Home Blog Page 412

Kho Kho World Cup 2025: প্ৰথম খো খো বিশ্বকাপ, দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মহিলা দল

Kho Kho World Cup 2025: প্ৰথম খো খো বিশ্বকাপ
Kho Kho World Cup 2025: প্ৰথম খো খো বিশ্বকাপ

ভাৰতৰ মহিলা দলে চলিত প্ৰথম খো খো বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে৷(Kho Kho World Cup 2025)নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হোৱা ছেমিফাইনেলত ভাৰতৰ মহিলা দলে ৬৬-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাক৷

কাইলৈ হ’বলগা ফাইনেলত ভাৰতে সোণৰ পদকৰ বাবে নেপালৰ মহিলা দলৰ বিৰুদ্ধে খেলিব৷ মহিলাৰ আজি হোৱা আনখন ছেমিফাইনেলত নেপালে সহজে ৮৯-১৮ ৰ ব্যৱধানত উগাণ্ডাৰ মহিলা খো খো দলটোক পৰাস্ত কৰে৷

উল্লেখ্য যে অপৰাজেয় জয়যাত্ৰা অব্যাহত ৰাখি প্ৰথম বিশ্বকাপৰ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈ্‌ছে ভাৰতীয় মহিলা খো খো দলে৷ গ্ৰুপৰ তিনিখন মেচতে জয়লাভ কৰা ভাৰতে একপক্ষীয় কোৱাৰ্টাৰ ফাইনেল মেচত বাংলাদেশৰ বিৰুদ্ধে ১০৯-১৬ ৰ ব্যৱধানত জয় অৰ্জন কৰিছিল৷

অধিনায়িকা প্ৰিয়ংকা ইংলেৰ নেতৃত্বত খেলা ঘৰুৱা দলটোৱে আজিও চাৰিওটা টাৰ্ণতে নিজৰ আধিপত্য প্ৰদৰ্শন কৰে৷ অৱশ্যে আজি ভাৰতে নিজৰ এশ পইণ্ট সংগ্ৰহৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে৷ পূৰ্বৰ প্ৰতিখন মেচতে ভাৰতৰ মহিলা দলে এই গৌৰৱ লাভ কৰিছিল৷

Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী!

Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত
Israel Hamas: ১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত

আজিৰে পৰা ইজৰাইল-হামাছৰ মাজত আৰম্ভ যুদ্ধবিৰতি৷ (Israel Hamas)১৫ মাহৰ পিছত গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ অন্ত পৰিল, আজি মুকলি হ’ব ৩ জন ইজৰাইলী পণবন্দী।

আজিৰ পৰা গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ১৫ মাহজোৰা যুদ্ধৰ অন্ত পৰিব। ১৯ জানুৱাৰী দেওবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি। প্ৰথম দিনাই হামাছে ৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত মুক্তি পাব।

প্ৰকাশ পাবলগীয়া পণবন্দীসকলৰ নাম এতিয়াও প্ৰকাশ কৰা নাই হামাছে। এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে যদি নাম প্ৰকাশ নহয় তেন্তে যুদ্ধবিৰতি আগবাঢ়িব নোৱাৰিব। প্ৰয়োজন হ’লে পুনৰ যুদ্ধ আৰম্ভ কৰাৰ কথাও কয় নেতানিয়াহুৱে।

ইজৰাইলৰ কেবিনেটে শনিবাৰে হামাছৰ সৈতে যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায়। এই কথা নিশ্চিত কৰি প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে।

তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব যুদ্ধবিৰতি-

এই চুক্তি ৩টা পৰ্যায়ত সম্পূৰ্ণ হ’ব। প্ৰথম পৰ্যায়ত হামাছে ইজৰাইলৰ পৰা অপহৰণ কৰা ৩৩ জন পণবন্দীক মুকলি কৰি দিব। লগতে গাজা সীমান্তৰ পৰা ৭০০ মিটাৰ দূৰত্বত উভতি আহিব ইজৰাইলৰ সেনাই। ইজৰাইলৰ ন্যায় মন্ত্ৰালয়েও প্ৰথম পৰ্যায়ত মুকলি হ’বলগীয়া ৯৫জন পেলেষ্টাইনী কয়দীৰ তালিকা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত আছে ৬৯ গৰাকী মহিলা, ১৬ গৰাকী পুৰুষ আৰু ১০ গৰাকী নাবালক।

