৰ লগত থিয় হোৱা দেখা যায়। বহু বছৰ আগতে আৰবাজ আৰু মালাইকাৰ বিবাহ বিচ্ছেদ হ’লেও খান পৰিয়ালে এতিয়াও মালাইকাক নিজৰ পৰিয়ালৰ অংশ বুলি গণ্য কৰে।

Hot Tea Coffee: অত্যধিক গৰম চাহ-কফি খোৱাসকলৰ বাবে বেয়া খবৰ! আপোনাৰ দেহত হ’ব পাৰে গুৰুতৰ ৰোগ

Hot Tea Coffee
Hot Tea Coffee

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ কোটি কোটি মানুহৰ দিনটোৰ আৰম্ভণি চাহ-কফিৰ পৰাই হয়। শীতকালত চাহ, কফি সেৱন বেছি হয়। কিন্তু আপুনি জানেনে খালী পেটত গৰম চাহ বা কফি খালে কেন্সাৰ হ’ব পাৰে? যদি আপুনিও এই পানীয়বোৰৰ প্ৰতি আকৰ্ষিত তেন্তে এই লেখাটো পঢ়ক।(Hot Tea Coffee)

এই দাবী এক নতুন গৱেষণাত কৰা হৈছে। গৱেষণাৰ মতে গৰম চাহ-কফি দীঘলীয়া বহু দেৰি খাই থাকিলে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। কেৱল চাহ-কফিয়ে নহয়, যিকোনো গৰম পানীয় অত্যধিক সেৱনে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

বেছি গৰম চাহ নাখাব-
এই দাবী আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থাৰ অধ্যয়ন প্ৰতিবেদনত কৰা হৈছে। য’ত কোৱা হৈছে যে ৬৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক গৰম পানীয় মানুহৰ বাবে কাৰ্চিনোজেনিক হ’ব পাৰে, অৰ্থাৎ এনে গৰম চাহ বা কফি খালে পেট আৰু অন্ত্ৰৰ কৰ্কট ৰোগৰ আশংকা হ’ব পাৰে।(Hot Tea Coffee Can Cause Cancer)

বেছিকৈ গৰম পানী খালে খাদ্যনলীৰ ক্ষতি হ’ব পাৰে। গৰম চাহৰ লগতে ধূমপান বা মদ্যপানৰ দৰে আন বিপদজনক কাৰক আছে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে মদ আৰু চিগাৰেটৰ ধোঁৱাই গৰম চাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খাদ্যনলীৰ জৰিয়তে কলাবোৰ সহজে ক্ষতিগ্ৰস্ত কৰিব পাৰে। এই প্ৰতিবেদন ইৰাণত কৰা এক গৱেষণাৰ আধাৰত প্ৰস্তুত কৰা হৈছে, য’ত দেখা গৈছে যে প্ৰতিদিনে ৭০০ মিলিলিটাৰ গৰম চাহ খোৱা লোকৰ বাবে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা ৯০ শতাংশ বৃদ্ধি পায়। এই বিপদ কমোৱাৰ একমাত্ৰ উপায় হ’ল গৰম পানীয় খোৱাৰ আগতে অলপ ঠাণ্ডা হ’বলৈ দিয়া।

Sumi Borah: জামিন লাভ ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী চুমি বৰাৰ!

Sumi Borah
Sumi Borah

CBIৰ অন্তিমটো গোচৰত জামিন লাভ কৰিলে চুমি বৰাই। ট্ৰেডিং কেলেংকাৰিৰ গোচৰত কাৰাবন্দী হৈ আছে অভিনেত্ৰী চুমি বৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰে জামিন। (Sumi Borah)

ডিব্ৰুগড় থানাৰ 352/24 নম্বৰ গোচৰত জামিন লাভ চুমিৰ।

জামিন পালেও কাৰাবন্দী হৈ থাকিব লাগিব চুমি। ট্ৰেডিং কেলেংকাৰিত চুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ।

বৰবৰুৱা থানা আৰু দুলীয়াজান থানাত ৰুজু হৈ আছে গোচৰ।

Devoleena Bhattacharjee: পুত্ৰ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচার্য

Devoleena Bhattacharjee
Devoleena Bhattacharjee

টিভি উদ্যোগৰ সুপৰিচিত ‘গোপী বহু’ অৰ্থাৎ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য মাতৃত্ব অৰ্জন। হয়, শেহতীয়াকৈ অভিনেত্ৰীগৰাকী এটি পুত্ৰ সন্তানৰ মাতৃ হয়। এই ভাল খবৰটো তেওঁৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে।(Devoleena Bhattacharjee)সামাজিক মাধ্যমৰ এটা পোষ্টটত তেওঁলোকে জনাই যে ১৮ ডিচেম্বৰত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয় আৰু ১৯ ডিচেম্বৰ বৃহস্পতিবাৰে তেওঁ এই ভাল খবৰটো তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। পোষ্টটোত বহুত মন্তব্য আগবঢ়াইছে।(Devoleena Welcoming A Baby Boy)