ইজৰাইলে ৭০০ৰো অধিক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। তেওঁলোকৰ নামৰ তালিকাও প্ৰকাশ কৰা হৈছে। এই তালিকাৰ বহু লোকে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে, য’ত হামাছ আৰু পেলেষ্টাইনী ইছলামিক জেহাদৰ সদস্যও আছে।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১২০০ জন লোকক হত্যা কৰিছিল আৰু ২৫১ জনক পণবন্দী কৰিছিল। তাৰ কিছু ঘণ্টাৰ পাছত ইজৰাইল সেনাই গাজাত আক্ৰমণ কৰে।

১৫ জানুৱাৰীত এই চুক্তি তিনি পৰ্যায়ত অৰ্থাৎ দেওবাৰৰ পৰা আৰম্ভ হ’ব বুলি কয়। ইয়াত ৪২ দিনৰ বাবে পণবন্দীক বিনিময় কৰা হ’ব।

প্ৰথম পৰ্যায়:

১৯ জানুৱাৰীৰ পৰা ১ মাৰ্চলৈ গাজাত সম্পূৰ্ণ যুদ্ধবিৰতি থাকিব। হামাছে ৩৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিব। ইজৰাইলে প্ৰতিদিনে নিজৰ এজন পণবন্দীৰ বিনিময়ত ৩৩ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব। প্ৰতিগৰাকী ইজৰাইলী মহিলা সৈনিকৰ বিপৰীতে ৫০ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়া হ’ব।


দ্বিতীয় পৰ্যায়:

যদি প্ৰথম পৰ্যায়ৰ ১৬ তাৰিখ অৰ্থাৎ ৩ ফেব্ৰুৱাৰীলৈকে সকলো ঠিকে থাকে, তেন্তে দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা সম্পৰ্কে আলোচনা আৰম্ভ হ’ব। এই সময়ছোৱাত কোনো ধৰণৰ আক্ৰমণ কৰা নহ’ব। বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়া হ’ব। ইজৰাইলে ১০০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিব, ইয়াৰে প্ৰায় ১৯০ জন কয়দী ১৫ বছৰতকৈ অধিক সময় ধৰি কাৰাদণ্ড ভুগি আছে।


তৃতীয় পৰ্যায়:

এই চুক্তিৰ অন্তিম পৰ্যায়ত গাজা পুনৰ সংস্থাপন কৰা হ’ব। ইয়াৰ বাবে ৩ৰ পৰা ৫ বছৰ সময় লাগিব। হামাছৰ বন্দী অৱস্থাত নিহত হোৱা পণবন্দীসকলৰ মৃতদেহও ইজৰাইলক গতাই দিয়া হ’ব। ২০২৪ চনৰ মে’ মাহৰ পৰাই পণবন্দীসকলক মুকলি কৰি দিয়াৰ লগতে গাজাত যুদ্ধবিৰতি চুক্তিৰ সন্দৰ্ভত আলোচনা চলি আছিল। গোটেই বছৰটো এই সন্দৰ্ভত দেশত প্ৰতিবাদো চলি আছিল। যুদ্ধবিৰতিৰ বিৰোধিতা কৰা নেতানিয়াহুৰ দলৰ ২ জন মন্ত্ৰীয়ে যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোট দিয়া ৮ জন মন্ত্ৰীৰ ভিতৰত আছিল প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ লিকুড মন্ত্ৰী ডেভিদ আমছালেম আৰু আমিচাই চিক্লি। ইয়াৰ উপৰিও চৰকাৰত অন্তৰ্ভুক্ত অট্জমা য়েহুদিত দলৰ ৬ জন মন্ত্ৰীয়েও যুদ্ধবিৰতিৰ বিৰুদ্ধে ভোটদান কৰে।

Pregnancy: গৰ্ভাৱস্থাত মিঠা বা টেঙা খাদ্য কিয় খাবলৈ মন যায়, জানি লওক

Pregnancy: গৰ্ভাৱস্থাত মিঠা বা টেঙা খাদ্য কিয় খাবলৈ মন যায়
Pregnancy: গৰ্ভাৱস্থাত মিঠা বা টেঙা খাদ্য কিয় খাবলৈ মন যায়

ভাৰতত শিশুৰ জন্মৰ আগতেই লিংগ জনাটো অপৰাধ।(Pregnancy)কিন্তু কিছুমান মানুহে খাদ্যৰ লোভৰ ওপৰত ভিত্তি কৰি কেঁচুৱাটোৰ লিংগ ভৱিষ্যদ্বাণী কৰে। যেনে, কেঁচুৱাটোৱে যদি মিঠাইৰ বাবে হাহাকাৰ কৰে তেন্তে সেয়া ছোৱালী হ’ব। যদি আপুনি টেঙা খাদ্য খাবলৈ মন যায় তেন্তে আপোনাৰ ল’ৰা হ’ব। কিন্তু, এই দাবী কিমান সত্য?

বেছিভাগ মানুহেই গৰ্ভাৱস্থাৰ লোভক লিংগৰ সৈতে জড়িত কৰে। গৰ্ভাৱস্থাত মিঠাইৰ প্ৰতি লোভক কন্যা সন্তান জন্ম দিয়াৰ লগত জড়িত, আনহাতে টেঙা খাদ্যৰ প্ৰতি লোভ পুত্ৰ সন্তান জন্ম দিয়াৰ লগত জড়িত। কিন্তু খাদ্যৰ লোভৰ লগত কেঁচুৱাৰ লিংগৰ কোনো সম্পৰ্ক নাই।


বিশেষজ্ঞসকলৰ মতে গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে। এই হৰম’নৰ পৰিৱৰ্তনৰ বাবেই মানুহৰ মিঠা বা টেঙা খাদ্য খাবলৈ মন যায়।

বিশেষজ্ঞসকলে কয় যে গৰ্ভাৱস্থাত মিঠা বা টেঙা খাদ্যৰ প্ৰতি লোভ থাকিব পাৰে কিন্তু ই শিশুৰ বাবে ভাল নহয়। গৰ্ভাৱস্থাত বেছিকৈ মিঠা আৰু টেঙা খাদ্য গ্ৰহণ কৰিব নালাগে। গৰ্ভাৱস্থাত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে।

খাদ্যৰ লোভ বা পেটৰ আকাৰৰ দ্বাৰা শিশুৰ লিংগ নিৰ্ণয় কৰিব নোৱাৰি। বিশেষজ্ঞসকলৰ মতে এই দাবী মিছা। গৰ্ভাৱস্থাত লোভ থকাটো স্বাভাৱিক।

Rajib Sadiya: ডিব্ৰুগড়ত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি আমছু খিলঞ্জীয়াৰ

Rajib Sadiya: ডিব্ৰুগড়ত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি আমছু খিলঞ্জীয়াৰ
Rajib Sadiya: ডিব্ৰুগড়ত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি আমছু খিলঞ্জীয়াৰ

ডিব্ৰুগড়ত সদ্য প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি আমছু খিলঞ্জীয়াৰ।(Rajib Sadiya)মহানগৰখনৰ ফুলবাগান চাৰিআলিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া ডিব্ৰুগড় জিলা সমিতিয়ে অনুষ্ঠিত কৰা এই শ্ৰদ্ধাঞ্জলি কায্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ, সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ কৰ্মকৰ্তাৰ কেইবাজনো সমাজ সেৱক আৰু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে প্ৰয়াত শিল্পীৰ গৰাকীৰ পত্নীৰ লগতে পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে সংগঠনটোৱে। ইফালে ৰাজীৱ শদিয়াকলৈ মন্তব্য কৰা জুবিন গাৰ্গৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া ব্যক্ত কৰে দলকেইটাৰ বিষয়-ববীয়াই।

Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ

Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ
Saif Ali Khan: ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্ত বিজয় দাসক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰান্সৰ