অভিভাৱক হোৱাৰ বাবে অনুৰাগীৰ লগতে বহু টিভি চেলিব্ৰিটিয়ে অভিনন্দন জনাইছে অভিনেত্ৰী দেৱলীনা ভট্টাচার্য আৰু তেওঁৰ স্বামীক। চলিত বৰ্ষৰ ১৫ আগষ্টত অনুৰাগীৰ সৈতে গৰ্ভধাৰণৰ সুখৰ খবৰটো শ্বেয়াৰ কৰিছিল দেৱলীনাই।

তেওঁৰ এই পোষ্টটো যথেষ্ট ভাইৰেল হৈছে সামাজিক মাধ্যমত। তেওঁৰ এই পোষ্টটো বহুত লাইক আৰু মন্তব্য আহিছে। অভিভাৱক হোৱাৰ বাবে সকলোৱে অভিনন্দন জনাইছে।

২০১১ চনত একন টিভি ধাৰাবাহিকৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা দেৱলীনা ভট্টাচাৰ্জী আৰু শ্বানাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ২০২২ চনৰ ডিচেম্বৰ মাহত। দুয়োৰে প্ৰথম লগ হৈছিল জিমত, য’ত শ্বানৱাজ আছিল দেৱলীনাৰ ফিটনেছ ট্ৰেইনাৰৰ। প্ৰায় তিনি বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰাৰ পিছত দুয়োৰে বিয়া হৈছিল, তেওঁলোকৰ বিয়াৰ বাবে তেওঁলোককো বহুত ট্ৰলৰো কৰা হৈছিল। এতিয়া দুয়োজনেই বিয়াৰ ২ বছৰৰ পিছত পিতৃ-মাতৃ হয়, যাৰ বাবে তেওঁলোকৰ অনুৰাগীসকলো অতি সুখী।

Non Veg Tiffin: টিফিনত আমিষ খাদ্য নিয়াৰ বাবেই স্কুলৰ পৰা বহিষ্কাৰ ছাত্ৰ! উচ্চ ন্যায়ালয়ত উপস্থিত মাতৃ…

Non Veg Tiffin
Non Veg Tiffin

প্ৰতিদিনে দেশ তথা বিশ্বত খাদ্য সামগ্ৰীক লৈ বিতৰ্কৰ সৃষ্টি হয়। বিশেষকৈ যেতিয়া আমিষ আৰু নিৰামিষৰ কথা আহে। এনে পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ আমৰোহাৰ এটা খবৰে বিগত কেইবাদিন ধৰি চৰ্চা চলি আছে। এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ে এই বিষয়ত ৰায় দিছে। টিফিনত নন-ভেজ খাদ্য অনাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ হোৱা ছাত্ৰ-ছাত্ৰীক দুসপ্তাহৰ ভিতৰত আন কোনোবা বিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ আমৰোহাৰ জিলা দণ্ডাধীশক নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। আদালতে জিলা দণ্ডাধীশক এই আদেশ মানি চলাটো নিশ্চিত কৰি শপতনামা দাখিল কৰিবলৈ কয়।(Non Veg Tiffin)

আচলতে এই আদেশ তিনিটা সন্তানৰ মাতৃ ছাব্ৰাৰ আবেদনত দিয়া হৈছিল। হিন্দুস্তান টাইমছত প্ৰকাশিত এক বাতৰি অনুসৰি শিশুকেইটাৰ মাতৃয়ে নিজৰ আবেদনত বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়নৰ দাবী জনাইছিল। তেওঁলোকৰ সন্তানক অন্যায়ভাৱে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সিদ্ধাৰ্থ আৰু ন্যায়াধীশ এছ চি শৰ্মাৰ বিচাৰপীঠে এই সিদ্ধান্ত লয়।(Amroha school Lunchbox)

শিশুসকলৰ শৈক্ষিক ক্ষতিৰ ক্ষতিপূৰণৰ বাবে ৰাজ্য চৰকাৰক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে আবেদনকাৰীয়ে। বিদ্যালয়ৰ অধ্যক্ষৰ এই কথিত কাৰ্য্যই শিশুসকলৰ শিক্ষাত বাধাৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়।

কেৱল এয়াই নহয়, ছাব্ৰাৰ মতে, তেওঁৰ সন্তান তৃতীয় শ্ৰেণীত পঢ়িছিল আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাই-ভনী দুয়ো স্কুলৰ পৰা বহিষ্কাৰ কৰিছিল। এই বিদ্যালয়খন চিবিএছইৰ। অভিযোগ অনুসৰি অধ্যক্ষই শিশুকেইটাক আমিষ খাদ্য অনাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰিছিল।

প্ৰতিবেদন অনুসৰি এই ঘটনাৰ সৈতে জড়িত এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ভিডিঅ’টোত শিশুসকলৰ মাতৃ আৰু অধ্যক্ষৰ মাজত বাৰ্তালাপ চলি আছিল। এই ভিডিঅ’টোৱে সমগ্ৰ বিষয়টো আলোচনাৰ মাজলৈ লৈ আহিছিল। বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা মনত ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদালতে দিছে।