মুম্বাই আৰক্ষীয়ে ছেইফ আলী খানৰ ওপৰত ছুৰীৰে আক্ৰমণৰ কৰা অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে। এই গোচৰত মুম্বাই আৰক্ষীয়ে সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্তৰ বিষয়ে কিছু কথা কৈছে। সংবাদমেলত মুম্বাই জ’ন ৯ৰ ডিচিপি দিক্ষিত গেদামে কয় যে অভিযুক্তৰ নাম মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদ, বয়স ৩০ বছৰ। আৰক্ষীৰ মতে, তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল। অভিযুক্ত বাংলাদেশৰ পৰা অহা বুলিও সন্দেহ কৰা হৈছে যদিও ছেইফৰ ঘৰত কিয় চুৰি কৰিছিল সেই কথাও উল্লেখ কৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি তেওঁ চুৰি আৰু ডকাইতিৰ উদ্দেশ্যেৰে অভিনেতাজনৰ ঘৰত প্ৰৱেশ কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তই ছমাহ পূৰ্বে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতলৈ আহিছিল আৰু নাম সলনি কৰি বিজয় দাস কৰিছিল। তেওঁ মুম্বাইৰ এটা হাউচকিপিং এজেন্সীত কাম কৰি আছিল। সেয়েহে আৰক্ষীয়ে তেওঁক বাংলাদেশী মূলৰ বুলি সন্দেহ প্ৰকাশ কৰি এই কথা নিশ্চিত কৰিবলৈ অধিক তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তক আদালতত হাজিৰ কৰা হ’ব।

marigaon । মৰিগাওঁ পূৱ-বৰভগীয়া প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ উদযাপন

marigaon । মৰিগাওঁ পূৱ-বৰভগীয়া প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ উদযাপন
marigaon । মৰিগাওঁ পূৱ-বৰভগীয়া প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ উদযাপন

১৮ জানুৱাৰী, ২০২৫ঃ marigaon । মৰিগাওঁ জিলাৰ পূৱ প্ৰান্তৰ বৃহত্তৰ অঞ্চল চৰাইবাহি অঞ্চলৰ পূব বৰভগীয়াত অৱস্থিত মানৱ সম্পদ সৃষ্টি কৰি অহা এখনি অন্যতম চৰকাৰী শিক্ষা অনুষ্ঠান হৈছে এই খনি পূৱ বৰভগীয়া প্ৰাথমিক বিদ্যালয়।ইতিমধ্যে বিভিন্ন সময়ত বহু ঘাট প্ৰতিঘাট অতিক্ৰম কৰি এই বৰ্ষৰ গৌৰৱোজ্বল ৭৫ বছৰত ভৰি দিয়াত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিদ্যালয় খনৰ প্ৰাঙ্গনত হীৰক জয়ন্তী উৎসবটি আয়োজন কৰে।

ক্ষীৰোদ কুমাৰ নাথ সভাপতি আৰু ড০ কমল চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি হিছাপে লৈ এখনি শক্তিশালী সমিতি গঠনেৰে অনুষ্ঠানটোৰ সুন্দৰকৈ পৰিচালনা কৰে ।আজি প্ৰথম দিনত চৰাইবাহি মহাবিদ্যালয় অধ্যক্ষ ড০ কমল চন্দ্ৰ নাথৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই অনুষ্ঠানটোত পৰবৰ্তী সময়ত ৮.১৫ বিদ্যালয়ৰ পতাকা উত্তোলন ৯ বজাত হীৰক জয়ন্তী উৎসব উদযাপনৰ উপলক্ষে সামুহীক পতাকা উত্তোলন কাৰ্য্যক্ৰম অনুস্থিত হয়।পৰবৰ্তী সময়ত পুৱা ১০ বজাত মৰিগাঁও সদৰ সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে বৰ্ণাঢ়্য সংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধনেৰে অন্যান্য বহু কাৰ্য্যক্ৰম চলাই নিয়ে।এই ক্ষেত্ৰত উদযাপন সমিতিৰ বিষয় ববীয়া সকলৰ লগতে বিধায়ক ৰমাকান্ত দেউৰীয়ে সংবাদ মাধ্যমৰ আগত কি কয় শুনক।

Kho Kho World Cup 2025 । প্ৰথম খো খো বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ পুৰুষ-মহিলা দল

Kho Kho World Cup 2025 । প্ৰথম খো খো বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ পুৰুষ-মহিলা দল
Kho Kho World Cup 2025 । প্ৰথম খো খো বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ পুৰুষ-মহিলা দল

নতুন দিল্লী, ১৭ জানুৱাৰীঃ Kho Kho World Cup 2025 ।প্ৰত্যাশিতভাবে চলিত প্ৰথম খো খো বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে আয়োজক ভাৰতৰ পুৰুষ আৰু মহিলা দলে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাৰ শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মহিলা দলে বাংলাদেশক পৰাস্ত কৰাৰ বিপৰীতে পুৰুষ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷

অপৰাজেয় ধাৰা অব্যাহত ৰখা ভাৰতীয় পুৰুষ দলে আজিও নিজৰ শক্তি প্ৰদৰ্শন কৰি ১০০-৪০ ৰ ব্যৱধানত হেলাৰঙে পৰাস্ত কৰে সিংহলী বাহিনীক৷ উল্লেখ্য যে সম্পূৰ্ণ মেচতে অধিপত্য বিস্তাৰ কৰা অন্তিম টাৰ্ণৰ পূৰ্বেই পইণ্টৰ শতক অৰ্জন কৰি ছেমিফাইনেলৰ স্থান নিশ্চিত কৰি দিছিল৷ কেবল মেচ সমাপ্ত হ’বলৈ নিৰ্ধাৰিত সময় অপেক্ষা কৰে দলে৷ ভাৰতে কাইলৈ হ’বলগা ছেমিফাইনেলত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকাৰ৷

উল্লেখ্য যে পুৰুষৰ শাখাৰ অন্য কোৱাৰ্টাৰ ফাইনেলত ইৰাণে কেনিয়াৰ বিৰুদ্ধে ৮৬-১৮ ৰ ব্যৱধানত জয় অৰ্জন কৰাৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাই ৫৮-৩৮ ত জয়লাভ কৰি ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে৷ ইফালে, বাংলাদেশৰ বিৰুদ্ধে নেপালে ৬৭-১৮ ত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে৷

ইয়াৰপূৰ্বে হোৱা মহিলাৰ একপক্ষীয় মেচখনত বাংলাদেশৰ বিৰুদ্ধে ১০৯-১৬ ৰ সহজ জয়েৰে ভাৰতীয় মহিলা খো খো দলে প্ৰথম বিশ্বকাপৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰে৷ অধিনায়ক প্ৰিয়ংকা ইংলেৰ নেতৃত্বত দলটোৱে চাৰিওটা টাৰ্ণতে নিজৰ আধিপত্য প্ৰদৰ্শন কৰে৷ উল্লেখ্য যে ভাৰতে নিজৰ এশ পইণ্ট সংগ্ৰহৰ অনন্য ধাৰা অব্যাহত ৰাখি একেৰাহে পঞ্চমখন মেচত এই গৌৰৱ লাভ কৰে৷

শনিবাৰে অনুষ্ঠিত হ’বলগীয়া ছেমিফাইনেলত ভাৰতৰ মহিলা দল দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব৷ কেনিয়াৰ বিৰুদ্ধে হোৱা প্ৰতিদ্বন্দ্বিতামূলক খেলত দক্ষিণ আফ্ৰিকাই ৫১-৪৬ ত জয়লাভ কৰি ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷ মহিলা বিভাগৰ অন্য কোৱাৰ্টাৰ ফাইনেলত উগাণ্ডাই নিউজিলেণ্ডৰ বিৰুদ্ধে ৭১-চ্ছ ৰ জয়ৰে ছেমিফাইনেলৰ স্থান নিশ্চিত কৰে৷ ইফালে, ইৰাণৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলৰ খেলখনত নেপালে ১০৩-৮১ আকৰ্ষণীয় স্ক’ৰেৰে অন্তিম চাৰিত প্ৰৱেশ কৰে৷

Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
Bimal Bora । লণ্ডনত গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন উদ্যোগ মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী,১৮জানুৱাৰী: Bimal Bora । ‘এডভেন্টেজ অসম ২.০’ৰ প্ৰচাৰ আৰু বিনিয়োগকাৰীক অসমলৈ আকৰ্ষিত কৰাৰ উদ্দেশ্যে লণ্ডনলৈ যোৱা ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই কালি বিনিয়োগ সন্মিলনৰ পূৰ্বে লণ্ডনৰ পাৰ্লিয়ামেন্ট স্কোৱেৰ গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায়।


কালি মন্ত্ৰী বড়াই লণ্ডনৰ বাকিংহাম গেটৰ হোটেল চেন্ট জেমছত আয়োজিত বিনিয়োগকাৰীৰ সন্মিলন এখনত অংশ গ্ৰহণ কৰে।এই সন্মিলনত ব্ৰিটিছ বিনিয়োগকাৰী সকলক অসমৰ পেট্ৰলিয়াম, পৰ্যটন আদি সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ সমূহত বিনিয়োগৰ বাবে আহ্বান জনায়। বিনিয়োগকাৰীৰে বাৰ্তালাপ কৰাৰ পিছত বড়াই ১০ কিং হেনৰিছ পথৰ আম্বেদকাৰ হাউছ পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উদ্যোগ মন্ত্ৰী গৰাকীক সংগ দিয়ে ক্ৰমে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বদ্দিন আব্বাছী,উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পৰ্যটন বিভাগৰ সচিব পদ্ম পানি বৰা আৰু উদ্যোগ মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া কমল জ্যোতি ভূঞাই।

Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন
Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

১৭ জানুৱাৰী,২০২৫ : “আজিৰ নাৰীয়ে মহাকাশ জয় কৰিছে। বিশাল পৃথিৱীৰ সৃষ্টিৰ মূল আধাৰ এই শক্তিক একাষৰীয়া কৰি পূৰ্ণাংগ সমাজৰ কল্পনা কৰিব নোৱাৰি।” — এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ। অসম সাহিত্য সভাৰ আকাশ উপ সমিতিৰ উদ্যোগত নগাঁও জিলা আকাশ উপ সমিতিয়ে কেন্দ্ৰীয়ভাবে যোৱা ১২ জানুৱাৰীত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সভাগৃহত আয়োজিত অনুষ্ঠানত অসমৰ কেইবাখনো জিলাৰ মহিলাই অংশগ্ৰহণ কৰে। Nagaon ।

কেন্দ্ৰীয় আকাশ উপ সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত কাৰ্যসূচীৰ আঁত ধৰে জিলাৰ আহ্বায়িকা ৰুণুমী বৰা আৰু সাংস্কৃতিক আহ্বায়িকা চন্দনা বেজবৰুৱাই। জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই পতাকা উত্তোলন আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মঞ্জু লস্কৰে স্মৃতি তৰ্পণেৰে পুৱাৰ কাৰ্যসূচী মুকলি কৰাৰ পাছত জিলাৰ আকাশ উপ সমিতিৰ সদস্যবৃন্দই ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে মূল কাৰ্যসূচী আৰম্ভ হয়।

জিলাৰ প্ৰায় ৪৫ টা শাখাৰ পৰা একক বা দলীয় শিতানত ৬ মিনিটকৈ সময়ৰ ভিতৰত অনুষ্ঠান পৰিৱেশন কৰা শিল্পীবৃন্দই লোকগীত, গোৱালপৰীয়া, কামৰূপী, বিয়ানাম, আইনাম, বিহু, আধুনিক গীত, বিহুগীত আদি পৰিবেশনেৰে অনুষ্ঠানটো সফল কৰি তুলিছিল। অনুষ্ঠানত জিলাৰ তৰফৰ পৰা প্ৰায় ৯২ বছৰৰ পৰা ৭০ বছৰীয়া ৪০ গৰাকী আইমাতৃক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো আঁত ধৰে জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। আকাশ উপ সমিতিৰ কেন্দ্ৰীয় সদস্য আৰাধনা শৰ্মা, গীতাঞ্জলী কাকতি বৰদলৈকে ধৰি বহু সদস্য উপস্থিত থকা অনুষ্ঠানত জিলাৰ নৱ-নিৰ্বাচিত সভাপতি ডঃ শৰৎ বৰকটকী, প্ৰাক্তন সভাপতিদ্বয় ৰতিমোহন নাথ, নিত্যানন্দ বৰা, সহকাৰী সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, দীপিকা নাথ, প্ৰিয়ংকু শৰ্মা, অধৰ ঠাকুৰীয়া সহ বহু কাৰ্যকৰ্তা উপস্থিত থকা কাৰ্যসূচীত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱাক আদৰণি জনায় জিলা আকাশ উপ সমিতিৰ উপ সভাপতিদ্বয় ৰেণু শইকীয়া আৰু গীতা মহন্ত শইকীয়াই। সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা গীত-নৃত্যৰ বৰ্ণিল অনুষ্ঠানটোত জনগোষ্ঠীয় কবি নিৰলা ইংহিপী, ছাবিনা আলিয়াৰ কবিতা পাঠ, চন্দনা বেজবৰুৱাৰ ভূপেন্দ্ৰ সংগীত লগতে তুলুপ্ৰভা শইকীয়া, কল্পনা ডেকা, হিমাশ্ৰী হাজৰিকা, আৰতি মজুমদাৰ, অঞ্জলি কটকী, অনিমা ৰাজবংশী, দীপ্তি বৰা, জ্যোতিস্মৰী কলিতা সহ প্রায় অৰ্দ্ধশতক মহিলাই মুখৰিত অনুষ্ঠানটো হোজাই জিলাৰ লংকাৰ অঞ্জনা তামুলী ফুকনৰ বিহু নৃত্যৰে সফল সামৰণি পৰে।

Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন

Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন
Biswanath । বিশ্বনাথৰ বৰপামত শিল্পী দিৱস পালন

১৭ জানুৱাৰী, ২০২৫ঃ Biswanath । অসম আদৰ্শ বিদ্যালয় বৰপামত আজি দিনজোৰা কাৰ্যসূচীৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি শিল্পী দিৱস পালন কৰা হয়। কাৰ্যসুচী অনুসৰি শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম আদৰ্শ বিদ্যালয় বৰপামৰ সঞ্চালক নৃপেন বৰদলৈয়ে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান শিক্ষয়িত্ৰী বৰ্ণালী কুৰ্মীয়ে। তৎপশ্চাৎ ছাত্ৰ সংসদৰ অধ্যক্ষা পূৰ্ণিমা বৰমূদৈ, শিক্ষয়িত্ৰী লিপিকা বৰা, মণিদ্বীপা দাস শইকীয়া, আইমনী ভূঞা, ৰিনা বাউৰী, পল্লৱী মাহাতী, ৰিমা চুলতানা, তিলোত্তমা তাতি, সুৰজ গোৱালাৰ তত্ত্বাৱধানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰী সকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী গীত সমূহৰ আধাৰত দলীয় নৃত্য প্ৰদৰ্শন কৰি সভাৰ সকলোকে আপ্লুত কৰি তোলে ।

সঞ্চালক নৃপেন বৰদলৈয়ে শিল্পী দিৱস প্ৰসংগত উল্লেখ কৰি কয় যে অসমৰ মহান মনিষী সকলৰ নামত উৎসৰ্গিত “আজিৰ প্ৰজন্মই জ্যোতি, বিষ্ণু, ফণী শৰ্মাক চিনি নাপায়। বৰ্তমান অসমীয়া সমাজৰ বাবে এই বিষয়টোৱে উদ্বেগজনক হৈ পৰিছে ৷ জাতীয় মহানায়ক সকলক শিশুৰ মনত খোদিত কৰিব পাৰিলেহে বৃহত্তৰ অসমীয়া জাতি গঠনত সহায়ক হ’ব। অন্যথা অসমীয়া সমাজ ধৰ্ম, জাত-পাতক লৈ ঠানবান হৈ পৰিব বুলি সাংবাদিকৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই । আজিৰ সভাত চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে শিল্পী দিৱসৰ ওপৰত স্বৰচিত কবিতা আবৃত্তি কৰি সকলোকে মোহাচ্ছন্ন কৰি তোলে।